Home Blog Page 1619

তামুলপুৰত বিজেপিৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন…

গয়বাড়ী মণ্ডল বি জে পি ৰ উদ্যোগত আজি বিজেপিৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। পুৱাৰ ভাগত ঘৰে ঘৰে পতাকা উত্তোলন,বৃক্ষ ৰোপণ কৰাৰ পিছত কমিটি, মণ্ডল কমিটিৰ উদ্যোগত সভা সমিতি অনুষ্ঠিত কৰি অঞ্চলটোৰ বয়োজ্যেষ্ঠ বিশিষ্ট ব্যক্তি সকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

আজি গয়বাৰী মণ্ডল বিজেপিৰ সভাপতি হেমন্ত কুমাৰ ৰাভাৰ সভাপতিত অনুষ্ঠিত সম্বৰ্ধনা সভাত তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাসে উপস্থিত থাকি বিজেপিৰ ইতিহাস আৰু বিকাশ ব্যাখ্যা কৰে।

তামুলপুৰৰ পৰা প্ৰসাদ দাসৰ প্ৰতিবেদন

অভয়াপুৰীত আসাম ষ্টেট আউটচৰ্চ পাৱাৰ ৱাৰ্কাৰ্চ ইউনিয়নৰ ১১ দফীয়া দাবী পুৰণৰ বাবে ১২ দিনীয়া কৰ্ম বিৰতি পালন

বঙাইগাঁও জিলাৰ অভয়াপুৰী বিদ্যুত উপ সংমণ্ডল কাৰ্যালয় প্ৰাংগনত আসাম ষ্টেট আউটচৰ্চ পাৱাৰ ৱাৰ্কাৰ্চ ইউনিয়নৰ ১১ দফীয়া দাবী পুৰণৰ বাবে ১২ দিনীয়া কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়ন।

প্ৰায় ১০-১২ বছৰ ধৰি একনিষ্ঠ ভাৱে সেৱা আগবঢ়োৱা এই সকল কৰ্মচাৰীৰ চাকৰী চৰকাৰে নিয়মীয়া নকৰাৰ বাবে ৰাজ্যৰ ভিন্ন ঠাইৰ লগতে উত্তৰ শালমাৰা মহকুমাৰ অভয়াপুৰী বিদ্যুৎ উপ সংমণ্ডলৰ অৰ্ন্তগত কৰ্মচাৰী সকলেও যোৱা ৪ এপ্ৰিলৰ পৰা ১৫ এপ্ৰিল লৈ এই কৰ্মবিৰতি কাৰ্যসূচী হাতত লৈছে।

এই সকল কৰ্মচাৰীৰ চাকৰী নিয়মীয়া কৰা, চৰকাৰে ঘোষণা কৰা ৫০০০ পদত এই সকলক নিযুক্তি দিয়া, সম কাম সম মজুৰী দিয়া, পূৰ্বৰ ঠাইতে নিযুক্তি দিয়া, দুৰ্ঘনাত ক্ষতিপুৰণ সহ আৰ্থিক সাহায্য দিয়া, ঠিকাদাৰৰ অধীনত কামত নিয়োগ নকৰা, পাৰিশ্ৰমিকৰ ধন নিজ নিজ একাউণ্টত দিয়াৰ ব্যৱস্থা কৰা আৰু চৰকাৰী সা-সুবিধা প্ৰদান কৰাৰ দাবীত আন্দোলনকাৰীয়ে চৰকাৰ বিৰুদ্ধে বিভিন্ন শ্লগান দি পৰিৱেশ উত্তাল কৰি তোলে।

চৰকাৰে যদি এই সকল কৰ্মচাৰীৰ দাবী অহা ১৫ এপ্ৰিৰ ভিতৰত মানি নলয় তেনেহ’লে অহা ২৫ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিল লৈ চৰকাৰৰ বিৰুদ্ধে সৰ্বাত্মক অসহযোগ আন্দোলনৰ কাৰ্যসূচী হাতত ল’ব বুলি হুংকাৰ দিয়ে।

-ইনামুল আহমেদ(অভয়াপুৰী)

পদ্মশ্ৰী সন্মান লাভ কৰি প্ৰধানমন্ত্ৰীক ধন্যবাদ শ্বাহ ৰছিদ আহমেদৰ…

আপুনি মোক ভুল প্ৰমাণিত কৰিলেঃ পদ্মশ্ৰী বঁটা লাভ কৰি মোদীক ধন্যবাদ শ্বাহ ৰছিদ আহমেদৰ। শ্বাহ ৰছিদ আহমেদ কাদৰীয়ে বুধবাৰে গ্ৰহণ কৰে পদ্মশ্ৰী সন্মান। এই বঁটা লাভ কৰাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে তেওঁ। ধন্যবাদ জ্ঞাপন কৰি তেওঁ কয় যে- কংগ্ৰেছৰ শাসন কালত মই পদ্মশ্ৰী নাপালো। ভাবিছিলো যে বিজেপি চৰকাৰে মোক এই সন্মান নিদিব। কিন্তু আপুনি মোক ভুল প্ৰমাণিত কৰিলে।শ্বাহ ৰছিদ আহমেদ কাদৰীয়ে প্ৰধানমন্ত্ৰী মোডীক কয়, “মই ১০ বছৰ অপেক্ষা কৰিছিলো কিন্তু পোৱা নাছিলো। তাৰ পিছত আশা কৰা নাছিলোঁ ভাবিছিলো যে বিজেপি চৰকাৰৰ দিনত পদ্ম বঁটা নাপাম।কিয়নো বিজেপিয়ে মুছলমানক একো নিদিয়ে। কিন্তু আপুনি মোৰ ধাৰণাটো ভুল প্ৰমাণ কৰিলে, তাৰ বাবে আপোনাক বহুত ধন্যবাদ।”

উল্লেখ্য যে, ৰাষ্ট্ৰপতিয়ে চলিত বৰ্ষৰ গণতন্ত্ৰ দিৱসৰ প্ৰাকমুহূৰ্তত ১০৬ জন লোকৰ বাবে পদ্ম বঁটাত অনুমোদন জনাইছিল। বুধবাৰে মুঠ ৫৩ জন বঁটা বিজয়ীক সন্মানিত কৰা হয়।শ্বাহ ৰছিদ আহমেদ কাদৰী বিদ্ৰী কলাৰ বাবে জনাজাত। বিদ্ৰী ৱেৰ হস্তশিল্পৰ ক্ষেত্ৰখনত নিয়োজিত এজন নিপুণ কাৰিকৰ, তেওঁ বহুতো বিদ্ৰী ৱেৰ প্ৰবন্ধ উদ্ভাৱন কৰি শ শ শিল্পীক প্ৰশিক্ষণ দিছে।বিদ্ৰী হৈছে এক লোককলা যাৰ পৰম্পৰাগত সৃষ্টি কৰ্ণাটকৰ বিদাৰ চহৰৰ পৰা আৰম্ভ হৈছিল। পিছলৈ লাহে লাহে এই কলা তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশলৈ বিয়পি পৰিছিল।

অতিথিক মহৰ কামোৰৰ পৰা ৰক্ষা কৰিবলৈহে ত্ৰিপালেৰে ঢাকি দিয়া হৈছিল ভৰলুক। GMC-এ দিলে স্পষ্টীকৰণ…

বুধবাৰে ত্ৰিপালেৰে ঢাকি গুৱাহাটীৰ মহানগৰীৰ মৰাভৰলুক দিছিল এক অনন্য ৰুপ ৷ এই কাৰ্যক লৈ সৰ্বত্ৰে চৰ্চা হৈছিল ৷ আই পি এলৰ পূৰ্বে ভৰলুৰ এই ন ৰুপক লৈ সকলোৱে ভাবিছিল যে লেতেৰা ভৰলুক যাতে আই পি এল খেলুৱৈৰ দৃষ্টি নপৰে তাৰ বাবে এই কাৰ্য কৰিছে GMC-এ ।

আচলতে তেনে নহয়, এতিয়া GMC-এ টুইট কৰি জনাইছে যে আলহীক মহৰ কামোৰৰ পৰা ৰক্ষা কৰিবলৈহে ত্ৰিপালেৰে ভৰলুক ঢাকি দিয়া হৈছিল। লেতেৰা বা আৱৰ্জনা ঢাকিবলৈ এই ত্ৰিপাল ব্যৱহাৰ কৰা নাছিল GMC এ। কিয়নো দিনে দিনে বৃদ্ধি পাইছে গুৱাহাটীত মহৰ সংখ্যা। সেইবাবে এই কাৰ্য হাতত লয় গুৱাহাটী GMC-এ।

১০ এপিলত ৰাঘৱ-পৰিনীতিৰ এংগেজমেণ্ট…

অতি সোনকালে ৰাঘৱ-পৰিনীতিৰ এংগেজমেণ্ট হ’ব। ঘোষণা কৰিলে তাৰিখ। পৰিনীতি চোপ্ৰা আৰু ৰাঘৱ চাধাৰৰ প্ৰেমৰ বিষয়ে বহু চৰ্চিত হৈছে। যদিও তেওঁলোকে এতিয়াও নিজৰ সম্পৰ্কক আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই। এই সকলোবোৰৰ মাজতে এই দম্পতীহালৰ এংগেজমেণ্টৰ তাৰিখো আহি পৰিছে। বলীউডৰ অভিনেত্ৰী পৰিনীতি চোপ্ৰা আৰু ৰাজনীতিবিদ ৰাঘৱ চাধাই দীৰ্ঘদিন ধৰি তেওঁলোকৰ প্ৰেমৰ খবৰৰ বাবে শিৰোনাম দখল কৰি আহিছে। যদিও এই দম্পতীয়ে এতিয়াও নিজৰ সম্পৰ্কক আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই। পৰিনীতি আৰু ৰাঘৱৰ কেতিয়া এংগেজমেণ্ট হ’ব।

যদি সংবাদ মাধ্যমৰ বাতৰি বিশ্বাস কৰিব লাগে তেন্তে এই সপ্তাহত অৰ্থাৎ ১০ এপ্ৰিলত পৰিনীতি আৰু ৰাঘৱৰ এংগেজমেণ্ট হ’ব পাৰে। খবৰ অনুসৰি দিল্লীত অন্তৰংগ আঙুঠি পিন্ধোৱা পৰ্বত পৰিনীতি আৰু ৰাঘৱে তেওঁলোকৰ সম্পৰ্কক আনুষ্ঠানিক কৰি তুলিব। কেৱল তেওঁলোকৰ ঘনিষ্ঠ বন্ধু আৰু পৰিয়ালৰ সদস্যইহে দম্পতীহালৰ এংগেজমেণ্ট ফাংচনত অংশগ্ৰহণ কৰিব।


আপোনালোকক কওঁ যে পৰিনীতি আৰু ৰাঘৱৰ ডেটিংৰ উৰাবাতৰি একেৰাহে দুদিন ধৰি মুম্বাইত দুপৰীয়া আৰু ৰাতিৰ আহাৰ গ্ৰহণৰ ডেটত দেখা পোৱাৰ পিছতহে এই দম্পতীহালক পোহৰলৈ আহিছিল। ইয়াৰ পিছত দুয়োকে একেলগে বিমানবন্দৰত কেইবাবাৰো দেখা গৈছিল। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীক গ্ৰহণ কৰিবলৈ দিল্লী বিমানবন্দৰতো দেখা গৈছিল ৰাঘৱক।

মৰিগাঁৱৰ চাবুকধৰাত তিৱা ভাষা দিৱস উদযাপন

তিৱা মাথনলাই তখ্ৰা (সাহিত্যে সভা) ৰ উদ্যোগত মৰিগাঁওৰ চাবুকধৰাত প্ৰথমবাৰৰ বাবে উদযাপন কৰা হল তিৱা ভাষা দিৱস। ১৯৯৭ চনৰ ৫ এপ্ৰিল তাৰিখে তিৱা ভাষাৰ কাৰণে লিপি নিৰ্ধাৰণ কৰি প্ৰাথমিক বিদ্যালয়ত তিৱা ভাষা প্ৰৱৰ্তন কৰিবলৈ অসম চৰকাৰ আৰু জাতীয় সংগঠনসমূহৰ মাজত চুক্তি স্বাক্ষৰিত হৈছিল। সেয়েহে উক্ত দিনটোতেই তিৱা মাথনলাই তখ্ৰাই পোন প্ৰথমবাৰৰ বাবে ভাষা দিৱস উদযাপন কৰি পৰৱৰ্তী সময়ত ৫ এপ্ৰিল তাৰিখটো ভাষা দিৱস হিচাপে উদযাপন কৰি থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি তখ্ৰাৰ সাধাৰণ সম্পাদক ড০ বিদ্যুৎ বিকাশ সেনাপতিয়ে সংবাদ মাধ্যমক জনাই।

আজিৰ ভাষা দিৱসটিত পুৱা পতাকা উত্তোলন কৰা তখ্ৰাৰ কেন্দ্রীয় সভাপতি দীপেন্দ্র নাথ বৰদলৈয়ে, স্মৃতি তৰ্পন কৰে তখ্ৰাৰ উপ সভাপতি শৰৎ চন্দ্র পাটৰ আমচীয়ে । অনুষ্ঠানৰ লগত সংগতি ৰাখি সাধাৰণ সম্পাদক ড০ বিদ্যুৎ বিকাশ সেনাপতিৰ সম্পাদনাত প্ৰকাশিত ‘তিৱা মাত তিন’ শীৰ্ষক গ্ৰন্থখনিৰ উন্মোচন কৰে বিশিষ্ট তিৱা সাহিত্যিক তথা ভীমবৰ দেউৰী বঁটা প্ৰাপক মিলেশ্বৰ পাতৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি তিৱা ভাষাত কবিতা আৰু গল্প পাঠ, তিৱা গীত আৰু নৃত্য পৰিৱেশিত হয়। উক্ত অনুষ্ঠানত তখ্ৰাৰ উপ সভাপতি যোগেশ্বৰ বৰদলৈ, সাহিত্য অকাডেমি ভাষা সন্মান প্ৰাপক হৰচিং খলাৰ, তিৱা ৰাজ দৰবাৰৰ সভাপতি জুৰছিং বৰদলৈৰ লগতে তিৱা বিশিষ্ট কবি, সাহিত্যিক তথা তিৱা মাথনলাই তখ্ৰাৰ বিভিন্ন জিলা সমিতি সমূহৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে আজিৰে পৰা আয়োজন কৰিছে “স্বাস্থ্য সেৱা উৎসৱ”…

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে আজিৰে পৰা ৮ এপ্ৰিললৈকে “স্বাস্থ্য সেৱা উৎসৱ” আয়োজন কৰিছে। ৰাজ্যৰ অন্য জিলাৰ লগতে দৰং জিলাৰ গৰুখুতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য সেৱা উৎসৱৰ আয়োজন কৰিছে। আজি এক বিশেষ চিকিৎসক দলে গৰুখুটি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখন উপস্থিত হয় পৰিদৰ্শন কৰাৰ লগতে আন্ত:গাঠনিৰ বুজ লয় ।

আজি হনুমান জন্ম জয়ন্তী। হনুমান চালিচাৰ মাহাত্ম্যৰ বিষয়ে জানক…

আজি হনুমান জন্ম জয়ন্তী। হনুমান চালিচাৰ মাহাত্ম্যৰ বিষয়ে জানক। হনুমান চালিচাত মুঠ ৪০টা চৌপাই আছে।প্ৰতিটো চোপায়ে হৈছে সিদ্ধমন্ত্ৰ। কিন্তু তাৰে ৫টাৰ বিশেষ ক্ষমতা আছে। কোৱা হয় যে,যদি আপুনি এই ৫টা মন্ত্ৰ নিয়মীয়াকৈ আবৃত্তি কৰিব পাৰে,তেতিয়া আপুনি,স্বাস্হ্য,সমৃদ্ধি আৰু সম্পত্তি লাভ কৰিব।

১)ৰামদূত অতুলিত বলধামা।অঞ্জনিপুত্ৰ পৱনসুত নামা”।হনুমান পূজাৰ সময়ত এই মন্ত্ৰটি উচ্চাৰণ কৰি আপুনি সকলো ধৰণৰ মানসিক আৰু শাৰীৰিক বেদনাৰ পৰা সকাহ পাব।

২)মহাবীৰ বিক্ৰম বজৰংগী।কুমতি নিবাৰ সুমতি কে সংগী”।এই মন্ত্ৰত আপুনি জ্ঞান আৰু বুদ্ধিমত্তাৰ অধিকাৰী হব।

৩/বিদ্যাৱান জ্ঞানী অতি চাতুৰ।ৰামকাজ কৰিবে কো আতুৰ”।।যদি এজন ব্যক্তিয়ে বিভিন্ন বিষয়ৰ বিষয়ে জ্ঞানী হব বিচাৰে,তেন্তে এই মন্ত্ৰৰ কোনো বিকল্প নাই।

৪)ভীম ৰূপ ধৰি অসুৰ সংহাৰে।ৰামচন্দ্ৰ কে কাম সবাৰে”।শক্ৰৰ পৰা পৰিত্ৰান পাবলৈ এই মন্ত্ৰটো প্ৰত্যেক দিনা পুৱা আবৃত্তি কৰিব লাগে।

৫/লায়ে সঞ্জীৱন লক্ষ্মণ জিয়ায়ে।শ্ৰী ৰঘুবীৰ হৰষি ঊৰ লায়ে”।যদি আপুনি দীৰ্ঘদিন ধৰি কোনো ৰোগত ভুগি আছে,তেন্তে নিশ্চিতভাৱে আপোনাৰ হৃদয়ৰ পৰা এই মন্ত্ৰটি আবৃত্তি কৰিব।তেতিয়া আপুনি নিশ্চিতভাৱে সুফল পাব।

সংগ্ৰহিত

তিবিবাৰকৈ গৰ্ভপাতৰ বেদনাৰ অন্তত মাতৃ হ’ল ইউটিউবাৰ আৰমান মালিকৰ দ্বিতীয় পত্নী কৃতিকা…

তিবিবাৰকৈ গৰ্ভপাতৰ বেদনাৰ অন্তত মাতৃ হ’ল ইউটিউবাৰ আৰমান মালিকৰ দ্বিতীয় পত্নী কৃতিকা… । প্ৰথমবাৰৰ বাবে মাতৃ হ’ল ইউটিউবাৰ আৰমান মালিকৰ দ্বিতীয় পত্নী কৃতিকা মালিক। তিনিবাৰকৈ গৰ্ভপাতৰ বেদনা ভুগিছে ​​তেওঁ। অৱশেষত কৃতিকাৰ মাতৃ হোৱাৰ খবৰটো শ্বেয়াৰ কৰিলে আৰমানে। অৰমান মালিকৰ দ্বিতীয় পত্নী কৃতিকা মালিকে জন্ম দিলে এটি সন্তান। ইউটিউবাৰে ছচিয়েল মিডিয়াত ছবি শ্বেয়াৰ কৰি কেঁচুৱাটোৰ জন্মৰ কথা প্ৰকাশ কৰিছে।

এইবাৰ ছবি শ্বেয়াৰ কৰি আৰমান মালিকে কেপচনত লিখিছে, “অৱশেষত গুলো মা হ’ল, অনুমান কৰক ল’ৰা নে ছোৱালী?” আপোনাৰ আশীৰ্বাদত দুয়ো এইবাৰে ঠিকেই আছে। কৃতিকাৰ এটা ল’ৰাৰ সন্তান জন্ম হয়। ছ’চিয়েল মিডিয়াত সকলোৱে আৰমান মালিকক অভিনন্দন জনাইছে। নিজৰ ঘৰত কণমানি আলহী আহি পোৱাত মানুহ বিলাক বৰ সুখী। এই মুহূৰ্তত অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছে তেওঁলোকৰ কেঁচুৱাৰ ছবিৰ বাবে।

এয়া আৰমান মালিকৰ দ্বিতীয় পত্নী কৃতিকা মালিকৰ প্ৰথম সন্তান। তিনিবাৰকৈ গৰ্ভপাত হৈছে তাইৰ। অনুগ্ৰহ কৰি কওক যে আৰমানৰ প্ৰথম পত্নী পয়াল মালিকেও যমজ সন্তান জন্ম দিবলৈ ওলাইছে। এতিয়া তেওঁৰ অষ্টম মাহ চলি আছে। আৰমানৰ প্ৰথম পত্নী পায়লৰ এজন পুত্ৰ আছে, যাৰ নাম চিৰায়ু।

আজি ভাৰতীয় জনতা পাৰ্টিৰ ৪৪তম প্ৰতিষ্ঠা দিৱস…

আজি ভাৰতীয় জনতা পাৰ্টিৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। ১৯৮০ চনৰ আজিৰ দিনটোতে ভাৰতীয় জনতা পাৰ্টি আৰম্ভ হৈছিল। আজি ভাৰতীয় জনতা পাৰ্টিৰ ৪৪তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে। ১৯৮০ চনৰ আজিৰ দিনটোতে বিজেপি গঠন হৈছিল। ইয়াৰ পূৰ্বে ইয়াৰ নাম আছিল জন সংঘ যি ১৯৭৭ চনত জনতা পাৰ্টিৰ সৈতে একত্ৰিত হয়। প্ৰধানমন্ত্ৰী মোদীয়ে বিজেপিৰ মুখ্য কাৰ্যালয়ত দলীয় কৰ্মীসকলক সম্বোধন কৰি কয় যে, “এই দলটো গঢ়ি তোলা আৰু বৃদ্ধিৰ বাবে তেজ দিয়া সেই মহান ব্যক্তিসকলৰ ওচৰত মই মোৰ মূৰ দোৱাইছো।”

বিজেপিৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱসত দলীয় কৰ্মী সকলক সম্বোধন কৰি তেওঁ কয় যে আজি আমি দেশৰ চুকে-কোণে ভগৱান হনুমানৰ জন্ম বাৰ্ষিকী উদযাপন কৰিছো। আজিও হনুমানৰ জীৱনে আমাক ভাৰতৰ উন্নয়ন যাত্ৰাত অনুপ্ৰাণিত কৰে। ‘ভাৰতে নিজৰ সুপ্ত শক্তি উপলব্ধি কৰিছে’।


প্ৰধানমন্ত্ৰী মোদীয়ে কয়, সাগৰৰ দৰে মহাশক্তিক প্ৰতিহত কৰিবলৈ পূৰ্বতকৈ অধিক সাজু। হনুমানয়ে নিজৰ বাবে একো নকৰে, আনৰ বাবে সকলো কাম কৰে। যেতিয়া হনুমানয়ে অসুৰৰ মুখামুখি হ’বলগীয়া হৈছিল, তেতিয়া তেওঁ অতি কঠোৰ হৈ পৰিছিল, একেদৰে ভাৰতত আইন আৰু দুৰ্নীতিৰ কথা আহিলে বিজেপি কঠোৰ হৈ পৰে।