Home Blog Page 1436

তিয়ঁহ বাকলিৰ সৈতে কিয় খাব লাগে…

ভাৰতৰ সকলো ঠাইতে সহজলভ্য এবিধ পাছলি হ’ল তিয়ঁহ । তিয়ঁহ খালে শৰীৰ শীতল হয় আৰু কঠোৰ পৰিশ্ৰমৰ ভাগৰ দূৰ হয়। তিয়ঁহে আমাৰ শৰীৰত কি কি উপকাৰ কৰে, আহকছোন আমি জানি থওঁ :-

তিয়ঁহত আমাৰ শৰীৰৰ বাবে মূল্যবান খনিজ পোৱা যায় আৰু সেইবোৰ বাকলিৰ তলতে থাকে। সেয়ে তিয়ঁহ বাকলিৰ সৈতে খালে পটাছিয়াম, ছডিয়াম, মেগনেছিয়াম, ছালফাৰ, ছিলিকন, ক্লৰিণ আদি পোৱা যায়।

ইয়াৰ উপৰিও সকলো ধৰণৰ তৰকাৰীৰ লগত তিয়ঁহ যোগ দিলে খাদ্য গুণ বৃদ্ধি পায়।
শৰীৰৰ ভিটামিনৰ শূণ্যতা দূৰ কৰাৰ ক্ষেত্ৰতো টিয়ঁহৰ ভূমিকা অপৰিসীম।

কিয়নো তিয়ঁহত এ, বি আৰু চি ভিটামিন থাকে।
তিয়ঁহ, শৰীৰৰ খাৰ অম্লৰ ভাৰসাম্য ৰক্ষা কৰা উৎকৃষ্ট খাদ্য। তিয়ঁহ নিয়মিত খালে প্ৰস্ৰাৱৰ গতিবেগৰ ভাৰসাম্য ৰক্ষা হয়।

তিয়ঁহ কেচাঁয়ে খালে হজম শক্তি বাঢ়ে আৰু শৰীৰৰ অপ্ৰয়োজনীয় দৈহিক ওজন কমায়।

নিয়মীয়াকৈ তিয়ঁহ খালে ব্লাড প্ৰেছাৰ লগতে ডায়েবেটিজ নিয়ন্ত্ৰণত থাকে।

তিয়ঁহ ছালৰ বাবেও অতি উপকাৰী। তিয়ঁহ চকলিয়াই চকু, গাল, মুখ ডিঙিত ব্যৱহাৰ কৰিলে শালমইনা নোলায়। দাগ দূৰ হয়, ছাল সোতোৰা নপৰে আৰু মুখৰ শুকান ভাব আতঁৰে।

স্বাস্থ্য ৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো খাদ্য কণিকা তিয়ঁহত পোৱা যায়। ৰান্ধিয়েই খাওক বা কেচাঁয়ে খাওক গনি শেষ কৰিব নোৱাৰা গুণেৰে সমৃদ্ধ এই তিয়ঁহ। আহকছোন আমি সদায়ে খাবলৈ লওঁ।

‘মন কি বাত’ অনুষ্ঠানত ‘মেৰী মিট্টি মেৰা দেশ’ কেম্পেইনৰ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰতি মাহৰ অন্তিম দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কি বাত’ অনুষ্ঠানত ভাষণ প্ৰদান কৰে। দেওবাৰে ‘মন কি বাত’ৰ ১০৩ তম খণ্ডত নৰেন্দ্ৰ মোদীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰে।

স্বাধীনতাৰ ৭৫ বছৰত দেশৰ হৈ প্ৰাণ আহুতি দিয়া ছহিদ সকলক সম্বৰ্ধনা জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে ‘মেৰী মিট্টি মেৰা দেশ’ নামৰ এক অভিযান। অভিযানত কেইবাটাও অনুষ্ঠান অনুষ্ঠিত কৰি দেশৰ ছহিদ সকলক সন্মান জনোৱাৰ কথা ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ।

মন কী বাতত মোদীয়ে কয় যে দেশৰ সকলো প্ৰান্তৰ পৰা ৭৫০০ টা টাবত মাটি সংগ্ৰহ কৰা হ’ব।

সেই মাটি মিহলি কৰি গছ পুলি ৰোপণ কৰা হ’ব। মোদীয়ে লগতে কয় যে এনেদৰে যুদ্ধ স্মৃতিসৌধৰ সমীপত অমৃত ভাটিকা নিৰ্মাণ কৰা হ’ব।

তামুলপুৰ জিলা এবছুৰ উদ্যোগত ৰক্ত দান শিবিৰ

নিখিল বড়ো ছাত্ৰ সন্থা তামুলপুৰ জিলাৰ উদ্যোগত দেওবাৰে এবছুৰ প্ৰয়াত সভাপতি জৌহালো সৌমলা বসুমতাৰী ২৭ সংখ্যক মৃত্যু বাৰ্ষিকী উপলক্ষে ৰক্ত দান শিবিৰ অনুষ্ঠিত কৰে।

উল্লেখ্য যে ১৯৯৬ চনৰ এই দিনটোতেই এবছুৰ সভাপতি জৌহালো সৌমলা বসুমতাৰীক অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰিছিল।

তদুপলক্ষে প্ৰতি বছৰে এই দিনটো নিখিল বড়ো ছাত্ৰ সন্থাই সন্ত্ৰাসবাদ বিৰোধী দিৱস হিচাপে পালন কৰি আহিছে।

সেই উপলক্ষে নিখিল বড়ো ছাত্ৰ সন্থা তামুলপুৰ জিলাই এক ৰক্তদান শিবিৰ অনুষ্ঠিত কৰে।

এই শিবিৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰায় শতাধিক বিষয়ববীয়াই ৰক্তদান কৰি মানবীয়তাৰ নিদৰ্শন দাঙি ধৰে।

বিশ্বনাথৰ ছেলাইখাতিত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা

বিশ্বনাথৰ ছেলাইখাতিত সদৌ অসম কাৰ্বি ছাত্ৰ সন্থা ছেলাইখাতি আঞ্চলিক সমিতিয়ে কৃতীমান ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক দিশত উৎসাহিত কৰাৰ মানসেৰে সম্বৰ্দ্ধনা অনুষ্ঠানৰ আয়োজন কৰে৷

প্ৰাক্তন ছাত্ৰ নেতা দুৰ্গেশ্বৰ ৰংহাঙৰ সভাপতিত্বত আৰু ছেলাইখাতি আঞ্চলিক কাৰ্বি ছাত্ৰ সন্থাৰ সম্পাদক ৰুপেন ছেংনাৰৰ আঁত ধৰা সভাত হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা আৰু স্নাতক উত্তীৰ্ণ কৃতী ছাত্ৰ-ছাত্ৰীসকলক একোখন কাৰবি পহ, আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনায় ৷

তদুপৰি কাৰ্বি সমাজৰ সৰ্বাংগীণ উন্নয়ণ সাধন কৰাৰ ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়োৱা দণ্ডিৰাম ৰংহাং, মহেশ্বৰ বে, মহিৰাম ৰংহাং, লংকি বে, বিমান তেৰন ,আৰু ৰাজু ৰংপীক জংথুং ক্ৰ আৰু শ্যাম তাৰৌ সোঁৱৰণি বঁটা প্ৰদান কৰা হয় ৷

অনুষ্ঠানত বিশ্বনাথ জিলা কাৰাধ্যক্ষ ৰবিৰাম ইংতিয়ে নিদিষ্ট বক্তা হিচাবে উপস্থিত থাকি শৈক্ষিক দিশৰ ওপৰত আলোকপাত কৰে ৷

মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰা বিশ্বনাথ জিলা কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি হৰেনজিৎ ৰংহাঙে ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক দিশৰ উপৰিও সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা সোৱৰাই দিয়াৰ লগতে বিভিন্ন দিশত উৎকৰ্ষ সাধনৰ বাবেও মনোনিৱেশ দিয়াৰ কথা উল্লেখ কৰি বক্তব্য আগবঢ়ায়৷


বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰা প্ৰাক্তন আছুনেতা দুলদুল বৰকটকী, বিশ্বনাথ জিলা কাৰ্বি ছাত্ৰ সন্থাৰ সম্পাদক চাৰসিং তেৰাং, ছেলাইখাতি পঞ্চায়তৰ সভাপতি ধৰমসিং ৰংহাং, অৱসৰপ্ৰাপ্ত শিক্ষক মহিৰাম ৰংহাং, লংকি বে, সুৰেন ফাংচু , বিমল ৰংহাঙকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে বক্তব্য ৰাখে ৷

সভাখন পৰিচালনা কৰে কাৰ্বি ছাত্ৰ নেতা দিপচন তেৰাঙে। অনুষ্ঠানত ছেলাইখাতি গাঁৱৰ যুৱক-যুৱতী, আইমাতৃ সকলৰ উপৰিও স্থানীয় ৰাইজ উপস্থিত থাকে ৷

মুম্বাইত পাপনে চলাইছে “বীৰাংগনা সাধনী”ৰ সংগীতৰ প্ৰস্তুতি…

মুম্বাইত পাপনে চলাইছে “বীৰাংগনা সাধনী”ৰ সংগীতৰ প্ৰস্তুতি । আহিবলগীয়া বহু-অপেক্ষিত চলচ্চিত্ৰ বীৰাংগনা সাধনীৰ বিভিন্ন গুৰুত্বপূৰ্ণ চৰিত্ৰৰ বাবে অসমত ইটোৰ পিছত সিটো অডিচন চলি থকাৰ মাজতে সুদূৰ মুম্বাইত পাপন ব্যস্ত হৈ আছে চলচ্চিত্ৰ খনৰ সংগীতৰ কামক লৈ।

উল্লেখ কৰিব পাৰি যে বীৰাংগনা সাধনীৰ সংগীত পৰিচালনাৰ দায়িত্বত আছে জনপ্ৰিয় কণ্ঠশিল্পী পাপন আৰু ইতিমধ্যে তেখেতৰ মুম্বাইস্থিত ষ্টুডিঅ’ত দিনে নিশাই চলচ্চিত্ৰ খনৰ সংগীত চৰ্চাৰ কামত ব্যস্ত হৈ পৰিছে শিল্পী গৰাকী। চলচ্চিত্ৰ খনৰ পৰিচালক বিশ্বজিৎ বৰা পাপনৰ ষ্টুডিঅ’ত উপস্থিত হয় আৰু বিভিন্ন আলোচনাত মিলিত হয়।

জুঠা খালে মৰম নহয়, বেমাৰ বাঢ়ে…


আমি প্ৰায়ে জুঠা খাওঁ। বন্ধু-বান্ধৱ নাইবা পৰিয়ালৰ সদস্যসকল। কোৱা হয় যে জুঠা খালে মৰম নহয় বেমাৰ বৃদ্ধি হয়। একেখন প্লেটতে খাদ্য খালে স্বাস্থ্যৰ বাবে বহু দিশত ক্ষতিকাৰক হ’ব পাৰে। স্বাস্থ্য বিশেষজ্ঞসকলেও পৰামৰ্শ দিছে যে একেখন প্লেটতে খাদ্য খালে বেমাৰ বাঢ়ে। আমি যেতিয়া একেখন প্লেটতে খাওঁ তেতিয়া সংক্ৰমণ বিয়পি পৰাৰ আশংকা থাকে। একেখন বাচনত খালে চৰ্দি, ফ্লু বা গেষ্ট্ৰাইটিছৰ দৰে সংক্ৰমণ সহজে বিয়পিব পাৰে। সেইবাবেই অসুস্থ ব্যক্তিৰ লগত একেখন প্লেটতে খাদ্য ভুলতেও খাব নালাগে। আনহাতে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অভাৱত বীজাণু পেটত প্ৰৱেশ কৰিব পাৰে, যাৰ ফলত পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে।
আমি যেতিয়া আন কাৰোবাৰ প্লেটত খাদ্য খাওঁ তেতিয়া শৰীৰে উপযুক্ত পৰিমাণৰ পুষ্টিকৰ উপাদান নাপায়। মানে শৰীৰে প্ৰয়োজনীয় পুষ্টি লাভ নকৰিব।


আন কাৰোবাৰ সৈতে একেখন থালতে খাদ্য খালে এলাৰ্জী বিয়পিব পাৰে। আনৰ প্লেট শ্বেয়াৰ কৰিলেও ক্ৰছ কণ্টেমিনেচন হ’ব পাৰে, যিয়ে বহু সমস্যাৰ সৃষ্টি কৰিব পাৰে। আনকি আপুনি অসুস্থ হ’ব পাৰে
খাই থাকোঁতে এইকেইটা কথাত বিশেষ মনোযোগ দিব লাগে-
১) খোৱাৰ আগতে হাত ভালদৰে ধুব লাগে
২) হাতেৰে খাদ্য পৰিবেশন নকৰিব
৩/ কাৰোবাৰ যদি কোনো খাদ্যৰ প্ৰতি এলাৰ্জী হয় তেন্তে তেওঁক সেই বিষয়ে কওক।
৪) যিমান পাৰি মিছা কথা খোৱাৰ পৰা বিৰত থাকক। তেনে কৰিলে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।


হোটেল ভিভাণ্টাত এপ’ল’ মাল্টি স্পেচিয়েলিটি হাস্পতাল কৰ্তৃপক্ষৰ হৃদৰোগ চিকিৎসাৰ নতুন পদ্ধতি সন্দৰ্ভত ব্যাখ্যা

এপ’ল মাল্টিস্পেচিয়েলিটি হস্পিতাল কলকাতাই শনিবাৰে তেওঁলোকৰ ৪০০০ নূন্যতম ব্যাপক হৃদযন্ত্ৰৰ শল্য চিকিৎসা (Minimally Invasive Cardiac Surgery (MICS))ৰ সফল অস্ত্রোপচাবৰ আৰু ইয়াৰ সুবিধাৰ কথা ঘোষণা কৰে। MICS হ’ল হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰৰ এক নতুন পদ্ধতি য’ত একাধিক সুবিধা উপলব্ধ। পৰম্পৰাগত অপেন হার্ট চাৰ্জাৰীত ৮-১০ ইঞ্চি ফুটা কৰাৰ পৰিৱর্তে এই পদ্ধতিত ১.৫-৩ ইঞ্চি কটাৰহে প্রয়োজন হয়। MICS কম বেদনাদায়ক আৰু মাৰ চিন প্রায় নাথাকে। এই পদ্ধতিত ৰোগী কম সময়ৰ ভিতৰতে আৰোগ্য হৈ উঠে আৰু সোনকালে ঘৰলৈ উভতি সাধাৰণ জীৱন যাপন কৰিব পাৰে।

আগতে পৰম্পৰাগত অপেন হার্ট চার্জাৰীয়ে আছিল CABG (ক’ব নাৰী আৰ্টাৰী বাইপাছ গ্রাটিং), ভাল্ভ মেৰামতি, ভাল্ভ সংস্থাপন, হৃদযন্ত্ৰৰ ফুটা আদিৰ একমাত্ৰ সমাধান।

এই বিশেষ হৃদযন্ত্রৰ অস্ত্ৰোপচাৰ বিশেষ ধৰণৰ উন্নতমানৰ যন্ত্ৰপাতিৰ সহায়ত কৰা হয় । ভাৰতত ১৪.৫ শতাংশ মৃত্যুৰ কাৰণ হৈছে হাৰ্ট এটেক আৰু হৃদযন্ত্ৰৰ ৰোগত ভূগা ৰোগীসকলৰ বাবে এই বিশেষ (MICS) পদ্ধতিয়ে আশাৰ বতৰা কঢ়িয়াই আনিব আৰু লগতে হাৰ্ট এটেকত হোৱা মৃত্যুৰ পৰিসংখ্যা নিশ্চয়কৈ হ্ৰাস কৰিব।

এপ’ল মাল্টিস্পেচিয়েলিটি হস্পিতাল কলকাতাৰ সঞ্চালক তথা কাৰ্ডিঅ’ থ’ৰাচিক ভাস্কুলাৰ চাৰ্জন ডাঃ সুশান মুখোপধ্যায় এ কয় ‘নূন্যতম ব্যাপক হৃদযন্ত্ৰৰ শল্য চিকিৎসা (MICS) ই ইয়াৰ ধনাত্মক গুণসমূহৰ বাবে ৰোগীক অতিমাত্রা সুফল দেখুৱাবলৈ সক্ষম হৈছে। ফলত ৰোগীয়ে ২-৩ সপ্তাহতে কৰ্মত যোগদান কৰিব পাৰে আৰু ৩ মাহৰ ভিতৰতে সাধাৰণ জীৱন- যাপন কৰিব পাৰে। ই ৰোগীক বেদনা আৰু সময়ৰ অপচয় দুয়োটাৰ পৰা ৰক্ষা কৰে। যোৱা দশকৰ পৰা আমি ৪০০০ৰো অধিক MICS কৰ’নাৰী আৰ্টাৰী বাইপাছ গ্ৰাফ্‌টিং সম্পন্ন কৰিছো।’

হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰৰ ভিতৰত বাইপাচ চাৰ্জাৰী, ভাল্ভ পুনৰ সংস্থাপন, হৃদযন্ত্ৰত থকা ফুটা বন্ধ কৰা, হৃদযন্ত্ৰৰ টিউমাৰ উঠাই দিয়া, পেচ মেকাৰ সংস্থাপন আৰু অন্যান্য অস্ত্ৰোপচাৰসমূহৰ প্রায় ৯৫ শতাংশ MICS পদ্ধতিৰ দ্বাৰা কৰা হয়। এই পদ্ধতি আনকি ৮০-৯০ বছৰ বয়সৰ লোক অথবা অন্য জটিল ৰোগত আক্রান্ত লোকৰ ক্ষেত্ৰতো নিৰাপদ দেখা যায়।

নুন্যতম ব্যাপক হৃদযন্ত্ৰৰ শল্য চিকিৎসা (MICS)ৰ পৰম্পৰাগত অপেন হার্ট চাৰ্জাৰীতকৈ ভালেখিনি সুবিধা উপলব্ধ

  • নিৰাপদ অস্ত্ৰোপচাৰৰ বাবে উন্নতমানৰ যন্ত্ৰ-পাতি আৰু উন্নত প্ৰযুক্তিৰ প্ৰয়োগ।
  • কোনো হাড় কটা নহয়।
  • এই প্ৰক্ৰিয়াত ৰক্তক্ষৰণ প্ৰায় নহয়, মাত্র ২-৩ ইঞ্চিৰ ফুটা কৰা হয় আৰু মাত্ৰ এসপ্তাহতে হস্পিতালৰ পৰা ঘৰলৈ যাব পাৰে।
  • আঘাত সংক্রান্তীয় সংক্রমণ বা অস্ত্ৰোপচাৰৰ পিছত হাওফাওঁত হোৱা সংক্রমণ কমায়।
  • ডায়েবেটিছ বা সংক্ৰমণৰ আশংকা থকা ৰোগীৰ বাবে এই অস্ত্ৰোপচাৰ আদৰ্শমূলক।

মাটিৰ পাত্ৰত দৈ কিয় ৰখা হয় ? ইয়াৰ আছে বহু উপকাৰিতা…

মাটিৰ পাত্ৰত দৈ কিয় ৰখা হয় ? ইয়াৰ আছে বহু উপকাৰিতা…
আপুনি দৈ কি পাত্ৰত ৰাখে। মাটিৰ পাত্ৰ নে ষ্টীল বা এলুমিনিয়াম পাত্ৰত ৰাখে ? দৈৰ উপকাৰিতাৰ বিষয়ে আমি সকলোৱে জানো । কিন্তু মাটিৰ পাত্ৰত দৈ ৰখাৰ আছে বহু উপকাৰীতা…
১/ গ্ৰীষ্মকালত দৈ সহজে হয়, কিন্তু শীতকালৰ শেষৰ ফালে দৈ সোনকালে নহয় কাৰণ দৈ হ’বলৈ বিশেষ উষ্ণতাৰ প্ৰয়োজন হয়। মাটিৰ পাত্ৰত দৈ জমা কৰিলে ই দৈক ইনচুলেট কৰিব আৰু শীতকালতো সোনকালে দৈ প্ৰস্তুত হৈ যাব।
২) মাটিৰ পাত্ৰত দৈ ৰাখিলে দৈ ডাঠ হয়। ইয়াৰ কাৰণ হ’ল মাটিৰে নিৰ্মিত পাত্ৰই পানী শোষণ কৰে, যাৰ বাবে দৈ ডাঠ হৈ পৰে। ইয়াৰ বিপৰীতে ষ্টীল বা এলুমিনিয়ামৰ বাটিত দৈ ৰাখিলে দৈ ডাঠ নহয়।


৩/ যদি আপুনি মাটিৰ পাত্ৰত দৈ প্ৰস্তুত কৰে তেন্তে শৰীৰত প্ৰাকৃতিক খনিজ পদাৰ্থ উপলব্ধ হ’ব। য’ত আইৰণ, ফছফৰাছ, মেগনেছিয়াম আৰু কেলচিয়াম আদি অন্তৰ্ভুক্ত।
৪/ আপুনি নিশ্চয় প্ৰায়ে লক্ষ্য কৰিছে যেতিয়াই মাটিৰ পাত্ৰত দৈ প্ৰস্তুত কৰা হয় তেতিয়াই মাটিৰ দৰে গোন্ধ ওলাবলৈ আৰম্ভ কৰে, যাৰ বাবে দৈৰ সোৱাদ ভাল হয়।

ইছলামিয়া বিশ্ববিদ্যালয় বাহাৱালপুৰত ছাত্ৰীৰ ভিডিঅ’ দেখুৱাই শ শ ছাত্ৰীক যৌন শোষণ! ঘটনাৰ নেপথ্যত মন্ত্ৰীৰ পুত্ৰ…

ইছলামিয়া বিশ্ববিদ্যালয় বাহাৱালপুৰত ছাত্ৰীৰ ভিডিঅ’ দেখুৱাই শ শ ছাত্ৰীক যৌন শোষণ! ঘটনাৰ নেপথ্যত মন্ত্ৰীৰ পুত্ৰ। পাকিস্তানত উচ্চ শিক্ষাৰ ভেটি কঁপাই তোলা এক ঘটনা পোহৰলৈ আহিছে। পাকিস্তান বিশ্ববিদ্যালয়ৰ যৌন কেলেংকাৰীয়ে সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইছলামিয়া বিশ্ববিদ্যালয় বাহাৱালপুৰ যৌন কেলেংকাৰীকলৈ এতিয়া সকলোতে চৰ্চা চলিছে। বিশ্ববিদ্যালয় খনৰ ছাত্ৰীসকল ড্ৰাগছৰ কলত পৰা আৰু যৌন নিৰ্যাতনৰ বলি হোৱা দেখুওৱা হাজাৰ হাজাৰ ভিডিঅ’ বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীৰ পৰা উদ্ধাৰ কৰা হৈছে। এই জঘন্য ঘটনাৰ এজন অভিযুক্ত হৈছে পাকিস্তানৰ ফেডাৰেল মন্ত্ৰী চৌধুৰী তাৰিক বছিৰ চিমাৰ পুত্ৰ। ড্ৰাগছৰ সৈতে জড়িত থকা আৰু ইছলামিয়া বিশ্ববিদ্যালয় বাহাৱালপুৰত শ শ ছাত্ৰীক যৌন শোষণ চলোৱাৰ সৈতে মন্ত্ৰী পুত্ৰ জড়িত থকাৰ কথাই সমগ্ৰ দেশ খনতে ক্ষোভ বিয়পাই দিছে। আনকি শীৰ্ষ নিৰাপত্তা বিষয়া মেজৰ ইজাজ শ্বাহো এই কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। গ্লোবেল ভিলেজ স্পেচৰ এক প্ৰতিবেদনে কেলেংকাৰীটো উন্মোচন কৰিছে। প্ৰতিবেদনৰ মতে মেজৰ ইজাজ শ্বাহৰ গ্ৰেপ্তাৰৰ পিছত তেওঁৰ ওচৰত কেইবাটাও কামোদ্দীপক বড়ি আৰু ড্ৰাগছ উদ্ধাৰ হৈছে। ইয়াৰ উপৰি ছাত্ৰী শিক্ষাৰ্থীৰ বহু আপত্তিজনক ভিডিঅ’ও পোৱা গৈছে। ইপিনে পাক মন্ত্ৰী চিমাই মেজৰ ইজাজ শ্বাহক গ্ৰেপ্তাৰ কৰা আৰু তেওঁৰ পুত্ৰৰ জড়িত হোৱা প্ৰতিহত কৰিবলৈ ভিডিঅ’ আৰু ছবিবোৰ জব্দ কৰাৰ নিৰ্দেশ দিছে।

ইয়াৰ মাজতে মেজৰ ইজাজ শ্বাহৰ স্বীকাৰোক্তিয়ে বহুতকে আচৰিত কৰি তুলিছে। তেওঁ ছাত্ৰীসকলে বন্ধুবৰ্গক আলিঙ্গন কৰা, গছৰ তলত ধূমপান কৰা আদিৰ চিত্ৰগ্ৰহণ কৰিছিল আৰু সেইবোৰ মেলি দিছিল। এই ভিডিঅ’বোৰ শিক্ষাৰ্থীসকলক ব্লেকমেইল কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। তেওঁলোকক ৰাজহুৱা ভাৱে লাঞ্ছিত হোৱাৰ ভাবুকি দিয়া হৈছিল। ভিডিঅ’ দেখুৱাই ছাত্ৰীসকলক যৌন শোষণ কৰা হৈছিল। এই ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে পাক চৰকাৰে বিশেষ পাঁচ জনীয়া তদন্ত দল গঠন কৰিছে।দলটোক পাকিস্তানৰ বিশ্ববিদ্যালয় যৌন কেলেংকাৰীৰ আঁৰৰ সত্য উন্মোচন কৰাৰ দায়িত্ব দিয়া হৈছে।

ইনষ্টাগ্ৰামত কথা পতি পাতি প্ৰেম! এইবাৰ পাকিস্তানী প্ৰেমিকক লগ কৰিবলৈ ব্যাকুল ৰাজস্থানৰ যুৱতী…

ৰাজস্থানৰ আলৱাৰ জিলাৰ অঞ্জুৱে তেওঁৰ স্বামী আৰু দুই সন্তানক এৰি পাকিস্তানৰ প্ৰেমিকক লগ কৰিবলৈ পাকিস্তানলৈ যোৱাৰ কথাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে আন এটা ঘটনাক লৈ হুলস্থূল হৈছে। শুকুৰবাৰে আবেলি এগৰাকী কিশোৰীয়ে জয়পুৰ বিমানবন্দৰলৈ গৈ পাকিস্তানলৈ যাবলৈ বিমানৰ টিকট ক্ৰয় কৰিব বিচৰাৰ কথাই আন এক ৰহস্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে কিশোৰীগৰাকীয়ে তেওঁৰ পাকিস্তানত থকা প্ৰেমিকক লগ কৰিবলৈ পাকিস্তানলৈ যাব বিচাৰিছিল। স্বাভাৱিকতে, এই কথা পোহৰলৈ অহাৰ লগে লগে, হুলস্থূল আৰম্ভ হয়।প্ৰকৃততে কি ঘটিছিল? ছোৱালীজনীয়ে বিমানবন্দৰৰ টিকট কাউণ্টাৰলৈ আহিছিল আৰু লাহোৰলৈ টিকট কাটিব বিচাৰিছিল। কিন্তু দেখা গৈছে যে তেওঁৰ ওচৰত পাছপোৰ্ট, ভিছা বা আন কোনো নথি পত্ৰ নাই। তথাপিও তেওঁ পাকিস্তানলৈ যাবলৈ বিচাৰিছিল।কিন্তু জয়পুৰৰ পৰা কোনো বিমান পাকিস্তানলৈ নাযায়।

গতিকে যেতিয়া ছোৱালীজনীয়ে কাউণ্টাৰলৈ আহি লাহোৰলৈ টিকট বিচাৰিছিল, সকলোৱে ভাবিছিল যে তেওঁ হয়তো ধেমালি কৰিছে। ছোৱালীজনীয়ে পিছত কয় যে তেওঁ পাকিস্তানত থকা তেওঁৰ প্ৰেমিকৰ ওচৰলৈ যাব বিচাৰিছে। ঘটনাটো ইয়াতে শেষ হোৱা নাছিল। ছোৱালীজনীক প্ৰশ্ন কৰাৰ পিছত আন এটা “কাহিনী” পোহৰলৈ আহিছে। তেওঁ কয় যে তেওঁ প্ৰকৃততে পাকিস্তানীহে। তেওঁ তিনি বছৰ আগতে ভাৰতলৈ আহিছিল। তেওঁ খুৰা আৰু খুড়ীৰ সৈতেহে ভাৰতত আছে। কিন্তু এতিয়া তেওঁ নিজৰ দেশলৈ ঘূৰি যাব বিচাৰিছে। স্বাভাৱিকতে, তেওঁৰপ কোৱা শুনি সকলোৱে আচৰিত হৈছিল আৰু আৰক্ষীক খবৰ দিয়া হৈছিল। কিন্তু পিছলৈ সত্যটো পোহৰলৈ আহে। ছোৱালীজনী ৰাজস্থানৰ ৰতনপুৰ গাঁৱৰ বাসিন্দা। তেওঁৰ প্ৰকাশ কৰিছে যে তেওঁ কেৱল সকলোৰে মনোযোগ আকৰ্ষণ কৰিবলৈহে এনে কৰাৰ পৰিকল্পনা কৰিছিল। ঘটনাৰ প্ৰকৃত ৰহস্য অৱশ্যে এতিয়াও ফাদিল হোৱা নাই।