Home Blog Page 1548

৪০কোটি টকাৰে নিৰ্মাণ কৰা ‘দ্য কেৰেলা ষ্ট’ৰী’ৰ বাবে ১ কোটি টকাৰ পাৰিশ্ৰমিক লৈছিল আদাহ শৰ্মাই…

‘The Kerala Story’ ছবিখনত চাৰিগৰাকী অভিনেত্ৰীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু তেওঁলোকৰ অভিনয়ৰ বাবে যথেষ্ট প্ৰশংসা লাভ কৰিছে। আপুনি জানেনে অভিনেত্ৰী আদাহ শৰ্মাই ছবিখনৰ বাবে সৰ্বাধিক ধন লৈছিল! এই বছৰ এতিয়ালৈকে বলীউডৰ বহু চিনেমা মুক্তি পাইছে যদিও বক্স অফিচত আটাইকেইখন ছুপাৰ হিট বুলি প্ৰমাণিত হোৱা নাই। এই সকলোবোৰৰ ভিতৰত হিট চিনেমাৰ কথা ক’বলৈ গ’লে শ্বাহৰুখ খানৰ ‘পাথান’ আৰু ৰণবীৰ কাপুৰৰ ‘তু ঝুঠি মই মক্কাৰ’ৰ দৰে ছবি অন্তৰ্ভুক্ত কৰা হৈছে। এই তালিকাত নতুনকৈ প্ৰৱেশ কৰিছে আৰু সেয়া হৈছে আদাহ শৰ্মাৰ বিতৰ্কিত ছবি ‘দ্য কেৰেলা ষ্ট’ৰী’ যিয়ে সকলো বিতৰ্কৰ মাজতো বক্স অফিচত সহাঁৰি লাভ কৰিছে।

প্ৰথমে ‘দ্য কেৰেলা ষ্ট’ৰী’ৰ অভিনেতা-অভিনেত্ৰীসকলে লাভ কৰা মাচুলৰ কথা কওঁ। আপুনি জানেনে যে ছবিখনত মূল চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী ‘আদাহ শৰ্মা’ই সৰ্বাধিক ধন লাভ কৰিছে! সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আদাই এই ছবিখনৰ বাবে এক কোটি টকা লৈ ছবিখনৰ বাকী তিনিগৰাকী অভিনেত্ৰী যোগিতা বিহানী, সিদ্ধি ইদনানী আৰু ছোনিয়া বালানীক ৩০ লাখ টকা দিছে। অভিনেতা বিজয় কৃষ্ণ আৰু প্ৰণয় পচৌৰীয়ে ২০ লাখ টকাকৈ লৈছে। ‘The Kerala Story’ ৪০ কোটি টকাৰে নিৰ্মাণ কৰা হৈছিল।

২০২৩ চনৰ ৫ মে’ত মুক্তি পোৱা ‘দ্য কেৰেলা ষ্ট’ৰী’ মুক্তিৰ ১৫ দিনৰ পাছতো ডাঙৰ পৰ্দাত ভাল প্ৰদৰ্শন আগবঢ়াইছে। ১০ দিনত ১০০ কোটিৰ সীমা অতিক্ৰম কৰা এই ছবিখনে দ্ৰুতগতিত আগবাঢ়িছে ২০০ কোটিৰ দিশে। মুক্তিৰ পোন্ধৰ নম্বৰ দিনা ছবিখনে ৬.৪০ কোটি টকা উপাৰ্জন কৰিছে, তাৰ পিছত মুঠ সংগ্ৰহ ১৭১.৭২ কোটি টকা হৈছে গৈ। ছবিখন মুক্তিৰ পূৰ্বে আৰু মুক্তিৰ পিছতো বহু বিতৰ্কই আগুৰি ধৰিছে আৰু ইয়াৰ পিছতো ছবিখনে ভাল উপাৰ্জন কৰি আছে।

কোনো পৰিচয় বা ফৰ্ম নোহোৱাকৈ ২০০০ টকীয়া নোট বিনিময়ৰ অনুমতি SBIৰ

ভাৰতীয় ষ্টেট বেংকে এক বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে যে পৰিচয় প্ৰমাণ বা ৰিকুইজিচন স্লিপৰ প্ৰয়োজন নোহোৱাকৈ ২০০০ টকীয়া নোট বিনিময় কৰিব পাৰিব। বিনিময় প্ৰক্ৰিয়া সন্দৰ্ভত ছ’চিয়েল মিডিয়াত প্ৰচাৰিত উৰাবাতৰি আৰু ভুল তথ্যৰ প্ৰতি সঁহাৰি জনাই এই স্পষ্টীকৰণ দিয়া হৈছে।

“…সিদ্ধান্ত লোৱা হৈছে যে জনসাধাৰণৰ সকলো সদস্যক এটা সময়ত ২০,০০০ টকাৰ সীমা পৰ্যন্ত ২০০০ টকাৰ বেংক নোটৰ বিনিময়ৰ সুবিধা কোনো ধৰণৰ ৰিকুইজিচন স্লিপ নোলোৱাকৈ অনুমতি দিয়া হ’ব…কোনো ধৰণৰ পৰিচয় প্ৰমাণ দাখিল কৰাৰ প্ৰয়োজন নাই” এছ বি আইৰ বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰাৰ কথা ঘোষণা কৰিছে, যিটো তৎকালীনভাৱে কাৰ্যকৰী হ’ব। ২০২৩ চনৰ ২৩ মে’ৰ পৰা অন্যান্য বৈধ মুদ্ৰাৰ সৈতে ২০০০ টকীয়া নোটৰ বিনিময় আৰু জমা আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।সমগ্ৰ ভাৰতৰ ১৯টা আৰ বি আইৰ আঞ্চলিক কাৰ্যালয় (আৰ অ’)ত বিনিময়ৰ সুবিধা উপলব্ধ হ’ব।

বেংকসমূহক ৩০ ছেপ্টেম্বৰ, ২০২৩ লৈকে ২০০০ টকীয়া নোটৰ জমা/বা বিনিময়ৰ সুবিধা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়া হৈছে, যাতে জনসাধাৰণে প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ পৰ্যাপ্ত সময় পায়।

২০২৩ চনৰ ২৩ মে’ৰ পৰা আৰম্ভ কৰি এটা সময়ত ২০ হাজাৰ টকাৰ সীমা পৰ্যন্ত ব্যক্তিয়ে ২০০০ টকীয়া নোট অন্য মূল্যৰ সৈতে বিনিময় কৰিব পাৰিব।

বিলাসীপাৰাৰ লক্ষীগঞ্জত বৃহৎ পৰিমাণৰন গাঞ্জাসহ এগৰাকী ব্যক্তিক আটক…

আজি বিলাসীপাৰা থানাৰ আৰক্ষীয়ে ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ লক্ষীগঞ্জত বৃহৎ পৰিমাণৰ গাঞ্জাসহ এগৰাকী ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে আটক কৰা ব্যক্তি গৰাকিৰ নাম হৈছে বিনয় মণ্ডল। ধৃত বিনয় মণ্ডলৰ ঘৰ ধুবুৰী জিলাৰ বিলাসীপাৰা থানাৰ অন্তৰ্গত লক্ষীগঞ্জ বজাৰত বুলি জানিৱ পৰা গৈছে।

বিনয় মণ্ডলৰ নিজা ঘৰতে ৰাতিপূৱাই বিলাসীপাৰা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি বিলাসীপাৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিময় গায়নৰ নেতৃত্বত আৰক্ষীৰ এটা সজাতি দলে লক্ষীগঞ্জ উপ-আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰান কৃষ্ণ ৰাভাৰ সহযোগত ৰাইডাৰ পাৰ্টিয়ে অভিযান চলাই বৃহত পৰিমাণৰ গাঞ্জাসহ আটক কৰে বিনয় মণ্ডলক।ধৃত বিনয় মণ্ডলে দীৰ্ঘদিনৰ পৰা অবৈধ গাঞ্জাৰ ব্যৱসায় কৰি আহিছে বুলি জানিব পৰা গৈছে ৷ বিলাসীপাৰা আৰক্ষীয়ে ধৃত বিনয় মণ্ডলৰ জেৰা অব্যহত ৰাখিছে । বিলাসীপাৰা আৰক্ষীৰ লগতে লক্ষীগঞ্জ আৰক্ষীৰ এই অভিযানক ধন্যবাদ জ্ঞাপন কৰিছে স্থানীয় ৰাইজৰ লগতে সচেতন মহলে।

বিলাসীপাৰাৰ পৰা জিয়াৰুল আলমৰ প্ৰতিবেদন

ধৰ্মীয় বাধা নেওচি ৫ গৰাকী বলীউডৰ তাৰকা বিবাহপাশত আৱদ্ধ হৈছিল…

প্ৰেমৰ সন্মুখত সকলো হাৰি যায়। কোনো ধৰ্ম, জাতি চাই ভালপোৱা নহয়, এনে বহু ঘটনাৰ উদাহৰণ বলিউদত পোৱা যায়। কেৱল বলীউডৰ চিনেমাতে নহয় বাস্তৱ জীৱনতো এনে বহু বলীউডৰ তাৰকা আছে যিয়ে ধৰ্মৰ দুৱাৰ পাৰ হৈ বিয়া পাতি সংসাৰ কৰি আছে। আজি আমি আপোনালোকক ক’ম এনে ৫ টা বলীউড দম্পতীৰ বিষয়ে। তেঁওলোকৰ মৰমৰ বাবে ধৰ্মৰ বাধা আহিবলৈ নিদিলে।

১/ শ্বাহৰুখ খান আৰু গৌৰী খানঃ বলীউডৰ কিং খান আৰু তেওঁৰ পত্নীৰ প্ৰেম কাহিনী সকলোৰে পৰিচিত। দুয়োজনেই বলীউডৰ প্ৰিয় দম্পতী। এটা সময়ত দুয়োৰে মাজত ধৰ্মৰ বাধা আহিছিল। গৌৰী হিন্দু আৰু শ্বাহৰুখ মুছলমান। গৌৰীৰ পৰিয়ালৰ লোকক মান্তি কৰাবলৈ শ্বাহৰুখৰ বাবে বৰ কঠিন হৈ পৰিছিল। অৱশেষত দুয়োৰে বিয়া হৈছিল ১৯৯১ চনত।

২/ Vicky kaushal and katrina kaif: বলীউডৰ জনপ্ৰিয় কাপলত ভিকি আৰু কেটৰিনাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। দুয়োৰে বিবাহ ৯ ডিচেম্বৰ ২০২১ তাৰিখে ছাৱাই মাধোপুৰত। দুয়োজনে বৰ আড়ম্বৰেৰে বিয়া হৈছিল।

৩) কৰীণ কাপুৰ আৰু ছেইফ আলী খানঃ ছেইফ আলী খান আৰু কৰীনা কাপুৰ খানক বলীউডৰ আটাইতকৈ জনপ্ৰিয় দম্পতী বুলি গণ্য কৰা হয়। কৰীনা ছেইফতকৈ বহুত সৰু হোৱাৰ বাবে দুয়ো এক লগ হোৱাটো সহজ নাছিল। ৰাইজৰ ঠাট্টা আৰু সমাজৰ চৰ্চাক কেৰেপ নকৰি ২০১২ চনৰ ১৬ অক্টোবৰত বিবাহপাশত আবদ্ধ হয়। কৰণী ছেইফৰ দ্বিতীয় পত্নী।

৪) ৰিতেশ আৰু জেনেলিয়া ডিছৌজাঃ বলীউডৰ অভিনেতা ৰিতেশ দেশমুখ হিন্দু হোৱাৰ বিপৰীতে পত্নী জেনেলিয়া ডিছৌজা খ্ৰীষ্টান। দুয়োজনে মনে মনে ৯ বছৰ ধৰি ইজনে সিজনৰ লগত ডেটিং কৰিছিল। ইয়াৰ পিছত ২০১২ চনৰ ৩ ফেব্ৰুৱাৰীত দুয়োৰে বিবাহ হয়।

৫.মনোজ বাজপেয়ী আৰু শ্বাবানা ৰাজাঃ বলীউডৰ আটাইতকৈ প্ৰতিভাৱান অভিনেতা মনোজ বাজপেয়ীয়েও ধৰ্মৰ বাধা নেওচি মুছলমান পত্নী শ্বাবানা ৰাজাক বিয়া কৰাই। দুয়োৰে এগৰাকী মৰমলগা কন্যাও আছে।

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত গহপুৰৰ কন্যা। NEV ৰ উদ্যোগত অনুষ্ঠিত হোৱা International Goa Carnival ৰ Beauty pageant ত প্ৰতিযোগিতাত প্ৰথম স্থানেৰে গৌৰৱ কঢ়িয়াই আনিলে গহপুৰৰ লগতে অসমলৈ…

দৰিদ্ৰতাকো নেওচি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিল গহপুৰৰ কন্যা। NEV অৰ্থাৎ EVENTS AND ENTERTAINMENT PVT.LTD. ৰ উদ্যোগত ৩ মে’ ২০২৩ তাৰিখে Goa ত অনুষ্ঠিত হোৱা International Goa Carnival ৰ Beauty pageant ত প্ৰতিযোগিতাত প্ৰথম স্থানেৰে গৌৰৱ কঢ়িয়াই আনিলে গহপুৰৰ লগতে সমগ্ৰ অসমলৈ। দৰিদ্ৰতাকো নেওচি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকিল গহপুৰৰ কন্যা। NEV অৰ্থাৎ EVENTS AND ENTERTAINMENT PVT.LTDৰ উদ্যোগত ৩ মে’ ২০২৩ তাৰিখে গোৱাত অনুষ্ঠিত হোৱা International Goa Carnival ৰ Beauty pageant ত প্ৰতিযোগিতাত প্ৰথম স্থানেৰে গৌৰৱ কঢ়িয়াই আনিছে গহপুৰৰ লগতে সমগ্ৰ অসমলৈ।


সেই গৰাকীয়েই হৈছে বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ আমতলা পঞ্চায়তৰ অন্তৰ্গত দাসপাৰা গাঁৱৰ নিৱাসী যগন দাস আৰু ৰেণুকা দাসৰ ১০ বছৰীয়া একমাত্ৰ কন্যা তথা ডিকৰাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী পূজা দাস। ইয়াৰ পূৰ্বে পূজা দাসে জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুকেইখন প্ৰতিযোগিতাত প্ৰথম স্থানেৰে জিলিকি উঠিল সুন্দৰী প্ৰতিযোগিতাৰ জগতত। লগতে সুন্দৰী প্ৰতিদ্বন্দ্বী পূজা দাসে আন্তঃৰাষ্ট্ৰীয় কেইবাখনো সুন্দৰী প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে নিয়মীয়া অনুশীলন অব্যাহত ৰাখিছে। তদুপৰি ১০ বছৰীয়া সুন্দৰী প্ৰতিদ্বন্দ্বী গৰাকীয়ে কেইবাখনো অসমীয়া ছুটি ছবিত অভিনয় কৰি চলচ্চিত্ৰ জগততো নামি পৰিছে।

গহপুৰৰ পৰা অৰবিন্দ নেৱাৰৰ প্ৰতিবেদন

ৰাজীৱ ভৱনত প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰত ৰত্ন ৰাজীৱ গান্ধীৰ ৩৩তম মৃত্যুবাৰ্ষিকী উদযাপন

গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত দেউবাৰে ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰত ৰত্ন ৰাজীৱ গান্ধীৰ ৩৩তম মৃত্যুবাৰ্ষিকী উদযাপন কৰা হয়৷

মহানগৰীৰ ৰাজীৱ ভৱনত গুৱাহাটী মহানগৰ কংগ্ৰেছ কমিটিৰ উদ্যোগত গুৱাহাটী মহানগৰৰ অন্তৰ্গত এহেজাৰ মহিলাৰ মাজত বস্ত্ৰ বিতৰণ কৰে।

অনুষ্ঠানত উপস্থিত থাকে বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, গুৱাহাটী মহানগৰ কংগ্ৰেছ কমিটিৰ সভাপতি নৱজ্যোতি তালুকদাৰ, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, বিধায়ক জাকিৰ হুছেইন শিকদাৰ, বিধায়িকা শিৱামনি বৰা, বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, আব্দুৰ ৰছিদ মণ্ডলকে ধৰি মহানগৰীৰ বহুকেইটা ব্লকৰ কংগ্ৰেছ কৰ্মীৰ লগতে কংগ্ৰেছৰ বহুতো নেতা কৰ্মী।

আপুনি ইমান জনপ্ৰিয়, মই অটোগ্ৰাফ ল’মঃ জাপানত কোৱাড গ্ৰুপৰ বৈঠকত প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক

জাপানৰ হিৰোছিমাত অনুষ্ঠিত হোৱা কোৱাড গ্ৰুপৰ বৈঠকত প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তাৰ বাবে প্ৰশংসা প্ৰকাশ কৰে।

আনকি, এখোজ আগুৱাই গৈ বাইডেনে গুৰুত্বসহকাৰে আৰু কয় যে তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ অটোগ্ৰাফ ল’ব। সমগ্ৰ আন্তৰিকতাৰ সম্পৰ্কত লঘু ধাৰা আছে যদিও একাংশই ইয়াক আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত ভাৰত আৰু মোদীৰ গ্ৰহণযোগ্যতা বৃদ্ধিৰ চিন বুলি ভাবে।

শনিবাৰে কোৱাডৰ বৈঠকত মোদীক দেখাৰ পিছত বাইডেনে কয় যে আপুনি অতি জনপ্ৰিয়, মই আপোনাৰ অটোগ্ৰাফ ল’ম। এই প্ৰেক্ষাপটত বাইডেনে প্ৰধানমন্ত্ৰী মোদীৰ আগত আৰু কয়, ‘আপুনি অহাৰ বাবে সমগ্ৰ আমেৰিকাই অপেক্ষা কৰি আছে। মই ধেমালি কৰিছো বুলি ভাবিছেনে? বিশ্বাস কৰক মোৰ জীৱনত ইমান ফোন কেতিয়াও পোৱা নাই।” প্ৰায় একে সুৰতে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে ক’লে, “আপুনি ছিডনীত ২০ হাজাৰ লোকৰ সন্মুখত কথা ক’ব।” টিকটৰ বাবে বহুত অনুৰোধ আহিছে।”

কিছুদিন পিছতে অষ্ট্ৰেলিয়া আৰু আমেৰিকা ভ্ৰমণ কৰিব মোদীয়ে। ইয়াৰ পূৰ্বে কোৱাড গোটৰ দুখন গুৰুত্বপূৰ্ণ সদস্য ৰাষ্ট্ৰৰ মুৰব্বীৰ প্ৰশংসাই প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণক অধিক তাৎপৰ্যপূৰ্ণ কৰি তুলিব বুলি আশা কৰা হৈছে। চাৰিজনীয়া কোৱাড গ্ৰুপৰ সদস্যও ভাৰত। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ ‘আগ্ৰাসন’ হ্ৰাস কৰাত এই গোটৰ ভূমিকা আৰু ডাঙৰ হ’ব বুলি ধাৰণা কৰা হৈছে।

পকা কল ৰাতিৰ ভিতৰতে ক’লা হৈ পৰে, গতিকে গৰমৰ দিনত কল কেনেকৈ ৰাখিব…

কল এনেকুৱা এটা ফল যে যিকোনো বতৰত কল স্বাস্থ্যৰ বাবে উপকাৰী। চিকিৎসক বা স্বাস্থ্য বিশেষজ্ঞই প্ৰায়ে ৰাতিপুৱা খালী পেটত খাবলৈ পৰামৰ্শ দিয়ে। বিশেষকৈ গ্ৰীষ্মকালত মানুহে প্ৰায়ে খালী পেটত কল খাই ভাল পায়। এই কাৰণেই মানুহে ডজন ডজন কল কিনি ঘৰতে ৰাখে। গ্ৰীষ্মকালত উষ্ণতা বেছি হোৱাৰ বাবে কল সোনকালে ক’লা হৈ গলিবলৈ আৰম্ভ কৰে। যদি কল বহুদিন সতেজ কৰি ৰাখিব বিচাৰে তেন্তে এডাল ৰছী বান্ধি ওলোমাই দিব লাগে আৰু এটা কথা মনত ৰাখিব যে কল কাটিব নালাগে। সময়ৰ আগতেই যদি কলটো বেয়া হৈ যোৱাৰ পৰা বচাব বিচাৰে তেন্তে ভালদৰে প্লাষ্টিকত মেৰিয়াই ৰাখিব। যেতিয়াই কল এটা প্লাষ্টিকত মেৰিয়াই থ’ব তেতিয়াই ঠাৰিটো বাহিৰত থৈ বাকী অংশটো ভালদৰে মেৰিয়াই থ’ব। কলৰ পৰা ইথিলিন গেছ কম ওলায়। যাৰ বাবে ই ৪-৫ দিন সতেজ হৈ থাকে।

এনেদৰে ৰাখিলে কল নষ্ট নহয়, গতিকে খাদ্য বিশেষজ্ঞৰ মতে ভিনেগাৰেৰে কল ভালদৰে ধুব লাগে। প্ৰথমে ভিনেগাৰত পানী মিহলাই কলখিনি ভালদৰে ধুব।যদি আপুনি কল ৩০ দিনৰ বাবে সংৰক্ষণ কৰিব বিচাৰে তেন্তে কলখিনি টানকৈ প্লাষ্টিকেৰে বান্ধি বেগত ৰাখিব।

মানচেষ্টাৰ চহৰে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰিমিয়াৰ লীগ খিতাপ দখল কৰে…

শনিবাৰে নটিংহাম ফৰেষ্টৰ হাতত আৰ্চেনালক ০-১ গ’লত পৰাস্ত হোৱাৰ পাছত একেৰাহে তৃতীয় ছিজনৰ বাবে প্ৰিমিয়াৰ লীগৰ খিতাপ দখল কৰিছে মানচেষ্টাৰ চহৰে।

বিগত ছয়টা ছিজনত পঞ্চমবাৰৰ বাবে পেপ গুৱাৰ্ডিঅ’লাৰ অধীনত মানচেষ্টাৰ চহৰে শীৰ্ষস্থান দখল কৰিছে।

ধিঙত এ আই ইউ ডি এফৰ অৱস্থান ধৰ্মঘট। মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ…

নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ প্ৰাংগণত এ আই ইউ ডি এফয়ে এক অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী
পালন কৰে। চৰ-চাপৰিত যুগ যুগ ধৰি বসবাস কৰি থকা ওৰাং অভয়াৰণ্য উচ্ছেদৰ প্ৰতিবাদত এ আই ইউ ডি এফৰ উদ্যোগত ধিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ প্ৰাংগণত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে দলটোৱে।

এই ধৰ্মঘট কাৰ্য্যসূচীত এ আই ইউ ডি এফৰ কৰ্মী সকলে হাতে- হাতে প্লে কাৰ্ড লৈ বিকল্প সংস্থাপনৰ অবিহনে উচ্ছেদ অভিযান বন্ধ কৰক, সাম্প্ৰদায়িক আক্ৰোশমূলক উচ্ছেদ বন্ধ কৰক , অসম চৰকাৰ হাই হাই আদি শ্লোগানেৰে ধিঙৰ আকাশ বতাহ কঁপাই তোলাৰ লগতে ধিং চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী লৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। উক্ত ধৰ্মঘট কাৰ্যসূচীত ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ লগতে জিলা সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে।

বৰছলাৰ পৰা ৰফিকুল ইছলামৰ প্ৰতিবেদন