Home Blog Page 1459

লাংহিনত ১৯ নং ডিফু বিধান সভা মুখ্যমন্ত্ৰী আদিবাসী চাহ জনজাতি ফুটবল সম্পন্ন: বিধায়ক বিদ্যাছিং ইংলেঙে বিলালে ট্ৰফী

ৰাজ্যৰ সমগ্ৰ বিধান সভা সমষ্টিৰ মাজত চলি থকা মুখ্যমন্ত্ৰী চাহ জনজাতি আৰু আদিবাসী ফুটবল চেম্পিয়নশ্বিপ লগতে ১৯ নং ডিফু বিধান সভা সমষ্টিৰ অন্তৰ্গত প্ৰতিযোগিতা খনি বৃহস্পতিবাৰে লাংহিন গৰৈমাৰী ষ্টেডিয়াম গ্ৰাউণ্ডত সফলতাৰে সামৰণি পৰে।

প্ৰতিযোগিতাৰ প্ৰথমখন চেমিফাইনেলত কুটকুট বস্তি আদিবাসী এফ চিয়ে হাতীদণ্ডী আদিবাসী এফ চিক ৩-০ গলৰ ব্যৱধানত, দ্বিতীয়খন চেমিফাইনেলত ধনশিৰী আদিবাসী এফ চিয়ে মলেজবস্তি আদিবাসী গল্ডেন ক্লাৱক ২-১ গলত পৰাভূত কৰি ফাইনেল খেলৰ যোগ্যতা অৰ্জন কৰে।

বৃহস্পতিবাৰে বিয়লি অনুষ্ঠিত চূড়ান্ত খেলখনত কুটকুট বস্তি আদিবাসী এফ চিয়ে ধনশিৰী আদিবাসী এফ চিক ৪-২ গলত পৰাভূত কৰি চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰে।

চূড়ান্ত খেলখন ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেঙে শুভ উদ্বোধন কৰাৰ লগতে জয়ী দলৰ মাজত ট্ৰফী আৰু মেডেল বিতৰণ কৰে আনহাতে স্থানীয় এম এ চি তথা কাৰ্যবাহী সদস্য বিলিমোহন খাকলাৰীয়ে পৰাজয়ী দলক ট্ৰফী আৰু মেডেল প্ৰদান কৰে।

চাহ জনগোষ্ঠীৰ জাতীয় সংগঠন সমুহৰ বিষয়ববীয়া সকলৰ লগতে কাছাৰ বিষয়ববীয়া সকল আৰু জিলা ক্ৰীড়া বিষয়া ৰিলিফ ৰংহাঙেও বটাঁ প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে।

মুখ্যমন্ত্ৰীৰ চাহ জনজাতি আৰু আদিবাসী ফুটবল চেম্পিয়নশ্বিপৰ সফল সামৰণিত সংশ্লিষ্ট সকলো পক্ষলৈ জিলা ক্ৰীড়া বিষয়া ৰংহাঙে ধন্যবাদ জনায়।

আজি বিৰাট কোহলিৰ ৫০০ সংখ্যক মেচ, ভাৰতীয় বেটছমেনৰ শীৰ্ষ ৰেকৰ্ড আৰু সংখ্যা কোহলিৰ

ভাৰতৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে বৃহস্পতিবাৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ বাবে খেলপথাৰত নামিব৷ এয়া হ’ব বিৰাট কোহলীৰ ৫০০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় মেচ। শচীন টেণ্ডুলকাৰ, ৰাহুল দ্ৰাবিড় আৰু এম এছ ধোনিৰ পিছত এই কৃতিত্ব অৰ্জন কৰা কোহলী চতুৰ্থজন ভাৰতীয় ক্ৰিকেটাৰ।

এইখন ভাৰতৰ বাবে কোহলীৰ ১১১ তম টেষ্ট মেচ হ’ব। আমোদজনক ভাৱে, তেওঁ ২০১১ চনত কেৰিবিয়ান দ্বীপপুঞ্জত তেওঁৰ ক্ৰিকেটৰ যাত্ৰা আৰম্ভ কৰিছিল। ঐতিহাসিক ক্ষণৰ পূৰ্বে কোহলীয়ে কয় যে তেওঁ কৃতজ্ঞ। “মই সঁচাকৈয়ে কৃতজ্ঞ। মই বহুত ধন্য অনুভৱ কৰোঁ যে মই ইমান দীঘলীয়া যাত্ৰা কৰিছো, ভাৰতৰ হৈ খেলিছো আৰু ইমান দীঘলীয়া টেষ্ট কেৰিয়াৰ…” বিচিচিআইয়ে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত কোহলীয়ে কয়।

সক্ৰিয় ক্ৰিকেটাৰৰ মাজত বিশ্ব ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ অন্যতম কোহলী। ফৰ্মেট অনুসৰি ৪৯৯খন মেচত ২৫৪৬১ ৰান সংগ্ৰহ কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বকালৰ ৰান সংগ্ৰহকাৰীৰ তালিকাত শচীন টেণ্ডুলকাৰ, কুমাৰ ছাংগাকাৰা, ৰিকি পণ্টিং, মহেলা জয়ৱৰ্ধনে, আৰু জেক কালিছৰ পিছতে ষষ্ঠ স্থানত আছে।

কোহলিৰ নামত আজিলৈকে ৭৫টা আন্তঃৰাষ্ট্ৰীয় শতক আছে, যিটো টেণ্ডুলকাৰৰ ১০০ ৰানৰ পিছত দ্বিতীয় শ্ৰেষ্ঠ শতক। এদিনীয়াৰ ইতিহাসত পঞ্চম সৰ্বাধিক বেটছমেন (৪৬ শতকৰে ২৭৪খন মেচৰ পৰা ১২৮৯৮) আৰু টি-২০ত ৪০০০ প্লাছ ৰান কৰা একমাত্ৰ খেলুৱৈ। টেষ্ট ফৰ্মেটত তেওঁ ১১০খন খেলৰ পৰা ৮৫৫৫ ৰান সংগ্ৰহ কৰিছে।

প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে দ্বিতীয় টেষ্টৰ পূৰ্বে কোহলীৰ কথা কয়, ‘কোহলী কেৱল এই দলটোৰ বাবেই নহয়, সমগ্ৰ দেশৰ শিশুসকলৰ বাবেও এক প্ৰকৃত প্ৰেৰণা। তেওঁৰ পৰিসংখ্যা, প্ৰদৰ্শনে সেই কথা কয়। বেছিভাগেই তেওঁৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টা ভাল পায়, যিটো মানুহে দেখা নাপায়। সেইবাবেই তেওঁ দেশৰ হৈ ৫০০ সংখ্যক মেচ খেলিবলৈ আহিছে।’

কোহলীৰ সফলতাৰ ৰহস্য উদঙাই দিলে দ্ৰাবিড়ে। প্ৰশিক্ষক গৰাকীৰ ভাষাত, ‘তেওঁ এতিয়াও অতি শক্তিশালী আৰু ফিট। ৫০০ মেচ খেলি ১২-১৩ বছৰ ধৰি ক্ৰিকেটৰ লগত জড়িত হোৱাৰ পিছত এইটো কল্পনাতীত। কিন্তু সেইবোৰ সহজে পোৱা নাযায়। ইয়াৰ আঁৰত আছে সমগ্ৰ ক্ৰিকেট কেৰিয়াৰত বহুত কষ্ট, বহু ত্যাগ। তথাপিও কোহলীয়ে সেইটো কৰিবলৈ ইচ্ছুক। এজন প্ৰশিক্ষক হিচাপে মোৰ বাবে ই আৰু ভাল নহয়। দলটোৰ যুৱ খেলুৱৈসকলো তেওঁৰ পৰা অনুপ্ৰাণিত।’

সাপেখাতীত চিত্ৰ শিল্প কলাৰ সফল সামৰণি: সৃষ্টিশীল মন বেষ্ট ষ্টুডেন্ট এৱাৰ্ড লাভ অৰ্পিত কলিতাৰ

সৃষ্টিশীল মনৰ উদ্যোগত আৰু এঞ্জেলিকা একাডেমি, সাপেখাতী লেখিকা সংস্থা সাপেখাতী শাখাৰ সহযোগত এঞ্জেলিকা একাডেমি প্ৰেক্ষাগৃহত  যোৱা ১০ জুলাই ৰ পৰা অনুষ্ঠিত হৈ থকা চিত্ৰ কৰ্মশালা খনিৰ বৃহস্পতিবাৰে সফলতাৰে সামৰণি পৰে।

অনুষ্ঠানৰ আৰম্ভণিতে চিত্ৰ শিল্পকলাৰ কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক অংকুৰিকা গগৈৰ পৰিচালনাত কণ কণ ছাত্র ছাত্ৰীসকলৰ চিত্ৰ প্ৰদৰ্শনি অনুষ্ঠানটিৰ ফিটা কাটি প্ৰদৰ্শনিদ্বাৰ শুভ উন্মোচন কৰে সমাজ কৰ্মী তথা প্ৰধান শিক্ষক বিজয় ফুকনে।


এঞ্জেলিকা একাডেমিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ অজিত কুমাৰ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে উদ্যোক্তা ৰূপামনি গগৈয়ে। ছাত্ৰীসকলৰ এটি সৃষ্টিশীল নৃত্যৰে শুভ উদ্বোধন কৰা সভা খনিত কবিতা আবৃত্তি, গীত, চিত্ৰ প্ৰদৰ্শন আদি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

সেই অনুষ্ঠানতে ক্লাছ মন্টেচৰিৰ অৰ্পিত কলিতাক সৃষ্টিশীল মন বেষ্ট ষ্টুডেন্ট এৱাৰ্ড প্ৰদান কৰা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি এঞ্জেলিকা একাডেমিৰ কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।


উক্ত সামৰণি অনুষ্ঠানত সমাজ কৰ্মী বাণী চাংমাই, বিদ্যালয় খনৰ স্বত্বাধিকাৰী অচ্যুত আচাৰ্যী, শিক্ষক সূৰ্য গগৈ, লেখিকা সংস্থা সাপেখাতী শাখাৰ সভানেত্ৰী জয়া বৰ গোহাঞি, সুমিত্ৰা গগৈ, মনালিছা বড়া বৰুৱা উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি শুভেচ্ছা মূলক বক্তব্য প্ৰদান কৰে।

-ৰূপামনি গগৈ, চৰাইদেও

মণিপুৰ কাণ্ডত বলিউড অভিনেতা অক্ষয় কুমাৰৰ প্ৰতিক্ৰিয়া…

ৰাজ্যখনত চলি থকা এনে হিংসাত্মক পৰিস্থিতিৰ মাজতে বুধবাৰে পোহৰলৈ আহিছিল মণিপুৰৰ দুগৰাকী মহিলাক উলংগ কৰি ৰাজপথেৰে পেৰেড কৰাৰ দৃশ্য। যোৱা ৪ মে’ৰে ঘটনা আছিল সেয়া।

ৰাজ্যখনত ইণ্টাৰনেট সেৱা বন্ধ থকাৰ বাবে পোহৰলৈ অহা নাছিল এই দৃশ্য। এই ভিডিঅ’ পোহৰলৈ অহাৰ পিছতে দেশজুৰি তোলপাৰ লাগিছে।

তাৰ মাজতে এই ঘটনা সন্দৰ্ভত টুইটাৰৰ জৰিয়তে বিভিন্ন জনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বলিউড অভিনেতা অক্ষয় কুমাৰে এই ঘটনা সন্দৰ্ভত টুইটাৰ যোগে কয়, মণিপুৰত মহিলাৰ বিৰুদ্ধে হোৱা হিংসাত্মক ঘটনাৰ ভিডিঅ’ দেখি বিৰক্ত হৈছোঁ। মই আশা কৰোঁ যে অপৰাধীসকলে এনে এটা পৰ্যায়ত শাস্তি পাব যে কোনেও পুনৰ এনে ধৰণৰ ভয়ংকৰ কাম কৰাৰ কথা ভাবিৱ নোৱাৰিব।’

বৃদ্ধি হ’ল পৰিবহণ কৰঃ বাইক, কাৰ সকলোতে বৃদ্ধি পঞ্জীয়ন মাচুল

পুনৰ সাধাৰণ জনতাৰ মূৰত মাধমাৰ চৰকাৰৰ! ৰাজ্যত ব্যাপক হাৰত বৃদ্ধি কৰা হৈছে পৰিবহণ কৰ। অসম মটৰ বাহন কৰ (সংশোধিত) অধ্যাদেশ, ২০২৩ অনুসৰি এতিয়াৰ পৰা নতুন গাড়ী ক্ৰয় কৰাৰ সময়ত গ্ৰাহকে পূৰ্বতকৈ অধিক পঞ্জীয়ন মাচুল আদায় দিব লাগিব।

পূর্বে গাড়ীৰ দামভেদে সাতটা পৰ্যায়ত গ্রাহকে দিব লাগিছিল কৰ। কিন্তু সংশোধিত অধ্যাদেশ অনুসৰি গাড়ীৰ দামভেদে চাৰিটা পৰ্যায়ত কৰ দিব লাগিব গ্রাহকে। 

এতিয়াৰে পৰা ৩ লাখ টকালৈকে চাৰিচকীয়া বাহনত দিব লাগিব ৪.৫% কৰ। ৩ৰ পৰা ১০লাখ টকীয়া বাহনত দিব লাগিব ৭ শতাংশ কৰ। ১০ৰ পৰা ২০ লাখ টকীয়া বাহনত দিব লাগিব ১০ শতাংশ কৰ। আনহাতে, ২০ লাখতকৈ অধিক মূল্যৰ বাহনত দিব লাগিব ১৪ শতাংশ কৰ।

দুচকীয়া বাহনৰ পঞ্জীয়নৰ ক্ষেত্ৰতো কৰ বৃদ্ধি কৰিলে চৰকাৰে। ১ লাখ টকাৰ মটৰ চাইকেলত দিব লাগিব ৬ শতাংশ কৰ। ১ৰ পৰা ৩ লাখ টকীয়া মটৰ চাইকেলত দিব লাগিব ৮ শতাংশ কৰ। সেইদৰে ৩ লাখৰ ওপৰৰ মটৰ চাইকেলত দিব লাগিব ৯ শতাংশ কৰ।

মণিপুৰৰ কাণ্ডৰ বিৰুদ্ধাচৰণেৰে ছ’চিয়েল মিডিয়াত ‘আপ’ ৰ ব্যাপক ট্ৰেণ্ডিং অভিযান

বিগত প্ৰায় চাৰে তিনি মাহে গোষ্ঠী সংঘর্ষ অব্যাহত থকা মণিপুৰত শেহতীয়াকৈ সংঘটিত এক ভয়ানক তথা বীভৎস ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমি পাৰ্টীয়ে।

ৰাজ্যখনত ধৰ্মীয় অনুষ্ঠানবোৰৰ লগতে মানুহৰ ঘৰ-বাৰী জ্বলিয়েই আছে আৰু মানুহক হত্যা কৰিয়েই আছে। এই ঘটনাৰ মাজতে দুস্কৃতিকাৰীৰ এটা দলে দুগৰাকী মহিলাক উলংগ হ’বলৈ বাধ্য কৰাৰ লগতে তেনে অৱস্থাতে তেওঁলোকক অসংখ্য লোকৰ সন্মুখতে ৰাজপথত পেৰেড কৰোৱায়।

দুষ্কৃতিকাৰীয়ে ইয়াতে ক্ষান্ত নাথাকি মহিলা দুগৰাকীক ধাননি পথাৰলৈ নি দলবদ্ধ ধর্ষণ কৰে। এই অমানুষিক নির্যানতৰ ঘটনাক আম আদমি পার্টীয়ে তীব্র ক্ষোভ প্রকাশ কৰে আৰু ইয়াৰ বিৰুদ্ধে আজি সামাজিক মাধ্যমত বিজেপি চৰকাৰে সংঘৰ্ষ দমন কৰাত সম্পূর্ণ ব্যর্থ হোৱাৰ প্ৰতিবাদত ‘মণিপুৰক বচাওক’ শীৰ্ষক ব্যাপক ট্ৰেণ্ডিং অভিযান আৰম্ভ কৰে।

অভিযানত আপৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয় যে – ৩০০ৰো অধিক লোকৰ মৃত্যু, ১ লাখৰো অধিক লোক গৃহহীন, হাজাৰ হাজৰ সেনা আৰক্ষীয়েও নিয়ন্ত্ৰণ কৰিব নোৱাৰা পৰিস্থিতিত আজি ৭৮ দিন পিছত প্ৰধানমন্ত্ৰীয়ে মণিপুৰ প্ৰসংগত মুখ খুলিছে। তেওঁৰ দীৰ্ঘদিনৰ নীৰৱতালৈ চাই মণিপুৰবাসীয়ে য’তে আছে তাৰে পৰাই প্ৰধানমন্ত্ৰীক বিহীত ব্যৱস্থা ল’বলৈ কাতৰ অনুৰোধ কৰি আহিছিল। আজি মণিপুৰৰ ঘটনাই লজ্জিত কৰিছে সমগ্র দেশবাসীক।

অমৃত কালত অষ্টলক্ষ্মীৰ দেশত নাৰীৰ সন্মান মুকলিকৈ নিলাম হৈছে। মহিলা, যুৱতীক বিব্ৰক্ত কৰি ৰাজপথৰ জন্তু জানোৱাৰতকৈ অধমভাৱে ভাষাহীন নির্যাতন চলোৱা হৈছে। মণিপুৰক বচোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বৰ্তমান সময়ত খৰতকীয়াভাৱে আইন-শৃংখলা ব্যৱস্থা উন্নত কৰাৰ প্ৰয়োজন আছে। আপৰ সামাজিক মাধ্যমৰ সমন্বয়ক তাৰিক চৌধুৰীৰ নেতৃত্বত চলা টেণ্ডিং অভিযানত ‘মণিপুৰক ৰক্ষা কৰক’, ‘মণিপুৰলৈ শান্তি ঘূৰাই আনক’, ‘মণিপুৰত মহিলাক নিৰ্যাতন বন্ধ কৰক’ আদি শ্লোগানেৰে প্ৰধানমন্ত্ৰীক আৰু গৃহমন্ত্ৰীক মহিলাৰ ওপৰত চলা অত্যাচাৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

দিনৰ ২ বজাৰ পৰা আৰম্ভ হোৱা এই ট্রেণ্ডিঙে ছ’চিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰা বুলি দলটোৱে জানিবলৈ দিয়ে।

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইবাৰ ৰাইজৰ দলৰ উপ সভাপতিৰ গোচৰ…

ইখনৰ পিছত সিখন আৰক্ষী থানাত গোচৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে । এইবাৰ ৰঙিয়াত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল । ৰঙিয়াত আজি এজাহাৰ দাখিল কৰিলে ৰাইজৰ দলৰ উপ সভাপতি হৰেশ্বৰ বৰ্মনে ।

উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ মিঞা জনগোষ্ঠী ক্লিন কৰি দিম বুলি মন্তব্য দিছিল । মিঞাই পাচলিৰ দাম বঢ়াইছে,
পাচলিৰ দাম বৃদ্ধি হোৱাক লৈ মিঞা জনগোষ্ঠীক তুচ্ছ তাচিল্য কৰাৰ অভিযোগ নেতা গৰাকীৰ ।

লগতে ৰাইজৰ দলৰ উপ সভাপতি হৰেশ্বৰ বৰ্মনে মুখ্যমন্ত্ৰীয়ে অসমত গোষ্ঠীগত বিদ্বেষৰ সৃষ্টি কৰিব বিচাৰিছে বুলি কয় ।

সন্ত্ৰাসবাদী সংগঠন আল-ছাবাবৰ ঘাটিত আক্ৰমণ ছোমালিয়া প্ৰশাসনৰ…

সন্ত্ৰাসবাদী সংগঠন আল-ছাবাবৰ ঘাটিত আক্ৰমণ। সন্ত্ৰাসবাদী সংগঠনটোৰ ঘাটিত আক্ৰমণ ছোমালিয়া প্ৰশাসনৰ।

ছোমালিয়া সেনাৰ আক্ৰমণত নিহত ৩০ সন্ত্ৰাসবাদী। সন্ত্ৰাসবাদী সংগঠনটোৱে আক্ৰমণ চলোৱাৰ পৰিকল্পনাৰ খবৰ লাভ কৰিছিল সেনা-চোৰাংচোৱাই।

অভিযানত বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ জব্দ। দেশখনৰ মধ্যভাগৰ শ্ববেলে ক্ষেত্ৰত সংঘটিত হৈছে এই ঘটনা।

‘মোৰ অন্তৰ খং আৰু বেদনাত জ্বলিছে ! মণিপুৰৰ ঘটনাই সমগ্ৰ দেশবাসীক লজ্জানত কৰিছে : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী…

‘মোৰ অন্তৰ খং আৰু বেদনাত জ্বলিছে। মণিপুৰৰ ঘটনাই সমগ্ৰ দেশবাসীক লজ্জানত কৰিছে। যিকোনো সভ্য সমাজৰ বাবে এই ঘটনা লজ্জাজনক।

দোষীয়ে কোনোপধ্যেই ৰেহাই নাপায়। আইনে নিজৰ পথ ল’ব। মণিপুৰৰ কন্যাৰ ক্ষেত্ৰত সংঘটিত কাণ্ড অক্ষমণীয়।

মই সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীক নিৰ্দেশ দিছোঁ। মহিলা নিৰাপত্তাৰ ক্ষেত্ৰত যাতে কঠোৰ ব্যৱস্থা লয়।’ মণিপুৰ ঘটনা সন্দৰ্ভত মুখ খুলিলে প্ৰধানমন্ত্ৰীয়ে।

মণিপুৰৰ মহিলাৰ শ্লীলতা হানিৰ ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে…

মণিপুৰৰ মহিলাৰ শ্লীলতা হানিৰ ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ। আৰক্ষীয়ে সদৰী কৰিলে এই তথ্য।

ভাইৰেল হোৱা ভিডিঅ’টোৰ সহায়ত থৌবাল জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে হেৰাদাস নামৰ ৩২ বছৰীয়া লোকজনক।

৪ মে’ত কাংপকপি জিলাৰ ৰাজপথত দুগৰাকী কুকি-জ’ মহিলাক উলংগ কৰি উলিওৱা হৈছিল সমদল।