Home Blog Page 1449

পানীয়েই প্ৰাণীৰ প্ৰাণ! অথচ এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰময় অসম মুলুকৰে এটা অঞ্চল

আজিৰ বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ যুগতো বিশুদ্ধ খোৱা পানীৰ নামত দূষিত পানী সেৱন কৰি অহা এই খন অসম মূলুকৰে এটা অঞ্চল এয়া৷


যি সময়ত চৰকাৰে কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰি আহিছে জল জীৱন মিছন আঁচনি৷


যি খন আঁচনিৰ জড়িয়তে চৰকাৰে হৰ ঘৰ নল, হৰ ঘৰ জলৰ শ্লোগান আওৰাইছে৷

চৰকাৰ খনৰ তেনে অভিলাষী আঁচনিয়ে ঢুকি পোৱা নাই বিলাসীপাৰা মহকুমাৰ গাতে লাগি থকা পৰ্বতঝোৰাৰ আমঝোৰা অঞ্চল৷

আমঝোৰা অঞ্চলবাসীৰ বাবে চৰকাৰৰ এনে আঁচনি যেন এক নুবুজা সাঁথৰ হে৷


মাটি খান্দি পানী উলিয়াই তৃষ্ণা নিবাৰণ কৰি আহিছে দুৰ্গম অঞ্চলটোৰ বাসিন্দা সকলে৷


নগাঁৱৰ বৰঘাট বাইপাছত উদ্ধাৰ ৮ ফুট দৈৰ্ঘ্যৰ এডাল অজগৰ…

নগাঁৱৰ বৰঘাট বাইপাছত উদ্ধাৰ হৈছে ৮ ফুট দৈৰ্ঘ্যৰ এডাল মৃত অজগৰ সাপ।

শনিবাৰে নিশা অজগৰটোৱে ৰাস্তা পাৰ হওঁতেই বাইপাছেৰে যোৱা বাহনে সাপ ডালক চেপি যোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।

দেওবাৰে একাংশ স্থানীয় ৰাইজে ৰাস্তাত মৃত অৱস্থাত প্ৰত্যক্ষ কৰে অজগৰটোক।

উলেখ্য যে বাইপাছেৰে অহা যোৱা কৰা একাংশ বাহনৰ দৌৰাত্মৰ বাবেই প্ৰায়েই দুৰ্ঘটনা সংঘটিত হোৱাৰো অভিযোগ কৰিছে একাংশ স্থানীয় ৰাইজে।

স্বাধীনতা সংগ্ৰামীৰ ৮০ বছৰীয়া পত্নীক জীৱন্তে জ্বলাই দিলে দুস্কৃতিকাৰীয়ে…

মণিপুৰ হিংসা: স্বাধীনতা সংগ্ৰামীৰ ৮০ বছৰীয়া পত্নীক দুস্কৃতিকাৰীয়ে ঘৰতে জীৱন্তে জ্বলাই দিলে! মণিপুৰৰ দুগৰাকী মহিলাক জাতিগত সংঘৰ্ষত উলংগ কৰি পেৰেড কৰা ভয়ানক ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে মণিপুৰৰ পৰা অহৰহ বহু হৃদয় বিদাৰক আৰু কল্পনা কৰিব নোৱাৰা ভয়ানক কাহিনী প্ৰকাশ পাইছে।

শেহতীয়াকৈ মণিপুৰৰ কাকছিং জিলাৰ এটা সশস্ত্ৰ সংগঠনে এগৰাকী স্বাধীনতা সংগ্ৰামীৰ পত্নী ৮০ বছৰীয়া বৃদ্ধাক নিজৰ ঘৰতে জীৱন্তে জ্বলাই দিয়াৰ খবৰ আহিছে। খবৰ অনুসৰি যোৱা ২৮ মে’ত কাকছিং জিলাৰ চেৰেউ গাঁৱত সশস্ত্ৰ দলটোৱে তেওঁক ঘৰৰ ভিতৰতে আৱদ্ধ কৰি অগ্নিসংযোগ কৰে। মৃত মহিলাগৰাকীৰ প্ৰয়াত স্বামী এছ সুৰচন্দ সিঙক এসময়ত প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে সম্বৰ্ধনা জনাইছিল।

বৰপেটাৰ হাউলী থানাৰ অ’চিক ৰিজাৰ্ভ ক্ল’জ

হাউলী থানাৰ অ’চি গোপাল বৰাক ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে।

এটা দুৰ্ঘটনাৰ তদন্তত ভুল কৰাৰ বাবে ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে হাউলী থানাৰ অ’চি গোপাল বৰাক।

এখন ডাম্পাৰে সংঘটিত কৰিছিল এটা দুৰ্ঘটনা।

দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰ চালকৰ লাইচেঞ্চ নাছিল বাবে হাজিৰ কৰোৱা নাছিল আদালতত।

তাৰ বিপৰীতে আন এজনক হাজিৰ কৰিছিল আদালতত।

ৰহস্যজনক ভাৱে দুৰ্ঘটনাৰ তথ্য লুকুৱাবলৈ চেষ্টা কৰিছিল অ’চি গোপাল বৰাই।

আৰু এই ঘটনা পোহৰলৈ অহাৰ পাছতে ৰিজাৰ্ভ ক্ল’জ কৰা হৈছে অ’চি গোপাল বৰাক।

পত্নীৰ বান্ধৱীৰ বাবে ভাঙিল ২২ বছৰীয়া সংসাৰ !

কণ্ঠৰে বহু হৃদয় জয় কৰা হিমেশ ৰেশমিয়াৰ আজি ওপজা দিন। তেওঁৰ জন্মদিন উপলক্ষে তেওঁৰ প্ৰেম জীৱনৰ সৈতে পৰিচয় কৰাই দিম আপোনালোকক। প্ৰথমে তেওঁ টিভিৰ জগতখনত নিজৰ ‘ষ্টাইল’ দেখুৱাইছিল, তাৰ পিছত প্ৰডাকচনৰ প্ৰতি নিজৰ ‘আশিকী’ আৰু ‘অমৰ প্ৰেম’ প্ৰকাশ কৰিছিল। ১৯৭৩ চনৰ ২৩ জুলাইত মুম্বাইত জন্মগ্ৰহণ কৰা হিমেশে ব্যক্তিগত জীৱনৰ বাবে শিৰোনাম দখল কৰি আহিছে। হিমেশ ৰেশমিয়াই ১৯৯৫ চনৰ ভিতৰত কোমল নামৰ ছোৱালী এজনীক বিয়া কৰাইছিল। ২০১৭ চনৰ ভিতৰত তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছিল। দুয়োৰে এজন পুত্ৰও আছে। ইয়াৰ পিছত হিমেশ ৰেশমিয়াই ছোনিয়া কাপুৰৰ লগত বিবাহপাশত আবদ্ধ হয়। আপুনি জানি আচৰিত হ’ব যে হিমেশৰ জীৱনত ছোনিয়াৰ প্ৰৱেশ তেওঁৰ প্ৰথম পত্নী কোমলৰ বাবেই হৈছিল। আচলতে কোমল আৰু ছোনিয়া বন্ধু আছিল। এইদৰেই ছোনিয়া হিমেশৰ কাষ চাপিছিল।

ছোনিয়া আৰু হিমেশৰ পৰিয়াল একেটা অট্টালিকাতে বাস কৰিছিল। সেই সময়ত ছোনিয়াই বহু টিভি শ্ব’ত কাম কৰিছিল আৰু হিমেশৰ ঘৰলৈও গৈছিল। কোমলেই হিমেশ আৰু ছোনিয়াক লগ কৰাই দিছিল। কোৱা হয় যে ২০০৬ চনত হিমেশ আৰু ছোনিয়াই ইজনে সিজনৰ সৈতে ডেটিং কৰিছিল। দুয়োৰে প্ৰেম প্ৰায় ১১ বছৰ ধৰি চলি থাকিল, যিটো কোমালে কেতিয়াও জনাই নাছিল। ছোনিয়াৰ প্ৰতি মোহিত হিমেশে ২০১৭ চনৰ ভিতৰত এনে সিদ্ধান্ত লৈছিল, যাৰ ফলত কোমলে বহুত কান্দিছিল। আচলতে বিয়াৰ ২২ বছৰৰ পাছত হিমেশে কোমলৰ পৰা বিবাহ বিচ্ছেদ কৰিছিল। এই বিষয়ত হিমেশে এক সাক্ষাৎকাৰত কৈছিল যে তেওঁ আৰু কোমলে পাৰস্পৰিক সন্মতিৰে বিবাহ বিচ্ছেদ কৰিছিল। দুয়োজনে একেলগে পুত্ৰৰ যত্ন লয়।

বিজেপি নেতা লাচিত গগৈ নিলম্বিত হ’ল দলৰ পৰা

দলৰ পৰা নিলম্বিত কৰিলে বিজেপিৰ অ’বিচি মৰ্চাৰ ৰাজ্যিক উপ-সভাপতি লাচিত গগৈক।

দলটোৰ অসম প্ৰদেশ কমিতিয়ে এক জাননী যোগে এই কথা সদৰী কৰিছে।

এটা ভাইৰেল অডিঅ’ত নেতা জনৰ নাম চৰ্চালৈ আহিছিল।

অডিঅ’টোত চুপাৰী ছিণ্ডিকেটৰ বাবে কাৰ্বি আংলং আৰক্ষী অধীক্ষকক আটাছু নেতা মিলন বুঢ়াগোহাঁইৰ জৰিয়তে ধন দিয়া বুলি চৰ্চা হৈছিল।

যাৰ বাবে কাৰ্বি আংলং আৰক্ষীয়ে চৰাইদেউ জিলাৰ কচুমাৰীৰ পৰা আটক কৰিছিল বিজেপি নেতাগৰাকীক।

ইয়াৰ পাছতেই সমগ্ৰ বিষয়টোয়ে ৰাজনৈতিক মহলত বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল।

দেওবাৰে নেতাগৰাকীক দলৰ পৰা নিলম্বিত কৰে দলীয় কৰ্তৃপক্ষই।

মণিপুৰৰ ঘটনাক লৈ লক্ষ্মী ওৰাঙৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী…

মণিপুৰৰ ঘটনাক লৈ বেলতলা কাণ্ডৰ নিৰ্যাতিতা লক্ষ্মী ওৰাঙৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী ৷ দেশজুৰি কঁ‌পোৱা মণিপুৰৰ মহিলাৰ যৌন নিৰ্যাতনৰ কাণ্ড পোহৰলৈ অহাৰ পিছতেই দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথতো আৰম্ভ হৈছে প্ৰতিবাদ। আদিবাসী আইকণ তথা বেলতলা কাণ্ডৰ নিৰ্যাতিতা লক্ষ্মী ওৰাঙে তেওঁৰ সমৰ্থক সকলক লৈ বিশ্বনাথৰ জপৌ বাৰীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদকাৰী সকলে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে ৷ মণিপুৰ কাণ্ডৰ বাবে দুখ প্ৰকাশ কৰি এয়া এক চৰম লজ্জাজনক   বুলি অভিহিত কৰে লক্ষ্মী ওৰাঙে ৷

মহিলাক এইদৰে বিৱস্ত্ৰ কৰি ৰাজপথত সমদল কৰা কাৰ্যক কঠোৰ ভাষাৰে নিন্দা কৰে ৷ আৰু এই ঘটনাৰ সৈতে জড়িত লোকক কঠোৰতম শাস্তিৰ দাবী তোলে লক্ষ্মী ওৰাঙে । আনহাতে নাৰীক সুৰক্ষা দিব নোৱাৰা মণিপুৰৰ মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবী তোলাৰ লগতে মণিপুৰত ৰাষ্ট্ৰপতি শাসনৰ দাবী উত্থাপন কৰে নেত্ৰী গৰাকীয়ে। উল্লেখ্য যে,২০০৭ চনৰ ২৪নৱেম্বৰত আছাৰ আন্দোলনত ভাগ ল’বলৈ গৈ গুৱাহাটিৰ বেলতলাত চৰম নিৰ্যাতনৰ বলি হ’ব লগা হৈছিল বিশ্বনাথৰ লক্ষ্মী ওৰাং নামৰ যুৱতীগৰাকী। ৰাজপথত এক অভাৱনীয় পৰিস্থিতিৰ সন্মুখীন হৈ লজ্জা নিবাৰণৰ বাবে অসমৰ্থ হোৱা লক্ষ্মী ওৰাঙে মনিপুৰৰ ঘটনাৰ পিছতে মাতৃজাতিক সুৰক্ষা প্ৰদানত মনিপুৰৰ মুখ্যমন্ত্ৰীৰ লগতে দেশৰ মূৰব্বীৰ ব্যৰ্থতাৰো তীব্ৰ ভাষাৰে সমলোচনা কৰে।

মিজোৰামত থকা মেইটেই লোকৰ নিৰাপত্তা বৃদ্ধি প্ৰশাসনৰ…

মিজোৰামত থকা মেইটেই লোকৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। মিজোৰামত বসবাস কৰা মেইটেই জনগোষ্ঠীৰ লোকসকলক নিৰাপত্তাৰ আশ্বাস দি মিজোৰাম চৰকাৰে উৰাবাতৰিৰ প্ৰতি গুৰুত্ব নিদিবলৈ কৈছে। এটা প্ৰাক্তন উগ্ৰপন্থী সংগঠনে মেইটেই জনসাধাৰণক তেওঁলোকৰ সুৰক্ষাৰ বাবে ৰাজ্য এৰি যাবলৈ কোৱাৰ পিছতে মণিপুৰ চৰকাৰে সম্প্ৰদায়টোৰ সদস্যসকলক বিমানেৰে লৈ যোৱাৰ কথা চিন্তা কৰিছে। সংগঠনটোৱে কয় যে মণিপুৰত দুগৰাকী মহিলাৰ সৈতে হোৱা ঘটনাক লৈ মিজোৰামৰ যুৱক-যুৱতীসকলৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। শেহতীয়াকৈ মণিপুৰত দুগৰাকী মহিলাক উলংগ কৰি পেৰেড কৰাৰ লজ্জাজনক ঘটনাক সমগ্ৰ দেশতে সমালোচনা কৰা হৈছে। ভিডিঅ’টোত দেখা মহিলাসকল কুকী সম্প্ৰদায়ৰ বুলি কোৱা হৈছিল। এই গোচৰত এতিয়ালৈকে ৫ জন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে।

এক প্ৰতিবেদন অনুসৰি আইজল-ইম্ফল আৰু আইজল-শিলচৰৰ মাজত বিশেষ এ টি আৰ বিমানৰ জৰিয়তে মিজোৰামৰ পৰা জনগোষ্ঠীৰ লোকসকলক উলিয়াই আনিব। আনহাতে, মিজোৰাম চৰকাৰে শনিবাৰে ৰাজ্যখনত বসবাস কৰা মেইটেই সম্প্ৰদায়ৰ লোকসকলক নিৰাপত্তাৰ আশ্বাস প্ৰদান কৰি উৰাবাতৰিৰ প্ৰতি গুৰুত্ব নিদিবলৈ কয়।

শ্ৰীৰামপুৰ ব্যৱসায় সমিতিৰ কাৰ্যলয় মুকুলি…

শ্ৰীৰামপুৰ ব্যৱসায় সমিতিৰ কাৰ্যলয় মুকুলি। গোসাইগাঁৱ মহকুমাৰ অন্তৰ্গত শ্ৰীৰামপুৰ বজাৰত ২০২৩ চনৰ ২৩ মাৰ্চত বৃহত্তৰ শ্ৰীৰামপুৰত ব্যৱসায় সকলৰ সুৰক্ষাৰ বাবে এখন ব্যৱসায় সমিতি গঠন কৰা হয়। বিপ্লৱ চক্ৰৱৰ্তীক সভাপতি আৰু সঞ্জীৱ শীলক সম্পাদক হিচাৱে লৈ ৩১ জনীয়া এখন পূৰ্ণাংগ সমিতি গঠন কৰা হয়। যদিও শ্ৰীৰামপুৰ ব্যৱসা সমিতিখনৰ কাৰ্যলয় আজি আনুষ্ঠানিক ভাৱে মুকুলি কৰা হয়। উক্ত ব্যৱসায় সমিতিখনৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে শ্ৰীৰামপুৰ ব্যৱসায় সমিতিৰ সভাপতি বিপ্লৱ চক্ৰৱৰ্তী।

বৃহত্তৰ শ্ৰীৰামপুৰ অঞ্চলৰ ব্যৱসায়ী সকলৰ বিভিন্ন সমস্যাৰ সমাধান তথা দুখ দূৰ্দশাত সহায় কৰাৰ বাবে সমিতি খন গঠন কৰা হয় বুলি কয় শ্ৰীৰামপুৰ ব্যৱসায় সমিতিৰ সভাপতি বিপ্লৱ চক্ৰৱৰ্তীয়ে। উক্ত অনুষ্ঠানত সমিতিৰ সাধাৰণ সম্পাদক সঞ্জীৱ শীল,উপসভাপতি মহাদেৱ ৰায়কে ধৰি সমূহ বিষয়ববীয়া সকল উপস্থিত থাকে।

‘অন্য ৰাজ্যৰ ঘটনাৰ সৈতে মণিপুৰক কিয় তুলনা কৰা হ’ল’ – পি চিদাম্বৰম

‘অন্য ৰাজ্যৰ ঘটনাৰ সৈতে মণিপুৰক কিয় তুলনা কৰা হ’ল’ – পি চিদাম্বৰম। মণিপুৰৰ হিংসা আৰু কুকি সম্প্ৰদায়ৰ দুগৰাকী মহিলাৰ ঘটনাকলৈ কংগ্ৰেছ নেতা পি চিদাম্বৰমে মন্তব্য কৰে। কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বক্তব্যৰ সন্দৰ্ভত তেওঁ কয় যে ৰাজস্থান, পশ্চিমবংগ আৰু বিহাৰত মহিলাৰ ওপৰত হিংসা হোৱাটো সঁচা, কিন্তু মণিপুৰৰ সৈতে তুলনা কৰিব পাৰিনে? কংগ্ৰেছ নেতা পি চিদাম্বৰমে কয় যে বিহাৰ, পশ্চিমবংগ আৰু ৰাজস্থানত মহিলাৰ ওপৰত হিংসা সংঘটিত হোৱা বুলি মানি ল’লেও এই ৰাজ্যসমূহক মণিপুৰৰ সৈতে তুলনা কৰিব নোৱাৰি। প্ৰথমে তেওঁৰ এটা টুইট চাই লওক-

কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ বক্তব্যৰ পিছতে পি চিদাম্বৰমে এই মন্তব্য কৰিছিল। অনুৰাগ ঠাকুৰে এক সংবাদমেলত কৈছিল যে যোৱা চাৰি বছৰত ৰাজস্থানত মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা বৃদ্ধি পাইছে। প্ৰায় এক লাখ গোচৰ ৰুজু হৈছিল। প্ৰায় ৩৩ হাজাৰ গোচৰ মহিলাৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ সৈতে জড়িত।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পি চিদাম্বৰমে কয় যে মণিপুৰৰ পৰিস্থিতি বিহাৰ, পশ্চিমবংগ আৰু ৰাজস্থানৰ সৈতে কেনেদৰে তুলনা কৰিব পাৰি। এইবোৰ ৰাজ্যত নাৰীৰ ওপৰত হিংসা হৈছে বুলি মানি লওঁ কিন্তু মণিপুৰৰ লগত কেনেকৈ তুলনা কৰিম।