বৰ্তমান ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম কলিয়াবৰৰ লাঙী গাঁও, নিজ চিলাবন্ধা, শান্তিপুৰ, বাঘৰচুক আৰু বালিবাট অঞ্চলত সম্পন্ন হৈ আছে। বিশেষকৈ কলিয়াবৰত কিছু গুৰুত্বপূৰ্ণ দৃশ্যৰ দৃশ্যগ্ৰহণ অনুষ্ঠিত হৈছে, য’ত বিশিষ্ট অভিনেতাসকল প্ৰাঞ্জল শইকীয়া, তপন দাস আৰু যতীন বৰা অংশ লৈছে।
ছবিখনত দৃশ্যগ্ৰহণৰ কামত কমেও ২০০ লোক ব্যস্ত হৈ আছে, আৰু দক্ষিণ ভাৰতৰ এটা ফাইট কম্প’জাৰ দলও এই প্ৰকল্পত জড়িত হৈছে, যাৰ জৰিয়তে ছবিখনলৈ অধিক পেচাদাৰী দৃষ্টিকোণ আগবঢ়োৱা হৈছে।
চলিত বৰ্ষৰ দুৰ্গা পূজাৰ সময়ছোৱাৰ পৰা ছবিখন ৰিলিজ হোৱাৰ সম্ভাৱনা আছে। নৱ্বইৰ দশকত আলোড়ন সৃষ্টি কৰা প্ৰথম সংস্কৰণৰ দৰে এই দ্বিতীয় খনো ছবিয়ে অসমীয়া ছবিপ্ৰেমী দৰ্শকৰ মাজত গভীৰ উৎসাহ আৰু আশাবাদ সৃষ্টি কৰিছে।
ভাষ্য: যতীন বৰা — “এই ছবিখনৰ লগত জড়িত হ’ব পৰা মোৰ বাবে গৌৰৱৰ বিষয়। এইটো কেৱল এটি ছবি নহয়, এটা সময়ৰ স্মৃতি।” বিশ্বজিৎ বৰা (পৰিচালক) — “এই ছবিখন কোনো ৰিমেক নহয়; এইটো এখন নতুন গল্প যি অতীতৰ অনুভৱ আৰু আধুনিক সময়ৰ প্ৰেক্ষাপট একেলগে বোৱাই নিয়াৰ চেষ্টা।”
নগাঁৱত অসম সাহিত্য সভাৰ লেখক-শিৱিৰ: চুটিগল্প আৰু উপন্যাস সাহিত্যৰ মননশীল আলোচনা সম্পন্ন । Nagaon
৭ জুন, ২০২৫ | নগাঁও । Nagaon । অসম সাহিত্য সভাৰ উদ্যোগত আৰু নগাঁও, মৰিগাঁও আৰু হোজাই জিলা সাহিত্য সভাৰ ব্যৱস্থাপনাত নগাঁও চহৰত অনুষ্ঠিত তিনিদিনীয় লেখক-শিৱিৰৰ দ্বিতীয় দিনটো চুটিগল্প আৰু উপন্যাস সাহিত্যৰ মননশীল আলোচনা সৈতে সম্পন্ন হয়।
নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত পুৱা অনুষ্ঠিত উপন্যাস অধিৱেশনৰ প্ৰথম বৈঠকটো বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ সঞ্চালনাত আৰম্ভ হয়। মিলেশ্বৰ পাতৰে উদ্বোধন কৰা এই বৈঠকখনত সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই আঁতধৰা আলোচনাত অংশ লৈ উপন্যাস সাহিত্যৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে। অনুৰাধা শৰ্মা পূজাৰীয়ে উল্লেখ কৰে, “উপন্যাসত প্ৰতিটো চৰিত্ৰক স্বাধীন সত্ত্বা হিচাপে উপস্থাপন কৰাটো অতি প্ৰয়োজনীয়। লেখকৰ প্ৰিয় চৰিত্ৰবোৰে কেতিয়াবা আন চৰিত্ৰক ছাঁয়াৰ নিচিনা কৰি পেলায়।”
“উৰি গ’ল ৰাজহংস” কাব্যৰ স্ৰষ্টা প্ৰমোদ কলিতাই কয়, “ইতিহাসৰ ঘটনা উপন্যাসত উপস্থাপন কৰিলে সেয়া অধিক আকৰ্ষণীয় হৈ উঠে। উপন্যাসত সত্য ইতিহাস আৰু কল্পনাৰ মিশ্ৰণে সাহিত্যৰ সৌন্দৰ্য বাঢ়ে।”
বৈঠকখনত ড° শুভ্ৰকিংকৰ গোস্বামী, পুলিন কলিতা, ড° কাব্যশ্ৰী মহন্ত আদি বিশ্লেষকসকলে উপন্যাস সাহিত্যৰ বিভিন্ন দিশ—কাহিনী, বিষয়বস্তু, পটভূমি আদিৰ ওপৰত তত্ত্বগভীৰ আলোচনা আগবঢ়ায়।
বিয়লিৰ বৈঠকত সমালোচক অৰিন্দম বৰকটকীৰ সঞ্চালনাত অনুষ্ঠিত দ্বিতীয় অধিৱেশনত অংশগ্ৰহণ কৰে সাহিত্যিক ড° মালিনী, নয়নজ্যোতি ভট্টাচাৰ্য, পাৰিজাত বৰুৱা প্রমুখ। ড° মালিনীয়ে কয়, “উপন্যাসৰ উপস্থাপন ধাৰা সলনি হোৱা নাই, যদিও গল্পৰ ধাৰাত পৰিৱর্তন আহিছে। অধ্যয়ন নোহোৱাকৈ সৃষ্টি সুখজনক নহয়।”
সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামীয়ে তেওঁৰ চমু ভাষণত কয়, “লেখক শিৱিৰৰ মূল উদ্দেশ্য হৈছে লেখক-পাঠকৰ মাজত সমন্বয় গঢ়ি তোলা। অসমত পাঠকৰ মূল্যায়ন যথেষ্ট হোৱা নেদেখা যায়, আৰু সমালোচকসকলৰ সংখ্যাও অত্যল্প।”
ইফালে, নগাঁও আঞ্চলিক কাৰ্যালয়ৰ কমলা দেৱী তোদী ভৱনত চুটিগল্প অধিৱেশন অনুষ্ঠিত হয়। প্ৰথম বৈঠকত শিবানন্দ কাকতিয়ে সঞ্চালনা কৰে আৰু মনালিছা শইকীয়া, মণিকা দেৱী আৰু বিপাশা বৰা আলোচক হিচাপে অংশ লয়। দ্বিতীয় বৈঠকত সঞ্চালক আছিল ডা: অপূৰ্ব কুমাৰ শইকীয়া আৰু আলোচক হিচাপে ধ্ৰুৱজ্যোতি শৰ্মা, ড° পঞ্চানন হাজৰিকা আৰু জিন্তু গীতাৰ্থ উপস্থিত থাকে। তেওঁলোকে চুটিগল্পৰ শৈলী, বিষয়বস্তু আৰু সামাজিক মাধ্যমৰ প্ৰভাৱ আদিৰ বিষয়ে বাখ্যা আগবঢ়ায়।
বৈঠকসমূহ সফলভাৱে পৰিচালনা কৰাত সহায় কৰে নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকা, নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড° শৰৎ বৰকটকী, আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি মৃণাল হাজৰিকা, জিলা সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকা, সহকাৰী সম্পাদক মৃগাংক বৰুৱা লগতে বিভিন্ন জিলাৰ সাহিত্য সভাৰ কৰ্মীসকল।
মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ ব্যক্তিগত বিমান পাইলটৰ বিৰুদ্ধে অভিযোগ। কৰ্তব্যৰ সময় শেষ হোৱা আৰু অসুস্থতাৰ বাবে বিমান চলাবলৈ অস্বীকাৰ পাইলটৰ।(Eknath Shinde)
মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী একনাথ সিন্দে এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ মুক্তাই নগৰত উপস্থিত হৈছিল, দেৰি হোৱাৰ বাবে তেওঁ জলগাঁও বিমানবন্দৰ পোৱাত পলম হৈছিল। এই সময়ত বিমানবন্দৰ পোৱাৰ লগে লগে তেওঁ এজন বৃক্ক ৰোগীক লগ পায়।
প্ৰায়ে দেখা যায় যে যেতিয়া মানুহে যিকোনো ঠাইতে পলমকৈ উপস্থিত হয় তেতিয়া সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। কিন্তু মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ পলম হোৱাৰ বাবে এজন কিডনী ৰোগীয়ে সহায় লাভ কৰে। এতিয়া আপুনি নিশ্চয় ভাবিছে যে এই সকলোবোৰ কেনেকৈ হ’ল?
আচলতে একনাথ সিন্দে এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ মুক্তাই নগৰত উপস্থিত হৈছিল। কাৰ্যসূচীত দেৰিকৈ পোৱাৰ বাবে তেওঁ জলগাঁও বিমানবন্দৰতো পলমকৈ উপস্থিত হয়, তাৰ পিছত পাইলটে কৰ্তব্যৰ সময় শেষ হোৱা বাবে বিমান চলাবলৈ অস্বীকাৰ কৰে। প্ৰায় ৪৫ মিনিটৰ পিছত অৱশেষত তেওঁ উৰা মাৰিবলৈ মান্তি হ’ল। এই সময়ছোৱাত এজন কিডনী ৰোগীও তাত উপস্থিত হৈছিল যিয়ে মুম্বাইলৈ যাবলগীয়া হৈছিল। তেওঁৰ বিমানখনো মিছ কৰিলে। মুখ্যমন্ত্ৰীয়ে তেওঁক সহায় কৰিলে।
যোৱা ৪ জুন, বুধবাৰে পুৱতি নিশা মেঘালয়ৰ নংপো আৰক্ষী থানাৰ ওচৰত AS 01 EV 9578 নম্বৰৰ বাহন এখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত নম্ৰতা বৰাৰ দুৰ্ঘটনাজনিত মৃত্যু হয়, যদিও বাহনত থকা আন চাৰিজন যাত্ৰীয়ে কেৱল সামান্য আঘাত পায়। এই ঘটনাই চাৰিওফালে প্ৰশ্ন আৰু সন্দেহৰ সৃষ্টি কৰিছে।
সামাজিক মাধ্যমত এক প’ষ্টৰ জৰিয়তে মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়, “নংপো আৰক্ষী থানাৰ সমীপত সংঘটিত শোকাৱহ ঘটনাটোৰ বিষয়ে দৃষ্টি আকৰ্ষণ কৰিবলৈ মই মেঘালয়ৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰী কনৰাড চাংমা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ।” তেওঁ লগতে কয়, “শোকসন্তপ্ত পৰিয়াল আৰু শুভাকাংক্ষীসকলে উত্থাপন কৰা উদ্বেগৰ প্ৰতি লক্ষ্য ৰাখি মই অনুৰোধ জনাইছোঁ যে ঘটনাৰ সৈতে জড়িত সকলো তথ্য পোহৰলৈ আনিবলৈ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াৰ নেতৃত্বত এটা উপযুক্ত আৰু নিৰপেক্ষ তদন্ত সম্পাদন কৰা হওক।”
কেদাৰনাথলৈ উৰা মৰা এখন হেলিকপ্টাৰ উত্তৰাখণ্ডৰ এটা ঘাইপথত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়। (Uttrakhand News)সৌভাগ্যক্ৰমে পাইলট আৰু হেলিকপ্টাৰত থকা ছয়জন যাত্ৰী কোনো বিপদৰ সন্মুখীন হয়। উত্তৰাখণ্ড অসামৰিক বিমান পৰিবহণ উন্নয়ন কৰ্তৃপক্ষই এই সন্দৰ্ভত সচেতন হৈ পৰিছে। ই অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ক অৱগত কৰিছে ৷
কাৰিকৰী বিজুতিৰ সন্মুখীন হৈ এই ঘটনা সংঘটিত হয় উত্তৰাখণ্ডত। হেলিকপ্টাৰখনত থকা আটাইকেইজন লোক সুৰক্ষিত বুলি জানিব পৰা গৈছে। হেলিকপ্টাৰখন ৰাস্তাৰ মাজতে অৱতৰণ কৰে। ঘটনাৰ পিছতে আতংকিত হৈ হেলিকপ্টাৰত থকা পৰ্যটকক আগুৰি ধৰে স্থানীয় ৰাইজে।
উত্তৰাখণ্ড ৰুদ্ৰপ্ৰয়াগ জিলাৰ গুপ্তকাশীত জৰুৰীকালীন অৱতৰণ কৰে এই ব্যক্তিগত হেলিকপ্টাৰ খনে।
শুকুৰবাৰে উদ্যোগপতি মুকেশ আম্বানীয়ে তেওঁৰ আলমা মেটাৰ ইনষ্টিটিউট অৱ কেমিকেল টেকন’লজি (আইচিটি, পূৰ্বৰ ইউডিচিটি), মুম্বাইলৈ ১৫১ কোটি টকাৰ অনুদান ঘোষণা কৰে। অধ্যাপক এম এম শৰ্মাৰ সন্মানত, মাৰাঠী আৰু ইংৰাজী উভয় ভাষাতে প্ৰকাশিত তেওঁৰ জীৱনী ডিভাইন চাইন্টিষ্টৰ মুক্তি উপলক্ষে এই অনুদান আগবঢ়োৱা হয়।