Home Blog Page 1462

ফ্ৰান্সত প্ৰধানমন্ত্ৰী মোদীৰ ৰাতিৰ আহাৰ গ্ৰহণ অনুষ্ঠানত বাজিল এ আৰ ৰহমানৰ গীত, গীতৰ তালে তালে নাচিলে ইমানুৱেল মেক্ৰনে…

ফ্ৰান্সত প্ৰধানমন্ত্ৰী মোদীৰ ৰাতিৰ আহাৰ গ্ৰহণ অনুষ্ঠানত বাজিল এ আৰ ৰহমানৰ গীত, গীতৰ তালে তালে নাচিলে ইমানুৱেল মেক্ৰনে। ভাইৰেল ভিডিঅ’ চাওক! ফ্ৰান্সৰ ‘ৰাষ্ট্ৰীয় দিৱস’ত লুভ্ৰ মিউজিয়ামত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সময়তে তাত দুবাৰকৈ এ আৰ ৰহমানৰ বিখ্যাত গীত ‘জয় হো’ বজাইছিল। ভিডিঅ’টোৰ বিশেষ কথাটো হ’ল ফৰাচী গায়কসকলে ‘জয় হো’ গীতটো গোৱা শুনা যায়। ভিডিঅ’টো চাওক-

আচলতে এই ৰাতিৰ আহাৰ ১৪ জুলাই অৰ্থাৎ ফ্ৰান্সৰ ‘ৰাষ্ট্ৰীয় দিৱস’ত লুভ্ৰ মিউজিয়ামত আয়োজন কৰা হৈছিল। য’ত প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনায় ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰন আৰু ফ্ৰান্সৰ প্ৰথম মহিলা ব্ৰীজিট মেক্ৰনে। এই ‘জয় হো’ গীতটো বিখ্যাত সংগীত শিল্পী এ আৰ ৰহমানৰ। যিয়ে ২০০৯ চনত ৮১ সংখ্যক একাডেমী বঁটাত শ্ৰেষ্ঠ গীতৰ বঁটা লাভ কৰিছিল। ইয়াৰ উপৰিও গীতটোৱে ৫২ সংখ্যক গ্ৰেমীত ‘চলচ্চিত্ৰৰ বাবে লিখা শ্ৰেষ্ঠ গীত’ শাখাতো বঁটা লাভ কৰে।

গ্ৰীনভেলী একাডেমী নাম্বাৰপাৰাত ছাত্ৰ-ছাত্ৰীক গছপুলি ৰোপণৰ মানসিকতাৰ সৃষ্টি কৰিবলৈ গছপুলি ৰোপণ কাৰ্যসূচী…

গছ থাকিলেহে মানুহ জীয়াই থাকিব শ্লোগান লৈ মানাহ ভেলী বিকাশ মঞ্চৰ সম্পাদক আৰফান আলী উপস্থিত হয় গ্ৰীনভেলী একাডেমী নাম্বাৰপাৰাত। আজি ৰাতিপুৱা বঙাইগাঁও জিলাৰ গ্ৰীনভেলী একাডেমী নাম্বাৰপাৰাত এখন ফুলৰ বাগিছাৰ শুভাৰম্ভণি কৰে। একাডেমী খন অধ্যক্ষ ৰফিকুল ইছলামে জানিবলৈ দিয়া মতে গোলকীয় উষ্ণতাৰ পৰা ৰক্ষা পোৱা, পৰিৱেশ ভালকৈ ৰখাৰ বাবে গছপুলি ৰোপণ কৰাৰ বিকল্প নাই, সেই বাবে ছাত্ৰ-ছাত্ৰীক গছপুলি ৰোপণ কৰাৰ মানসিকতা সৃষ্টি কৰিবলৈ এখন ফুলৰ বাগিছা স্থাপন কৰা হয়। বাগিছা খনত ফুল গছ ৰোপণ কৰি শুভাৰম্ভণি কৰে আৰফান আলীৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষক হাজী নুৰুল ইছলাম চৌধুৰীয়ে।

অনুষ্ঠানত প্ৰথমে অতিথি দ্বয় আৰফান আলী, হাজী নুৰুল ইছলাম চৌধুৰীৰ লগতে গ্ৰীনভেলী একাডেমীৰ ভাৰপ্ৰাপ্ত সভাপতি জাকিৰ হুছেইন, সম্পাদক মজনু মিঞা, সহকাৰী সম্পাদক হাফিজ ৰকিবুল ইছলাম, অধ্যক্ষ ৰফিকুল ইছলাম, উপাধ্যক্ষ ছবুৰ উদ্দিন দেৱান, স্থানীয় সেনা জোৱান ইমৰাণ খানক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। গছপুলি ৰোপণ কাৰ্যসূচীত আন আন শিক্ষক শিক্ষয়িত্ৰীৰ লগতে কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰে। আৰফান আলী আৰু অৱসৰপ্ৰাপ্ত শিক্ষক হাজী নুৰুল ইছলাম চৌধুৰীয়ে ছাত্ৰ ছাত্ৰীক ঘৰতে গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনায়।


মহিলাক দলবদ্ধ ধৰ্ষণ, অভিযুক্ত বিজেপি নেতাৰ পুত্ৰকে ধৰি চাৰিজন

চাৰিজন লোকৰ বিৰুদ্ধে এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ আৰু কিশোৰী ভগ্নীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷ অভিযুক্তৰ ভিতৰত এজন বিজেপি নেতাৰ পুত্ৰও আছে। মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰৰ সমষ্টি দতিয়াত সংঘটিত হৈছে এই ঘটনা। মহিলাগৰাকীৰ আত্মীয়-স্বজন আৰু ওচৰ-চুবুৰীয়াই অভিযুক্তক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবীত দতিয়া থানা ঘেৰাও কৰে।

আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে যে তেওঁক আৰু তেওঁৰ ভগ্নীক চাৰিজন যুৱকে বলপূৰ্বকভাৱে তুলি লৈ যায়। খালী ঘৰলৈ নি তেওঁক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। কিশোৰী ভগ্নীকো নিৰ্যাতন চলোৱা হৈছিল। এই ঘটনাৰ পিছতে ভুক্তভোগী আৰু ভগ্নী ঘৰলৈ উভতি আহে। ইয়াৰ পিছতে ভুক্তভোগীৰ ভগ্নীয়ে আত্মহত্যাৰ চেষ্টা চলায়। উদ্ধাৰ কৰি সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

আৰক্ষীয়ে জনোৱা মতে, ভুক্তভোগী মহিলাগৰাকী আৰু তেওঁৰ ভগ্নী দুয়োজনেই ছাত্ৰী। চাৰিজন ব্যক্তিৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণ আৰু POCSOৰ গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে। এজন তদন্তকাৰী বিষয়াই জনোৱা মতে, আটাইকেইজন অভিযুক্ত উন্নাওৰ বাসিন্দা। দতিয়াৰ আৰক্ষী অধীক্ষক প্ৰদীপ শৰ্মাই কয় যে অভিযুক্ত আটাইকেইজন ছাত্ৰ-ছাত্ৰী। ইয়াৰ ভিতৰত এজন বিজেপি নেতাৰ পুত্ৰও আছে বুলি অভিযোগনামাত উল্লেখ কৰা হৈছে। এই ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰিছে দতিয়া। পৰিস্থিতি স্থবিৰ হৈ পৰিছে।

উন্নাও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জাদবেন্দ্ৰ সিং গুৰজাৰে এই ঘটনাৰ অভিযুক্তৰ ভিতৰত দুজন নাবালক আছে বুলি জানিবলৈ দিয়ে। দেওবাৰে গ্ৰেপ্তাৰ কৰা হয় এজন লোকক। দুই নাবালকক গ্ৰেপ্তাৰ কৰা হৈছে। পলাতক অভিযুক্তৰ বিৰুদ্ধে ১০ হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে তেওঁক বিচাৰি আছে।

দতিয়া জিলা বিজেপিৰ সভাপতি সুৰেন্দ্ৰ বুধোলিয়াই এই ঘটনাক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে। তেওঁ কয় যে যদি ভুক্তভোগীয়ে নিজৰ বক্তব্যত বিজেপি নেতাৰ পুত্ৰৰ নাম উল্লেখ কৰে তেন্তে সেই নেতাৰ বিৰুদ্ধে দলৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

বিশ্বনাথ জিলা পাতৰ সমাজৰ উদ্যোগত বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ শুভাৰম্ভণি…

বিশ্বনাথ জিলা পাতৰ সমাজৰ উদ্যোগত বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ শুভাৰম্ভণি। বিশ্বনাথ জিলাৰ অন্তৰ্গত পাতৰ জনগোষ্ঠীৰ অধ্যুষিত এলেকাৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক দিশৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত বিনামূলীয়া পাঠদানৰ কাৰ্যসূচী হাতত লৈছে বিশ্বনাথ জিলা পাতৰ সমাজে ৷ বিদ্যায়তনিক দিশৰ উপৰিও কলা-শিক্ষা, স্বাস্থ্য বিধি, ব্যায়াম-যোগাসন, কবিতা আবৃত্তি, সাধুকথা, অভিনয়, নৃত্য-গীতকে ধৰি বিভিন্ন শিক্ষামুলক দিশসমুহ কাৰ্যক্ৰমণিকাত সাঙুৰি লোৱা হৈছে।

ইতিমধ্যে বিশ্বনাথ জিলা পাতৰ সমাজৰ অন্তৰ্গত বালিজান, হনুপাম-টঙীয়া, চামগুৰি-ঘিলাধাৰী, ধূলি-বালিচাং, ডিপলোঙা-বেজৰহোলা, বৰপাম পাতৰবস্তি, আৰু মুখৰগড় প্ৰাথমিক সমিতিৰ গাঁও আৰু চাহ বাগিচা অঞ্চলত এই কাৰ্যসূচী ৰূপায়নৰ শুভাৰম্ভণি কৰা হৈছে বুলি জানিব দিয়ে বিশ্বনাথ জিলা পাতৰ সমাজৰ সম্পাদক কৃষ্ণ পাতৰ আৰু শিক্ষা আৰু সাহিত্য সম্পাদক লাচিত পাতৰে ৷ সেয়েহে কাৰ্যসূচীভাগ সকলোৰে সহযোগিতাত সাফল্যমণ্ডিত হোৱাৰ কামনা কৰে পাতৰ সমাজৰ বিষয়ববীয়া সকলে ৷

চুৰি বাইক সহ ৰঙিয়া আৰক্ষীৰ জালত পৰিল তিনিটাকৈ দুৰ্ধৰ্ষ চোৰ…

চুৰি বাইক সহ ৰঙিয়া আৰক্ষীৰ জালত পৰিল তিনিটাকৈ দুৰ্ধৰ্ষ চোৰ । ৰঙিয়া আৰক্ষীৰ জালত তিনিটা বাইক চোৰ । চোৰ কেইটা হল বাইহাতা চাৰিআলিৰ মইনুদ্দীন আহমেদ,নগাঁও কঠীয়াতলীৰ দীপ বড়ো আৰু নলবাৰী হৰিপুৰৰ চাহিল আহমেদ ।

ৰঙিয়া ৰেল ষ্টেচনৰ ওচৰৰ পৰা আৰক্ষীয়ে আটক কৰে চোৰ কেইটাক । এখন চুৰি কৰা পালচাৰ 220 বাইক সহ আটক কৰে আৰক্ষীয়ে । উদ্ধাৰ হোৱা বাইক খনৰ নম্বৰ হৈছে AS01DA0367।

গুৱাহাটীৰ ভৰলুমুখ থানাত এই বাইক খন চুৰি হোৱাৰ গোচৰ ৰুজু হৈ আছিল,আৰক্ষীয়ে অনুসন্ধাৰ কৰাৰ পিছত এই কথা পোহৰলৈ আহে ।আৰক্ষীয়ে তিনিওটা চোৰৰ পৰা সোধ পোচ অব্যহত ৰাখিছে ।

গুৱাহাটীত ভাষা বিষয়ক লৈ সংঘাত; ৩ জনক গ্ৰেপ্তাৰ

১৬ জুলাইৰ পুৱতি নিশা অসমীয়া ভাষাৰ ব্যৱহাৰক লৈ হোৱা বিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰাৰ ফলত গুৱাহাটীৰ এবিচি পইণ্টত শাৰীৰিক কাজিয়াৰ সৃষ্টি হয়।

ৰাতিৰ আহাৰ গ্ৰহণৰ উদ্দেশ্যেৰে বাৰ্বি হোটেল এণ্ড ফাষ্ট ফুডত উপস্থিত হোৱাত দৃশ্যমানভাৱে মদ্যপান কৰা পাঁচজন ব্যক্তি উপস্থিত হয়।

হিন্দীভাষী এজন যুৱকে অসমীয়াত কথা-বতৰা পতাৰ বাবে হোটেলৰ শ্রমিকসকলৰ ওপৰত আক্রমণ চলোৱাত পৰিস্থিতি শীঘ্ৰে তীব্রতৰ হৈ পৰে৷

হোটেলৰ কৰ্মচাৰীসকলৰ ওপৰত হোৱা আক্ৰমণৰ ফলত দৰ্শকে হস্তক্ষেপ কৰি অধিক ক্ষতি ৰোধ কৰিবলৈ বাধ্য হয়।কিন্তু মাৰপিট বন্ধ কৰিবলৈ চেষ্টা কৰা লোককো আক্ৰমণ কৰে যুৱকৰ দলটোয়ে, যাৰ ফলত সংঘাত আৰু অধিক ভয়াৱহ হৈ পৰে।

উত্তেজনা বৃদ্ধি পোৱাৰ লগে লগে ক্ষুব্ধ ভিৰটোৱে ওচৰৰ থাৰ বাহন এখন ভাঙি পেলোই যাৰ ফলত উত্তেজনা অধিক বৃদ্ধি পায়। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় ভঙাগড় আৰক্ষী।

ইয়াৰ লগত জড়িত পাঁচজন যুৱকৰ ভিতৰত তিনিজনক ভঙাগড়ৰ বিষয়াই আটক কৰাৰ বিপৰীতে বাকী দুজনে পলায়ন কৰে।

নাজিৰাৰ বামুনপুখুৰী আৰু সীমান্তৱৰ্তী চণ্টক, বিহুবৰত বানৰ বিভীষিকা…

নাজিৰাৰ বামুনপুখুৰী আৰু সীমান্তৱৰ্তী চণ্টক, বিহুবৰত বানৰ বিভীষিকা। দিখৌ নদীৰ মথাউৰিৰ প্ৰতি আহি পৰিছে চৰম ভাবুকি, পানীৰ তলত শ শ পৰিয়াল। ৰাজ্যত যোৱা কিছু দিনৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ বাবে নদী সমূহেও নিজৰ গতিপথ সলনি কৰা দেখা গৈছে। নাজিৰাৰ বামুনপুখুৰী আৰু সীমান্তৱৰ্তী চণ্টক, বিহুবৰ চাহ বাগিছাত বানৰ বিভীষিকা। আনহাতে দিখৌ নদীৰ মথাউৰিৰ প্ৰতি আহি পৰিছে চৰম ভাবুকি। বামুনপুখুৰী, চণ্টক আৰু বিহুবৰ চাহ বাগিছাত পানীৰ তলত শতাধিক পৰিয়াল। নাজিৰা ৰাজহ চক্ৰ বিষয়া অথবা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে গুৰুত্ব নিদিয়াৰ অভিযোগ। যাৰ বাবে শতাধিক পৰিয়ালে এতিয়া অনাহাৰে থাকিব লগীয়া হৈছে। দিখৌৰ বাঢ়নী পানীয়ে নাজিৰাৰ সীমান্তৱৰ্তী বিহুবৰ নাগিনীমৰা সংযোগী পথৰ লগতে ভয়ংকৰ গৰাখহনীয়া ফলত ছিঙিব পাৰে দিখৌ নদীৰ মথাউৰি। যিকোনো মুহূৰ্তত হ’ব পাৰে সংযোগ বিচ্ছিন্ন ।

আনহাতে বিহুবৰৰ বিবাদমান এলেকাত দুই ৰাজ্যৰ মাজত থকা দিখৌ নদীত দিনে-নিশাই অবৈধ ভাৱে শিল আৰু পলস খনন হোৱাৰ বিপৰীতে ধাৰাসাৰ বৰষুণৰ ফলত ওচৰতে থকা পাহাৰৰ পৰা তীব্ৰ গতিত নামি অহা পানীয়ে এই বানৰ সৃষ্টি কৰিছে। শিল আৰু পলসৰ বৃহৎ বৃহৎ পুখুৰী সদৃশ হ্ৰদ বোৰত পানীৰ পৰিমান বৃদ্ধি হৈ পৰাৰ সমান্তৰালকৈ দৈনিক পানী পৰিবাহী পুল আৰু নলা সমূহ পুতি পেলোৱাৰ ফলত দিখৌ নদীৰ গৰাখহনীয়া মাত্ৰা বৃদ্ধি পাবলৈ ধৰিছে। জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজিৰকালৈ অনুৰোধ যাতে ৰাইজৰ এই সমস্য়া সমূহ সোনকালে সমাধান কৰি দিয়ে।

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক শাখাৰ শঙ্কৰী সংস্কৃতি বিকাশ কেন্দ্ৰৰ শুভাৰম্ভ…

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ, গোলাঘাট জিলা শাখাৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰ আঞ্চলিক শাখাৰ শঙ্কৰী সংস্কৃতি বিকাশ কেন্দ্ৰটিৰ আজি আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা হয় । শুভ উদ্বোধন কৰে সংস্কৃতিবান ,বিশিষ্ট শিক্ষাবিদ তথা শ্বহীদ স্মৃতি খকন্দগুৰি ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক শ্ৰদ্ধাৰ দেৱকান্ত সেনাপতি বাপজনাই । অনুষ্ঠানত উপস্থিত থাকে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক শাখাৰ সভাপতি বলীন বৰা, সম্পাদক অনন্ত কুমাৰ বৰাৰ লগতে ব্ৰহ্মপুত্ৰ আঞ্চলিক সেৱা বাহিনীৰ অধিনায়ক বিশ্বজিৎ হাজৰিকা। অনুষ্ঠানৰ আঁত ধৰে ব্ৰহ্মপুত্ৰ আঞ্চলিক সাংস্কৃতিক শাখাৰ সম্পাদক প্ৰভাত বৰাই আৰু সঞ্চালনা কৰে সাংস্কৃতিক শাখাৰ সভাপতি মৃদুল বৰাই।


জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ আগ্ৰহী লোকে নামভৰ্তি কৰি গীত, নৃত্য আৰু খোল বাদ্যৰ পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰিব । নামভৰ্তি মাচুলৰ ৫০ টকা আৰু মাহেকীয়া মাচুল ৫০ টকা । চলিত গ্ৰীষ্মবন্ধৰ সময়ছোৱাত পাঠ্যক্ৰম প্ৰদান কৰা হ’ব। গ্ৰীষ্ম বন্ধ শেষ হোৱাৰ পিচত শনিবাৰ আৰু দেওবাৰে পাঠদান কৰা কৰা হ’ব । নামভৰ্তিৰ বাবে যোগাযোগ নম্বৰ- ৯১০১০৪৪১৯৯, ৯১০১৯৯৩৫৭০, ৯৮৫৯৩৭০৪১২।

চৰকাৰে নিৰ্ধাৰিত কৰিলে মূল্য, দাম হ্ৰাস পাব বিলাহীৰ!

খাদ্য মন্ত্ৰালয়ৰ উপভোক্তা পৰিক্ৰমা বিভাগে বিলাহী প্ৰতি কিলোগ্ৰামত ৯০ টকা ৰাজ সাহায্যযুক্ত হাৰত বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

চৰকাৰৰ এই হস্তক্ষেপৰ ফলত বিলাহীৰ পাইকাৰী মূল্য হ্ৰাস পাইছে।

দেওবাৰৰ পৰা প্ৰতি কিলোগ্ৰামত ৮০ টকাকৈ বিলাহী বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে।

দিল্লী, নয়ডা, লক্ষ্ণৌ, কানপুৰ, বাৰনাসী আদিত আজি নিৰ্ধাৰিত কৰা মূল্যত  বিক্ৰী আৰম্ভ হৈছে।

পৰৱৰ্তী সময়ত ই অন্য চহৰলৈ সম্প্ৰসাৰিত হ’ব।

গতিকে অন্য চহৰ সমূহতো এতিয়া বিলাহীৰ মূল্য হ্ৰাস হোৱাৰ সম্ভাৱণা আছে।

গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা সাময়িকভাৱে স্থগিত

দেওবাৰৰ পৰা গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা বন্ধ কৰাৰ কথা ঘোষণা কৰিছে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে।

ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ প্ৰতি সঁহাৰি জনাই এই সিদ্ধান্ত লোৱা হৈছে।

যাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে জলপৃষ্ঠ বৃদ্ধিৰ ফলত কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা হাত সাৰিবলৈ এই সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

বিভাগটোৱে পৰিস্থিতি তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰিব আৰু জলপৃষ্ঠ সুস্থিৰ হৈ পৰিলে আৰু ইয়াক চলাচল কৰাটো নিৰাপদ বুলি বিবেচিত হ’লেই ফেৰী সেৱা পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিব।