Breaking

মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনাঃ সৃষ্টিমুখী চিন্তাৰে সমাজ গঢ়াৰ আহ্বান

0 47

মিচিং স্বায়ত্তশাসিত পৰিষদৰ ১৭ নং মিংমাং পৰিষদীয় সমষ্টি আৰু মিচিং জাতীয় সংগঠন টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ মিংমাং, কচুতলি ওখমাটি আঞ্চলিক সমিতি সমূূূহৰ সহযোগত মংগলবাৰে ১১২ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়৷

ধেমাজি জিলাৰ গোগামুখ মহৰিকেম্পস্থিত শিল্পী সৈনিকৰ প্ৰেক্ষাগৃহত মিংমাং পৰিষদীয় সমষ্টি ভিত্তিত অনুষ্ঠিত হোৱা উক্ত সম্বৰ্ধনা অনুষ্ঠানত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক সামৰি সম্বৰ্ধনা অনুষ্ঠানটো অনুষ্ঠিত কৰা হয় ৷

সম্বৰ্ধনা অনুষ্ঠানটোত সভাপতিত্ব কৰে প্ৰাক্তন ৰাজ্যিক ফুটবল খেলুৱৈ তথা শিক্ষক  দিলীপ পেগুৱে৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়াই৷ অতিথিৰ ভাষণত তেওঁ কয়- আমি প্ৰথম বিভাগ, ষ্টাৰ, ডিষ্টিংশ্যন পোৱা সকলক বিশেষভাৱে সম্বৰ্ধনা জনাইছোঁ যদিও দ্বিতীয়, বিভাগ, তৃতীয় বিভাগ বা একেবাৰে অনুত্তীৰ্ণ হোৱা সকলকো পাহৰি যোৱা নাই ৷

ডিষ্টিংশ্যন, ষ্টাৰ আৰু প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকল এটা নিৰ্দিষ্ট লক্ষ্য অনুসৰণ কৰি আগবাঢ়িব আৰু বাকী দ্বিতীয়, তৃতীয় আৰু একেবাৰে অনুত্তীৰ্ণ হোৱা সকলক লৈ অন্য বিভিন্ন দিশত পাৰদৰ্শিতা অনুযায়ী সংস্থাপিত কৰিব লাগিব ৷

তেওঁ কয়- কেৱল আই এ এছ, আই পি এছ,  এ পি এছ, এ চি এছ, অধ্যাপক চিকিৎক, অভিযন্তা হৈ নিজক সংস্থাপিত কৰিলেই নহ’ব ৷ তেওঁলোকে নিজকে মানুহ হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব আৰু মানৱ সম্পদ হিচাপে গঢ়ি তুলিব লাগিব ৷

মানুহ আৰু মানৱ সম্পদ হিচাপে নিজকে গঢ়  দিব পাৰিলে সমাজৰ সৰ্বাংগীন উন্নয়ন হ’ব ৷ তেওঁ কয়- সমাজৰ সৰ্বাংগীন উন্নয়নত সকলো পৰ্যায়ৰ, সকলো শ্ৰেণীৰ কৰ্মক্ষম মানুহৰ প্ৰয়োজন আছে৷ কামৰ কোনো সৰু-ডাঙৰ নাই ৷ নিজে কৰা কামবোৰ মনপুতি দি কৰিলে কৃৰ্তকাৰ্যতা অহাটো নিশ্চিত বুলি তেওঁ দোহাৰে ৷ 

সম্বৰ্ধনা অনুষ্ঠানটো আঁত ধৰে টি এম পি কেৰ কেন্দ্ৰীয় সদস্য সঞ্জীৱ মিলি আৰু টি এম পি কেৰ ধেমাজি জিলা সমিতিৰ সম্পাদক সনাতন দলেয়ে ৷  অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলক একোখনকৈ ফুলাম গামোচা আৰু প্ৰশংসা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ৷

অনুষ্ঠানটোত উপস্থিত থাকে বৃহত্তৰ মিংমাং অঞ্চলৰ বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, টি এম পি কেৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক হৰিচন্দ্ৰ কামান, ধেমাজি জিলা সমিতিৰ উপসভাপতি জিতাৰাম টায়ুং, টি এম এম কেৰ ধেমাজি জিলা সমিতিৰ উপসভানেত্ৰী, জ্যোতি পেগু, টি এম পি কেৰ ধেমাজি জিলা সমিতিৰ সাংগঠনিক সম্পাদক মহানজিৎ মিলি, সদস্য কমল পেগু, ৰাজেন মিলি, বিজয় কুলি, ১৭ নং পৰিষদীয় সমষ্টি কমিটিৰ আহ্বায়ক ভূপেন চুংক্ৰাং, সভাপতি লোহিত চেতিয়া আদিয়ে ৷

Leave A Reply