Home Blog Page 1821

‘কংগ্ৰেছে ৰামায়ণত বিশ্বাস নকৰে’: মল্লিকাৰ্জুন খৰ্গেৰ ‘ৰাৱন’ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰধানমন্ত্ৰী মোডীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে কংগ্ৰেছক ‘ৰাৱন’ আখ্যা দিয়াৰ বাবে প্ৰত্যুত্তৰ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “কংগ্ৰেছে ৰাম বা অযোধ্যাৰ ভৱিষ্যৎ ৰাম মন্দিৰৰ অস্তিত্বত বিশ্বাস নকৰে। ই ৰাম সেতুৰ বিৰোধিতা কৰে। কিন্তু মোক গালি-গালাজ কৰিবলৈ ৰামায়ণৰ পৰা ৰাৱণৰ কথা উল্লেখ কৰিছিল।”

সোমবাৰে আহমেদাবাদৰ বেহৰামপুৰাত এখন ৰাজহুৱা সভাত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে প্ৰধানমন্ত্ৰী মোডীক ৰাৱনৰ লগত তুলনা কৰে। “য’তেই আপোনাৰ [পিএম মোডীৰ] ভাবমূৰ্তি ব্যৱহাৰ কৰা হয় — সেয়া নাগৰিক নিৰ্বাচনেই হওক, বা বিধানসভাৰ নিৰ্বাচনেই হওক, বা সাধাৰণ নিৰ্বাচনেই হওক। তোমাৰ মুখখন আমি কিমানবাৰ দেখিম? আপুনি ১০০ মূৰৰ ৰাৱন নেকি।’- খৰ্গে কৈছিল।

“মই খৰ্গেজীক সন্মান কৰো। তেওঁ যি ক’বলৈ কোৱা হৈছে তাকেই কয়। কংগ্ৰেছে নাজানে যে এয়া ৰাম ভক্তৰ গুজৰাট। “ৰামভক্ত”ৰ এই ভূমিত তেওঁলোকক ক’বলৈ কোৱা হৈছিল, “মোডীজী ১০০ ছাৰ ৱালা ৰাভান।” পঞ্চমহলৰ কালোলত এক সভাত এই মন্তব্য প্ৰধানমন্ত্ৰী মোদীয়ে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে খৰ্গেৰ মন্তব্যৰ বাবে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। কংগ্ৰেছে প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে প্ৰতিবাৰেই অনুপযুক্ত শব্দ ব্যৱহাৰ কৰিছে, গুজৰাটৰ জনসাধাৰণে বেলট বাকচৰ জৰিয়তে উত্তৰ দিছে।এইবাৰো ৰাজ্যৰ জনসাধাৰণে উপযুক্ত উত্তৰ দিব।’

এই মন্তব্যই বিজেপি নেতাৰ চোকা সমালোচনাৰ সন্মুখীন হয়। বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা গোৱা, মহাৰাষ্ট্ৰ, আৰু তামিলনাডুৰ প্ৰভাৰী চিটি ৰবিয়ে কয় যে কংগ্ৰেছ নেতাসকল “নিকাম্মাত হতাশ” হৈছে। “কংগ্ৰেছক ৰাজনৈতিক ডাষ্টবিনলৈ ঠেলি দিয়া উচিত বুলি প্ৰমাণ কৰা আন এটা কাণ্ডত @INCIndia ৰ ডামি সভাপতিয়ে পিএম শ্ৰী @narendramodiক ‘ৰাৱন’ বুলি অভিহিত কৰিছে। CONgis তেওঁলোকৰ কামক লৈ ইমান হতাশ হৈছেনে? ‘ভুৱা গান্ধী’ক সেৱা কৰি @kharge-এ নিজৰ বিবেক হেৰুৱাই পেলাইছেনে?’-তেওঁ টুইট কৰে।

ৰাজহুৱা সভা অনুষ্ঠিত কৰি অহা কংগ্ৰেছৰ হৈ গুজৰাটৰ কেইজনমান তাৰকা প্ৰচাৰকসকলৰ ভিতৰত মল্লিকাৰ্জুন খৰ্গে অন্যতম।

বহু প্ৰত্যাশিত দুটা পৰ্যায়ৰ গুজৰাট নিৰ্বাচন ২০২২ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হয়। প্ৰথম পৰ্যায়ত মুঠ ৮৯টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে বাকী ৯৩খন আসনত ৫ ডিচেম্বৰত ভোটগ্ৰহণ হ’ব।

গুজৰাট নিৰ্বাচনৰ বাবে ১৬২১জন প্ৰাৰ্থীয়ে যুঁজত নামিছে। প্ৰথম পৰ্যায়ত বিধানসভাৰ আসনত ৩৩৯ জন নিৰ্দলীয়কে ধৰি ৭৮৮ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ত ২৮৫ জন নিৰ্দলীয়কে ধৰি ৮৩৩ জন প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰিব।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰেক্ষাগৃহত ৰাজ্যিকভাৱে পালন বিশ্ব এইডছ দিৱস- কি ক’লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই…

মানুহৰ মাজত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে প্ৰতিবছৰে ১ ডিচেম্বৰৰ দিনটোত গোটেই বিশ্বতে ‘বিশ্ব এইডছ দিৱস’ পালন কৰা হয় । এইডছ নিৰ্মূলৰ বাবে বিশ্বজুৰি স্বাস্থ্যকৰ্মী তথা সমাজকৰ্মীসকলে যুঁজ চলাই আছে। এইবাৰ “সমতা” বিষয়বস্তু হিচাপে লৈ বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীত ৰাজ্যিকভাৱে পালন কৰা হয় বিশ্ব এইডছ দিৱস।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰেক্ষাগৃহত ৰাজ্যিকভাৱে পালন কৰা বিশ্ব এইডছ দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই (Health Minister Keshab Mahanta) এইডছৰ সজাগতা সৰ্ন্দভত বক্তব্য আগবঢ়ায়। এইডছৰ গ্ৰাসত পৰা মানৱ সমাজৰ পৰা কেনেকৈ এইডছ নিৰ্মূল কৰিব পাৰি তথা এইক্ষেত্ৰত ল’বলগীয়া সাৱধানতা সন্দৰ্ভত সভাত আলোচনা কৰা হয়।

উল্লেখ্য, ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ সংস্থাৰ তথ্য অনুসৰি ২০২১ বৰ্ষ পৰ্যন্ত অসমত ২৫,০৭৩জন লোক HIVত আক্ৰান্ত। ইয়াৰে ৪৫ % মহিলা আৰু ৩% শিশু। আনহাতে এন্টি ৰেট্ৰ’ভায়ৰেল থেৰাপী লৈ জীয়াই আছে ১০,৭৬৫ গৰাকী লোকে।

তথ্য অনুসৰি, বৰ্তমান দেশত HIVৰ সংক্ৰমণৰ হাৰ ০.২১ শতাংশ আৰু অসমত এয়া ০.০৯ শতাংশ। কামৰূপ মহানগৰত সৰ্বাধিক ৭,৬১০গৰাকী লোক আক্ৰান্ত এইচ আই ভিত। ইয়াৰ লগতে কাছাৰ জিলাত আক্ৰান্ত ৫,২০০ গৰাকী, নগাঁৱত আক্ৰান্ত ১,৬০২ গৰাকী আৰু ডিব্ৰুগড়ত আক্ৰান্ত ১,৪০২ গৰাকী।

এইডছ নিয়ন্ত্ৰণ তথা নিৰ্মূলৰ বাবে বিভিন্ন ধৰণৰ সজাগতা মূলক কাৰ্যসূচীৰে জনগণক সজাগ কৰিবলৈ চৰকাৰীভাৱে পদক্ষেপ গ্ৰহণ কৰা হৈছে যদিও সমাজত আজিও এইক্ষেত্ৰত সজাগতাৰ অভাৱ দেখা যায়। আজিৰ অনুষ্ঠানত এইডছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সফলতাৰে কাম কৰা চৰকাৰী, বে-চৰকাৰী অনুষ্ঠান তথা ব্যক্তি, শিক্ষানুষ্ঠান, চিকিৎসালয়ক পুৰস্কৃত কৰা হয়। লগতে উন্মোচন কৰা হয় ‘জিজ্ঞাসা’ শীৰ্ষক হাতপুথি। আনহাতে এইডছ দিৱসৰ লগত সংগতি ৰাখি ভ্ৰাম্যমাণ ব্লাড বেংকো মুকলি কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

কাজু বাদাম প্ৰতিদিনে ৩/৪ টা খালে কি কি উপকাৰ হয় জানো আহক…

কাজুৰ যথেষ্ট গুণ আছে –
সাধাৰণতে মহিলাসকলৰ মেন’পজৰ পাছত টোপনিৰ ব্যাঘাত জন্মে।এই সময়ত হৰম’নৰ পৰিৱৰ্তনৰ বাবে শৰীৰত যথেষ্ট প্ৰভাৱ পৰে।অযথা মানসিক চাপ হয়।এই ক্ষেত্ৰত নিয়মীয়াকৈ কাজু বাদাম প্ৰতিদিনে ৩/৪ টা খালে এই সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি।

কাজুত যথেষ্ট পৰিমাণৰ কপাৰ থকাৰ বাবে চুলিৰ বাবেও আৱশ্যকীয়।এই কপাৰে চুলি পকাত বাধা দিয়ে।ইয়াৰ বাহিৰেও কাজুত থকা কেলচিয়াম আৰু মেগনেছিয়াম হাড়ৰ বাবে উপযোগী।

*কাজু বাদামে ওজন কম কৰাত সহায় কৰে।কাজুত ভাল কলেষ্টেৰল আছে।সপ্তাহত দিনে দুবাৰকৈ কাজু বাদাম খালে ওজন কম কৰাত সহায় কৰে।কাজুত চেলেনিয়াম,কপাৰ,মেগনেছিয়াম ইত্যাদি বহু এনজাইম থাকে।আনকি কাজুৱে আহাৰ হজম কৰাতো সহায় কৰে।যথেষ্ট পৰিমাণৰ মেগনেছিয়াম থকা বাবে কাজু দাঁত আৰু দাঁতৰ আলুৰ বাবেও উপকাৰী।খাবলৈ সোৱাদ লগা এই কাজু ভিটামিন আৰু মিনাৰেলৰ অফুৰন্ত ভাণ্ডাৰ।

*কাজুৱে হৃৎপিণ্ড সুস্থ ৰাখে।কাজু বাদামত ভাল চৰ্বি থাকে,যিটোৱে বেয়া কলেষ্টেৰল এলভিএলৰ মাত্ৰা কম কৰাত সহায় কৰে।বহুতেই কাজু খালে শকত হয় বুলি ভয় কৰে।

সুস্থ দেহৰ কাৰণে খাদ্যৰ সকলো ধৰণৰ পুষ্টি উপাদান থকা আহাৰৰ আমাৰ শৰীৰত প্ৰয়োজন হয়।এই ক্ষেত্ৰত সহজে নাম ল’ব পাৰি কাজু বাদামৰ।কাজুত থকা এলিই এচিড হাৰ্টৰ বাবে বহু উপকাৰী।ইয়াৰ বাহিৰেও কাজুত যথেষ্ট পৰিমাণৰ মেগনেছিয়াম থাকে।ফলত মাংসপেশী আৰু স্নায়ুৰ সঠিক কামৰ বাবে আৱশ্যকীয় খাদ্য।আমাৰ শৰীৰত দৈনিক ৩০০ ৰ পৰা ৭৫০ গ্ৰাম মেগনেছিয়ামৰ প্ৰয়োজন হয়।যিয়ে হাড়ৰ কাৰণে কেলচিয়াম শোষণত সহায় কৰে।

*কাজুৱে ৰক্তচাপ নিয়ন্ত্ৰণতো সহায় কৰে।এইবিধ বাদামত ছডিয়াম কম থাকে।ইয়াৰ বিপৰীতে পটেছিয়াম বেছি থাকে।যাৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণত সহায় হয়।

*কেন্সাৰ ৰোগৰ সম্ভাৱনীয়তা হ্ৰাস কৰাতো কাজু বাদামে সহায় কৰে।কাজুত চেলেনিয়াম,ভিটামিন –ই থাকে।যাৰ ফলত কেন্সাৰ ৰোগৰ প্ৰতিৰোধ ক্ষমতা শৰীৰত বৃদ্ধি কৰে।কাজুত বহু পৰিমাণে জিংক থকা বাবে ৰোগ সংক্ৰমণৰ বিৰুদ্ধে শৰীৰক প্ৰতিৰক্ষা দিয়াত সহায় কৰে।

*কাজুত উচ্চ মাত্ৰাত কপাৰ থাকে বাবে বহু পৰিমাণে এনজাইম শৰীৰে লাভ কৰে।বিশেষকৈ হৰম’নৰ উৎপাদনৰ লগতে মস্তিষ্কৰ কামত গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে।লগতে লোহিত ৰক্ত কণিকাৰ উপাদান গঠনতো সহায় কৰে বাবে ৰক্তাল্পতা ৰোগ প্ৰতিৰোধ কৰে।

যিহেতু কাজুত উচ্চ মাত্ৰাত কেলৰি থাকে সেয়ে ৫/১০ টা কাজু বাদাম খালেই যথেষ্ট।অৱশ্যে বহুত মানুহৰ কাজু খালে এলাৰ্জী হয়।কেতিয়াবা কাজুৰ পৰা মাইগ্ৰেন সমস্যাও হোৱা দেখা যায়।তেওঁলোকৰ বাহিৰে সকলো মানুহহেই কাজু খোৱা উচিত।

ৰংমন” আতৰিল সৰুসজাই ষ্টেডিয়ামৰ পৰা…

এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ঘাই পথেৰে উজনিৰ পৰা নামনিলৈ যাত্ৰা কৰিলে সৰুসজাই ষ্টেডিয়ামৰ সম্মুখত বীৰদৰ্পে থিয় হৈ থকা শুভংকৰ ” ৰংমন “ক দেখা পোৱা নাযাব। ২০০৭ চনত অসমত অনুষ্ঠিত হোৱা ৩৩ সংখ্যক ৰাষ্ট্ৰীয়

গেমছৰ সময়ত ” ৰংমন ” ক ৰাষ্ট্ৰীয় ঘাইপথ অৰ্থাৎ সৰুসজাই ষ্টেডিয়ামৰ সম্মুখত প্ৰতিস্থা কৰিছিল। প্ৰায় ১৫ টা বছৰ গৌৰবেৰে থিয় হৈ থকা ” ৰংমন “ক পথ উন্নয়নৰ দোহাই দি সেই স্হানৰ পৰা আতৰাই পেলোৱা হ’ল। অন্ত পৰিল ” ৰংমন “ৰ ১৫ বছৰীয়া ইতিহাসৰ।

প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শাসন কালত ৩৩ সংখ্যক ৰাষ্ট্ৰীয় গেমছ অনুষ্ঠিত হৈছিল গুৱাহাটীত। আৰু তেতিয়াই স্হাপন কৰা হৈছিল “ৰংমন “ক।

শীতকালত ছালৰ যতনৰ ক্ষেত্ৰত ফলৰ ভূমিকা কি জানো আহক…

গৰম দিনতকৈ শীতকালত ছালৰ সমস্যাই অধিক হোৱা দেখা যায়৷ শীতকালত আমাৰ ছালখন অধিক ৰুক্ষ হৈ পৰে৷ এনেকুৱা বহুতো ফল আছে, যাৰ ব্যৱহাৰৰ দ্বাৰা শীতকালত আমাৰ ছালখনৰ যতন ল’ব পাৰোঁ৷
(১) আপেল : দিনত এটাকৈ আপেল খালে ছালৰ উজ্জ্বলতা বৃদ্ধি পায় লগতে আপেলৰ ৰস মুখত লগাই ১০ মিনিটমান পাছত ধুই দিব লাগে৷


(২) গাজৰ : গাজৰত প্ৰচুৰ পৰিমাণে বিটা কেৰ’টিন, ভিটামিন-চি থাকে আৰু ইয়াত এণ্টিঅক্সিডেণ্ট পোৱা যায়৷ যিয়ে মুখত বয়সৰ চাপ পৰাত বাধা দিয়ে৷ এটা গাজৰ ৰুকি লৈ তাত অকণমান মৌ মিহলাই ছালত লগালে ছালৰ উজ্জ্বলতা বৃদ্ধি পায় ৷


(৩) বিট : বিটৰ ৰস উলিয়াই মুখত লগালে মুখৰ দাগ নাইকিয়া হয়৷ কাৰণ তাত ভিটামিন আৰু মিনাৰেল পোৱা যায়৷ যিয়ে মুখৰ উজ্জ্বলতা বৃদ্ধিত সহায় কৰে৷
(৪) কল : কলত প্ৰচুৰ পৰিমাণে পটেচিয়াম থাকে, যিয়ে ছালখন মসৃণ কৰে ৷


(৫) ষ্ট্ৰবেৰি : ষ্ট্ৰবেৰিত প্ৰচুৰ পৰিমাণে আলফা হাইড্ৰক্সিল এচিড পোৱা যায়, যিয়ে ছালৰ মৰা কোষ আঁতৰোৱাত সহায় কৰে৷ ইয়াত থকা ভিটামিন-চিয়ে মুখত পৰা ৰিংকল দূৰ কৰাত সহায় কৰে৷ ইয়াৰ বাবে কক’পাউডাৰ, মৌ আৰু ষ্ট্ৰবেৰি একেলগে মিহলাই সানিব লাগে৷
(৬) কমলা : কমলাত প্ৰচুৰ পৰিমাণে ভিটামিন-চি আৰু এণ্টিঅক্সিডেণ্ট পোৱা যায়, যিয়ে ছালখনৰ উজ্জ্বলতা বঢ়ায়৷

সফলতাৰে আস্ত্ৰোপচাৰ সম্পন্ন হ’ল ৰেগিং কাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মাৰ…

সফলতাৰে আস্ত্ৰোপচাৰ সম্পন্ন হ’ল ৰেগিং কাণ্ডৰ ভুক্তভোগী আনন্দ শৰ্মাৰ ‌‌। চিকিৎসালয়ৰ বিচনাৰ পৰাই আনন্দই চিকিৎসকক দিলে ধন্যবাদ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ ভুক্তভোগী ছাত্ৰ আনন্দ শৰ্মাৰ অস্ত্ৰোপচাৰ সফলভাৱে হ’ল সম্পন্ন । ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত চলিছিল অস্ত্ৰোপচাৰ।

প্ৰায় ৩ ঘণ্টা সময়ৰ অন্তত অস্ত্ৰোপচাৰ সফলতাৰে সম্পূৰ্ণ হৈ উঠল। ডাঃ পান্নালালৰ নেতৃত্বত পেচমেকাৰ বহুৱাই চলোৱা হৈছিল অস্ত্ৰোপচাৰ।

শংকৰদেৱৰ আদৰ্শৰে চলা কীৰ্তনঘৰত নাৰীৰ প্ৰবেশত থকা বাধাৰ লগতেই, অ-হিন্দুৰ প্ৰবেশতো বাধা…

সৰুতেই কোনোবা এখন কাকতৰ লগত দিয়া পৰিপূৰকাত দেখিছিলো-নামঘৰ সদৃশ এক গৃহৰ বেৰৰ জলঙাইদি বাহিৰৰ পৰা এগৰাকী নাৰীয়ে আঠু কাঢ়ি, ভিতৰলৈ জুমি চাই আছিলে। ছবিখনে মনোযোগ আকৰ্ষণ কৰাৰ বাবে ভালদৰে পঢ়িছিলো সংলগ্ন লিখাখিনি। তেতিয়াহে জানিব পাৰিছিলো যে, প্ৰধানকৈ স্থানীয় লোকৰ গৰ্ববোধৰ প্ৰতীকস্বৰূপ বৰপেটা কীৰ্তন ঘৰত ভিতৰত নাৰীৰ প্ৰবেশ নিষেধ। অদ্ভুত আৰু আচৰিত লাগিছিলে কথাখিনি।

কি কাৰণত নাৰীৰ প্ৰবেশ নিষেধ জানিবৰ মন গ’লেও ইয়াৰ পৰা যে কোনো যুক্তিসংগত বা অৰ্থৱহ উত্তৰ নেপাম, সেইটো নিশ্চিত আছিলো। কাৰণ, নিজে জন্মিছিলো এক গোড়া, সংকীৰ্ণ ব্ৰাহ্মণ পৰিয়ালত। য’ত আনুষাংগিক বহু কথাৰ লগতে ই নাৰী হিচাপে কিদৰে আচৰণ কৰিম, বহিম বা মাহেকীয়াৰ সময়ত কিয় আন মানুহৰ লগতেই ঘৰখনৰ অন্যান্য বয়-বস্তুৰ পৰা পানীৰ দমকলটো পৰ্যন্ত স্পৰ্শ কৰা মানা আছিলে। আৰু এইবোৰ কিয় নেপাই সুধিলেই-“মনে মনে থাক,নিয়ম-নীতি যি চলি আহিছে,মানিব লাগে”-এনেধৰণৰ চালে-বেৰে কোবাই যোৱা উত্তৰ হে পাইছিলো।

কাৰণ অতি স্পষ্ট-তেওঁ‌লোকৰ হাততো এইবিলাক প্ৰশ্নৰ কোনো যুক্তিসংগত উত্তৰ নাছিলেই। মাথোঁ আগৰ গৰু যিবাটে যায়,পিছৰ গৰুও সেইবাটেই যাব লাগিব বুলি পাঠ শিকাইছিলে। কিন্তু যুক্তিবাদী মন এটাৰ লগতেই,নিজাববীয়াকৈ চিন্তা কৰিব পৰা মগজু এটা কিবাকৈ সেই পৰিবেশতেই সৃষ্টি হৈছিলে বাবে,বহু কথা গ্ৰহণ কৰিব পৰা নাছিলো,বা এতিয়াও নকৰো। সেয়ে ঘৰৰ কাৰোবাক সুধাৰ পৰিৱৰ্তে নিজে এই বিষয়ে জানিবলৈ চেষ্টা কৰিম বুলি ভাবিছিলো ।

তাৰপিছত প্ৰথমেই সেই জলঙাৰে চাই থকা নাৰীগৰাকীৰ কথা ভাবিছিলো-মনলৈ আহিছিলে-ইমানেই আত্মসন্মানহীন নে নাৰীগৰাকী যে,বাহিৰত বৰ বৰ হৰফেৰে নাৰীক তুচ্ছ,হেয় বা একেবাৰে ইতৰ পৰ্যায়ত ৰাখি এখন নিষেধাজ্ঞাৰ ফলক আৰি দিয়াৰ পিছতো সেই নাৰীগৰাকীয়ে এনেদৰে পুনৰ নিজৰ সন্মান ভূ-লুন্ঠিত কিয় কৰিছিলে ?ভগৱান?ঈশ্বৰ ভকতি?বাৰু মানি ল’লো-ভগৱানক চাবলৈয়েই নিজকে ইমান অৱনমিত কৰিছে,তাৰমানে সেই ভগৱানজনো লিংগ-বৈষম্যবাদী বা পুৰুষতান্ত্ৰিকতাৰ প্ৰতীক নেকি?যদিহে আপুনি নাৰী হোৱাৰ বাবেই সেই ভগৱানজনক চাব বা পূজাৰ অধিকাৰ নাই বা নেপাই,আৰু যদিহে স্বয়ং ভগৱানেই তেনে নিয়ম বান্ধিছে-তেন্তে সেইজন আকৌ কিদৰে ভগৱান হ’ব,তেওঁ‌চোন মানুহকেই মানুহ জ্ঞান নকৰে!!

দেশৰ কন্যাসকলক আগুৱাই নিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে বহু চৰকাৰী আঁচনি…

কন্যা শিশুৰ বাবে চৰকাৰী আঁচনিঃ দেশৰ কন্যাসকলক আগুৱাই নিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বহু চৰকাৰী আঁচনি আৰম্ভ কৰিছে। এই আঁচনিসমূহে ছোৱালীৰ সামাজিক আৰু অৰ্থনৈতিক সুৰক্ষাৰ যত্ন লয়। এই সকলোবোৰ আঁচনিতে বিভিন্ন সুবিধা দিয়া হয়, যাৰ অধীনত শিক্ষাৰ পৰা আৰম্ভ কৰি ছোৱালীৰ বিয়ালৈকে সকলো অন্তৰ্ভুক্ত কৰা হয়।

ইয়াত কন্যাৰ স্বাৰ্থৰ যত্ন লোৱা পাঁচখন চৰকাৰী আঁচনিৰ বিষয়ে তথ্য দিয়া হৈছে, য’ত এটা নিৰ্দিষ্ট আয় বিনিয়োগ কৰি কন্যাৰ শিক্ষাৰ পৰা আৰম্ভ কৰি বিয়ালৈকে খৰচ বহন কৰিব পৰা যায়।

সুকন্যা সমৃদ্ধি যোজনা
এই আঁচনিখন ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ অধীনত ৰখা হৈছে। সুকন্যা সমৃদ্ধি যোজনাত কন্যা জন্মৰ পৰা ১০ বছৰলৈকে পিতৃ-মাতৃৰ হৈ বিনিয়োগ কৰা হয়। এই আঁচনিৰ পৰা বৰ্তমান চৰকাৰে ৭.৬ শতাংশ ৰিটাৰ্ণ দিছে আৰু ইয়াত বছৰি নূন্যতম ২৫০ টকা আৰু সৰ্বাধিক ১.৫ লাখ টকা বিনিয়োগ কৰিব পাৰিব। এই আঁচনিখনত জন্মৰ পৰা ১৮ বছৰলৈকে বিনিয়োগ কৰিব পাৰি আৰু কন্যাৰ বিয়া পৰ্যন্ত ডাঙৰ ডাঙৰ ধন জমা কৰিব পাৰি।

কন্যা শিশু সমৃদ্ধি আঁচনি
কন্যা সন্তান জন্মৰ পিছত ৫০০ টকা অনুদান দিয়া সুকন্যা সমৃদ্ধি আঁচনিৰ দৰেই এই আঁচনি। এই আঁচনিৰ অধীনত ডাকঘৰ বা বেংকত একাউণ্ট খুলিব পাৰিব। ইয়াত বিনিয়োগৰ ওপৰত চৰকাৰে বাৰ্ষিক সুত দিয়ে, যিটো ছোৱালীজনীৰ বয়স ১৮ বছৰ হ’লেহে উলিয়াব পাৰি।

দক্ষিণ কোৰিয়াৰ এগৰাকী মহিলা ইউটিউবাৰক অনলাইন লাইভ ষ্ট্ৰিমৰ সময়তে মুম্বাইৰ ৰাজপথত এগৰাকী লোকে অশালীন ব্যৱহাৰ কৰি হাৰাশাস্তি…

দেশত নাৰীজনিত অপৰাধৰ ঘটনা উদ্বেগজনক হাৰত বৃদ্ধি পোৱাৰ সময়তে এগৰাকী বিদেশী মহিলাক ৰাজপথত অশালীন আচৰণ কৰি লজ্জানত কৰিছে দুই দুৰ্বৃত্তই। দক্ষিণ কোৰিয়াৰ এগৰাকী মহিলা ইউটিউবাৰক অনলাইন লাইভ ষ্ট্ৰিমৰ সময়তে মুম্বাইৰ ৰাজপথত এগৰাকী লোকে অশালীন ব্যৱহাৰ কৰি হাৰাশাস্তি কৰে।

মঙলবাৰে নিশা সংঘটিত হোৱা এই ঘটনাৰ ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। টুইটাৰত প্ৰকাশ কৰা ভিডিঅ’টোত অভিযুক্ত লোকজনে কোৰিয়ান ইউটিউবাৰ গৰাকীৰ হাতত ধৰি হাৰাশাস্তি কৰাৰ লগতে লাইভত থকা অৱস্থাতে চুমা খাবলৈও চেষ্টা কৰা দেখা গৈছে।

মহিউচি ইন নামৰ ইউটিউবাৰ গৰাকীয়ে নিজৰ টুইটাৰ একাউণ্টৰ পৰা ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে, “যোৱা নিশা লাইভ ষ্ট্ৰীমত এগৰাকী যুৱকে মোক হাৰাশাস্তি কৰিছিল। মই পৰিস্থিতিৰ অধিক বেয়া নকৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিলোঁ আৰু তেওঁ বন্ধুৰ লগত থকাৰ বাবে মই আঁতৰি আহিলো। আৰু কিছুমান মানুহে মোৰ অত্যধিক বন্ধুত্বপূৰ্ণ আৰু কথা-বতৰাৰ দ্বাৰা মই নিজেই ইয়াৰ আৰম্ভণি কৰিছো বুলি ক’ব খোজে। ষ্ট্ৰীমিংৰ কথা আকৌ এবাৰ ভাবিবলৈ বাধ্য কৰিছে।”

১ মিনিটৰ এই ভিডিঅ’টোত অভিযুক্তই মহিলা ইউটিউবাৰ গৰাকীক অস্বস্তিকৰভাৱে হাতত ধৰি লিফ্টৰ প্ৰস্তাৱ দিয়া দেখা গৈছে। মহিলাগৰাকীয়ে বহিবলৈ অমান্তি হোৱাত অভিযুক্তই ডিঙিত হাত থৈ গালত চুম্বন কৰিবলৈ চেষ্টা কৰে।

এই আতিশয্যক প্ৰতিহত কৰি মহিলাগৰাকীয়ে লাইভ ষ্ট্ৰিমত “এতিয়া ঘৰলৈ যোৱাৰ সময়” বুলি কৈ আঁতৰি যাবলৈ চেষ্টা কৰে। কিন্তু দুচকীয়া বাহন এখনত আন এগৰাকী ব্যক্তিৰ সৈতে উঠি অহা অভিযুক্তই যুৱতীগৰাকীৰ পিছে পিছে গৈ পুনৰ লিফ্টৰ প্ৰস্তাৱ দিয়ে। যুৱতী গৰাকীয়ে পুনৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি তেওঁৰ ঘৰটো ওচৰতে আৰু অকলেই যাব বুলি মন্তব্য কৰে।

নলবাৰী জিলাৰ মুকালমুৱাৰ বৰতলাত শোকাৱহ পথ দুৰ্ঘটনা…

নলবাৰী জিলাৰ মুকালমুৱাৰ বৰতলাত ভয়ংকৰ পথ দুৰ্ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত নিহত চতেমাৰী গাঁৱৰ গিৰিবালা দাস নামৰ এগৰাকী বৃদ্ধাৰ কৰুণ মৃত্যু । হাজো-দৌলাশাল পথৰ বৰতলাত সংঘটিত হয় এই পথ দুৰ্ঘটনাটি ।

জানিব পৰা মতে অচিনাক্ত বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল চতেমাৰী গাঁৱৰ গিৰিবালা দাস নামৰ এগৰাকী বৃদ্ধা।

কোনোবা অচিনাকী লোকে মুকালমুৱা মহকুমা চিকিৎসালয়ত ভৰ্তি কৰাই যদিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত আছিল মহিলাগৰাকী । পৰিয়ালৰ লোকে জানিব পাৰি মুকালমুৱা মহকুমা চিকিৎসালয়ত খবৰ কৰে যদিও চিকিৎসালয়তেই শেষ নিশ্বাস ত্যাগ কৰে মহিলাগৰাকীয়ে।