Home Blog Page 1749

চাহ খেতিয়ক সকলৰ বিভিন্ন সমস্যা সমাধানৰ আশ্বাস; ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ উপায়ুক্তক সাক্ষাত

ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা যোৰহাট জিলা সমিতিৰ বিষয় ববীয়াসকলে কালি যোৰহাটত নতুনকৈ যোগদান কৰা জিলা উপায়ুক্ত পুলক মহন্তক উপায়ুক্ত কার্যালয়ত সাক্ষাত কৰি তেখেতক ফুলাম গামোচাৰে আদৰণি জনায়।

ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজেন বৰা,যোৰহাট জিলা সমিতিৰ সভাপতি জীৱন শইকীয়া, সম্পাদক কৃষ্ণ প্ৰসাদ শৰ্মা,বৃত্তিয় সম্পাদক প্ৰদীপ বৰা উপায়ুক্ত গৰাকীক সৌহার্দ্যপূর্ণ সাক্ষাতত জিলা উপায়ুক্ত গৰাকী জিলাখনৰ চাহ খেতিয়ক সকলৰ বিভিন্ন সমস্যাৰ বিষয়ে অৱগত হয়।

উপায়ুক্ত গৰাকীয়ে অতিশীঘ্রে চাহ খেতিয়ক সন্থাৰ যোৰহাট জিলা সমিতিৰ লগতে আঞ্চলিক সমিতিৰ বিষয় ববীয়া সকলৰ লগত আলোচনাত মিলিত হৈ চাহ খেতিয়ক সকলৰ সমস্যা সমূহৰ বিষয়ে চর্চা কৰাৰ কথা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ যোৰহাট জিলা সমিতিৰ প্রতিনিধি দলটোক অৱগত কৰে।

লগতে জিলা মনিটৰিং সভাখন অনুষ্ঠিত কৰাৰ কথাও আবগত কৰে। উলেখ্য যে ক্ষুদ্ৰ চাহ খেতিয়ক সকলে অসমৰ অৰ্থনীতিত এক বিশেষ প্রভাৱ পেলাই আহিছে যদিও ক্ষুদ্ৰ চাহ খেতিয়ক সকল বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হয়।

কেঁচা চাহপাতৰ স্থিৰ মূল্য হ্ৰাস, বটলিফ ফেক্টৰী সমূহৰ চাহপাতৰ নিম্নগামী দৰ আদি সমস্যাই ক্ষুদ্ৰ চাহ খেতিয়ক সকলক বাৰুকৈয়ে ভবাই তুলিছে।

একাত্ম মানৱতাবাদ আৰু অন্ত্যোদয়াৰ মতাদৰ্শই ভাৰতক বিশ্ব শক্তি হিচাপে গঢ়ি তুলিব: ৰাজ্যিক বিজেপি

সমগ্ৰ দেশৰ লগতে অসমতো ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই ভাৰতীয় জনসংঘৰ অন্যতম প্রতিষ্ঠাপক পণ্ডিত দীনদয়াল উপাধ্যায়ক তেওঁৰ পূণ্যতিথি “সমৰ্পণ দিৱস” হিচাপে উদযাপন কৰি সশ্রদ্ধ স্মৰণ কৰে। দলৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আজি দিনৰ ১১.৩০ বজাৰ পৰা সমপর্ণ দিৱস উপলক্ষে স্মৰণ আৰু শ্ৰদ্ধাঞ্জলি সভাৰ আয়োজন কৰা হয়।

এই সভাত দলৰ ৰাজ্যিক উপ সভাপতি অজয় কোঁৱৰ, মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্রী আঙুৰলতা ডেকা, ৰাজ্যিক কার্যালয় সম্পাদক সুশান্ত বিশ্বাসৰ লগতে দলীয় কার্যকৰ্তা সকল উপস্থিত থাকে। ৰাজ্যিক কাৰ্যালয়ৰ লগতে দলৰ ৩৯ খন সাংগঠনিক জিলাতো জিলা ভিত্তিত সমৰ্পণ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰি পণ্ডিত দীনদয়াল উপাধ্যায়ক স্মৰণ কৰা হয়৷ উল্লেখযোগ্য যে ১৯৬৮ চনৰ ১১ ফেব্ৰুৱাৰীৰ দিনা পণ্ডিত দীনদয়াল উপাধ্যায়ক ববৰভাৱে হত্যা কৰা হৈছিল।

তেওঁৰ এই বলিদানৰ দিনটোক ভাৰতীয় জনতা পাৰ্টিয়ে প্রতিষ্ঠা কালৰে পৰা “সমৰ্পণ দিৱস” হিচাপে পালন কৰি আহিছে। আজি দলৰ মুখ্য কাৰ্যালয়ৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত “সমৰ্পণ দিৱস” উদযাপনৰ বিষয়ে বর্ণনা কৰা হয়৷ আনহাতে ত্ৰিপুৰাৰ নিৰ্বাচনী প্রচাৰৰ মাজতেই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই পণ্ডিত দীনদয়াল উপাধ্যায়ক স্মৰণ কৰি কয় – “দীনদয়াল উপাধ্যায়ে আগবঢ়োৱা একাত্ম মানৱতাবাদ আৰু অন্ত্যোদয়াৰ চিন্তাধাৰাৰে পৰিপুষ্ট হৈ, দেশক বিশ্ব শক্তি হিচাপে গঢ়ি তোলাৰ বাবে ভাৰতীয় জনতা পার্টিয়ে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অহোপুৰুষাৰ্থ অব্যাহত ৰাখিছে।”

লগতে মুখ্যমন্ত্রী ড০ শর্মাই পণ্ডিত দীনদয়াল উপাধ্যায়ক দলৰ অন্যতম প্রতিষ্ঠাপক পিতৃ আৰু মতাদৰ্শৰ্গত প্ৰেৰণাৰ কেন্দ্ৰবিন্দু বুলি বর্ণনা কৰে। বিভিন্ন ৰূপত একতাৰ অভিব্যক্তি ভাৰতীয় সাংস্কৃতিক চিন্তাধাৰাৰ মূল আধাৰ বুলি কৈ অনৈক্যৰ মাজত ঐক্যৰ অৱধাৰণাক শক্তিশালী কৰাত পণ্ডিত দীনদয়াল উপাধ্যায়ে অৰিহণা আগবঢ়াইছিল বুলি দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই স্মৰণ কৰি কয়।

উল্লেখযোগ্য যে ১৯৬৫ চনৰ ২২ এপ্ৰিলৰ পৰা ২৫ এপ্ৰিললৈ অনুষ্ঠিত হোৱা ভাৰতীয় জনসংঘৰ প্রতিনিধি সভাত সমসাময়িক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক, সামাজিক, কূটনৈতিক, সামৰিক আৰু অৰ্থনৈতিক দিশ সামৰি পণ্ডিত দীনদয়াল উপাধ্যায়ে এলানি বক্তৃতা প্ৰদান কৰিছিল। এই বক্তৃতাৰ মাজেৰে পণ্ডিত জীয়ে সমাজবাদী,মার্ক্সবাদী-কমিউনিষ্ট মতাদৰ্শৰ সংকীর্ণতা তথা পুজিঁবাদী চিন্তাধাৰাৰ সীমাৱদ্ধতাৰ বিষয়ে বিস্তাৰ্তিভাৱে বাখ্যা আগবঢ়াইছিল। পৰৱৰ্তী সময়ত এই বাখ্যাকেই একাত্ম মানৱতাবাদৰ দৰ্শন হিচাপে ৰাজনৈতিক বিশ্লেষক সকলে আখ্যা দিয়ে।

পণ্ডিত দীনদয়াল উপাধ্যায়ে সবোদয় আৰু ভাৰতীয় সাংস্কৃতিক ৰাষ্ট্ৰীয়তাবাদৰ আধাৰত প্ৰদান কৰা ভাষণে পৰৱৰ্তী সময়ত ভাৰতীয় ৰাজনৈতিক দলসমূহৰ চিন্তাধাৰাক যথেষ্ট পৰিমাণে প্ৰভাৱিত কৰিছিল। অন্ত্যোদয়াৰ ধাৰণাও একাত্ম মানৱতাবাদৰ পৰাই বিকশিত হৈছিল। উল্লেখযোগ্য যে ১৯৮২ চনত অটল বিহাৰী বাজপেয়ী আৰু লালকৃষ্ণ আদৱানীৰ নেতৃত্বত ভাৰতীয় জনতা পার্টি গঠন হোৱাৰ পিছত দলে একাত্ম মানৱতাবাদ আৰু অন্ত্যোদয়াক দলৰ মূল নীতি, আদর্শ হিচাপে গ্রহণ কৰে।

সেয়েহে ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন চৰকাৰসমূহে সমাজৰ সকলো শ্ৰেণীৰ একতাৰ মাজেৰে ৰাষ্ট্ৰৰ সৰ্বাংগীন বিকাশৰ পথ আগবঢ়াই নি দেশক বিশ্ব শক্তি হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে প্ৰয়াস কৰি আহিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ভাৰতক বিশ্বশক্তি হিচাপে বিকশিত কৰাৰ বাবে দিয়া – “সৱকা সাথ, সৱকা বিকাশ, সৱকা বিশ্বাস আৰু সৱকা প্ৰয়াস” নীতি একাত্ম মানৱতাবাদ আৰু অন্ত্যোদয়াৰ চিন্তাৰ পৰাই অনুপ্রাণিত হোৱা বুলি কোৱা হয়।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক অধিৱেশনৰ আজি দ্বিতীয় দিন; হৰি ভকতিৰে মুখৰিত চেৰেন পথাৰ!

হৰি ভকতিৰে মুখৰিত হৈ পৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক জোনাই বাৰ্ষিক অধিৱেশনস্তলী। এক আধ্যাত্মিক ভক্তি ৰসত উৰ্বৰ চিমেন চাপৰিৰ চেৰেণ পথাৰৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ। শুক্ৰবাৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক জোনাই বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিন।

কাৰ্যসূচী মৰ্মে পুৱা ৫ বজাত পৰিৱেশ নিকাকৰণ, প্ৰাতঃ প্ৰসঙ্গ, নাম প্ৰসঙ্গৰ পাছত পুৱা ৮ বজাত শৰণ সমিতিৰ বৈঠক, পুৱা ৯-৩০ বজাত জিলা শাখাৰ সভাপতি সম্পাদক সন্মিলন, পুৱা ১০-৩০ বজাত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সাহিত্য শাখা সমিতিৰ সভাপতি মৃণাল কুমাৰ বৰুৱাৰ সভাপতিত্বত সাহিত্য শাখা সমিতিৰ অধিৱেশন। অনুষ্ঠানৰ উদ্ধোধন কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সাহিত্য শাখা সমিতিৰ প্ৰাক্তন সভাপতি ড৹ জগত চন্দ্ৰ কলিতাই।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰেছ কাউঞ্চিল অৱ ইণ্ডিয়াৰ বিশিষ্ট সাংবাদিক প্ৰকাশ ডুবে, বিশিষ্ট গান্ধীবাদী নেতা হেম ভাই, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড৹ জ্ঞানেন্দ্ৰ নাৰায়ণ ৰায়,তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড৹ অনু শব্দ, বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ জ্যোতিপ্ৰসাদ শইকীয়া, মহাৰাষ্ট্ৰৰ মৈত্ৰী আলোচনীৰ সম্পাদক কাঞ্চন বহন,দিল্লী বিশ্ববিদ্যালয়ৰ সহযোগী প্ৰাধ্যাপক ড৹ ৰত্নোত্তমা দাস বিক্ৰম উপস্থিত হোৱা অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ বিনোদ চন্দ্ৰ বড়া অংশগ্ৰহণ কৰে।

দিনৰ ২ বজাত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সংস্কৃতি শাখা সমিতিৰ সভাপতি ড৹ সুৰেশ চন্দ্ৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত কৰা সংস্কৃতি শাখা সমিতিৰ অধিৱেশনখন উদ্ধোধন কৰে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰে। সভাত অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি অতিথি হিচাপে উপস্থিত থাকে। সন্ধ্যা ৫ বজাত সমূহীয়া প্ৰাৰ্থনা, নাম প্ৰসঙ্গৰ পাছত সন্ধ্যা ৬ বজাত অনুষ্ঠিত কৰা সাংস্কৃতিক সমাৰোহৰ উদ্ধোধন কৰিব আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন কন্ঠশিল্পী তৰালি শৰ্মাই আৰু অনুষ্ঠানত সন্মানিত অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট অভিনেতা যতীন বৰাই।

সন্ধ্যা অঙ্কীয়া নাট পাৰিজাত হৰণ,ৰাম-বিজয় প্ৰদৰ্শন কৰা হ’ব। আজিৰ দ্বিতীয় দিনা অধিৱেশন স্থলীত আগমণ হৈছে লক্ষ লক্ষ ভকত বৈষ্ণৱ বাপ আই মাতৃ সকলৰ। সকলোকে আকৰ্ষিত কৰিছে আটক ধুনীয়া তোৰণ আৰু মণ্ডপ, সুউচ্চ পতাকা বেদী, বাঁহ আৰু ঠকো পাতেৰে নিৰ্মাণ কৰা মূল মঞ্চ মণ্ডপ , খেৰ বাঁহৰে নিৰ্মাণ কৰা গুৰু জনাৰ সৃষ্ঠ নামঘৰে। ইফালে সু বিশাল ভোজনালয়ত তিনিদিনত ছয় সাঁজ ভাত খুৱাবলৈ প্ৰস্তুত হৈ আছে শ শ স্বেছাসেৱক ।

ভোজনালয়ত একেলগে বহি এমুঠি আহাৰ গ্ৰহন কৰিছে ১০ হাজাৰ লোকে। পুৱাঁ গধুলি লৈকে ৩০০ শ চৌকা জ্বলা বিশাল ভোজনালয়ত ৪০০ শ ৰোধিক ৰান্ধনীনো ব্যস্ত হৈ পৰিছে। প্ৰতিকুল বতৰকো নেওচি অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ সোঁত বৈছে পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ। জাক জাক বাপ আই মাতৃৰ নাম প্ৰসংগৰে ৰজন জনাইছে জোনাইৰ চেৰেণ পথাৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ।

চৰকাৰৰ মাহী আই দৃষ্টিত গাঁও প্ৰধানসকল; আন্দোলনৰ হুংকাৰ

“প্ৰশাসন আৰু জনসাধাৰণৰ সমন্বয়ৰ সাকোঁ স্বৰূপ গাঁও প্ৰধানসকলক চৰকাৰে দীৰ্ঘদিনে কৰি অহা বঞ্চনাৰ প্ৰতিবাদত অচিৰেই আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হ’ব। ইতিমধ্যে চৰকাৰৰ ওচৰত বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰা হৈছে যদিও কোনো সহাঁৰি নোপোৱাত হতাশাত ভুগিছে ৰাজ্যখনৰ ছয় সহস্ৰাধিক গাঁও প্ৰধানে। সেয়েহে গণতান্ত্ৰিক পদ্ধতিৰ বাদে আন কোনো বিকল্প নাই।”-কালি মহাপুৰুষ শংকৰদেৱ কলা-কৃষ্টি গৱেষণা কেন্দ্ৰত অনুষ্ঠিত সদৌ অসম গাঁও প্ৰধান সংস্থা,যোৰহাট জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশনত সন্মানিত অতিথি ৰূপে অংশগ্ৰহণ কৰি গাঁও প্ৰধান সংস্থাৰ ৰাজ্যিক সভাপতি গোবিন গগৈয়ে নিজ বক্তব্যত এইদৰে কয়।

পুৱা উদযাপন সমিতিৰ সভাপতি অচিন্ত দত্তই পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছতে গোবিন বৰাই বন্তি প্ৰজ্বলন, মহেন্দ্ৰ শইকীয়াই স্মৃতি তৰ্পণ কৰে।ইয়াৰ পাছতে বিপুল শইকীয়াৰ পৌৰোহিত্যত মুকলি সভা অনুষ্ঠিত হয়।কণমানি চিন্ময়ী কলিতাই এটি বৰগীতেৰে শুভাৰম্ভ কৰা সভাখন উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত উপ -আৰক্ষী অধীক্ষক গুণকান্ত বুঢ়াগোহাঁয়ে।

বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি জিলা উপায়ুক্ত পুলক মহন্ত,অতিৰিক্ত উপায়ুক্ত কবিতা কাকতি কোঁৱৰ,চক্ৰ বিষয়া দেৱাহুতি ডেকা,যোৰহাট প্ৰেছ ক্লাবৰ সভাপতি দিগন্ত বুঢ়াগোহাঁয়ে গাঁও প্ৰধান সকলে তৃণমূল পৰ্যায়ত আগবঢ়োৱা সেৱাৰ শলাগ লোৱাৰ লগতে ভৱিষ্যতে তেওঁলোকে নিজ নিজ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি সমৰেন্দু হাজৰিকা,উপ সভাপতি শোণিত গগৈ,সহকাৰী সম্পাদক দিগন্ত বৰুৱা,সাংগঠনিক সম্পাদক জ্ঞান ৰঞ্জন বেজবৰুৱা,মনোজ শইকীয়াই গাঁও প্ৰধান সকলৰ সমস্যা সমাধানৰ বাবে চৰকাৰেৰে যোগাযোগৰ বিষয়টো উপস্থাপন কৰাৰ লগতে ভৱিষ্যৎ পৰিকল্পনা সম্পৰ্কে বাখ্যা কৰে।

নিৰ্দিষ্ট বক্তা ৰূপে অংশ গ্ৰহণ কৰি কাকজান মহাবিদ্যালয়ৰ অধ্যাপক তুফেল জিলানীয়ে বৃটিছ শাসনৰ সময়ৰে পৰা চলি অহা গাঁওবুঢ়া(বৰ্তমান গাঁও প্ৰধান)সকলৰ অগ্ৰণী ভূমিকা সম্পৰ্কে বহুল ব্যাখ্যা আগবঢ়ায়।শলাগ জ্ঞাপন কৰে উদযাপন সমিতিৰ সম্পাদক অনন্ত কুমাৰ গগৈয়ে।

উল্লেখ্য যে ৯ ফেব্ৰুৱাৰীত যোৰহাট পূৱ আৰু পশ্চিম ৰাজহ চক্ৰৰ সভাকক্ষত অনুষ্ঠিত প্ৰতিনিধি সভাত যোৰহাট পূৱ ৰাজহ চক্ৰৰ মহেন্দ্ৰ শইকীয়াক সভাপতি আৰু টীয়ক ৰাজহ চক্ৰৰ দিলীপ দত্তক সম্পাদক ৰূপে লৈ সদৌ অসম গাঁও প্ৰধান সংস্থাৰ যোৰহাট জিলা সমিতিখন গঠন কৰা হয়।

অচিৰেই মুক্তি পাব জিতু শ্ৰাৱণৰ কণ্ঠত শৃংখলাৰ ২য় টি গজল…

ক’ই পুচ্ছতা হ্যে হাল অপনা”ৰ পিছত


অচিৰেই মুক্তি পাব জিতু শ্ৰাৱণৰ কণ্ঠত কবি সঞ্জীৱ সাগৰ চৌধুৰীৰ মুস্কুৰাহট” শৃংখলাৰ ২য় টি গজল

“দিল ক’ অব আদত চি হ’ গয়ি হ্যে” •••

প্ৰেমে নাজানে প্ৰেমৰ ঠিকনা ! ৰাইজৰ ৰোষত ৫০বছৰীয়া দদাইদেওৰ বিলৈ…

লাহোৱালৰ এখন গাঁওত চতুৰ্থ গৰাকীৰ বিবাহ কৰিবলৈ আহি দদাইদেওৰ অৱস্থা শোচনীয়।ৰাইজৰ ৰোষত পৰিল নাৰীখাদক সঞ্জীৱ বৰুৱা।জীয়ৰী ছোৱালী দেখিলে দদাইদেওৱে বিবাহৰ প্ৰস্তাৱ দিয়ে।এই দদাইদেওৱে চেন্নাইত চাকৰি কৰো বুলি ঠগ প্ৰৱঞ্চনা কৰি গাভৰু ছোৱালী ক জালত পেলাই।

দদাইদেওৰ প্ৰথমা পত্নীৰ এটা পুত্ৰ আৰু এগৰাকী জী আছে।তেও লাহোৱালৰ এখন গাৱত এগৰাকী যুৱতীক প্ৰেম নামত নাটক কৰি চেন্নাইলৈ বিবাহ কৰি নিয়াৰ প্ৰস্তাৱ দি টিকটো কাটিছিল দদাইদেওৱে।গাঁৱৰ ৰাইজে গোপনসুত্ৰৰ পম ক্ষেদি ডিগবৈ গোলাই নং ১ গাৱলৈ খৱৰ কৰে।খৱৰ কৰাত ওলাই পৰে দদাইদেওৰ আচল চৰিত্ৰ।

দদাইদেও বৰ্তমান ঠিকনা হল চাউলখোৱা ঘৰবন্দী চুক গাঁৱৰ। এই ঠগ প্ৰবঞ্ক টোৱে আৰু কিমান জনী মহিলাক ধ্বংস কৰি লে সেয়া কিন্তু সময়হে কব

কেন্দ্ৰ ভিত্তিক সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত…

কেন্দ্ৰ ভিত্তিক সাংস্কৃতিক প্ৰতিযোগিতা

তিনিচুকীয়া জিলাৰ অন্তৰ্গত মুঠ ২৪টা হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰত সম্প্ৰতি কেন্দ্ৰ ভিত্তিক সাংস্কৃতিক প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈ আছে। সেই অনুসৰি ডুমডুমা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰৰ কেন্দ্ৰ ভিত্তিক সাংস্কৃতিক প্ৰতিযোগিতাখনি আজি বিদ্যালয়খনত অনুষ্ঠিত হৈ যায়।

কেন্দ্ৰটোৰ অধীনৰ মুঠ তিনিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনি বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰে হুণলাল উচ্চতৰ মাধ্যমিক বিদ্যালয়, ডুমডুমাৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ঝিকানন্দ বৰগোহাঁইএ আৰু ডুমডুমা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অধ্যক্ষা তথা পৰীক্ষা কেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত বিষয়া সংগীতা বৰকাকতিয়ে প্ৰতিযোগী , বিচাৰক আৰু অতিথিবৰ্গক আদৰণি জনায়। বৰগীত প্ৰতিযোগিতাত ডনবক্স হাইস্কুল, ডুমডুমাৰ প্ৰিয়াংশু বৰুৱা, ডুমডুমা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ কাকলি কলিতা আৰু ডনবক্স হাইস্কুল, ডুমডুমাৰ ভায়লিনা মৰাণে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰে।

ভজন প্ৰতিযোগিতাত জৱাহৰ হিন্দী হাইস্কুলৰ প্ৰিয়া গোস্বামী, সাক্ষী কুমাৰী আৰু চাহিনা খাটুনে ক্ৰমে প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰে। ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাত ডনবক্স হাইস্কুল, ডুমডুমাৰ ডেইজী সোণোৱালে প্ৰথম, ডুমডুমা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ সুবাসিতা দত্ত আৰু কাকলি কলিতাই দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰে। আনহাতে, দলীয় নৃত্য প্ৰতিযোগিতাত ডুমডুমা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ দলে প্ৰথম আৰু তৃতীয় স্থান অধিকাৰ কৰাৰ বিপৰীতে ডনবক্স হাইস্কুল ডুমডুমাই তৃতীয় স্থান অধিকাৰ কৰে।

প্ৰতিযোগিতাৰ বিচাৰকৰ আসনত আছিল দিপ্তী গোঁহাই, গিৰিবালা দাস আৰু অনামিকা লহকৰ। প্ৰতিযোগিতাৰ অন্তত অনুষ্ঠিত বঁটা বিতৰণী সভাত উপস্থিত থাকি বঁটাসমূহ বিতৰণ কৰে তিনিচুকীয়া জিলা চক্ৰৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতোপন হাজৰিকা, ডুমডুমা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি অভিজিৎ খাটনিয়াৰ, জৱাহৰ হিন্দী হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী নিৰলা চৌধুৰী আৰু বিচাৰক দিপ্তী গোঁহাইএ।বিদ্যালয়সমূহৰ পৰিদৰ্শক বিতোপন হাজৰিকাই জানিবলৈ দিয়া অনুসৰি প্ৰতিটো কেন্দ্ৰত পুৰস্কাৰ লাভ কৰা প্ৰতিযোগীসকলক লৈ পৰৱৰ্তী পৰ্যায়ত জিলা ভিত্তিত এখন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব।

একেলগে ১০হেজাৰ বিহুৱা -বিহূৱতীয়ে বিহু নাচিব অহা ১৪ এপ্ৰিলত ! চৰকাৰৰ উদ্যোগত গিনিজ বিশ্ব অভিলেখৰ প্ৰস্তুতি…

অসমীয়াৰ সাহ বিহু নাচক বিশ্বদৰবাৰত সন্মান জনক স্হানত উপবিষ্ট কৰোৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত তথা ৰাজ্য চৰকাৰৰ উদ্যোগত সৰুসজাই ক্ৰীড়া প্ৰকল্পত একেলগে ১০হেজাৰ বিহুৱা -বিহূৱতীৰ দ্বাৰা বিহূনাচ পৰিৱেশনৰ জৰিয়তে গিনিজ বিশ্ব অভিলেখৰ বাবে এক প্ৰস্তুতি চলোৱা হৈছে।
এই সন্দৰ্ভত আজি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াৰ দিছপুৰৰ জনতা ভৱনৰ কাৰ্যালয় কক্ষত এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।


মন্ত্রী বিমল বড়াৰ লগতে স্বাস্থ্য মন্ত্রী কেশৱ মহন্ত, মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ, অতিৰিক্ত মুখ্য সচিব বি ছামাল, উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, কৰ আয়ুক্ত ৰাকেশ আগৰৱাল, পৰ্যটন বিভাগৰ সচিব পদ্মপাণি বৰা, কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, ক্ৰীড়া আৰু যুবকল্যাণ সঞ্চালকালয়ৰ সঞ্চালক নিবেদন দাস পাটোৱাৰীকে ধৰি ভালেসংখ্যক বিষয়াৰ উপস্থিতিত অনুষ্ঠিত সভা খনত গিনিজ বুক অৱ ৰেকৰ্ডছত বিহূনাচৰ অন্তর্ভুক্তিৰ সন্দৰ্ভত বিষদভাৱে আলোচনা কৰা হয়।


এই আয়োজনৰ বাবে সংস্কৃতিক মন্ত্রী বিমল বড়া, পৰ্যটন মন্ত্রী জয়ন্ত মল্ল বৰুৱা, স্বাস্থ্য মন্ত্রী কেশৱ মহন্ত আৰু শিক্ষা মন্ত্ৰী ডা০ৰণোজ পেগুকলৈ চাৰিজনীয়া মন্ত্রী গোট এটি গঠন কৰি দিয়া হৈছে। তদুপৰি বিমলা গগৈ, সোমনাথ বড়া ওজা, অনিল শইকীয়া, প্ৰসন্ন গগৈ, মাধুৰীমা চৌধুৰী, প্ৰবীণ কুমাৰ শইকীয়া, জয়ন্ত সোণোৱাল, স্মৃতি ৰেখা শইকীয়া, মহেন্দ্র চুতীয়া, প্ৰদীপজ্যোতি নেওগ, ৰঞ্জিত গগৈ আৰু সুদৰ্শন ঠাকুৰকলৈ এখনি বিশেষজ্ঞ সমিতিও গঠন কৰি দিয়া হৈছে৷


দেশৰ প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোদীয়ে উপস্হিত থাকি প্ৰত্যক্ষ কৰিব লগা অভিলেখ সৃষ্টি কাৰীএই বিহূ নাচ যাতে সঠিক ৰূপত উপস্থাপন কৰিব পৰা যায় সেই বিষয়ে বিশদ ভাৱে সভাত আলোচনা কৰা হয়। অহা ১৪ এপ্ৰিলত অভিলেখৰ বাবে সৰুসজাই ক্ৰীড়া প্ৰকল্পত উপস্হাপন হব লগা বিহূ নাচৰ বাবে ১০ হেজাৰ বিহূৱা আৰু বিহূৱতীক ৰাজ্যৰ বিভিন্ন স্থানত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। ইয়াৰবাবে জিলা পৰ্যায়ত ১মাৰ্চৰ পৰা প্ৰশিক্ষণ আৰম্ভ হ’ব। ইয়াৰ পূৰ্বে প্ৰশিক্ষক সকলক অহা ২০,২১আৰু ২২ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত প্ৰশিক্ষণ দিয়া হব।
সাত হেজাৰ নাচনী আৰু তিনি হেজাৰ বিহূৱাই অংশ গ্ৰহণ কৰিব লগা এই বিহূ নাচ ১৫ মিনিটৰ বাবে পৰিৱেশন কৰা হ’ব।


বিহূৱা আৰু বিহূৱতীয়ে পৰম্পৰাগত ভাৱে পৰিৱেশন কৰিবলগীয়া নাচ তথা পৰিধান কৰিব লগা সাজ পাৰৰ পৰা আৰম্ভ কৰি বাদ্য, অলংকাৰ আদিৰ সন্দৰ্ভতো বিশদভাৱে আলোচনা কৰা হয়। সভাত দৃশ্য শ্ৰব্য মাধ্যম যোগে প্ৰদৰ্শন কৰিব লগা বিহূনাচৰ এক নমুনাও প্ৰদৰ্শন কৰা হয়। সভাত উপৰি উক্ত মন্ত্রী আৰু বিষয়া সকলৰ লগতে ইয়াৰ বাবে গঠন কৰি দিয়া কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য সকলো উপস্থিত আছিল।
পি আৰ অ – সাংস্কৃতিক পৰিক্ৰমা মন্ত্রী অসম

আপুনি বাৰু ভাতকেৰেলা খাই বেয়া পাই নেকি ! ভাতকেৰেলা খোৱা আৰম্ভ কৰক সু-স্বাস্থ্যৰ বাবে…

১)ভাতকেৰেলা মধুমেহত আক্ৰান্ত ৰোগীৰ বাবে যথেষ্ট উপযোগী। ই তেজৰ শৰ্কৰাৰ পৰিমাণ হ্ৰাস কৰি নিয়ন্ত্ৰিত কৰে।

২)ই কৰ্কট প্ৰতিৰোধী। নিয়মিত ভাতকেৰেলা খালে কৰ্কটক দূৰতে বিদূৰ কৰিব পাৰি।

৩)ভাতকেৰেলা বয়স প্ৰতিৰোধী। শৰীৰৰ ছাল মসৃণ আৰু সুষম কৰি ৰখাতো ই যথেষ্ট সহায়ক।

৪)দৃষ্টিশক্তি উন্নত কৰে।

৫)ভাতকেৰেলা গ্ৰীষ্ম কালত নিয়মিত ভাৱে খাদ্যাভ্যাসত ৰাখিব পাৰে। কিয়নো নিয়মিত ভাতকেৰেলা খালে শৰীৰৰ অতিৰিক্ত ঘাম ওলোৱা নিয়ন্ত্ৰণ কৰে।

ভেলেণ্টাইন ডে’ সপ্তাহত মুক্তি পাব ছলমান খানৰ ৰোমান্টিক গীত…

ছলমান খানৰ আগন্তুক ছবি ‘কিছি কা ভাই কিছি কি জান’ৰ শেহতীয়া গীত ‘নয়ো লাগদা’ৰ টিজাৰ মুকলি কৰা হৈছে। এই গীতটোত দেখা গৈছে অভিনেত্ৰী পূজা হেগড়ে ছলমানৰ সৈতে।

হিন্দী চিনেমাৰ মেগা ছুপাৰষ্টাৰ ছলমান খানৰ ছবি ‘কিছি কা ভাই কিছি জান’ৰ বাবে সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছে। এই ছবিখনৰ টিজাৰে ইতিমধ্যে অনুৰাগীৰ উত্তেজনা বৃদ্ধি কৰিছে।

ইফালে, ভেলেণ্টাইন উইক উপলক্ষে ছলমানৰ শেহতীয়া গীত ‘কিছি কা ভাই কিছি কি জান’ৰ টিজাৰ মুকলি কৰা হৈছে। এই গীতটোত বি-টাউনৰ অভিনেত্ৰী পূজা হেগড়ে ছলমান খানৰ সৈতে ৰোমাঞ্চ কৰা দেখা গৈছে।