Home Blog Page 1457

মণিপুৰ কাণ্ডকলৈ প্ৰতিক্ৰিয়া অক্ষয় কুমাৰ, বিবেক অগ্নিহোত্ৰী, কিয়াৰা আদৱানী আৰু বহু তাৰকাৰ…

মণিপুৰ বৰ্বৰ কাণ্ডই জোকাৰি গৈছে বহু তাৰকাৰ মন-মগজুৰ। এই ঘটনাক লৈ অক্ষয় কুমাৰ, বিবেক অগ্নিহোত্ৰী, কিয়াৰা আদৱানী আৰু বহু তাৰকাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দুগৰাকী মহিলাক লৈ কাণ্ড সংঘটিত হ’ল এই ভয়ংকৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত বিয়পি পৰা লগে সকলোৱে এই কাৰ্যক গৰিহণা দিছে। ছুপাৰষ্টাৰ অক্ষয় কুমাৰে টুইটাৰত মণিপুৰৰ এই ঘটনাক লৈ টুইট কৰে-

‘দ্য কাশ্মীৰ ফাইলছ’ৰ পৰিচালক বিবেক অগ্নিহোত্ৰীয়েও এই কাৰ্যক গৰিহণা দিছে।

ৰিতেশ দেশমুখেও এই অমানৱীয় আচৰণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। নাৰীৰ মৰ্যাদাত আঘাত হানিছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ ৰিতেশ দেশমুখেৰ।


কিয়াৰা আদৱানীয়েও ভিডিঅ’টোত প্ৰদৰ্শিত হিংসাত্মক কাৰ্যক ধিক্কাৰ দিয়ে। মহিলাসকলে সোনকালে ন্যায় লাভ কৰিবলৈ প্ৰাৰ্থনা কৰিছো বুলি মন্তব্য কৰে অভিনেত্ৰীগৰাকীয়ে। দোষীয়ে কঠোৰ শাস্তি পাব লাগে বুলি মন্তব্য কৰে।

এইসকল অভিনেতা-অভিনেত্ৰী উপৰিও বহুলোকৰে এই কাৰ্যক একেমুখে গৰিহণা দিছে।

নিশা কচুৱাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অভিযানত আটক তিনি ব্যক্তিক…

নিশা নগাঁৱৰ কচুৱাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ কচুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ঈৰ্শাদ আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত চলা অভিযানত এগৰাকী মহিলাসহ আটক কৰে চাৰিজন লোকক । আটকাধীন পুৰুষ দুজনৰ নাম শিৰাজুল ইছলাম, আমিৰ হামজা, শ্বহিদউল্লাহ ৷

ধৃত লোক কেইজনৰ পৰা এটা চাবোনৰ বাকছ ভৰ্ত্তি ড্ৰাগছসহ সত্তৰটা খালি কন্টেইনাৰ আৰু দুখন বাইক জব্দ কৰে আৰক্ষীয়ে। ধৃত লোক কেইজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

সাৱধান! যদি শৰীৰৰ এই ৫টা অংশ ফুলে, তেন্তে সেয়া ফেটি লিভাৰৰ লক্ষণ হ’ব পাৰে…

শৰীৰৰ প্ৰতিটো সৰু-বৰ পৰিৱৰ্তনৰ আঁৰত কিবা নহয় কিবা কাৰণ থাকে। বহু সময়ত মানুহে এই পৰিৱৰ্তনবোৰক আওকাণ কৰে। আজি আমি আপোনালোকক কম ফেটি লিভাৰ ৰোগৰ লক্ষণ সমূহৰ বিষয়ে। ‘ফেটি লিভাৰ’ হৈছে যকৃতত চৰ্বি জমা হোৱাৰ ফলত হোৱা এবিধ ৰোগ। এই ৰোগৰ সময়মতে চিকিৎসা নকৰিলে ইয়াৰ ফলত গুৰুতৰ সমস্যা হ’ব পাৰে। চৰ্বিযুক্ত যকৃতৰ ৰোগৰ লক্ষণ চিনাক্ত কৰাটো অতি কঠিন। বহুতৰে শৰীৰত এই ৰোগৰ কোনো লক্ষণো দেখা পোৱা নাযায়। এই ৰোগৰ পৰা হাত সাৰিবলৈ শৰীৰৰ কিছুমান অংশৰ পৰিৱৰ্তনৰ প্ৰতি গুৰুত্ব দিব লাগিব। এই পৰিৱৰ্তন বা ফেটি লিভাৰৰ লক্ষণ সমূহ হৈছে-

১) পেটঃ পেট ফুলিলে ফেটি লিভাৰ ৰোগৰ লক্ষণ হ’ব পাৰে। কাৰণ যেতিয়াই যকৃতত চৰ্বি জমা হয় তেতিয়াই পেটত ফুলাৰ সমস্যাৰ সৃষ্টি হয়। শৰীৰত এই লক্ষণ দেখা পালে চিকিৎসকৰ ওচৰলৈ যোৱাত পলম নকৰিব।

২) গোৰোহা: গোৰোহা ফুলাও এই ৰোগৰ লক্ষণ হ’ব পাৰে। কাৰণ যেতিয়া যকৃতত অধিক চৰ্বি জমা হয় তেতিয়া শৰীৰতো বিশেষকৈ ভৰিৰ গোৰোহাত তৰল পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰে। যদি আপোনাৰ ভৰিৰ গোৰোহা আৰু ভৰি ফুলিবলৈ আৰম্ভ কৰিছে, তেন্তে লগে লগে চিকিৎসকক পৰীক্ষা কৰাওক।

৩) চকুঃ চৰ্বিযুক্ত যকৃতৰ ৰোগৰ অন্যতম লক্ষণ হ’ল চকু ফুলা। যকৃতত অত্যধিক চৰ্বি জমা হ’বলৈ আৰম্ভ কৰিলে এনে হয়। ইয়াৰ প্ৰভাৱৰ বাবে চকুৰ আশে-পাশে থকা অংশত তৰল পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰে, যাৰ বাবে চকুত ফুলাৰ সমস্যাৰ সৃষ্টি হয়। যদি আপুনি চকুত ফুলাৰ সমস্যা অনুভৱ কৰি আছে, তেন্তে ইয়াক একেবাৰেই আওকাণ নকৰিব।

৪) ভৰিঃ ভৰিৰ ফুলাটোও ফেটি লিভাৰ ৰোগৰ লক্ষণ হ’ব পাৰে। ভৰিৰ বিষ, ফুলা আৰু ছালত অত্যধিক কোমলতা অনুভৱ কৰিলে তৎক্ষণাত চিকিৎসকৰ ওচৰলৈ যাওক।

৫) গাঁঠিৰ বিষ বা জঠৰতাঃ গাঁঠিৰ জঠৰতা আৰু বিষও ফেটি লিভাৰ ৰোগৰ লক্ষণ হ’ব পাৰে। যেতিয়া যকৃতত চৰ্বি অতিৰিক্তভাৱে জমা হয়, তেতিয়া শৰীৰত তৰল পদাৰ্থও জমা হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত গাঁঠিবোৰত প্ৰভাৱ পৰিব পাৰে আৰু গাঁঠি ফুলি উঠিব পাৰে।

গতিকে এই সমস্যা সমূহক কেতিয়াও আওকাণ নকৰিব। ডাক্তৰৰ পৰামৰ্শ লোৱা উচিত।

থাইৰয়ড ৰোগীয়ে কি কি খাদ্য খাব নালাগে…

থাইৰয়ডৰ সমস্যাৰ বাবে পেশীত যথেষ্ট বিষ হয়। যদি আপোনাৰ থাইৰয়ডৰ সমস্যা আছে, তেন্তে আপুনি কিছুমান বিশেষ বস্তু সেৱন কৰাটো পৰিহাৰ কৰিব লাগিব। থাইৰয়ড আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ গ্ৰন্থি, য’ৰ পৰা থাইৰ’ক্সিন হৰম’ন নিৰ্গত হয়। এই হৰম’নটো ইমানেই গুৰুত্বপূৰ্ণ যে ইয়াৰ হ্ৰাস বা অতিৰিক্ততা দুয়োটা এক ৰোগ। দুয়োটা পৰিস্থিতিতে এজন ব্যক্তিয়ে বিপদৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। থাইৰয়ডৰ সমস্যাৰ বাবে পেশীত বহুত বিষ, গাঁঠিৰ বিষ, ছাল শুকান, মেদবহুলতা আদি সমস্যা হ’বলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত খাদ্য-পানীয়ৰ বিশেষ যত্ন লোৱা উচিত। থাইৰয়ডৰ সমস্যা থকা ব্যক্তিসকলে কি কি খাদ্য খাব নালাগে-

অধিক আঁহযুক্ত শাক-পাচলি স্বাস্থ্যৰ বাবে ভাল বুলি গণ্য কৰা হয়। কিন্তু আপুনি জানেনে যে থাইৰয়ড ৰোগীয়ে আঁহযুক্ত শাক-পাচলি খাব নালাগে। এইবোৰ সেৱন কৰিলে আপোনাৰ সমস্যা বৃদ্ধি পাব পাৰে, আনহাতে পেটৰ লগত জড়িত সমস্যাও হ’ব পাৰে। সেইবাবেই বীন, আঁহযুক্ত শাক-পাচলি খোৱাৰ পৰা বিৰত থাকিব লাগে।

যদি আপোনাৰ থাইৰয়ডৰ সমস্যা আছে, তেন্তে ভুলতেও সৰিয়হৰ সামগ্ৰী সেৱন কৰা উচিত নহয়। সৰিয়হৰ সামগ্ৰী সেৱন কৰিলে থাইৰয়ডৰ সমস্যা বৃদ্ধি পাব পাৰে। যদি আপুনি সুস্থ হৈ থাকিব বিচাৰে তেন্তে মৌ খোৱাৰ পৰাও বিৰত থাকিব।

থাইৰয়ড ৰোগীয়ে সেইবোৰ বস্তু খাব নালাগে য’ত গ্লুটেন প্ৰ’টিন থাকে। গ্লুটেনে থাইৰয়ডৰ ঔষধ নিষ্ক্ৰিয় কৰে, যাৰ বাবে সমস্যা বৃদ্ধি পাব পাৰে। সেইবাবেই গ্লুটেন ফুড যেনে ব্ৰেড, বাৰ্গাৰ, কেক, কেণ্ডি আদি বস্তু খোৱাৰ পৰা বিৰত থাকক।

থাইৰয়ডৰ সমস্যাত প্ৰচেছড খাদ্য খাব নালাগে। প্ৰচেছড খাদ্য সেৱন কৰিলে আপোনাৰ সমস্যা বৃদ্ধি পাব পাৰে।

এনেবোৰ ঘৰত টকাৰ নাটনি হয়। মা-লক্ষ্মীয়ে লগ নিদিয়ে ! কিয় জানেনে…

চাণক্য নীতিত কোৱা হৈছে যে কেনেধৰণৰ মানুহে জীৱনত অপৰিসীম ধন-সম্পত্তি উপাৰ্জন কৰে কোনবোৰ মানুহক টকাই লগ নিদিয়ে। বিশ্বৰ মহান অৰ্থনীতিবিদ, কূটনীতিবিদ আৰু পথ প্ৰদৰ্শক আচাৰ্য চাণক্যই বহু কথাই কৈ গৈছে, যাৰ দ্বাৰা এজন ব্যক্তিয়ে অপৰিসীম ধন-সম্পত্তি আৰু সফলতা লাভ কৰিব পাৰে। আজি আমি আপোনালোকক জনাম কেনে মানুহক ধন-সম্পত্তিয়ে লগ দিয়ে আৰু কেনে মানুহক ধন-সম্পত্তিয়ে লগ নিদিয়ে-

এলেহুৱা মানুহ- যিসকল এলেহুৱা, পৰিশ্ৰম নকৰে, তেওঁলোকৰ প্ৰতি মা লক্ষ্মী কেতিয়াও দয়ালু নহয়। এনে মানুহ ধনী হ’লেও দুখীয়া হ’বলৈ বেছি সময় নালাগে। পূৰ্বপুৰুষৰ উত্তৰাধিকাৰো ধ্বংস কৰে। গতিকে যদি আপুনি মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব বিচাৰে তেন্তে সদায় কৰ্মৰ ওপৰত নিৰ্ভৰ কৰক।

লেতেৰা মানুহ- যিসকল লোকে লেতেৰাকৈ থাকে। য’ত পৰিষ্কাৰ-পৰিচ্ছন্নতা নাই, মা লক্ষ্মীয়ে কেতিয়াও তাত বাস নকৰে। লেতেৰাৰ লগতে এনে ঘৰবোৰত সদায় দৰিদ্ৰতা থাকে। এই লোকসকলে কঠোৰ পৰিশ্ৰম কৰিলেও ধনী হ’ব নোৱাৰে। ইয়াৰ লগতে তেওঁৰ চিন্তাধাৰাও নেতিবাচক হৈয়েই থাকে। প্ৰায়ে ৰোগ, ঋণৰ বলি হৈ দুৰ্বিষহ জীৱন যাপন কৰিবলগীয়া হয়।

কাজিয়া – প্ৰতিটো বিষয়ত কাজিয়া কৰা, তিক্ত কথা কোৱা বা সঘনাই কাজিয়া হোৱা ঘৰত মা লক্ষ্মীয়ে কেতিয়াও তাত বাস নকৰে। এনেবোৰ ঘৰত মা লক্ষ্মীৰ কোনো আশীৰ্বাদ নাথাকে। এই লোকসকলে সদায় দুৰ্দশা আৰু দৰিদ্ৰতাত জীৱন কটায়। সমাজতো তেওঁলোকৰ সন্মান নাই।

প্ৰৱঞ্চক মানুহ- আনৰ টকাৰ ওপৰত বেয়া চকু ৰাখি ভুল উপায়েৰে টকা উপাৰ্জন কৰিবলৈ চেষ্টা কৰা এনে লোকৰ লগতো টকা নাথাকে। ভুল কাম কৰি সোনকালে ধনী হ’লেও দৰিদ্ৰ হ’বলৈও বেছি সময় নালাগে।

কৰ্মৰ পৰা এবছৰ বিৰতি অভিনেত্ৰী সামান্থা ৰুথ প্ৰভুৰ। এবছৰত অভিনেত্ৰীগৰাকীয়ে ১০-১২ কোটি টকা লোকচানৰ সন্মুখীন হ’ব…

কামৰ পৰা মাত্ৰ এবছৰৰ বিৰতি লৈছে দক্ষিণৰ অভিনেত্ৰী সামন্থা ৰুথ প্ৰভুৱে। আনহাতে খবৰ অনুসৰি এই বিৰতিৰ ফলত সামন্থাৰ ১০ৰ পৰা ১২ কোটি টকাৰ লোকচান হ’ব পাৰে। শেহতীয়াকৈ দক্ষিণ উদ্যোগৰ শীৰ্ষ অভিনেত্ৰী সামন্থা ৰুথ প্ৰভুৱে স্বাস্থ্যৰ বাবে অভিনয়ৰ পৰা এবছৰৰ বিৰতি লোৱাৰ খবৰ ওলাইছিল। একে সময়তে এই বিৰতিৰ ফলত অভিনেত্ৰীগৰাকীৰ বৃহৎ ক্ষতি হ’ব বুলিও খবৰ ওলাইছে। খবৰ অনুসৰি সামন্থাই বিৰতি ল’লে ১২ কোটি টকাৰ লোকচান হোৱাৰ সম্ভাৱনা।

খবৰ অনুসৰি সামন্থাই তেওঁৰ প্ৰতিখন ছবিৰ বাবে ৩ৰ পৰা ৪ কোটি টকা মাচুল লয়। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে ৩টা নতুন প্ৰজেক্টত স্বাক্ষৰ কৰিছিল। এনে পৰিস্থিতিত অনুমান কৰা হৈছে যে যদি সঁচাই অভিনেত্ৰীগৰাকীয়ে কামৰ পৰা বিৰতি লৈছে, তেন্তে তেওঁৰ প্ৰায় ১০-১২ কোটি টকাৰ লোকচান হ’ব। কিন্তু এতিয়ালৈকে এই বিষয়ত সামান্থাই কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

সামন্ত ৰুথ প্ৰভুৱে বিৰতি লোৱাৰ খবৰ যেতিয়া চৰ্চালৈ আহে তেতিয়া অভিনেত্ৰীগৰাকীয়ে নিজেই ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি নিজৰ ব্ৰেক নিশ্চিত কৰে। ‘চিটাডেল’ৰ শ্বুটিং শেষ হোৱাৰ পিছতে তেওঁ অনুৰাগীক এই খবৰ দিলে। আচলতে সামান্থা মাইঅ’চাইটিছ নামৰ ৰোগৰ বলি। এই ৰোগে শৰীৰ আৰু মাংসপেশীত আক্ৰান্ত হয়।

শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে সাধগুৰুৰ আশ্ৰমৰ কিছু ছবি শ্বেয়াৰ কৰিছে। য’ত তেওঁক ধ্যানত মগ্ন হৈ থকা দেখা গৈছে।

শাওণ মাহত মাছ-মাংস সেৱন নকৰাৰ বৈজ্ঞানিক কাৰণ কি…

শাওণ মাহত কিয় মাছ-মাংস সেৱন নকৰে? ইয়াৰো আছে বহু বৈজ্ঞানিক কাৰণ। গ্ৰীষ্মৰ, বাৰিষাৰ পিছত পৰিবেশ সম্পূৰ্ণৰূপে সলনি হয়, লগতে বতৰৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ দৈনন্দিন খাদ্যাভ্যাসও পৰিৱৰ্তন কৰাটো প্ৰয়োজনীয় যাতে স্বাস্থ্যৰ ওপৰত কোনো বেয়া প্ৰভাৱ নপৰে। এই সময়ছোৱাত কিয় মাছ-মাংস খোৱা নহয়-

ধৰ্মীয় দৃষ্টিকোণৰ পৰা ভগৱান শিৱক পূজা কৰাৰ বাবে শাওণ মাহত নিৰামিষ খাদ্য খোৱা হয়। বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা এই সময়ছোৱাত নিৰামিষ খাদ্য খাব লাগে। কিন্তু, কিয়? ইয়াৰ বৈজ্ঞানিক কাৰণ হৈছে-

বাৰিষাৰ প্ৰচণ্ড বৰষুণৰ বাবে বতাহত আৰ্দ্ৰতা বাঢ়ি যায়, তাৰ পিছত ভেঁকুৰৰ সংক্ৰমণ আৰু আশংকা বাঢ়িবলৈ আৰম্ভ কৰে আৰু খাদ্য সামগ্ৰীসমূহ সোনকালেই পচিবলৈ আৰম্ভ হয়। কাৰণ বাৰিষাৰ সময়ত প্ৰত্যক্ষ সূৰ্যৰ পোহৰৰ অভাৱ হয়।

বৰষুণৰ সময়ত বায়ুমণ্ডলত আৰ্দ্ৰতা বৃদ্ধি পায় যাৰ ফলত আমাৰ পাচন তন্ত্ৰৰ প্ৰভাৱ কমি যায়। যিহেতু আমিষ খাদ্য হজম হ’বলৈ অধিক সময় লাগে আৰু যদি হজম শক্তি দুৰ্বল হৈ পৰে তেন্তে আমিষ খাদ্য অন্ত্ৰত পচিবলৈ আৰম্ভ কৰে আৰু খাদ্য বিষক্ৰিয়াৰ আশংকাও দেখা দিয়ে।

বাৰিষাৰ সময়ত পোক-পৰুৱাৰ সংখ্যা যথেষ্ট বৃদ্ধি পায় আৰু ইয়াৰ বাবে ডেংগু মহ বাঢ়িবলৈ আৰম্ভ কৰে। যাৰ বাবে জীৱ-জন্তুবোৰো অসুস্থ হৈ পৰে, গতিকে এই সময়ছোৱাত মাংস খালে শৰীৰৰ ক্ষতি হ’ব পাৰে।

মাছ খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী, কিন্তু বাৰিষাত মাছ খাব নালাগে। আচলতে ধাৰাসাৰ বৰষুণৰ বাবে সকলো মলি পুখুৰীলৈ বৈ যায়, যাৰ বাবে মাছবোৰ দূষিত হয়। যদি আপুনি এই মাছবোৰ খায় তেন্তে আপুনিও অসুস্থ হ’ব পাৰে।

ফটা গাখীৰ ব্যৱহাৰ কৰি বৃদ্ধি কৰক মুখৰ সৌন্দৰ্যতা…

ফটা গাখীৰ ব্যৱহাৰ কৰি জিলিকাই তুলক আপোনাৰ মুখখন। যদি গাখীৰ দৈ হয়, তেন্তে পেলোৱাৰ আগতে ইয়াৰ উপকাৰিতাৰ বিষয়ে জানি লওক। এই ফাটি যোৱা গাখীৰ ছালৰ বাবে বহু উপকাৰী। বাৰিষা কালত ছালৰ যত্নৰ পদ্ধতি সম্পূৰ্ণ বেলেগ। এই বতৰত কেতিয়াবা অতি গৰম আকৌ কেতিয়াবা ঠাণ্ডা বাঢ়ি যায়। কেতিয়াবা ঘাম ওলায় আৰু কেতিয়াবা গুটি ওলাই। ঘৰত ৰখা গাখীৰ ফাটি যোৱাৰ লগে লগে পেলাই নিদি সঠিক ব্যৱহাৰ কৰক।


ফটা গাখীৰৰ দ্বাৰা আপুনি মুখৰ বাবে চিৰাম বনাব পাৰে। এই ছিৰাম বনাবলৈ কেঁচা গাখীৰ একাপ, অলপ নেমু, আলপ হালধি, এচামুচ গ্লিচাৰিন আৰু অলপ নিমখৰ প্ৰয়োজন।

প্ৰথমে গাখীৰ দৈ কৰি ফেচ ছিৰাম বনাব লাগিব। ইয়াৰ বাবে প্ৰথমে গাখীৰ উতলাই ল’ব। গাখীৰ উতলিবলৈ আৰম্ভ হ’লে তাত নেমুৰ ৰস দিব। তেতিয়া গাখীৰ দৈ হ’ব। দৈযুক্ত গাখীৰখিনি ষ্ট্ৰেনাৰত লৈ ফিল্টাৰ কৰি লওক। গাখীৰৰ ডাঠ অংশ ব্যৱহাৰ কৰিব নালাগে। তাৰ সলনি ফটা গাখীৰৰ পানী ল’ব লাগিব। তাত গ্লিচাৰিন, হলাধি আৰু নিমখ দিব। বুজিব যে ফেচ ছিৰাম প্ৰস্তুত হৈছে। তাৰ পিছত গ্লাছৰ বটলত ভৰাই ফ্ৰীজত ৰাখিব।

এই ছিৰাম ব্যৱহাৰ কৰিবলৈ পৰিষ্কাৰকৈ ফেচ ৱাছ কৰাটো প্ৰয়োজনীয়। মুখখন ভালদৰে ধুব। হাতত কেইটোপালমান ছিৰাম লৈ মুখখন মালিচ কৰক। মুখৰ পৰা ডিঙিলৈকে মালিচ কৰক। ছালত উপস্থিত দৈযুক্ত গাখীৰৰ পানীয়ে ইয়াক ভালদৰে হাইড্ৰেট কৰিব। গ্লিচাৰিন থকাৰ বিপৰীতে হালধিত এন্টি অক্সিডেন্টৰ গুণেৰে ছালখন উজ্জ্বল কৰি তুলিব আৰু নিমখে ছালত উপস্থিত থকা মৃত ছালখন আঁতৰাই পেলাব।

বিয়াৰ পিছত অভিনয় কৰাত বাধা প্ৰদান স্বামীৰ! জেনেলিয়া দেশমুখে ক’লে সকলো কথা…

বিয়াৰ পিছত অভিনয় কৰাত বাধা প্ৰদান স্বামীৰ! জেনেলিয়া দেশমুখে ক’লে সকলো কথা। অভিনয় আৰু কেৰিয়াৰক লৈ বহু কথা প্ৰকাশ কৰিলে জেনেলিয়া দেশমুখে। অবিনেত্ৰীগৰাকীয়ে কয় যে পতি ৰিতেশে তেওঁক কেতিয়াও অভিনয়ত বাধা দিয়া নাই। জেনেলিয়া দেশমুখ আৰু ৰিতেশ দেশমুখৰ যুটিটো বলীউডৰ অন্যতম শ্ৰেষ্ঠ যুটি বুলি গণ্য কৰা হয়। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীক ৰিতেশে অভিনয়ত বাধা প্ৰদান কৰিছে নেকি বুলি সোধা হৈছিল, যাৰ উত্তৰত অভিনেত্ৰীগৰাকীয়ে কয় যে অভিনয় কৰা বা নকৰাটো মোৰ সিদ্ধান্ত। মোৰ স্বামীয়ে অভিনয়ৰ ক্ষেত্ৰত মোক কেতিয়াও বাদা প্ৰদান কৰা নাই।

জেনেলিয়া আৰু ৰিতেশৰ বিবাহ ২০১২ চনত হৈছিল। বিয়াৰ পূৰ্বেও দুয়োৰে মাজত বহুদিন সম্পৰ্ক আছিল। বিবাহৰ দুবছৰৰ পিছত তেওঁলোকৰ প্ৰথম সন্তান ৰিয়ানৰ জন্ম হয় আৰু ২০১৬ চনত তেওঁলোকৰ দ্বিতীয় সন্তানৰ জন্ম হয়। তেওঁলোকৰ দ্বিতীয় সন্তানৰ নাম ৰাহিল দেশমুখ । অতি সোনকালে অভিনেত্ৰী জেনেলিয়াক আলেয়া সেনৰ ছবি ট্ৰাইল পিৰিয়ডত দেখা যাব।জেনেলিয়াৰ উপৰিও এই ছবিখনত শক্তি কাপুৰ, গজৰাজ ৰাও, শ্বীবা চাড্ডা আৰু জিদান ব্ৰাছেও অভিনয় কৰিছে।এই ছবিখন ২১ জুলাইত জিঅ’ চিনেমাত মুক্তি পাব।

পৰিবহণ খণ্ডৰ আদৰ্শনীয় পদক্ষেপ। বাহনৰ ফিটনেছ প্ৰমাণপত্ৰ নবীকৰণ কৰিবলৈ আহ্বান পৰিবহণ খণ্ডৰ…

📌পৰিবহণ খণ্ডৰ আদৰ্শনীয় পদক্ষেপ

📌বাহনৰ ফিটনেছ প্ৰমাণপত্ৰ নবীকৰণ কৰিবলৈ আহ্বান পৰিবহণ খণ্ডৰ

📌এই আদৰ্শনীয় পদক্ষেপ গ্ৰহণ কৰিছে উত্তৰ গুৱাহাটী কলেজ নগৰ চকত আৰক্ষী প্ৰশাসনে

প্ৰমাণপত্ৰ নবীকৰণ কি দৰে কৰিব-

পৰিবহণ খণ্ডত দ্বিতীয়তম বৃহৎ সকাহ
আপোনাৰ বাহনৰ ফিটনেছ প্রমাণপত্ৰ নৱীকৰণ কৰক
১। পৰিবহণ খণ্ডত শেষবাৰলৈ দ্বিতীয়তম বৃহৎ সকাহ।
২। শেষবাৰলৈ এককালীন সুবিধাটি গ্ৰহণ কৰক, অন্যথা চৰকাৰে প্ৰদান কৰা এই ৩ মাহত
সুবিধাটো গ্ৰহণ নকৰি আপোনাৰ ফিটনেছ প্ৰমাণপত্ৰখন নবীকৰণ নকৰিলে আপোনাৰ বাহনখনক সম্পূৰ্ণৰূপে বিকল বুলি ভাবি চৰকাৰে পঞ্জীয়ন পত্ৰ (Registration
Certificate) বাতিল কৰিব।

৩। হ্ৰাস কৰা বিলম্ব মাচুলেৰে আপোনাৰ বাহনৰ ফিটনেছ প্ৰমাণপত্ৰ নবীকৰণ কৰক ।
৪। সক্ৰিয়কৰণৰ তাৰিখ ১৫-০৭-২০২৩ ৰ পৰা অন্তিম আবেদনৰ তাৰিখ ১৫-০৯-2020
পর্যন্ত। (আবেদনৰ বৈধতা মাত্র ২ মাহ)
৬। কেনেকৈ আবেদন কৰিব –
ওপৰৰ কথাখিনিৰ সুবিধা কেৱল www.parivahan.gov.in ত অনলাইন আবেদন কৰা বাহনৰ মালিকসকলেহে লাভ কৰিব পাৰিব। ২ (দুটা) মাহৰ ভিতৰত অৰ্থাৎ ১৫-০১-২০২৩ লৈকে। (মালিকসকলে ওচৰৰ CSC ত আবেদন কৰিব পাৰে) এই সুবিধা লাভ কৰিবলৈ বাহনৰ মালিকসকলে যিকোনো বাকী থকা মটৰ গাড়ী কৰ/জমিনা আদায় দিব লাগিব আৰু বাহনৰ নথিপত্র (প্রযোজ্য অনুসৰি আপডেট কৰিব লাগিব।

যদি কোনো বাহনৰ মালিকে অনলাইন আবেদন কৰি উক্ত সময়ৰ ভিতৰত বাহনখনক বিভাগীয় কাৰ্যালয়ত উপস্থিত নকৰাই তাৰ বাবে সকলিষ্ট কার্যালয় দায়ী নহয়।