Home Blog Page 1464

বিশ্বনাথৰ বালিজানত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বধৰ্না

বিশ্বনাথৰ বালিজান গাঁও উন্নয়ন সমিতিৰ সৌজন্যত কৃতী ছাত্ৰ ছাত্ৰীৰ সম্বধৰ্না অনুষ্ঠান দিলীপ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হয়৷

সভাখন অৰ্পনা বৰাৰ এটি বৰগীতেৰে শুভাৰম্ভ কৰা হয়।

তৎপশ্চাৎ বালিজান গাওঁ উন্নয়ন সমিতি আৰু পূৱালী আত্মসহায়ক গোটৰ তৰফৰ পৰা কৃতী ছাত্ৰ ছাত্ৰীসকলক এখনি বিহুৱান, সম্বৰ্ধনা পত্ৰ আৰু এখন অভিধানেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

অনুষ্ঠানত বিহালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° তুনতুন বৰা, শিক্ষক, সমাজ সেৱক অৰুন বৰদলৈ, ভৰত কলিতা, বকুল সুত, ভৃগু বৰা, অৱসৰ প্ৰাপ্ত শিক্ষক সমাজ সেৱক অৱনী বৰুৱা, যাদৱ স্বৰ্গীয়াৰী, সমাজ সেৱক ঘনশ্যাম কলিতা, চিতেশ্বৰ ভূঞা বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰি শৈক্ষিক দিশৰ ওপৰত বক্তব্য ৰাখে ৷

সভাখন পৰিচালনা কৰে উন্নয়ন সমিতিৰ সম্পাদক নৃপেন বৰাই।

বালিজান গাঁৱৰ যুৱক-যুবতী, আইমাতৃ সকলৰ উপৰিও স্থানীয় ৰাইজ অনুষ্ঠানত উপস্থিত থাকে৷

-ৰমেশ চন্দ্ৰ চৰেণ, বালিচাং

মৰিয়নিত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ

মৰিয়নি নিউসোনোৱাল সেউজী গাঁওত প্ৰায় ৯৮৪ টা বিয়েৰ কেন আৰু ২৪০০টা ৰমৰ বতল সহ প্ৰায় তিনি লক্ষ্যাধিক টকাৰ অবৈধ সুৰা সহ বলেৰ পিকআপ এখন মৰিয়নি আৰক্ষীয়ে জব্দ কৰে।

মৰিয়নিৰ পৰা চোৰাং ভাৱে নগালেণ্ডলৈ সুৰা খিনি সৰবৰাহ কৰিবলৈ লোৱা সময়ত মৰিয়নী আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি সুৰা ভৰ্তি গাড়ী জব্দ কৰে যদিও গাড়ীৰ চালক আৰু হেণ্ডিমেন পলায় যাবলৈ সক্ষম হয়।


জব্দ কৰা NL 02 Q 2633 নম্বৰ বলেৰ পিকআপ খন যোৰহাট ভোগদৈ মুখৰ(আনন্দ নগৰ)ৰ শ্যাম কুমাৰ চাহাৰ বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে এতিয়ালৈকে কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই।


বৰ্তমান মৰিয়নী আৰক্ষীয়ে জব্দ কৰা অবৈধ সুৰা খিনি আবকাৰী বিভাগক গতাই দিয়ে৷

– কৃষ্ণ প্ৰসাদ শৰ্মা, মৰিয়নি

হাতীচোঙত গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি

শংকৰদেৱ চিত্ৰকলা বিদ্যালয়ৰ উদ্যোগত আৰু মাধৱ সাংস্কৃতিক ন্যাসৰ সহযোগত ১৫ জুলাই তাৰিখে পূৱ হাতীচোং ব্ৰাহ্মণগাওঁ সমূহীয়া ভৱনত ২০২৩ বৰ্ষৰ গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি অনুষ্ঠান সম্পন্ন হয়।

অনুষ্ঠানৰ আৰম্ভণিতে বন্তিপ্ৰজ্বলন কৰে শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্যই।

চিত্ৰকলা বিদ্যালয়ৰ অধ্যক্ষ অজিত বৰাই আঁত ধৰা অনুষ্ঠানটিত উপস্থিত থাকে সংস্কাৰ ভাৰতীৰ কাৰ্যবাহী সদস্য ধনঞ্জয় কুশ্যৰে, জেউতি হাজৰিকা, সঞ্জীৱ সাগৰ চৌধুৰী, মিহিৰ ভূঞা, পাৰুল শইকীয়া দেৱী, ৰাণা প্ৰকাশ বৰা, শ্যামলীমা শইকীয়া,নৱজ্যোতি বৰাকে প্ৰমূখ্য কৰি বহু সংখ্যক লোক ।

দেৰগাঁৱৰ ৰেডিয়েন্ট কনিষ্ঠ মহাবিদ্যালয়ত নৱাগত আদৰণি সভা

দেৰগাঁৱৰ অন্যতম এক অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান ৰেডিয়েন্ট জুনিয়ৰ কলেজত শনিবাৰে ২০২৩ বৰ্ষৰ গাম্ভীৰ্যপূৰ্ণ ভাবে অনুষ্ঠিত হয় নৱাগত আদৰণি সভা।

সভাত মুখ্য অতিথি হিছাপে উপস্থিত থাকে বিশিষ্ট সমাজৰ্কমী, লেখিকা অৰ্চনা বৰঠাকুৰ। অৰ্চনা বৰঠাকুৰৰ মননশীল অনুপ্ৰেৰণা মূলক বক্তব্যই ছাত্ৰ-ছাত্ৰীসকলক আপ্লুত কৰে।

উক্ত অনুষ্ঠানতে মহাবিদ্যালয় খনৰ প্ৰাচীৰ প্ৰত্ৰিকা “স্বাৰস্বত” উন্মোচন কৰে মহাবিদ্যালয়ৰ খনৰ প্ৰাক্তন ছাত্ৰ তথা ডুমডুমা কলেজৰ গ্ৰন্থাগাৰিক ইমৰান হুছেইনে।

অনুষ্ঠানতে এই বৰ্ষ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতা অৰ্জন কৰা কৃতী ছাত্ৰ-ছাত্ৰী সকলকো সম্বৰ্ধনা জ্ঞাপন কৰে।

নৱাগত আদৰণি সভা বুলি মহাবিদ্যালয় খনত এক উছৱ মুখৰ পৰিৱেশ বিৰাজমান হয় ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা প্ৰদৰ্শিত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানে অনুষ্ঠানটো অধিক জীপাল কৰি তোলে।

-দিব্য জ্যোতি কাকতি, ৰঙামাটি

বিশ্বনাথৰ বালিজানত কৃতী ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্দ্ধনা অনুষ্ঠান…

বিশ্বনাথৰ বালিজানত কৃতি ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্দ্ধনা অনুষ্ঠান ৷ বিশ্বনাথৰ চেঙামাৰী শাখা সাহিত্য সভাই কৃতি ছাত্ৰ -ছাত্ৰীসকলক অধ্যয়নৰ ক্ষেত্ৰত উৎসাহিত কৰাৰ মানসেৰে এক সম্বৰ্ধনা সভাৰ আয়োজন কৰে। শৈলেন শইকীয়াৰ সভাপতিত্বত হোৱা সভাখন উদ্বোধন কৰে চেঙামাৰী শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মুহিম হাটিবৰুৱাই। নিদিষ্ট বক্তা হিচাবে উপস্থিত থাকি বক্তব্য ৰাখে শিক্ষক কবি ললিত নাথে। গাম্ভীৰ্যপুৰ্ণ অনুষ্ঠানত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক একোখনকৈ ফুলাম গামোচা এখন মান পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।


সভাত শিক্ষক সমাজ সেৱক অৰুন বৰদলৈ, ভাৰত দাস, ভৰত কলিতা, জিতেন পাতৰ, হৰেন পাতৰ, বকুল সুত, বিদুৎ বড়ো, প্ৰান নাথ পাতৰ, উপদেষ্টা দিলীপ গোস্বামী, অৱসৰ প্ৰাপ্ত শিক্ষক সমাজ সেৱক অৱনী বৰুৱাৰ লগতে সাহিত্য সভাৰ আজীৱন সদস্য সদস্যা, শাখা সাহিত্য সভাৰ সদস্য- সদস্যা , ছাত্ৰ -ছাত্ৰী সকলৰ উপৰিও অভিভাৱক সকল উপস্থিত থাকে। সভাখন পৰিচালনা কৰে শাখা সাহিত্য সভাৰ সম্পাদক বিশ্বজিৎ সুতে।

দৰঙৰ নামখলাত নৃত্য, অভিনয় আৰু সুকুমাৰ কলা বিষয়ত কৰ্মশালা

দৰঙৰ নামখলাত নৱ মিলন সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত নৃত্য, অভিনয় আৰু সুকুমাৰ কলা বিষয়ৰ কৰ্মশালাৰ শনিবাৰে সামৰণি পৰে।

শতাধিক প্ৰশিক্ষাৰ্থীয়ে ভাগ লোৱা দহ দিনীয়া কৰ্মশালাত এন এছ ডিৰ প্ৰশিক্ষক বেণু পাটোৱাৰী, নৃত্যৰ প্ৰশিক্ষক অংকুৰ বৰা, বেহাৰবাৰী আউট পোষ্টৰ বিশিষ্ট অভিনেতা অশৃণী ডেকাকে ধৰি কেবাজনো ব্যক্তি বিশিষ্ট প্ৰশিক্ষক হিচাপে উপস্থিত থাকে।

দহ দিনীয়া কৰ্মশালাৰ সফল সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থী শিল্পীসকলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰি উপস্থিত দৰ্শকক আমোদ দিবলৈ সক্ষম হয়।

-দ্বীপেন ডেকা, নামখলা

জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত সত্ৰীয়া নৃত্য আৰু সৃষ্টিশীল আধুনিক নৃত্য কৰ্মশালাৰ সামৰণি

“নৱপ্ৰজন্ম খেলা-ধূলা, লোক সংস্কৃতিৰ প্ৰতি তথা শিপাৰ সন্ধান কৰিবলৈ আগ্ৰহী। অত্যাধিক টিউচন, মোবাইল আদিত ব্যস্ত ৰাখি সন্তানক এক যন্ত্ৰলৈ ৰূপান্তৰিত নকৰিব’ – এই ভাষ্য হাতীচোং মহাবিদ্যালয়ৰ অধ্যক্ষ লুইত হাজৰিকাৰ।

নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উদ্যোগত অনুষ্ঠিত ১০ দিনীয়া সত্ৰীয়া নৃত্য আৰু সৃষ্টিশীল আধুনিক নৃত্য কৰ্মশালাৰ শনিবাৰে সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ এইদৰে কয়।

জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ৰানা প্ৰকাশ বৰাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানটিত বৰ্তমানৰ অধ্যক্ষা অঞ্জলি কটকী বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য আব্দুছ ছাত্তাৰ, আমিনুৰ ৰহমানৰ লগতে শতাধিক অভিভাৱক-অভিভাৱিকা উপস্থিত থাকে।

গুৰু ভটিমাৰে আৰম্ভ কৰা অনুষ্ঠানটিত মাটি আখৰাৰ উপৰি আধুনিক নৃত্য আৰু দলীয় লোক নৃত্যও প্ৰদৰ্শন কৰে প্ৰশিক্ষাৰ্থী সকলে।

উল্লেখ্য যে এই দহদিনীয়া কৰ্মশালাটিৰ প্ৰশিক্ষকৰ দায়িত্ব পালন কৰিছিল উদীয়মান শিল্পী তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰৰ পৰা সত্ৰীয়া নৃত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ইন্দ্ৰানী গোস্বামীয়ে।

সাংস্কৃতিক পৰিক্ৰমা বিভাগ, অসমৰ উদ্যোগত; ধুবুৰী প্ৰশাসনৰ সহযোগত ধুবুৰী বিধানসভা সমষ্টি ভিত্তিত গ্রীষ্মকালীন কর্মশালা…

সাস্কৃতিক পৰিক্ৰমা বিভাগ, অসমৰ উদ্যোগত আৰু ধুবুৰী জিলা প্ৰশাসনৰ সহযোগত ধুবুৰী বিধানসভা সমষ্টি ভিত্তিত ১৫ জুলাইৰ পৰা ২৪ জুলাই ২০২৩ ইং তাৰিখ লৈ ছাত্ৰ-ছাত্ৰী সকলৰ এখনি গ্রীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰা হৈছে। কবিতা আবৃত্তি আৰু লোকনৃত্যৰ কর্মশালা ধুবুৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু সত্ৰীয়া নৃত্যৰ কৰ্মশালা বিবেকানন্দ বিদ্যাপীঠ উচ্চ ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হ’ব।

আজি কবিতা আবৃত্তি, সত্ৰীয়া নৃত্য আৰু লোকনৃত্যৰ কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানটি দিনৰ ১১ বজাত ধুবুৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্রাঙ্গণত আয়োজন কৰা হয় মুখ্য বক্তা হিচাপে উপস্থিত থাকে জিলা উপায়ুক্ত দিবাকৰ নাথ আৰু জিলা আৰক্ষী অধিক্ষকে ধৰি জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত,আমন্ত্ৰিত অতিথি সকলৰ লগতে বিভিন্ন স্কুলৰ পৰা অহা ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰে আটাইকেইটা কাৰ্য্যসূচীতে ৷

ইউ এ ই ভ্ৰমণৰ বাবে প্ৰধানমন্ত্ৰী মোডীৰ ফটোৰে পোহৰাই তুলিলে বুৰ্জ খলিফা

শনিবাৰে ইউ এ ই ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফটো আৰু ত্ৰিৰংগাৰেৰে পোহৰাই তোলা হ’ল বুৰ্জ খলিফা।

আবুধাবিৰ বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোডীক আদৰণি জনায় ক্ৰাউন প্ৰিন্স এইচ এইচ শ্বেইখ খালেদ বিন মহম্মদ বিন জায়েদ আল নাহিয়ানে।

শক্তি, খাদ্য সুৰক্ষা আৰু প্ৰতিৰক্ষাৰ মূল ক্ষেত্ৰসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি নেতাসকলে আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা আছে।

শাওণ মাহত ৰুদ্ৰাক্ষ পৰিধান কৰাৰ কথা ভাবিছে নেকি? জানি লওক ৰুদ্ৰাক্ষ পৰিধান কৰা নিয়ম সমূহ…

শাওণ মাহত ৰুদ্ৰাক্ষ পৰিধান কৰাৰ কথা ভাবিছে নেকি? জানি লওক ৰুদ্ৰাক্ষ পৰিধান কৰা নিয়ম সমূহ। অন্যথা মহাদেৱৰ খং উঠিব। শাওণ মাহত ৰুদ্ৰাক্ষ পৰিধানৰ কৰাৰ বহু গুৰুত্ব আছে। কিন্তু পিন্ধাৰ কিছুমান নিয়ম মানি চলাটো প্ৰয়োজনীয়।

শাস্ত্ৰত ৰুদ্ৰাক্ষক পূজাযোগ্য বুলি গণ্য কৰা হয়। ভগৱান শিৱৰ চকুলোৰ পৰা ৰুদ্ৰাক্ষ নিৰ্মাণ হৈছিল বুলি বিশ্বাস কৰা হয়। সেইবাবেই ইয়াক অলৌকিক বুলি গণ্য কৰা হয়। কোৱা হয় যে বহু বছৰ তপস্যাৰ অন্তত শিৱই চকু মেলিছিল আৰু তেওঁৰ চকুৰ পৰা সৰি পৰা চকুলোৰ পৰাই উৎপত্তি হৈছিল ৰুদ্ৰাক্ষৰ। কোৱা হয় যে শাওণ মাহত ৰুদ্ৰাক্ষ পৰিধান কৰা ব্যক্তিক ভগৱান শিৱই আশীৰ্বাদ দিয়ে বুলি এক বিশ্বাস আছে। নিয়ম অনুসৰি ৰুদ্ৰাক্ষ পিন্ধা ব্যক্তিজনে জীৱনৰ সকলো ধৰণৰ বিপদৰ পৰা মুক্তি পাই আৰু অকাল মৃত্যুৰ ভয় নাথাকে বুলি বিশ্বাস কৰা হয়। ৰুদ্ৰাক্ষ পিন্ধাৰ নিয়ম সমূহ জানি লওক –

  • সোমবাৰ বা শাওণ মাহত ৰুদ্ৰাক্ষৰ মালা পিন্ধিবলৈ সৰ্বোত্তম দিন বুলি গণ্য কৰা হয়। মনত ৰাখিব যে ৰুদ্ৰাক্ষৰ ২৭টা গুটি থাকিব লাগিব। পিন্ধিবলৈ প্ৰথমে ৰুদ্ৰাক্ষক ৰঙা কাপোৰ এখনত লগাই মন্দিৰত ৰাখি ওম নমঃ শিৱয় জপ কৰিব।

  • ৰুদ্ৰাক্ষক গংগা পানীৰে শুদ্ধ কৰিব। যদি আপুনি সংকল্প লৈ পিন্ধিছে তেন্তে প্ৰথমে হাতত গংগাৰ পানী লৈ সংকল্প লওক। তাৰ পিছত গংগাজলেৰে ধুই পিন্ধিব।
  • ৰুদ্ৰাক্ষ সদায় গা ধোৱাৰ পিছত পিন্ধিব লাগে আৰু শোৱাৰ পূৰ্বে ৰুদ্ৰাক্ষক পবিত্ৰ স্থানত ৰাখিব।

ৰুদ্ৰাক্ষৰ মালা পিন্ধিবলৈ সদায় হালধীয়া বা ৰঙা সূতা ব্যৱহাৰ কৰিব লাগে।