Home Blog Page 1438

এফালে বঙাইগাঁও জিলাত মুখ্যমন্ত্ৰীৰ ৫৫৫ কৌটি টকাৰ বিভিন্ন অভিলাষী আঁচনিৰ শিলান্যাস; জিলাখনৰ আনফালে দান-বৰঙণিৰে ৰাইজৰ দলং নিৰ্মাণ

বঙাইগাঁও জিলাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীত ৫৫৫ কৌটি টকাৰ বিভিন্ন অভিলাষী আঁচনিৰ শিলান্যাস কৰাৰ সময়তে জিলাখনৰ আন এটা প্ৰান্তত দেখা গ’ল বিপৰীত ছবি।

জিলাখনৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত ১ নং ভাণ্ডাৰা আৰু জামদহা সংযোগী মৰা আই নৈৰ সুঁতিৰ ওপৰত ৰাইজে নিৰ্মাণ কৰিলে এখন বাহঁৰ দলং।

দীৰ্ঘদিন ধৰি ১ নং ভাণ্ডাৰা আৰু জামদহাৰ ৰাইজৰ লগতে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলে দলঙৰ অভাৱত যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভূগিব লগা হৈছে। ঠাইখনত প্ৰতি বছৰে বাহঁৰ দলং নিৰ্মাণ কৰি যাতায়ত অব্যাহত ৰাখিছে ৰাইজে।

তাৰ পিছতো আজিলৈকে জনপ্ৰতিনিধি নাইবা চৰকাৰৰ দৃষ্টিগোচৰ হোৱা নাই। ঠাইখনত এখন দলং নিৰ্মাণৰ বাবে চৰকাৰক দাবী জনাইছে ৰাইজে।

নাজিৰাত গ্ৰীষ্মকালীন যোগাসন প্ৰশিক্ষণ কৰ্মশালা

নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত ১জুলাইৰ পৰা ২৯জুলাই লৈকে মাহযোৰা কাৰ্যসূচীৰে গ্ৰীষ্মকালীন যোগাসনৰ কৰ্মশালা অনুষ্ঠিত হয়।


যোগাসন প্ৰশিক্ষণ কৰ্মশালা যোগেদি ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ উপৰিও শৰীৰ সুস্থ সবল কৰি তুলিবলৈ শাৰীৰিক ব্যায়ামৰ প্ৰ‌য়োজন সেই উদ্দেশ্যে আগত ৰাখি এই কৰ্মশালাটো অনুষ্ঠিত কৰে।


শনিবাৰে সামৰণি অনুষ্ঠানত কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত যোগাসনৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

প্ৰতিযোগিতাত বিজয়ী প্ৰাৰ্থীক স্মাৰক আৰু মানপত্ৰ পুৰস্কৃত কৰা হ’ব আৰু লগতে অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকলোকে মানপত্ৰ দিয়া হয়।


অনুষ্ঠানটোত ৱাৰ্ড সদস্যা শুৱলা দাস, শংকৰদেৱ বিদ্যা নিকেতনৰ আচাৰ্য গোপাল বৰুৱা, নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰমূখ্য কৰি কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

-দিলীপ হাজৰিকা, নাজিৰা

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আন্তজাৰ্তিক ব্যাঘ্ৰ দিৱস পালন

সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস পালন।

ব্যঘ্ৰ দিৱস উপলক্ষে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত অনুষ্ঠিত কৰা হয় এক সজাগতা সভা। সভাত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি-কাষৰীয়া অঞ্চলৰ গাঁৱৰ গাওঁ প্ৰধান,ই.ডি.চি ৰ সভাপতি সম্পাদক,ৰাইজ লগতে ৰাষ্ট্ৰীয় উদ্যান খনৰ বন বিষয়া সকলে বাঘ সংৰক্ষণৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা হাতত লয়।

ৰাইজৰ মাজত পৰিবেশৰ ভাৰসাম্যতা ৰক্ষা,বন্য প্ৰাণীৰ প্ৰতি সজাগতা আৰু দায়িত্ব আনিবলৈ বা বিভিন্ন সময়ত ৰাষ্ট্ৰীয় উদ্যান খনৰ দাঁতি-কাষৰীয়া অঞ্চলৰ মানুহৰ সহায় সহযোগিতা সম্পৰ্কে সভাত উপস্থিত থকা প্ৰতি গৰকী ব্যক্তিয়ে বিতংকৈ আলোচনা কৰে।

উক্ত সভাখনত উপস্থিত থাকে সহকাৰী বনসংৰক্ষক ৰাজিব হাজৰিকা,ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন আঞ্চলিক বিষয়া দিব্যজ্যোতি দেউৰী,WWF জৈষ্ঠ প্ৰকল্প বিষয়া হীতেন বৈশ্য,সমীৰ দাস, বিশিষ্ট বন্যপ্ৰাণী ফটোগ্ৰাপাৰ নেজিৱ আহমেদ,ফিচাৰ প্ৰকল্প বিষয়া ইনামুল হক আহমেদ,ঢেকিয়াজুলিৰ প্ৰকৃতিপ্ৰেমী দিলীপ নাথ,শিলবৰীৰ প্ৰকৃতি প্ৰেমী আৰু সমাজ সেৱক আব্দুল মালেক, বনকৰ্মী প্ৰাঞ্জিৎ ডেকা, ছফিকুল ইছলাম,মমী বসুমতাৰী,নয়ন মনি দাস আৰু স্থানীয় বিশিষ্ট ব্যক্তি সকল।

বলীউডৰ অভিনেতাসকলৰ প্ৰকৃত নাম কি জানেনে ? ১০০% লোকেই নাজানে…

বলীউড অভিনেতাসকলৰ প্ৰকৃত নাম জানেনে ? ১০০% লোকেই নাজানে ! বলীউডৰ তাৰকাসকলে বিখ্যাত হ’বলৈ এনে বহু কাম কৰে, যি কাম সাধাৰণ মানুহে হয়তো কল্পনাও কৰিব নোৱাৰে। তাৰ ভিতৰত এটা হ’ল নিজৰ নাম সলনি কৰা, নিজৰ প্ৰকৃত পৰিচয় ত্যাগ কৰা। বলীউডৰ বহু তাৰকাই নাম সলনি কৰিছে। আজি আমি আপোনালোকক জনাম কোন কোন চেলিব্ৰিটিয়ে নাম সলনি কৰিছে।

এক প্ৰতিবেদন অনুসৰি শতিকাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ প্ৰকৃত নাম অমিতাভ বচ্চন নহয় অমিতাভৰ প্ৰকৃত নাম শ্ৰীবাস্তৱ। বলীউডৰ তাৰকা ছানী দেওলে বলীউডত ভৰি দিয়াৰ পূৰ্বে নাম সলনি কৰিছিল। ছানী দেওলৰ প্ৰকৃত নাম অজয় ​​সিং দেওল। কিয়াৰা আদৱানীৰ প্ৰকৃত নামও বহুবাৰ চৰ্চা হৈছে। ছবি জগতত ভৰি দিয়াৰ পূৰ্বে অভিনেত্ৰীগৰাকীয়ে ছলমান খানৰ পৰামৰ্শ মতে নাম সলনি কৰিছিল। কিয়াৰাৰ পূৰ্বৰ নাম আছিল আলিয়া আদৱানী।

বলীউডৰ ভাইজান ছলমান খানৰ প্ৰকৃত নাম হৈছে চেলিম আব্দুল ৰছিদ খান। কোৱা হয় যে বলীউডলৈ অহাৰ পূৰ্বে ছলমান খানে নিজৰ নামটো চুটি কৰিছিল। খবৰ অনুসৰি ফিটনেছ কুইন শিল্পা শ্বেট্টীৰ প্ৰকৃত নাম অশ্বিনী শ্বেট্টী। বছৰ বছৰ ধৰি শিল্পা নামেৰে উদ্যোগটোত বিখ্যাত হৈ আহিছে অভিনেত্ৰীগৰাকী। মনোৰঞ্জনমূলক বাতৰি অনুসৰি অভিনেত্ৰীগৰাকীয়ে বলীউডত ভৰি দিয়াৰ পূৰ্বে নিজৰ নাম টাৰকটৰ পৰা কেটৰিনা কাইফলৈ সলনি কৰিছিল।

অসম ৰাজ্যিক বিজেপিত বৃহৎ সালসলনি ! ফণীন্দ্ৰনাথ শৰ্মাৰ স্থানত জি আৰ ৰবীন্দ্ৰ ৰাজুক দায়িত্ব…

অসম ৰাজ্যিক বিজেপিত বৃহৎ সালসলনি !

অসম বিজেপি সাংগঠনিক সম্পাদকৰ পৰা আঁতৰিল ফণীন্দ্ৰনাথ শৰ্মা।


অসমৰ নতুন দলটোৰ সাংগঠনিক সম্পাদক হিচাপে নিযুক্তি প্ৰদান কৰে হাৰিয়ানাৰ পূৰ্বৰ সাংগঠনিক সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজু।

আহাতে ফণীন্দ্ৰনাথ শৰ্মাক অসমৰ পৰা আঁতৰাই হাৰিয়ানাৰ সাংগঠনিক সম্পাদকৰ দায়িত্ব প্ৰদান কৰা হয়।

মহানগৰীত নিশা খাদ্য বিচাৰি অহা হাতী পোৱালিৰ ভৰি আৰু শুৰত জুই লগাই নিৰ্মম অত্যাচাৰ…

মহানগৰীত নিশা খাদ্য বিচাৰি অহা হাতী পোৱালিৰ ভৰি আৰু শুৰত জুই লগাই নিৰ্মম অত্যাচাৰ । হাতী পোৱালিটোৰ ভৰিত এতিয়াও সেই ক্ষত স্থান বিদ্যমান। বন বিভাগৰ প্ৰদক্ষেপ গ্ৰহণ । সচেতন মহলৰ তীব্ৰ গৰিহণা। এজনক জেললৈ প্ৰেৰণ, আনজন বিহাৰলৈ পলায়ন। আজি অকলে নহয়, দুটা হাতী একেলগে আহিছিল। এটা ডাঙৰ, দতাল আৰু আনটো সৰু মখনা পোৱালি।বয়সৰ জোখাৰে খুব বেছি দুবছৰ মান হব। নাৰেঙ্গী সেনা ছাউনীৰ প্ৰবেশদ্বাৰ পাৰ হৈ সাতগাঁও বজাৰ অভিমুখে আহিছিল হাতী দুটা । যেন মাক আৰু পুতেক। এই অঞ্চললৈ বনৰীয়া হাতী অহাতো কোনো নতুন কথা নহয়। আজি হাতীদুটা আহিছিল মানুহৰ ওপৰত থকা প্ৰচণ্ড ঘৃণা লৈ। অৱশ্যে এই ঘৃণা সকলো মানুহৰ ওপৰত লৈ যে এনে নহয়। হাতীকেইটা আগতেও আহে। কিন্তু আজি কেইদিনমানৰ পৰা হাতী কেইটা আহিছে অলপ বেলেগ মনেৰে। বিশেষকৈ কেইজনমান মানুহৰ প্ৰতি থকা ঘৃণা আৰু প্ৰতিশোধ পূৰণৰ বাবেই আজি কেইদিনমান ধৰি হাতী কেইটা আহিছে অলপ পৃথক মনোবৃত্তিৰে। সিদিনা বন্ধু এজনে কৈছিল- আজি হাতীটোক খুব বেগাই অহা দেখিলোঁ। আগতে কিন্তু ইয়াৰ এনে ৰূপ নেদেখোঁ। মইও আজি বহু বছৰৰ পৰা এই হাতী কেইটা পৰ্যবেক্ষণ কৰি আহিছোঁ।

প্ৰায় দেখি আহিছোঁ, আহে এক গহীন গম্ভীৰ খোজেৰে। কিন্তু আজিৰ খোজ কিছু বেলেগ। খুব খৰতকীয়া খোজ। কিবা এটা কৰি যাব লাগে। সেয়েহে নিৰ্বিগ্নে, নিৰ্ভয়ে। আজিকালি সাধাৰণতে বন বিভাগৰ লোকে হাতীকেইটাক সেনা ছাউনীৰ বাহিৰলৈ আহিব নিদিয়ে। আহিলেও ফটকা, বোমা ফুটাই ভয় দেখুৱাই পঠিয়াই দিয়ে। কিন্তু তাৰ মাজতো আজি পোৱালি হাতীটোৱে মাকক লগত লৈ আহিছিল। কাৰণ আজি কিছুদিন পূৰ্বে এই অকণমানি হাতী পোৱালিটোক মানুহ ৰূপী কেইজনমান দানবে অত্যাচাৰ কৰিছিল। নিশাৰ ভাগত এই স্থানলৈ খাদ্য বিচাৰি অহা হাতীপোৱালীটোৰ ভৰি আৰু শুৰদালত হেনো জুইৰ শিখা লগাই দিছিল। পুৰি গৈছিল ভৰি আৰু শুৰ। হাতী পোৱালিটোৰ ভৰিত এতিয়াও সেই ক্ষত স্থান বিদ্যমান। বৰ কষ্ট পাইছিল হেনো হাতী পোৱালীটোৱে। মানুহৰ অত্যাচাৰৰ কথা হাতী পোৱালিটোৱে মাকক লগাইছিলগৈ। মাকজনীৰ মানুহবোৰৰ ওপৰৰ প্ৰচণ্ড খং আৰু ক্ষোভ হৈছিল। আজি সেয়েহে সেই মানুহকেইটাক বিচাৰি মাকজনী আহিছিল। লগত পোনাকনক লৈ আহিছিল। আহোঁতে পোনাকনে মাকক ধৰাধৰিকৈ আহিছিল। পোনাকনৰ ভিতৰি ভয় সোমাইছিল। কিজানি মানুহৰূপী দানৱ কেইটাই আজি আকৌ তাক বা মাকক কিবা অপকাৰ, অত্যাচাৰ কৰে। এচাম মানুহৰ প্ৰতি প্ৰচণ্ড ক্ষোভ আৰু ঘৃণা লগত লৈ অহা মাকেও পোনাকনক সযতনে, আথে বেথে লগত ৰাখিছিল। মাকে ইচ্ছা কৰিলে মানুহৰ ওপৰত প্ৰতিশোধ লব পাৰিলেহেঁতেন। কিন্তু ওৰহৰ খং ভঙা ঢাৰীত জাৰি লাভ নাই। মাকেও জানে যে সকলো মানুহে এই কাম নকৰে বা কৰা নাই। কাৰণ মাকে এইখিনি মানুহৰ পৰাই মাজে সময়ে বহু মৰম পাই আহিছে। বহু সময়ত এই খিনি মানুহে ফল মূল, কল কুঁহিয়াৰ বা অন্যান্য ব্ৰেড, বিস্কুট আৰু মিঠাই খাবলৈ পায়। অৱশ্যে বহু সময়ত আন এক শ্ৰেণী মানুহৰ পৰা ককৰ্থনা নুখুৱাও নহয়। কিন্তু আজি তাইৰ সৈতে পোনাকন আহিছে, মাকক সেই ঠাইডোখৰ , সেই পাচলি দোকান দুখন দেখুৱাই দিবলৈ । যি দুখন পাচলি দোকানৰ দোকানীয়ে তাক জুইৰ জোলুঙাৰে খুচি দিছিল, গাত জুই লগাই দিছিল। কিন্তু আজি সেই দোকান আৰু দোকানী নাই। ইতিমধ্যে বন বিভাগ আৰু গুৱাহাটী পৌৰ নিগমে যুটীয়াভাবে আইনী প্ৰক্ৰিয়াৰে দোকান দুখন বন্ধ কৰি দিছে । লগতে বন বিভাগে বন্য হস্তীক অত্যাচাৰ কৰা কাৰ্য্যৰ বাবে শম্ভো নামৰ দুকানী জনৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে আৰু আনজন বেপাৰী পলাতক অৱস্থাত থকাৰ লগতে জন্ম স্থান বিহাৰলৈ পলাই গৈছে বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে ।সচেতন মহলে বন্যহস্তীক নিৰ্মম অত্যাচাৰৰ এই ঘটনাক ধিক্কাৰ প্ৰদান কৰিছে।

ঘটনাটো ঘটা আজি এসপ্তাহৰ অধিক হল যদিও সংবাদ মাধ্যমেও এই বিষয়ে এতিয়ালৈ কোনো বাতৰি পৰিবেশন কৰা দৃষ্টিগোচৰ হোৱা নাই।অৱশ্যে এই অঞ্চলৰ হাতী মানুহৰ সংঘাটৰ বিষয়ে এই প্ৰতিবেদকে বহুবাৰ এনে বহু কথা উল্লেখ কৰি আহিছে । হাতী মানুহৰ এনে সম্ভাব্য সংঘাটৰ বিষয়ে আজি কিছুদিন পূৰ্বে মোৰ এই প্ৰতিবেদকে নিজা ফেচবুক পেজত এটা ভিদিঅ আৰু কিছু বক্তব্য ৰাখিছিল। উক্ত ভিদিঅ টোত এজাক লোকে যাঠি, জেঙ তথা জুইৰ শিখা লৈ কিদৰে এটা হাতীক খেদি পঠিওৱাৰ লগতে সন্মুখ সমৰত অবতীৰ্ণ হৈছিল আৰু তাৰ ফলত হাতীটোৰ কেনে প্ৰতিক্ৰিয়া হৈছিল, এই কথা উল্লেখ কৰিছিলোঁ।পৰবৰ্তী পৰ্যায়ত এই বাৰ্তাই সেই খিনি মানুহৰ মাজত প্ৰতিক্ৰিয়া প্ৰকাশ পাইছিল আৰু পৰবৰ্তী পৰ্যায়ত সেই কাৰ্যৰ পৰা বিৰত আছিল। আজিৰ এই দৃশ্যই অতি শীঘ্ৰেই এই অঞ্চলত হাতী মানুহৰ মাজত এক অনাকাংখিত ঘটনা হোৱাৰ সংকেত প্ৰদান কৰিছে বুলি কব পৰা যায়।।

ৰাহুল গান্ধীৰ বিবাহক লৈ আলোচনা। মদীনা গাঁৱৰ মহিলাসকলক কইনা বিচাৰিবলৈ ক’লে ছোনিয়া গান্ধিয়ে…


১৪ জুলাইত হাৰিয়ানাৰ বহু মহিলাই গান্ধী পৰিয়ালক লগ কৰিবলৈ দিল্লীলৈ আহিছিল। সেই বৈঠকত এগৰাকী মহিলাই ছোনিয়া গান্ধীক ৰাহুল গান্ধীৰ বিবাহৰ বিষয়ে সুধিছিল। জুন মাহত পাটনাত বিৰোধী দলৰ বৈঠকৰ পিছত লালু প্ৰসাদ যাদৱে ৰাহুল গান্ধীক কৈছিল যে আপুনি বিয়া পাতক। এনে ঘটনাৰ মাজতে জুলাই মাহৰ প্ৰথম সপ্তাহত ৰাহুল গান্ধীয়ে দিল্লীৰ পৰা শিমলালৈ গৈ হাৰিয়ানাৰ সোনেপাটত ৰৈ খেতি পথাৰত উপস্থিত হয়। ইয়াৰ পিছত এদল মহিলাই ছোনিয়া গান্ধীক লগ কৰিবলৈ দিল্লীলৈ যায়। যাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ভিডিঅ’টোত ছোনিয়া গান্ধীয়ে মহিলাসকলৰ সৈতে কথা পাতে। ইয়াৰে এগৰাকীয়ে ৰাহুল গান্ধীৰ বিবাহৰ কথা কয়। ছোনিয়া গান্ধী সেই মহিলাগৰাকীকে ছোৱলী বিচাৰিবলৈ কয়। এই কথা শুনি সকলোৰে হাঁহি উঠে।


কেইগৰাকীৰমান অতি বিশেষ অতিথিৰ সৈতে মা, প্ৰিয়ংকা আৰু মোৰ বাবে এক স্মৰণীয় দিন! ৪৩ গৰাকী মহিলা তেওঁলোকৰ ঘৰত উপস্থিত হয়। কেৱল এয়াই নহয়, দিল্লীলৈ অহা মহিলাসকলক কেনে লাগিছে বুলিও ৰাহুল গান্ধীয়ে সুধিছিল। মহিলাসকলৰ সৈতে নৃত্যও কৰিছিল ছোনিয়া গান্ধীয়ে।​

কৰিশ্মাৰ মাতৃ ববিতাই চৰ্ত নৰখা হ’লে আজি অভিষেক বচ্চনৰ পত্নী হ’লহেঁতেন কৰিশ্মা কাপুৰ…

কৰিশ্মা কাপুৰৰ মাতৃয়ে বচ্চন পৰিয়ালৰ সন্মুখত কিছু চৰ্ত ৰাখিছিল। ইয়াৰে এটা চৰ্ত আছিল যে বচ্চন পৰিয়ালে বিয়াৰ আগতে অভিষেক বচ্চনৰ হাতত কিছু সম্পত্তি হস্তান্তৰ কৰিব লাগিব। আচলতে অমিতাভ বচ্চনৰ ৬০ সংখ্যক জন্মদিন উপলক্ষে তেওঁলোকৰ বাগ্দান হৈছিল। কাপুৰ পৰিয়াল আৰু বচ্চন পৰিয়ালৰ মাজত আলোচনা চলিছিল। কিন্তু তাৰ মাজতে আহিল এক ডাঙৰ খবৰ। কেৱল চলচ্চিত্ৰ জগতৰ মানুহেই নহয় এই দুই তাৰকাৰ অনুৰাগীসকলেও অপেক্ষা কৰিছিল তেওঁলোক কেতিয়া একত্ৰিত হ’ব। কিন্তু সুখৰ মাজতে অভিষেক বচ্চন আৰু কৰিশ্মাৰ বিয়া ভাঙিল বুলি আহিল এক খবৰ। আজি আমি আপোনালোকক এই বিবাহ ভঙাৰ কাৰণৰ বিষয়ে কম।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি কৰিশ্মা কাপুৰৰ মাতৃয়ে বচ্চন পৰিয়ালৰ সন্মুখত কিছু চৰ্ত ৰাখিছিল। ইয়াৰে এটা চৰ্ত আছিল যে বচ্চন পৰিয়ালে বিয়াৰ আগতে অভিষেক বচ্চনৰ নামত কিছু সম্পত্তি হস্তান্তৰ কৰিব লাগে। কোৱা হয় যে ববিতাৰ এই প্ৰস্তাৱ বচ্চন পৰিয়ালে আপত্তি কৰিছিল। কোৱা হয় যে এইটো এটা সম্ভাৱ্য কাৰণ আছিল যাৰ বাবে বচ্চন আৰু কাপুৰ পৰিয়ালৰ সম্পৰ্কত বিভাজন ঘটিছিল। খবৰ অনুসৰি অভিষেক আৰু কৰিশ্মাৰ বিবাহৰ পূৰ্বে জয়া বচ্চনেও এটা চৰ্ত ৰাখিছিল। জয়াৰ চৰ্ত আছিল যে কৰিশ্মাই বিয়াৰ পিছত ছবিত কাম কৰিব নোৱাৰিব।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই চৰ্ত কৰিশ্মাৰ বাবে গ্ৰহণযোগ্য নাছিল আৰু পিছলৈ এইবোৰ কাৰণত অভিষেক বচ্চন আৰু কৰিশ্মা কাপুৰে বিবাহপাশত আবদ্ধ হ’ব নোৱাৰিলে। কিন্তু পিছলৈ কৰিশ্মাৰ ব্যৱসায়ী সঞ্জয় কাপুৰৰ লগত বিবাহপাশত আবদ্ধ হয় যদিও দুয়োৰে বিবাহ বিচ্ছেদ হয়। একে সময়তে অভিষেক বচ্চনৰ বিবাহ হৈছিল ঐশ্বৰ্য ৰায়ৰ সৈতে। বৰ্তমান ঐশ্বৰ্য ৰ সৈতে সুখৰ সংসাৰ কৰি আছে অবিষেক বচ্চনে।

মণিপুৰলৈ ৰাওনা গৌৰৱ গগৈসহ ২০ জনীয়া INDIA মিত্ৰজোঁট…

আজি আৰু কাইলৈ মণিপুৰ ভ্ৰমণ কৰিব INDIA মিত্ৰজোঁটৰ ২০ জন সাংসদ দলে। এই দলত উপস্থিত থাকিব সাংসদ গৌৰৱ গগৈ। এই ২০ জন সংসদ সদস্যই অহা ২৯ আৰু ৩০ জুলাইত হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মণিপুৰ ভ্ৰমণ কৰিব। হিংসাগ্ৰস্ত উত্তৰ-পূবৰ ৰাজ্যখন ভ্ৰমণ কৰা সাংসদৰ প্ৰতিনিধি দল তলত দিয়া হ’ল:

অধীৰ ৰঞ্জন চৌধুৰী (আইএনচি),গৌৰৱ গগৈ (আইএনচি),ৰাজীৱ ৰঞ্জন সিং (জেডি-ইউ),সুস্মিতা দেৱ (টিএমচি),কনিমোঝি কৰুণানিধি (ডিএমকে),সন্দোশ কুমাৰ পি.(চিপিআই),এ. উঃ ৰহিম (চিপিআই-এম),অধ্যাপক ড. মনোজ কুমাৰ ঝা (আৰজেডি),জাভেদ আলী খান (এছ পি),মহুৱা মাজী (জেএমএম),পি.পি. মহম্মদ ফৈজল (এন চি পি),অনীল প্ৰসাদ হেজ (জে ডি-ইউ),ই.টি.মহম্মদ বছিৰ (আই ইউ এম এল),এন.কে. প্ৰেমচন্দ্ৰন (আৰ এছ পি),সুশীল গুপ্তা (এ এ পি),অৰবিন্দ সাৱন্ত (শিৱসেনা),ডি. ৰবিকুমাৰ (ভিচিকে),থিৰু থল থিৰুমাৱালাবন (ভিচিকে),জয়ন্ত সিং (আৰএলডি),ফুলো দেৱী নেতম (আইএনচি).

নিশা কচুৱাৰ বিৰিঙাআটিত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বহু পৰিমাণৰ ড্ৰাগছ…

নিশা কচুৱাৰ বিৰিঙাআটিত আৰক্ষীৰ অভিযান।

কচুৱা থানাৰ আৰক্ষী বিষয়া ৰাজা ঈৰছাদৰ নেতৃত্বত চলিছিল এই অভিযান।

অভিযানত প্ৰভাৱতী বিশ্বাস নামৰ এগৰাকী মহিলাৰ ঘৰৰ ৬০ টা (74 Gm)ড্ৰাগছ ভৰ্তী কণ্টেনাৰ জব্দ কৰে আৰক্ষীৰ দলটোৱ।



তাৰোপৰি পলিথিনৰ পেকেটতো ৭-২৬ গ্ৰাম হেৰইন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী।

আৰক্ষীয়ে মহিলা গৰাকীকো আটক কৰি জেৰা অব্যাহত ৰাখিছে।