Breaking

বিশ্বনাথৰ ছেলাইখাতিত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা

0 148

বিশ্বনাথৰ ছেলাইখাতিত সদৌ অসম কাৰ্বি ছাত্ৰ সন্থা ছেলাইখাতি আঞ্চলিক সমিতিয়ে কৃতীমান ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক দিশত উৎসাহিত কৰাৰ মানসেৰে সম্বৰ্দ্ধনা অনুষ্ঠানৰ আয়োজন কৰে৷

প্ৰাক্তন ছাত্ৰ নেতা দুৰ্গেশ্বৰ ৰংহাঙৰ সভাপতিত্বত আৰু ছেলাইখাতি আঞ্চলিক কাৰ্বি ছাত্ৰ সন্থাৰ সম্পাদক ৰুপেন ছেংনাৰৰ আঁত ধৰা সভাত হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা আৰু স্নাতক উত্তীৰ্ণ কৃতী ছাত্ৰ-ছাত্ৰীসকলক একোখন কাৰবি পহ, আৰু সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনায় ৷

তদুপৰি কাৰ্বি সমাজৰ সৰ্বাংগীণ উন্নয়ণ সাধন কৰাৰ ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়োৱা দণ্ডিৰাম ৰংহাং, মহেশ্বৰ বে, মহিৰাম ৰংহাং, লংকি বে, বিমান তেৰন ,আৰু ৰাজু ৰংপীক জংথুং ক্ৰ আৰু শ্যাম তাৰৌ সোঁৱৰণি বঁটা প্ৰদান কৰা হয় ৷

অনুষ্ঠানত বিশ্বনাথ জিলা কাৰাধ্যক্ষ ৰবিৰাম ইংতিয়ে নিদিষ্ট বক্তা হিচাবে উপস্থিত থাকি শৈক্ষিক দিশৰ ওপৰত আলোকপাত কৰে ৷

মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰা বিশ্বনাথ জিলা কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি হৰেনজিৎ ৰংহাঙে ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক দিশৰ উপৰিও সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা সোৱৰাই দিয়াৰ লগতে বিভিন্ন দিশত উৎকৰ্ষ সাধনৰ বাবেও মনোনিৱেশ দিয়াৰ কথা উল্লেখ কৰি বক্তব্য আগবঢ়ায়৷


বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰা প্ৰাক্তন আছুনেতা দুলদুল বৰকটকী, বিশ্বনাথ জিলা কাৰ্বি ছাত্ৰ সন্থাৰ সম্পাদক চাৰসিং তেৰাং, ছেলাইখাতি পঞ্চায়তৰ সভাপতি ধৰমসিং ৰংহাং, অৱসৰপ্ৰাপ্ত শিক্ষক মহিৰাম ৰংহাং, লংকি বে, সুৰেন ফাংচু , বিমল ৰংহাঙকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে বক্তব্য ৰাখে ৷

সভাখন পৰিচালনা কৰে কাৰ্বি ছাত্ৰ নেতা দিপচন তেৰাঙে। অনুষ্ঠানত ছেলাইখাতি গাঁৱৰ যুৱক-যুৱতী, আইমাতৃ সকলৰ উপৰিও স্থানীয় ৰাইজ উপস্থিত থাকে ৷

Leave A Reply