Home Blog Page 1857

ডিমৌ গুলাইত বড়ো সাহিত্য সভাৰ ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱস…

ডিমৌ গুলাইত বড়ো সাহিত্য সভাৰ ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱস,বড়ো সাহিত্য সভাৰ ধেমাজি প্ৰাথমিক সমিতি, এবছুৰ,আবৌফ,ইউবিপিঅ’ৰ চিলাপথাৰ আঞ্চলিক সমিতিৰ বছৰেকীয়া অধিৱেশন

আজিৰে পৰা দুদিনীয়াকৈ বড়ো সাহিত্য সভাৰ ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগতে বড়ো সাহিত্য সভাৰ ধেমাজি প্ৰাথমিক সমিতিৰ ২২ সংখ্যক,এবছুৰ চিলাপথাৰ আঞ্চলিক সমিতিৰ ৪০ সংখ্যক, আবৌফৰ চিলাপথাৰ আঞ্চলিক সমিতিৰ ২২ সংখ্যক আৰু ইউবিপিঅ’ৰ তৃতীয় সংখ্যক বছৰেকীয়া অধিৱেশন ডিমৌ গুলাইৰ পালেআবৰ বড়ো প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গণত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আৰম্ভ হৈছে ।অনুষ্ঠানৰ আজি পুৱা ৮-৩০ বজাত মূল তোৰণ উদ্ধোধন কৰে চিলাসূঁতি গাওঁ পঞ্চায়তৰ সভানেত্ৰী স্বৰ্গৰাণী বসুমতাৰীয়ে।

ইয়াৰ পাছত মূল মণ্ডপ উদ্ধোধন কৰে ধেমাজি জিলা বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ সভাপতি সুশীল বসুমতাৰীয়ে। পুৱা ৯-৩০ বজাত ভোজনালয় উদ্ধোধন কৰে ডিমৌ গুলাইৰ গাওঁ প্ৰধান পূৰ্ণ মুছাহাৰীয়ে।পুৱা ১০ বজাত ক্ৰীড়া প্ৰতিযোগিতা উদ্ধোধন কৰে সুদক্ষ ফুটবল খেলুৱৈ ৰিঞ্চু বসুমতাৰীয়ে। পুৱা ১০-৩০ বজাত সাহিত্য প্ৰতিযোগিতা উদ্ধোধন কৰে চিমেন চাপৰি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ৰাফুদাই মুছাহাৰীয়ে।বিয়লি ৪-৩০ বজাত প্ৰতিনিধি সভাকক্ষ উদ্ধোধন কৰে বড়ো সাহিত্য সভাৰ ধেমাজি প্ৰাথমিক সমিতিৰ প্ৰাক্তন সভাপতি অশ্বিনী কুমাৰ স্বৰ্গীয়াৰীয়ে।কাইলৈ তথা ১৬ নৱেম্বৰৰ পুৱা ৮ বজাত পতাকা উত্তোলন কৰিব বড়ো সাহিত্য সভাৰ ধেমাজি প্ৰাথমিক সমিতিৰ সভাপতি বানেশ্বৰ বড়ো,এবছুৰ চিলাপথাৰ আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি আনচুলা বসুমতাৰী,আবৌফৰ চিলাপথাৰ আঞ্চলিক সমিতিৰ সভানেত্ৰী সনশ্ৰী বসুমতাৰী আৰু ইউবিপিঅ’ৰ চিলাপথাৰ আঞ্চলিক সমিতিৰ সভাপতি সনসিং ব্ৰহ্মই।পুৱা ৮-৩০ বজাত শ্বহীদ তৰ্পণ।দুপৰীয়া ১২-৩০ বজাৰ আৰম্ভ কৰিবলৈ লোৱা মুকলি সভাত আদৰণি ভাষন আগবঢ়াব অভ্যৰ্থনা সমিতিৰ সভাপতি জ্যোতিশ্বৰ গয়াৰীয়ে।মুকলি সভাখন উদ্ধোধন কৰিব বড়ো সাহিত্য সভাৰ ধেমাজি জিলা সমিতিৰ উপদেষ্টা সুশীল বসুমতাৰীয়ে আৰু নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিব ধেমাজি জিলা এবছুৰ সভাপতি লখেন বসুমতাৰীয়ে।মুকলি সভাত মুখ্য অতিথি হিচাপে এবছুৰ শিক্ষা সম্পাদক সৌমাওছাৰ বসুমতাৰী,বিশেষ সন্মানিত অতিথি হিচাপে জোনাই জিলা বড়ো সাহিত্য সভাৰ উপ সভাপতি ধনেশ্বৰ নাৰ্জাৰী,ধেমাজি জিলা আবৌফৰ উপদেষ্টা সোভাৰাণী বসুমতাৰী,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড৹ অনচাই বাথৌ বসুমতাৰী,ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী তথা মূৰব্বী ড৹ গুঞ্জন গগৈ,

বিশিষ্ট অতিথি হিচাপে বিকেডব্লিউএচিৰ প্ৰধান মিহিনিশ্বৰ বসুমতাৰী,ইউবিপিঅ’ৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক দিপাঙ্কৰ নাৰ্জাৰী,ধেমাজি জিলা এবছুৰ সাধাৰণ সম্পাদক উদাং বি বডোছা, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগু, আমন্ত্ৰিত অতিথি হিচাপে ধেমাজি জিলা বড়ো হাৰিমু আফাডৰ সভাপতি নাথুৰাম মুছাহাৰী, ধেমাজি জিলা পৰিষদৰ সদস্যা বন্তিবালা পেগু, চিচিবৰগাঁও আঞ্চলিক পঞ্চায়তৰ সভাপতি দেৱ পেগু, চিমেনমুখ গাওঁ পঞ্চায়তৰ সভানেত্ৰী জোনাকী দাস,ধেমাজি জিলা এবছুৰ উপদেষ্টা ৰাজু ওৱাৰী,পূৰ্ৱাঞ্চল মহাবিদ্যালয়ৰ বড়ো বিভাগৰ মুৰব্বী অধ্যাপিকা সুশীলা নাৰ্জাৰী,ধেমাজি জিলা আবৌফৰ উপ সভানেত্ৰী শীলা বসুমতাৰী প্ৰমুখ্যে বহু সংখ্যক গন্যমান্য ব্যক্তি উপস্থিত থাকিব।ইপিনে বড়ো সাহিত্য সভাৰ চিমেন আঞ্চলিক সমিতিৰ উদ্যোগত বড়ো সাহিত্য সভাৰ ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগতে সভাৰ চিমেন প্ৰাথমিক সমিতিৰ ২৩ সংখ্যক আৰু আবৌফৰ চিমেন আঞ্চলিক সমিতিৰ ১৪ সংখ্যক বছৰেকীয়া অধিৱেশন আজিৰে পৰা চিমেন চাপৰিৰ জয়পুৰ বড়ো প্ৰাথমিক বিদ্যালয়ৰ প্ৰাঙ্গণত দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আৰম্ভ হৈছে। অনুষ্ঠানৰ আজি পুৱা ৬ বজাত মূল তোৰণ উদ্ধোধন কৰে এমএচিৰ ইএম মলেন্দ্ৰ নাৰ্জাৰীয়ে। পুৱা ৬-৩০ বজাত মূল মণ্ডপ উদ্ধোধন অবিভক্ত লখিমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সভাপতি চাঞ্চুমা বসুমতাৰীয়ে। পুৱা ৭-৩০ বজাত ভোজনালয় কক্ষ মুকলি কৰে মূৰ্কংচেলেক আঞ্চলিক পঞ্চায়তৰ সদস্যা অঞ্জালী খেৰকটাৰীয়ে। পুৱা ৯ বজাত অতিথিশালা উদ্ধোধন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি বিমল মুছাহাৰীয়ে ।পুৱা ৯-৩০ বজাত ভলীবল প্ৰতিযোগিতা উদ্ধোধন কৰে জোনাইৰ সংহত জনজাতি উন্নয়ন প্ৰকল্পৰ সভাপতি ফৈলাও মুছাহাৰীয়ে। পুৱা ১০-৩০ বজাত সাহিত্য প্ৰতিযোগিতা উদ্ধোধন কৰে অভ্যৰ্থনা সমিতিৰ উপদেষ্টা সুনীল বসুমতাৰীয়ে। বিয়লি ৩ বজাত বড়ো সাহিত্য সভাৰ চিমেন প্ৰাথমিক সমিতিৰ প্ৰতিনিধি পঞ্জীয়ন, বিয়লি ৩-৩০ বজাত আবৌফৰ চিমেন আঞ্চলিক সমিতিৰ প্ৰতিনিধি পঞ্জীয়ন, সন্ধিয়া ৫ বজাত বড়ো সাহিত্য সভাৰ চিমেন প্ৰাথমিক সমিতিৰ প্ৰতিনিধি সভা।সন্ধিয়া ৫ বজাত আবৌফৰ চিমেন আঞ্চলিক সমিতিৰ আলোচনা চক্ৰ। সন্ধিয়া ৮ বজাত আৰম্ভ হ’ব আবৌফৰ চিমেন আঞ্চলিক সমিতিৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। দ্বিতীয় তথা কাইলৈ পুৱা ৭-৩০ বজাত বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন,পুৱা ৮ বজাত আবৌফৰ পতাকা উত্তোলন, পুৱা ৮-৩০ বজাত শ্বহীদ তৰ্পণ, পুৱা ১০ বজাত ক্ৰীড়া আৰু সাহিত্য প্ৰতিযোগিতাৰ বিজয়ী সকলক পুৰস্কাৰ বিতৰণ।

পুৱা ১০-৩০ বজাত স্মৃতিগ্ৰন্থ জয়পুৰ হালামণি নেৰচনখন উন্মোচন, দিনৰ ১১-৩০ বজাত অনুষ্ঠিত হ’ব মুকলি সভা। মুকলি সভাত মুখ্য অতিথি হিচাপে বিকেডব্লিউএচিৰ মুখ্য কাৰ্য্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰী,নিৰ্দিষ্ট বক্তা হিচাপে ইউবিপিঅ’ৰ সভাপতি মনোৰঞ্জন বসুমতাৰী,ধেমাজি জিলা প্ৰাথমিক শিক্ষা বিষয়া কবিতা ডেকা, এবছুৰ ধেমাজি জিলা সমিতিৰ সভাপতি লখেন বসুমতাৰী,বিশিষ্ট অতিথি হিচাপে মূৰ্কংচেলেক খণ্ড প্ৰাথমিক শিক্ষা বিষয়া প্ৰেমলাল দলে,অবিভক্ত লখিমপুৰ জিলা প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সভাপতি চাঞ্চুমা বসুমতাৰী,বিটিচিৰ বাহিৰৰ প্ৰাক্তন বিএলটি কল্যাণ পৰিষদৰ সাধাৰণ সম্পাদক বিষ্টিৰাম নাৰ্জাৰী,এছবি বড়ো হাইস্কুলৰ প্ৰধান শিক্ষক সোণেশ্বৰ বসুমতাৰী,ইউবিপিঅ’ৰ উপদেষ্টা শুক্লেশ্বৰ গয়াৰী,চিমেন চাপৰি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক চবেত বসুমতাৰী,ধনেশ্বৰ নাৰ্জাৰী, বিটিএডিৰ বাহিৰৰ আত্মসমৰ্পণকাৰী এনডিএফবি কল্যাণ পৰিষদৰ সভাপতি ধৰ্মেশ্বৰ বসুমতাৰী,বাথৌ মহাসভাৰ যুৱ সমিতিৰ সাধাৰণ সম্পাদক ৰাজেশ বসুমতাৰীকে ধৰি কেবাটাও বঢ়ো জাতীয় সংগঠনৰ কেন্দ্ৰীয় আৰু জিলা নেতৃবৃন্দ উপস্থিত থাকিব।

১৫০৮ নং সুন্দৰীদিয়া দক্ষিণহাটী প্ৰাথমিক বিদ্যালয়ত শিশু দিৱস উদযাপন…

১৫০৮ নং সুন্দৰীদিয়া দক্ষিণহাটী প্ৰাথমিক বিদ্যালয়ত পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিৱস উপলক্ষে School Twining Programme ৰ আধাৰত ৫৩৪ নং সুন্দৰীদিয়া নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ৰ লগত মিলিত হৈ উলহ মালহেৰে শিশু দিৱস কাৰ্যসূচী ৰূপায়ন কৰা হয়। BRP চন্দন কুমাৰ দাসৰ নেতৃত্বত পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত মাল্যৰ্পন আৰু বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰা হয়।

উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত (শিক্ষা) মাননীয়া লখিমী দত্ত ডাঙৰীয়াণী। তেওঁ ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি এক ৰসাল বক্তব্য আগবঢ়োৱাৰ লগতে শিশুসকলৰ লগত ‘হম হোঙ্গে কাময়াব’ শীৰ্ষক গীতটি একেলগে পৰিৱেশন কৰি তেওঁলোকক জীৱনত সফল হবলৈ অনুপ্ৰেৰণা যোগায়। তেওঁ এই অনুষ্ঠানটোত জড়িত দুয়োখন বিদ্যালয়ৰে আটাইতকৈ বিদ্যালয়ত বেছি দিন উপস্থিত থকা ছাত্ৰ ছাত্ৰী সকলক মানপত্ৰৰে পুৰষ্কৃত কৰে। সভাত সভাপতিত্ব কৰে বৰপেটা শিক্ষাখণ্ডৰ বিদ্যালয়সমূহৰ সহ:পৰিদৰ্শক নিয়তি পাঠকে। নিয়তি পাঠকে শিশু দিৱস উপলক্ষে ৰচনা কৰা এটি গীত ছাত্রছাত্রী সকলে আজি সমবেত ভাৱে পৰিবেশন কৰে।

খেল ধেমালিৰ লগতে অন্যান্য গীত মাত পৰিবেশন কৰা আজিৰ এই অনুষ্ঠানটোত বৰপেটা শিক্ষাখণ্ডৰ খণ্ডৰ সমল ব্যক্তি চন্দন কুমাৰ দাসে সাধুকথাৰ মাজেৰে ছাত্ৰ ছাত্ৰীসকলক ভবিষ্যত দিশত সফল হবলৈ উদগণি যোগায়। সভাৰ শেষত আজি অনুষ্ঠিত হোৱা বিভিন্ন খেল ধেমালি সমূহৰ পুৰস্কাৰ সমূহ বিতৰণ কৰা হয়। এই কাৰ্যসূচীত সুন্দৰীদিয়া গাঁও পঞ্চায়তৰ সভানেতৃ গিতাশ্ৰী শইকীয়াও এটি সুন্দৰ গীত পৰিবেশন কৰে। অনুষ্ঠানটোত দুয়োখন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্রী, অভিভাৱক অভিভাৱিকাৰ লগতে মণ্ডল কেন্দ্র সমন্বয়ক নবদ্বীপ গায়নও উপস্থিত থাকে।

খ্ৰীষ্টান-ইছলামলৈ ধৰ্মান্তৰিত লোকে নাপাব এচ ছিৰ সংৰক্ষণ…

এতিয়াৰে পৰা কোনো লোকে খ্ৰীষ্টান ধৰ্ম বা ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত হ’লে দেশত বাহাল থকা অনুসূচীত জনজাতিৰ সংৰক্ষণৰ সুবিধাৰ পৰা বঞ্চিত হব লাগিব। কেন্দ্ৰীয় চৰকাৰে এক শপত নামা যোগে দেশৰ উচ্চতম ন্যায়ালয়ক এই বিষয়ে অবগত কৰে।

কেন্দ্ৰীয় চৰকাৰে খ্ৰীষ্টান আৰু ইছলাম ধৰ্মত অস্পৃশ্যতাৰ স্হান নাই বুলি উল্লেখ কৰি এই দুয়োটা ধৰ্ম বিদেশৰ বুলি শপতনামাত উল্লেখ কৰে।

উল্লেখযোগ্য যে ধৰ্মান্তৰিত এক গোচৰত কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক শপতনামাত যোগে সংৰক্ষণৰ বিষয়টো অবগত কৰে।

শিলচৰত অনুষ্ঠিত উত্তৰ-পূব অলিম্পিক গেমছত অসমৰ ১০০টা পদক অতিক্ৰম…

আধিপত্য অক্ষুণ্ণ ৰাখি অসমে আজি শিলচৰত অনুষ্ঠিত দ্বিতীয় উত্তৰ-পূব অলিম্পিক গেমছত পদকৰ সংখ্যাত ১০০ৰ নম্বৰ অতিক্ৰম কৰিলে। পঞ্চম দিন অন্ত পৰাৰ পাছত অসমে ১০৮টা পদকেৰে শীৰ্ষস্থান দখল কৰে য’ত আছিল ৪৪টা সোণ, ৩৮টা ৰূপ আৰু ২৬টা ব্ৰঞ্জ। ৪০টা সোণ, ৩৫টা ৰূপ আৰু ৩৯টা ব্ৰঞ্জৰ সৈতে দ্বিতীয় স্থানত আছে মণিপুৰ । আজি অসমে সাঁতোৰ, বেডমিণ্টন শ্বুটিং, কাৰাটে আদি বিভিন্ন খেলত পদক লাভ কৰে।

সাঁতোৰঃ এই প্ৰতিযোগিতাৰ সামৰণি দিনটোত অসমে আধিপত্য বিস্তাৰ কৰি আৰু ৭টা পদক সংগ্ৰহ কৰে। মুঠ ৬৬টা পদক পুলত সিদ্ধান্ত লোৱা হয় আৰু ইয়াৰে ৩৬টা পদক অসমে লাভ কৰে য’ত ২০টা সোণ, ১২টা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদক আছিল। ৰাজ্যিক সাঁতোৰবিদ জননজয় জ্যোতি হাজৰিকা আৰু ঝানাবী কাশ্যপেও এই মিটত শ্ৰেষ্ঠ পুৰুষ আৰু মহিলা সাঁতোৰবিদৰ খিতাপ দখল কৰে। জননজয়ে ৩টা স্বৰ্ণ আৰু এটা ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে জাহ্নবীয়ে পুলৰ পৰা চাৰিটা সোণৰ পদক লাভ কৰে।

কাৰাটেঃ সোমবাৰে কাৰাটেত অসমে এটা স্বৰ্ণসহ ৬টা পদক লাভ কৰে। ৪৫ কেজি শাখাত অবিনাশ দাসে অকলশৰীয়া স্বৰ্ণ পদক লাভ কৰে।

ভাৰোত্তোলনঃ আজি এই প্ৰতিযোগিতাত অসমে ৫টা পদক লাভ কৰে। পাঁচটা পদকৰ ভিতৰত এটা স্বৰ্ণ আৰু সেইটো সংগ্ৰহ কৰে বৰ্ণালী বৰাই ৪৯ কেজি ওজন শাখাত।

শ্বুটিংঃ সোমবাৰে অসমে এই শাখাত ৮টা পদক সংগ্ৰহ কৰে। ১০ মিটাৰ এয়াৰ পিষ্টলত পুৰুষৰ দলে স্বৰ্ণ পদক লাভ কৰাৰ লগতে ব্যক্তিগত শাখাত এই ইভেণ্টতো ৱাই গৌতমে স্বৰ্ণ পদক সংগ্ৰহ কৰে।

বেডমিণ্টনঃ অসমে আজি বেডমিণ্টনত ভাল শ্ব’ দেখুৱাই একাধিক পদক লাভ কৰে য’ত ৩টা স্বৰ্ণও অন্তৰ্ভুক্ত। মহিলা একক শাখাত ইছাৰাণীয়ে স্বৰ্ণ জয় কৰাৰ বিপৰীতে পুৰুষৰ ডাবলছত জয়ৰাজ পেগু আৰু তন্ময় বিকাশে স্বৰ্ণ সংগ্ৰহ কৰে। মিক্সড ডাবলছত অসমে ইছাৰাণী আৰু জয়ৰাজৰ জৰিয়তে সোণৰ পদক লাভ কৰে।

সোমবাৰে অসমৰ বাবে পদক বিজয়ী অন্যান্য ইভেণ্টৰ ভিতৰত মল্লযুঁজ, জুডো, টেনিছ আৰু বক্সিং আদি অন্যতম। বাস্কেটবলত অসম পুৰুষৰ দলে নাগালেণ্ডক ৭৩-৭১ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।

দেশৰ প্ৰথমগৰাকী মহিলা গেট ৱ’মেন হিচাপে নিযুক্তি লাভ ছালমা বে‌ইগৰ…

দৈত্যকায় ৰেলগাড়ী যেতিয়া কোনো জনবসতিপূৰ্ণ অঞ্চলৰ মাজেৰে আগবাঢ়ে তেতিয়া নিৰ্দিষ্ট সময়ৰ বাবে ৰেলগেট বন্ধ কৰি দিয়া হয়। দেশৰ বিভিন্ন ৰেলগেটত ৰখীয়া হিচাপে কৰ্মৰত হৈ আছে পুৰুষ সকল। যথেষ্ট কষ্টকৰ কামটোত কেতিয়াবা আপুনি কোনোবা নাৰী বা যুবতীক দেখিছেনে। নিশ্চয় দেখা নাই। পিছে দেশৰ এখন ৰেলগেটত এগৰাকী মহিলাই প্ৰত্যাহ্বান নেওঁচি আজিওঁ কৰ্মৰত হৈ দেশৰ প্ৰথম মহিলা হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছে।

উত্তৰপ্ৰদেশৰ লক্ষ্ণৌ চহৰৰ পৰা কিছু নিলগত আছে মালপুৰ ৰেলগেট। এই গেটখনৰ দায়িত্বত আছে ছালমা বেইগ নামৰ মহিলা গৰাকী। তেওঁৰ পিতৃয়ে গেট-মেন হিচাপে কৰ্মৰত আছিল যদিওঁ শাৰীৰিক অসুস্থতাৰ বাবে তেওঁৰ কন্যাই দায়িত্ব লয় । ইয়াৰ পূৰ্বে ছালমা বেইগে পিতৃৰ পৰা সকলো নিয়ম- কানুন শিকি লৈছিল। কামত অভিজ্ঞ হোৱাৰ পিছত ছালমা বেইগে হাতত ৰেলগেটৰ চাবিৰ লগতে ৰঙা আৰু নীলা পতাকাৰ দায়িত্ব গ্ৰহন কৰে।

লমাই প্ৰথম অবস্থাত ৰাইজৰ পৰা বহু প্ৰত্যাহ্বান পাইছিল যদিওঁ পৰিয়ালৰ উৎসাহ, স্বামীৰ প্ৰেৰণাই সকলো প্ৰত্যাহ্বান নেওঁচি আজিওঁ নিৰ্দিষ্ট সময়ত নিজৰ দায়িত্ব পালন কৰি আছে হাঁহি মুখে। কৰ্মক ভয় কৰি যিসকল মহিলা বা যুবতী আজিওঁ ঘৰৰ ভিতৰত সোমাই আছে ছালমা বেইগ সেইসকলৰ বাবে হওঁক প্ৰেৰণা হওঁক আদৰ্শ।

শীতকালত কমলা টেঙা খোৱাৰ উপকাৰিতা জানক…

শীত কালৰ অন্য এক চিনাকি বজাৰ ভৰি পৰা কমলা বা সুমথিৰা। সুগন্ধ, সুস্বাদু, সুস্বাস্থ্যৰ আকৰ কমলা টেঙাই শিশুৰ পৰা বৃদ্ধলৈ সকলোকে আকৰ্ষণ কৰে। নৱেম্বৰ মাহৰ পৰা মাৰ্চ মাহলৈ নানা আকাৰৰ কমলা অসমৰ বজাৰত ভৰি পৰে। কমলাত যথেষ্ট পৰিমাণে বিভিন্ন খাদ্যপ্ৰাণ থকাৰ উপৰি ৰোগ প্ৰতিৰোধ আৰু সৌন্দৰ্য ৰক্ষা কৰিব পৰা গুণ থাকে।

সেয়ে শীতকালৰ সময়ত প্ৰচুৰ পৰিমাণে কমলা খাই স্বাস্থ্য আৰু সৌন্দৰ্য ৰক্ষা কৰিব পাৰি। বৈজ্ঞানিক বিশ্লেষণ অনুসৰি প্ৰতি ১০০ গ্ৰাম কমলা ৰসত ০.৭ গ্ৰাম প্ৰ’টিন, ২৬ মিলিগ্ৰাম কেলচিয়াম , ১,১০৪ মাইক্ৰ’গ্ৰাম ভিটামিন এ আৰু ৩০ মিলিগ্ৰাম ভিটামিন চিৰ উপৰি থাকে যথেষ্ট পৰিমাণে কেলৰি, পেকটিন, গ্লাইকোছাইড, পেনটোছেনছ, চাইট্ৰিক এচিড, ফাইবাৰ , মিনাৰেল আদি। কমলা টেঙা মানুহৰ ছালৰ বাবে মহৌষধ। কমলাত থকা কেইবাটাও উপাদানে ছালৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাৰ উপৰি ছাল মিহি আৰু উজ্জ্বল কৰি তোলে। কমলা যিকোনো ধৰণে খালে ছালৰ কামত আহে। তেজত কলেষ্টেৰল অতিৰিক্তভাৱে বৃদ্ধি পালে শৰীৰটো নানা ৰোগ আৰু ৰোগৰ উপসৰ্গৰ ভাণ্ডাৰ হৈ পৰে। শৰীৰৰ কলেষ্টেৰল হ্ৰাস কৰাৰ উপায় হ’ল কমলা খোৱা।

কমলাৰ ৰসে তেজত কলেষ্টেৰলৰ পৰিমাণ হ্ৰাস কৰি শৰীৰটো বিভিন্ন ৰোগৰ পৰা ৰক্ষা কৰে। তেনেদৰে শৰীৰৰ বিভিন্ন ৰোগৰ কাৰক হ’ল কোষ্ঠকাঠিন্য। পেটৰ এচিডিটিকে ধৰি বিভিন্ন ৰোগ, অৰ্শ, মুখৰ ব্ৰণ আদিৰ কাৰক হ’ল কোষ্ঠকাঠিন্য । কমলা খালে কোষ্ঠকাঠিন্য দুৰ হয় আৰু সংশ্লিষ্ট ৰোগবোৰৰ পৰা হাত সাৰিব পাৰি। পাকস্থলীৰ হজম ক্ষমতা বৃদ্ধিকে ধৰি পেটৰ বিভিন্ন ৰোগ নিয়ন্ত্ৰণ আৰু হজম ক্ষমতা বৃদ্ধিৰ বাবে কমলা টেঙাই মহৌষধৰ কাম কৰে। নিতৌ পুৱা কমলাৰ ৰস খালে যথেষ্ট উপকাৰ পোৱা যায়। সাধাৰণ পানী লগা অসুখত প্ৰতিদিনে দুটাকৈ কমলা তিনি দিনমান খালে উপশম পোৱা যায়।

শেহতীয়া গৱেষণাৰ তথ্য অনুসাৰে কমলাৰ ৰসে ৰক্ত সঞ্চালন প্ৰক্ৰিয়া স্বাভাৱিক হৈ থকাত সহায় কৰে আৰু ষ্ট্ৰোক আদিকে ধৰি বিভিন্ন স্নায়ৱিক ৰোগ প্ৰতিৰোধ কৰিব পাৰে। নিয়মিত কমলা খোৱাৰ অভ্যাস কৰিলে এনে ৰোগৰ আশংকা বহু পৰিমাণে কম হয়। ভাৰতীয় সমাজত আজিও এনিমিয়া বা ৰক্তাল্পতা এক ডাঙৰ সমস্যা হৈ আছে। কমলাৰ ৰস নিয়মিত খালে এনিমিয়াৰ পৰা হাত সাৰিব পাৰি। বিশেষকৈ গৰ্ভৱতী মহিলাক যথেষ্ট পৰিমাণে কমলা খাব দিব লাগে। কমলাৰ ৰসে মুখ-জিভাৰ ঘাৰ উপৰি শৰীৰৰ বিভিন্ন অংশত হোৱা ঘা নিৰাময় কৰিব পাৰে। বৰ্তমান প্ৰায় ৫০ শতাংশ প্ৰাপ্তবয়স্ক লোকে ৰক্তচাপজনিত বিকাৰত ভোগা দেখা যায়।

কমলাৰ ৰস নিয়মিত সেৱন কৰি ৰক্তচাপ নিয়ন্ত্ৰণ ৰাখিব পাৰি বুলি ইতিমধ্যে প্ৰমাণিত হৈছে। হৃদৰোগতো কমলা যথেষ্ট উপকাৰী বুলি স্বাস্থ্য সম্পৰ্কীয় গৱেষণাত প্ৰমাণিত হৈছে। পেশী দুৰ্বলতা প্ৰতিৰোধৰ ক্ষেত্ৰতো কমলা অতি উপকাৰী। শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে আৱশ্যকীয় বিভিন্ন উপাদান কমলাত পোৱা যায়। অৰ্থাৎ শিশুৰ বাবে কমলা হ’ব পাৰে অন্যতম খাদ্য। শিশুক সেয়ে নিয়মিত কমলাৰ ৰস খুৱাব লাগে।

লেখক: উৎপল কুমাৰ কলিতা 

কন্যাৰ জন্মৰ পিছত নতুন মাতৃ আলিয়া ভাটৰ প্ৰথম ফটো শ্বেয়াৰ, অনুৰাগীয়ে কেঁচুৱাৰ ফটো শ্বেয়াৰ কৰিবলৈ কৰে অনুৰোধ …

আলিয়া ভট্টে প্ৰথমবাৰৰ বাবে মাতৃ হিচাপে এখন মৰমলগা ছবি শ্বেয়াৰ কৰিছে। অনুৰাগীয়ে তেওঁক অতি সোনকালে কেঁচুৱাটোৰ ছবিখন শ্বেয়াৰ কৰিবলৈ কয়। আলিয়া ভাট চহৰৰ নতুন মা।

২০২২ চনৰ ৬ নৱেম্বৰত ৰণবীৰ কাপুৰৰ সৈতে এগৰাকী কন্যা সন্তান জন্ম দিয়াৰ কথা ঘোষণা কৰিছিল অভিনেত্ৰীগৰাকীয়ে। এইটো দম্পতীহালৰ প্ৰথম সন্তান ।

১৫ নৱেম্বৰত আলিয়াই প্ৰথমবাৰৰ বাবে মাতৃ হিচাপে এটা ধুনীয়া পোষ্ট শ্বেয়াৰ কৰিছিল আৰু পোষ্টত নতুন মাকৰ শীতল মানসিকতা প্ৰতিফলিত কৰা হৈছে।

স্কাইৰুটে ভাৰতৰ প্ৰথমটো ব্যক্তিগতভাৱে নিৰ্মিত ৰকেট ‘বিক্ৰম-এছ’ উৎক্ষেপণ কৰিব …

হায়দৰাবাদস্থিত মহাকাশ ষ্টাৰ্টআপ স্কাইৰুট এৰ’স্পেছে ঘোষণা কৰিছে যে ভাৰতৰ প্ৰথমটো ব্যক্তিগতভাৱে নিৰ্মিত ৰকেট বিক্ৰম-এছ ১৮ নৱেম্বৰত উপ-কক্ষপথ অভিযানত উৎক্ষেপণ কৰা হ’ব। ‘প্ৰৰম্ভ’ (আৰম্ভণি) নামেৰে নামাকৰণ কৰা স্কাইৰুট এৰ’স্পেচৰ প্ৰথম অভিযানটোৱে দুজন ভাৰতীয় আৰু এজন বিদেশী গ্ৰাহকৰ পেলোড কঢ়িয়াই নিব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ শ্ৰীহৰিকোটাত থকা লঞ্চপেডৰ পৰা উৎক্ষেপণৰ বাবে সাজু হৈছে ৰকেট টো। স্কাইৰুট এৰ’স্পেছে ঘোষণা কৰে যে, “বতৰৰ অশুভ পূৰ্বাভাসৰ বাবে আমাক শ্ৰীহৰিকোটাৰ পৰা আমাৰ বিক্ৰম-এছ ৰকেট উৎক্ষেপণৰ বাবে ১৫-১৯ নৱেম্বৰলৈ নতুন উৎক্ষেপণৰ উইণ্ড’ দিয়া হৈছে, য’ত আটাইতকৈ সম্ভাৱ্য তাৰিখ হ’ব ১৮ নৱেম্বৰৰ পুৱা ১১:৩০ বজাত।”

“উত্তেজনা বৃদ্ধি পাইছে, আমাৰ লঞ্চ উইণ্ড’ সংকীৰ্ণ হৈ আহিছে। লঞ্চ পেডত উল্লাসিত দিন, আমাৰ ডাঙৰ দিনটোৰ বাবে প্ৰস্তুতি চলাইছে। হৃদস্পন্দন দ্ৰুত হয়। সকলোৰে দৃষ্টি আকাশলৈকে। পৃথিৱীয়ে শুনি আছে সকলো কথা।’- আন এটা টুইটত এইদৰে কয় স্কাইস্পেচ এৰ’স্পেছে।চেন্নাইস্থিত এৰোস্পেচ ষ্টাৰ্টআপ স্পেচকিজে ভাৰত, আমেৰিকা, ছিংগাপুৰ, ইণ্ডোনেছিয়াৰ ছাত্ৰ-ছাত্ৰীয়ে বিকশিত কৰা ২.৫ কিলোগ্ৰাম ওজনৰ পেলোড ‘ফান-ছেট’ বিক্ৰম-এছৰ উপ-কক্ষপথৰ বিমানত উৰুৱাব ।

ইয়াৰ লগে লগে স্কাইৰুটে মহাকাশলৈ ৰকেট নিক্ষেপ কৰা ভাৰতৰ প্ৰথমটো ব্যক্তিগত মহাকাশ কোম্পানী হিচাপে পৰিগণিত হ’ব, যিয়ে মহাকাশ খণ্ডৰ বাবে এক নতুন যুগৰ সূচনা কৰিব। যিটো ২০২০ চনত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণৰ সুবিধাৰ বাবে মুকলি কৰা হৈছিল। ২০২০ চনৰ ছেপ্টেম্বৰ মাহত স্কাইৰুটে ভাৰতৰ প্ৰথমটো ব্যক্তিগত ক্ৰাইজেনিক ৰকেট ইঞ্জিন উন্মোচন কৰে যিটো এল এন জিত চলি থাকে। ভাৰতত সম্পূৰ্ণ কঠিন প্ৰপালচন ৰকেট মঞ্চৰ সফল ডিজাইন, বিকাশ আৰু পৰীক্ষণ কৰা এইটোৱেই হৈছে প্ৰথমটো ব্যক্তিগত কোম্পানী।উল্লেখযোগ্য যে ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ প্ৰতিষ্ঠাপক ‘বিক্ৰম চাৰাভাই’ৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে স্কাইৰুটৰ উৎক্ষেপণ বাহনসমূহৰ নাম ‘বিক্ৰম’ ৰখা হৈছে।

উৎক্ষেপণ বাহনৰ উপৰিও মহাকাশ ষ্টাৰ্টআপটোৱে এটা ক্ৰাইজেনিক ইঞ্জিনৰ কামো কৰি আছে — ইছৰোৰ প্ৰাক্তন অধ্যক্ষ সতীশ ধৱনৰ নামেৰে নামাকৰণ কৰা ধৱন-আই, যিয়ে দুটা উচ্চ কাৰ্যক্ষম ৰকেট প্ৰপেলেণ্ট, তৰল প্ৰাকৃতিক গেছ আৰু তৰল অক্সিজেনেৰে কাম কৰিব।

ছাৰা আলী খানৰ গোপন প্ৰেমৰ সম্পৰ্ক এগৰাকী ক্ৰিকেটাৰ লগত…

বলীউডৰ অভিনেত্ৰী ছাৰা আলী খান অভিনয়ৰ বাবে প্ৰায়ে শিৰোনামত থাকে। ইয়াৰ বাহিৰেও অভিনেত্ৰী গৰাকীৰ প্ৰেম জীৱনক লৈ বহু চৰ্চা চলিছে। খবৰ অনুসৰি ছাৰা আলী খানে ডেটিং কৰিছে যুৱ ক্ৰিকেটাৰ শুবমান গিলৰ সৈতে। দুয়োকে বহুবাৰ একেলগে দেখা গৈছে। এতিয়া শুবমান গিল নিজেই এই খবৰত নিজৰ মৌনতা ভাঙিছে। গতিকে চাৰা আলী খানৰ সৈতে হোৱা প্ৰেমৰ সন্দৰ্ভত ক্ৰিকেটাৰ শুবমান গিলে কি কৈছে জানো আহক।

প্ৰীতি আৰু নীতি ছিমোছৰ জনপ্ৰিয় পাঞ্জাবী আড্ডা শ্ব’ ‘দিল দিয়া গল্লা’ত অতিথি হিচাপে শুবমান গিল। এই অনুষ্ঠানটো আয়োজন কৰিছে সোণম বাজৱাই। শ্ব’টোৰ সময়ত যেতিয়া ক্ৰিকেটাৰগৰাকীক সোধা হৈছিল যে বলীউডৰ আটাইতকৈ ফিট মহিলা অভিনেতা কোন? পলম নকৰাকৈ শুবমানে লগে লগে ছাৰাৰ নাম ল’লে। পিছৰ প্ৰশ্নটো আছিল, তেওঁ ছাৰাৰ লগত ডেটিং কৰি আছে নেকি? উত্তৰত শুবমানে ক’লে- হয়তো। যেতিয়া শুবমানক চাৰৰ সমগ্ৰ সত্য কথা ক’বলৈ কোৱা হৈছিল। গতিকে ক্ৰিকেটাৰজনে লাজতে ৰঙা পৰি মুখত ডাঙৰ হাঁহি এটা লৈ ক’লে – সকলো সত্য , হয়তো হয়, হয়তো নহয়।

এতিয়া শুবমান গিলৰ এই উত্তৰ শুনি আপুনি নিজেই অনুমান কৰিব পাৰিব যে তেওঁ ছাৰাৰ লগত ডেটিং কৰিছে নে নাই। শুবমানে যদি মুকলিকৈ মান্তি হোৱা নাছিল, তেন্তে তেওঁও অস্বীকাৰ কৰা নাছিল। চলিত বৰ্ষৰ আগষ্ট মাহৰ পৰা চাৰা আৰু শুবমানৰ ডেটিংৰ খবৰ ভাইৰেল হৈ পৰিছে। দুয়োকে একেলগে ৰেষ্টুৰেণ্টত দেখা গৈছিল। ইয়াৰ পিছত অক্টোবৰ মাহত তেওঁলোকক পুনৰ একেলগে দেখা গ’ল। দুয়োকে একেলগে দিল্লীৰ এখন হোটেলৰ পৰা ওলাই অহা দেখা গৈছিল। লুকাই থাকিবলৈ বহুত চেষ্টা কৰিলেও সফল নহ’ল। তেওঁৰ লগতে এই ক্লিপটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল।

এই অভিনেতাজনৰ সৈতে ছাৰাৰ প্ৰেম আছিল
শুবমান গিলৰ লগত ডেটিং সন্দৰ্ভত এতিয়াও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ছাৰা আলী খানে। কিন্তু ইয়াৰ আগতে ছাৰা আলী খানৰ প্ৰেম আছিল বলীউডৰ বিখ্যাত অভিনেতা কাৰ্তিক আৰিয়ানৰ সৈতে। অৱশ্যে দুয়োৰে সম্পৰ্ক বেছি দিন টিকি থাকিব নোৱাৰিলে। এতিয়া দুয়োজনেই জীৱনত আগবাঢ়িছে। কাৰ্তিকে পশ্মিনা ৰোশন (ঋত্বিক ৰোশনৰ খুলশালীয়েক) ডেটিং কৰাৰ সন্দৰ্ভত জল্পনা-কল্পনা চলিছে। একে সময়তে অনবৰতে শুবমানৰ লগত ছাৰাৰ নাম জড়িত হৈ আছে।

শিৱসাগৰৰ কোঁৱৰপুৰত দলঙৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা বৃদ্ধাৰ…

শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ অঞ্চলত কিছু সময় পূৰ্বে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। অঞ্চলটোৰ মাজেৰে পাৰ হৈ যোৱা দিখৌ নদীৰ ওপৰত থকা জয়া দলঙৰ ওপৰৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা চলায় এগৰাকী বৃদ্ধাই। প্ৰায় ৬০-৬৫ বছৰীয়া বৃদ্ধা গৰাকীয়ে দলঙৰ পৰা জাঁপ দিয়াৰ সময়ত নদীৰ পাৰত বাঁহ কাটি থকা স্থানীয় দুগৰাকী লোকে শব্দ শুনি নদীৰ কাষ চাপি আহে।

বৃদ্ধাগৰাকী প্ৰায় ৭০ মিটাৰ মান নদীত উটি যোৱাৰ পিছত দুয়ো ব্যক্তিয়ে নদীত জাঁপ দি বৃদ্ধাগৰাকীক পাৰলৈ উঠাই নিয়ে। স্থানীয় লোকৰ তৎপৰতাত অৱশ্যে বৰ্তমান বৃদ্ধাগৰাকী সংকটমুক্ত বুলি জানিব পৰা গৈছে।স্থানীয় এগৰাকী ব্যক্তিয়ে জানিবলৈ দিয়া মতে, বৃদ্ধাগৰাকীয়ে নদীত জাঁপ দিয়াৰ পূৰ্বে দলঙৰ ফুটপাথত কিছু সময় ধৰি পায়চাৰি কৰি আছিল। কিন্তু ব্যক্তিগৰাকী সেই স্থানৰ পৰা আঁতৰি অহাৰ পিছতে নদীত জাঁপ দিয়ে বৃদ্ধাগৰাকীয়ে।

অৱশ্যে এইপৰ্যন্ত বৃদ্ধাগৰাকীৰ পৰিচয় লাভ কৰিব পৰা নাই স্থানীয় লোকে। ইতিমধ্যে ঘটনাস্থলীত থকা লোকসকলে এই বিষয়ে আৰক্ষীক অৱগত কৰাৰ লগতে এম্বুলেন্স সেৱাৰ জৰিয়তে বৃদ্ধাগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে, বিগত কিছুদিন ধৰি শিৱসাগৰৰত দিখৌ নদীৰ ওপৰত থকা পুৰণি দিখৌ দলঙৰ পৰা জঁপিয়াই আত্মহত্যা কৰাৰ ঘটনাই উদ্বেগৰ সৃষ্টি কৰিছিল। অৱশ্যে শেহতীয়াকৈ জিলা প্ৰশাসনে এনে ঘটনাৰ পৰিপ্ৰেক্ষিতত দলঙৰ কাষত বেৰা দিয়াৰ পাছত এইধৰণৰ ঘটনা ৰোধ পাইছে।