Home Blog Page 152

zubeen garg: অসমে কান্দিছেঃ উজাগৰী নিশা কটালে অসমবাসীয়ে

অসমে কান্দিছেঃ উজাগৰী নিশা কটালে অসমবাসীয়ে
অসমে কান্দিছেঃ উজাগৰী নিশা কটালে অসমবাসীয়ে

উজাগৰী নিশা (zubeen garg) কটালে অসমবাসীয়ে। জুবিন গাৰ্গৰ মৃত্যুত দেশজুৰি শোকৰ বন্যা। অসমৰ সংগীত জগতৰ এটা নক্ষত্ৰ খহি পৰিল। এই দুঃখবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যজুৰি শোকৰ ছাঁ। জুবিন গাৰ্গৰ মৃত্যুত আজি সকলো শোকস্তব্ধ।

সৰুসজাইত ৰখা হ’ব জুবিন গাৰ্গৰ নশ্বৰদেহ। কিছুসময়ৰ পাছতেই সৰুসজাইত উপস্থিত হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। জুবিন গাৰ্গক কোন ঠাইত শ্ৰদ্ধাঞ্জলি জনাব সকলো নিৰীক্ষণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। হঠাতে হেৰাই গ’ল আমাৰ প্ৰাণৰ জুবিন।

আজি জুবিন গাৰ্গ বিহীন প্ৰথমটো পুৱা। এতিয়াও যেন কোনেও সহজভাৱে মানি ল’ব পৰা নাই আমাৰ মাজৰ পৰা জুবিন গাৰ্গ আঁতৰি যোৱাৰ খবৰ। কাহিলিপাৰাৰ জুবিনৰ বাসগৃহৰ সন্মুখত এতিয়াও অগণন অনুৰাগীৰ ভিৰ। অনুৰাগীয়ে জুবিনৰ ফটোলৈ ওৰে নিশা উজাগৰে কটালে।

Zubeen Garg: আজি ছিংগাপুৰত সম্পন্ন হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা

আজি ছিংগাপুৰত সম্পন্ন হ'ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা
আজি ছিংগাপুৰত সম্পন্ন হ'ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা

ছিংগাপুৰতে সম্পন্ন হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা। (Zubeen Garg)

সামাজিক মাধ্যমযোগে জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ভাৰতীয় সময়মতে ১১.৩০ বজাত সম্পন্ন হ’ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা।

ইয়াৰ পিছতেই ছিংগাপুৰ প্ৰশাসনে ভাৰতৰ প্ৰশাসনক চমজাই দিব জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ।

ইয়াৰ পিছতেই অসমলৈ ঘূৰাই অনা হ’ব জুবিন গাৰ্গক।

ছিংগাপুৰৰ উচ্চায়ুক্তৰ সৈতে সঘনে যোগাযোগ ৰাখিছে অসম চৰকাৰে।

জুবিন গাৰ্গৰ মৃত্যু: ছিংগাপুৰত শেষ নিশ্বাস ত্যাগ, শ্যামকানু মহন্তৰ স্পষ্টীকৰণ । Zubeen Gard

জুবিন গাৰ্গৰ মৃত্যু: ছিংগাপুৰত শেষ নিশ্বাস ত্যাগ, শ্যামকানু মহন্তৰ স্পষ্টীকৰণ । Zubeen Gard
জুবিন গাৰ্গৰ মৃত্যু: ছিংগাপুৰত শেষ নিশ্বাস ত্যাগ, শ্যামকানু মহন্তৰ স্পষ্টীকৰণ । Zubeen Gard

Zubeen Gard । অসমবাসীৰ হৃদয়ৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুতে ৰাজ্য জুৰি শোকৰ ছাঁ পৰিছে। ‘মায়াৰ ধৰা’ৰ শিল্পী জুবিন গাৰ্গে ছিংগাপুৰ জেনেৰেল হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। দুদিন পূৰ্বে নর্থ ইষ্ট ফেষ্টিভেলৰ অংশ হিচাপে ছিংগাপুৰ গৈছিল গায়কগৰাকী।

শ্যামকানু মহন্তই প্ৰকাশ কৰে যে, ‘‘ছিংগাপুৰৰ ব্যৱসায়িক আলোচনাত ব্যস্ত থকাৰ সময়তে জুবিন গাৰ্গৰ মেনেজাৰৰ ফোন আহে। তেওঁ জানিবলৈ দিয়ে যে জুবিন গাৰ্গ দুঘৰ্টনাত পৰি চিকিৎসাধীন।’’

শ্যামকানু মহন্তই লগতে কয়, ‘‘জুবিন কেইজনমান সতীৰ্থৰ সৈতে অৱসৰ বিনোদনৰ বাবে গৈ থকা সময়তে দুঘৰ্টনাত পৰে। খবৰ পোৱাৰ লগে লগে আমি হাস্পতালত দৌৰি যাওঁ। ছিংগাপুৰৰ উচ্চাআয়ুক্তালয়ৰ সৈতে যোগাযোগ কৰি আমি সকলো প্ৰক্ৰিয়া আগবঢ়াই লৈছোঁ।’’

জুবিন গাৰ্গৰ অকাল মৃত্যুতে সংগীত জগতত সৃষ্টি হৈছে অপূৰণীয় শূন্যতা। এই পৰিস্থিতিত সকলো অনুষ্ঠান বাতিল কৰা হৈছে বুলি জানিবলৈ দিয়ে শ্যামকানু মহন্তে।

আপুনি বিচাৰেনে মই ইয়াক আৰু অধিক আনুষ্ঠানিক সংবাদ প্ৰতিবেদন ৰূপত প্ৰস্তুত কৰোঁ (যাতে সংবাদমাধ্যমত সজলভাৱে প্ৰকাশ কৰিব পৰা যায়)?

চিএম ভিজিলেঞ্চৰ জিম্মাত ACS নূপুৰ বৰা, আজি হাজিৰ কৰোৱা হ’ব আদালতত । Nupur Bora

চিএম ভিজিলেঞ্চৰ জিম্মাত ACS নূপুৰ বৰা, আজি হাজিৰ কৰোৱা হ’ব আদালতত । Nupur Bora
চিএম ভিজিলেঞ্চৰ জিম্মাত ACS নূপুৰ বৰা, আজি হাজিৰ কৰোৱা হ’ব আদালতত । Nupur Bora


Nupur Bora । দুৰ্নীতিৰ অভিযোগত আটক কৰা ACS নূপুৰ বৰা বৰ্তমান চিএম ভিজিলেঞ্চৰ জিম্মাত আছে। আজিৰ দিনতেই তেওঁক আদালতত হাজিৰ কৰোৱা হ’ব বুলি জানিব পৰা গৈছে।

নূপুৰ বৰাৰ পিতৃ কমল বৰাই এক আবেগজনক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,
“নূপুৰ বৰাৰ মাতৃয়ে নিজকে শেষ কৰিছিল, ড্ৰাগছ আসক্ত হৈ ৩ মাহ পূৰ্বে মৃত্যু ঘটিছিল তাইৰ ভায়েকৰ। কন্যাক দুৰ্নীতিৰ শিক্ষা দিয়া নাছিলোঁ, পঢ়িবলৈ দিছিলোঁ, ভাল মানুহ হ’বলৈ দিছিলোঁ।”

তেওঁ লগতে কয়, “কন্যাই যদি অন্যায় কৰিছে, তাইক যি শাস্তি দিয়ে দিয়ক, মই কন্যাৰ শাস্তিৰ পক্ষপাতি।”

চিএম ভিজিলেঞ্চে ধৰা-পকড় অভিযানত নূপুৰ বৰাক আটক কৰি গুৱাহাটীলৈ আনিছিল। আজি আদালতে তেওঁক লৈ গুৰুত্বপূর্ণ সিদ্ধান্ত ল’ব বুলি আশা কৰা হৈছে।

ৰাহুল গান্ধীৰ বিস্ফোৰক অভিযোগঃ নিৰ্বাচন আয়োগে সহায় কৰিছে ভোট ৰিগিঙত, বিজেপিৰ কঠোৰ প্ৰত্যুত্তৰ । Rahul Gandhi

ৰাহুল গান্ধীৰ বিস্ফোৰক অভিযোগঃ নিৰ্বাচন আয়োগে সহায় কৰিছে ভোট ৰিগিঙত, বিজেপিৰ কঠোৰ প্ৰত্যুত্তৰ । Rahul Gandhi
ৰাহুল গান্ধীৰ বিস্ফোৰক অভিযোগঃ নিৰ্বাচন আয়োগে সহায় কৰিছে ভোট ৰিগিঙত, বিজেপিৰ কঠোৰ প্ৰত্যুত্তৰ । Rahul Gandhi

Rahul Gandhi । ৰাহুল গান্ধীৰ বিস্ফোৰক অভিযোগঃ নিৰ্বাচন আয়োগে সহায় কৰিছে ভোট ৰিগিঙত, বিজেপিৰ কঠোৰ প্ৰত্যুত্তৰ

নতুন দিল্লীঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ ৰাজনৈতিক পৰিৱেশ পুনৰ একেধৰণৰ বিতৰ্কত তেজাল। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বৃহস্পতিবাৰে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে এক প্ৰচণ্ড অভিযোগ উত্থাপন কৰে। তেওঁ কয়, নিৰ্বাচন আয়োগৰ সহায়ত একাংশ ব্যক্তি, সংগঠন আৰু কল চেণ্টাৰে কংগ্ৰেছ, দলিত আৰু জনজাতীয় ভোটাৰৰ নাম ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা পদ্ধতিগতভাৱে ডিলিট কৰিছে।

ৰাহুলে অভিযোগ উত্থাপন কৰি কয়, “এই তথ্যটো এক ‘এটম বোমাৰ’ সমান। কিন্তু মই ইয়াতেই থামিম নোৱাৰোঁ। পাছত আৰু অধিক ভয়ংকৰ তথ্য উন্মোচন কৰিম, যি ‘হাইড্ৰজেন বোমাৰ সমতুল্য’ হ’ব।”

তেওঁৰ এই অভিযোগক লৈ ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ জোৱাৰ অহাৰ লগে লগে বিজেপিয়ে কটূ সমালোচনা কৰে। গেৰুৱা শিবিৰৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ৰাহুল গান্ধীক লক্ষ্য কৰি কয়, “ৰাহুল গান্ধীয়ে পুনৰবাৰ মনোযোগ চুৰি কৰিবলৈ চেষ্টা আৰম্ভ কৰিছে। তেওঁ পূৰ্বৰ ভুলৰ পৰা শিকিব পৰা নাই।”

এই নতুন অভিযোগেৰে নিৰ্বাচনৰ পূৰ্বে বিতৰ্ক আৰু ৰাজনৈতিক উত্তেজনা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা গৈছে।

নগাঁও জিলাত নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্ন কাকত ভাইৰেল, পৰীক্ষাৰ পূৰ্বেই ম’বাইলত পোৱা গ’ল । Viral Question Paper

নগাঁও জিলাত নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্ন কাকত ভাইৰেল, পৰীক্ষাৰ পূৰ্বেই ম'বাইলত পোৱা গ'ল । Viral Question Paper
নগাঁও জিলাত নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্ন কাকত ভাইৰেল, পৰীক্ষাৰ পূৰ্বেই ম'বাইলত পোৱা গ'ল । Viral Question Paper

Viral Question Paper । নগাঁও জিলাত নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্ন কাকত ভাইৰেল, পৰীক্ষাৰ পূৰ্বেই ম’বাইলত পোৱা গ’ল

নগাঁও জিলাত পুনৰ এক চাঞ্চল্যকৰ ঘটনা। এইবাৰ মেট্ৰিক বা হায়াৰ চেকেণ্ডাৰী নহয়, নৱম শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্ন কাকত পৰীক্ষাৰ পূৰ্বেই ভাইৰেল হোৱাৰ ঘটনা পোহৰলৈ আহিছে।

নৱম শ্ৰেণীৰ অসমীয়া বিষয়ৰ পৰীক্ষা আছিল। কিন্তু পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বেই সামাজিক মাধ্যমত, বিশেষকৈ WhatsAppত ভাইৰেল হৈ পৰে অসমীয়া বিষয়ৰ প্ৰশ্ন কাকত।

সোত অনুসৰি, 6002602792 নম্বৰ ম’বাইল নম্বৰৰ WhatsAppৰ জৰিয়তে প্ৰশ্ন কাকতসমূহ ছাত্ৰ-ছাত্ৰীলৈ পঠিওৱা হৈছিল বুলি অভিযোগ উঠিছে। এই ঘটনাই অভিভাৱক আৰু শিক্ষানুৰাগীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

পৰীক্ষাৰ শুদ্ধতা আৰু শিক্ষাৰ গুণগত মানক লৈ পুনৰ একবাৰ চিন্তিত হৈ পৰিছে সকলো। স্থানীয় শিক্ষাবিভাগে এই ঘটনা গম্ভীৰভাৱে লৈ তদন্ত আৰম্ভ কৰাৰ দাবী জনাইছে বহুতে।

Assam taxi driver protest: যোৰাবাটত সাময়িকভাৱে প্ৰতিবাদ স্থগিত অসম টেক্সি চালকৰ

যোৰাবাটত সাময়িকভাৱে প্ৰতিবাদ স্থগিত অসম টেক্সি চালকৰ
যোৰাবাটত সাময়িকভাৱে প্ৰতিবাদ স্থগিত অসম টেক্সি চালকৰ

যোৰাবাটত সাময়িকভাৱে প্ৰতিবাদ স্থগিত অসম টেক্সি চালকৰ।(Assam taxi driver protest)

সাময়িকভাৱে আন্দোলন বন্ধ ৰাখিলে টেক্সি চালকে।

দুদিনৰ ভিতৰত সমস্যা সমাধানৰ আশ্বাস মেঘালয়ৰ।

অসমৰ চালকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি মেঘালয় চৰকাৰৰ।

ইতিমধ্যেই মেঘালয়ত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা ।

অসমৰ চালকৰ সুৰক্ষা দিশ তদাৰক কৰিব মেঘালয় আৰক্ষীয়ে।

অসমৰ চালকক দুর্ব্যৱহাৰ কৰা NGOৰ বিৰুদ্ধে ল’ব ব্যৱস্থা।

বিষয়টোৰ স্থায়ী সমাধানৰ বাবে ২ দিনৰ সময় বিচাৰিলে দুই ৰাজ্যৰ প্ৰশাসনে।

Durga Puja 2025: দুৰ্গা পূজাক লৈ SOP জাৰি মহানগৰ আৰক্ষীৰ…

দুৰ্গা পূজাক লৈ SOP জাৰি মহানগৰ আৰক্ষীৰ
দুৰ্গা পূজাক লৈ SOP জাৰি মহানগৰ আৰক্ষীৰ

দুর্গা পূজাক লৈ SOP জাৰি মহানগৰ আৰক্ষীৰ।(Durga Puja 2025)

SOP সমূহ হ’ল-

ট্রেফিক নিয়ন্ত্ৰণ কৰাত পূজা কমিটীসকলে গুৰুত্ব দিব লাগিব।


মদ্যপান কৰি পূজা মণ্ডপত যাব নোৱাৰিব।


ভক্তসকলৰ বাবে বিনামূলীয়াকৈ পানী যোগান দিব লাগিব।


শব্দ প্ৰদূষণ কৰিব নোৱাৰিব।


পূজা কমিটীসমূহে পথত পেণ্ডেল তৈয়াৰ কৰিব নোৱাৰিব।

প্রতিখন পূজা কমিটীক CCTV লগোৱাৰ নিৰ্দেশ।


নিশালৈকে পূজাত থাকিব লাগিব স্বেচ্ছাসেৱকসকল।


স্বেচ্ছাসেৱকসকলৰ তালিকা আৰক্ষীক দিব লাগিব।

প্ৰতিজন ভক্তৰ নিৰাপত্তাৰ ওপৰত ওপৰত গুৰুত্ব দিব লাগিব।


থাকিব লাগিব হেল্প ডেস্ক, মেডিকেল ডেস্ক।


VIPসকল পূজালৈ আহিলে পূর্বেই আৰক্ষীক জনাব লাগিব।

Dibrugarh University: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন

ডিব্ৰুগড় বিশ্ববিদ্যালয় নিৰ্বাচন
ডিব্ৰুগড় বিশ্ববিদ্যালয় নিৰ্বাচন

আজিৰ (Dibrugarh University)ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন। নাহৰৰ দেশত পুৱাভাগৰে পৰা শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে ভোটদান প্ৰক্ৰিয়াৰ। বিশ্ববিদ্যালয়ৰ ১৬ টা পদৰ বাবে অনুষ্ঠিত হৈছে এই নিৰ্বাচন। বিশ্ববিদ্যালয়ৰ বিষ্ণুপ্ৰসাদ ৰাভা ৰঙ্গমঞ্চত অনুষ্ঠিত হোৱাৰ ছাত্ৰ সভাৰ এই নিৰ্বাচনত বিশ্ববিদ্যালয়ৰ ৫৫০০শ ছাত্ৰ – ছাত্ৰীয়ে ভোটদান সাব্যস্ত কৰিব।

আজি অনুষ্ঠিত হোৱা এই নিৰ্বাচনত তৰ্ক বিভাগত বিজয় বৰা আৰু ফুটবল বিভাগত ৰিয়া দাস বিনা প্ৰতিদ্বন্দিতাৰে বিজয় সাব্যস্ত হৈছে। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে অনুষ্ঠিত হোৱাৰ বিশ্ববিদ্যালয়ৰ এই নিৰ্বাচন প্ৰক্ৰিয়া বিয়লি দুই বজালৈকে চলিব। ইয়াৰ পিছতেই আবেলি ৩.০০টা পৰা ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ হ’ব। ভোটদানৰ অন্তত কোনগৰাকী প্ৰাৰ্থীয়ে বিজয় শেষ হাঁহি মাৰিবলৈ সক্ষম হয়, সেইয়াৰ পৰৱৰ্তী সময়ত কব পৰা যাব।

Dergaon News: পোহনীয়া হাতীৰ গছকত মৃ*ত্যু হাতীৰ মালিকৰ

পোহনীয়া হাতীৰ গছকত মৃ*ত্যু হাতীৰ মালিকৰ
পোহনীয়া হাতীৰ গছকত মৃ*ত্যু হাতীৰ মালিকৰ

দেৰগাঁৱত ভয়ানক অঘটন। (Dergaon News) পোহনীয়া হাতীৰ গছকত মৃত্যু হাতীৰ মালিকৰ। মৃত লোকজন মলাই কুমাৰ গাঁৱৰ কেশৱ বৰা। আঘাতপ্ৰাপ্ত হ’ল আন দুজন। ইয়াৰে আঘাতপ্ৰাপ্ত এজন হ’ল হাতীটোৰ মাউত। জানিবপৰা মতে কিছুদিন ধৰি হাতীটোক ৰাখি থোৱা হৈছিল দেৰগাঁৱৰ ভিতৰুৱা এক নিৰিবিলি পৰিৱেশৰ মাজত।

বুধবাৰে বিয়লিৰ ভাগত মাউতসহ গৰাকীয়ে নিবলৈ আহিছিল হাতীটো। হঠাতে হাতীটোৱে আক্ৰমণ কৰি গুৰুতৰ ভাৱে আহত কৰে হাতীটোৰগৰাকী কেশৱ বৰাক।

ইতিমধ্যে কেশৱ বৰাক মৃত ঘোষণা কৰে চিকিৎসকে। আনজন গুৰুতৰ ভাৱে আহত জীতেন কৰ্মকাৰ নামৰ যুৱকজনক
যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছে। আঘাতপ্ৰাপ্ত হাতীটোৰ মাউত বুমনি গগৈৰ চিকিৎসা দেৰগাঁৱৰ চিকিৎসালয়ত চলি আছে।