Breaking

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰেক্ষাগৃহত ৰাজ্যিকভাৱে পালন বিশ্ব এইডছ দিৱস- কি ক’লে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই…

0 45

মানুহৰ মাজত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে প্ৰতিবছৰে ১ ডিচেম্বৰৰ দিনটোত গোটেই বিশ্বতে ‘বিশ্ব এইডছ দিৱস’ পালন কৰা হয় । এইডছ নিৰ্মূলৰ বাবে বিশ্বজুৰি স্বাস্থ্যকৰ্মী তথা সমাজকৰ্মীসকলে যুঁজ চলাই আছে। এইবাৰ “সমতা” বিষয়বস্তু হিচাপে লৈ বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীত ৰাজ্যিকভাৱে পালন কৰা হয় বিশ্ব এইডছ দিৱস।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰেক্ষাগৃহত ৰাজ্যিকভাৱে পালন কৰা বিশ্ব এইডছ দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই (Health Minister Keshab Mahanta) এইডছৰ সজাগতা সৰ্ন্দভত বক্তব্য আগবঢ়ায়। এইডছৰ গ্ৰাসত পৰা মানৱ সমাজৰ পৰা কেনেকৈ এইডছ নিৰ্মূল কৰিব পাৰি তথা এইক্ষেত্ৰত ল’বলগীয়া সাৱধানতা সন্দৰ্ভত সভাত আলোচনা কৰা হয়।

উল্লেখ্য, ৰাষ্ট্ৰীয় এইডছ নিয়ন্ত্ৰণ সংস্থাৰ তথ্য অনুসৰি ২০২১ বৰ্ষ পৰ্যন্ত অসমত ২৫,০৭৩জন লোক HIVত আক্ৰান্ত। ইয়াৰে ৪৫ % মহিলা আৰু ৩% শিশু। আনহাতে এন্টি ৰেট্ৰ’ভায়ৰেল থেৰাপী লৈ জীয়াই আছে ১০,৭৬৫ গৰাকী লোকে।

তথ্য অনুসৰি, বৰ্তমান দেশত HIVৰ সংক্ৰমণৰ হাৰ ০.২১ শতাংশ আৰু অসমত এয়া ০.০৯ শতাংশ। কামৰূপ মহানগৰত সৰ্বাধিক ৭,৬১০গৰাকী লোক আক্ৰান্ত এইচ আই ভিত। ইয়াৰ লগতে কাছাৰ জিলাত আক্ৰান্ত ৫,২০০ গৰাকী, নগাঁৱত আক্ৰান্ত ১,৬০২ গৰাকী আৰু ডিব্ৰুগড়ত আক্ৰান্ত ১,৪০২ গৰাকী।

এইডছ নিয়ন্ত্ৰণ তথা নিৰ্মূলৰ বাবে বিভিন্ন ধৰণৰ সজাগতা মূলক কাৰ্যসূচীৰে জনগণক সজাগ কৰিবলৈ চৰকাৰীভাৱে পদক্ষেপ গ্ৰহণ কৰা হৈছে যদিও সমাজত আজিও এইক্ষেত্ৰত সজাগতাৰ অভাৱ দেখা যায়। আজিৰ অনুষ্ঠানত এইডছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সফলতাৰে কাম কৰা চৰকাৰী, বে-চৰকাৰী অনুষ্ঠান তথা ব্যক্তি, শিক্ষানুষ্ঠান, চিকিৎসালয়ক পুৰস্কৃত কৰা হয়। লগতে উন্মোচন কৰা হয় ‘জিজ্ঞাসা’ শীৰ্ষক হাতপুথি। আনহাতে এইডছ দিৱসৰ লগত সংগতি ৰাখি ভ্ৰাম্যমাণ ব্লাড বেংকো মুকলি কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

Leave A Reply