Home Blog Page 1458

অসমৰ অন্যতম সংগঠন “সূত্ৰধাৰ-কুটুম্ব সুৰক্ষা পৰিষদ”এ বিগত বছৰ বৃন্দাবনৰ পিছত এইবাৰ উজ্জেইনত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিব “সূত্ৰধাৰ ২০২৩” বিশেষ অনুষ্ঠান…

অসমৰ অন্যতম সংগঠন “সূত্ৰধাৰ-কুটুম্ব সুৰক্ষা পৰিষদ”-এ বিগত বছৰ বৃন্দাবন (উত্তৰ প্ৰদেশ)ৰ পিছত এইবাৰ উজ্জেইন (মধ্য প্ৰদেশ)ত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিব “সূত্ৰধাৰ ২০২৩” বিশেষ অনুষ্ঠান। আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদ মেলত এই কথা প্ৰকাশ কৰে “সূত্ৰধাৰ – কুটুম্ব সুৰক্ষা পৰিষদ”ৰ সভাপতি সত্য ৰঞ্জন বৰাই ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৭৫ সংখ্যক জন্মোৎসৱৰ লগত সংহতি ৰাখি গুৰুজনাৰ চিন্তা আৰু দৰ্শনক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ-প্ৰসাৰ কৰাৰ লক্ষ্য আৰু উদ্দেশ্যৰে “সূত্ৰধাৰ – কুটুম্ব সুৰক্ষা পৰিষদ”ৰ বিশেষ কাৰ্যক্ৰম সূত্ৰধাৰ!! অহা ৮আৰু৯ আগষ্টত দুদিনীয়া কাৰ্যসূচীৰে মধ্যপ্ৰদেশৰ দৈৱিক ভূমি উজ্জেইনত এইবাৰ আয়োজন কৰা হ’ব এই বিশেষ— “সূত্ৰধাৰ” অনুষ্ঠান।

অসম আৰু মধ্য প্ৰদেশৰ ২০০ গৰাকী সাংস্কৃতিক শিল্পীৰ গীত-নৃত্য-নাট প্ৰদৰ্শনেৰে উদযাপন কৰা হব উক্ত কাৰ্য্যসুচী ৷ ২০ গৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমল ব্যক্তিৰ বক্তৃতা প্ৰদান।দ্বিতীয় দিনা উজ্জেইনৰ মহাকাললোকৰ পৰা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বৃহৎ প্ৰতিচ্ছবি সন্মূখত লৈ এক বৃহৎ সাংস্কৃতিক শোভাযাত্ৰা দ্বিতীয় দিনা ৯ আগষ্টত আয়োজন কৰাৰ কথাও পৰিষদে ঘোষণা কৰে ৷অনুষ্ঠানৰ দ্বিতীয় দিনা অসমৰ তিনিগৰাকী আৰু উত্তৰ প্ৰদেশৰ এগৰাকী বিশেষ ব্যক্তিক বিশেষ বঁটা প্ৰদান কৰাৰো ঘোষণা কৰে আজিৰ সংবাদ মেলত।
উক্ত বঁটা সমূহ ক্ৰমে:-
সূত্ৰধাৰ বঁটা:- শ্ৰীযুত হৰিপ্ৰসাদ হাজৰিকা
নগাঁও
প্ৰাক্তন প্ৰধান সম্পাদক
শ্ৰীমন্ত শংকৰদেৱ সংঘ৷

সংস্কৃতি সাধনা বঁটা:-
শ্ৰীযুত মুনীন বৰা
যোৰহাট দিহানাম-টোকাৰী গীত।

সমন্বয় সেতু বন্ধন বঁটা:-
যোগাচাৰ্য মহন্ত সুধাকৰ পুৰী জী (ৰটলাম, মালৱা ক্ষেত্ৰ, মধ্য প্ৰদেশ)৷

হিন্দু চেতনা বঁটা :-
বিশাল ৰয় (হিন্দু কিং বিশাল)
বঙাইগাঁও ৷

মণিপুৰৰ ঘটনাৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ মক্তব্যঃ ‘মানুহৰ দুখ-কষ্ট দেখি আমাৰ বুকুখন বিষাইছে’…

মণিপুৰৰ ঘটনাৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰদূতৰ মক্তব্যঃ ‘মানুহৰ দুখ-কষ্ট দেখি আমাৰ বুকুখন বিষাইছে…!’ মণিপুৰত দুগৰাকী মহিলাক উলংগ কৰি পেৰেড কৰা ঘটনাক লৈ দুখ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদীয়ে কয় যে এই ঘটনা সভ্য সমাজৰ বাবে লজ্জাজনক আৰু এই ঘটনাৰ দোষীক ৰেহাই দিয়া নহ’ব। মণিপুৰৰ ঘটনাৰ সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত আমেৰিকা ৰাষ্ট্ৰদূত গাৰ্চেট্টিয়ে মন্তব্য কৰি কয় যে এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত, মই ভিডিঅ’টো দেখা নাই, এই বিষয়ে প্ৰথমবাৰৰ বাবে শুনিছোঁ। কিন্তু যেতিয়া মানুহৰ দুখ-কষ্ট হয় তেতিয়াই আমাৰ হৃদয়খন বিষাই যায়…..’।

লগতে প্ৰধানমন্ত্ৰীয়ে সকলো মুখ্যমন্ত্ৰীকে নিজ নিজ ৰাজ্যত আইন-শৃংখলা সুদৃঢ় কৰাৰ লগতে বিশেষকৈ মহিলাসকলৰ সুৰক্ষাৰ বাবে কঠোৰতম পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘কাণ্ড ৰাজস্থানৰ হওক, ছত্তীশগড়ৰ হওক, মণিপুৰৰ হওক…. এই দেশত ভাৰতৰ যিকোনো কোণত যিকোনো ৰাজ্য চৰকাৰে ৰাজনৈতিক বিতৰ্কৰ ওপৰেৰে উঠি আইন-শৃংখলাক গুৰুত্ব দি নাৰীৰ মৰ্যাদা ৰক্ষা কৰিব লাগে। লগতে কয় যে মণিপুৰৰ কন্যাৰ লগত যি হৈছে এই ঘটনাৰ দোষীক কেতিয়াও ক্ষমা কৰিব নোৱাৰি।’

মণিপুৰৰ কাণ্ডৰ অন্যতম অভিযুক্ত হিউৰেম হিৰো দাসৰ বাসগৃহত অগ্নিসংযোগ শ শ মহিলাৰ…

মণিপুৰৰ কাণ্ডৰ অন্যতম অভিযুক্ত হিউৰেম হিৰো দাসৰ বাসগৃহ অগ্নিসংযোগ শ শ মহিলাৰ।

মণিপুৰ কাণ্ডৰ অন্যতম অভিযুক্ত হিউৰেম হিৰো দাসৰ বাসগৃহ জ্বলাই দিলে একাংশ উত্তেজিত মহিলাই।


মণিপুৰক দেশবাসীৰ ওচৰত লজ্জানত কৰা ঘটনাৰ অভিযুক্ত অভিযুক্ত হুইৰেম হেৰোদাস মেইটেইৰ ঘৰ জ্বলাই দিলে একাংশ মহিলাই।

বৃহস্পতিবাৰে আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। এজন অভিযুক্ত হুইৰেম হিউৰেম হিৰো দাস।

এই হিউৰেম হিৰো দাস মেইটেৰ ঘৰতে অগ্নিসংযোগ কৰে শ শ মহিলাই। মণিপুৰক বিশ্ববাসীৰ আগত লজ্জিত কৰা অমানৱীয় কাৰ্যক লৈ ক্ষুদ্ধ একাংশ মহিলাই আজি এই ঘটনাৰ অন্য এজন অভিযুক্ত হিউৰেম হিৰো দাস মেইটেৰ বাসগৃহত অগ্নিসংযোগ কৰে।

৫০ বছৰ বয়সত পুনৰ পিতৃত্ব অৰ্জন এইগৰাকী অভিনেতাৰ! পত্নী নহয়; প্ৰেমিকাই জন্ম দিলে পুত্ৰ সন্তান…

এইগৰাকী বলীউডৰ জনপ্ৰিয় ৫০ বছৰীয়া তাৰকা, নাম অৰ্জুন ৰামপাল। কেইমাহমান পূৰ্বে অভিনেতা অৰ্জুনে এটা পোষ্ট শ্বেয়াৰ কৰিছিল যে গেব্ৰিয়েলা আৰু তেওঁ পুনৰ পিতৃ-মাতৃ হ’ব। ইয়াৰ পিছত গেব্ৰিয়েলাই গৰ্ভাৱস্থাৰ ফটোশ্বুটও কৰিছিল যি ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। অৱশেষত গেব্ৰিয়েলা ডেমেট্ৰিয়ে এটি পুত্ৰ সন্তান জন্ম দিলে। ৫০ বছৰীয়া অৰ্জুনে এই তথ্য ছ’চিয়েল মিডিয়াত ৰাইজক জনাই লগতে কয় আমাৰ এটি ল’ৰা সন্তান জন্ম হোৱাৰ বাবে মই আৰু মোৰ পৰিয়ালটো অতি সুখী। মাক আৰু সন্তান দুয়োজনেই সুস্থ। চিকিৎসক আৰু নাৰ্ছক ধন্যবাদ জনাই অভিনেতাগৰাকীয়ে। আচলতে গেব্ৰিয়েলা ডেমেট্ৰি অভিনেতা অৰ্জুন ৰামপালৰ প্ৰেমিকা। তেওঁলোক এতিয়াও বিবাহপাশত আৱদ্ধ হোৱা নাই। বিবাহপাশত আৱদ্ধ নোহোৱাকৈয়ে তেওঁলোক দুটি সন্তানৰ পিতৃ -মাতৃ হ’ল।

অৰ্জুন আৰু তেওঁৰ প্ৰেমিকা গেব্ৰিয়েলা ডেমেট্ৰিৰ প্ৰেমৰ সম্পৰ্ক প্ৰায় পাঁচ-ছয় বছৰ হ’ল। ২০১৯ চনত তেওঁলোকে প্ৰথম সন্তানক আদৰণি জনাইছিল, যাৰ নাম আৰিক ৰামপাল। ২০১৯ চনত অৰ্জুনৰ প্ৰথম বিবাহ বিচ্ছেদ হয়। প্ৰথম পত্নী মেহেৰ জেছিয়াৰ সৈতে তেওঁৰ বিবাহ বিচ্ছেদ হৈছিল। কিন্তু তেওঁলোকৰ দুগৰাকী কন্যা মহিকা ৰামপাল আৰু মাইৰা ৰামপালৰ দায়িত্ব দুয়োৱে লয়।

সমষ্টি পুনৰ নিৰ্ধাৰণৰ আজি তৃতীয় দিনৰ শুনানি। শুনানিত অংশ ল’ব উজনিৰ ৯খন জিলাই…

সমষ্টি পুনৰ নিৰ্ধাৰণৰ আজি তৃতীয় দিনৰ শুনানি।

সমষ্টি নির্ধাৰণৰ ৰাজহুৱা শুনানিৰ আজি অন্তিম দিনা কলাক্ষেত্ৰত তিনিটা প্ৰেক্ষাগৃহত পুৱা ৯.৩০ বজাৰ পৰা আয়োগে লৈছে শুনানি।

এই শুনানিত উজনি অসমৰ ৯খন জিলাৰ ২৮টা বিধানসভা সমষ্টিৰ শুনানি ল’ব।

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহৰ ৩নং হলত শিৱসাগৰ, যোৰহাট জিলাৰ শুনানি হ’ব।

আনহাতে মাধৱদেৱ প্ৰেক্ষাগৃহত ডিব্ৰুগড়, চৰাইদেউ, গোলাঘাট, মাজুলীৰ শুনানি হ’ব।

স্বাস্থ্যৰ বাবে উপকাৰি জামুকৰো আছে অপকাৰিতা…

স্বাস্থ্যৰ বাবে উপকাৰি জামুকৰো আছে অপকাৰিতা। জামুক শৰীৰৰ বাবেও উপকাৰী। কাৰণ জামুক বৰ সোৱাদযুক্ত। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন আৰু খনিজ পদাৰ্থ থাকে। যিয়ে আপোনাৰ হজম শক্তি উন্নত কৰাত সহায় কৰে। যিদৰে জামুক আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰি, ঠিক সেইদৰে ই আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰকো। আজি আমিি আপোনালোকক জনাম জামুক খোৱাৰ অপকাৰিতাৰ বিষয়ে-

জামুকত বহুতো পুষ্টিকৰ উপাদান থাকে যিবোৰ আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী। কিন্তু জামুকত খাদ্যৰ আঁহ থাকে, যাৰ বাবে আপোনাৰ পাচনতন্ত্ৰৰ সমস্যা হব পাৰে।এনে পৰিস্থিতিত যদি আপোনাৰ হজম শক্তিৰ লগত জড়িত কোনো সমস্যা আছে, তেন্তে জামুক সেৱন কৰাটো পৰিহাৰ কৰিব লাগে। কাৰণ ইয়াৰ ফলত গেছ, পেট ফুলা আৰু ডায়েৰিয়া আদি সমস্যা হ’ব পাৰে।

জামুক সকলোৱে সেৱন কৰে, আনহাতে ডায়েবেটিছৰ সমস্যাতো ইয়াক সেৱন কৰিব পাৰি। কিন্তু ইয়াৰ গ্লাইচেমিক ইনডেক্স কম, যাৰ বাবে জামুনে তেজৰ চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। আনহাতে, যদি আপুনি ইয়াক বেছিকৈ সেৱন কৰে তেন্তে তেজৰ চুগাৰৰ মাত্ৰা বৃদ্ধি হ’ব পাৰে।


হাইপ’গ্লাইচেমিয়া-
আমাৰ শৰীৰত খাদ্যৰ প্ৰভাৱ আটাইতকৈ দ্ৰুত। যদি আপুনি বেছিকৈ জামুক খাই তেন্তে আপোনাৰ হাইপ’গ্লাইচেমিয়াৰ সমস্যা হ’ব পাৰে।


জামুকত বহুতো উপাদান থাকে যিয়ে আপোনাৰ বিপাকীয় ক্ৰিয়াক লেহেমীয়া কৰাৰ কাম কৰে। যদি আপুনি জামুক অতিৰিক্তভাৱে সেৱন কৰে, তেন্তে আপোনাৰ পেটৰ বিষ আৰু বমিৰ দৰে সমস্যাও হ’ব পাৰে। গতিকে বিপাকীয় ক্ৰিয়া সঠিকভাৱে ৰাখিবলৈ জামুকৰ সেৱন কম কৰিব লাগে।

মণিপুৰৰ ভাইৰেল ভিডিঅ’ কাণ্ডৰ গোচৰত আন এজন অভিযুক্তক গ্ৰেপ্তাৰ

মণিপুৰত জাতিগত হিংসাৰ মাজত মহিলাসকলক উলংগ কৰি পেৰাড কৰাৰ অভিযোগত অভিযুক্ত আন এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে, মুখ্যমন্ত্ৰী এন বীৰেন সিঙে এই কথা জানিবলৈ দিয়ে।

 ইয়াৰ পূৰ্বে গ্ৰেপ্তাৰ হৈছিল হুইৰেম হেৰোডাছ মেইটেক।

উল্লেখ্য যে মণিপুৰৰ শিহৰণকাৰী ভিডিঅ পোহৰলৈ অহাৰ পাছতেই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ঘটনা সন্দৰ্ভত দেশৰ সৰ্বোচ্চ ন্যায়ালয়, মহিলা আয়োগেও তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

যোৱা ৪ মে’ত মণিপুৰৰ কাংপকপি জিলাত সংঘটিত হৈছিল এক জঘন্য ঘটনা।

দলৱদ্ধ ধৰ্ষণৰ বলি হৈছিল দুগৰাকী কুকি সম্প্ৰদায় মহিলা।

এজাক মানৱৰূপী দানৱে দুই মহিলাক উলংগ কৰি ৰাজপথত পেৰেড কৰিছিল। তাৰ পাছতে কৰিছিল দলবদ্ধ ধৰ্ষণ।

বুধবাৰে এই ঘটনা পোহৰলৈ আহে। তাৰ এদিন পিচতে মণিপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে উক্ত ঘটনাৰে জড়িত মূল অভিযুক্ত আৰু আন এজনক।

দিল্লীৰ আদালতে যৌন নিৰ্যাতনৰ গোচৰত ব্ৰিজ ভূষণক প্ৰদান কৰিলে জামিন

কেইবাজনো মল্লযুঁজাৰুৰ অভিযোগৰ ভিত্তিত পঞ্জীয়ন হোৱা যৌন নিৰ্যাতনৰ গোচৰত বৃহস্পতিবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতে জামিন প্ৰদান কৰে ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ প্ৰাক্তন সভাপতি ব্রিজ ভূষণ শৰণ সিঙক।

জামিন মঞ্জুৰ কৰাৰ সময়ত আদালতে অভিযোগকাৰী বা সাক্ষীক প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰৰোচিত নকৰাৰ দৰে চৰ্ত আৰোপ কৰিছিল আৰু লগতে কয় যে আদালতৰ অনুমতি অবিহনে অভিযুক্তক দেশ এৰি যাবলৈ দিয়া নহয়।

উল্লেখ্য যে হাৰাশাস্তিৰ গোচৰৰ আন এজন অভিযুক্ত বিনোদ তোমাৰক আদালতে জামিন মঞ্জুৰ কৰে।

ইয়াৰ পূৰ্বে ১৮ জুলাইত আদালতে ২৫ হাজাৰ টকাকৈ জামিন বণ্ডত ব্রিজ ভূষণ আৰু বিনোদক অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছিল।

১৫ জুনত দিল্লী আৰক্ষীয়ে ব্রিজ ভূষণ শৰণ সিং আৰু বিনোদ তোমৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল৷ মহিলা মল্লযুঁজাৰুসকলে দাখিল কৰা এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছিল। বিশেষ ৰাজহুৱা অভিযুক্ত অতুল শ্ৰীবাস্তৱৰ মতে, ভাৰতীয় দণ্ডবিধিৰ ৩৫৪, ৩৫৪ (ডি), ৩৫৪ (এ) আৰু ৫০৬ (১) ধাৰাত অভিযোগনামা দাখিল কৰা হয়।

মল্লযুঁজাৰুৰ অভিযোগৰ ভিত্তিত ব্রিজ ভূষণৰ বিৰুদ্ধে দুটাকৈ এফআইআৰ ৰুজু হৈছিল৷ যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা (POCSO) আইনৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছিল আৰু নাবালক মল্লযুঁজাৰুৰ গোচৰত বাতিলৰ প্ৰতিবেদন দাখিল কৰা হৈছিল। কেইবাগৰাকী মল্লযুঁজাৰুৰ অভিযোগক লৈ দ্বিতীয়টো এফআইআৰ দাখিল কৰা হয়।

ডিমৌ ক্ৰীড়া সন্থাৰ ফুটবল লীগ শুভাৰম্ভ, ডিমৌ কচিং চেণ্টাৰৰ জয়

ডিমৌ উপ:ক্ৰীড়া সন্থাৰ তত্বাবধানত বৃহস্পতি বাৰৰ পৰা ডিমৌ ৰাইচাই গ্ৰাম্য ক্ৰীড়াঙ্গনত অনুষ্ঠিত হৈছে আন্ত ক্লাৱ ফুটবল লীগ।

প্ৰথম দিনাৰ উদ্ধোধনী খেলখনত ডিমৌ কচিং চেণ্টাৰে আঠাবাৰী এফচিক ৩-২ গলৰ ব্যৱধানত পৰাস্ত কৰে।

খেলখন শুভ উদ্ধোধন কৰে শিৱসাগৰ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক মনুজ ভাগৱতীয়ে।

ডিমৌ উপ ক্ৰীড়া সন্থাৰ পঞ্জীয়ন ভূক্ত মুঠ ক্লাৱে অংশগ্রহণ কৰা আন্ত ক্লাৱ ফুটবল লীগৰ দ্বিতীয় দিনা দিনৰ ১-৩০ বজাৰ পৰা দুখন খেল অনুষ্ঠিত হ’ব।

প্রথম খেল কলিয়াপানী এফচি বনাম ৰূপজ্যোতি এফচি মাজত, দ্বিতীয় খন ৰজাবাৰী এফচি বনাম কৌৱত্যদলনী এফচিৰ মাজত অনুষ্ঠিত হ’ব।

চন্দ্ৰযান-৩ অভিযানত অসমৰ বিজ্ঞানী, উত্তৰ লখিমপুৰ মহাবিদ্যাল(স্বায়ত্তশাসিত)ৰ আদৰ্শ ছাত্ৰ চয়ন দত্ত

ভাৰতৰ মহাকাশ অন্বেষণৰ প্ৰচেষ্টাত এক বৃহত্‍ অভিযান ‘চন্দ্ৰযান-৩’ৰ উপ-প্ৰকল্প সঞ্চালকৰ দৰে গুৰুত্বপূৰ্ণ পদত নিযুক্ত হৈছে অসমৰ বিজ্ঞানী চয়ন দত্ত। উত্তৰ লখিমপুৰ মহাবিদ(স্বায়ত্তশাসিত)আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ চয়ন দত্তৰ এই খবৰে স্বাভাৱিকতে তেওঁৰ গৃহচহৰ লখিমপুৰকে ধৰি সমগ্ৰ অসমবাসীক গৌৰৱান্বিত কৰি তুলিছে।


ভাৰতৰ চন্দ্ৰ অভিযানৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ মুহূৰ্ত হিচাপে ১৪ জুলাইৰ দিনৰ ২:৩৫ বজাত মহাকাশলৈ উৎক্ষেপণ চন্দ্ৰযান-৩।

এই অভিযানটোৱে ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত চফটৱেৰৰ গ্লিচৰ বাবে ক্ৰেচ লেণ্ডিঙৰ সন্মুখীন হোৱা চন্দ্ৰযান-২ অভিযানৰ অনুসৰণ হিচাপে কাম কৰিব। অতীতৰ অভিজ্ঞতাৰ পৰা শিক্ষা লৈ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ এছ সোমনাথে শেহতীয়াকৈ প্ৰকাশ কৰিছে যে চন্দ্ৰযান-৩য়ে এক বেলেগ ডিজাইন পদ্ধতি গ্ৰহণ কৰিছে, য’ত সম্ভাৱ্য বিফলতাৰ বিন্দুসমূহৰ সৈতে মোকাবিলা কৰি মহাকাশযানখনক সুৰক্ষা প্ৰদান আৰু বিজয়ী চন্দ্ৰ অৱতৰণ নিশ্চিত কৰাৰ ব্যৱস্থাৰে ৰূপায়ণ কৰা হৈছে।

স্কুলীয়া দিনৰে পৰা এজন মেধাৱী ছাত্ৰ উত্তৰ লখিমপুৰৰ গোপীনগৰ কলনীৰ চয়নৰ লগতে চন্দ্ৰযান-৩ৰ সফলতালৈ দেশবাসীয়ে এতিয়া আগ্ৰহ আৰু উত্‍কণ্ঠাৰে বাট চাই ৰৈছে৷ সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত চয়নৰ পিতৃ ৰঞ্জিত কুমাৰ দত্তই কয় যে অতি সহজ-সৰল আৰু নিৰ্মল মনৰ ব্যক্তি চয়নৰ পিতৄ হিচাপে তেওঁ উল্লাসিত হৈ পৰিছে। পিতৃয়ে লগতে কয় যে চয়নৰ ঘৰত কোনো টেলিভিছন নাই আৰু মিছন শেষ নোহোৱালৈকে তেওঁ কোনো ধৰণৰ ফোন কল নকৰিবলৈ কৈছিল। চয়নৰ পিতৃয়েও চন্দ্ৰযান-৩ৰ সফলতা কামনা কৰিবলৈ সকলোকে আহ্বান জনায়।


তেজপুৰ বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিকছ আৰু যোগাযোগ অভিযান্ত্ৰিক বিভাগৰ নিপুণ প্ৰাক্তন ছাত্ৰ চয়ন দত্তই বৰ্তমান মহাকাশ বিভাগৰ ইউ আৰ ৰাও উপগ্ৰহ কেন্দ্ৰত বিজ্ঞানী অভিযন্তা হিচাপে কাম কৰি আছে। ইয়াৰ উপৰিও তেওঁ “অন ব’ৰ্ড কমাণ্ড টেলিমেট্ৰি, ডাটা হেণ্ডলিং এণ্ড ষ্ট’ৰেজ চিষ্টেম, লেণ্ডাৰ, চন্দ্ৰযান-৩” প্ৰকল্পৰ নেতৃত্ব দি উপ-প্ৰকল্প সঞ্চালকৰ সন্মানীয় পদত অধিষ্ঠিত।

মহাকাশযানখনৰ “মগজু” বুলি গণ্য কৰা কমাণ্ড এণ্ড ডাটা হেণ্ডলিং উপচিষ্টেমে ইয়াৰ সকলো কাৰ্য নিয়ন্ত্ৰণৰ বাবে দায়বদ্ধতাৰে কাম কৰে। অসমৰ সন্তান চয়ন দত্তক ভাৰতৰ আগন্তুক চন্দ্ৰ অভিযান চন্দ্ৰযান-৩ৰ উৎক্ষেপণ নিয়ন্ত্ৰণ অভিযানৰ নেতৃত্ব দিয়াৰ জটিল দায়িত্ব অৰ্পণ কৰাটো অসমবাসীৰ কাৰণেও এটা গুৰুত্বপূৰ্ণ খবৰ হিচাপে চিহ্নিত হৈছে।