Breaking

বিশ্বনাথৰ বালিজানত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বধৰ্না

0 67

বিশ্বনাথৰ বালিজান গাঁও উন্নয়ন সমিতিৰ সৌজন্যত কৃতী ছাত্ৰ ছাত্ৰীৰ সম্বধৰ্না অনুষ্ঠান দিলীপ বৰাৰ সভাপতিত্বত অনুষ্ঠিত হয়৷

সভাখন অৰ্পনা বৰাৰ এটি বৰগীতেৰে শুভাৰম্ভ কৰা হয়।

তৎপশ্চাৎ বালিজান গাওঁ উন্নয়ন সমিতি আৰু পূৱালী আত্মসহায়ক গোটৰ তৰফৰ পৰা কৃতী ছাত্ৰ ছাত্ৰীসকলক এখনি বিহুৱান, সম্বৰ্ধনা পত্ৰ আৰু এখন অভিধানেৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

অনুষ্ঠানত বিহালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° তুনতুন বৰা, শিক্ষক, সমাজ সেৱক অৰুন বৰদলৈ, ভৰত কলিতা, বকুল সুত, ভৃগু বৰা, অৱসৰ প্ৰাপ্ত শিক্ষক সমাজ সেৱক অৱনী বৰুৱা, যাদৱ স্বৰ্গীয়াৰী, সমাজ সেৱক ঘনশ্যাম কলিতা, চিতেশ্বৰ ভূঞা বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰি শৈক্ষিক দিশৰ ওপৰত বক্তব্য ৰাখে ৷

সভাখন পৰিচালনা কৰে উন্নয়ন সমিতিৰ সম্পাদক নৃপেন বৰাই।

বালিজান গাঁৱৰ যুৱক-যুবতী, আইমাতৃ সকলৰ উপৰিও স্থানীয় ৰাইজ অনুষ্ঠানত উপস্থিত থাকে৷

-ৰমেশ চন্দ্ৰ চৰেণ, বালিচাং

Leave A Reply