Home Blog Page 1455

সৰুপথাৰ সমষ্টিত একেদিনাই ৫ টা জলজীৱন আঁচনিৰ শুভ উদ্বোধন বিধায়ক বিশ্বজিৎ ফুকনৰ

জলজীৱন আঁচনিৰ অধিনত ঘৰে ঘৰে পানী যোগান ধৰাৰ উদ্দেশ্যে সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত স্থাপন কৰা হৈছে পানী যোগান আঁচনি।

বুধবাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সৰুপথাৰ উপসংমণ্ডল কাৰ্যালয়ৰ অধীনত সমষ্টিটোৰ অন্তৰ্গত ৫ টা স্থানত ৫ টা জলজীৱন আঁচনিৰ শুভ উদ্বোধন কৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে।

জন স্বাস্থ্য কাৰিকৰী বিভাগৰ গোলাঘাট সংমণ্ডলৰ কাৰ্যৱাহী অভিযন্তা মতিউৰ ৰহমানৰ উপস্থিতিত বিধায়ক বিশ্বজিৎ ফুকনে গেলাবিল পঞ্চায়তত ৭৭.৯৫ লাখ টকা ব্যয় কৰি নতুনকৈ নিৰ্মান কৰা ৰেংমা বাগান পানীযোগান আঁচনি, টেঙাহোলা পঞ্চায়তত মৰাণগাওঁ পানীযোগান আঁচনি (১৫৩.৮৫) , পশ্চিম বৰপথাৰত ২নং দুৱৰণী পানী যোগান আঁচনি(১২৫. ১৬ লাখ টকা) , নটেঙানী পানীযোগান আঁচনি (১৩৬. ৫৪ লাখ টকা) আৰু শিঙিমাৰি টি.ই. (৯৫.৬৯লাখ টকা) পানীযোগান আঁচনি শুভ উদ্বোধন কৰে ।

বিধায়কজনে আঁচনিকেইটা শুভ উদ্বোধন কৰি বৰ্তমান সময়ত বিশুদ্ধ খোৱা পানী প্ৰয়োজনীয়তা সন্দৰ্ভত ৰাইজৰ আগত বক্তব্য ডাঙি ধৰে। লগতে পানীৰ সৎ ব্যৱহাৰ কৰাৰ লগতে চৰকাৰী ভাৱে পাইপ যোগে যোগান ধৰা বিশুদ্ধ পানী খাবৰ বাবে আহ্বান জনায় ৷

বিধায়ক গৰাকীয়ে বিশুদ্ধ খোৱা পানীয়ে বহু ৰোগৰ পৰা ৰক্ষা কৰা, পানীযোগান আঁচনিৰ যোগেদি প্ৰতিটো পৰিয়ালে ৫৫ লিটাৰকৈ দৈনিক বিশুদ্ধ খোৱা পানী যোগান ধৰা হব বুলি মন্তব্য কৰাৰ লগতে জলজীৱন আঁচনিৰ ৰূপায়নৰ বাবে সৰুপথাৰ সমষ্টিলৈ বিগত দুটা বছৰত প্ৰায় ৩০০ কোটিৰো অধিক টকা চৰকাৰে আৱন্টন দিয়া বুলি জানিবলৈ দিয়ে।

পানীযোগান আঁচনিৰ শুভ উদ্বোধন অনুষ্ঠানত মহকুমাধিপতি দিনছেংফা বৰুৱা, সহকাৰী অভিযন্তা অনুজ কুমাৰ বৰা, বৰপথাৰৰ পৌৰপতি সঞ্জীৱ বৰুৱা আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

উক্ত আঁচনিকেইটাৰ জড়িয়তে ৭৮৬ টা পৰিয়ালে দৈনিক ৫৫ লিটাৰকৈ বিশুদ্ধ খোৱা পানী লাভ কৰিব।অন্যহাতে কাৰ্যৱাহী অভিযন্তা মতিউৰ ৰহমানে জানিবলৈ দিয়া মতে সৰুপথাৰ উপ সংমণ্ডলৰ অধীনত নতুনকৈ ২৯৩ টা পানীযোগান প্ৰকল্প আৱন্টন কৰা হৈছে আৰু ইয়াৰে ২১ টা প্ৰকল্প সম্পৰ্ণ হোৱাৰ লগতে ১৯৫ টা প্ৰকল্পৰ কাম চলি থকাৰ সমান্তৰালকৈ ১১২ টা পুৰনা প্ৰকল্প সংবৰ্দ্ধন কৰাৰ বাবে বিভাগীয় ভাৱে আৱন্টন লাভ কৰিছে আৰু ৯৩ টা আঁচনিৰ কাম সম্পূৰ্ণ হৈছে বুলি জানিবলৈ দিয়ে ৷

নগাঁওত দুস্কৃতিকাৰীৰ আক্ৰমণত আহত বনকৰ্মীক উপযুক্ত চিকিৎসা প্ৰদানৰ দাবী অসম বন কৰ্মচাৰী সন্থাৰ

নগাঁও বন্যপ্ৰানী সংমণ্ডলৰ অধীনস্থ বুঢ়াচাপৰী বন্যপ্রাণীৰ চিতলমাৰী বন শিবিৰ এলেকাত ১৭ জুলাইত পূর্বে উচ্ছেদ কৰা স্থানত উচ্ছেদিত লোকসকলে পুনৰ ঘৰ সাজি বেদখল কৰাৰ চেষ্টা চলাই।

উক্ত বেদখলীকৃত লোক সকলে বনোৱা ঘৰসমূহ নগাঁও বন্যপ্রাণী সংমণ্ডল প্ৰাধিকাৰী বিষয়া, বুঢ়াচাপৰি বন্যপ্রাণী অভয়াৰণ্যৰ আঞ্চলিক বন বিষয়া তথা বনকর্মীৰ উপস্থিতিত ভাঙিব যোৱাত উচ্ছেদিত লোক সকলে পূর্ব পৰিকল্পিত ভাবে দা – কুঠাৰ, লাঠি জোং আদি অস্ত্র লৈ বন কর্মীসকলক আক্রমণ কৰি গুৰুতৰ ভাবে আহত কৰে লগতে চিতলমাৰী বন শিবিৰটো দা কুঠাৰেৰে ভাঙি লণ্ড-ভণ্ড কৰে আৰু বনকৰ্মী সকলৰ সকলো বয়বস্তু লৈ যায়।

বেদখলীকৃত শ শ লোকৰ আক্রমনত গুৰুতৰ ভাবে আহত হয় বনপালক আব্দুল আহাদ (৫১), গৃহৰক্ষী জোৱানদ্বয় জ্যোতি প্ৰসাদ দাস (৪৬) আৰু অৰুণ শ‍ইকীয়া (৪৫)।

আহত তিনিজনৰ ভিতৰত বনপালক সো হাতত গুলী লগা আব্দুল আহাদক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ ট্ৰিনিটাছ নামৰ ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

তেনেদৰে গৃহৰক্ষী জোৱানদ্বয়ৰ ভিতৰত সো ভৰিত গুলী লগা জ্যোতি প্ৰসাদ দাস আৰু দাৰ ঘাপত পিঠিত আঘাট পোৱা অৰুণ শইকীয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন হৈ আছে।

বুধবাৰে অসম বন কৰ্মচাৰী সন্থাৰ সভাপতি হোমেন পেগু , সাংগঠনিক সম্পাদক ভগৱান কলিতা , কাৰ্যালয় সম্পাদক নিৰ্মল কলিতাই চিকিৎসাল়য়ত গৈ তিনিওজনৰ স্বাস্থ্যৰ বুজ লয়।

সন্থাই অসম চৰকাৰক কৰ্তব্যৰত অৱস্থাত আহত হৈ চিকিৎসাধীন হৈ তিনিওজনৰে সম্পুৰ্ণ বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে। তেনেদৰে আক্ৰমণত জৰিত সকলো দুস্কৃতিকাৰীকে গ্ৰেপ্তাৰ কৰিবলৈও সন্থাই চৰকাৰক দাবী জনাইছে।

ভাৰত স্কাউড এণ্ড গাইড মৰিগাঁও জিলা সমিতিৰ উদ্যোগত চাৰি দিনীয়া গ্ৰীষ্মকালীন শিবিৰ

মৰিগাঁও জিলাৰ মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰত্যেক বছৰৰ দৰে এইবাৰো গ্ৰীষ্মকালীন শিবিৰৰ আয়োজন কৰা হৈছে।

১৮ জুলাইৰ পৰা আৰম্ভ হোৱা গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি পৰিব অহা ২১ জুলাই তাৰিখে।

ভাৰত স্কাউড এণ্ড গাইড মৰিগাঁও জিলা সমিতিৰ উদ্যোগত আয়োজন কৰা গ্ৰীষ্মকালীন শিবিৰটোত বৃহত্তৰ মৈৰাবাৰী অঞ্চলৰ লগতে মৰিগাঁও জিলাৰ ভিন্ন প্ৰান্তৰ স্কাউড গাইডৰ অন্তৰ্ভূক্ত ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে।

প্ৰথম দিনাৰ উদ্বোধনি কাৰ্যসূচীত উপস্থিত থাকে মৰিগাঁও জিলা স্কাউড এণ্ড গাইডৰ সাধাৰণ সম্পাদক আজাহাৰ উদ্দীন, মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিফজুৰ ৰহমান, যুৱ নেতা শ্বাস আলম চৰকাৰ, হুছেইন মূহম্মদ এয়াহীয়াকে আদি কৰি অঞ্চলৰ বহু কেইগৰাকী গণ্য মান্য ব্যক্তি।

অভিনেত্ৰী ৰবীনা টেণ্ডনক প্ৰদান কৰা হ’ল ড° ভূপেন হাজৰিকা বঁটা

বেলতলা ব’হাগী উৎসৱ সমিতিয়ে সুধাকণ্ঠ ‘ড° ভূপেন হাজৰিকা’ বঁটাৰে সন্মানিত কৰিলে পদ্মশ্ৰী সন্মানেৰে বিভূষিত ভাৰতৰ বোলছবি জগতৰ বিশিষ্ট অভিনেত্ৰী ৰবীনা টেণ্ডনক।

মুম্বাইৰ বান্দ্ৰাৰ নিলয় এপার্টমেন্টত থকা অভিনেত্ৰীগৰাকীৰ আৱাসত বেলতলা ব’হাগী উৎসৱ সমিতিৰ বিষয়ববীয়া ক্ৰমে উপস্থিত হৈ বলিউডৰ মোহময়ী অভিনেত্ৰীগৰাকীক সুধাকণ্ঠ ’ড° ভূপেন হাজৰিকা বঁটা’ প্ৰদান কৰাৰ লগতে গামোচা, ভূপেন হাজৰিকাৰ আৱক্ষ মূৰ্তি স্মাৰক, সম্বৰ্ধনা পত্র, আলোৱান, গঁড়ৰ মূৰ্তি এটাৰ লগতে শৰাই আৰু জাপিৰে সন্মানিত কৰে।

বলিউডৰ অভিনেত্রী ৰবীনা টেণ্ডনে বেলতলা ব’হাগী সমিতিৰ বিষয়ববীয়াসকলৰ এই পদক্ষেপক ভূয়সী প্রশংসা কৰে।

উল্লেখ্য যে, অসমীয়া জাতিৰ হিয়াৰ আমঠু, ভাৰতৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতি শ্ৰদ্ধা জনাই বেলতলা ব’হাগী উৎসৱ সমিতিয়ে ২০১২ চনৰ পৰা সাহিত্য আৰু সাংস্কৃতিক জগতৰ পুৰোধা ব্যক্তিসকলক ‘ড° ভূপেন হাজৰিকা বঁটাৰে সন্মানিত কৰি আহিছে।

প্ৰতি বছৰৰ দৰে এইবেলিও অৰ্থাৎ ২০২৩ বৰ্ষৰ বাবে জনপ্রিয় অভিনেত্ৰী ৰবীনা টেণ্ডনক ‘ড° ভূপেন হাজৰিকা বঁটা’ৰ বাবে নিৰ্বাচিত কৰা হৈছিল।

যোৱা ২২ এপ্ৰিলত বেলতলা ব’হাগী উৎসৱৰ সাংস্কৃতিক অনুষ্ঠানত বলিউডৰ অভিনেত্ৰীগৰাকীক উক্ত বঁটা প্ৰদান কৰাৰ কথা আছিল যদিও সেই সময়ত অভিনেত্ৰীগৰাকী কোভিডত আক্ৰান্ত হোৱাৰ বাবে বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰিব পৰা নাছিল।

ঘোষণা অনুসৰি বেলতলা ব’হাগী উৎসৱ সমিতিয়ে মুম্বাইৰ বান্দ্ৰাৰ এপার্টমেন্টত জনপ্রিয় অভিনেত্ৰী ৰবীনা টেণ্ডনক সাক্ষাৎ কৰি ড°ভূপেন হাজৰিকা বঁটা প্ৰদান কৰে।

বিশ্বৰ প্ৰেক্ষাপটত অসমৰ নাম উজলালে এলভিছ আলী হাজৰিকাই

অসম সন্তান এলভিছ আলী হাজৰিকাৰ অন্য এক সাফল্য৷

বিশ্বৰ প্ৰেক্ষাপটত অসমৰ নাম উজলালে এলভিছে৷

৩১ ঘণ্টাত ৭৮ কিঃমিঃ ইংলিছ চেনেল সাঁতুৰি অভিলেখ সন্তৰণবিদ এলভিছৰ৷


এই সাফল্য অৰ্জন কৰা উত্তৰ পূবৰ প্ৰথমগৰাকী ব্যক্তি এলভিছ আলী হাজৰিকা৷

উল্লেখ্য যে সাঁতোৰৰ সময়ত বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল এলভিছ আলী হাজৰিকাই৷

প্ৰাক্তন টেনিছ খেলুৱৈ ইন্দ্ৰজিৎ বুজৰবৰুৱাৰ মৃত্যু

প্ৰাক্তন খ্যাতনামা ৰাজ্যিক টেনিছ খেলুৱৈ ইন্দ্ৰজিৎ বুজৰবৰুৱাৰ বুধবাৰে আকস্মিক বিয়োগ ঘটে।

গুৱাহাটী টেনিছ সন্থাৰ সভাপতি কল্যাণ কুমাৰ দাসে সকলো সদস্যৰ হৈ তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে টেনিছ ক্ষেত্ৰখনলৈ তেওঁৰ অৱদানৰ বিষয়ে শ্ৰদ্ধাৰে সোৱৰে।

তেওঁৰ বিদেশী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে সন্থাই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷

বালিচাপৰি নাথ গাঁও যুৱ সংঘৰ উদ্যোগ চাৰি গৰাকী কৃতী প্ৰধান শিক্ষকক সম্বৰ্ধনা

বুধবাৰে বালিচাপৰি নাথ গাঁও যুৱ সংঘৰ উদ্যোগত বালিচাপৰি নাথ গাঁৱৰ বৰনামঘৰত এখনি বিশেষ সম্বৰ্ধনা সভা অনুষ্ঠিত হয়৷

নাম প্ৰসংগৰে আৰম্ভ হোৱা সভাখনত গুণোৎসৱ ২০২৩ত ‘এ প্লাচ’ গ্ৰেড লাভ কৰা মাজুলীৰ চাৰিখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ক্ৰমে ভাৰতীয় দলিত সাহিত্য অকাডেমীৰ ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটা প্ৰাপক তথা খৰিছাখোৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অনুপ্ৰভা দেৱী, নাম বটীয়ামাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তুলসী নাথ, ৫০নং পকাজৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰেখা নেওগ নাথ আৰু ১০৯ নং গুৱালাবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ডিম্বেশ্বৰ নাথক সম্বৰ্ধনা পত্র, চেলেং-চাদৰ আৰু গামোচাৰে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে৷

যুৱ সংঘৰ সভাপতি বিশ্বজ্যোতি নাথ, সম্পাদক দেৱাশীষ নাথৰ পৰিচালনাত সম্পন্ন সভাখনত মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰামসাগৰ নাথ, সমন্বয় শাখা সাহিত্য সভাৰ সভাপতি আনন্দ নাথ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ঘনকান্ত নাথ, প্ৰভাত নাথ, প্ৰধান শিক্ষক বোধেশ্বৰ নাথ, মাধৱী দেৱী প্ৰমুখ্যে শতাধিক ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে৷

যুৱ শিক্ষক নৱজ্যোতি নাথে আঁত ধৰা সভাখনত সেই গাঁওত জন্ম গ্ৰহণ কৰা চাৰিগৰাকী সম্বৰ্ধিত প্ৰধান শিক্ষকে তেওঁলোকৰ জীৱন শিক্ষা-সাহিত্য জগতৰ বাবে উৎসৰ্গিত কৰাৰ লগতে দুগুণ মাত্ৰাৰে কৰ্মক্ষেত্ৰত অগ্ৰসৰ হ’বলৈ প্ৰেৰণা লাভ কৰে বুলি ব্যক্ত কৰে৷

কবি দীপিকা ফুকনলৈ কাব্যনন্দিনী সন্মান

“সোণালী ডেউকাৰ সোণালী সপোন” আৰু “ৰৈ ৰৈ কান্দিছে বিৰহী ৰাধা” কাব্যগ্ৰন্থৰ কবি, শিক্ষয়িত্ৰী দীপিকা ফুকনলৈ আগবঢ়োৱা হৈছে নেবকছৰ “কাব্যনন্দিনী” সন্মান।

গুৱাহাটীৰ জ্যোতি চিত্ৰবন প্ৰেক্ষাগৃহত ১৬ জুলাইত অনুষ্ঠিত নেবকছৰ উদ্যোগত আয়োজিত “প্ৰাইড অব ইণ্ডিয়া এৱাৰ্ড ২০২৩” বঁটা প্ৰদান অনুষ্ঠানত দীপিকা ফুকনলৈ এই সন্মান আগবঢ়োৱা হয়।

উক্ত অনুষ্ঠানত বিশিষ্ট অভিনেতা অতুল পাচনিয়ে গোলাঘাট জিলাৰ চুঙাজানৰ নিবাসী কবি তথা ন-খুটি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী দীপিকা ফুকনক আনুষ্ঠানিক ভাৱে কাব্য নন্দিনী সন্মানটি প্ৰদান কৰে।

মহানগৰীৰ জ্যোতি চিত্ৰবনত নেবকছৰ সভাপতি গগনাষ্টম গগৈৰ পৰিচালনাত অনুষ্ঠিত এই অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে ৩৬ জন বিশিষ্ট ব্যক্তিক “প্ৰাইড অব ইণ্ডিয়া এৱাৰ্ড ২০২৩” সন্মান প্ৰদান কৰা হয়।

“সোণালী ডেউকাৰ সোণালী সপোন” আৰু “ৰৈ ৰৈ কান্দিছে বিৰহী ৰাধা” নামৰ দুখনকৈ চৰ্চিত কাব্যগ্ৰন্থৰ কবি দীপিকা ফুকনৰ “জুয়ে পোৰা সোণ” নামৰ নৱতম কাব্য সংকলনটি অচিৰে পাঠকৰ মাজলৈ আহিব। কাব্যনন্দিনী সন্মান লাভ কৰাৰ বাবে দীপিকা ফুকনলৈ বিভিন্ন ব্যক্তি তথা অনুষ্ঠানে অভিনন্দন জনাইছে।

মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনাঃ সৃষ্টিমুখী চিন্তাৰে সমাজ গঢ়াৰ আহ্বান

মিচিং স্বায়ত্তশাসিত পৰিষদৰ ১৭ নং মিংমাং পৰিষদীয় সমষ্টি আৰু মিচিং জাতীয় সংগঠন টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ মিংমাং, কচুতলি ওখমাটি আঞ্চলিক সমিতি সমূূূহৰ সহযোগত মংগলবাৰে ১১২ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়৷

ধেমাজি জিলাৰ গোগামুখ মহৰিকেম্পস্থিত শিল্পী সৈনিকৰ প্ৰেক্ষাগৃহত মিংমাং পৰিষদীয় সমষ্টি ভিত্তিত অনুষ্ঠিত হোৱা উক্ত সম্বৰ্ধনা অনুষ্ঠানত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক সামৰি সম্বৰ্ধনা অনুষ্ঠানটো অনুষ্ঠিত কৰা হয় ৷

সম্বৰ্ধনা অনুষ্ঠানটোত সভাপতিত্ব কৰে প্ৰাক্তন ৰাজ্যিক ফুটবল খেলুৱৈ তথা শিক্ষক  দিলীপ পেগুৱে৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়াই৷ অতিথিৰ ভাষণত তেওঁ কয়- আমি প্ৰথম বিভাগ, ষ্টাৰ, ডিষ্টিংশ্যন পোৱা সকলক বিশেষভাৱে সম্বৰ্ধনা জনাইছোঁ যদিও দ্বিতীয়, বিভাগ, তৃতীয় বিভাগ বা একেবাৰে অনুত্তীৰ্ণ হোৱা সকলকো পাহৰি যোৱা নাই ৷

ডিষ্টিংশ্যন, ষ্টাৰ আৰু প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকল এটা নিৰ্দিষ্ট লক্ষ্য অনুসৰণ কৰি আগবাঢ়িব আৰু বাকী দ্বিতীয়, তৃতীয় আৰু একেবাৰে অনুত্তীৰ্ণ হোৱা সকলক লৈ অন্য বিভিন্ন দিশত পাৰদৰ্শিতা অনুযায়ী সংস্থাপিত কৰিব লাগিব ৷

তেওঁ কয়- কেৱল আই এ এছ, আই পি এছ,  এ পি এছ, এ চি এছ, অধ্যাপক চিকিৎক, অভিযন্তা হৈ নিজক সংস্থাপিত কৰিলেই নহ’ব ৷ তেওঁলোকে নিজকে মানুহ হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব আৰু মানৱ সম্পদ হিচাপে গঢ়ি তুলিব লাগিব ৷

মানুহ আৰু মানৱ সম্পদ হিচাপে নিজকে গঢ়  দিব পাৰিলে সমাজৰ সৰ্বাংগীন উন্নয়ন হ’ব ৷ তেওঁ কয়- সমাজৰ সৰ্বাংগীন উন্নয়নত সকলো পৰ্যায়ৰ, সকলো শ্ৰেণীৰ কৰ্মক্ষম মানুহৰ প্ৰয়োজন আছে৷ কামৰ কোনো সৰু-ডাঙৰ নাই ৷ নিজে কৰা কামবোৰ মনপুতি দি কৰিলে কৃৰ্তকাৰ্যতা অহাটো নিশ্চিত বুলি তেওঁ দোহাৰে ৷ 

সম্বৰ্ধনা অনুষ্ঠানটো আঁত ধৰে টি এম পি কেৰ কেন্দ্ৰীয় সদস্য সঞ্জীৱ মিলি আৰু টি এম পি কেৰ ধেমাজি জিলা সমিতিৰ সম্পাদক সনাতন দলেয়ে ৷  অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক একোখনকৈ ফুলাম গামোচা আৰু প্ৰশংসা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ৷

অনুষ্ঠানটোত উপস্থিত থাকে বৃহত্তৰ মিংমাং অঞ্চলৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, টি এম পি কেৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক হৰিচন্দ্ৰ কামান, ধেমাজি জিলা সমিতিৰ উপসভাপতি জিতাৰাম টায়ুং, টি এম এম কেৰ ধেমাজি জিলা সমিতিৰ উপসভানেত্ৰী, জ্যোতি পেগু, টি এম পি কেৰ ধেমাজি জিলা সমিতিৰ সাংগঠনিক সম্পাদক মহানজিৎ মিলি, সদস্য কমল পেগু, ৰাজেন মিলি, বিজয় কুলি, ১৭ নং পৰিষদীয় সমষ্টি কমিটিৰ আহ্বায়ক ভূপেন চুংক্ৰাং, সভাপতি লোহিত চেতিয়া আদিয়ে ৷

চাহ প্ৰেমী সকল সাৱধান ! অত্যাধিক চাহ খালে কিডনি নষ্ট হোৱাৰ সম্ভাৱনা…

চাহৰ অপকাৰিতা সম্পৰ্কে কিছু কথা তলত দিয়া হ’ল-
*হাড় দুৰ্বল কৰে:খোৱাৰ উপযোগীকৈ প্ৰস্তুত কৰাৰ বহুদিনৰ পিছতহে আমি দোকানৰ পৰা চাহ কিনিবলৈ পাওঁ।এই পুৰণি হোৱা চাহপাতত ফ্লোৰাইডৰ মাত্ৰা বহুত বেছি থাকে।এনে চাহ বেছিকৈ থাকিলে হাড় দুৰ্বল হৈ পৰে।সেয়ে পৰাপক্ষত চাহ কম পৰিমাণত খাব।

*ডিহাইড্ৰেচন হ’ব পাৰে:চাহত থকা কেফেইনৰ কাৰণে শৰীৰত বেছি পৰিমাণে প্ৰস্ৰাৱ উৎপন্ন হয় আৰু তাৰ ফলত শৰীৰত পানীৰ পৰিমাণ কমি যায়।তাৰ পৰিণতিত বেছিকৈ চাহ খোৱা লোকসকল ডিহাইড্ৰেচনৰ (নিৰ্জলা) ৰ চিকাৰ হয়।

*নিচাগ্ৰস্ততা:চাহত থকা কেফেইনৰ কাৰণে নিচাগ্ৰস্ততা (এডিকচন) হ’ব পাৰে।ফলত সঘনাই চাহ খাবলৈ নেপালে ব্যক্তিজনে মুৰৰ বিষ,অলপতে ভাগৰ লগা আদি ভালেমান উপসৰ্গত ভুগিব পাৰে।

*কিডনি নষ্ট হ’ব পাৰে:প্ৰতিদিনে পাঁচকাপতকৈ বেছি চাহ খোৱা লোকৰ স্বাভাৱিক পৰিমাণতকৈ চাৰি পাঁচগুণ বৃদ্ধি পাব পাৰে।ইয়াৰ ফলত কিডনিৰ ওপৰত চাপ পৰে।তাৰোপৰি চাহৰ লগত থকা অক্সেলেটে কিডনিত পাথৰ সৃষ্টি কৰিব পাৰে।

*টোপনি কম হোৱা:চাহত কেবাবিধো ফাইটোকেমিকেল থাকে আৰু এইবোৰে মানুহৰ শৰীৰৰ বায়োল’জিকেল ক্লকৰ সময় অনুসৰি হোৱা কামবোৰত বিশৃংখলতাৰ সৃষ্টি কৰিব পাৰে।ফলত চাহ সেৱন কৰোতাজনৰ টোপনিত ব্যাঘাত হ’ব পাৰে।

*কেন্সাৰৰ আশংকা:বহুতৰ আকৌ চাহ গৰমে গৰমে খোৱাৰ অভ্যাস থাকে।সামান্য ঠাণ্ডা হ’লেই এইসকল লোকে চাহ খাব নোৱাৰে।কিন্তু অধিক গৰম চাহ খালে মুখ,খাদ্যনলীৰ পৰা পেটলৈকে সমগ্ৰ পাচন তন্ত্ৰৰ আৱৰণি বিনষ্ট হ’ব পাৰে।পিছলৈ এই গৰম চাহ খোৱাৰ অভ্যাসৰ ফলতে ডিঙি বা খাদ্যনলীত কেন্সাৰ হোৱাৰ আশংকা থাকে।

পেটৰ অসুখ:চাহত অন্যান্য উপাদানৰ লগতে টেনিন আৰু টায়েলিন নামৰ দুটি অপকাৰী উপাদান থাকে।এই দুবিধ উপাদানে মানুহৰ পাচন শক্তি হ্ৰাস কৰে।তাৰোপৰি চাহত গাখীৰ মিহলাই খালে গেচ আৰু কোষ্ঠকাঠিন্যৰ দৰে উপসৰ্গই দেখা দিব পাৰে।

লেখক:হেমন্ত ৰাজখোৱা