Breaking

দেৰগাঁৱৰ ৰেডিয়েন্ট কনিষ্ঠ মহাবিদ্যালয়ত নৱাগত আদৰণি সভা

0 91

দেৰগাঁৱৰ অন্যতম এক অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান ৰেডিয়েন্ট জুনিয়ৰ কলেজত শনিবাৰে ২০২৩ বৰ্ষৰ গাম্ভীৰ্যপূৰ্ণ ভাবে অনুষ্ঠিত হয় নৱাগত আদৰণি সভা।

সভাত মুখ্য অতিথি হিছাপে উপস্থিত থাকে বিশিষ্ট সমাজৰ্কমী, লেখিকা অৰ্চনা বৰঠাকুৰ। অৰ্চনা বৰঠাকুৰৰ মননশীল অনুপ্ৰেৰণা মূলক বক্তব্যই ছাত্ৰ-ছাত্ৰীসকলক আপ্লুত কৰে।

উক্ত অনুষ্ঠানতে মহাবিদ্যালয় খনৰ প্ৰাচীৰ প্ৰত্ৰিকা “স্বাৰস্বত” উন্মোচন কৰে মহাবিদ্যালয়ৰ খনৰ প্ৰাক্তন ছাত্ৰ তথা ডুমডুমা কলেজৰ গ্ৰন্থাগাৰিক ইমৰান হুছেইনে।

অনুষ্ঠানতে এই বৰ্ষ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতা অৰ্জন কৰা কৃতী ছাত্ৰ-ছাত্ৰী সকলকো সম্বৰ্ধনা জ্ঞাপন কৰে।

নৱাগত আদৰণি সভা বুলি মহাবিদ্যালয় খনত এক উছৱ মুখৰ পৰিৱেশ বিৰাজমান হয় ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা প্ৰদৰ্শিত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানে অনুষ্ঠানটো অধিক জীপাল কৰি তোলে।

-দিব্য জ্যোতি কাকতি, ৰঙামাটি

Leave A Reply