Home Blog Page 1812

যমজ নহয় সৃষ্টিকৰ্তাৰ সৃষ্টিত চমক…

বিমান বন্দৰত নামিছিল বলিউডৰ অভিনেতা গোবিন্দা। দুখোজমান আগবাঢ়ি হৰ্ঠাৎ থমকি ৰৈছিল অভিনেতাজন। কিন্তু কিয়? গোবিন্দাই নিজৰ চকুকো যেন বিশ্বাস কৰিব পৰা নাছিল।

কিন্তু সেইটোৱেই আছিল স্বাভাৱিক। বিমান বন্দৰৰ লোকসকলো অবাক বিস্মিত হৈ ৰৈছিল। গোবিন্দাৰ সম্মুখত হাতত ফুলৰ তোৰা লৈ ৰৈ আছিল গোবিন্দা। আচৰিত। সৃষ্টিকৰ্তাৰ কি চমক। কোনজন আচল কোনজন নকল। সকলো হতভম্ব। ধীৰে ধীৰে অবিকল গোবিন্দা আগবাঢ়ি আহি ভৰি চুই সেৱা কৰোতেহে সকলোৰে ভুল ভাগিল। আনকি স্বয়ং অভিনেতা গোবিন্দাৰো।

সেই সময়ত বিমান বন্দৰত উপস্থিত থকা অভিনেতা গোবিন্দাৰ পত্নীও চকু থৰ কৰি চাই আছিল সমগ্ৰ ঘটনা। পত্নীৰ ভাষ্যঃ ইমান একে একে মানুহ থাকিব পাৰেনে ?

ৰঞ্জিত বৰাৰ হত্যাকাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ

গুৱাহাটীৰ মাজমজিয়াৰ পাঞ্জাবাৰীত দিনদুপৰতে গুলীয়াই হত্যা কৰিছিল পূৰবী ডেইৰীৰ বিতৰক ৰঞ্জিত বৰাক। ইতিপূৰ্বে সন্দেহযুক্ত কেইগৰাকীমানক আৰক্ষীয়ে আটক কৰিছিল যদিও মাৰাথন জেৰাৰ অন্তত এৰি দিছিল।

শেহতীয়াকৈ আজি মৰিগাঁৱৰ পৰা এজন অভিযুক্তক আটক কৰে আৰক্ষীয়ে। মৰিগাঁৱৰ বড়িগাৱৰ পৰা আটক কৰা ব্যক্তিজন আমিৰ আলী বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

পাঞ্জাবাৰী বাসিন্দা আমিৰ আলী দীৰ্ঘ দিন মৰিগাঁৱৰ শহুৰেকৰ ঘৰত লুকাই আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। সম্প্ৰতি মৰিগাঁৱ থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। ৰঞ্জিত বৰাৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নোহোৱাৰ বাবে তীব্ৰ সমালোচনাৰ সম্মুখীন হৈছিল আৰক্ষী। আমিৰ আলী ৰঞ্জিত বৰাৰ হত্যাকাণ্ডত জড়িত হয় নে নহয় আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব।

পৰিচালক এছ এছ ৰাজামৌলীয়ে তেওঁৰ ছবি ‘আৰআৰআৰ’ৰ বাবে অস্কাৰৰ মনোনয়ন লাভ কৰিব পাৰে…

বছৰটোৰ শেষত আহিছে বলীউদৰ বাবে এটা ভাল খৱৰ! বলীউডৰ এক আগশাৰীৰ সংবাদ মাধ্যমে দাবী কৰিছে যে পৰিচালক এছ এছ ৰাজামৌলীয়ে তেওঁৰ ছবি ‘আৰআৰআৰ’ৰ বাবে অস্কাৰৰ মনোনয়ন লাভ কৰিব পাৰে।

এই এখন ছবিৰ জৰিয়তেই বিশ্বৰ সৰ্বোচ্চ চলচ্চিত্ৰ সন্মান তেওঁৰ শিৰত জিলিকিবলৈ গৈ আছে। বাতৰিটো মতে, তেওঁ ভিজুৱেল ইফেক্ট শাখাত এই বিৰল সন্মান লাভ কৰিব পাৰে।

আৰআৰআৰে এই বছৰ বিশ্বব্যাপী বক্স অফিচত ২,০০০ কোটি টকা উপাৰ্জন কৰিছে। ৰাজামৌলীয়ে ইয়াৰ আগতে ‘বাহুবলী: দ্য বিগিনিং’ আৰু ‘বাহুবলী ২: দ্য কনক্লুজন’ৰ দৰে ব্লকবাষ্টাৰ চলচ্চিত্ৰ পৰিচালনা কৰিছে।

বাতৰি অনুসৰি, ভিজুৱেল ইফেক্ট শাখাত পাঁচগৰাকী গ্ৰাফিক্স ডিজাইনাৰক মনোনীত কৰা হৈছে। তেওঁলোকৰ এজন হৈছে আৰআৰআৰ-ৰ গ্ৰাফিক ডিজাইনাৰ শ্ৰীনিবাস মোহন। বাকী চলচ্চিত্ৰকেইখন হৈছে টপ গান ২, অৱতাৰ ২, ব্লেক পেন্থাৰ ২ আৰু বেটমেন।

কন্যা ৰোহিনীৰ বৃক্কৰে সুস্থ হোৱাৰ দিশেৰে লালু প্ৰসাদ যাদৱ

বিহাৰৰ উপ-মুখ্যমন্ত্ৰী লালু যাদৱৰ পুত্ৰ তেজস্ব যাদৱে টুইট কৰি কয়, “সফল কিডনী ট্ৰান্সপ্লাণ্ট অপাৰেচনৰ পিছত পাপাক অপাৰেচন থিয়েটাৰৰ পৰা আই চি ইউলৈ স্থানান্তৰ কৰা হয়।;লালু যাদৱ কিডনী অপাৰেচন: আৰ জে ডিৰ পৃষ্ঠপোষক লালু প্ৰসাদ যাদৱ বৃক্ক সংৰোপণৰ অপাৰেচন।” ছিংগাপুৰৰ এখন চিকিৎসালয়ত সফলতা লাভ কৰিছিল। তেওঁৰ কন্যা ৰোহিনী আচাৰ্যই বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীক বৃক্ক দান কৰিছে। লালুৰ আগতেই ৰোহিনীৰ অপাৰেচন হৈছিল।

বিহাৰৰ উপ-মুখ্যমন্ত্ৰী লালু যাদৱৰ পুত্ৰ তেজস্ব যাদৱে টুইট কৰি কয়, ‘কিডনী ট্ৰান্সপ্লাণ্টৰ সফল অপাৰেচনৰ পিছত পাপাক অপাৰেচন থিয়েটাৰৰ পৰা আই চি ইউলৈ স্থানান্তৰ কৰা হৈছিল। দাতা জ্যেষ্ঠ ভগ্নী ৰোহিনী আচাৰ্য আৰু ৰাষ্ট্ৰীয় সভাপতি দুয়োজনেই সুস্থ। আপোনালোকৰ প্ৰাৰ্থনা আৰু আশীৰ্বাদৰ বাবে ধন্যবাদ।তেজস্বীৰ ভগ্নী মিছা ভাৰতীয়ে টুইট কৰি কয়, ‘পাপাৰ অপাৰেচন সফল হৈছে, পাপা এতিয়াও আই চি ইউত আছে, সচেতন আৰু কথা ক’বলৈ সক্ষম! সকলোকে আপোনালোকৰ শুভেচ্ছাৰ বাবে ধন্যবাদ!
অভিযানৰ পূৰ্বে ৰোহিনীয়ে টুইট কৰিছিল লালুৰ সৈতে এখন ফটো। তেওঁ লিখিছে – ৰেডি টু ৰক এণ্ড ৰোল। মোৰ বাবে এয়াই যথেষ্ট, তোমাৰ মংগল মোৰ জীৱন। ৰোহিনী আৰু লালু দুয়োৰে ব্লাড গ্ৰুপ এবি পজিটিভ। বৰ্তমান দুয়োজনেই আই চি ইউত আছে।

বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে দীৰ্ঘদিন ধৰি ডায়েবেটিছ, উচ্চ ৰক্তচাপৰ দৰে ৰোগৰ সৈতে যুঁজি আহিছে। ছিংগাপুৰৰ চিকিৎসকে লালু যাদৱক কিডনী ট্ৰান্সপ্লাণ্টৰ পৰামৰ্শ দিছিল। বৰ্তমান তেওঁ পশুখাদ্য কেলেংকাৰীৰ গোচৰত জামিনত বাহিৰত আছে। দিল্লী আৰু ৰাঞ্চিত কেইবাবাৰো চিকিৎসালয়ত ভৰ্তি হৈছে।

মহিলাসকলৰ এটি প্ৰধান সমস্যা বগাস্ৰাৱৰ সমধানৰ বিষয়ে জানক…

মহিলাসকলৰ এটি প্ৰধান সমস্যা বগাস্ৰাৱ :

গৰিষ্ঠ সংখ্যক মহিলাই ভুগি থকা এটি সমস্যা হৈছে বগাস্ৰাব। চিকিৎসা শাস্ত্ৰ মতে লিউক’ৰিয়া (leucorrhoea) আৰু প্ৰাচীন আয়ুৰ্বেদ শাস্ত্ৰ মতে ইয়াক শ্বেতপ্ৰদৰ বুলি কোৱা হয়। শ্বেত মানে বগা আৰু প্ৰদৰ মানে স্ৰাৱ। সেয়েহে সাধাৰণতে ইয়াক বগাস্ৰাৱ বুলিয়ে কোৱা হয়। আমাৰ সাধাৰণ থলুৱা ভাষাত ইয়াক ধাতুৰোগ বুলিও কোৱা হয়।

অৰ্থাৎ যোনীয়েদি নিৰ্গত হোৱা বগা বা ঈষত হালধীয়া স্ৰাৱক বগা স্ৰাৱ বোলা হয়। ইস্ত্ৰজেন হৰম’নৰ বাবে মহিলাৰ যোনীয়েদি যোনিৰস নিৰ্গত হয় যি শৰীৰৰ এক স্বাভাৱিক প্ৰক্ৰিয়া। মহিলাৰ যোনিৰ পৰা নিৰ্গত হোৱা এই স্ৰাবে যোনিদ্বাৰ আৰ্দ্ৰ আৰু পিচ্ছিল(lubricate) কৰি ৰাখে আৰু যোনিক ই বীজাণুৰ সংক্ৰমণৰ পৰা সুৰক্ষা প্ৰদান কৰে। কিশোৰী সকলৰ প্ৰথম ৰজোদৰ্শনৰ পূৰ্বে কিছুপৰিমানে এই স্ৰাব নিৰ্গত হয়।

ঠিক তেনেকৈ যুৱতীসকলৰো মাহেকীয়াৰ আগে পিছে কিছু পৰিমাণে বগা স্ৰাব হয়। বিশেষকৈ ডিম্বস্থলীৰ পৰা ডিম্বাণু পূৰঠ হৈ ওলোৱাৰ সময়ত যাক অভিউলেচন (ovulation) বুলি কোৱা হয় সেই সময়ত এই স্ৰাব কিছু পৰিমাণে বেছি হয়।

ইস্ত্ৰজেন হৰমনৰ বাবে গৰ্ভৱতী স্ত্ৰীৰো গৰ্ভাৱস্থাত বগা স্ৰাব হয়। মাকৰ এই হৰম’নৰ বাবে নবজাত কন্যা সন্তানৰ প্ৰথম কেইদিনমান বগাস্ৰাৱ হ’ব পাৰে। এইবোৰ হৈছে শৰীৰৰ স্বাভাৱিক প্ৰক্ৰিয়া। কিন্তু যেতিয়া-

  • যোনিদ্বাৰেদি ডাঠ,
  • বগা বা হালধীয়া,
  • আঠা আঠা,
  • দুৰ্গন্ধ যুক্ত স্ৰাৱ নিৰ্গত হয়,
  • যোনিদ্বাৰত খজুৱতি,
  • জ্বলন,
  • পেচাবৰ সমস্যা আদি হয় তেতিয়া ইয়াক বেমাৰ হিচাবে গণ্য কৰা হয়।

বগাস্ৰাৱ মুখ্যতঃ দুই প্ৰকাৰৰ হ’ব পাৰে যেনে ফিজিঅ’লজিকেল (physiological) লিউকৰিয়া যিটো ইস্ত্ৰজেন নামৰ হৰম’নৰ তাৰতম্যৰ বাবে হয়। আৰু আনবিধ বিভিন্ন প্ৰকাৰৰ বীজাণুৰ সংক্ৰমণৰ বাবে হব পাৰে।

  • যুৱতীসকলে মাহেকীয়াৰ সময়ত স্বাস্থ্যসন্মত নীতি নিয়ম পালন নকৰা,
  • অপৰিষ্কাৰ আৰু চিন্থেতিক অন্তৰ্বাস পৰিধান কৰা,
  • উপযুক্ত চেনিটাৰী পেদৰ ব্যৱহাৰ নকৰা, ইত্যাদি কাৰণত তেওঁলোকৰ বগাস্ৰাৱ হোৱা দেখা যায়।

ইয়াৰ উপৰিও-

  • হৰমন বিসংগতি,
  • গৰ্ভনিৰোধক বৰি সেৱন,
  • বেক্টেৰিয়া,
  • ভেঁকুৰ,
  • প্র’ট’যৱা (যেনে ট্ৰাইক’মনাচ ভেজাইনেলিছ) আদিৰ সংক্ৰমণ,
  • অত্যাধিক জ্বলা মচলা,
  • চৰ্বি জাতীয় আহাৰ আৰু জাংক ফুডৰ সেৱন,
  • পৰিৱৰ্তিত জীৱনশৈলী,
  • ৰক্তহীনতা,
  • পুষ্টিহীনতা,
  • হাইপ’থাইৰ’ডিজম,
  • ডায়েবেটিচ,
  • গণৰিয়া,
  • চিফিলিছ আদি যৌন সংক্ৰমিত ৰোগ,
  • জৰায়ুৰ বিভিন্ন ৰোগ আদি অন্য বহুতো কাৰণত মহিলা সকলৰ বগাস্ৰাৱ ৰোগ হয়।
  • ৰোগীৰ যোনিদ্বাৰেদি ডাঠ বগা, হালধীয়া বা অন্য ৰঙৰ (কাৰণ বিশেষে ৰং বেলেগ বেলেগ হয়) স্ৰাৱ নিৰ্গত হয়,
  • কেতিয়াবা তল পেট, কৰঙন বা কঁকাল আদিত বিষ হব পাৰে,
  • যোনিদ্বাৰত খজুৱতি বা জ্বলন অনুভৱ হয়,
  • পেচাব সঘনাই হব পাৰে বা জ্বলা পোৰা কৰিব পাৰে,
  • কৌষ্ঠকাঠিন্য হব পাৰে,
  • চকুৰ গুৰি ক’লা পৰে,
  • শৰীৰ ক্ষীণ আৰু দুৰ্বল হ’ব পাৰে,
  • মূৰ ঘূৰাব পাৰে ইত্যাদি বহুতো লক্ষণ দেখা দিয়ে।

বগাস্ৰাৱত ভোগা মহিলা দুশ্চিন্তা আৰু মানসিক অশান্তিত ভোগে। ভয়, সংকোচ আদি কাৰণত তেওঁলোকে এই ৰোগ অৱহেলা কৰে যাৰ বাবে কেতিয়াবা সমস্যা জটিল হৈ পৰে। ৰোগৰ কাৰণ অনুসৰি ইয়াৰ চিকিৎসাও ভিন ভিন। এই সমস্যাত ভোগা সকলে সঠিক আহাৰ বিহাৰ, জীৱনশৈলী আৰু কিছুমান দিহা মানি চলিলে ৰোগ কিছু পৰিমাণে উপশম হয়। বগাস্ৰাৱ সমস্যাত ভোগা ৰোগীৰ বাবে কেইটামান দিহা হৈছে:-

  • প্ৰচুৰ পৰিমাণে পানী, ফলমূল, শাকপাচলি সেৱন কৰক।
  • পৰিষ্কাৰ আৰু কপাহী কাপোৰৰ পেন্টি পৰিধান কৰক। চেপা মৰা পেন্টি নিপিন্ধিব। দিনত দুটা মান পেন্টি সলাব । পেন্টি ধুই ভালকৈ ৰ’দত মেলক। ৰ’দে বহু বীজাণু ধ্বংস কৰাত সহায় কৰে।
  • যোনিদ্বাৰ ভালকৈ ধুই পৰিষ্কাৰ কাপোৰেৰে মচি শুকান কৰি ৰাখক। পাৰে যদি ভেষজ সামগ্ৰীৰে বনোৱা কোমল চাবোন ব্যৱহাৰ কৰক, যেনে নিম, চন্দন, হালধি আদি থকা।
  • মাহেকীয়াৰ সময়ত কটন বা কপাহী চেনিটাৰী পেদ ব্যৱহাৰ কৰক । আৰু ঘনাই পেদ সলাওক।
  • যৌন সংগমৰ পিছত পৰিষ্কাৰ পানীৰে যোনি প্ৰক্ষালন কৰক আৰু শুকান কাপোৰেৰে মোচক।
  • মানসিক দুশ্চিন্তা ত্যাগ কৰক। মানসিক দুশ্চিন্তা বা ষ্ট্ৰেছ বাঢ়িলে ই হৰমনৰ ওপৰত প্ৰভাৱ পেলায়।
  • ফাষ্ট ফুড, ময়দাৰ পৰা তৈয়াৰী খাদ্য, বেছিকৈ তেলত ভজা খাদ্য, চৰ্বিযুক্ত আৰু মচলাযুক্ত খাদ্য, সংশ্লেষিত খাদ্য (processed food), অত্যাধিক চাহ, কফি আদি ত্যাগ কৰক।

  • নহৰু, আদা, কল, কমলা, নেমু, আমলখি, শিলিখা, মেথি, ধনীয়া আদি উপকাৰী।
  • ছালকুঁৱৰীৰ ভিতৰৰ সাহ বা জেল কেইচামুছমান এগিলাচ পানীৰ লগত মিহলাই চৰবত হিচাবে খালি পেটত সেৱন কৰক কিছুদিন। ই শৰীৰৰ শোধন কৰে (detox)।
  • মাজে সময়ে নিম সিজোৱা পানীৰে যোনিদ্বাৰ ধুব পাৰে।
  • দুবৰি বন সৰু এমুঠি, তিয়াই ৰখা আৰৈ চাউল দুই চামুচ একেলগে খুন্দি চেকণিৰে চেকি এগিলাচ পানীৰ লগত মিহলাই অলপ তালমিচিৰি দিয়ক। এই মিশ্ৰণ তিনিভাগ কৰি দিনে এভাগকৈ তিনিবাৰ খাওক। ডায়েবেটিচ ৰোগীয়ে মিছিৰি নিদিয়াকৈ খাওক। পাৰে যদি এনেকৈ এমহমান খালে সুফল পোৱা যায়।
  • টোকমাহ (basil seeds) এচামুছ একাপ পানীত এৰাতি তিয়াই ৰাখি পিছদিনা খালি পেটত সেৱন কৰক কিছুদিন।
  • কলমৌ শাক, মাটিকাদুৰি, বনজালুক, মানিমুনি, পনৌনৱা, চেংমৰা, আদি শাক দৈনন্দিন খাদ্যতালিকাত অন্তৰ্ভুক্ত কৰক।
  • আমলখিৰ ৰস মৌজোল দি খালেও কিছু সুফল পোৱা যায়।
  • গাজি মগু বহু উপকাৰী। বিশেষকৈ ইয়াত ভিটামিন E আৰু আঁহ আছে । ভিটামিন E য়ে স্ত্ৰী হৰমন সমূহ নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আঁহ বা ফাইবাৰে কৌষ্ঠকাঠিন্য সমস্যা নিৰ্মূল কৰে।
  • কলদিল, কাঁচকল, ডালিম, মধুৰী আদি সেৱন কৰিলে ৰক্তহীনতা কমে আৰু শৰীৰৰ পুষ্টি সাধন হয়।

আয়ুৰ্বেদ শাস্ত্ৰমতে অশোক, লৌধ্ৰ (Symplocos racemosa), শতাবৰী বা শতমুল (Asparagus racemosus), যষ্টিমধু (Glycyrrhiza glabra), অৰ্জুন, নাগকেশৰ (Mesua ferrea) আদি ঔষধি বগাস্ৰাৱ সমস্যাত উপকাৰী।

ইয়াৰ উপৰিও অশোকাৰিষ্ট, পত্ৰাঙ্গসৱ, লৌধ্ৰাসৱ আদি নানা প্ৰকাৰৰ শাস্ত্ৰীয় ঔষধ আৰু বহুতো পেটেণ্ট ঔষধ আছে। ঔষধি সমূহ চিকিৎসকৰ পৰামৰ্শ অনুসৰি সেৱন কৰা উচিত। ৰোগৰ কাৰণ অনুসৰি ইয়াৰ চিকিৎসাও ভিন ভিন । ঠিক তেনেকৈ প্ৰতিজন চিকিৎসকৰ চিকিৎসা পদ্ধতিও বেলেগ বেলেগ। ‘ self medication is always dangerous’।

আমি বহুতেই নিজেই নিজৰ চিকিৎসক হৈ শৰীৰৰ ওপৰত কিছুমান পৰীক্ষা ভিত্তিক অনেক ঔষধি প্ৰয়োগ কৰো। ই অতি মাৰাত্মক। নিজৰ শৰীৰটো গিনিপিগ কৰি নুতুলিব। যিকোনো ঔষধি বনাওঁতে নানা গৱেষণা, পৰীক্ষা নিৰীক্ষা কৰাৰ পিছতহে মানৱ শৰীৰত প্ৰয়োগ কৰা হয়। আয়ুৰ্বেদিক ঔষধিৰ পাৰ্শ্বক্ৰিয়া নাই বুলি বহুতেই যধে মধে ফাৰ্মাচীৰ পৰা ঔষধ কিনি খায়। কিন্তু ৰোগ চাইছে ঔষধি, অন্যথা হিতে বিপৰীত হোৱাৰ সম্ভাৱনাই বেছি। তদুপৰি চিকিৎসকসকলে বহু কষ্টেৰে চিকিৎসা শাস্ত্ৰ পঢ়ি, ব্যৱহাৰিক জ্ঞানেৰেহে একোজন অভিজ্ঞ চিকিৎসক হয়। ৰোগীয়ে নিজেই নিজৰ চিকিৎসক হলে ‘অল্প বিদ্যা ভয়ংকৰী ‘ এই কথাষাৰৰ ফল আখৰে আখৰে ভোগ কৰিব।

লেখিকা: ডাঃ ৰেইনী দেৱী

বুলডজাৰ চলোৱা আৰক্ষীৰ বিপদ। আৰক্ষী যদি আইনৰ উৰ্দ্ধত বন্ধ কৰি দিয়ক আদালত

অভিযোগ প্ৰমানিত নকৰাকৈ অভিযুক্তৰ বাসগৃহ আৰক্ষীয়ে বুলডজাৰ লগাই ভাঙি দিয়া কাৰ্যৰ বিৰুদ্ধে কঠোৰ স্হিতি আদালতৰ। পাটনা উচ্চ ন্যায়ালয়ত এটা গোচৰৰ শুনানী গ্ৰহন কৰি আৰক্ষীৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰে আদালত। ন্যায়াধীশ সন্দীপ কুমাৰে আৰক্ষীৰ হাতত যদি আইন আছে তেনেহলে থানালৈ গৈ আৰক্ষীক মেনেজ কৰি ঘৰ ভাঙক বুলি মন্তব্য কৰি আদালত বন্ধ কৰি দিবলৈকো পৰামৰ্শ দিয়ে।

ন্যায়াধীশ কুমাৰে বুলডজাৰ লগাই ঘৰ ভঙা আৰক্ষীয়ে ভুক্তভোগীৰ ঘৰ নতুনকৈ নিৰ্মাণ কৰি দিয়াৰ লগতে ঘটনাত জড়িত আৰক্ষীয়ে নিজৰ পকেটৰ পৰা ৫ লাখকৈ টকা আদায় দিব লাগিব বুলিও উল্লেখ কৰে। উল্লেখযোগ্য যে বুলডজাৰ সংস্কৃতিয়ে অসমকো চুই যোৱাত গুৱাহাটী উচ্চ ন্যায়ালয়েও আৰক্ষীক তীব্ৰ ককৰ্থনা কৰিছিল। শেহতীয়াকৈ পাটনা উচ্চ ন্যায়ালয়েও অভিযুক্তৰ ঘৰ আৰক্ষীয়ে বুলডজাৰ লগাই ভঙা কাৰ্যৰ বিৰুদ্ধে কঠোৰ স্হিতি গ্ৰহন কৰে।

‘আজমল আঠুৱাৰ তলৰ মহ’– মুখ্যমন্ত্ৰী

সাংসদ বদৰুদ্দিন আজমল আঠুৱাৰ তলৰ মহ। তেওঁৰ মন্তব্যক লৈ আলোচনাৰ প্ৰয়োজন নাই। আইনে নিজৰ গতিৰে ব্যৱস্হা গ্ৰহন কৰিব। এই ভাষ্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ। আইনক আঠুৱাৰ লগত তুলনা কৰি বদৰুদ্দিন আজমলক মহৰ লগত তুলনা কৰি আইনে নিজৰ কাম কৰি যাব বুলি উল্লেখ কৰে।ডঃ শৰ্মাই সন্তানৰ খৰছ আজমলে দিলে ১০-১২ টা সন্তান জন্ম দিয়াত আপত্তি নাই বুলি নিজৰ ভাষনত উল্লেখ কৰি মুছলমান মহিলাক ডাক্তৰ ইঞ্জিনিয়াৰ কৰিবলৈ সন্তান জন্ম দিবলৈ আহ্বান জনায়।

প্ৰয়োজন তেওঁলোকৰ ভোট নিদিলেও কথা নাই বুলি বঙাইগাঁৱত নিজৰ ভাষনত উল্লেখ কৰি অধিক সন্তান জন্ম দিয়া চৰৰ মাতৃসকলৰ অবস্হা শোচনীয় হৈ পৰে বুলি মন্তব্য কৰে। আজমলক কটাক্ষ কৰি ডঃ শৰ্মাই হিন্দুৰ ঘৰত ডাক্তৰ ইঞ্জিনিয়াৰ আছে বুলিও নিজৰ ভাষন প্ৰসংগত উল্লেখ কৰে। উল্লেখযোগ্য যে নাৰী সমাজক অশালীন আৰু অপমানসূচক মন্তব্য কৰি ৰঙাঘৰৰ আলহী হোৱাৰ ভয়ত ক্ষমা বিচাৰি তত্ হেৰাইছে সাংসদ গৰাকীৰ। সকলোৱে একমুখে ধিক্কাৰ দিয়াৰ লগতে বিভিন্ন প্ৰান্তৰ থানাত গোচৰ ৰুজু হৈছে আজমলৰ বিৰুদ্ধে। এই পৰ্যন্ত আৰক্ষীয়ে সাংসদ গৰাকীৰ বিৰুদ্ধে ব্যৱস্হা গ্ৰহন নকৰাত ৰহস্যৰ গোন্ধ থকাৰ অভিযোগ উঠিছে সচেতন মহলৰ মাজত।

বলীউডৰ বিখ্যাত গায়ক লাকী আলীৰ মাটি অবৈধ দখল কৰিলে ভূমি মাফিয়াই…

গায়ক লাকী আলীয়ে দাবী কৰিছে যে যোৱা ৫০ বছৰ ধৰি তেওঁ সেই মাটিতেই বাস কৰিছিল। তেওঁ কয় যে তেওঁ কামৰ বাবে ডুবাইলৈ গৈছিল আৰু তেওঁৰ মাটি বেদখল কৰা হৈছিল।

বলীউডৰ বিখ্যাত গায়ক লাকী আলী আজিকালি বিপদত পৰিছে। বেংগালুৰুত থকা তেওঁৰ মাটি ভূমি মাফিয়াই বেদখল কৰিছে বুলি দাবী। আই এ এছ বিষয়া ৰোহিনী সিন্ধুৰীৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । তেওঁৰ অভিযোগ যে ভূমি মাফিয়াক আই এ এছ বিষয়া ৰোহিনী সিন্ধুৰীৰ সম্পূৰ্ণ সমৰ্থন আছে। যদিও এই অভিযোগসমূহ অস্বীকাৰ কৰিছে আই এ এছ বিষয়াগৰাকীয়ে।

এই বিষয় সন্দৰ্ভত দেওবাৰে (০৪ ডিচেম্বৰ) কেইবাটাও টুইটযোগে চিংগাৰে জনসাধাৰণৰ আগত নিজৰ সমস্যাৰ কথা কয়। তেওঁ ক’লে, ‘এইটো এটা ট্ৰাষ্টৰ সম্পত্তি আছিল। এই ভূমি বেংগালুৰুৰ ভূমি মাফিয়া সুধীৰ ৰেড্ডী আৰু মধু ৰেড্ডীয়ে অবৈধভাৱে দখল কৰি আছে। পত্নী ৰোহিনী সিন্ধুৰীৰ সহায়ত এই কাম কৰি আছে আই এ এছ বিষয়া। কৰ্ণাটকৰ ডিজিপিক তেওঁ নিজৰ সমস্যা নিজে কৈ সহায় কৰিবলৈ আহ্বান জনাইছে।

লগতে স্থানীয় আৰক্ষীয়ে ভূমি মাফিয়াক সমৰ্থন কৰাৰ অভিযোগ উত্থাপন কৰে। চিংগাৰে কয়, ‘মই সংশ্লিষ্ট উপ আৰক্ষী আয়ুক্তৰ ওচৰত অভিযোগ কৰিছো, কিন্তু ইয়াৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।’ চিংগাৰে নিজৰ টুইটত লিখিছে, ‘তেওঁ (ৰোহিনী সিন্ধুৰী) নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে ৰাজ্যৰ সম্পদৰ অপব্যৱহাৰ কৰিছে। মোৰ ফৰ্মৰ ভিতৰলৈ বলপূৰ্বক আৰু অবৈধভাৱে আহি প্ৰাসংগিক নথি-পত্ৰ দেখুৱাবলৈ অস্বীকাৰ কৰিছে।

এখন ব্যতিক্ৰমী বিবাহ! স্বামী ৰুপে এজন পুৰষকে আদৰি ল’লে যমজ ভগ্নীয়ে

তথ্য অনুসৰি আই টি ইঞ্জিনিয়াৰ হৈ থকা ভগ্নী দুগৰাকীয়ে শুকুৰবাৰে মহাৰাষ্ট্ৰৰ সোলাপুৰ জিলাৰ মালশিৰাছ তালুকত লোকজনৰ সৈতে বিবাহপাশত আবদ্ধ হয়। এই বিবাহক লৈ দুয়োটা পৰিয়ালৰ কোনো আপত্তি নাছিল।সোলাপুৰত এক অনন্য বিবাহৰ গোচৰ পোহৰলৈ আহিছে য’ত দুগৰাকী ভগ্নীয়ে কোনো আপত্তি নোহোৱাকৈ একেজন পুৰুষক বিয়া কৰাইছিল। ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে বিয়াৰ ভিডিঅ’। তথ্য অনুসৰি আই টি ইঞ্জিনিয়াৰ হৈ থকা ভগ্নী দুগৰাকীয়ে শুকুৰবাৰে মহাৰাষ্ট্ৰৰ সোলাপুৰ জিলাৰ মালশিৰাছ তালুকত লোকজনৰ সৈতে বিবাহপাশত আবদ্ধ হয়। এই বিবাহক লৈ দুয়োটা পৰিয়ালৰ কোনো আপত্তি নাছিল।ছ’চিয়েল মিডিয়াত বিয়াৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত এই বিবাহ বৈধ নে নহয় আৰু হিন্দু বিবাহ আইনৰ অধীনত অনুমতি দিয়া হৈছে নে নাই সেই বিষয়ে নেটিজেনসকলে চিন্তিত হৈ পৰিছিল। দুয়োগৰাকী ভগ্নীয়ে সৰুৰে পৰা একেখন ঘৰতে একেলগে বসবাস কৰি অহাৰ বাবে অতুল নামৰ এজন মানুহৰ লগত বিয়া পাতিবলৈ সিদ্ধান্ত ল’লে।

অতুল নামৰ দৰাজন মালশীৰস তালুকৰ বাসিন্দা। মুম্বাইত তেওঁৰ ট্ৰেভেল এজেন্সীৰ ব্যৱসায় আছে। পিতৃৰ মৃত্যুৰ পিছত ছোৱালীকেইজনীয়ে মাতৃৰ সৈতে বাস কৰিছিল। মাক অসুস্থ হৈ পৰাৰ পিছত অতুল ৰিংকি আৰু পিংকিৰ লগত ঘনিষ্ঠ হৈ পৰিছিল, আৰু ভনীয়েকহঁতে মাকক হস্পিতাললৈ নিবলৈ তাৰ গাড়ী লৈ গৈছিলএই অদ্ভুত বিয়াৰ পিছত স্থানীয় আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত তদন্ত আৰম্ভ কৰিলে যদিও কোনো আপত্তি বা বলপূৰ্বক সিদ্ধান্তৰ সন্দৰ্ভত পৰিয়ালৰ সদস্যৰ পৰা কোনো সঁহাৰি পোৱা নাই।

হঠাৎ হোৱা বুকুৰ বিষ অৱহেলা নকৰিব…

হঠাতে যদি কাৰোবাৰ বুকুৰ বিষ হয়, তেনেহ’লে কথাটোত অৱহেলা নকৰিব। বিশেষকৈ চল্লিশোৰ্ধ পুৰুষ অথবা পঞ্চাছোৰ্ধ মহিলাৰ যদি এনে ধৰণৰ বিষ হয়, তেনেহ’লে কথাটো বিশেষভাৱে গুৰুত্ব দিব লগীয়া। এনে বয়সৰ লোকৰ হঠাৎ হোৱা বুকুৰ বিষ প্ৰথমতেই হাৰ্টৰ কাৰণেই হোৱা বুলি ধৰি লোৱা ভাল।

হৃদৰোগ জনিত বুকুৰ বিষ বিভিন্ন ধৰণে দেখা দিব পাৰে। সাধাৰণ মানুহে অৱশ্যে ভাৱে যে হাৰ্টৰ কাৰণে হোৱা বুকুৰ বিষ বুকুৰ বাওঁফালেই হয়। কিন্ত সকলোৰে ক্ষেত্ৰত তেনে নহবও পাৰে। হৃদৰোগ জনিত বুকুৰ বিষৰ ক্ষেত্ৰত কেইটিমান বৈশিষ্ট্য আছে। যেনে- হাৰ্টৰ বিষ সাধাৰণতে বুকুৰ মাজ অংশত ভালেখিনি ঠাই জুৰি হয়। ৰোগীয়ে বুকুত এটা চাপ অনুভাৱ কৰে- বুকু খন গধুৰ গধুৰ লাগে। বুকুৰ সেই অংশত সামান্য এটা অস্বস্তিৰ ভাৱ, কেতিয়াবা জ্বলা-পোৰাৰ ভাব দেখা যায়। ডিঙিৰ ওচৰত প্ৰচণ্ড হেঁচা বা বুকুৰ সোঁমাজত তিব্ৰ বিষ অনুভৱ হয়। হাৰ্ট এটেকে হ’লে এই বিষ কেইমিনিটৰ পৰা কেইবা ঘণ্টালৈকে থাকিব পাৰে।

হৃদৰোগ জনিত বুকুৰ বিষ হ’লে ৰোগীয়ে ঠাণ্ডা দিনতো প্ৰচণ্ড ঘামি উঠিব। বুকুৰ বিষটো ক্ৰমে বাওঁ হাত বা কেতিয়াবা ডিঙিৰ ওপৰলৈ, কেতিয়াবা পিঠিৰ ফাললৈ বা কেতিয়াবা দ্যুও খন হাত লৈকে বিয়পি যাব পাৰে। হাৰ্ট এটেকৰ ঠিক আগৰ পৰ্যায়ত হৃদৰোগ জনিত বিষ সাধাৰণতে ১৫/২০ মিনিটলৈকে স্থায়ী হয়।

হৃদৰোগ জনিত বিষ সাধাৰণতে খুব বেছি শাৰীৰিক পৰিশ্ৰম বা প্ৰবল মানসিক টেনচনৰ পিছতে হয়। কিন্ত যদি বিশ্ৰাম লোৱাৰ পিছতো বিষটো কমা নাই বা বিশ্ৰাম লৈ থকা অৱস্থাটো যদি বিষয়টো হৈ আছে, তেনেহ’লে এই বিষটিক আৰু বেছি গুৰুত্ব সহকাৰে লোৱা উচিত। এই অৱস্থাটোকে ‘আনষ্টেবল এঞ্জাইনা’ বুলি কোৱা হয়। ইয়াৰ পিছতে হাৰ্ট এটেকৰ সম্ভাৱনা সকলোতকৈ বেছি হয়।

বহু সময়ত ৰোগীয়ে বিশ্ৰাম ললে বিষটো ভাল পায়। সেয়ে এনে ধৰণৰ বিষৰ প্ৰতি সকলোৱে গুৰুত্ব দিব নোখোজে। কিন্ত এইটোৱেই আটাইতকৈ ভূল কথা। এনে ধৰণৰ জিৰণি ললে ভাল পাই যোৱা বিষটোৱেই হৈছে ‘ষ্টেবল এঞ্জাইনা’। কিন্ত যি কোনো সময়তে বা যিকোনো কাৰণতে এই ষ্টেবল এঞ্জাইনাই আনষ্টেবল এঞ্জাইনালৈ ৰুপান্তৰিত হব পাৰে আৰু তাৰ পৰিণতিত হাৰ্ট এটেক পৰ্যন্ত হব পাৰে। এই ষ্টেবল এঞ্জাইনাই স্কিনিয়াৰ লক্ষণ। সেয়ে জিৰণি ললে বিষৰ উপশম হ’লেও নিশ্চিত হোৱা উচিত নহয়। জিৰণি ল’লেও যদি বিষ নকমে বা আনষ্টেবল এঞ্জাইনা যদি হয়, তেনেহলে প্ৰচুৰ ঘাম ওলাব পাৰে। লগতে শাৰীৰিক অস্বস্তি আৰু উশাহ-নিশাহ লোৱাত কষ্ট হ’ব পাৰে। তীৰ পিছতেই হাৰ্ট এটেক বা মায়োকাৰ্ডিয়েল ইনফাৰ্কচন (Myocardial Infarction) হয়।

হৃদৰোগৰ বিষ বহু সময়ত খোৱা-বোৱা কৰাৰ পিছতে হয়। তাৰোপৰি এই বিষ ঠিক বুকুৰ মাজ অংশতে হয়। সেয়ে অধিকাংশ লোকেই এই বিষ গেছ বা এচিডিটিৰ কাৰণে হোবা বুলিয়েই ভাবে ফলত সঠিক চিকিৎসা গ্ৰহণত পলম কৰে। সেয়ে ৰোগী আৰু ৰোগীৰ পৰিয়াল এই ক্ষেত্ৰত কিছু সাৱধান হোৱা ভাল।

সাধাৰণতে বুকুৰ বিষ গেচ বা এচিডিটিৰ কাৰণে হয় যদিও অন্যান্য হৃদৰোগৰ কাৰণেও এনে ধৰণৰ বিষ হয় বুলি ৰোগীয়ে ধৰি লোৱাই ভাল। ইস্কিমিক হাৰ্ট ডিজিজ আৰু একিউট হাৰ্ট এটেক এনেধৰণৰ বিষৰ কাৰণে হব পাৰে।

ইস্কিমিক হাৰ্ট ডিজিজ : ধমনীত চৰ্বি জমা হৈ ৰক্তনলীৰ পথৰ আকাৰ সৰু হৈ পৰাৰ ফলত ৰক্ত সঞ্চালন স্বাভাৱিকতে ব্যাহত হয়। এয়াই হ’ল ইস্কিমিক হাৰ্ট ডিজিজ। এই ৰোগৰ দৰেই আন এটি ৰোগ হ’ল এঞ্জাইনা। এঞ্জাইনাৰ বুকুৰ বিষো হঠাৎ আৰম্ভ হয়। কেইমিনিটমান থাকি বিষটো নিজে নিজে নাইকিয়া হয়। অধিক পৰিশ্ৰম কৰিলে বিষটো হয় আৰু জিৰণি ললেই কমে। যদি হঠাৎ বুকুৰ বিষ হয়, তেনেহ’লে আপুনি জিভাৰ তলত ‘চৰবিট্ৰেট’ নামৰ টেবলেটটো লৈ চিকিৎসকৰ পৰামৰ্শৰ বাবে যোগাযোগ কৰক বা ঘৰৰ মানুহক চিকিৎসালয়লৈ নিবলৈ কওক। ইস্কিমিক হাৰ্ট ডিজিজৰ কাৰণে হোৱা বুকুৰ বিষ এঞ্জাইনাৰ বিষতকৈ বেছি সময়লৈ হয়। বিছৰ পৰা ত্ৰিছ মিনিট সময় যদি বিষটো থাকে তেনেহ’লে সেয়া ইস্কিমিক হাৰ্ট ডিজিজ হ’ব পাৰে।

একিউট হাৰ্ট এটেক : হঠাৎ বুকুৰ বিষ, লগতে ঘাম, উশাহ-নিশাহত কষ্ট, হাত-ভৰি চেঁচা পৰি যোৱা, বমি বমি ভাব বা বমি হোৱা আদি লক্ষণে দেখা দিয়ে, তেনেহ’ল্কে সেয়া একিউট হাৰ্ট এটেক হব পাৰে। এই ৰোগৰ আক্ৰমণত ৰোগীৰ মৃত্যু পৰ্যন্ত হ’ব পাৰে। ৰোগৰ লক্ষণ দেখা পালেই কাষৰ মানুহৰ সহায় লব। লগে লগে হস্পিতললৈ নিবলৈ কব।

একিউট হাৰ্ট এটেকৰ ক্ষেত্ৰত প্ৰথম দুঘণ্টামান সময় অত্যন্ত উদ্বেগ জনক আৰু সংকট পূৰ্ণ। কাৰণ অধিকাংশ ক্ষেত্ৰত এই সময়তে ৰোগৰ জটিল অৱস্থাৰ সৃষ্টি হয়। এনে ৰোগ-লক্ষণ দেখা পালেই ৰোগীক যিমান পাৰে সোনকালে হস্পিতাললৈ নিব।

এই ৰোগৰ চিকিৎসাবোৰ হ’ল- থ্ৰম্বোলাইটিক ট্ৰিটমেণ্ট, বেলুন এঞ্জিওপ্লাষ্টি বা বাইপাছ চাৰ্জাৰি। ৰোগীৰ পৰিস্থিতি চাইকেনে ধৰণৰ চিকিৎসা লব লাগিব সেয়া চিকিৎসকেহে নিৰ্ণয় কৰিব। থ্ৰম্বোলাইটিক ট্ৰিটমেণ্ট কৰা হয় কেৱল ঔষধ প্ৰয়োগৰ দ্বাৰা। ৰোগীৰ অৱস্থা চাই অঞ্জিওগ্ৰাম কৰি এঞ্জিওপ্লাষ্টি কৰা হব পাৰে। ৰোগীৰ ধমনীত তেজ গোট মাৰি তেজ চলাচলত বাধাৰ সৃষ্টিৰ হৈ হাৰ্ট এটেক হ’লে বেলুন এঞ্জিওপ্লাষ্টিৰ সহায়ত সেই বাধা খুলি দিয়া হয়। হাৰ্ট এটেকৰ ক্ষেত্ৰত সাধাৰণতে অস্ত্ৰোপচাৰ কৰা নহয়।

বুকুৰ বিষ হোৱা লোকৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব পূৰ্ণ দিশটো হ’ল ৰিস্ক ফেক্টৰ । এই ৰিস্ক ফেক্টৰ বিলাকৰ ভিতৰত আছে- ধূমপান, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, মেদ বহুলতা, তেজেত কলেষ্টেৰলৰ আধিত্য, বংশগত ভাবে হৃদৰোগ থকাৰ ইতিহাস, মানসিক দুশ্চিন্তা বা উদ্বেগ আদি। বুকুত হঠাৎ বিষ হোৱা ব্যক্তি জন এই বিলাক ৰিস্ক ফেক্টৰৰ ভিতৰৰ যিকোনো এটিৰ ভিতৰত পৰে নেকি সেইটো বিশেষ ভাবে লক্ষ্য কৰিব। এই ৰিস্ক ফেক্টৰ বিলাকৰ ভিতৰৰ এটিও যদি কাৰোবাৰ থাকে, তেনেহ’লে অন্য লোকৰ তুলনাত তেও৬ৰ হাৰ্ট এটেকৰ সম্ভাৱনা ৩-৪ গুণ বেছি। একেলগে দুটা বা তিনিটা ৰিস্ক ফেক্টৰ থকা লোকৰ হাৰ্ট এটেকৰ সম্ভাৱনা বহু গুণে বেছি।

লেখক: ডাঃ দীপক চক্ৰৱৰ্তী,