Home Blog Page 1456

“বেজবৰুৱাদেৱে প্ৰায় ২০ বছৰ বাস কৰা মহানদী পাৰৰ এই বাসগৃহ আজি অসমীয়াৰ তীৰ্থ স্থানত পৰিণত হৈছে”- সম্বলপুৰত নিৰ্মাণ হ’ব লগা সাহিত্যৰথীৰ পূৰ্ণাবয়ৱ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰি মন্ত্রী বিমল বড়া

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে এশবছৰৰ পূৰ্বে উৰিষ্যাৰ মহানদীৰ পাৰৰ মনোৰম পৰিবেশত প্ৰায় ২০ বছৰ ধৰি বসবাস কৰা বাসগৃহটি আজি অসমীয়াৰ বাবে এক তীৰ্থ স্থানত পৰিণত হৈছে – উৰিষ্যাৰ সম্বলপুৰস্থিত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহৰ সন্মুখত নিৰ্মাণ হ’ব লগা বেজবৰুৱাৰ ১২ফুট দৈৰ্ঘ্যৰ এটি ব্ৰঞ্জৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্হাপন কৰি অসমৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই মঙলবাৰে এইদৰে কয়।


অসম চৰকাৰৰ অৰ্থ সাহায্যৰে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত নিৰ্মাণ কৰিব লগা এই পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তিটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে এক সংগ্ৰহালয়লৈ ৰূপান্তৰ কৰা বেজবৰুৱাদেৱৰ সংৰক্ষিত বাসগৃহটো নতুন ৰূপত উদ্ভাসিত হ’ব বুলি সাংস্কৃতিক মন্ত্রী বড়াই তেওঁৰ ভাষণত কয়।


মহানদীৰ পাৰৰ নিৰিবিলি পৰিৱেশত ব্যৱসায়িক ব্যস্ততাৰ মাজতো অসমীয়া সাহিত্যৰ কাণ্ডাৰী গৰাকীয়ে ভাষা জননীৰ সেৱাত মহান সাহিত্য সৃষ্টি কৰিছিল বুলিও মন্ত্রী গৰাকীয়ে মন্তব্য কৰে।


তদানীন্তন সম্বলপুৰৰ স্হানীয় ৰাইজৰ মাজত জপুদা নামে পৰিচিত বেজবৰুৱাদেৱ আৰু একেলগে ব্যৱসায় কৰা জ্যেষ্ঠ ভাতৃ সদৃশ সদাগৰভোলানাথ বৰুৱাই সম্বলপুৰ আৰু ঝাৰচগুৰাৰ ৰাইজৰ মাজৰে এজন হিচাপে স্হাপন কৰা মদনমোহন এম ই স্কুল, সম্প্ৰতি জিলা হাস্পতাল নামে পৰিচিত পূর্ব ৰ বৰুৱা হাস্পতাল আদিৰ কথাও মন্ত্রী বড়াই ভাষণত উনুকীয়ায়।


সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আয়োজিত ভূমি পূজাৰ এক মাংগলিক অনুষ্ঠানেৰে আৰম্ভ হোৱা প্ৰতিমূৰ্তিৰ আধাৰশিলা স্হাপন অনুষ্ঠানত নিজস্ব ভাষণত মন্ত্রী বড়াই ইয়াৰ জৰিয়তে অসম আৰু উৰিষ্যাৰ জনসাধাৰণৰ মাজত এক সমন্বয় তথা সৌহার্দ্য মূলক বাতাবৰণ গঢ়ি উঠা বুলি উল্লেখ কৰি এই ক্ষেত্রত স্মৃতি ৰক্ষা সমিতিয়ে সেতুবন্ধনৰ কাম কৰা বাবে সমিতিক ধন্যবাদ জ্ঞাপন কৰে।


বেজবৰুৱাৰ বাসগূহটো সংৰক্ষণৰ বাবে উৰিষ্যা চৰকাৰে গ্ৰহণ কৰা ব্যবস্থা বিশেষকৈ মুখ্যমন্ত্রী বিজু পাটনায়কে লোৱা ভূমিকাৰ বাবে মন্ত্রী বড়াই ভাষণত মুখ্যমন্ত্রী গৰাকীৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰে।


আজিৰ পৰা এটা শতিকা পূৰ্বে বিদেশত থাকিও অসমীয়া জাতীয় জীৱন সমৃদ্ধ কৰাৰ বাবে বেজবৰুৱাদেৱে যিদৰে জীৱন পাত কৰিছিল, সেয়া প্ৰতিজন অসমীয়াৰ পাথেয় -মন্ত্রী বড়াই কয়। ইংৰাজী, হিন্দী আৰু অসমীয়াত প্ৰদান কৰা ভাষণত ব্ৰিটিছে চাহ খেতিৰ জৰিয়তে ইয়াত কাম কৰিবৰ বাবে উৰিষ্যাৰ পৰা উড়িয়া লোকক অসমলৈ লৈ যোৱাৰ সময়তে দুয়ো ৰাজ্যৰ জনসাধাৰণৰ মাজত সমন্বয়ৰ বাতাবৰণ সৃষ্টি হৈছিল বুলি কয়।


সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিৰ সভাপতি প্ৰদ্যুৎকুমাৰ চৌধুৰীৰ সভাপতিত্বত প্ৰতিমূৰ্তিৰ আধাৰশিলা স্হাপনৰ বাবে আয়োজিত সভাখনত ভাষণ প্ৰদান কৰি উৰিষ্যাৰ সাহিত্য,সাংস্কৃতিক আৰু পৰ্যটন মন্ত্রী অশ্বিনী কুমাৰ পাত্রই লেখাৰ মাজেৰে বেজবৰুৱাই দুয়ো ৰাজ্যৰ মাজত সমন্বয় সাধন কৰা বুলি ব্যক্ত কৰি বেজবৰুৱাক মৃত্যুঞ্জয়ী সাহিত্যিক বুলি কয়।

সম্বলপুৰৰ কালেক্টৰতথা জিলা দণ্ডাধীশ অসম জীয়ৰী অনন্যা দাসে ভাষণত বেজবৰুৱাক সমন্বয়ৰ বাহক বুলি উল্লেখ কৰাৰ লগতে সাধনা গৃহত বেজবৰুৱাৰ সৃষ্টিৰ ইংৰাজী অনুবাদ গ্ৰন্হ ৰখাৰ পোষকতা কৰে। সভাত অসমৰ সাংস্কৃতিক সঞ্চালিকা মীনাক্ষী দাস নাথেও ভাষণ প্ৰদান কৰে। স্হানীয় ইতিহাসবিদ তথা জ্যেষ্ঠ সাংবাদিক দিপক পাণ্ডাই আত ধৰা সভাখনত স্মৃতি ৰক্ষা সমিতিৰ সম্পাদক ৰন্টুডেকাই শলাগৰ শৰাই আগবঢ়াই অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰা সম্বলপুৰলৈ সাহিত্য ৰথী এক্সপ্ৰেছ নামৰ এখন ৰেল চলাচল কৰোৱাৰ বাবে প্ৰস্তাব দিয়াৰ কথা সদৰী কৰে। সভাত সম্বলপুৰ চেপ্টাৰ ‘ইনটেক’ৰ সভাপতি তাৰিণী পাণ্ডে, ডেকা, গুৱাহাটী আৰ্টিষ্টছ গিল্ডৰ সাধাৰণ সম্পাদক কিশোৰ কুমাৰ দাস, স্মৃতি ৰক্ষা সমিতিৰ সদস্য দীপক তালুকদাৰকে ধৰি স্মৃতি ৰক্ষা সমিতিৰ কেবাগৰাকীও বিষয়ববীয়া তথা উড়িয়া সাহিত্য আৰু সংস্কৃতিৰে জৰিত ভালেসংখ্যক স্হানীয় লোক উপস্হিত আছিল।


সম্বলপুৰৰ উৰিষ্যা সংস্কৃতি সমাজৰ স্বাধীনতা সংগ্ৰামী সভাগৃহত অনুস্থিত মূল সভাৰ পূৰ্বে উৰিষ্যা চৰকাৰৰ সাংস্কৃতিক আৰু পৰ্যটন মন্ত্রী অশ্বিনী কুমাৰ পাত্র আৰু অসমৰ মন্ত্রী বিমল বড়াই বেজবৰুৱাৰ সাধনা গৃহ আৰু বাসগৃহ পৰিদৰ্শন কৰে আৰু ইয়াৰ কাম কাজৰ বুজ লয়।

উল্লেখ্য যে এই ব্ৰঞ্জৰ প্ৰতিমূৰ্তিটো নিৰ্মাণৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ তৰফৰ পৰা মুঠ ব্যয়ৰ আগধন হিচাপে ২৫ লাখ টকা স্মৃতি ৰক্ষা সমিতিলৈ আগবঢ়াইছে। ভেটি সহ মুঠ ১২ফুট দৈৰ্ঘ্যৰ এই প্ৰতিমূৰ্তিটো নিৰ্মাণৰ বাবে ভূৱনেশ্বৰৰ প্ৰখ্যাত ভাস্কৰ জয়ন্ত দাসক দায়িত্ব দিয়া হৈছে। এই দিশত তেখেতক সহায় কৰিব অসমৰ ভাস্কর্য শিল্পী বিজু দাসে। স্মৃতি ৰক্ষা সমিতিৰ তৰফৰ পৰা জনোৱা মতে অহা নবেম্বৰ-ডিচেম্বৰ মাহৰ ভিতৰত প্ৰতিমূৰ্তিটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব। মন কৰিবলগীয়া যে সম্বলপুৰত ওচৰা ওচৰিকৈ থকা বেজবৰুৱাৰ দুটাঘৰৰ সাধনা গৃহটোৰ পুনৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে যদিও বাসগৃহ নামেৰে নামাঙ্কিত ঘৰটোৰ পুনৰ নিৰ্মাণৰ কাম এতিয়া পূৰ্ণ গতিত চলি আছে।

উত্তৰাখণ্ডত ট্ৰান্সফৰ্মাৰ বিস্ফোৰণৰ ফলত মৃত্যু ১৫জন লোকৰ…

উত্তৰাখণ্ডত ভয়ংকৰ ঘটনা। ট্ৰান্সফৰ্মাৰ বিস্ফোৰণৰ ফলত মৃত্যু ১৫জন লোকৰ। আহত বহু লোকক চামলি জিলা চিকিত্সালয়ত ভৰ্তি।

এজন আৰক্ষী উপ-পৰিদৰ্শক, ৫জন গৃহৰক্ষী জোৱানৰ মৃত্যু। চামলি জিলাৰ অলকানন্দা নদীৰ সমীপত এই ঘটনা। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা।

নমামি গংগা প্ৰকল্পৰ সমীপত এই শোকাৱহ ঘটনা। ঘটনাৰ ন্যায়িক তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ পুষ্কৰ সিং ধামিৰ।

যোৰহাটৰ পুলিবৰ ধাপকটা তিনিআলিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত…

যোৰহাটৰ পুলিবৰ ধাপকটা তিনিআলিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। মঙলবাৰে নিশা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা ঘটে।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে এখন ইক’ ভেনে এখন ট্ৰেলাৰত খুন্দা মাৰে।

এই পথ দুৰ্ঘটনাত ১০তকৈ অধিক লোক গুৰুতৰভাৱে আহত হয়। লগতে এটি শিশু মৃত্যু মুখত পৰে। গুৰুতৰভাৱে আহত লোকসকলক ইতিমধ্যে JMCH লৈ নিয়া হৈছে আৰু বৰ্তমানে তাতে তেওঁলোকক চিকিৎসা প্ৰদান কৰা হৈছে।

অভয়াপুৰী থানাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বঙাইগাঁও শাখাৰ…

অভয়াপুৰী থানাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ বঙাইগাঁও শাখাই দাখিল কৰে এজাহাৰ।

মুখ্যমন্ত্ৰীৰ মিঞা বিতৰ্কক লৈ সৰৱ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। গুৱাহাটীৰ পৰা মিঞা চাফা কৰি দিম বুলি মুখ্যমন্ত্ৰীয়ে দিয়া মন্তব্যৰ বিৰোধিতা সংগঠনটোৰ।

মুখ্যমন্ত্ৰীৰ মন্তব্যই সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব বুলি মন্তব্য।

বাংলা বক্সিং ষ্টেডিয়াম বেল্ট লাভ কৰা ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত আশীষ ৰমন ছেঠী…

বাংলা বক্সিং ষ্টেডিয়াম বেল্ট লাভ কৰা ভাৰতীয় বক্সাৰ হিচাপে পৰিগণিত হয় আশীষ ৰমন ছেঠী। নিশাৰ আটাইতকৈ দ্ৰুততম নকআউটত ভাৰতীয় যুঁজাৰুগৰাকীয়ে নিজৰ জীৱনৰ আটাইতকৈ কঠিন যুঁজখন জয় কৰি ভাৰতীয় মানচিত্ৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ কঠিন পথৰ সৈতে যুঁজিছিল।

যদিও কিংবদন্তি বাংলা বক্সিং ষ্টেডিয়ামত কেইবাজনো কিংবদন্তি প্ৰতিদ্বন্দ্বিতা কৰিছে, তথাপিও আশীষে তাত খিতাপ দখল কৰা প্ৰথমজন ভাৰতীয় যুঁজাৰু হিচাপে অভিলেখ গঢ়িবলৈ সক্ষম হয়।

বাংলা বক্সিং ষ্টেডিয়াম হৈছে পাটং বিচৰ এখন বিশিষ্ট মুয়াই থাই এৰিনা যি প্ৰকৃত থাই বক্সিং মেচ আয়োজন কৰাৰ বাবে পৰিচিত, য’ত প্ৰকৃত চেম্পিয়নসকলে পুৰস্কাৰ, খিতাপ আৰু থাই বক্সিং জগতত নিজৰ স্থান উন্নত কৰাৰ বাবে যুঁজ দিয়ে। ভাৰতীয়গৰাকীয়ে কেৰিয়াৰৰ সময়ছোৱাত একাধিক বিখ্যাত অভিলেখ গঢ়িবলৈ কেতিয়াও আন্তঃৰাষ্ট্ৰীয় যুঁজক বাধা দিয়া নাই।

পশুধনৰ অবৈধ সৰবৰাহকাৰীক বৃহৎ পৰিমাণৰ নগদ ধনৰ সৈতে আটক…

অসম এছ টি এফ-ৰ ডি আই জি পাৰ্থ সাৰথি মহন্তৰ বিশেষ সূত্ৰৰ পম খেদি এছ টি এফৰ-ৰ‌ এটা অভিযানকাৰী দলে ১৮ জুলাইৰ সন্ধিয়া আটক কৰে পশুধন সৰবৰাহকাৰীক।

যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সহযোগত যোৰাবাট এলেকাত এটি যুটীয়া অভিযান চলাই দুজনকৈ

পশুধনৰ অবৈধ সৰবৰাহকাৰীক বৃহৎ পৰিমাণৰ নগদ ধনৰ সৈতে আতক কৰিবলৈ সক্ষম হয়।

ডিব্ৰুগড়ৰ চাউলখোৱাত সন্দেহজনক হেৰ’ইন, গাঞ্জা উদ্ধাৰ…

ডিব্ৰুগড়ৰ চাউলখোৱাত সন্দেহজনক হেৰ’ইন, গাঞ্জা উদ্ধাৰ।

গাভৰুপথাৰ আৰক্ষী চকীৰ অভিযানত উদ্ধাৰ হেৰ’ইন, গাঞ্জা।

চাউলখোৱাৰ মণিৰ হুছেইন নামৰ লোকজনৰ ঘৰত উদ্ধাৰ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৰুজু কৰিছে এটা গোচৰ।

জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ ! আহত দুজন প্ৰব্ৰজিত শ্ৰমিক…

জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ।

আক্ৰমণক লৈ অনন্তনাগত উত্তপ্ত পৰিস্থিতি।

সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত হৈছে দুজন প্ৰব্ৰজিত শ্ৰমিক।

ইতিমধ্যে সন্ত্ৰাসবাদীৰ সন্ধানত নিৰাপত্তাৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান।

সম্বলপুৰত নিৰ্মাণ হ’ব লগা সাহিত্যৰথীৰ পূৰ্ণাবয়ৱ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন…

বেজবৰুৱাদেৱে প্ৰায় ২০ বছৰ বাস কৰা মহানদী পাৰৰ এই বাসগৃহ আজি অসমীয়াৰ তীৰ্থ স্থানত পৰিণত হৈছে- সম্বলপুৰত নিৰ্মাণ হ’ব লগা সাহিত্যৰথীৰ পূৰ্ণাবয়ৱ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্হাপন কৰি মন্ত্রী বিমল বড়া

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে এশবছৰৰ পূৰ্বে উৰিষ্যাৰ মহানদীৰ পাৰৰ মনোৰম পৰিবেশত প্ৰায় ২০ বছৰ ধৰি বসবাস কৰা এই বাসগৃহটি আজি অসমীয়াৰ বাবে এক তীৰ্থ স্থানত পৰিণত হৈছে – উৰিষ্যাৰ সম্বলপুৰস্হিত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহৰ সন্মুখত নিৰ্মাণ হ’ব লগা বেজবৰুৱাৰ ১২ফুট দৈৰ্ঘ্যৰ এটি ব্ৰঞ্জৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্হাপন কৰি অসমৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ,বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই আজি এই দৰে কয়।


অসম চৰকাৰৰ অৰ্থ সাহায্যৰে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত নিৰ্মাণ কৰিব লগা এই পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তিটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে এক সংগ্ৰহালয়লৈ ৰূপান্তৰ কৰা বেজবৰুৱাদেৱৰ সংৰক্ষিত বাসগৃহটো নতুন ৰূপত উদ্ভাসিত হ’ব বুলি সাংস্কৃতিক মন্ত্রী বড়াই তেওঁৰ ভাষণত কয়।
মহানদীৰ পাৰৰ নিৰিবিলি পৰিৱেশত ব্যৱসায়িক ব্যস্ততাৰ মাজতো অসমীয়া সাহিত্যৰ কাণ্ডাৰী গৰাকীয়ে ভাষা জননীৰ সেৱাত মহান সাহিত্য সৃষ্টি কৰিছিল বুলিও মন্ত্রী গৰাকীয়ে মন্তব্য কৰে।
তদানীন্তন সম্বলপুৰৰ স্হানীয় ৰাইজৰ মাজত জপুদা নামে পৰিচিত বেজবৰুৱাদেৱ আৰু একেলগে ব্যৱসায় কৰা জ্যেষ্ঠ ভাতৃ সদৃশ সদাগৰভোলানাথ বৰুৱাই সম্বলপুৰ আৰু ঝাৰচগুৰাৰ ৰাইজৰ মাজৰে এজন হিচাপে স্হাপন কৰা মদনমোহন এম ই স্কুল, সম্প্ৰতি জিলা হাস্পতাল নামে পৰিচিত পূর্ব ৰ বৰুৱা হাস্পতাল আদিৰ কথাও মন্ত্রী বড়াই ভাষণত উনুকীয়ায়।


সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আয়োজিত ভূমি পূজাৰ এক মাংগলিক অনুষ্ঠানেৰে আৰম্ভ হোৱা প্ৰতিমূৰ্তিৰ আধাৰশিলা স্হাপন অনুষ্ঠানত নিজস্ব ভাষণত মন্ত্রী বড়াই ইয়াৰ জৰিয়তে অসম আৰু উৰিষ্যাৰ জনসাধাৰণৰ মাজত এক সমন্বয় তথা সৌহার্দ্য মূলক বাতাবৰণ গঢ়ি উঠা বুলি উল্লেখ কৰি এই ক্ষেত্রত স্মৃতি ৰক্ষা সমিতিয়ে সেতুবন্ধনৰ কাম কৰা বাবে সমিতিক ধন্যবাদ জ্ঞাপন কৰে।
বেজবৰুৱাৰ বাসগূহটো সংৰক্ষণৰ বাবে উৰিষ্যা চৰকাৰে গ্ৰহণ কৰা ব্যবস্থা বিশেষকৈ মুখ্যমন্ত্রী বিজু পাটনায়কে লোৱা ভূমিকাৰ বাবে মন্ত্রী বড়াই ভাষণত মুখ্যমন্ত্রী গৰাকীৰ প্ৰতি কৃতজ্ঞতা প্রকাশ কৰে।
আজিৰ পৰা এটা শতিকা পূৰ্বে বিদেশত থাকিও অসমীয়া জাতীয় জীৱন সমৃদ্ধ কৰাৰ বাবে বেজবৰুৱাদেৱে যিদৰে জীৱন পাত কৰিছিল, সেয়া প্ৰতিজন অসমীয়াৰ পাথেয় -মন্ত্রী বড়াই কয়। ইংৰাজী, হিন্দী আৰু অসমীয়াত প্ৰদান কৰা ভাষণত ব্ৰিটিছে চাহ খেতিৰ জৰিয়তে ইয়াত কাম কৰিবৰ বাবে উৰিষ্যাৰ পৰা উড়িয়া লোকক অসমলৈ লৈ যোৱাৰ সময়তে দুয়ো ৰাজ্যৰ জনসাধাৰণৰ মাজত সমন্বয়ৰ বাতাবৰণ সৃষ্টি হৈছিল বুলি কয়।


সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিৰ সভাপতি প্ৰদ্যুৎকুমাৰ চৌধুৰীৰ সভাপতিত্বত প্ৰতিমূৰ্তিৰ আধাৰশিলা স্হাপনৰ বাবে আয়োজিত সভাখনত ভাষণ প্ৰদান কৰি উৰিষ্যাৰ সাহিত্য,সাংস্কৃতিক আৰু পৰ্যটন মন্ত্রী অশ্বিনী কুমাৰ পাত্রই লেখাৰ মাজেৰে বেজবৰুৱাই দুয়ো ৰাজ্যৰ মাজত সমন্বয় সাধন কৰা বুলি ব্যক্ত কৰি বেজবৰুৱাক মৃত্যুঞ্জয়ী সাহিত্যিক বুলি কয়। সম্বলপুৰৰ কালেক্টৰতথা জিলা দণ্ডাধীশ অসম জীয়ৰী অনন্যা দাসে ভাষণত বেজবৰুৱাক সমন্বয়ৰ বাহক বুলি উল্লেখ কৰাৰ লগতে সাধনা গৃহত বেজবৰুৱাৰ সৃষ্টিৰ ইংৰাজী অনুবাদ গ্ৰন্হ ৰখাৰ পোষকতা কৰে। সভাত অসমৰ সাংস্কৃতিক সঞ্চালিকা মীনাক্ষী দাস নাথেও ভাষণ প্ৰদান কৰে। স্হানীয় ইতিহাসবিদ তথা জ্যেষ্ঠ সাংবাদিক দিপক পাণ্ডাই আত ধৰা সভাখনত স্মৃতি ৰক্ষা সমিতিৰ সম্পাদক ৰন্টুডেকাই শলাগৰ শৰাই আগবঢ়াই অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰা সম্বলপুৰলৈ সাহিত্য ৰথী এক্সপ্ৰেছ নামৰ এখন ৰেল চলাচল কৰোৱাৰ বাবে প্ৰস্তাব দিয়াৰ কথা সদৰী কৰে।

শৰীৰৰ বাবে নিমখৰ গুৰুত্ব কিমান জানক…

শৰীৰৰ বাবে নিমখৰ গুৰুত্ব
নিমখৰ দ্বাৰা শৰীৰৰ আয়োন্তিক বেলেন্স আৰু পানীভাগৰ ভাৰসামা ঠিকে থাকে।
ৰক্তচাপ নিয়ন্ত্রণ কৰে। হার্ট, লিভাৰ, কিড্‌নী, আড্রিনেল গ্লেণ্ডৰ ওপৰত নিমখৰ প্ৰভাৱ থাকে।
খুব কম বা খুব বেছি নিমখে বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। যেনে মূৰ ঘূৰোৱা, মাছল ক্ৰেম্প, ইলেকট্রোলাইট ডিষ্টাৰ্বেন্স যাৰ বাবে নিউৰ’ল’জিকেল সমস্যা হ’ব পাৰে।


বেছি খোৱাৰ অপকাৰ-
হাই ব্লাড প্রেছাৰ আশংকা থাকে।
হাইপাৰটেনছনৰ সমস্যা হয়।
হার্টৰ ৰোগ, ষ্ট্ৰ’কৰ সম্ভাৱনা তিনিগুণ বাঢ়ি যায়।


কিডনীত ছাপ বাঢ়ে আৰু “ৰেনাল ডিজিজ’ হোৱাৰ সম্ভাৱনা|
ব্রেইন ডেমেজৰ আশংকা থাকে।
বেছি নিমখ খালে মিঠা খোৱাৰ প্রৱণতা বাঢ়ে। ফলত ওবেচিটী অর্থাৎ শকত হৈ পৰা দেখা যায়।
এনেবিলাক সমস্যাৰ পৰা শিশুসকলক ৰক্ষা কৰিবলৈ অতিৰিক্ত নিমখ খুওৱাৰ ক্ষেত্ৰত প্ৰথমৰে পৰা সচেতন হোৱা উচিত।