Home Blog Page 1460

ৰঙিয়াত পুনৰ ড্ৰাগছ সহ আটক এজন যুৱক…

ৰঙিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যহত ৰাখিছে ।

বুধবাৰে নিশা পুণৰ ৰঙিয়া আৰক্ষীয়ে আন এক অভিযান চলাই ৰঙিয়া আই ও চিৰ পৰা ইউনুচৰ ৰহমান নামৰ এজন যুৱকক আটক কৰাৰ লগতে যুৱক জনৰ পৰা সাত গ্ৰাম ড্ৰাগছ সহ দুটাকৈ মোবাইল জব্দ কৰিবলৈ সক্ষম হয় ।

আৰক্ষীয়ে আটকাধিন যুৱক জনক সোধপোচ অব্যহত ৰাখিছে । ধৃত যুৱকজনৰ ঘৰ ৰঙিয়া পূৱ সাহান গাওঁত ।

পুনৰ উৎকট গৰমে দহিব মহানগৰবাসীক ! সৰ্বোচ্চ তাপমাত্ৰা হ’ব ৩৬ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত…

পুনৰ উৎকট গৰমে দহিব মহানগৰবাসীক !

আজি দিনটোত গুৱাহাটীত সৰ্বোচ্চ তাপমাত্ৰা হ’ব ৩৬ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত।

প্ৰায় এসপ্তাহলৈকে অব্যহত থাকিব গৰম। অৱশ্যে আংশিকভাৱে বতৰ ডাৱৰীয়া হোৱাৰ লগতে পাতলীয়া বৰষুণৰো সম্ভাৱনা।

ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ফল-মূলৰ ভেষজ গুণাগুণ জানক…

আঙুৰঃ তৃষ্ণা, জ্বৰ, শ্বাস, বাত, বাতৰক্ত, মূত্ৰকৃচ্ছ্ৰ, দাহ, শোথ প্ৰভৃতি ৰোগনাশক। আঙুৰ কেতিয়াও নোধোৱাকৈ খোৱা উচিত নহয়।

আপেলঃ কেঁচা আপেল খালে তেজ বৃদ্ধি হয়। দৈনিক এটাকৈ আপেল খোৱা স্বাস্থ্যৰ পক্ষে উপকাৰী। অন্ত্ৰৰ জীৱাণু নাশ কৰিবলৈ আৰু বিষ দূৰ কৰিবলৈ আপেল বিশেষ উপকাৰী। ৰাতিপুৱা খালীপেটে বা খোৱাৰ পাছত আপেল খোৱা ভাল। মাদকদ্ৰব্য সেৱনত অভ্যস্ত লোকসকলে আপেল খালে মাদক দ্ৰব্য সেৱনৰ অভ্যাস নাশ হ’ব। আপেল গুৰুপাক, সেয়ে যিসকলৰ হজম ক্ষমতা কম তেওঁলোকে আপেল খোৱা উচিত নহয়।

নাচপতিঃ স্নিগ্ধ, তৃষ্ণা নিবাৰক আৰু যকৃতৰ ক্ৰিয়াবৰ্ধক।

ডালিমঃ মধুৰ সোৱাদযুক্ত ডালিম বায়ু, পিত্ত, কফ, তৃষ্ণা, দাহ, জ্বৰ, হৃদৰোগ, কণ্ঠৰ ৰোগ, মুখৰ ৰোগ দূৰ কাৰক, শুক্ৰবৰ্ধক, মেধা আৰু বলকাৰক। ইয়াৰ বাহিৰেও গ্ৰহণী, অতিসাৰ, অজীৰ্ণ, ৰক্তপ্ৰদৰ, গৰ্ভস্ৰাৱ, কৃমি আৰু অগ্নিমান্দ্যত উপকাৰ পোৱা যায়।

খেজুৰঃ কোষ্ঠগত বায়ু, বাতদোষ, জ্বৰ, ক্ষুধা, তৃষ্ণা, কাহ, শ্বাস, মূৰ্ছা ইত্যাদি ৰোগৰ কাৰণে উপকাৰী। খেজুৰ সহজতে হজম নহয়। সেয়ে পেটৰ ৰোগীৰ কাৰণে খেজুৰ উপকাৰী নহয়। কিন্তু সুস্থ স্বাস্থ্যৰ অধিকাৰী আৰু কোষ্ঠকাঠিন্য থকা সকলৰ কাৰণে উপকাৰী।

তিয়ঁহঃ কোমল তিয়ঁহ দাহ তথা পিত্তনাশক। তিয়ঁহৰ গুটিৰ পানী খুৱালে বমি আৰু হেকটি ৰোগ ভাল হয়। তিয়ঁহৰ গুটিয়ে পিত্তদোষ নষ্ট কৰে আৰু মূত্ৰকৃচ্ছ্ৰ প্ৰশমিত কৰে। কিন্তু পকা তিয়ঁহ পিত্ত বৃদ্ধিকাৰক।

তালঃ কোমল তালৰ পানী হেকেটিৰ অমোঘ ঔষধ আৰু বাত, পিত্তৰ কাৰণে উপকাৰী। পকা তাল অজীৰ্ণকাৰক। তালৰ গুটিৰ শাহ শীতল মূত্ৰ বৃদ্ধিকাৰক, কফনাশক কিন্তু দুষ্মপাচ্য। অজীৰ্ণ ৰোগত ভোগা ৰোগীয়ে তালৰ শাহ খোৱা অনুচিত। তেজবমি, শৌচৰ লগত তেজ পৰিলে তালৰ শাহৰ ৰস খুৱালে উপকাৰ পোৱা যায়।

তৰমুজঃ পিত্তনাশক আৰু বায়ুনাশক।

আনাৰসঃ মধুৰ তৃপ্তিদায়ক আৰু কৃমিনাশক, কিন্তু গুৰুপাক। আনাৰসৰ পাতৰ গুৰিৰ অংশৰ ৰস খুৱালে ভেদবমি বন্ধ হয় আৰু কৃমি নাশ হয়। গৰ্ভৱতী তিৰোতাই আনাৰস খোৱা উচিত নহয়। তাতে গৰ্ভপাত হোৱাৰ সম্ভাৱনা থাকে।

সমষ্টি বিচাৰি ফুৰা ফৰিঙৰ দৰে প্ৰাণীঃ তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসক ক্ষুৰধাৰ সমালোচনা শোণিতপুৰ জিলা কংগ্ৰেছৰ

“সাংসদ পল্লৱ লোচন দাস জাতিৰ,নিজৰ জনগোষ্ঠীৰ বাবেই এক প্ৰতাৰক৷এনে লোকৰ কংগ্ৰেছক সমালোচনা কৰাৰ নৈতিক অধিকাৰ নাই৷ য’দি সৎসাহস আছে তেনেহলে তেওঁৰ সম্পত্তিৰ হিচাপ দাখিল কৰক৷ তেওঁ সমষ্টি বিচাৰি জঁপিয়াই ফুৰা ফৰিঙৰ শ্ৰেণীৰ এক প্ৰাণী৷ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ভৰিত ধৰি কংগ্ৰেছত যোগদান নকৰা হ’লে পল্লৱ লোচন দাস ইমানদিনে কোনো চাহ বাগিছাত চৰ্দাৰ নাইবা লাইনত কাম কৰি থাকিব লগীয়া হ’লহেঁতেন৷পৰৱৰ্তী সময়ত তেওঁ ড° হিমন্ত বিশ্ব শৰ্মাৰ স’তে যৌতুকত যোৱাৰ দৰে গৈ বিজেপিত যোগদান কৰিলে৷” তেজপুৰত বুধবাৰে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাসক এনেদৰে কঠোৰ সমালোচনা কৰে শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি দাদুল বৰকাকতিয়ে৷

তেজপুৰস্হ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত বৰকাকতিৰ লগতে সংবাদমেলত উপস্থিত থাকে জিলাৰ উপ সভাপতি কংকণ শইকীয়া আৰু জিলা সংবাদ বিভাগৰ অধ্যক্ষ দিগন্তজিত দাস ।

বৰকাকতিয়ে পুণৰ কয় যে,এসময়ত লাইন বাছৰ শেষৰ আসনত বহি যোৱা পল্লৱ লোচন দাসে এতিয়া উৰাজাহাজত বহিবলৈ পোৱাত তেওঁৰ কথাবতৰা সলনি হৈছে৷ তেওঁ শোণিতপুৰৰ ঘোঁৰামাৰীত কোটি টকীয়া সম্পত্তিৰ লগতে জিলাখনৰ বিভিন্ন স্হানত যি পাহাৰ সদৃশ সম্পত্তি গঢ়িছে তাৰ উৎস কি সেয়া স্পষ্ট কৰক বুলিও জিলা কংগ্ৰেছৰ সভাপতি জনে প্ৰত্যাহ্বান জনায়৷২০১১ত একলাখ টকা থকা বুলি শপতনামা দাখিল কৰা পল্লৱ লোচন দাসে ২০১৯ত তেওঁৰ সম্পত্তি এককোটি টকাৰ বুলি উল্লেখ কৰিছে৷

এই বিশাল পৰিমানৰ সম্পতি তেওঁ কেনেদৰে আহৰণ কৰিলে সেই সন্দৰ্ভত এক শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ আহ্বান জনাই বৰকাকতিয়ে কয় যে,শোণিতপুৰ বা তেজপুৰ লোক সভা সমষ্টিৰ বাবে কোনো অৱদান নথকা আৰু জিলাখনৰ সমস্যাকলৈ সংসদত মাত মাতি নোপোৱা পল্লৱ লোচন দাসৰ নিজৰ কোনো সমষ্টি নায়৷তেওঁ কেতিয়াবা বিহালী,কেতিয়াবা ৰঙাপৰাত জঁপিয়াই ফুৰা এজন ব্যক্তি আৰু তেওঁ এইবাৰ ক’লৈ যায় তাৰ কোনো ঠিক নাই৷

ইয়াৰ বাবেই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে তেওঁ কংগ্ৰেছক সমালোচনা কৰা বুলি উল্লেখ কৰি লগতে বৰকাকতিয়ে কয় যে,কংগ্ৰেছৰৰ কাৰ্যালয় ধুবুৰীত স্হাপন কৰিব লাগে বুলি কোৱা লোচনদাসে তেজপুৰত থকা শোণিতপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়লৈ এবাৰ আহি চাওঁক আৰু তাৰ পিছত তেওঁ বুজিব যে তেওঁলোকৰ দিনৰ কংগ্ৰেছ এতিয়া নহয়৷জিলা সভাপতি বৰকাকতিয়ে আৰু কয় যে পল্লৱ লোচন দাস প্ৰকৃততে এজন প্ৰতাৰক৷কংগ্ৰেছ দলক কৰা প্ৰতাৰণাৰ দৰেই তেওঁ নিজ জনগোষ্ঠীৰ বাবেও এক প্ৰতাৰক আৰু সেয়ে তেওঁক চাহজনগোষ্ঠীৰ লোকেও পচণ্ড নকৰে৷

সংসদত নিমাতী কন্যাৰ ভাও ধৰা সাংসদজনে তেজপুৰলৈ আহি সংবাদমাধ্যমৰ আগত বৰবৰ কথা কয় বুলি কটাক্ষ কৰি ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ কথা কোৱা পল্লৱলোচন দাসে জ্যেষ্ঠ জনক সন্মান দিব নাজানে বুলি মন্তব্য কৰি বৰকাকতিয়ে কয় যে এইজন সাংসদ ড° হিৰেণ গোঁহাইৰ ভৰিৰ তলৰ ধূলিকণা এটাৰো যোগ্য নহয়৷

আনহাতে,শ্ৰম মন্ত্ৰী হৈ থকা সময়তো এইজন পল্লৱলোচন দাসে চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি বৃদ্ধি কৰিব নোৱৰিলে বুলি উল্লেখ কৰি বৰকাকতিয়ে আৰু কয় যে,চাহ জনগোষ্ঠীৰ জনজাতি কৰণৰ ক্ষেত্ৰত মাত মাতিব নোৱৰা এইজন সাংসদৰ সকলো কথাই গুৰুত্বহীন৷এনে গুৰুত্বহীন লোকৰ ভাষ্যত পতিয়ন নাযাবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাই বৰকাকতিয়ে লগতে কয় যে,বৰ্তমান কংগ্ৰেছে প্ৰতিটো কাম জাতীয় স্বাৰ্থত কৰি আছে আৰু কা বিৰোধী আন্দোলনৰ বিৰুদ্ধে আছুৱে আন্দোলন কৰোঁতে সেয়ে কংগ্ৰেছে আছুক সমৰ্থন কৰিছিল৷

দায়িত্ব বানচ গ্ৰহণ নকৰে ক্ষোভিত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকেঃ তেজপুৰ মহকুমাত ঘোষণা পত্ৰ দাখিল

ৰাজ্যৰ বিভিন্ন শিক্ষাখণ্ডৰ প্ৰাথমিক বিদ্যালয় সমূহত পদহীনতাৰ বিপৰীতে ভাৰপ্ৰাপ্ত প্ৰধানশিক্ষকৰ দায়িত্ব পালন কৰাৰ বাবে লাভ কৰা তিনিশ টকাৰ দায়িত্ব বানচ বুধবাৰে শোণিতপুৰৰ বিভিন্ন শিক্ষাখণ্ডৰ অধীনস্থ প্ৰাথমিক বিদ্যালয়ৰ একাংশ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকে জুলাই মাহৰ পৰা এই দায়িত্ব বানচ গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে৷

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবীত চলাই অহা আন্দোলনৰ অংশ ৰূপে শোণিতপুৰৰ পাঁচটা শিক্ষাখণ্ডৰ তথা তেজপুৰ মহকুমাৰ ৫২৫খন প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকসকলে এই দায়িত্ব বানচ জুলাইৰ পৰা গ্ৰহণ নকৰাৰ সিদ্ধান্ত লয়৷

এই পাঁচটা শিক্ষাখণ্ডৰ ভিতৰত তেজপুৰ সদৰত অৱনী কুমাৰ বৰা,বিজিত কলিতা,গাভৰু খণ্ডত আফাজ খান,জয়ন্ত বৰা,দিলীপ নাথ,ডিম্বেশ্বৰ হাজৰিকা, জনাৰ্দ্দন পাঠক,ঢেকিয়াজুলিত গোবিন্দ খতিৱৰা, হৰেন দাস ,লক্ষ্মী দেৱী,বালিপৰা সপোনতি গোস্বামী,গৌৰব মহন্ত,আম্বিয়া বেগম, নদুৱাৰত জ্যোতি ভট্টাচাৰ্য, ৰাজেন্দ্ৰ কলিতাই আৰু কেন্দ্ৰ সমুহৰ শিক্ষক,শিক্ষয়িত্ৰী বৃন্দই তেওঁলোকৰ ঘোষণা পত্ৰসমূহ প্ৰদান কৰাৰ লগতে প্ৰকাশ কৰে যে এই দায়িত্ব বানচ অবিহনেই ছাত্ৰছাত্ৰীৰ স্বাৰ্থত তেওঁলোকে পূৰ্বৰে পৰা পালন কৰি অহা দায়িত্বসমূহ পালন কৰি যাব য’দিও নতুনকৈ কোনো দায়িত্ব জাপি দিলে সেয়া পালনৰ পৰা বিৰত থাকিব৷

তেজপুৰত আন্তঃক্লাব কাৰাটেৰ সফল সমাপ্তি

তেজপুৰৰ ঐতিহ্যমণ্ডিত ডেকাৰগাঁও ঊষা নাট্যমন্দিৰত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা তেজপুৰ জিলা দ্বিতীয় বাৰ্ষিক ৰাজেন বৰঠাকুৰ সোঁৱৰণী আন্তঃক্লাব কাৰাটে প্ৰতিযোগিতাত শ্ৰেষ্ঠ দলৰ সন্মান তেজপুৰ কাৰাটে ডজাং দলে লাভ কৰাৰ বিপৰীতে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান বালিপুখুৰী তিনিআলি ডজ’ ক্লাৱে অৰ্জন কৰিছে৷

উল্লেখযোগ্য যে, জিলাখনৰ মুঠ ২৪টা কাৰাটে দলৰ ৩৮৪জন প্ৰতিযোগীয়ে অংশ লোৱা তথা তেজপুৰ জিলা কাৰাটে সন্থাৰ উদ্যোগত আৰু ডেকাৰগাঁও কাৰাটে ক্লাৱৰ আতিথ্য তথা ডেকাৰগাঁও ৰাইজৰ সহযোগত অনুষ্ঠিত প্ৰতিযোগিতাখন মঙলবাৰে নিশা অতি সুচাৰুৰূপে অন্তপৰে৷

মুঠ ৮৪টা পদকৰ বাবে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ বঁটা বিতৰণি অনুষ্ঠানত তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি জিতেন বৰঠাকুৰৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱাৰ লগতে ঊষা নাট্য মন্দিৰৰ সভাপতে সোণেশ্বৰ কেওঁট,সম্পাদক লণ্টু শইকীয়া,কাৰ্যকৰি সভাপতি অৰূপ জ্যোতি শইকীয়া,ড° নয়নজ্যোতি বৰা,প্ৰকাশ কেওঁট,তিলেশ্বৰ কেওঁট,দীপেন শইকীয়াই অংশ লয়৷পদক প্ৰাপ্ত খেলুৱৈ সকলক পদকৰ লগতে মানপত্ৰ প্ৰদান কৰা হয়৷

উল্লেখযোগ্য যে, প্ৰতিযোগিতাখনত সদৌ অসম কাৰাটে সন্থাৰ যুটীয়া সম্পাদক সঞ্জয় কুমাৰ শ্বাও,অনন্ত চাংমাই,সন্তোষ বৰগোহাঁই,পলাশ বৰা,জুৰি দি ফুকন আৰু চম্পক নায়ক উপস্থিত থাকি তেওঁলোকৰ ওপৰত ন্যস্ত দায়িত্ব পালন কৰে৷

পুৰুষ আৰু মহিলাৰ উভয় শাখাতে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ সফল সমাপ্তিত উদ্যোক্তা তথা অভ্যৰ্থনা সমিতিয়ে সকলোলৈকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে জিলাখনত কাৰাটেৰ এনে জনপ্ৰিয়তা বৃদ্ধিত গভীৰ সন্তোষ্টি ব্যক্ত কৰে৷

বিহগুৰিৰ বাপুভেটিত সংস্কাৰ ভাৰতীৰ নাটকৰ কৰ্মশালা

ভাৰতৰত্ন ড° ভূপেন হাজৰিকা সাংস্কৃতিক আৰু ক্ৰীড়া সংঘৰ উদ্যোগত সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ নাট্য বিধাৰ দ্বাৰা তেজপুৰীয়া কালচাৰেল এণ্ড চচিয়েল ৱৰ্কচৰ সহযোগত শোনিতপুৰৰ বিহগুৰিৰ বাপুভেটি নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰাঙ্গনত যোৱা ১৭ জুলাইৰ পৰা দহ দিনীয়া কাৰ্যসূচীৰে গ্ৰীষ্মকালীন নাট কৰ্মশালা অনুষ্ঠিত কৰা হৈছে।

১৭ জুলাইৰ পুৱা কৰ্মশালাৰ উদ্ধোধনী অনুষ্ঠান অনুস্থিত কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰিচালক তথা ভাৰত চৰকাৰৰ ফ্লিম চেঞ্চৰ বর্ডৰ সদস্য দয়াল কৃষ্ণ নাথ, নিউজ লাইভৰ সাংবাদিক তথা নাট পৰিচালক পুলক কুমাৰ ডেকা, নাট্যকৰ্মী বিহাৰৰ বেগুচৰাইৰ মনোজ কুমাৰ,অসম চৰকাৰৰ শোনিতপুৰ জিলাৰ সাংস্কৃতিক বিষয়া জীতেন কুমাৰ দাস, লোক সংস্কৃতিৰ শিল্পী হিমান্তি দেৱী কৰ, বোলছবি বঁটা পাপক অভিনেতা জিতু কলিতা।

কৰ্মশালাৰ ফিটা কাটি মুকলি কৰে পুলক কুমাৰ ডেকাই লগতে নাৰিকল ভাঙি শুভ মুহুৰত কৰে জিতু কলিতাই।

এই অনুষ্ঠানত বৰগীত পৰিৱেশন কৰে বাপুভেটি গাঁৱৰ যুৱতী মধুস্মিতা বড়াই আৰু তেজপুৰ কালচাৰেল এণ্ড চচিয়েল ৱৰ্কচৰ অধ্যক্ষ হিমান্তি দেৱী কৰৰ তত্বাবধানত বিহু নৃত্য প্ৰদৰ্শন কৰে।

কৰ্মশালাটোত অঞ্চলটোৰ প্ৰায় ৪০ জনকৈ শিশু আৰু কিশোৰে অংশগ্ৰহণ কৰে।

সদৌ অসম লেখিকা সমাৰোহ ডিব্ৰুগড় জিলা সমিতিৰ দুদিনীয়া কাৰ্যসূচীৰ নাটক লিখা আৰু অভিনয় কৰ্মশালা

সদৌ অসম লেখিকা সমাৰোহ সমিতি, ডিব্ৰুগড় জিলা সমিতিয়ে দুদিনীয়া কাৰ্যসূচীৰে ১৮ জুলাই মঙ্গলবাৰে পুৱা ১০বজাত জিলা সভানেত্ৰী ৰেণু ফুকনৰ বন্তী প্ৰজ্বলনৰ পাছতে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী ড° ভাৰতী দত্তৰ উদ্বোধনী ভাষণৰ পাছতেই কৰ্মশালা আৰম্ভ হয়।

বিশিষ্ট নাট্যকাৰ অসীম কুমাৰ শৰ্মাদেৱে সমল ব্যক্তি হিচাপে উপস্থিত থকা অনুষ্ঠানটি আঁত ধৰে জিলা সম্পাদিকা গীতালি মহন্তই।

কুৰি গৰাকীৰো অধিক প্ৰশিক্ষাৰ্থীৰ উপস্থিতিয়ে অনুষ্ঠানটি সৰ্বাংগ সুন্দৰ কৰি তোলে। প্ৰথম দিনা কাৰ্যসূচী দিনৰ ২ বজাত অন্ত পৰে। ১৯তাৰিখ বুধবাৰৰ দিনা পুৱা ১০বজাৰ পৰা দুপৰীয়া ১ বজালৈ কৰ্মশালা, দুপৰীয়া আহাৰ বিৰতিৰ পিছতেই সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়।

প্ৰশিক্ষাৰ্থী সকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰাৰ লগতে সমল ব্যক্তি শৰ্মাক কিতাপৰ টোপোলা আৰু স্বীকৃতিপত্ৰ প্ৰদান কৰা হয়।

সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কায্যকৰি সভানেত্ৰী তথা কানৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° ভাৰতী দত্তসহ সম্পাদিকা বিজয়লক্ষী শৰ্মা গোস্বামী, জিলা কাৰ্যকৰি সভানেত্ৰী তথা ডিব্ৰুগড় শাখাৰ সভানেত্ৰী ড° প্ৰাতসলতা বুঢ়াগোঁহাই, জিলা উপসভানেত্ৰী অঞ্জলী বড়া সেনাপতিসহ সম্পাদিকা পাৰুল বৰুৱা, দুলীয়াজান শাখাৰ সভানেত্ৰী বৰ্ণালী গোস্বামী, সাংস্কৃতিক সম্পাদিকা মৃদুস্মিতা ফুকন, ড° দীপাঞ্জনা দত্ত দাস, দত্ত, শান্তনা বৰুৱা, মিতালী মহন ভৰালী, কানন বৰুৱা, মানসী বৰুৱা, মিনু দেৱী, অৰুনিমা তালুকদাৰ, সুদক্ষিণা দাস, তুলসী দত্ত, সঞ্জনা বৰদলৈ, জ্যোতি বৰগোঁহাই আদি অনুষ্ঠানত উপস্থিত থাকে।

অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ সুৰজিৎ একাডেমীৰ জৰিয়তে অন্ধবিশ্বাসৰ বিৰুদ্ধে অভিযান, সামাজিক অশুভ শক্তি নিৰ্মূলৰ প্ৰচাৰ

অসম চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ অধীনৰ “অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ”ৰ প্ৰকল্পৰ অধীনত সজাগতা কাৰ্যসূচীত গুৱাহাটীৰ অন্যতম শৈক্ষিক সাংস্কৃতিক অনুষ্ঠান সুৰজিৎ একাডেমীয়ে ১৫ জুলাইৰ পৰা গোৱালপাৰাৰ বিভিন্ন অঞ্চলত আৰম্ভ কৰিছে “অন্ধবিশ্বাসৰ বিৰুদ্ধে অভিযান সামাজিক অশুভ শক্তি নিৰ্মূলৰ প্ৰচাৰ”ৰ বাবে বাটৰ নাট, পুতলা নাচ, কলা যাত্ৰা, সম্প্ৰদায় সংবেদনশীলতা সভা, মহিলাৰ সাবলীকৰণৰ সভা।

গোৱালপাৰাৰ ধুপধাৰা, ৰংজুলি, দুধনৈ, মাতিয়া আদি বিভিন্ন অঞ্চলৰ জনসাধাৰণৰ সহযোগিতা উল্লেখনীয়। বাটৰ নাট, পুতলা নাচ, সম্প্ৰদায় সংবেদনশীলতা সভা, মহিলাৰ সাবলীকৰণৰ সভা কৰাত সম্পূৰ্ণ সহযোগিতা আগবঢ়ায় গোৱালপাৰাৰ জনসাধাৰণে।

সুৰজিৎ একাডেমীয়ে আয়োজন কৰা “সম্প্ৰদায় সংবেদনশীলতা সভা আৰু মহিলাৰ সাবলীকৰণৰ সভা”ত মুখ্য অতিথি মাতিয়া মডেল হস্পিতালৰ চিকিৎসক ডা: মনোৰমা গুপ্তা আৰু বিশিষ্ট অতিথি মাতিয়া মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰমেশ কলিতা, শিক্ষয়িত্ৰী লেখা ৰাণী কাকতি আৰু সুৰজিৎ একাডেমীৰ অধ্যক্ষা বিনীতা দেৱী উপস্থিত থাকে।

প্ৰায় শতাধিক মহিলাই সভাত অংশগ্ৰহন কৰি মাতিয়া মডেল হস্পিতালৰ চিকিৎসক ডা: মনোৰমা গুপ্তাৰ তত্ত্ব গধুৰ বক্তব্য “সম্প্ৰদায় সংবেদনশীলতা আৰু মহিলাৰ সাবলীকৰণৰ” বিষয় বস্তু গুৰুত্ব সহকাৰে লয়। চিকিৎসক ডা: মনোৰমা গুপ্তাই কয় “মহিলাই কৈশৰী অবস্থাৰ পৰাই ঋতুস্ৰাৱ, মাহেকীয়াই কি দৰে দৈনন্দিন কাৰ্যত সংগ্ৰাম কৰিব লাগে, বহু অন্ধ বিশ্বাসত বসবৰ্তি হৈ মহিলাই নিজৰ শৰীৰ ঘুনীয়া কৰিব লাগে। অস্পৃশ্য জ্ঞান কৰে সমাজত এই সকলোবোৰ মষিমূৰ কৰি মহিলাই আগবাঢ়ি যাব লাগে। শৰীৰ সুন্দৰ সুঠাম কৰি ৰাখিবলৈ চিকিৎসকৰ পৰামৰ্শ লব লাগে। পৰিষ্কাৰ পৰিছন্ন ভাৱে নিজকে ৰাখিব লাগে। শিক্ষিত হোৱা প্ৰয়োজন প্ৰতি গৰাকী মহিলা। তেতিয়া এই অন্ধ বিশ্বাস সমূহ দূৰীকৰণত সহায়ক হব।”

বিশিষ্ট অতিথি মাতিয়া মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰমেশ কলিতা, শিক্ষয়িত্ৰী লেখা ৰাণী কাকতি আৰু সুৰজিৎ একাডেমীৰ অধ্যক্ষা বিনীতা দেৱীয়েও “সম্প্ৰদায় সংবেদনশীলতা আৰু মহিলাৰ সাবলীকৰণৰ” ৰ ওপৰত সুন্দৰ বক্তব্যৰে মহিলা সকলক জনজাগৰণ কৰি আত্মবিশ্বাসী হবলৈ গঢ়ি তোলে।

“অন্ধবিশ্বাসৰ বিৰুদ্ধে অভিযান সামাজিক অশুভ শক্তি নিৰ্মূলৰ প্ৰচাৰ”ৰ বিষয় বস্তুলৈ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা চিনিয়ৰ ফেল’শ্বিপ প্ৰাপ্ত সীমান্ত শৰ্মাৰ ৰচনা আৰু পৰিচালনাত বাটৰ নাট “অন্ধবিশ্বাস” আৰু এণ.চি.ই.আৰ.টি, চি.চি.আৰ.টি , এছ চি আৰ টি, বিজ্ঞান প্ৰসাৰৰ সমল ব্যক্তি তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ ৰিচাৰ্ছ স্কলাৰ প্ৰাপ্ত বিনীতা দেৱীৰ ৰচনা আৰু পৰিচালনাত “নাৰীৰ সবলীকৰণ” পুতলা নাট গোৱালপাৰাৰ বিভিন্ন অঞ্চল গাঁওৰ বজাৰ, মহিলা সমিতি, বিদ্যালয়, মহাবিদ্যালয়ৰ সন্মুখ আদিত পৰিৱেশন প্ৰায় দীঘলীয়া কাৰ্য্য সূচীৰে চলি আছে। বাটৰ নাট আৰু পুতলা নাট সমূহত অভিনয় কৰিছে ধ্ৰুজ্যোতি কলিতা, হাৰ্দিক শৰ্মা, বিনীতা দেৱী, লনী কাকতি, কৰিশ্মিতা তালুকদাৰ, সীমান্ত শৰ্মা, গণেশ বড়ো।

এই “অন্ধবিশ্বাসৰ বিৰুদ্ধে অভিযান সামাজিক অশুভ শক্তি নিৰ্মূলৰ প্ৰচাৰ” যাত্ৰাই জনসাধাৰণৰ সমাজ জীৱন যথেষ্ট সাৰ্থকতা লাভ কৰিব। অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ আৰু সুৰজিৎ একাডেমীৰ এই পদক্ষেপ প্ৰশংসনীয়।

সুৰজিৎ একাডেমীয়ে জানিবলৈ দিয়া মতে অসম চৰকাৰৰ অধীনৰ বিদ্যালয় সমূহত গ্ৰীষ্মবন্ধ খোলাৰ পিছত বিদ্যালয় সমূহত কলা যাত্ৰা অনুষ্ঠিত কৰিব বুলি জনাইছে ।

সৰুপথাৰ সমষ্টিত একেদিনাই ৫ টা জলজীৱন আঁচনিৰ শুভ উদ্বোধন বিধায়ক বিশ্বজিৎ ফুকনৰ

জলজীৱন আঁচনিৰ অধিনত ঘৰে ঘৰে পানী যোগান ধৰাৰ উদ্দেশ্যে সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত বিভিন্ন অঞ্চলত স্থাপন কৰা হৈছে পানী যোগান আঁচনি।

বুধবাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সৰুপথাৰ উপসংমণ্ডল কাৰ্যালয়ৰ অধীনত সমষ্টিটোৰ অন্তৰ্গত ৫ টা স্থানত ৫ টা জলজীৱন আঁচনিৰ শুভ উদ্বোধন কৰে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে।

জন স্বাস্থ্য কাৰিকৰী বিভাগৰ গোলাঘাট সংমণ্ডলৰ কাৰ্যৱাহী অভিযন্তা মতিউৰ ৰহমানৰ উপস্থিতিত বিধায়ক বিশ্বজিৎ ফুকনে গেলাবিল পঞ্চায়তত ৭৭.৯৫ লাখ টকা ব্যয় কৰি নতুনকৈ নিৰ্মান কৰা ৰেংমা বাগান পানীযোগান আঁচনি, টেঙাহোলা পঞ্চায়তত মৰাণগাওঁ পানীযোগান আঁচনি (১৫৩.৮৫) , পশ্চিম বৰপথাৰত ২নং দুৱৰণী পানী যোগান আঁচনি(১২৫. ১৬ লাখ টকা) , নটেঙানী পানীযোগান আঁচনি (১৩৬. ৫৪ লাখ টকা) আৰু শিঙিমাৰি টি.ই. (৯৫.৬৯লাখ টকা) পানীযোগান আঁচনি শুভ উদ্বোধন কৰে ।

বিধায়কজনে আঁচনিকেইটা শুভ উদ্বোধন কৰি বৰ্তমান সময়ত বিশুদ্ধ খোৱা পানী প্ৰয়োজনীয়তা সন্দৰ্ভত ৰাইজৰ আগত বক্তব্য ডাঙি ধৰে। লগতে পানীৰ সৎ ব্যৱহাৰ কৰাৰ লগতে চৰকাৰী ভাৱে পাইপ যোগে যোগান ধৰা বিশুদ্ধ পানী খাবৰ বাবে আহ্বান জনায় ৷

বিধায়ক গৰাকীয়ে বিশুদ্ধ খোৱা পানীয়ে বহু ৰোগৰ পৰা ৰক্ষা কৰা, পানীযোগান আঁচনিৰ যোগেদি প্ৰতিটো পৰিয়ালে ৫৫ লিটাৰকৈ দৈনিক বিশুদ্ধ খোৱা পানী যোগান ধৰা হব বুলি মন্তব্য কৰাৰ লগতে জলজীৱন আঁচনিৰ ৰূপায়নৰ বাবে সৰুপথাৰ সমষ্টিলৈ বিগত দুটা বছৰত প্ৰায় ৩০০ কোটিৰো অধিক টকা চৰকাৰে আৱন্টন দিয়া বুলি জানিবলৈ দিয়ে।

পানীযোগান আঁচনিৰ শুভ উদ্বোধন অনুষ্ঠানত মহকুমাধিপতি দিনছেংফা বৰুৱা, সহকাৰী অভিযন্তা অনুজ কুমাৰ বৰা, বৰপথাৰৰ পৌৰপতি সঞ্জীৱ বৰুৱা আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।

উক্ত আঁচনিকেইটাৰ জড়িয়তে ৭৮৬ টা পৰিয়ালে দৈনিক ৫৫ লিটাৰকৈ বিশুদ্ধ খোৱা পানী লাভ কৰিব।অন্যহাতে কাৰ্যৱাহী অভিযন্তা মতিউৰ ৰহমানে জানিবলৈ দিয়া মতে সৰুপথাৰ উপ সংমণ্ডলৰ অধীনত নতুনকৈ ২৯৩ টা পানীযোগান প্ৰকল্প আৱন্টন কৰা হৈছে আৰু ইয়াৰে ২১ টা প্ৰকল্প সম্পৰ্ণ হোৱাৰ লগতে ১৯৫ টা প্ৰকল্পৰ কাম চলি থকাৰ সমান্তৰালকৈ ১১২ টা পুৰনা প্ৰকল্প সংবৰ্দ্ধন কৰাৰ বাবে বিভাগীয় ভাৱে আৱন্টন লাভ কৰিছে আৰু ৯৩ টা আঁচনিৰ কাম সম্পূৰ্ণ হৈছে বুলি জানিবলৈ দিয়ে ৷