Home Blog Page 1738

আজি প্ৰ’পজ দিৱস। কি শৈলীৰে প্ৰ’পজ কৰিব….

ভেলেণ্টাইন সপ্তাহৰ দ্বিতীয় দিনটো প্ৰ’পজ দিৱস হিচাপে পালন কৰা হয়। প্ৰ’পজ দিয়াৰ ধৰণটো অধিক স্মৰণীয় হৈ পৰে যেতিয়া প্ৰপ’জ বাৰ্তাও থাকে। এই দিনটোত বহুতে প্ৰথমবাৰৰ বাবে প্ৰেম বা ক্ৰাছক প্ৰপ’জ কৰে বা প্ৰপ’জ কৰিব পাৰে। প্ৰস্তাৱ দিয়াৰ ধৰণটো অধিক স্মৰণীয় হৈ পৰে যেতিয়া তেওঁৰ লগত এটা প্ৰস্তাৱ কবিতা বা বাৰ্তা থাকে। বাৰু আপুনি কাৰোবাক প্ৰ’পজ কৰিম ভাবিছে নেকি তেন্তে আজিৰ এই বিশেষ দিনটো বাছি ল’ব পাৰে-

মোৰ প্ৰতিটো উশাহত তোমাৰ নাম,

তোমাৰ প্ৰতিটো কথাত পৰিছো মই প্ৰেমত

তুমি অবিহনে মোৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত অশান্তি

প্ৰ’পজ দিৱসৰ শুভেচ্ছাৰে…

৫৫ বছৰ বয়সতো সুস্থ-সবল হৈ থকা ৰহস্য কি অক্ষয় কুমাৰৰ? কি কি নিয়ম মানি চলে…

বলীউড ছবি জগতৰ অন্যতম একচন হিৰো হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে অক্ষয় কুমাৰে। ৫৫ বছৰ বয়সতো অক্ষয় কুমাৰক কেনেদৰে নিজকে ফিট কৰি ৰাখিছে। অক্ষয় কুমাৰ বিশ্বৰ লাখ লাখ ফিটনেছ অনুৰাগীৰ প্ৰেৰণা। এই বয়সতো অক্ষয় কুমাৰ কেনেকৈ ইমান সুস্থ-সবল, জানক ইয়াৰ বিষয়ে-

ৰাতিপুৱা সোনকালে উঠে-
অক্ষয় কুমাৰ অতি সময়মতে কাম কৰে আৰু তেওঁ নিতৌ ৰাতিপুৱা সোনকালে উঠি শাৰীৰিক ব্যায়াম কৰে। অক্ষয়ে জিমত ভাল সময় কটায় আৰু ইয়াৰ লগতে তেওঁ বহুতো শৰীৰ চৰ্চা কৰে।

সাঁতোৰ আৰু ক্ৰীড়া
অক্ষয় কুমাৰে সাঁতোৰ ভাল পায় আৰু তেওঁক প্ৰায়ে সাঁতুৰি থকা দেখা যায়। ইয়াৰ উপৰিও তেওঁ খেলা-ধূলাও ভাল পায়। অক্ষয়ক বাস্কেটবল আৰু টেনিছ খেলাও প্ৰায়ে দেখা যায়। এই খেলবোৰে তেওঁলোকক সুস্থ কৰি ৰখাত বহুত সহায় কৰে।

যোগাসন
শাৰীৰিক ফিটনেছৰ লগতে অক্ষয়ে নিজৰ মানসিক স্বাস্থ্যৰ যত্নও লয়। মানসিক ফিটনেছ বজাই ৰাখিবলৈও তেওঁ দৈনিক যোগাসন কৰে।


অক্ষয়ে পাঞ্জাবী শৈলীৰে ব্ৰেকফাষ্ট কৰি ভাল পায়। ব্ৰেকফাষ্টত তেওঁ পৰঠা আৰু ফলৰ ৰস খায়।

দুপৰীয়া আৰু ৰাতিৰ আহাৰ
অক্ষয় কুমাৰে সাধাৰণতে দুপৰীয়াৰ আহাৰত মচুৰ দাইল, ব্ৰাউন ৰাইচ আৰু শাক-পাচলি খায় আৰু তাৰ পিছত ৰাতিৰ আহাৰত ভজা শাক-পাচলি খাবলৈ পছন্দ কৰে। আনহাতে অক্ষয় সূৰ্যাস্ত হোৱাৰ আগতেই ৰাতিৰ আহাৰ খায়।

কৰ্মব্যস্ততাৰ অন্তত একাপ চাহৰ সোৱাদ ল’লে মুখ্যমন্ত্ৰীয়ে…

‘ভৰপূৰ কামৰ অন্তত মনটোক সজীৱ কৰি তুলিবলৈ চাহকাপৰ দৰে আন একো নাই’- কৰ্মব্যস্ততাৰ অন্তত একাপ চাহৰ সোৱাদ লৈ এইদৰে কয় মুখ্যমন্ত্ৰীয়ে।


আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম বিশ্ববিদ্যালয়ৰ চৌহদৰ ভিতৰৰ পৰিবেশ উপভোগ কৰি এইদৰে চাহৰ সোৱাদ ল’লে ৰাজ্যৰ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ছবি প্ৰযোজক নাজিম হাছান ৰিজৱীৰ মৃত্যুত ছলমান খানৰ শোক প্ৰকাশ…

ছলমান খানৰ ছবি ‘চোৰী-চোৰী চুপকে-চুপকে’ৰ প্ৰযোজক নাজিম হাছান ৰিজৱীৰ মৃত্যু। নাজিম হাছানৰ মৃত্যুৱে সমগ্ৰ বলীউড উদ্যোগক স্তম্ভিত কৰি তুলিছে। বলীউডৰ বিখ্যাত চলচ্চিত্ৰ প্ৰযোজক নাজিম হাছিম ৰিজৱীৰ মৃত্যুৰ খবৰ ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে।সোমবাৰে নিশা মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। ছলমান খান আৰু প্ৰীতি জিন্তাৰ ছবি ‘চোৰী-চোৰী চুপকে চুপকে’ প্ৰযোজকৰ মৃত্যুত সমগ্ৰ বলীউডত শোকৰ ছাঁ পৰিছে।

চলচ্চিত্ৰ প্ৰযোজক নাজিম হাছিম ৰিজৱী দীৰ্ঘদিন ধৰি চিকিৎসালয়ত ভৰ্তি হৈ আছিল।নাজিম হাছিম ৰিজৱীয়ে (নাজিম হাছান ৰিজভি মুভিজ) ছলমান খানৰ ‘চোৰী-চোৰী চুপকে-চুপকে’ৰ দৰে বহু হিট ছবি নিৰ্মাণ কৰিছিল। ‘আণ্ডাৰট্ৰাইল’ (২০০৭), ‘কাছাম ছে কাছাম’, ‘লাডেন আলে ৰে লে’ৰ দৰে বহু ছবি নাজিম ৰিজৱীয়ে প্ৰযোজনা কৰিছিল।

কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা সমাপ্ত হোৱাৰ পিছত এইবাৰ ৰাজ্যত আৰম্ভ হৈছে হাত ছে হাত জোড়ো কাৰ্যসূচী

কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা সমাপ্ত হোৱাৰ পিছত এইবাৰ ৰাজ্যত আৰম্ভ হৈছে হাত ছে হাত জোড়ো কাৰ্যসূচী৷

বঙাইগাঁও জিলাৰ বালাৰচৰত অৱস্থিত সৃজনগ্ৰাম ৰাজীৱ ভৱনত বিধায়ক আব্দুল বাতেন খন্দকাৰে হাত ছে হাত জোড়ো কাৰ্যসূচী আৰম্ভ কৰে।

কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ যি যাত্ৰা ৰাহুল গান্ধীয়ে কৰিলে সেই যাত্ৰাৰ কথা ঘৰে ঘৰে গৈ প্ৰচাৰ কৰিবলৈ কংগ্ৰেছৰ কৰ্ম কৰ্তা সকলে এই হাত ছে হাত জোড়ো কাৰ্যসূচী হাতত লৈছে বুলি বিধায়ক তথা কংগ্ৰেছৰ জেষ্ঠ মুখপাত্ৰ আব্দুল বাতেন খন্দকাৰে সাংবাদিকক জনায়৷

ড০ ভূপেন হাজৰিকাৰ পবিত্ৰ স্মৃতিত অত্যাধুনিক কাৰিকৰী কৌশলেৰে ৰাইজৰ মাজলৈ ৰংঘৰ পুতলা থিয়েটাৰ

আমাৰ মাজৰ পৰা ক্ৰমে হেৰাই যাবলৈ ধৰা অন্য এক সংস্কৃতি পুতলা থিয়েটাৰক নতুন ৰূপ দি অত্যাধুনিক কাৰিকৰী কৌশলেৰে ৰাইজৰ মাজলৈ উলিয়াই অনাৰ মানসেৰে ড০ ভূপেন হাজৰিকাৰ পবিত্ৰ স্মৃতিত গঢ়লৈ উঠা এক অভিনৱ প্ৰস্তুতিৰে একাদশ বৰ্ষত ভৰি দিছে ৰংঘৰ পুতলা থিয়েটাৰ।

পোন প্ৰথমবাৰৰ বাবে ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত পলাহগড়ৰ পূব টংলা আঞ্চলিক সাংস্কৃতিক যুৱ মঞ্চৰ সৌজন্যত পলাহগড় খেল পথাৰত নগাঁৱৰ ৰংঘৰ পুতলা থিয়েটাৰে নাট প্ৰদৰ্শন কৰে।

উক্ত পুতুলা থিয়েটাৰখনত হৃদয়স্পৰ্শী ,কাহিনী সংলাপ আৰু অভিনয়ৰ পূৰ্ণ প্ৰস্তুতিৰে ২০২২-২০২৩ বৰ্ষৰ নাট সমূহ হৈছে কাৰ্গিল যুদ্ধৰ আধাৰত ৰচিত ক্ষিতীশ বৰাৰ “মেজৰ চাহাব,” ৰুবুল মহন্তৰ “জন্মাষ্টমী “আৰু ৰঞ্জু হাজৰিকাৰ কাহিনীৰ আধাৰত দ্বিপজ্যোতি শইকীয়াৰ নাট্যৰূপ “শেষ প্ৰহৰৰ খেল “লগতে ক্ষিতীশ বৰাৰ” ভাড়াঘৰ “মঞ্চস্থ কৰা হ’ব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে।

আনহাতে থিয়েটাৰখনৰ কাৰ্যবাহী প্ৰযোজক হিচাপে ক্ষিতীশ বৰা, পুষ্প বৰা, সহযোগী প্ৰযোজক টংকেশ্বৰ বৰদলৈ,ধনমণি বৰা আৰু মুখ্য প্ৰযোজক হিচাবে থানুৰাম বৰাই আগভাগ লৈ আছে।

গুৱাহাটীৰ অপহৰণকাৰীয়ে মুক্তিপণ হিচাপে বিচাৰিলে ১০৪টা বিটকইন

গুৱাহাটী আৰক্ষীয়ে যোৱা ১ ফেব্ৰুৱাৰীত সংঘটিত হোৱা অপহৰণ কাণ্ডৰ সৈতে জড়িত ৫ জন লোকক গ্ৰেপ্তাৰ কৰে।

খবৰ অনুসৰি গুৱাহাটীৰ অংকুৰ সুৰানা নামৰ এজন যুৱকক ১ ফেব্ৰুৱাৰীত তেওঁৰ বন্ধুসকলে পাৰ্টিলৈ নিমন্ত্ৰণ কৰিছিল আৰু পিছত তেওঁক অপহৰণ কৰা হৈছিল।

যোৱা ২ ফেব্ৰুৱাৰীত যেতিয়া ভৰলুমুখ আৰক্ষী থানাত নিৰুদ্দেশৰ অভিযোগ দাখিল কৰে পিতৃ-মাতৃয়ে , তেতিয়া তেওঁৰ ভগ্নীয়ে মুক্তিপণৰ দাবীত ইণ্টাৰনেট কল লাভ কৰে।

অপহৰণকাৰীয়ে ডিজিটেল ৱালেটৰ সৈতে সংযুক্ত QR ক’ড প্ৰেৰণ কৰি ৱালেটটোলৈ ১০৪টা বিটকইনৰ মুক্তিপণ দাবী কৰে যাৰ মূল্য আনুমানিক ১৯ কোটি টকা।

অতি সোনকালেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিলে আৰু তেওঁলোকৰ তথ্য অনুসৰণ কৰি গুৱাহাটী চহৰৰ বাহিৰৰ আমছিং চাহ বাগিচাৰ পৰা অংকুৰ সুৰানাক উদ্ধাৰ কৰে গুৱাহাটী আৰক্ষীয়ে। উদ্ধাৰ কৰাৰ সময়ত বান্ধি ৰখাৰ লগতে শৰীৰত কেইবাটাও আঘাত পাইছিল।

আৰক্ষীয়ে জনোৱা মতে, আমছিঙৰ পি আৰ পি উপত্যকাত পাৰ্টিলৈ নিমন্ত্ৰণ কৰি অপহৰণ কৰা হৈছিল। আৰক্ষীয়ে কয় যে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু অধিক তদন্ত চলি আছে।

ভূমিকম্পৰ পিছত ভাতৃক সুৰক্ষা দিয়া ৭ বছৰীয়া ছিৰিয়ান ছোৱালীজনী

ভূমিকম্পৰ পিছত ধ্বংসাৱশেষৰ তলত নিজৰ সৰু ভাতৃক সুৰক্ষা দিয়া ছিৰিয়াৰ এগৰাকী সাত বছৰীয়া কিশোৰীৰ এখন ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে।

টুইটাৰত ফটোখন শ্বেয়াৰ কৰা ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি মহম্মদ ছাফাই টুইট কৰি কয় যে ১৭ ঘণ্টা ধৰি ধ্বংসাৱশেষৰ তলত আছিল আৰু নিৰাপদে স্থান লাভ কৰিছিল।

ছবিখনৰ প্ৰতি মানুহে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, “অলৌকিক,” আৰু “ডাঙৰ ভনীয়েক কি আচৰিত!”

প্ৰথমবাৰৰ বাবে বৰাক উপত্যকাত স্থাপন নামঘৰ, জগতগুৰুৰ প্ৰতিমূৰ্ত্তি

বৰাক উপত্যকাত স্থাপন হ’ল প্ৰথমবাৰৰ বাবে অসমীয়াৰ প্ৰানস্বৰূপ নামঘৰ। অসম মিজোৰাম সীমান্তৰ বেকীপাৰাত নামঘৰটোৰ আধাৰশিলা স্থাপন কৰে সাংবাদিক প্ৰশান্ত বৰাই।

শ্ৰীকৃষ্ণ ৰুক্মিণী কলাক্ষেত্ৰৰ সৌজন্যত বৰাকৰ অসমীয়া বিষ্ণু প্ৰিয়া ভাষাৰ বিশিষ্ট লেখক সমাজকৰ্মী ড০ বিধান সিংহৰ প্ৰচেষ্টাত নামঘৰটোৰ আধাৰশিলা স্থাপন কৰা হয়।


অনুষ্ঠানটোত জগতগুৰুজনাৰ এটা পূৰ্ণবয়বৰ প্ৰতিমূৰ্ত্তিৰো আধাৰশিলা স্থাপন কৰা হয়।

উল্লেখযোগ্য যে শ্ৰীকৃষ্ণ ৰুক্মিণী কলাক্ষেত্ৰই অসমীয়া সাহিত্যৰ সম্পদ সমূহ বিষ্ণু প্ৰিয়া মনিপুৰী ভাষালৈ অনুবাদ কৰাৰ লগতে সত্ৰীয়া নৃত্য, বিহু আৰু হুঁচৰিৰো কৰ্মশালা আয়োজন কৰি বৰাক ব্ৰক্ষ্মপুত্ৰৰ মাজত একতাৰ বান্ধোন অক্ষুণ্ণ ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

প্ৰস্তাৱ অহাৰ পাছতো ‘কুচ কুচ হোতা হায়’ ছবি কিয় নকৰিলে ৰবীনা টেণ্ডনে?

বলীউডৰ মোহময়ী অভিনেত্ৰী ৰবীনা টেণ্ডনে নব্বৈৰ দশকত তেওঁৰ হিট গীত আৰু চিনেমাৰে পৰ্দাত জুই লগাইছিল। পদ্মশ্ৰী সন্মান লাভ কৰাৰ মাত্ৰ কেইদিনমান পূৰ্বে স্মিতা প্ৰকাশৰ সৈতে হোৱা এক স্পষ্ট সাক্ষাৎকাৰত ৰবীনা টেণ্ডনে তেওঁৰ পাৰিবাৰিক জীৱন, বলীউডত প্ৰৱেশ আৰু উদ্যোগটোত তেওঁৰ বন্ধুসকলৰ বিষয়ে মুকলিকৈ কয়।

২০ বছৰীয়া অভিজ্ঞতাৰ কথা হিয়া উজাৰি কয়। অক্ষয় কুমাৰৰ সৈতে থকা সম্পৰ্ক আৰু ৯০ৰ দশকত মনোৰঞ্জন আলোচনীবোৰ কিমান বিষাক্ত আছিল সেই বিষয়ে আৰু কয়।

নিজৰ মনৰ কথা কোৱাৰ পৰা সদায় আঁতৰি থকা এগৰাকী ব্যক্তি হোৱাৰ বাবে তাই নেপোটিজম আৰু বলীউডক প্ৰভাৱিত কৰা বাতিল সংস্কৃতিৰ ওপৰত নিজৰ মতামত বুজাই দিয়ে।

অভিনেত্ৰী ৰবীনা টেণ্ডনে প্ৰকাশ কৰে যে কৰণ জোহৰৰ ‘কুচ কুচ হোতা হায়’ ছবিখন কৰিবলৈ তেওঁ অস্বীকাৰ কৰিছিল কাৰণ তেওঁৰ চৰিত্ৰ কাজলৰ তুলনাত সৰু আছিল।

‘কাজল আৰু মই সমসাময়িক আছিলোঁ৷ আমি দুয়ো মুখ্য চৰিত্ৰত অভিনয় কৰি আছিলো৷ মই এনে এখন চলচ্চিত্ৰ কৰিব নোৱাৰিলোঁহেঁতেন য’ত মোৰ তেওঁতকৈ সৰু ভূমিকা আছিল।’

ছবিখন নকৰাৰ বাবে কৰণে এতিয়াও মোক ক্ষমা নকৰে বুলিও কয় ৰবীনাই৷