Home Blog Page 1801

দেশক সম্বোধন কৰি নতুন দিল্লীৰ সংসদ ভৱনত ভাষণ দীপাঙ্কৰ ওজাৰ। দেশৰ ৮ গৰাকী যুৱ বক্তাৰ ভিতৰত বিশেষ স্থান লাভ অসমৰ দীপাঙ্কৰ ওজাৰ

বলিষ্ঠ কন্ঠৰে দেশৰ ৰাজধানী নতুন দিল্লীৰ সংসদ ভৱনত অসমক প্ৰতিনিধিত্ব কৰিলে দীপাঙ্কৰ ওজাই। স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি সংবিধান সভাৰ সভাপতি ড° ৰাজেন্দ্ৰ প্ৰসাদৰ ১৩৮তম জন্ম জয়ন্তী উদযাপনৰ‌ লগত সংগতি ৰাখি অনুষ্ঠিত হোৱা যুৱ সংসদত অসমক প্ৰতিনিধিত্ব কৰি বক্তৃতা প্ৰদান কৰে ওদালগুৰি জিলাৰ কলাইগাঁৱৰ দীপাঙ্কৰ ওজাই। উল্লেখ্য যে অনুষ্ঠানত দেশৰ প্ৰতিখন ৰাজ্যৰ এজনকৈ যুৱ বক্তাই প্ৰতিনিধিত্ব কৰে নিজ নিজ ৰাজ্যক। অসমৰ একমাত্ৰ প্ৰতিনিধি হিচাপে বাছনি সমিতিয়ে নিৰ্ধাৰণ কৰে দীপাঙ্কৰ ওজাৰ নাম। দেশৰ ২৫ খন ৰাজ্যৰ ২৫ গৰাকী যুৱ বক্তাৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ বাছনি সমিতিয়ে ৮ গৰাকী যুৱ বক্তাক সংসদ ভৱনত বক্তৃতাৰ সুযোগ প্ৰদান কৰিছিল। ৰাজ্যখনৰ বাবে গৌৰৱৰ বিষয় এয়ে যে দেশৰ শীৰ্ষৰ ৮ গৰাকী বক্তাৰ ভিতৰত পঞ্চম স্থানত থাকে অসমৰ দীপাঙ্কৰ ওজা।

সংসদ ভৱনৰ চেন্ট্ৰে’ল হলত অনুষ্ঠিত এই অনুষ্ঠানত ৰাজ্য সভাৰ কেইবাগৰাকীও বৰেণ্য ব্যক্তি উপস্থিত আছিল। উল্লেখ্য যে অনুষ্ঠানত প্ৰতিখন ৰাজ্যৰ প্ৰতিনিধিসকলে নিজ নিজ ৰাজ্যৰ থলুৱা সাজ-পোছাক পৰিধান কৰে। কেন্দ্ৰীয় চৰকাৰৰ পাৰ্লিয়ামেন্ট ৰিচাৰ্ছ এণ্ড ট্ৰেইনিং ইনষ্টিটিউশ্যন ফৰ ডেমক্ৰেটিক চমুকৈ প্ৰাইডৰ নেতৃত্বত সংসদ ভৱনত দেশৰ যুৱ প্ৰজন্মক দেশৰ প্ৰতি নিজৰ চিন্তা আৰু পৰিকল্পনা প্ৰকাশৰ এখন মঞ্চ প্ৰদান কৰা হৈছে। ৮ গৰাকী যুৱ বক্তাৰ বাহিৰে অন্যান্য ৰাজ্যৰ প্ৰতিনিধিসকলে অনুষ্ঠানত দৰ্শক হিচাপে উপস্থিত থাকি নিজ নিজ ৰাজ্যক দেশৰ মঞ্চত প্ৰতিনিধিত্ব কৰে। সংসদ ভৱনৰ চেন্ট্ৰেল হলত অনুষ্ঠিত এই অনুষ্ঠানত দীপাঙ্কৰ ওজাই হিন্দীত সাৱলীলভাৱে নিজৰ বক্তব্য প্ৰদান কৰি বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰে।

ধেমাজি জিলাৰ ১২৪৪ ছাত্ৰ-ছাত্ৰীলৈ বিনামূলীয়া স্কুটী। ১৭ ডিচেম্বৰত ধেমাজিত উপস্থিত হ’ব মুখ্যমন্ত্ৰী

ধেমাজি জিলাৰ ১২৪৪ ছাত্ৰ-ছাত্ৰীলৈ বিনামূলীয়া স্কুটী । ১৭ ডিচেম্বৰত ১৪টাকৈ আঁচনিলৈ ধেমাজিলৈ আহিব মুখ্যমন্ত্ৰী, সঞ্জয় কিষাণ।আগন্তুক ১৭ ডিচেম্বৰত মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই ধেমাজি জিলাৰ বাবে ভালেমান অভিলাষী আঁচনি লৈ আহিব আৰু সেইদিনাই তেওঁ ধেমাজি চিকিৎসা মহাবিদ্যালয় হাস্পাতাল আৰু জিলা ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰিব। ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড: বাণীকান্ত কাকতি মেধা বঁটা হিচাপে ছাত্ৰ -ছাত্ৰীৰ মাজত স্কুটি বিতৰণ কাৰ্যসূচীৰ ধেমাজি জিলাত আজি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰি দিয়া ভাষণত জিলাখনৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণে এই মন্ততব্য প্ৰকাশ কৰে। তেওঁ কয় যে, বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত ৰাজ্যৰ অন্যান্য অংশৰ লগতে ধেমাজি জিলাতো উন্নয়নৰ ঢল বৈ গৈছে। মৰিধল মহাবিদ্যালয় চৌহদত অনুষ্ঠিত অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে দিয়া ভাষণত ৰাজ্যৰ শ্ৰমিক কল্যাণ আৰু চাহ জনগোষ্ঠী কল্যাণ বিভাগৰ মন্ত্ৰী গৰাকীয়ে ছাত্ৰ-ছাত্ৰী সকলক এই বঁটাৰে অনুপ্ৰাণিত হৈ অধিক ভালদৰে অধ্যয়নৰ দিশত আগুৱাই যাবলৈ আহ্বান জনায়। তেওঁ স্কুটী সমূহৰ সঠিকভাবে আৰু সাৱধানে ব্যৱহাৰ কৰিবলৈও অনুৰোধ জনায়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে দিয়া ভাষণত জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যই কয় যে, এইবাৰ ধেমাজি জিলাৰ ১২৪৪ গৰাকী ছাত্ৰ-ছাত্ৰী এই বঁটা লাভৰ বাবে বিবেচিত হৈছে। যোৱা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৬০ শতাংশ বা তাতোধিক নম্বৰ লাভ কৰা ছাত্ৰী আৰু ৭৫ শতাংশ বা তাতোধিক নম্বৰ লাভ কৰা ছাত্ৰ সকলে একোখন হিৰো স্কুটী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰাৰ বাবে যোগ্যতা অৰ্জন কৰিছে।

এই বঁটা মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি থকা গভীৰ স্নেহ আৰু মহানুভৱতাৰ ফলশ্ৰুতি। সভাত ভাষণ দি জিলা উন্নয়ন আয়ুক্ত অৰূপ পাঠকে ড: বাণীকান্ত কাকতিৰ মহৎ কৰ্মৰাজি অধ্যয়নেৰে ছাত্ৰ -ছাত্ৰী সকলক অনুপ্ৰাণিত হ’বলৈ আহঞ্জবান জনায়। সভাৰ আৰম্ভণীতে আদৰণি ভাষণ দিয়ে মৰিধল মহাবিদ্যালয়ৰ অধ্যক্ষ দিপেন শঞ্জইকীয়াই। সভাত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক কবিতা ডেকা আৰু জিলা বিজেপিৰ সভাপতি প্ৰেম দত্তঞ্জও উপস্থিত থাকে। আজিৰ অনুষ্ঠানত মুঠ ১১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত মন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে স্কুটী বিতৰণ কৰে। বাকী সকলক পৰ্যায়ৰ ক্ৰমে হিৰো স্কুটীৰ বিতৰকে প্ৰদান কৰিব বুলি সভাত ঘোষণা কৰা হয়। ড হিমন্ত বিশ্ব শৰ্মা ধেমাজিলৈ আহিব। সেইদিনাই তেওঁ ধেমাজি চিকিৎসা মহাবিদ্যালয় হাস্পাতাল আৰু জিলা ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰিব। ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড: বাণীকান্ত কাকতি মেধা বঁটা হিচাপে ছাত্ৰ -ছাত্ৰীৰ মাজত স্কুটি বিতৰণ কাৰ্যসূচীৰ ধেমাজি জিলাত আজি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰি দিয়া ভাষণত জিলাখনৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণে এইকথা প্ৰকাশ কৰে। তেওঁ কয় যে, বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত ৰাজ্যৰ অন্যান্য অংশৰ লগতে ধেমাজি জিলাতো উন্নয়নৰ ঢল বৈ গৈছে। মৰিধল মহাবিদ্যালয় চৌহদত অনুষ্ঠিত অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে দিয়া ভাষণত ৰাজ্যৰ শ্ৰমিক কল্যাণ আৰু চাহ জনগোষ্ঠী কল্যাণ বিভাগৰ মন্ত্ৰী গৰাকীয়ে ছাত্ৰ-ছাত্ৰী সকলক এই বঁটাৰে অনুপ্ৰাণিত হৈ অধিক ভালদৰে অধ্যয়নৰ দিশত আগুৱাই যাবলৈ আহ্বান জনায়। তেওঁ স্কুটী সমূহৰ সঠিকভাবে আৰু সাৱধানে ব্যৱহাৰ কৰিবলৈও অনুৰোধ জনায়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে দিয়া ভাষণত জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যই কয় যে, এইবাৰ ধেমাজি জিলাৰ ১২৪৪ গৰাকী ছাত্ৰ-ছাত্ৰী এই বঁটা লাভৰ বাবে বিবেচিত হৈছে। যোৱা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৬০ শতাংশ বা তাতোধিক নম্বৰ লাভ কৰা ছাত্ৰী আৰু ৭৫ শতাংশ বা তাতোধিক নম্বৰ লাভ কৰা ছাত্ৰ সকলে একোখন হিৰো স্কুটী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰাৰ বাবে যোগ্যতা অৰ্জন কৰিছে। এই বঁটা মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি থকা গভীৰ স্নেহ আৰু মহানুভৱতাৰ ফলশ্ৰুতি। সভাত ভাষণ দি জিলা উন্নয়ন আয়ুক্ত অৰূপ পাঠকে ড: বাণীকান্ত কাকতিৰ মহৎ কৰ্মৰাজি অধ্যয়নেৰে ছাত্ৰ -ছাত্ৰী সকলক অনুপ্ৰাণিত হ’বলৈ আহঞ্জবান জনায়। সভাৰ আৰম্ভণীতে আদৰণি ভাষণ দিয়ে মৰিধল মহাবিদ্যালয়ৰ অধ্যক্ষ দিপেন শঞ্জইকীয়াই। সভাত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক কবিতা ডেকা আৰু জিলা বিজেপিৰ সভাপতি প্ৰেম দত্তঞ্জও উপস্থিত থাকে। আজিৰ অনুষ্ঠানত মুঠ ১১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত মন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে স্কুটী বিতৰণ কৰে। বাকী সকলক পৰ্যায়ৰ ক্ৰমে হিৰো স্কুটীৰ বিতৰকে প্ৰদান কৰিব বুলি সভাত ঘোষণা কৰা হয়।। সেইদিনাই তেওঁ ধেমাজি চিকিৎসা মহাবিদ্যালয় হাস্পাতাল আৰু জিলা ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰিব। ৰাজ্য চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ড: বাণীকান্ত কাকতি মেধা বঁটা হিচাপে ছাত্ৰ -ছাত্ৰীৰ মাজত স্কুটি বিতৰণ কাৰ্যসূচীৰ ধেমাজি জিলাত আজি আনুষ্ঠানিকভাৱে উদ্ধোধন কৰি দিয়া ভাষণত জিলাখনৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণে এইকথা প্ৰকাশ কৰে। তেওঁ কয় যে, বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালত ৰাজ্যৰ অন্যান্য অংশৰ লগতে ধেমাজি জিলাতো উন্নয়নৰ ঢল বৈ গৈছে। মৰিধল মহাবিদ্যালয় চৌহদত অনুষ্ঠিত অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে দিয়া ভাষণত ৰাজ্যৰ শ্ৰমিক কল্যাণ আৰু চাহ জনগোষ্ঠী কল্যাণ বিভাগৰ মন্ত্ৰী গৰাকীয়ে ছাত্ৰ-ছাত্ৰী সকলক এই বঁটাৰে অনুপ্ৰাণিত হৈ অধিক ভালদৰে অধ্যয়নৰ দিশত আগুৱাই যাবলৈ আহ্বান জনায়। তেওঁ স্কুটী সমূহৰ সঠিকভাবে আৰু সাৱধানে ব্যৱহাৰ কৰিবলৈও অনুৰোধ জনায়। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে দিয়া ভাষণত জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যই কয় যে, এইবাৰ ধেমাজি জিলাৰ ১২৪৪ গৰাকী ছাত্ৰ-ছাত্ৰী এই বঁটা লাভৰ বাবে বিবেচিত হৈছে। যোৱা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৬০ শতাংশ বা তাতোধিক নম্বৰ লাভ কৰা ছাত্ৰী আৰু ৭৫ শতাংশ বা তাতোধিক নম্বৰ লাভ কৰা ছাত্ৰ সকলে একোখন হিৰো স্কুটী সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰাৰ বাবে যোগ্যতা অৰ্জন কৰিছে।

এই বঁটা মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি থকা গভীৰ স্নেহ আৰু মহানুভৱতাৰ ফলশ্ৰুতি। সভাত ভাষণ দি জিলা উন্নয়ন আয়ুক্ত অৰূপ পাঠকে ড: বাণীকান্ত কাকতিৰ মহৎ কৰ্মৰাজি অধ্যয়নেৰে ছাত্ৰ -ছাত্ৰী সকলক অনুপ্ৰাণিত হ’বলৈ আহঞ্জবান জনায়। সভাৰ আৰম্ভণীতে আদৰণি ভাষণ দিয়ে মৰিধল মহাবিদ্যালয়ৰ অধ্যক্ষ দিপেন শঞ্জইকীয়াই।উক্ত অনুষ্ঠানত জিলাখনৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তিৰে অংশগ্ৰহণ কৰে । আজিৰ অনুষ্ঠানত মুঠ ১১ গৰাকী ছাত্ৰ-ছাত্ৰীৰ মাজত মন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে স্কুটী বিতৰণ কৰে। বাকী সকলক পৰ্যায়ৰ ক্ৰমে হিৰো স্কুটীৰ বিতৰকে প্ৰদান কৰিব বুলি সভাত ঘোষণা কৰা হয়।

বলিউডৰ হট অভিনেত্ৰীৰ তালিকাত জানহৱী কাপুৰক অন্তৰ্ভুক্ত…

বলিউডৰ অন্যতম শ্ৰেষ্ঠ আৰু হট অভিনেত্ৰী জানহৱী কাপুৰ, যিয়ে নিজৰ লুকেৰে লাখ লাখ মানুহক মন্ত্ৰমুগ্ধ কৰি ৰাখে। ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ লগে লগে জানহৱী কাপুৰৰ ফটো ট্ৰেণ্ডিং আৰম্ভ হয়। অভিনেত্ৰীগৰাকীৰ ফটো দেখি অনুৰাগীসকল উন্মাদ হৈ পৰে। একে সময়তে অভিনেতাসকলৰ কিছু ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, যিটো দেখি অনুৰাগীয়ে হৃদয় হেৰুৱাইছে আৰু তেওঁলোকৰ ফটোও শ্বেয়াৰ কৰিছে।

এই ফটোসমূহ জানহৱী কাপুৰে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে। এই ফটোবোৰত দেখা গৈছে যে অভিনেত্ৰীগৰাকীক ক’লা সাজ-পোছাক পিন্ধি দেখা গৈছে আৰু তেওঁক টেবুলত বহি কিলাৰ ষ্টাইলত পোজ দিয়া দেখা গৈছে।

এই লুকটোত জানহৱী কাপুৰৰ মেকআপ আচৰিত ধৰণে দেখা গৈছে আৰু কেমেৰাৰ সন্মুখত ফটোখন ক্লিক কৰা দেখা গৈছে। অভিনেত্ৰীগৰাকীৰ অভিনয় দেখি অনুৰাগীৰ হৃদস্পন্দন বাঢ়িছে।

জানহৱী কাপুৰৰ এই ফটোখনত তেওঁৰ হেয়াৰষ্টাইলটো বৰ ভাল লাগিছে। কেৱল এয়াই নহয়, অভিনেত্ৰীগৰাকীৰ ছিজল অৱতাৰ এই ফটোখনত দেখা গৈছে, যিয়ে অনুৰাগীসকলক ঘামচি উলিয়াইছে। এই লুকটো দেখি অনুৰাগীয়ে অভিনেত্ৰীগৰাকীৰ প্ৰতি হৃদয় হেৰুৱাই পেলাইছে।

জানহৱী কাপুৰৰ প্ৰতিটো লুক ছ’চিয়েল মিডিয়াত অহাৰ লগে লগে ট্ৰেণ্ডিং আৰম্ভ হয়, যিটো অনুৰাগীয়ে অনুসৰণ কৰে আৰু তেওঁলোকৰ ষ্টাইলতো আপ্লুত হয়। এইবাৰ প্ৰথম নহয় যে তেওঁৰ ফটো সকলোতে শ্বেয়াৰ কৰা হৈছে।

গুজৰাটত ১২ ডিচেম্বৰত শপত ল’ব নতুন মুখ্যমন্ত্ৰীয়ে

গুজৰাটত বৃহৎ জয় বিজেপিৰ, ১২ ডিচেম্বৰত শপত ল’ব নতুন মুখ্যমন্ত্ৰীয়ে।

ভূপেন্দ্ৰ পাটিল হ’ব গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী।

এই কথা ঘোষণা কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি চিআৰ পাটিলে।

১৫৭খন আসনত বৃহৎ জয় বিজেপিৰ।

১৬খন আসনতে সীমাবদ্ধ কংগ্ৰেছ, APPএ লাভ কৰিছে ৫খন আসন, অন্যান্য দলৰ লাভ ৪খন আসন।

সুশান্তৰ মৃত্যুৰ দুবছৰৰ পিছত পুনৰ প্ৰেমত পৰিল ৰিয়া চক্ৰৱৰ্তী !কোন অভিনেত্ৰীৰ ভাতৃৰ সৈতে ডেটিং ৰিয়াৰ?

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত ৰিয়া চক্ৰৱৰ্তীৰ নাম চৰ্চালৈ আহিছিল। সুশান্তক ড্ৰাগছ দিয়াৰ অভিযোগ ৰিয়াৰ বিৰুদ্ধে। ইয়াৰ পিছত ৰিয়া আৰু তাইৰ ভায়েকেও জেললৈ যাবলগীয়া হ’ল। ২০২০ চনৰ জুন মাহত সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত ৰিয়াক বহুত ইউজাৰে ট্ৰ’ল কৰিছিল। এতিয়া খবৰ আহিছে যে অভিনেত্ৰীগৰাকীয়ে সীমা সাজদেহৰ ভাতৃ বাণ্টী সাজদেহৰ সৈতে ডেটিং কৰিছে। ক্ৰীড়া আৰু মনোৰঞ্জনৰ ক্ষেত্ৰত অন্যতম বৃহৎ মেনেজমেণ্ট ফাৰ্মৰ মালিক বাণ্টী।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ আগেয়ে প্ৰয়াত অভিনেতাগৰাকীৰ সৈতে ডেটিং কৰিছিল ৰিয়াই। ছচিয়েল মিডিয়াত সুশান্তৰ লগত বহুত ছবি শ্বেয়াৰ কৰিছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি সুশান্তৰ মৃত্যুৰ দুবছৰৰ পাছত পুনৰ প্ৰেমত পৰিছে ৰিয়া। দুয়ো একেলগে আছে আৰু নিজৰ সম্পৰ্কক ব্যক্তিগতভাৱে ৰাখিব বিচাৰে। ৰিপ’ৰ্টত দাবী কৰা হৈছে যে যোৱা কেইবছৰমানৰ পৰা ৰিয়াই যিয়েই নহওক কিয়, বাণ্টীয়েই তেওঁৰ কান্ধ আৰু সমৰ্থন ব্যৱস্থা হৈ আহিছে। কথাবোৰ বেয়া হৈ যোৱাৰ সময়ত সি তাইৰ কাষত আছিল।


খবৰ অনুসৰি পূৰ্বতে ৰিয়া বাণ্টীৰ অন্যতম ক্লায়েণ্ট আছিল আৰু যেতিয়া ৰিয়াক সুশান্তৰ মৃত্যুৰ সন্দৰ্ভত সোধা-পোছা কৰা হৈছিল, তেতিয়া বাণ্টীকো সোধা-পোছাৰ বাবে মাতিছিল।

সুশান্তৰ মৃত্যুৰ পিছত অভিনেতাজনৰ পৰিয়ালে ৰিয়াই তেওঁক মানসিকভাৱে হাৰাশাস্তি কৰা, ধনৰ বাবে শোষণ কৰা আৰু তেওঁৰ মৃত্যুত ভূমিকা লোৱাৰ অভিযোগ উত্থাপন কৰে। ইয়াৰ পিছত অভিনেত্ৰীগৰাকীক বলবৎকাৰী সঞ্চালকালয় আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই জেৰা কৰে। ইয়াৰ উপৰিও নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰোৱেও তেওঁক জেৰা কৰিছিল আৰু ২০২০ চনত ৰিয়াও এমাহৰ বাবে জেললৈ গৈছিল।

ধুবুৰী বিধানসভা সমষ্টিৰ গাঁৱে গাঁৱে গৈ ৰাইজৰ কাষত উপস্থিত হৈ বিভিন্ন সমস্যাৰ বুজ লয় বিধায়ক নজৰুল হকে

২৩ নং ধুবুৰী বিধানসভা সমষ্টিৰ বিভিন্ন ঠাইৰ বিভিন্ন গাঁৱে গাঁৱে গৈ ৰাইজৰ কাষত উপস্থিত হৈ বিভিন্ন সমস্যাৰ
বুজ লয় বিধায়ক নজৰুল হকে। দৰাচলতে সমষ্টি খনৰ দূৰাহাটি গাঁও পঞ্চায়ত আৰু বিন্নাছাৰা গাঁও পঞ্চায়তৰ লগতে ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল ভোগডহৰ গাঁও পঞ্চায়তত উপস্থিত হৈ ৰাইজৰ লগত বিভিন্ন সমস্যা সন্দৰ্ভত মতবিনিময় কৰে, ইয়াৰ পাছত বিন্নাছাৰা গাঁও পঞ্চায়তৰ ভালাডবা অঞ্চলত এ আই ইউ ডি এফ দলৰ এখন সভা অনুষ্ঠিত হয়, অনুষ্ঠিত সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিধায়ক গৰাকীয়ে, অৱশ্যে বিধায়ক গৰাকীক স্থানীয় ৰাইজে ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই , তাৰ পাছত বিধায়ক নজৰুল হকক অঞ্চলটোৰ যাতায়তৰ ক্ষেত্ৰত অচল হৈ পৰা বাট পথৰ মেৰামতিৰ বাবে দাবী জনায় স্থানীয় ৰাইজে ।


উল্লেখ যে, স্থানীয় ৰাইজৰ এনে সমস্যাৰ প্ৰতি সহাৰি জনাই অতি শীঘ্ৰেই এই সকল সমস্যা সমাধান কৰাৰ বাবে
আশ্বাস প্ৰধান কৰে বিধায়ক নজৰুল হকে, ইয়াৰ উপৰিও বিধায়ক গৰাকীয়ে উল্লেখ কৰি কয় যে কংগ্ৰেছ আৰু বিজেপি দলে এ আই ইউ ডি এফ দলক যিমানেই সমালোচনা নকৰক কিয় আগন্তুক পঞ্চায়ত নিৰ্বাচনত ধুবুৰীৰ বিধানসভা সমষ্টিৰ প্ৰায় প্ৰতিটো গাঁও পঞ্চায়তত এ আই ইউ ডি এফ দলৰ দখলত আহিব বুলি মন্তব্য কৰে ধুবুৰীৰ বিধায়ক নজৰুল হকে । অৱশ্যে চহৰাঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ লোক সকলক বিভিন্ন সময়ত সহায় কৰি আহিছে বুলি বিধায়ক নজৰুল হকে সৎ আৰু এজন ভাল মানুহ বুলি চহৰাঞ্চলৰ ৰাইজে জানিবলৈ দিয়ে।

গুজৰাট নিৰ্বাচনত জয়লাভৰ পূৰ্বে দিল্লী বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত উদযাপন পাৰ্টি…

গুজৰাট আৰু হিমাচল বিধানসভাৰ নিৰ্বাচন বৰ্তমান গণনা চলি আছে।সমান্তৰালভাৱে উত্তৰ প্ৰদেশ আৰু বিহাৰৰ বিধানসভা আৰু সংসদৰ সদস্যৰ উপ-নিৰ্বাচনৰ ভোট গণনাও চলি আছে।

গুজৰাটৰ ক্ষেত্ৰত বিজেপিয়ে ইমান বছৰে লাভ কৰিব নোৱাৰা জয় লাভ কৰিবলৈ গৈ আছে বুলি কোৱা হৈছে। বৰ্তমান ১৩০ টাতকৈও অধিক স্থানত ই উপস্থিত। সপ্তমবাৰৰ বাবে বিজেপি পুনৰ ক্ষমতালৈ অহাৰ সম্ভাৱনা আছে। বিগত নিৰ্বাচনত বিজেপিয়ে মাত্ৰ ৯৯খন আসনহে লাভ কৰিছিল। কিন্তু, এইবাৰ যেন অতিক্ৰম কৰিব।

যোৱাবাৰ কংগ্ৰেছে ৭৭খন আসন লাভ কৰাৰ বিপৰীতে এইবাৰ যেন তাতকৈ কম আসন পাব। এই দুটা দলৰ বিকল্প হিচাপে নিজকে ঘোষণা কৰা আম আদমী পাৰ্টিয়ে এক সংখ্যাৰ আসন লাভ কৰিব বুলি কোৱা হৈছে আৰু প্ৰথমবাৰৰ বাবে গুজৰাটত একাউণ্ট খোলাটো নিশ্চিত। হিমাচলত বিজেপি আৰু কংগ্ৰেছৰ মাজত প্ৰতিদ্বন্দ্বিতা। একেৰাহে দ্বিতীয় বাৰৰ বাবে বিজেপিয়ে চৰকাৰ জয় কৰিবলৈ চেষ্টা কৰিছে। উপ-নিৰ্বাচনতো বিজেপিয়ে কিছু আসন লাভ কৰিছে।

এই ক্ষেত্ৰত নিৰ্বাচনৰ ফলাফলত বিজেপিৰ আধিপত্য আৰু বিজয় উদযাপনৰ বাবে আজি সন্ধিয়া ৬ বজাত দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত এক উদযাপন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াত ৰাষ্ট্ৰীয় সভাপতি জে পি নাট্টা আৰু গৃহমন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও সোমবাৰে (১২ ডিচেম্বৰ) প্ৰধানমন্ত্ৰী মোদীয়েও গুজৰাটৰ নতুন মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ গৃহ ৰাজ্য গুজৰাটত অদম্যভাৱে প্ৰচাৰ চলাইছিল, ৩০খনতকৈও অধিক সভা অনুষ্ঠিত কৰিছিল। তথাপিও ইয়াক ব্যক্তিত্ব হিচাপে মোডীৰ বাবে এক বৃহৎ বিজয় হিচাপে দেখা যায়। কোৱা হৈছে যে আগন্তুক ২০২৩ চনৰ লোকসভা নিৰ্বাচনতো বিজেপিৰ আধিপত্য অব্যাহত থাকিব বুলি গুজৰাটৰ বিজয়ে প্ৰমাণ কৰিছে।

১৯৯৫ চনত গুজৰাটত বিজেপি ক্ষমতালৈ আহিছিল আৰু এতিয়ালৈকে এৰি দিয়া নাই। আৰু ২০০১ চনৰ পৰা ২০১৪ চনলৈ মোডী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈয়েই থাকিল। এতিয়ালৈকে সেই ৰাজ্যত বিজেপিৰ জয় হৈছে ১২৭খন আসন। কোৱা হৈছে যে এইবাৰ বিজেপিয়ে জয় কৰিব। কিন্তু ১৯৮৫ চনত কংগ্ৰেছ দলৰ ১৪৯খন আসনৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হ’ব নেকি সেয়া প্ৰশ্নবোধক।

যদিহে এইবাৰ উত্তৰ প্ৰদেশৰ দৰে গুজৰাটক পুনৰ অক্ষুণ্ণ ৰখা হয়, তেন্তে সেয়া হ’ব মোডী-শ্বাহ মিত্ৰজোঁটৰ বাবে এক বৃহৎ জয়।

আমেৰিকাৰ বাতৰি কাকত নিউয়ৰ্ক টাইমছৰ কৰ্মচাৰীসকলে দৰমহা বৃদ্ধি আৰু বিভিন্ন সুবিধাৰ দাবীত ২৪ ঘণ্টীয়া ৱাকআউট কাৰ্যসূচী ঘোষণা…

আমেৰিকাৰ বাতৰি কাকত নিউয়ৰ্ক টাইমছৰ কৰ্মচাৰীসকলে দৰমহা বৃদ্ধি আৰু বিভিন্ন সুবিধাৰ দাবীত ২৪ ঘণ্টীয়া ৱাকআউট কাৰ্যসূচী ঘোষণা কৰিছে। স্থানীয় সময় অনুসৰি বৃহস্পতিবাৰে অনুষ্ঠিত হ’ব  এই ৱাকআউট কাৰ্যসূচী । ১৯৭০ চনৰ পিছত প্ৰথমটো বৃহৎ ধৰ্মঘটৰ সন্মুখীন হৈছে নিউয়ৰ্ক টাইমছ।

১৯৭০ চনত এনে কাৰণতে নিউয়ৰ্ক টাইমছৰ কৰ্মচাৰী সকলে ধৰ্মঘটৰ পন্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিছিল। এতিয়া সুদীৰ্ঘ ৫২ বছৰৰ পিছত আকৌ কৰ্মচাৰীয়ে একে পন্থাই গ্ৰহণ কৰিবলৈ বাধ্য হৈ পৰিছে। জীৱন যাপনৰ ব্যয় বৃদ্ধিৰ বাবে আমেৰিকাত অসন্তুষ্টি বৃদ্ধি পাইছে শ্ৰমিকৰ।

সেইবাবেই নিউয়ৰ্ক টাইমছৰ শ্ৰমিক ইউনিয়নৰ কৰ্মীসকলে ঘোষণা কৰে ধৰ্মঘটৰ। কাকত খনৰ বিশ্বকাপ ফুটবলৰ বাতৰি প্ৰচাৰ কৰা ক্ৰীড়া সাংবাদিক সকলৰ বাহিৰে ইন হাউছ সকলো কৰ্মীয়েই অংশ গ্ৰহণ কৰিছে এই অৱস্থান ধৰ্মঘটত।

উল্লেখ্য যে মঙলবাৰে কোম্পানীৰ কৰ্মচাৰী আৰু মালিক পক্ষৰ মাজত এই সন্দৰ্ভত আলোচনা চলিছিল। আলোচনাত মালিক পক্ষই ২০২৩-২৪ ত কৰ্মচাৰী সকলৰ ৩ বা ৪ শতাংশ দৰ্মহা বৃদ্ধি কৰিব বুলি প্ৰতিশ্ৰুতি দিছিলি যদিও পেঞ্চন কথা নাকচ কৰিছিল মালিক পক্ষই।

আচলতে ২০২১ চনৰ পৰাই কৰ্মচাৰীৰ ছুটী, হোম অফিচ, স্বাস্থ্য সেৱাৰ নীতি, মজুৰি আদি কথাক লৈ কৰ্মচাৰী সকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি হৈছিল।

বৃদ্ধি পাব ঘৰ, অটো, ব্যক্তিগত ঋণৰ সুত, ৰিজাৰ্ভ বেংকে বৃদ্ধি কৰিলে ৰেপো ৰেট…

একেৰাহে ৫ম বিত্তীয় বৰ্ষৰ বাবে ৰিজাৰ্ভ বেংকৰ ৰেপো ৰেট বৃদ্ধি। ৰেপোৰ হাৰ ৬.২৫ শতাংশলৈ বৃদ্ধি পোৱাৰ বিপৰীতে ০.৩৫ শতাংশ বৃদ্ধি পাইছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকক দিয়া ঋণৰ সুতৰ হাৰক ৰেপো ৰেট বোলে। এতিয়া ৰেপো ৰেট বৃদ্ধি হোৱাৰ লগে লগে আন বেংকেও মানুহক দিয়া ঋণৰ সুতৰ হাৰ বৃদ্ধি কৰিব। ইয়াৰ ফলত ঘৰ, অটো আৰু ব্যক্তিগত ঋণৰ সুত বৃদ্ধি পাব।

মে’ মাহত আৰ বি আইয়ে ০.৪০ শতাংশ বৃদ্ধি কৰাৰ পাছত ৰেপো ৰেট ৪.৪০ শতাংশলৈ বৃদ্ধি পালে৷ ইয়াৰ পাছতে আৰ বি আইয়ে জুন মাহত ০.৫০ শতাংশ, আগষ্ট মাহত ০.৫০ শতাংশ আৰু ছেপ্টেম্বৰ মাহত ০.৫০ শতাংশ ৰেপ’ ৰেট বৃদ্ধি কৰে।

এই ক্ষেত্ৰত ৰেপো ৰেট ৬.২৫ শতাংশলৈ বৃদ্ধি হোৱাৰ বিপৰীতে ০.৩৫ শতাংশ বৃদ্ধি কৰা হৈছে। সেই অনুসৰি চলিত বিত্তীয় বৰ্ষত ৰেপো ৰেট ২.২৫ শতাংশ বৃদ্ধি কৰা হৈছে।

ৰিজাৰ্ভ বেংকে ৬ শতাংশ মুদ্ৰাস্ফীতিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। কিন্তু দেশৰ মুদ্ৰাস্ফীতি ৬.৫ শতাংশৰ ওপৰত ৰৈ গৈছে। এই ক্ষেত্ৰত ৰিজাৰ্ভ বেংকে মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণলৈ অনাৰ বাবে ৰেপো ৰেট ধাৰাবাহিকভাৱে বৃদ্ধি কৰি আহিছে।

ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে কয় যে আগন্তুক এবছৰৰ বাবে মুদ্ৰাস্ফীতি ৪ শতাংশৰ ওপৰত হ’ব। ইয়াৰ পূৰ্বে ৰিজাৰ্ভে ২০২২-২৩ বিত্তীয় বৰ্ষত জিডিপি ৭ শতাংশ বুলি অনুমান কৰিছিল। এতিয়া ৬.৮ শতাংশলৈ হ্ৰাস কৰিছে। ইয়াত কোৱা হৈছে যে মুদ্ৰাস্ফীতি ৬.৭ শতাংশ হ’ব।

তেওঁ কয় যে চলিত বিত্তীয় বৰ্ষৰ ৩য় ত্ৰৈমাসিকত অক্টোবৰৰ পৰা ডিচেম্বৰলৈ জিডিপি ৪.৪ শতাংশ আৰু মুদ্ৰাস্ফীতি ৬.৬ শতাংশ হ’ব, আৰু চতুৰ্থ ত্ৰৈমাসিকত জানুৱাৰীৰ পৰা মাৰ্চলৈ জিডিপি ৪.২ শতাংশ আৰু মুদ্ৰাস্ফীতি ৫.৯ শতাংশ হ’ব বুলি উল্লেখ কৰে ৷

বৈদেশিক মুদ্ৰাৰ মজুত ৫৬১ বিলিয়ন ডলাৰ (৪৬ লাখ কোটি টকা)। এপ্ৰিল-অক্টোবৰৰ ভিতৰত প্ৰত্যক্ষ বিদেশী বিনিয়োগ ২২.৭ বিলিয়ন ডলাৰ (১.৮৬ লাখ কোটি টকা)। যোৱা বছৰৰ একে সময়ছোৱাত ২১.৩ বিলিয়ন ডলাৰ (১.৭৪ লাখ কোটি টকা) আছিল। বৈদেশিক মুদ্ৰাৰ মজুত ৪৬ লাখ কোটি টকা।

আপোনাৰ প্ৰেমৰ সম্পৰ্ক কেনেকৈ গভীৰ কৰি তুলিব জানক…

অৱশ্যে যিকোনো দম্পতীৰ মাজত প্ৰকৃততে কি চলি থাকে কোনেও নাজানে, কিন্তু প্ৰেম, যৌনতা আৰু সম্পৰ্কৰ ওপৰত দশক দশক ধৰি চলি থকা বৈজ্ঞানিক গৱেষণাই আমাক শিকাইছে যে দম্পতীৰ ভাল সম্পৰ্কবোৰ এদিনতে নহয়। তেওঁলোকে প্ৰতিশ্ৰুতি, আপোচ, ক্ষমা আৰু সকলোতকৈ বেছি — প্ৰচেষ্টা লয়।

প্ৰেম আৰু ৰোমাঞ্চ
প্ৰেমত পৰাটোৱেই সহজ অংশ। দম্পতীৰ বাবে প্ৰত্যাহ্বানটো হ’ল মাজে মাজে ৰোমাঞ্চৰ জুইকুৰা কেনেকৈ পুনৰ জ্বলাই দিব পাৰি আৰু স্থায়ী সম্পৰ্কৰ চিনাকি পৰিপক্ক, বিশ্বাসযোগ্য প্ৰেমৰ খেতি কৰিব পাৰি।

আপোনাৰ প্ৰেমৰ শৈলী কি?
“মই তোমাক ভাল পাওঁ” বুলি ক’লে আপুনি কি বুজাব বিচাৰিছে?

কেলিফৰ্ণিয়া ষ্টেট ইউনিভাৰ্চিটিৰ সমাজবিজ্ঞানী টেৰী হেটকফে আমাৰ ঘনিষ্ঠ সম্পৰ্কত পোৱা ছটা সুকীয়া প্ৰকাৰৰ প্ৰেম চিনাক্ত কৰা প্ৰেমৰ স্কেল তৈয়াৰ কৰিছে।

ৰোমান্টিক: আবেগ আৰু যৌন আকৰ্ষণৰ ওপৰত ভিত্তি কৰি
বেষ্ট ফ্ৰেণ্ডছ: মৰম আৰু গভীৰ মৰম
যুক্তিসংগত: ভাগ কৰা মূল্যবোধ, আৰ্থিক লক্ষ্য, ধৰ্ম ইত্যাদিৰ ওপৰত ভিত্তি কৰি ব্যৱহাৰিক অনুভূতি।
চঞ্চল: ফ্লাৰ্ট বা প্ৰত্যাহ্বান অনুভৱ কৰি উদ্দীপিত অনুভৱ
স্বত্বাধিকাৰী: ঈৰ্ষা আৰু আৱেগ
নিস্বাৰ্থ: লালন-পালন, দয়া আৰু ত্যাগ

গৱেষকসকলে বিচাৰি উলিয়াইছে যে আমাৰ আটাইতকৈ প্ৰতিশ্ৰুতিবদ্ধ সম্পৰ্কত আমি যি প্ৰেম অনুভৱ কৰো সেয়া সাধাৰণতে দুটা বা তিনিটা ভিন্ন ধৰণৰ প্ৰেমৰ সংমিশ্ৰণ। কিন্তু প্ৰায়ে একেটা সম্পৰ্কত থকা দুজন মানুহৰ প্ৰেমক কেনেকৈ সংজ্ঞায়িত কৰে তাৰ সংস্কৰণ বহুত বেলেগ হ’ব পাৰে। ডাঃ হেটকফে এজন পুৰুষ আৰু মহিলাই ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ উদাহৰণ দিছে। ওৱেটাৰে মহিলাগৰাকীৰ লগত ফ্লাৰ্ট কৰে, কিন্তু স্বামীয়ে যেন লক্ষ্য নকৰে, আৰু তাইৰ গাড়ীৰ তেল সলনি কৰাৰ কথা কয়। পত্নী বিচলিত তাইৰ স্বামীয়ে ঈৰ্ষা কৰা নাই। স্বামীয়ে অনুভৱ কৰে যে তেওঁৰ অতিৰিক্ত কামৰ কোনো শলাগ লোৱা নহয়।

যদি আপুনি গম পায় যে আপোনাৰ সংগীয়ে ঈৰ্ষাৰ প্ৰতি প্ৰৱল, তেন্তে নিশ্চিত হওক যে আপুনি লক্ষ্য কৰে যেতিয়া কোনোবাই তেওঁৰ সৈতে ফ্লাৰ্ট কৰে। যদি আপোনাৰ সংগী প্ৰেমত ব্যৱহাৰিক হয়, তেন্তে দৈনন্দিন প্ৰয়োজনৰ যত্ন লৈ তেওঁ প্ৰেম প্ৰকাশ কৰাৰ বহুতো সৰু সৰু উপায় লক্ষ্য কৰক।