Breaking

মণিপুৰৰ কাণ্ডৰ বিৰুদ্ধাচৰণেৰে ছ’চিয়েল মিডিয়াত ‘আপ’ ৰ ব্যাপক ট্ৰেণ্ডিং অভিযান

0 258

বিগত প্ৰায় চাৰে তিনি মাহে গোষ্ঠী সংঘর্ষ অব্যাহত থকা মণিপুৰত শেহতীয়াকৈ সংঘটিত এক ভয়ানক তথা বীভৎস ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমি পাৰ্টীয়ে।

ৰাজ্যখনত ধৰ্মীয় অনুষ্ঠানবোৰৰ লগতে মানুহৰ ঘৰ-বাৰী জ্বলিয়েই আছে আৰু মানুহক হত্যা কৰিয়েই আছে। এই ঘটনাৰ মাজতে দুস্কৃতিকাৰীৰ এটা দলে দুগৰাকী মহিলাক উলংগ হ’বলৈ বাধ্য কৰাৰ লগতে তেনে অৱস্থাতে তেওঁলোকক অসংখ্য লোকৰ সন্মুখতে ৰাজপথত পেৰেড কৰোৱায়।

দুষ্কৃতিকাৰীয়ে ইয়াতে ক্ষান্ত নাথাকি মহিলা দুগৰাকীক ধাননি পথাৰলৈ নি দলবদ্ধ ধর্ষণ কৰে। এই অমানুষিক নির্যানতৰ ঘটনাক আম আদমি পার্টীয়ে তীব্র ক্ষোভ প্রকাশ কৰে আৰু ইয়াৰ বিৰুদ্ধে আজি সামাজিক মাধ্যমত বিজেপি চৰকাৰে সংঘৰ্ষ দমন কৰাত সম্পূর্ণ ব্যর্থ হোৱাৰ প্ৰতিবাদত ‘মণিপুৰক বচাওক’ শীৰ্ষক ব্যাপক ট্ৰেণ্ডিং অভিযান আৰম্ভ কৰে।

অভিযানত আপৰ সভাপতি ডাঃ ভবেন চৌধুৰীয়ে কয় যে – ৩০০ৰো অধিক লোকৰ মৃত্যু, ১ লাখৰো অধিক লোক গৃহহীন, হাজাৰ হাজৰ সেনা আৰক্ষীয়েও নিয়ন্ত্ৰণ কৰিব নোৱাৰা পৰিস্থিতিত আজি ৭৮ দিন পিছত প্ৰধানমন্ত্ৰীয়ে মণিপুৰ প্ৰসংগত মুখ খুলিছে। তেওঁৰ দীৰ্ঘদিনৰ নীৰৱতালৈ চাই মণিপুৰবাসীয়ে য’তে আছে তাৰে পৰাই প্ৰধানমন্ত্ৰীক বিহীত ব্যৱস্থা ল’বলৈ কাতৰ অনুৰোধ কৰি আহিছিল। আজি মণিপুৰৰ ঘটনাই লজ্জিত কৰিছে সমগ্র দেশবাসীক।

অমৃত কালত অষ্টলক্ষ্মীৰ দেশত নাৰীৰ সন্মান মুকলিকৈ নিলাম হৈছে। মহিলা, যুৱতীক বিব্ৰক্ত কৰি ৰাজপথৰ জন্তু জানোৱাৰতকৈ অধমভাৱে ভাষাহীন নির্যাতন চলোৱা হৈছে। মণিপুৰক বচোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বৰ্তমান সময়ত খৰতকীয়াভাৱে আইন-শৃংখলা ব্যৱস্থা উন্নত কৰাৰ প্ৰয়োজন আছে। আপৰ সামাজিক মাধ্যমৰ সমন্বয়ক তাৰিক চৌধুৰীৰ নেতৃত্বত চলা টেণ্ডিং অভিযানত ‘মণিপুৰক ৰক্ষা কৰক’, ‘মণিপুৰলৈ শান্তি ঘূৰাই আনক’, ‘মণিপুৰত মহিলাক নিৰ্যাতন বন্ধ কৰক’ আদি শ্লোগানেৰে প্ৰধানমন্ত্ৰীক আৰু গৃহমন্ত্ৰীক মহিলাৰ ওপৰত চলা অত্যাচাৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

দিনৰ ২ বজাৰ পৰা আৰম্ভ হোৱা এই ট্রেণ্ডিঙে ছ’চিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰা বুলি দলটোৱে জানিবলৈ দিয়ে।

Leave A Reply