Home Blog Page 1787

অনষ্টপেবলত প্ৰভাছে পিন্ধা চাৰ্টটোৰ দাম জানেনে?

আহা অ’টিটি প্লেটফৰ্মত নন্দমুৰি বালকৃষ্ণই আয়োজন কৰা আনষ্টপেবল শ্ব’ৰ এনবিকে কিমান জনপ্ৰিয় হৈ পৰিছে সেয়া কোৱা বাহুল্য। এতিয়া চলি আছে আনষ্টপেবলৰ দ্বিতীয় ছিজন। ইতিমধ্যে চাৰিটা খণ্ড সম্পূৰ্ণ হৈছে। শেহতীয়াকৈ বাল্যাই যুৱ বিদ্ৰোহী তাৰকা প্ৰভাছৰ সাক্ষাৎকাৰ লোৱাৰ বাতৰিয়ে উদ্যোগটোত চৰ্চালৈ পৰিণত হৈছে। বাল্য আৰু প্ৰভাছ দুয়োৰে অনুৰাগীয়ে প্ৰথমবাৰৰ বাবে একেলগে এটা শ্ব’ত অংশগ্ৰহণ কৰি সুখ প্ৰকাশ কৰিছে। বন্ধু গোপিচন্দৰ সৈতে প্ৰভাছে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাটো অধিক আকৰ্ষণীয়। এই খণ্ডটোৰ সৈতে জড়িত ফটো ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

আনহাতে এই শ্ব’ত নায়ক প্ৰভাছে পিন্ধা চাৰ্টটো বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিল। তেওঁৰ অনুৰাগীয়ে মন্তব্য কৰিছে যে প্ৰভাছে ৰঙীন চাৰ্ট পিন্ধিলে অতি ধুনীয়া দেখি। ইয়াতে ৰৈ নাথাকি প্ৰভাছে পিন্ধা চাৰ্টৰ ব্ৰেণ্ড আৰু ইয়াৰ দাম কিমান সেই সম্পৰ্কে সবিশেষ লাভ কৰিছে অনুৰাগীসকলে। প্ৰভাছে পিন্ধা চাৰ্টটো হৈছে “প’ল’ ৰালফ লৰেন মেন’ছ মাদ্ৰাজ বাটন ডাউন চাৰ্ট”। ইয়াৰ দাম ১১৫ পাউণ্ড। অৰ্থাৎ আমাৰ ভাৰতীয় মুদ্ৰাত ১১,৬১৮ টকা। ইয়াৰ বাবে অনুৰাগীসকল স্তম্ভিত হৈ পৰিছে। বহুতে আচৰিত হয় যে ইমান সহজ দেখা এই চাৰ্টটো ইমান দামী।

আনহাতে নায়ক প্ৰভাসে সাধাৰণতে প্ৰচাৰৰ পৰা আঁতৰি থাকে। এনে টক শ্ব’ আৰু টিভি শ্ব’ত তেওঁ খুব কমেইহে উপস্থিত থাকে। কিন্তু শেহতীয়াকৈ বালায়াই এটা টক শ্ব’ত অংশ লৈছিল। তেওঁৰ সকলো অনুৰাগীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে এই খণ্ডটো কেতিয়া টেলিকাষ্ট হ’ব। সমগ্ৰ ভাৰতবৰ্ষৰ অনুৰাগীসকলে এই খণ্ডটোৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। আহাই আজি এই খণ্ডটোৰ ভিডিঅ’ আভাস মুকলি কৰিব।

নলবাৰী চহৰৰ মাজ-মজিয়াত জিলা স্বাস্থ্য বিভাগৰ আদৰণি এম্বুলেঞ্চ ড্ৰাইভৰৰ অতপালি,চলন্ত এম্বুলেঞ্চত ফোণত ব্যস্ত এম্বুলেঞ্চ ড্ৰাইভৰ…

আজি নলবাৰী চহৰৰ মাজ-মজিয়াত এখন জিলা স্বাস্থ্য বিভাগৰ অধীনত থকা এম্বুলেঞ্চৰ অতপালি পৰিলক্ষিত হয়।

জিলা স্বাস্থ্য বিভাগৰ অধীনত চলি থকা এখন আদৰণি এম্বুলেঞ্চ ড্ৰাইভৰে নলবাৰী চহৰৰ মাজ-মজিয়াত চলন্ত গাড়ীত এখন হাতেৰে গাড়ী আৰু এখন হাতেৰে মোবাইল চলাই থকা পৰিলক্ষিত হয় ।

যদিও এম্বুলেঞ্চ খন খালী আছিল তাৰ পিছত ও এম্বুলেঞ্চ ড্ৰাইভৰ গৰাকীয়ে নলবাৰী অসামৰিক চিকিৎসালয়ৰ ব্যস্ত পথৰ পৰা চহৰৰ পুৰণি চিনেমা হোলৰ পথৰ প্ৰায় এক কিলোমিটাৰ যান-জোঁটৰ মাজত এখন হাতেৰে গাড়ী চলাই বীৰত্ব প্ৰদৰ্শন কৰি অতপালি কৰা পৰিলক্ষিত হয় ।

আনহাতে বাহন খনৰ আগফালে নম্বৰ প্লেট নাই তথা পিছ ফালে ভঙা নম্বৰ প্লেট লৈ এম্বুলেঞ্চ চলাই আছে ড্ৰাইভৰ গৰাকীয়ে ।  যিটো সময়ত জিলা পৰিবহন বিভাগ আৰু নলবাৰী আৰক্ষীৰ ট্ৰেফিক বিভাগে সাধাৰণ ৰাইজৰ পৰা নিতৌ হেজাৰ হেজাৰ জৰিমনাৰ প্ৰদান কৰি আহিছে তেনে সময়ত এনেকুৱা এম্বুলেঞ্চ তথা ড্ৰাইভৰৰ ওপৰত কিয় ব্যৱস্থা গ্ৰহণ কৰিব পৰাই নাই নলবাৰী পৰিবহন বিভাগৰ লগতে নলবাৰী আৰক্ষী বিভাগে? নে চৰকাৰী গাড়ীৰ ওপৰত জৰিমনা বিহিবলৈ ভয় কৰে পৰিবহন বিভাগৰ লগতে নলবাৰী আৰক্ষীয়ে?

এনেকৈয়ে নলবাৰী চহৰত চলি থাকিব নেকি একাংশ আধা লিখা নম্বৰপ্লেটৰ চৰকাৰী গাড়ী সহ ড্ৰাইভৰৰ অতপালি?-এতিয়া এই প্ৰশ্ন উত্থাপন হৈছে নলবাৰীৰ সচেতন মহলৰ মাজত৷
ধ্ৰুব জ্যোতি মালাকাৰ

কিমান পৰিমাণৰ চেনি স্বাস্থ্যসন্মত জানো আহক…

কিমান পৰিমাণৰ চেনি স্বাস্থ্যসন্মত

কিছুদিন আগেয়ে ‘দ্য এনালচ্ অব্ ইণ্টাৰ্নেল মেডিচিন’ নামৰ এখন স্বাস্থ্যবিষয়ক জাৰ্ণেলত এটা নিবন্ধ প্ৰকাশিত হৈছে। নিবন্ধৰ প্ৰস্তুতকৰ্তা আছিল এদল প্ৰতিষ্ঠিত বিজ্ঞানী। তেওঁলোকে বিশ্বজুৰি চেনি কমকৈ খাবলৈ দিয়া পৰামৰ্শৰ তীব্ৰ সমালোচনা কৰিছে। বিজ্ঞানী দলৰ মতে এই সন্দৰ্ভত দিয়া পৰামৰ্শ নিৰ্দেশনাৰ ভিত্তি দুৰ্বল আৰু বিশ্বাসযোগ্য নহয়। বিশ্বৰ স্বাস্থ্য বিশেষজ্ঞসকলে তাৎক্ষণিকভাৱে এই নিবন্ধৰ বক্তব্যক তীব্ৰ সমালোচনা কৰিছে। কিয়নো নিবন্ধৰ প্ৰস্তুতকৰ্তাসকল খাদ্য আৰু চেনি উদ্যোগৰ স্বাৰ্থৰ সৈতে জড়িত।

এই অধ্যয়নৰ বাবে ধনৰ যোগান ধৰিছে আন্তৰ্জাতিক জীৱ বিজ্ঞান নামৰ প্ৰতিষ্ঠান এটাই। প্ৰতিষ্ঠানত সহযোগীসকল হৈছে খাদ্য আৰু কৃষি ৰসায়ন কোম্পানীসমূহ। তাৰ ভিতৰত আছে কোকাকোল, জেনেৰেল মিল্ছ, হাফেদিন, ফাষ্টফুড আৰু মনচাণ্টো। সমালোচকসকলৰ মতে ইয়াৰ আগতেও খাদ্য উদ্যোগে এনে প্ৰচেষ্টা কৰিছে য’ত হিবিজিবি খাদ্য, চেনিযুক্ত পানীয় আদিয়ে সৃষ্টি কৰিব পৰা মেদবহুলতা, ডায়েবেটিছ আৰু অন্যান্য স্বাস্থ্যবিষয়ক সমস্যাৰ সম্ভাৱনা নুই কৰিব পাৰি। এনে প্ৰয়াস ১৯৬০ চনৰ পৰা চলি আছে। সেই সময়ত চেনি উদ্যোগে বিশিষ্ট বিজ্ঞানীৰ জৰিয়তে অত্যধিক চেনিয়ে হৃদৰোগ সৃষ্টি কৰাৰ সম্ভাৱনা নুই কৰাৰ প্ৰচেষ্টা চলোৱা হৈছিল। বৰং সংপৃক্ত চৰ্বিয়েহে এনে ৰোগৰ সৃষ্টি কৰে বুলি এক ধাৰণা প্ৰকাশ কৰিছিল। নিউয়ৰ্ক টাইমছৰ এক অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে কোকাকোলা কোম্পানীয়ে চেনিযুক্ত পানীয় আৰু মেদবহুলতাৰ সম্পৰ্ক নস্যাৎ কৰিবলৈ প্ৰচেষ্টা চলাইছিল। ইয়াৰ বাবে এদল বিজ্ঞানীক ধন দিছিল। খাদ্য আৰু পুষ্টি বিশেষজ্ঞসকলে কৈছে উপৰিউক্ত নিবন্ধটিয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা নস্যাৎ কৰাৰ প্ৰয়াস কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই শিশু আৰু বয়স্কলোকক চেনিযুক্ত পানীয়, কেণ্ডী আৰু চেনিযুক্ত বীজশস্য যথাসম্ভৱ কমকৈ খোৱাৰ নিৰ্দেশনা জাৰি কৰিছে।

কিন্তু উপৰিউক্ত নিবন্ধৰ প্ৰস্তুতকৰ্তা বিজ্ঞানীসকলে যুক্তি দৰ্শাইছে যে চেনি সন্দৰ্ভত প্ৰচলিত নিৰ্দেশনাৰ অধিক সমীক্ষা হ’ব লাগে আৰু চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয় নহয়। এনে নিবন্ধ এনে এটা সময়ত প্ৰকাশ কৰা হৈছে যিসময়ত বিশ্ব স্বাস্থ্য সংস্থা আৰু বিশ্ব স্বাস্থ্য কৰ্তৃপক্ষসমূহে চেনি আৰু চেনিযুক্ত খাদ্যৰ মাত্ৰা হ্ৰাস কৰিবলৈ পৰামৰ্শ দিছে। বিশ্ব স্বাস্থ্য সংস্থাই কৈছে- ফল, পাচলি, চেনিযুক্ত খাদ্য আৰু পানীয়ৰ পৰিমাণ আৰু গাখীৰত স্বাভাৱিকভাৱে যুক্ত চেনিৰ বাহিৰে আন চেনিযুক্ত খাদ্য শিশু আৰু বয়স্ক উভয়েই নিয়ন্ত্ৰণ কৰা উচিত। সংস্থাৰ পৰামৰ্শ হৈছে চেনিৰ পৰা সৰ্বাধিক ১০ শতাংশ কেলৰী পাব পৰাকৈ খাদ্য আৰু পানীয় খাব লাগে। অধিক চেনিযুক্ত খাদ্য আৰু পানীয়ই শৰীৰৰ ওজন বৃদ্ধি কৰে, মেদবহুলতাৰ সৃষ্টি কৰে, ডায়েবেটিছৰ সম্ভাৱনাও বৃদ্ধি কৰে।

আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে (এফ ডি এ) নিৰ্দেশনা জাৰি কৰিছে যে সকলো পেকেজ কৰা খাদ্যৰ পেকেটৰ ওপৰত স্পষ্টকৈ উল্লেখ কৰিব লাগিব চেনিৰ মাত্ৰা। ব্ৰিটেইনতো চেনিৰ পৰিমাণ হ্ৰাস কৰাৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। ভাৰতত এইপৰ্যন্ত এই সন্দৰ্ভত নিৰ্দেশনা বা পৰামৰ্শ জাৰি কৰা পৰিলক্ষিত হোৱা নাই।

অসমত এতিয়া ভোগালী বিহুৰ বতৰ। এই সময়ত যথেষ্ট পৰিমাণৰ পিঠা, লাড়ু, চিৰা, দৈ, গুড়, মিঠাই আদি খোৱা হয়। এইবোৰৰ বেছিভাগতেই যথেষ্ট পৰিমাণৰ চেনি বা গুড় ব্যৱহাৰ কৰা হয়। প্ৰসংগক্ৰমে উল্লেখ্য যে গুড়তো যথেষ্ট পৰিমাণৰ চেনি থাকে। গতিকে সাৱধান হ’ব। এইবোৰ খাদ্যৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ।

আমাৰ বহুতে ধাৰণা কৰে যে আমাৰ সুস্বাস্থ্যৰ বাবে চেনি খোৱাটো প্ৰয়োজনীয়। পিছে প্ৰকৃততে তেনেকুৱা নহয়। শৰীৰৰ বাবে প্ৰয়োজনীয় চেনি আমাৰ খাদ্যদ্ৰব্যৰ পৰাই উৎপন্ন কৰি লয়। এনে পৰিপ্ৰেক্ষিতত অধিক চেনি খোৱাৰ প্ৰয়োজন নাই।

পৰিচালক আৰু অভিনেতাৰ পূৰ্বেই ব্যৱসায়ীক ৰুপত দেখা যাব আৰিয়ান খানক

প্ৰথমখন চিত্ৰনাট্য চূড়ান্ত কৰিছে আৰু অতি সোনকালে তেওঁক পৰিচালক হিচাপে কেমেৰাৰ আঁৰত দেখা যাব। শ্বাহৰুখ খানৰ পুত্ৰৰ সৈতে জড়িত বাতৰিয়ে ছবিখনৰ পূৰ্বে ব্যৱসায়ী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সাজু হোৱা বুলি বাতৰিটো এতিয়াও সঠিকভাৱে বিয়পি পৰা নাই।শেহতীয়াকৈ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানে ছ’চিয়েল মিডিয়াত প্ৰথমখন চিত্ৰনাট্য প্ৰস্তুত কৰাৰ কথা ঘোষণা কৰিছিল। তাৰ পিছত আলোচনা হ’ল যে চিনেমা তেওঁৰ আবেগ আৰু অভিনয়ৰ পৰিৱৰ্তে তেওঁ পৰিচালনাৰ দিশত আগবাঢ়িছে। কিন্তু এতিয়া জনা গৈছে যে পৰিচালক হোৱাৰ আগতে আৰিয়ান এজন ব্যৱসায়ী হৈ পৰিছে আৰু দৰ্শকে তেওঁৰ ছবি বা ৱেবছিৰিজ চোৱাৰ আগতেই আৰিয়ানে তেওঁলোকৰ কোম্পানীৰ সামগ্ৰী বিক্ৰী কৰিব। খবৰ অনুসৰি আৰিয়ান খানে তেওঁৰ দুজন বন্ধুৱে গঠন কৰা কোম্পানী Dievol (যাৰ অৰ্থ ইংৰাজীত Devil) ব্ৰেণ্ডৰ অধীনত ভাৰতত বিলাসী জীৱনশৈলীৰ সামগ্ৰী মুকলি কৰিবলৈ ওলাইছে। সংবাদ মাধ্যমৰ বাতৰিত কোৱা হৈছে যে এই কোম্পানীটোৱে প্ৰথমে এটা পানীয় কোম্পানীৰ সহযোগত নিজৰ ব্ৰেণ্ড নামেৰে ভ’ডকা মুকলি কৰিছে।

ইউৰোপত ব্যৱসায়িক অংশীদাৰ
ভোগ ইণ্ডিয়াৰ বাতৰিত কোৱা হৈছে যে ইয়াৰ পিছত আৰ্য আৰু তেওঁৰ কোম্পানীয়ে ২০২৩ চনৰ মাৰ্চ মাহত তেওঁলোকৰ কাপোৰৰ লাইন আনিব আৰু ইয়াৰ বাবে এটা ৱেবছাইট মুকলি কৰা হ’ব। লাহে লাহে কোম্পানীটোৱে ভাৰতত ব্যৱসায় বৃদ্ধি কৰিব। ভোগ ইণ্ডিয়াৰ সৈতে হোৱা এক বাৰ্তালাপত আৰিয়ানে কয় যে যিবোৰ কথাৰ প্ৰতি আমাৰ পৰিয়ালে আবেগিক অনুভৱ কৰে, আমি একেটা ব্যৱসায়তে সোমাই যাওঁ। মা প্ৰযোজক, কিন্তু ইণ্টেৰিয়ৰ ডিজাইনিং ভাল পায়। তেওঁ নিজকে এজন সফল ইণ্টেৰিয়ৰ ডিজাইনাৰ হিচাপে প্ৰতিষ্ঠা কৰিছে। মোৰ দেউতা এজন অভিনেতা, কিন্তু তেওঁৰ ভিএফএক্স কোম্পানী, প্ৰডাকচন কোম্পানীও আছে। আমি সকলোৱে খেল ভাল পাওঁ আৰু আমি প্ৰায় ১০ বছৰ আগতে এই ক্ষেত্ৰখনত প্ৰৱেশ কৰিছিলো। আৰিয়ানৰ কোম্পানীটোৰ ব্যৱসায়িক অংশীদাৰজন ইউৰোপৰ। এজন বাণ্টী সিং আৰু আনজন লেটি ব্লাগোয়েভা।

পাঁচ বছৰৰ বাবে প্ৰস্তুতি
আগন্তুক সময়ত এই কোম্পানীয়ে বিলাসী সামগ্ৰী প্ৰস্তুত কৰি ভাৰতত মুকলি কৰিব। পানীয় কোম্পানীটোৰ সৈতে ভ’ডকাৰ পিছত বজাৰত মুকলি কৰা হ’ব হুইস্কি আৰু ৰামও। কোৱা হৈছে যে যোৱা পাঁচ বছৰে আৰিয়ান, বাণ্টী আৰু লেটেই এই কোম্পানীটোৰ ৰূপৰেখাৰ কাম কৰি আছিল। ২০২৩ চন শ্বাহৰুখ খানৰ সমগ্ৰ পৰিয়ালৰ বাবে বিশেষ হ’বলৈ গৈ আছে। বক্স অফিচত আহিব স্বয়ং শ্বাহৰুখৰ তিনিখন ছবি, পাঠান-জোৱান-ডাংকি। আৰিয়ানেও বিজনেছৰ সৈতে পৰ্দাত টোকৰ মাৰিব আৰু তেওঁৰ পৰিচালনাত তেওঁৰ প্ৰথমটো প্ৰজেক্ট আৰম্ভ কৰিব। শ্বাহৰুখৰ কন্যা সুহানাইও অহা বছৰ বলীউডত অভিষেক ঘটাবলৈ গৈ আছে আৰ্চি ছবিখনৰ জৰিয়তে। এই ছবিখন নেটফ্লিক্সত মুক্তি পাব।

দৰঙৰ সৰাবাৰী গাওঁ পঞ্চায়তত গছপুলি ৰোপন আছনিৰ নামত চৰকাৰী ধন শৰাধ


ছিপাঝাৰ সমষ্টিৰ  অন্যতম এখন গাও পঞ্চায়ত সৰবাৰী গাঁও পঞ্চায়ত ৷ এই পঞ্চায়তৰ অন্তৰ্গত এম পি কে সংযোগী পথ কটৰা চকৰ পৰা এম এম ৰ’দ সংযোগী কেন্দ্ৰচকলৈ যোৱা গড়কাপ্তানী পথৰ দুয়ো দাঁতিত গছপুলি ৰোপনৰ বাবে আবন্টিত হৈছিল ধন ৷

MGNREGA আচনীৰ অধীনত ২০২২ বৰ্ষৰ ফেব্ৰুৱাৰীৰ ১৫ তাৰিখে আৰম্ভহোৱা গছ পুলি ৰোপনৰ কাৰ্যসূচীৰ সময়সীমা আছিল প্ৰায় পাচ মাহ ৷ পাচ মাহ সময় উকলি যোৱাৰ পিচতো বিভাগীয় কৰ্তিপক্ষৰ নাই কানসাৰ ৷

ইফালে চৰকাৰে গছপুলি ৰোপনৰ নামত খৰছ কৰি আহিছে যথেষ্ট ধন ৷ অৰন্য মানৱ যাদৱ পায়েংয়ে অসমৰ প্ৰত্যেকজন লোকক সদায় একোটাকৈ গছ পুলি ৰোপন কৰিবলৈ দিয়া আহবানৰ সময়তে চৰকাৰী ধন শৰাধ সৰাবাৰী পঞ্চায়তত ৷

কটৰা চ’কৰ পৰা কেন্দ্ৰ চ’কলৈ যোৱা এই দীঘলীয়া পথটিৰ দুয়োকাষে গছপুলি ৰোপন আচনিখন ফুটুকাৰ ফেনত পৰিনত হ’ল ৷ ফুলগছৰ সৈতে কেইজোপামান গছপুলি ৰোপন কৰিয়েই সামৰনি পেলালে আচঁনিখন ৷

আৱণ্টিত ধন ৰাজকোষৰ পৰা উলিয়াই আচনীৰ ধন শৰাধ কৰাৰ বাবে জগৰীয়া কোন ? পঞ্চায়তৰ সভাপতি নে ? নে পঞ্চায়তৰ সচিব ? সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে কিবা ভুমিকা গ্ৰহন কৰিব নে নকৰে সেয়া সময়হে কব ৷

  দ্বীপেন ডেকা

ৰঙচুৱা ফলবোৰ আপুনি যদি খাই তেন্তে স্বাস্থ্যৰ প্ৰতি সজাগ হ‌ওঁক…

আমি সকলোৱে জানো যে, দৈনিক এটাকৈ আপেল খালে ডাক্তৰ আপোনাৰ কাৰণে বহুত আঁতৰত থাকিব অৰ্থাৎ ডাক্তৰৰ প্ৰয়োজন নাথাকিব। ৰঙা আপেলৰ বাহিৰেও এনে ধৰণৰ আন কিছুমান ৰঙা ৰঙৰ ফল আছে, যিবোৰে বহুত ৰোগৰ প্ৰতিৰোধ কৰিব পাৰে। ৰঙা ৰঙৰ বিলাহীকে ধৰি আনবোৰ ফলত লাইকোপেন আৰু এনথোচানিন নামৰ এন্টি অক্সিডেন্ট থাকে। আচলতে এই দ্ৰব্য দুবিধেই পাচলি বা ফলবিধক ৰঙা ৰংটো প্ৰদান কৰে। নানা ৰোগ প্ৰতিৰোধ কৰিব পৰা কেইবিধমান ৰঙা ৰঙৰ ফলৰ নাম তলত উল্লেখ কৰা হ’ল:

আপেল-

ৰঙা ৰঙৰ ফলবোৰৰ ভিতৰত আপেল এবিধ অতুলনীয় ফল। আপেলত থকা এন্টি অক্সিডেন্ট, ফ্লাভোনয়েড আৰু আঁহজাতীয় দ্ৰব্যবোৰে ডায়েবেটিচ বা বহুমূত্ৰ ৰোগক নিয়ন্ত্ৰণ কৰি ৰাখে। আপেলে হাওঁফাঁও অন্ত্ৰ, স্তন আৰু যকৃতৰ কেন্সাৰৰ প্ৰতিৰোধ কৰিব পাৰে। তদুপৰি আপেলে শৰীৰত থকা ক’লেষ্টেৰলৰ পৰিমাণ কমাই ওজন কমোৱাৰ ক্ষেত্ৰত সহায় কৰে।

বিলাহী-

বিলাহী অন্যতম প্ৰয়োজনীয় দ্ৰব্য লাইকোপেন থাকে। টাফ্‌ট বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে কৰা গৱেষণাৰ ফলত গম পাইছে যে, সপ্তাহত পাঁচবাৰ বা তাতোকৈ অধিকবাৰ খালে কৰোনাৰি ৰোগ হোৱাৰ আশংকা শতকৰা ২৬ ভাগ কমি থাকে। বাল্টিমোৰৰ জন্‌চ হাস্পতালৰ প্ৰসিদ্ধ চিকিৎসক জেৰাল্‌ড ই, মুলিন নামৰ ব্যক্তিজনৰ মতে বিলাহী ৰান্ধি খোৱাটোহে বেছি ভাল। কাৰণ তাপ পোৱাৰ ফলত লাইকোপেন শৰীৰৰ তেজৰ সৈতে সহজে মিলি যাব পাৰে।

ডালিমত বহুত পৰিমাণৰ ক্লাভোনযেড, পলিফেলন আৰু এন্টি অক্সিডেন্ট থাকে। এইবোৰ উপাদানে হৃদৰোগ, বাতবিষ, ইৰেক্ট্ৰিল নাইকিয়া কৰে। ডালিমে ৰক্তচাপ কমাবৰ কাৰণে শৰীৰটোক সহায় কৰে।

চেৰী ফল-

চেৰী ফলত থকা এনথোচানিন্‌ নামৰ এন্টি অক্সিডেন্টবিধে বাত বিষ, ডায়েবেটিছ বা বহুমূত্ৰ আৰু কেন্সাৰক প্ৰতিৰোধ কৰে। ইয়াৰ উপৰি চেৰী ফলত স্বাস্থ্যকৰ পটাচিয়াম আৰু ‘এ’ ভিটামিন আছে।


বিট-

শৰীৰৰ প্ৰয়োজনীয় ফোলেটৰ শতকৰা ১৯ ভাগ বিট নামৰ ৰঙা পাচলিবিধে যোগান ধৰিব পাৰে। ফোলেট দ্ৰব্যবিধৰ বাহিৰে ভিটামিন-বি থাকে। ভিটামিন বি য়ে শৰীৰৰ প্ৰয়োজনীয় নতুন কোষ উৎপাদন কৰে; তদুপৰি বিটত থকা ভিটামিনে শৰীৰটোৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত ক্ষমতা বঢ়ায়।

ৰঙা কেপচিকাম-

২০০৫ চনত প্ৰকাশিত হোৱা ‘ইন্টাৰনেচনেল জাৰ্ণেল অব্‌ অবেচিটী’ আলোচনীখনৰ এটা প্ৰবন্ধত কোৱা হৈছিল যে, যিসকলে নিয়মিতভাৱে বিলাহী আৰু ৰঙা কেপ্‌চিকাম নামৰ জলকীয়াবিধৰ ৰস মিহলাই খাই থাকে, তেওঁলোকে খাদ্যৰ পৰা শতকৰা ১৬ ভাগ কেল’ৰি কমকৈ গ্ৰহণ কৰে। গতিকে আপোনাৰ আহাৰ গ্ৰহণৰ আধাঘন্টাৰ পূৰ্বে বিলাহী আৰু ৰঙা কেপ্‌চিকামৰ ৰস মিহলি কৰি খাওক। দেখিব আপোনাৰ শৰীৰৰ মেদ কমি গৈছে। দৈনিক খাদ্যৰ তালিকাত এটা ৰঙা ফলো ৰাখিব, কাৰণ ই আপোনাৰ স্বাস্থ্য ৰক্ষাৰ বাবে খুবেই উপকাৰী।

‘বিগ বছ মাৰাঠী ছিজন ৪’ত ভূতৰ ৰুপত ৰাখী সাৱন্ত ! ৰাখীক সকলোৰে এনেদৰে দেখি ভয়ত কঁপি উঠিল

‘বিগ বছ’ত প্ৰৱেশ কৰাৰ লগে লগে ৰাখী সাৱন্তৰ ভিতৰলৈ ভূত আহিল, ভিডিঅ’ ভাইৰেল হ’ল!‘ড্ৰামা কুইন’ ৰাখী সাৱন্তক দেখা গৈছে মহেশ মঞ্জৰেকাৰৰ আয়োজক ‘বিগ বছ মাৰাঠী ছিজন ৪’ শ্ব’ত। শেহতীয়া প্ৰমোত ভূতৰ অৱতাৰত দেখা গৈছিল। বলীউডৰ অভিনেত্ৰী ৰাখী সাৱন্তক ড্ৰামা কুইন বুলি কোৱা হৈছে। তেওঁৰ অস্বাভাৱিক শৈলীৰে মানুহৰ দৃষ্টি আকৰ্ষণ কৰি থাকে। মানুহক মনোৰঞ্জন দিয়াৰ কোনো সুযোগ হেৰুৱাব নিবিচাৰে।
এইকেইদিন ৰাখী সাৱন্তই ‘বিগ বছ’ৰ জৰিয়তে মানুহক মনোৰঞ্জন দি আছে। তেওঁ ‘বিগ বছ মাৰাঠী ছিজন ৪’ৰ অংশ। শ্ব’টোৰ আগন্তুক খণ্ডটোৰ প্ৰ’ম’ ওলাইছে, য’ত তেওঁক ভূত হিচাপে দেখা গৈছে।

বিগ বছত ৰাখী সাৱন্ত ভূত হৈ পৰিল
‘বিগ বছ মাৰাঠী ৪’ৰ প্ৰমো কলাৰ্ছৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলৰ পৰা শ্বেয়াৰ কৰা হৈছে। ভিডিঅ’টোত ভূতৰ অৱতাৰত দেখা পোৱা গৈছে ৰাখী সাৱন্তক। ৰঙা শাৰী আৰু গধুৰ গহনা পিন্ধিছে। ছিন্নভিন্ন চুলি আৰু তাইৰ মেকআপ দেখিলে যিকোনো ব্যক্তিয়েই ভয় খাব।


ডাইনিং টেবুলত বহি তাই সহ-প্ৰতিযোগী কিৰণ মানেৰ লগত কথা পাতি আছে। কিৰণ মানেও ৰাখীৰ নাটকত জড়িত হৈ পৰে আৰু তেওঁ ৰাখীৰ শৰীৰৰ পৰা ভূতটো আঁতৰাবলৈ চেষ্টা কৰে আৰু মন্ত্ৰ আবৃত্তিও কৰা দেখা গ’ল। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰাখী সাৱন্তৰ এই ভিডিঅ’টো।

অৰুণাচল প্ৰদেশৰ চীন সীমান্তত ভাৰতীয় আৰু চীনা সৈন্যৰ মাজত আন এক সংঘৰ্ষৰ সূত্ৰপাত হোৱা বুলি প্ৰকাশ কৰিছে এক চৰকাৰী সূত্ৰই…

বিগত সময়চোৱাত চীন সীমান্তত চেগা-ছোৰোকাকৈ কেইবাবাৰো সংঘৰ্ষত লিপ্ত হৈছে ভাৰতীয় সেনা। শেহতীয়াকৈ পুনৰ যোৱা শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ চীন সীমান্তত ভাৰতীয় আৰু চীনা সৈন্যৰ মাজত আন এক সংঘৰ্ষৰ সূত্ৰপাত হোৱা বুলি প্ৰকাশ কৰিছে এক চৰকাৰী সূত্ৰই।

৯ ডিচেম্বৰত সংঘটিত এই সংঘৰ্ষত দুয়ো পক্ষৰে কেইবাগৰাকীও জোৱান আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। অৰুণাচল প্ৰদেশৰ টাৱাং চেক্টৰত এই সংঘৰ্ষৰ সূত্ৰপাত হৈছিল চৰকাৰী সূত্ৰটোৱে লগতে সদৰী কৰিছে।

সূত্ৰ অনুসৰি, ৩০০ তকৈও অধিক চীনা সৈন্যই এল.এ.চি. অতিক্ৰম কৰাৰ পিছতে ভাৰতীয় সৈন্যই প্ৰত্যাক্ৰমণ চলায়। সংঘৰ্ষত আহত প্ৰায় ছয়গৰাকী সৈনিকক চিকিৎসাৰ বাবে লগে লগে গুৱাহাটীলৈ লৈ অনা হয় বুলি প্ৰতিৰক্ষা সূত্ৰটোৱে লগতে কয়।

প্ৰকাশিত খবৰ অনুসৰি, সংঘৰ্ষৰ পাছতে অঞ্চলটোত ভাৰতীয় সেনাৰ কমাণ্ডাৰে চীনা সৈন্য বিষয়াৰ সৈতে অঞ্চলটোত পুনৰ শান্তি স্থাপনৰ বাবে সংগঠিত প্ৰণালী অনুসৰি আলোচনাৰ বাবে এক বৈঠক অনুষ্ঠিত কৰে।

ইফালে টাৱাঙৰ এই সংঘৰ্ষ সন্দৰ্ভত বাতৰি প্ৰকাশৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছে কেন্দ্ৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

অৰুণাচল প্ৰদেশৰ টাৱাং চেক্টৰত ভাৰত আৰু চীনৰ সৈনিকৰ মাজত সংঘৰ্ষ হোৱাৰ খবৰ পোৱা গৈছে। চৰকাৰে দোদুল্যমান মনোভাৱ এৰি চীনৰ কাৰ্য সহ্য কৰা নহ’ব বুলি কঠোৰ সুৰত সকীয়াই দিয়াৰ সময় আহি পৰিছে।”— কংগ্ৰেছে কয়।

নহৰুৰ উপকাৰিতাসমূহৰ সৈতে অৱগত হওঁক…

নহৰু কেনেকৈ সেৱন কৰিব ?

ডাঙৰ আকৃতিৰ কেঁচা নহৰু নিতৌ এফুটা বা দুফুটা নিতৌ খোৱা স্বাস্থ্যৰ পক্ষে উপকাৰী৷ চিকিৎসকে পৰামৰ্শ নিদিয়ালৈকে কোনেও দিনটোত ডাঙৰ আকৃতিৰ নহৰু তিনিফুটাতকৈ বেচি নাখায় যেন৷ মছলা হিচাবে নহৰুৰ আদাৰ সৈতে অতি সুন্দৰ সংমিশ্ৰণ; যাক মাংস, মাছ, কণী বা আন তৰকাৰীৰ সৈতে মিহলাই ৰন্ধা হয় ৷

নহৰুৰ আচাৰ, চুপ আদিও বনোৱা হয় আৰু পিজ্জাৰ টপিং দিবৰ বাবে ব্যৱহাৰ কৰা হয়৷ আকৌ বহুতে নহৰু সৰু সৰুকৈ কূটি কম তেলত ৰঙচুৱাকৈ ভাজি জুতি লগাই খায়৷ স্বাস্থ্যৰ দিশত কেঁচা নহৰু বেচি উপযোগী৷

ৰাতিপুৱা খালি পেটত নহৰু খাব পাৰে৷ কিবা অসুবিধা পালে দিনটোৰ যি কোনো সময়তে নহৰু খাব পাৰে। বজাৰত নহৰুৰ কেপচুল আৰু নহৰুৰ তেল উপলব্ধ ৷

কি কি লাগতিয়াল তত্ব নহৰুত থাকে?

নহৰুত থকা আটাইতকৈ লাগতিয়াল তত্ববিধ হ’ল চালফাৰযুক্ত এলিচিন (Allicin – diallyl disulphide oxide) – যাৰ অতুলনীয় এন্টিঅক্সিডেন্ট গুণৰ বাবে আমাৰ শৰীৰ নানা ধৰণে উপকৃত হয়৷ নহৰুৰ বিশিষ্ট গোন্ধটোৰ কাৰণ এই চালফাৰ পদাৰ্থবিধ ৷

নহৰুত থকা খনিজসমূহ হ’ল- আইৰণ, ক’পাৰ, মেগনেচিয়াম, মেংগানিজ, জিংক, চেলেনিয়াম, ফচফৰাচ, কেলচিয়াম ৷

ভিটামিন হ’ল- ভিটামিন-চি আৰু ভিটামিন-বি গোট (বি-১,বি-২,বি-৩,বি-৬, ফলেট); ইলেকট্ৰলাইট থাকে- চ’ডিয়াম আৰু প’টেচিয়াম৷ ১০০গ্ৰাম নহৰুত শক্তি থাকে-

  • ১৫০ কেলৰি,
  • কাৰ্বোহাইড্ৰেট ৩৩ গ্ৰাম,
  • প্ৰটিন ৬.৩৬ গ্ৰাম,
  • ফেট ৫০০মিলিগ্ৰাম আৰু
  • ফাইবাৰ থাকে ২.১ গ্ৰাম৷

নহৰুৰ উপকাৰিতাসমূহৰ সৈতে অৱগত হওঁক –

  • হৃদৰোগৰ পৰা সুৰক্ষা- নহৰুৱে অপকাৰী ক’লেষ্টৰলৰ পৰিমাণ হ্ৰাস কৰে৷ তেজৰ নলীত চৰ্বি (Atheroma) জমা হব নিদিয়ে৷ নহৰুক এচপ্ৰিনৰ দৰে কাম কৰা দেখা যায়৷ গতিকে নহৰুৱে ষ্ট্ৰকৰ সম্ভাৱনা হ্ৰাস কৰে৷
  • উচ্চ ৰক্তচাপ কমোৱাত নহৰু সহায়ক সিদ্ধ হৈছে৷
  • তেজ পৰিষোধক হিচাবে নহৰুৱে কাম কৰে৷ দুফুটা নহৰু আৰু অকণমান নেমুৰস নিতৌ পুৱা গ্ৰহণ কৰিলে ক্লান্তি আতৰ হয়, শালমন আৰোগ্য হয়, মেদবহুলতা কমোৱাত সহায়ক হয় ৷

  • কৰ্কট ৰোগ প্ৰতিৰোধ – বক্ষ আৰু হাওঁফাওঁৰ কেন্সাৰ, প্ৰষ্টেট আৰু মূত্ৰাশয়ৰ কেন্সাৰ, পাকস্থলী আৰু ক’লনৰ কেন্সাৰ, মাল্টিপ’ল মায়েলমা আদিৰ প্ৰতিৰোধত সহায়ক হয় নিয়মীয়া নহৰুৰ ভক্ষনৰ স্বভাৱ৷
  • ইমিউনিটি বঢ়োৱাত সহায়ক- নহৰু চাহ বনাই লগত সামান্য আদা বা মৌজোল মিহলাই খাবলৈ পৰামৰ্শ দিয়া হয়৷
  • পানী লগা, চৰ্দিৰ নহৰুৱে নিৰাময় কৰে৷ তেনেই সামান্য পৰিমাণৰ নহৰুৰ ৰস নাকৰ ভিতৰত সানিলে নাকৰ পৰা পানী ওলোৱা বন্ধ হয় বুলি অভিজ্ঞলোকে কয়৷
  • নহৰুৰ এন্টি-বেক্টেৰিয়েল, এন্টি-ভাইৰেল আৰু এন্টি-ফাংগেল গুণ প্ৰমাণিত হৈছে৷

আপোনাৰ মনত আছেনে মিষ্টাৰ ইণ্ডিয়া ছবিখনত দেখা এই ল’ৰা-ছোৱালী কেইটাৰ কথা, ইয়াৰে তিনিজন এতিয়া বলিউদৰ ডাঙৰ তাৰকা

আপোনাৰ মনত আছেনে মিষ্টাৰ ইণ্ডিয়া ছবিখনত দেখা এই বহু ল’ৰা-ছোৱালী কেইটাৰ কথা, ইয়াৰে তিনিজন এই উদ্যোগটোৰ তাৰকা হৈ পৰিছে! মনত আছেনে? ১৯৮৭ চনত মুক্তি পোৱা মিষ্টাৰ ইণ্ডিয়াক আপুনি মনত পেলাব লাগিব।এই বহু শিশুৰ ভিতৰত ৩ জন আজি উদ্যোগটোৰ ডাঙৰ তাৰকা হৈ পৰিছে আৰু বহুত ধন-সম্পত্তি আৰু খ্যাতি অৰ্জন কৰিছে, সেই তিনিজন কোন সেইটো আপুনি চিনি পাইছেনে। অনিল কাপুৰ আৰু শ্ৰীদেৱী অভিনীত মিষ্টাৰ ইণ্ডিয়া। নাজানে এই ছবিখনৰ লগত কিমান শৈশৱৰ স্মৃতি সংলগ্ন হৈ আছে। বহুত ল’ৰা-ছোৱালীয়ে ছিটিকি পৰা, শ্ৰীদেৱী তেওঁলোকৰ ওপৰত বিচলিত আৰু মিষ্টাৰ ইণ্ডিয়া নোহোৱা হৈ যোৱা। মানুহে এই কাহিনীটো ইমানেই ভাল পাইছিল যে ছবিখনে বিপুল হিট লাভ কৰিছিল। এই ছবিখন মুক্তি পোৱাৰ ৩৫ বছৰ হ’ল আৰু এই ছবিবোৰত দেখা ল’ৰা-ছোৱালীবোৰো এতিয়া ডাঙৰ হৈছে। হয়..বিশেষ কথাটো হ’ল আজি এই ল’ৰা-ছোৱালীবোৰৰ তিনিটাই উদ্যোগটোত বহুত ধন-সম্পত্তি আৰু খ্যাতি অৰ্জন কৰি ডাঙৰ তাৰকা হৈ পৰিছে। এই তিনিটা সন্তান ডাঙৰ তাৰকা হৈ পৰিছে


আচলতে মিষ্টাৰ ইণ্ডিয়া ছবিখনত বহু শিশুক দেখা গৈছিল। কোন বহুত চয়তান আছিল আৰু যাৰ পৰা শ্ৰীদেৱীয়ে গোটেই ছবিখনতে অশান্তি পাইছিল, কিন্তু ডাঙৰ হৈ এই ল’ৰা-ছোৱালীবোৰৰ তিনিটা ছুপাৰষ্টাৰ হৈ পৰিছে। আচলতে ছবিখনত অভিনেতা আফতাব শিৱদাসনী, কৰণ নাথ আৰু নৃত্য পৰিচালকলৈ পৰিণত হোৱা আহমেদ খানও আছিল যিয়ে ছবিখনত শিশু শিল্পী হিচাপে অভিনয় কৰিছিল। এই ছবিখনত তিনিওজনে ডাঙৰ অভিনয় কৰিছিল আৰু আজি তিনিওজনে ডাঙৰ হোৱাৰ পিছত নিজৰ নিজৰ ক্ষেত্ৰত বহুত নাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। যদিও ছবিখনত দেখা বাকী ল’ৰা-ছোৱালীবোৰে আজি ক’ত আছে আৰু কি কৰি আছে কোনেও নাজানে, কিন্তু ডাঙৰ হৈ আজি বহুত খ্যাতি অৰ্জন কৰা এই তিনিজন তাৰকা। আফতাব ছবিৰ অভিনেতা, তেওঁ অভিনয় কৰা বহু চৰিত্ৰই মানুহক বহুত টিকটিকিয়াই পেলায়। গতিকে আনফালে আহমেদ খানৰ নিৰ্দেশত ডাঙৰ ডাঙৰ তাৰকাই নাচি আহিছে। যদিও এতিয়া তেওঁ উদ্যোগটোৰ এজন ডাঙৰ পৰিচালকও হৈ পৰিছে। তেওঁ পৰিচালনা কৰিছিল একচন চিনেমা বাঘী যিখন হিট হৈছিল। আনহাতে, কৰনাথ বহু ছবিত অভিনয় কৰা অভিনেতাও।