Breaking

বালিচাপৰি নাথ গাঁও যুৱ সংঘৰ উদ্যোগ চাৰি গৰাকী কৃতী প্ৰধান শিক্ষকক সম্বৰ্ধনা

0 81

বুধবাৰে বালিচাপৰি নাথ গাঁও যুৱ সংঘৰ উদ্যোগত বালিচাপৰি নাথ গাঁৱৰ বৰনামঘৰত এখনি বিশেষ সম্বৰ্ধনা সভা অনুষ্ঠিত হয়৷

নাম প্ৰসংগৰে আৰম্ভ হোৱা সভাখনত গুণোৎসৱ ২০২৩ত ‘এ প্লাচ’ গ্ৰেড লাভ কৰা মাজুলীৰ চাৰিখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ক্ৰমে ভাৰতীয় দলিত সাহিত্য অকাডেমীৰ ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটা প্ৰাপক তথা খৰিছাখোৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অনুপ্ৰভা দেৱী, নাম বটীয়ামাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তুলসী নাথ, ৫০নং পকাজৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰেখা নেওগ নাথ আৰু ১০৯ নং গুৱালাবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ডিম্বেশ্বৰ নাথক সম্বৰ্ধনা পত্র, চেলেং-চাদৰ আৰু গামোচাৰে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে৷

যুৱ সংঘৰ সভাপতি বিশ্বজ্যোতি নাথ, সম্পাদক দেৱাশীষ নাথৰ পৰিচালনাত সম্পন্ন সভাখনত মাজুলী জিলা সাহিত্য সভাৰ সভাপতি ৰামসাগৰ নাথ, সমন্বয় শাখা সাহিত্য সভাৰ সভাপতি আনন্দ নাথ, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ঘনকান্ত নাথ, প্ৰভাত নাথ, প্ৰধান শিক্ষক বোধেশ্বৰ নাথ, মাধৱী দেৱী প্ৰমুখ্যে শতাধিক ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে৷

যুৱ শিক্ষক নৱজ্যোতি নাথে আঁত ধৰা সভাখনত সেই গাঁওত জন্ম গ্ৰহণ কৰা চাৰিগৰাকী সম্বৰ্ধিত প্ৰধান শিক্ষকে তেওঁলোকৰ জীৱন শিক্ষা-সাহিত্য জগতৰ বাবে উৎসৰ্গিত কৰাৰ লগতে দুগুণ মাত্ৰাৰে কৰ্মক্ষেত্ৰত অগ্ৰসৰ হ’বলৈ প্ৰেৰণা লাভ কৰে বুলি ব্যক্ত কৰে৷

Leave A Reply