টাটা গ্ৰুপৰ মালিকানাধীন এয়াৰলাইনছে বিদেশৰ পৰা পাইলট নিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। এয়াৰ ইণ্ডিয়াৰ বোয়িং ৭৭৭ বিমানৰ বাবে আন দেশৰ পাইলট নিয়োগ কৰাৰ পৰিকল্পনা কৰিছে।প্ৰাপ্ত তথ্য অনুসৰি, টাটা গোটে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ বিমান সেৱা সম্প্ৰসাৰিত কৰাৰ কথা চিন্তা কৰিছে। কিন্তু এই মুহূৰ্তত তেওঁলোকৰ ওচৰত থকা পাইলটসকল পৰ্যাপ্ত নহয় আৰু সেইকাৰণে আৰম্ভ হ’ব পৰে এই নিযুক্তি প্ৰক্ৰিয়া ।
\
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সেৱা বৃদ্ধি কৰাৰ লক্ষ্যৰে বিদেশৰ পৰা চালক নিয়োগ কৰাৰ পৰিকল্পনা কৰা হৈছে বুলিও সূত্ৰসমূহে কয় এয়াৰ ইণ্ডিয়াৰ এটা সূত্ৰই জনাইছে যে কোম্পানীটোত ইতিমধ্যে পাইলটৰ অভাৱ আছিল।
অহা চাৰি মাহত পাঁচখন বোয়িং-৭৭৭ বিমান পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰাৰ পাছত আৰু আমেৰিকাত নতুন সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত বাহিৰৰ পৰা পাইলট নিয়োগৰ সিদ্ধান্ত লোৱা হয় ।
সূত্ৰ অনুসৰি, এয়াৰ ইণ্ডিয়াই বিদেশৰ পৰা মুঠ ১০০ জন পাইলট নিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, এয়াৰ ইণ্ডিয়াই ইতিমধ্যে পাইলট যোগান ধৰা বিভিন্ন বিদেশী কোম্পানীৰ স’তে যোগাযোগ কৰা আৰম্ভ কৰিছে। সাত বছৰ ধৰি চৰকাৰৰ মালিকানাধীন এয়াৰ ইণ্ডিয়াই ব্যয় বচাবলৈ আন দেশৰ পাইলট
বন্ধ কৰি দিছিল । বিমান সংস্থাটোৱেও লোকচানৰ সন্মুখীন হ’ব লগা হয়। অৱশ্যে, টাটা গোটে জানুৱাৰী ২০২২-ত এয়াৰলাইনৰ মালিকীস্বত্ব লোৱাৰ পাছত, এয়াৰলাইনটোৱে পুনৰ লাভ মুখ দেখা আৰম্ভ কৰিছে।
প্ৰসংগত, বিদেশী পাইলটসকলৰ দৰমহা এই দেশৰ পাইলটতকৈ অধিক। এয়াৰ ইণ্ডিয়াই প্ৰায় ১০০ জন বিদেশী পাইলটক নিয়োগ কৰিবলৈ এক বৃহৎ মাহিলী পৰিমাণৰ ধন পৰিশোধ কৰিব লাগিব। এই পৰিস্থিতিত, প্ৰশ্ন উত্থাপিত হয়, এই এয়াৰলাইনটোৱে বিমান টিকটৰ মূল্যও বৃদ্ধি কৰিব নেকি ?
শনিবাৰে, এয়াৰ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালনা সঞ্চালক কেম্পবেল উইলচনে লগতে কয় যে এয়াৰ ইণ্ডিয়াই শ্বেয়াৰ বজাৰত ইয়াৰ শ্বেয়াৰৰ মূল্য কমেও ৩০ শতাংশ বৃদ্ধি কৰিব।
ইণ্ডোনেছিয়াৰ পশ্চিম জাভা প্ৰদেশত আজি সংঘটিত হোৱা বিধ্বংসী ভূমিকম্পৰ ফলত ১৬০ জনতকৈও অধিক লোকৰ মৃত্যু হৈছে। এই ভয়াৱহ দুৰ্যোগৰ ফলত ধ্বংসস্তূপত পৰিণত হোৱা চহৰৰ বহু এলেকাত এতিয়াও সন্ধানহীন লোকৰ সন্ধান অভিযান চলাই আছে উদ্ধাৰকাৰী দলে।
৫.৬ প্ৰাবল্যৰ এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ৰাজধানী জাকাৰ্টাৰ পৰা প্ৰায় ৭৫ কিলোমিটাৰ দক্ষিণ-পূবে থকা পাহাৰীয়া পশ্চিম জাভাৰ চিয়ানজুৰ চহৰৰ ওচৰত। পশ্চিম জাভাৰ গৱৰ্ণৰৰিডৱান কামিলে ইনষ্টাগ্ৰামত সদৰী কৰা অনুসৰি এই পৰ্যন্ত ১৬২ গৰাকী লোকনিহত হোৱাৰ লগতে ৩২৬ জন আহত হোৱাৰ তথ্য পোৱা গৈছে।
ইণ্ডোনেছিয়াৰ দুৰ্যোগ প্ৰশমন সংস্থাই জানিবলৈ দিয়া মতে ধ্বংসস্তূপৰ তলত ২৫ গৰাকী লোক এতিয়া আবদ্ধ হৈ আছে বুলি সন্দেহ কৰা হৈছে। এই লোকসকলৰ সন্ধানত সমগ্ৰ নিশাজুৰি অনুসন্ধান অব্যাহত থাকিব বুলি বিভাগটোৱে সদৰী কৰিছে।
কিচমিচতো আঁহৰ উত্তম উৎস। খাদ্য বিশেষজ্ঞ ডাঃ আশুতোষ গাৰ্গৰ মতে ইয়াত বহুতো পুষ্টিকৰ উপাদান থাকে। ইয়াৰ সহায়ত বহু ৰোগৰ শিপাৰ পৰা উলিয়াব পাৰি। প্ৰতি নিশা ১০টা কিচমিচ গুটি তিয়াই ৰাতিপুৱা খালে বহু ৰোগ আৰু বেমাৰৰ পৰা হাত সাৰিব।
লগতে আপোনাৰ স্বাস্থ্যও উন্নত হ’ব। এই প্ৰতিবেদনত আমি আপোনালোকক কিচমিচ কেনেকৈ খাব লাগে, ইয়াৰ কি উপকাৰিতা আৰু কি কি উপকাৰিতাৰ বিষয়ে ক’ম। আয়ুৰ্বেদৰ মতে দৈনিক কিচমিচৰ সলনি পানী খোৱাৰ ফলত অধিক উপকাৰ পোৱা যায়। দৰাচলতে কিচমিচত প্ৰচুৰ পৰিমাণে চেনি থাকে আৰু ৰাতিটো তিয়াই থ’লে ইয়াৰ চেনিৰ পৰিমাণ কমি যায় আৰু ইয়াৰ পুষ্টিগুণ বৃদ্ধি পায়।