Home Blog Page 1845

৫০ ঘণ্টাত ২ কোটি সংগ্ৰহ কৰিলে ৭ ভগ্নীয়ে! কিন্তু প্ৰাণ নাবাচিল একমাত্ৰ ভাতৃৰ

৭ গৰাকী ভগ্নীৰ একমাত্ৰ ভাতৃ। একমাত্ৰ ভায়েকক খুব মৰম কৰিছিল আটাইকেইজনী বায়েকে। হঠাতে নামি আহিল কাল অমানিশা। ৪ বছৰীয়া ভাতৃৰ চলিল জীৱন-মৰণৰ যুঁজ। যাক বচাবলৈ ৭ গৰাকী ভগ্নীয়ে ৫০ ঘণ্টাত ২ কোটি টকা সংগ্ৰহ কৰিছিল। চিকিৎসাৰ সময়তে মৃত্যু হয় শিশুটিৰ। চাৰি বছৰীয়া নিৰীহ শিশুটিয়ে ৪ দিন ধৰি জীৱন-মৃত্যুৰ মাজত যুঁজ দি আছিল। 

ৰাজস্থানৰ গুদামালানীৰ মালপুৰাৰ বাসিন্দা খেতাৰাম ভীল আৰু তেওঁৰ পত্নী কুকুদেৱীয়ে ডাঙৰ কন্যাৰ বাগদান কৰিবলৈ গৈ আছিল। এই সময়তে তেওঁলোকক এখন বলেৰ’ গাড়ীয়ে খুন্দা মাৰে। একেদিনাই পিতৃ-মাতৃৰ মৃত্যু হয়। খেতাৰামৰ একমাত্ৰ পুত্ৰ যশৰাজ (৪ বছৰীয়া) আহত হয়।
পিতৃ-মাতৃৰ মৃত্যুৰ পাছত ৭ গৰাকী ভগ্নীয়ে আশাবাদী আছিল যে একমাত্ৰ ভাতৃ যশৰাজ সুস্থ হৈ ঘৰলৈ আহিব। মৰমৰ ভায়েকক হেৰুৱাৰ পাছত কান্দি কান্দি ৭ গৰাকী ভগ্নীৰ অৱস্থা বেয়া হৈ পৰিছে। যোধপুৰ চিকিৎসালয়ত মৃত্যু হোৱাৰ পাছত শুকুৰবাৰে মৰণোত্তৰ পৰীক্ষা কৰি ৪ বছৰীয়া শিশুৰ মৃতদেহ বৰমেৰলৈ অনা হয়। যশৰাজৰ মৃত্যুৰ পাছত ছ’চিয়েল মিডিয়াত সকলোৱে শোক প্ৰকাশ কৰিছে।

जसराज ने चार दिन तक लड़ी मौत से जंग, आखिरकार हार गया। नहीं काम आई 7 बहनों की दुआ।

বহু সময়ত দুৰ্ঘটনাৰ বিষয়ত সমাজে দূৰত্ব বজাই ৰাখে। কিন্তু বলেৰ’ গাড়ীখনৰ খুন্দাত পিতৃ-মাতৃ নিহত হোৱাৰ পাছত অনাথ হৈ পৰা সন্তানকেইটিৰ বাবে এক আদৰ্শ দাঙি ধৰিলে, যিটো আগন্তুক প্ৰজন্মই মনত ৰাখিব। হাস্পতালত কান্দি থকা ৭ ভগ্নীৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ পাছত যিয়েই দেখিলে তেওঁৱেই সহায় কৰিবলৈ আগবাঢ়ি আহিল। চাৰিদিনত প্ৰায় ২ কোটি টকা সংগ্ৰহ হয়।

২৫ লাখ টকা বিভিন্ন প্ৰতিষ্ঠান-গোটে প্ৰদান কৰিছিল। বাকীখিনি অনলাইনযোগে আহিছিল। মঙলবাৰে সন্ধিয়া ৬ বজাত ৰাইজে সহায়ৰ বাবে ধন সংগ্ৰহৰ অভিযান আৰম্ভ কৰে। জ্যেষ্ঠ কন্যাৰ একাউণ্টত প্ৰতি ঘণ্টাত জমা ৩ লাখ টকা হয়। ৫০ ঘণ্টাত অৰ্থাৎ বৃহস্পতিবাৰে নিশা ১১ বজালৈকে একাউণ্টত ২ কোটি টকা আহিছিল। তাৰপাছতো যশৰাজৰ প্ৰাণ বচাব পৰা নগ’ল। 
এই খবৰ পোৱাৰ পাছতে সকলো লোকেই শোকস্তব্ধ হৈ পৰিছে।

গাড়ীৰ চানৰূফেৰে মুৰ উলিয়াই বতাহ খাওতে সাৱধান। জৰিমনাও ভৰিব লাগিব পাৰে আপুনি।

ভাৰতৰ অধিকাংশ অটোমোবাইল নিৰ্মাতাই এতিয়া বাহনত ছানৰুফ প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে। কাৰণ, গ্ৰাহক ছানৰুফৰ প্ৰতি অতি আকৰ্ষিত। ই গাড়ীৰ ৰূপ সলনি কৰি আকৰ্ষণীয় কৰাৰ লগতে মুকলি বতাহ উপভোগ কৰিবলৈ দিয়ে।

কিন্তু সুৰক্ষাৰ নিয়ম মানি চলিলে চলন্ত বাহনত আৰোহীয়ে ছানৰুফ ব্যৱহাৰ কৰিব নোৱাৰিব। কিন্তু এতিয়া বহু লোকে চলন্ত যান-বাহনত ব্যৱহাৰ কৰি থকা দেখা যায়। বহুতে প্ৰায়ে চলন্ত বাহনৰ ছানৰুফৰ পৰা মূৰ উলিয়াই দিয়া দেখা যায়। বহুতে নিজৰ সন্তানক ছানৰুফত থৈ দিয়ে। এইটো একেবাৰে ভুল। আৰু এইবাৰ হয়তো এই ভুলৰ বাবে জৰিমনা ভৰিব লাগিব।

শেহতীয়াকৈ মুম্বাইৰ এটা ভিডিঅ’ ভাইৰেল হৈছে। ইয়াত জীপ কম্পাছ এছ ইউ ভিৰ ছানৰুফৰ পৰা উকি মাৰি ওলাই অহা এগৰাকী মহিলাক দেখা গৈছে। ভিডিঅ’টোৰ আধাৰত মুম্বাই আৰক্ষীয়ে মহিলাগৰাকীৰ বিৰুদ্ধে চালান জাৰি কৰে। সেই বাহনখনৰ চালকৰ বিৰুদ্ধে কোনটো ধাৰাত চালান জাৰি কৰা হৈছে সেয়া স্পষ্ট নহয়। এই ভিডিঅ’টো মুম্বাই ছি লিংকত শ্বুট কৰা বুলি জানিব পৰা গৈছে।

ভিডিঅ’টোত মহিলাগৰাকীয়ে গাড়ীৰ ছানৰুফৰ পৰা মূৰ উলিয়াই গৈ থকা দেখা গৈছে। গাড়ীখন পথত তীব্ৰ বেগেৰে গৈ থকা বুলিও অনুমান কৰা হৈছে। বহুতে প্ৰায়ে চলন্ত গাড়ীত ছানৰুফৰ পৰা মূৰ উলিয়াই দিয়ে। পথত চলাচল কৰা বাহনত এই কাম কৰাটো বিপদজনক! কাৰণ যদি কিবা কাৰণত চালকজনে জৰুৰীকালীন ব্ৰেক লগাই দিবলগীয়া হয় তেন্তে ছানৰুফত থকা ব্যক্তিজনৰ ক্ষতি হ’ব পাৰে।

গাড়ীত ছানৰুফ লগোৱা হয় যাতে গাড়ীখনত অধিক প্ৰাকৃতিক পোহৰ সোমাব পাৰে। ইয়াৰ দ্বাৰা গাড়ীৰ ভিতৰৰ অংশ সোনকালে ঠাণ্ডা কৰিব পৰা যায়। গাড়ীখন যদি বেছি সময় ৰ’দত ৰখা হয়, তেন্তে ছানৰুফখন কিছু সময় খোলা ৰাখিলে গৰম মুক্ত হ’ব। লগতে ছানৰুফে আপোনাক মুকলি অনুভৱ দিব পাৰে।

কম দামী কাপোৰ দি বিপদত পৰিল দৰা। খঙতে বিয়া ভাঙি পেলালে কইনাই।

বিয়াত দৰাৰ ঘৰৰ পৰা দিছে কম দামী কাপোৰ। আৰু সেই অভিমানতে বিয়া ভাঙি দিলে হ’বলগীয়া কইনাই। বিয়াত দৰা ঘৰৰ পৰা কইনাক দিছিল ১০ হাজাৰ টকীয়া লেহেংগা। এই ঘটনাটো উত্তৰাখণ্ডৰ হালদোৱানিৰ। হ’বলগীয়া কইনাৰ দাবী, দৰাৰ ঘৰৰ পৰা কম দামী লেহেংগা পঠিয়াইছে। আৰু সেইবাবেই তেওঁ বিয়া ভাঙি দিছে।

জুলাই মাহত তেওঁলোকৰ এংগেজমেণ্ট হৈছিল। নৱেম্বৰত আছিল বিয়া। কিন্তু বিয়া নহ’ল, তাৰ সলনি আৰক্ষী থানালৈ যাবলগীয়া হ’ল দৰা–কইনা দুয়ো পক্ষ। আৰক্ষীয়ে অৱশ্যে বিষয়টো অধিক আগুৱাব নিদিলে। সমগ্ৰ ঘটনাত হতবাক সকলো। সামান্য লেহেংগা এযোৰৰ বাবে যুৱতীগৰাকীয়ে এনে কাণ্ড কৰিব বুলি কোনেও কল্পনা কৰা নাছিল।

জানিব পৰা মতে, দুয়োপক্ষই বিয়াৰ প্ৰস্তুতি আৰম্ভ কৰিছিল। আনকি বিয়াৰ কাৰ্ডো অৰ্ডাৰ কৰিছিল। তাৰ পিছতে লাগিল গেণা। যুৱতীগৰাকী কোনোপধ্যেই বিয়াৰ বাবে মান্তি হোৱা নাই বুলি জানিব পৰা গৈছে। বিষয়টো পোহৰলৈ অহাৰ পিছতে ছচিয়েল মিডিয়াত বৈছে ট্ৰ’লৰ বন্যা।

জানিব পৰা মতে, যুৱকজনে হ’বলগীয়া কইনাৰ বাবে লক্ষ্ণৌৰ পৰা বিশেষ লেহেংগা এযোৰ আনিছিল। ভাবিছিল কইনাই দেখি সন্তুষ্ট হ’ব। কিন্তু হ’ল বিপৰীত।

বিয়া ভঙাৰ খবৰ পোহৰলৈ অহাৰ পিছতে দৰা আৰু কইনা পক্ষৰ মাজত তুমুল বাদানুবাদ হয়। শেষত বিষয়টোত আৰক্ষীয়ে হস্তক্ষেপ কৰিবলগীয়া হয়।

দেওবাৰে অসমৰ অন্যতম আঞ্চলিক উপ ৰাজনৈতিক দল সন্মিলিত গণশক্তি অসমৰ ১৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদ্‌যাপন কৰা হ’ব…

দেওবাৰে অসমৰ অন্যতম আঞ্চলিক উপ ৰাজনৈতিক দল সন্মিলিত গণশক্তি অসমৰ ১৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদ্‌যাপন কৰিব ৷

অসমৰ বিভিন্ন প্ৰান্তত ব্লক পৰ্যায়ত উক্ত প্ৰতিষ্ঠা দিৱস উদ্‌যাপন কৰিব বুলি আজি শনিবাৰে গোগামুখ আব’তানি ক্ষেত্ৰত অনুষ্ঠিত হোৱা এখন সংবাদমেলত গণশক্তিৰ কেন্দ্ৰীয় নেতা তথা মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু,

গণশক্তিৰ কেন্দ্ৰীয় সাধাৰণ  সম্পাদক হিৰণ্য দত্ত, এম এম কেৰ কেন্দ্ৰীয় উপসভাপতি  ৰমাকান্ত পাইটে সদৰী কৰে ৷ সংবাদমেলত তেওঁলোকে জনসাধাৰণৰ উন্নয়নৰ বাবে গণশক্তি দলে দীৰ্ঘদিনে কাম কৰি অহা বুলিও দোহাৰে ৷

আকৌ যেন নিৰ্ভয়া কাণ্ড। ১৯টা সুৰামত্ত দুৰ্বৃত্তই চলন্ত গাড়ীত সতীত্ব হৰণ কৰি নিৰ্যাতন চলালে। তাৰে চাৰিটা দুৰ্বৃত্তক গ্ৰেপ্তাৰ।

যেন পুনৰাবৃত্তি ঘটিল দিল্লীৰ শিহৰণকাৰী নিৰ্ভয়া কাণ্ডৰ ।চলন্ত গাড়ীৰ ভিতৰত নিশা এগৰাকী  ১৯ বছৰীয়া মডেলক দলবদ্ধ সতীত্ব হৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে। এইবাৰ ঘটনাৰ স্থান কেৰালাৰ কোচি। জানিব পৰা মতে যোৱা নিশা মডেলগৰাকীয়ে  এখন বাৰলৈ মদ্যপান কৰিবলৈ গৈছিল গৈছিল।
তাৰ পৰা ঘৰলৈ উভতি যাওঁতে যুৱতীগৰাকীক  এখন গাড়ীত দলবদ্ধভাবে সতীত্ব হৰণ কৰা হয়। ঘটনাসন্দৰ্ভত আৰক্ষীয়ে তিনিজন যুৱক আৰু এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে।  কেৰালাৰ কোচিত চলন্ত গাড়ীত এগৰাকী ১৯ বছৰীয়া মডেলক দলবদ্ধ সতীত্ব হৰণ কৰাৰ ঘটনাই এতিয়া তাব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
সংবাদ সংস্থাৰ বাতৰি অনুসৰি যুৱতীগৰাকীয়ে কোচিৰ এখন বাৰলৈ গৈছিল আৰু তাত অত্যধিক সুৰাপান কৰিছিল।নিশা তেওঁ  গাড়ীৰ বাবে  অপেক্ষা কৰি আছিল। সেই সময়তে  অভিযুক্ত কেইজনে  তেওঁক ঘৰত থৈ আহিব বুলি কৈ নিজৰ বাহনত তুলি লৈছিল।
অভিযোগ অনুসৰি গাড়ীত উঠাৰ পিছত যুৱককেইজনে যুৱতীগৰাকীক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে। তাৰ পিছত তেওঁক  দলবদ্ধ ধৰ্ষণ কৰা হয়। অভিযুক্তকেইজনে  ছোৱালীজনীক নিশা ঘৰৰ ওচৰতে এঠাইত পেলাই থৈ যায়। অৱশেষত মডেলগৰাকীক তেওঁৰ  ৰুমমেটে  উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে।

আৰক্ষীয়ে জনোৱা অনুসৰি ছোৱালীজনীৰ শৰীৰত আঘাতৰ চিহ্ন আছে। তেওঁ বৰ্তমান এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ঘটনাটো চিকিৎসালয়ে  আৰক্ষীক জনাইছিল। ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ৩৭০ আৰু ৩৭৬ ধাৰাৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে।
এই ঘটনাৰ পিছতে ৰাজ্যখনৰ স্বাস্থ্য, মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী বীণা গাৰ্গে কয়, “এয়া এক নিন্দনীয় ঘটনা। অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। মই ছোৱালীজনীৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছো। 

ফুলকবিৰ উপকাৰিতা জানো আহক…

ফুলকবিৰ উপকাৰিতা:-ফুলকবি ক্যানছাৰ জীবাণুৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সক্ষম। স্তন ক্যানছাৰ, কোলন ও মূত্রথলিৰ ক্যানছাৰৰ জীবাণুক ধ্বংস কৰে ফুলকবি।

ক্যানছাৰৰ জীবাণুক দেহৰ পৰা বাহিৰ কৰি দিয়াৰ বাবে ফুলকবি ৰ যথেষ্ঠ অৱদান আছে। ফুচফুচ/হাওঁফাওঁ ভালে ৰখাত ফুলকবি ৰ অৱদান লক্ষণীয়। ফুচফুচ/হাওঁফাওঁ ত ৰোগ বৃদ্ধিৰ বাবে দায়ী ভয়াবহ জীবাণুবোৰ ফুলকবি খোৱাৰ মাধ্যমত সহজেই ধ্বংস কৰা যায়।

সেইবাবে ফুচফুচ/হাওঁফাওঁ ভালে ৰাখিবলৈ ফুলকবি খাবলৈ পাহৰি নাযাব। ফুলকবি ৰক্তচাপ নিয়ন্ত্রণ কৰে। ডায়াবেটিচ ও উচ্চৰক্তচাপজনিত সমস্যাত ভুগি থকা জনে খাদ্যৰ তালিকাত ফুলকবি ৰাখিবলৈ দিধাবোধ নকৰিব।

অসুখ হৈছে ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ। খেলিব পাৰিবনে বিশ্বকাপ? চিন্তাত দল তথা অনুৰাগী।

২০২২, ২০ তাৰিখে আৰম্ভ হ’ব ফিফা বিশ্বকাপ । পৰ্তুগালৰ প্ৰথমখন খেল ২৪ তাৰিখে হ’ব ঘানাৰ বিৰুদ্ধে । তাৰ আগতে, ৰোনাল্ডো আৰু পৰ্তুগালৰ অনুৰাগীসকল অলপ চিন্তিত।

 বিশ্বকাপ আৰম্ভ হোৱাৰ আগতে, ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু পৰ্তুগালৰ অনুৰাগীসকলৰ বাবে কিছু বেয়া খবৰ । কাৰণ পৰ্তুগীজ চুপাৰষ্টাৰ জন অসুস্থ।

বিশ্বকাপ আৰম্ভ হোৱাৰ আগতে, ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু পৰ্তুগালৰ অনুৰাগীসকলৰ বাবে কিছু বেয়া খবৰ । কাৰণ পৰ্তুগীজ চুপাৰষ্টাৰ জন অসুস্থ।

 ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে দলটোৰ অনুশীলনত যোগদান নকৰিব পাৰে। বাতৰিটো ওলাই অহাৰ লগে লগে ফুটবল জগতত চাঞ্চল্য বিয়পি পৰিল।

ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে দলটোৰ অনুশীলনত যোগদান নকৰিব পাৰে। বাতৰিটো ওলাই অহাৰ লগে লগে ফুটবল জগতত চাঞ্চল্য বিয়পি পৰিল। পৰ্তুগাল দল পৰিচালনাৰ মতে, ৰোনাল্ডো পেটৰ সমস্যাত ভুগি আছে। সেইকাৰণে তেওঁ অনুশীলন কৰিবলৈ অহা নাছিল। পৰ্তুগালে বৃহস্পতিবাৰে লিছবেনত নাইজেৰিয়াৰ বিৰুদ্ধে এখন ৱাৰ্ম-আপ মেচ খেলিব। দলটোৰ প্ৰশিক্ষক ফাৰ্নাণ্ডো চেণ্টোছে কৈছিল যে ৰোনাল্ডো খেলখনত নাথাকিব।

 দলটোৰ প্ৰশিক্ষকে কাটাৰলৈ যোৱাৰ আগতে ৰোনাল্ডোৰ সৈতে কোনো বিপদাশংকা ল'বলৈ ইচ্ছুক নহয়। অৱশ্যে, চি.আৰ.7-ৰ শাৰীৰিক অৱস্থা ভাল স্থানত আছে।

দলটোৰ প্ৰশিক্ষকে কাটাৰলৈ যোৱাৰ আগতে ৰোনাল্ডোৰ সৈতে কোনো বিপদাশংকা ল’বলৈ ইচ্ছুক নহয়। অৱশ্যে, চি.আৰ.7-ৰ শাৰীৰিক অৱস্থা ভাল স্থানত আছে।

 পৰ্তুগালে ২৪ তাৰিখে তেওঁলোকৰ বিশ্বকাপ অভিযান আৰম্ভ কৰিব। ঘানা প্ৰথমখন খেলত মুখামুখি হ'ব। তাৰ আগতে, ৰোনাল্ডো সুস্থ হ'ব, দলটোৰ প্ৰশিক্ষকে আশা কৰে।

পৰ্তুগালে ২৪ তাৰিখে তেওঁলোকৰ বিশ্বকাপ অভিযান আৰম্ভ কৰিব। ঘানা প্ৰথমখন খেলত মুখামুখি হ’ব। তাৰ আগতে, ৰোনাল্ডো সুস্থ হ’ব, দলটোৰ প্ৰশিক্ষকে আশা কৰে।

কাটাৰ বিশ্বকাপত নাথাকিব এইসকল তাৰকা খেলুৱৈ। কোন কোন চাওক।

মেছি–নেইমাৰ–ৰোণাল্ডোৰ খেল চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাইছে বিশ্বই। কিন্তু এইবাৰৰ বিশ্বকাপত দেখা নাযাব এইসকল তাৰকাক।

মহম্মদ ছালাহ – ক্লাব ফুটবলত শক্তিৰে খেলিছিল মহম্মদ ছালহা । তেওঁ লিভাৰপুলৰ আক্ৰমণাত্মক লাইনৰ মূল ভেটি। বৰ্তমান বিশ্ব ফুটবলৰ অন্যতম শ্ৰেষ্ঠ তাৰকা ছালহা। তেওঁৰ দেশ ইজিপ্তেও বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে।

 মহম্মদ ছালাহ – মহম্মদ ছালহাই ক্লাব ফুটবলত শক্তিৰে খেলিছিল। তেওঁ লিভাৰপুলৰ আক্ৰমণাত্মক লাইনৰ মূল ভেটি। বৰ্তমান বিশ্ব ফুটবলৰ অন্যতম শ্ৰেষ্ঠ তাৰকা ছালহা। তেওঁৰ দেশ ইজিপ্তেও বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে।

ডনাৰুমা – যোৱা বছৰ ইটালীৰ ইউৰো জয়ৰ নায়ক আছিল গ’লৰক্ষক ড’নাৰুমা। বিশ্বকাপৰ মঞ্চত তেওঁক সকলোৱে মিছ কৰিব। কাৰণ ২০১৮ চনৰ বিশ্বকাপৰ দৰে ইটালীয়েও বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে।

 ডনাৰুমা - যোৱা বছৰ ইটালীৰ ইউৰো জয়ৰ নায়ক আছিল গ’লৰক্ষক ড’নাৰুমা। বিশ্বকাপৰ মঞ্চত তেওঁক সকলোৱে মিছ কৰিব। কাৰণ ২০১৮ চনৰ বিশ্বকাপৰ দৰে ইটালীয়েও বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে।

জৰ্জিঅ’ চিয়েলিনি – তেওঁ ইটালীৰ প্ৰতিৰক্ষাৰ শ্ৰেষ্ঠ স্তম্ভ। ইউৰো জয় কৰাত তেওঁৰ ডাঙৰ ভূমিকা আছিল। কিন্তু তাইক দেখা যাব বিশ্বকাপত। বৰ্তমান তেওঁৰ বয়স ৩৮ বছৰ। ফলত তেওঁক বিশ্বকাপত দেখা পোৱা নাযাব।

 জৰ্জিঅ’ চিয়েলিনি - তেওঁ ইটালীৰ প্ৰতিৰক্ষাৰ শ্ৰেষ্ঠ স্তম্ভ। ইউৰো জয় কৰাত তেওঁৰ ডাঙৰ ভূমিকা আছিল। কিন্তু তাইক দেখা যাব বিশ্বকাপত। বৰ্তমান তেওঁৰ বয়স ৩৮ বছৰ। ফলত তেওঁক বিশ্বকাপত দেখা পোৱা নাযাব।

ডেভিড আলাবা – ডেভিড আলাবা ক্লাব ফুটবলৰ অন্যতম শ্ৰেষ্ঠ তাৰকা। কিন্তু তেওঁৰ দেশ অষ্ট্ৰিয়াই যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হোৱাৰ বাবে কাটাৰত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপত দেখা নাপাব ৰিয়েল মাদ্রিদৰ ফুটবলাৰগৰাকীক।

 ডেভিড আলাবা - ডেভিড আলাবা ক্লাব ফুটবলৰ অন্যতম শ্ৰেষ্ঠ তাৰকা। কিন্তু তেওঁৰ দেশ অষ্ট্ৰিয়াই যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হোৱাৰ বাবে কাটাৰত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপত দেখা নাপাব ৰিয়েল মাদ্রিদৰ ফুটবলাৰগৰাকীক।

ৰিয়াদ মাহৰেজ – মাহৰেজে মানচেষ্টাৰ চিটিৰ বাবে নিজৰ নামৰ পৰিচয় দিছিল। কিন্তু তেওঁৰ দেশ আলজেৰিয়াই বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে। কাটাৰ বিশ্বকাপত খেলিব নোৱাৰিব এই উইংগাৰগৰাকীক।

 ৰিয়াদ মাহৰেজ - মাহৰেজে মানচেষ্টাৰ চিটিৰ বাবে নিজৰ নামৰ পৰিচয় দিছিল। কিন্তু তেওঁৰ দেশ আলজেৰিয়াই বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলে। কাটাৰ বিশ্বকাপত খেলিব নোৱাৰিব এই উইংগাৰগৰাকীক।

আৰ্লিং হলণ্ড – মানচেষ্টাৰ চিটিৰ নৰৱেৰ ফুটবলাৰগৰাকীয়ে ১৯ বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায়। কিন্তু তেওঁৰ দেশ নৰৱেই কাটাৰত অনুষ্ঠিত বিশ্বকাপত স্থান লাভ কৰিব নোৱাৰিলে।

 আৰ্লিং হলণ্ড - মানচেষ্টাৰ চিটিৰ নৰৱেৰ ফুটবলাৰগৰাকীয়ে ১৯ বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায়। কিন্তু তেওঁৰ দেশ নৰৱেই কাটাৰত অনুষ্ঠিত বিশ্বকাপত স্থান লাভ কৰিব নোৱাৰিলে।

টিমো ৱাৰ্নাৰ- জাৰ্মান ফৰৱাৰ্ড টিমো ৱাৰ্নাৰ আঘাতৰ বাবে বিশ্বকাপৰ পৰা বাদ পৰিছে। ২০২৩ চনৰ পূৰ্বে খেলপথাৰলৈ ঘূৰি নাহে লেইপজিগৰ ফৰৱাৰ্ডগৰাকী।

 টিমো ৱাৰ্নাৰ- জাৰ্মান ফৰৱাৰ্ড টিমো ৱাৰ্নাৰ আঘাতৰ বাবে বিশ্বকাপৰ পৰা বাদ পৰিছে। ২০২৩ চনৰ পূৰ্বে খেলপথাৰলৈ ঘূৰি নাহে লেইপজিগৰ ফৰৱাৰ্ডগৰাকী।

পল পগবা – পল পগবা যোৱাবাৰ ফ্ৰান্সৰ বিশ্বকাপ বিজয়ী দলৰ সদস্য আছিল। আঘাতৰ বাবে খেলপথাৰৰ পৰা আঁতৰি আছে জুভেন্টাছৰ তাৰকাগৰাকী। সেয়ে তেওঁ ফ্ৰান্সৰ জাৰ্চি পিন্ধি বিশ্বকাপত খেলিব নোৱাৰিব।

 পল পগবা - পল পগবা যোৱাবাৰ ফ্ৰান্সৰ বিশ্বকাপ বিজয়ী দলৰ সদস্য আছিল। আঘাতৰ বাবে খেলপথাৰৰ পৰা আঁতৰি আছে জুভেন্টাছৰ তাৰকাগৰাকী। সেয়ে তেওঁ ফ্ৰান্সৰ জাৰ্চি পিন্ধি বিশ্বকাপত খেলিব নোৱাৰিব।

এনজল’ কণ্টে – যোৱা বিশ্বকাপত ফ্ৰান্সৰ জয়ত ডাঙৰ ভূমিকা পালন কৰিছিল এনজল’ কণ্টে কিন্তু এইবাৰ আঘাতৰ বাবে তেওঁক কাটাৰতো দেখা যাব।

 এনজল’ কণ্টে - যোৱা বিশ্বকাপত ফ্ৰান্সৰ জয়ত ডাঙৰ ভূমিকা পালন কৰিছিল এনজল’ কণ্টে কিন্তু এইবাৰ আঘাতৰ বাবে তেওঁক কাটাৰতো দেখা যাব।

ফক কেচিয়ে – আইভৰি কোষ্টে যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হোৱাৰ বাবে কাটাৰত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপত খেলা দেখা নাযাব এই বাৰ্চিলোনাৰ ফুটবলাৰগৰাকীক।

 ফক কেচিয়ে - আইভৰি কোষ্টে যোগ্যতা অৰ্জন কৰাত ব্যৰ্থ হোৱাৰ বাবে কাটাৰত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপত খেলা দেখা নাযাব এই বাৰ্চিলোনাৰ ফুটবলাৰগৰাকীক।

গুৱাহাটীৰ চিৰিয়াখানাত থকা দুষ্প্ৰাপ্য জীৱ-জন্তু বোৰ গুজৰাটৰ ব্যক্তিগত খণ্ডৰ চিৰিয়াখানালৈ সৰবৰাহ কৰা ঘটনাক লৈ ‘আপ’ৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী…

নাগপুৰীয়া বন্ধু বাদৰ ৰাজনীতিক মুখৰিত কৰিবলৈ গৈ সংগোপনে গুৱাহাটীৰ চিৰিয়াখানাত থকা দুষ্প্ৰাপ্য জীৱ-জন্তু বোৰ গুজৰাটৰ ব্যক্তিগত খণ্ডৰ চিৰিয়াখানালৈ সৰবৰাহ কৰা

ঘটনাক লৈ ‘আপ’ অসমৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গুৱাহাটী চিৰিয়াখানাৰ সন্মূখত।

পুলিচ বাহিনীয়ে সকলো প্ৰতিবাদকাৰীক আটক কৰে।

‘দেশত যদি কোনো শক্তিশালী নেতা নাথাকে…প্ৰতিখন চহৰতে আফতাবৰ উন্মেষ ঘটিব’: প্ৰধানমন্ত্ৰী মোডীৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ ভাষণ…

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুজৰাটৰ কুচ্চত অনুষ্ঠিত এক সমাৱেশত প্ৰধানমন্ত্ৰী মোডীৰ হৈ দিল্লী হত্যাকাণ্ডৰ তীব্ৰ উল্লেখেৰে ভাষণ দিছিল, যিয়ে জাতিটোক স্তম্ভিত কৰি তুলিছে। শৰ্মাই কয় যে যদি দেশত এজন শক্তিশালী নেতা নাথাকে তেন্তে ‘প্ৰতিখন চহৰতে আফতাবৰ উত্থান হ’ব’। তেওঁ নিজৰ লিভ ইন পাৰ্টনাৰ শ্ৰদ্ধা ৱাকাৰক হত্যা কৰি মৃতদেহ ৩৫ টুকুৰা কৰি কাটি পেলোৱাৰ অভিযোগত অভিযুক্ত ফুড ব্লগাৰ আফতাব পুনাৱালাৰ কথা কৈছিল।

তেওঁ কয়, ‘আফটাবে মুম্বাইৰ পৰা শ্ৰদ্ধা বেহেন (ভগ্নী)ক আনি লাভ জেহাদৰ নামত ৩৫ টুকুৰা কৰি কাটি পেলালে। আৰু মৃতদেহটো ক’ত ৰাখিছিল? ফ্ৰীজত। আৰু মৃতদেহটো ফ্ৰীজত থকাৰ সময়তে আন এগৰাকী মহিলাক ঘৰলৈ আনি ডেটিং কৰিবলৈ ধৰিলে।”

‘দেশত যদি কোনো শক্তিশালী নেতা নাথাকে, যিয়ে জাতিটোক নিজৰ মাতৃ বুলি গণ্য কৰে, তেন্তে প্ৰতিখন চহৰতে এনে আফতাবৰ জন্ম হ’ব, আৰু আমি আমাৰ সমাজখনক ৰক্ষা কৰিব নোৱাৰিলোহেঁতেন। গতিকে, নৰেন্দ্ৰ মোডীক পুনৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়াটো অতি প্ৰয়োজনীয়, তৃতীয়বাৰৰ বাবে, ২০২৪ চনত।”