Home Blog Page 1863

বলীউডত কোনে লাভ কৰে অধিক Remuneration?অভিষেক নে ঐশ্বৰ্য?

অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চনৰ মাজত কোন বেছি সফল? পাৰিশ্ৰমিকৰ ক্ষেত্ৰত কোন আগবাঢ়ি আছে? এই প্ৰসংগত প্ৰায়ে চৰ্চা হয়। অভিষেকতকৈ ঐশ্বৰ্যই বেছি পাৰিশ্ৰমিক লাভ কৰে। আনকি একেখন ছবিত অভিনয় কৰিও ঐশ্বৰ্যই অভিষেকতকৈ লাভ কৰে অধিক পাৰিশ্ৰমিক। 
২০১৮ চনত এক সাক্ষাৎকাৰত অভিষেকে কয় যে তেওঁ আৰু ঐশ্বৰ্যই এতিয়ালৈকে যি ৯খন ছবিত কাম কৰিছে তাৰ ভিতৰত ৮খন ছবিত ঐশ্বৰ্যৰ পাৰিতোষিক অভিষেকতকৈ বেছি। উদাহৰণ দি অভিষেকে কয় যে ‘পিকু’ ছবিখনত অমিতাভ আৰু ইৰফান খানতকৈ দীপিকা পাডুকনক অধিক দৰমহা দিয়া হৈছিল।
আচলতে চিনেমাৰ ক্ষেত্ৰত যি তাৰকাৰ ব্ৰেণ্ড ভেল্যু বেছি, তেওঁকৰে পাৰিশ্ৰমিক বেছি। ঐশ্বৰ্যৰ ব্ৰেণ্ড ভেল্যু অভিষেকতকৈ বেছি বাবে তেওঁ বেছিকৈ টকা লাভ কৰে। অভিষেক আৰু ঐশ্বৰ্যৰ সম্পৰ্কৰ মাজত ঐশ্বৰ্যই বেছি পাৰিশ্ৰমিক পোৱাক লৈ কেতিয়াও কোনো প্ৰত্যক্ষ সমস্যাৰ উদ্ভৱ হোৱা নাই। দুয়ো প্ৰফেছনেল আৰু পাৰ্চনেল লাইফ সুন্দৰকৈ বৰ্তাই ৰাখিছে। অভিষেক-ঐশ্বৰ্যই বৈবাহিক জীৱনৰ ১৫ বছৰ সম্পূৰ্ণ কৰিলে।

অভিষেক-ঐশ্বৰ্যৰ প্ৰথম সাক্ষাৎ হৈছিল ১৯৯৭ চনত। ববি দেউলে তেওঁলোকক প্ৰথমবাৰৰ চিনাকি কৰাই দিছিল। সেইসময়ত অৱশ্যে দুয়োজনেই আন সম্পৰ্কত বান্ধ খাই আছিল। ছলমান খানৰ সৈতে ঐশ্বৰ্যৰ প্ৰেমৰ সম্পৰ্ক তেতিয়া বলীউডৰ এক উত্তপ্ত বিষয় আছিল। অন্যহাতে অভিষেকৰ কৰিশ্মা কাপুৰৰ লগত বিচ্ছেদ হোৱাৰ খবৰেও চৰ্চা লাভ কৰিছিল। লাহে লাহে অভিষেক-ঐশ্বৰ্য ইজনে সিজনৰ ওচৰ চাপি আহিবলৈ ধৰিলে।
তেওঁলোকৰ বন্ধুত্বৰ আৰম্ভণি হৈছিল ২০০০ চনত। লগ পোৱাৰ ঠিক তিনিবছৰৰ পাছত ‘ধাই অক্ষৰ প্ৰেম কি’ ছবিখনৰ পৰা। তাৰ পিছত ‘কিউ হো গয়া না’ ছবিখনৰ পিছত বলীউডত আৰম্ভ হ’ল তেওঁলোকৰ প্ৰেমৰ গুণগুণনি। অভিষেক-ঐশ্বৰ্যৰ সম্পৰ্কক চিৰস্থায়ী কৰাত আগভাগ ললে অমিতাভ আৰু জয়াই। দুয়োটা পৰিয়ালৰ সন্মতিত ২০০৭ চনৰ ২০ এপ্ৰিলত ধুমধামেৰে অভিষেক-ঐশ্বৰ্যৰ বিয়া হৈ যায়। ২০১১ চনৰ ১৬ নৱেম্বৰত তেওঁলোকৰ সংসাৰলৈ আহে কন্যা সন্তান আৰাধ্যা। 

২০২৩ বৰ্ষৰ ভিতৰত আমাৰ দেশৰ আয়ুষ সামগ্ৰীয়ে ২৩ বিলিয়ন ডলাৰৰ বজাৰ দখল কৰিব: সৰ্বানন্দ সোণোৱাল

“আমাৰ দেশৰ আয়ুষ সামগ্ৰীয়ে ইতিমধ্যে বিশ্বৰ ১৮.২ বিলিয়ন ডলাৰৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। অহা ২০২৩ বৰ্ষৰ ভিতৰত আমাৰ আয়ুষ সামগ্ৰীয়ে ২৩ বিলিয়ন ডলাৰৰ বজাৰ দখল কৰিব বুলি আমি দৃঢ় বিশ্বাসী।” –  আয়ুৰ্বেদৰ প্ৰসাৰৰ ক্ষেত্ৰত নিৰৱচ্ছিন্ন সেৱা আগবঢ়াই অহা আয়ুৰ্বেদ ব্যাসপীঠৰ ৰূপালী জয়ন্তী বৰ্ষৰ সমাপন সমাৰোহত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এনেদৰে উল্লেখ কৰে। নাগপুৰৰ সুৰেশ ভট সভাগৃহত আয়োজিত এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক মোহনজী ভাগৱত, গোৱাৰ মুখ্যমন্ত্ৰী বৈদ্য প্ৰমোদ সাৱন্ত প্ৰমুখ্যে আয়ুষ মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াবৰ্গ আৰু বহুকেইগৰাকী আগশাৰীৰ বৈদ্য। 

ভাষণ প্ৰসংগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি কয়, “পাঁচহাজাৰ বছৰীয়া আমাৰ ভাৰতীয় সভ্যতা-সংস্কৃতিৰ বুকুত নিহিত হৈ আছে বহু প্ৰাচীন পদ্ধতি আৰু ঐতিহ্য, পৰম্পৰা। তাৰেই এটি গুৰুত্বপূৰ্ণ অংশ হৈছে আয়ুৰ্বেদ। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শাসনভাৰ লোৱাৰপৰাই দূৰদৰ্শী দৃষ্টিভংগীৰে ভ’কেল ফ’ৰ ল’কেলৰ আহ্বান জনাই আহিছে, যাৰ ফলশ্ৰুতিত বিভিন্ন খণ্ডৰ লগতে আয়ুৰ্বেদকে ধৰি দেশৰ পৰম্পৰাগত চিকিৎসা তথা ঔষধি পদ্ধতিয়ে এতিয়া কেৱল ভাৰততে নহয়, বিশ্বব্যাপী জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। দেশৰ আয়ুষ খণ্ডত থকা সুযোগ-সম্ভাৱনাক উজ্জীৱিত কৰি তোলাৰ নিমিত্তে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত আয়ুষ মন্ত্ৰালয়ে বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰি আহিছে।”

তদুপৰি তেওঁ কয়, “আয়ুৰ্বেদ ব্যাসপীঠে যোৱা ২৫ বছৰ ধৰি সমৰ্পিত ভাবনাৰে ৰাষ্ট্ৰৰ সেৱা কৰি আহিছে। আয়ুৰ্বেদৰ প্ৰসাৰত তেওঁলোকে গ্ৰহণ কৰি অহা পদক্ষেপবোৰ অত্যন্ত শলাগনীয়। আয়ুৰ্বেদ ব্যাসপীঠৰ সৰ্বাংগীণ উত্তৰণ কামনা কৰিছোঁ। আয়ুৰ্বেদৰ শিক্ষা, গৱেষণা, বিজ্ঞানসন্মত অধ্যয়ন আৰু ইয়াৰ প্ৰসাৰৰ জৰিয়তে আমাৰ প্ৰাচীন চিকিৎসা তথা ঔষধি পদ্ধতিক আধুনিক দৃষ্টিভংগীৰে মূল্যাঙ্কন কৰাৰ লগতে এইক্ষেত্ৰত নিষ্ঠাৰে কাম কৰি যাবলৈ সংশ্লিষ্ট বিদ্যাৰ্থী, গৱেষক, বৈদ্য, আয়ুৰ্বেদ ঔষধ উৎপাদক আদি সকলোকে মই আন্তৰিকতাৰে আহ্বান জনাইছোঁ। ইয়াৰ বাবে আমি সকলোৱে মিলি সুপৰিকল্পিত কাৰ্যক্ৰম প্ৰস্তুত কৰিব লাগিব। ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থায়ো ভাৰতৰ পৰম্পৰাগত ঔষধি প্ৰণালীৰ গুৰুত্ব আৰু মহত্ব অনুধাৱন কৰি গুজৰাটৰ জামনগৰত স্থাপন কৰিছে পৰম্পৰাগত ঔষধৰ প্ৰথমটো বিশ্ব কেন্দ্ৰ।

আগন্তক সময়ত পৰম্পৰাগত চিকিৎসা প্ৰণালীৰ ক্ষেত্ৰত ভাৰতে বিশ্বক নেতৃত্ব দিব আমি গভীৰ আশাবাদী।” তদুপৰি সোণোৱালে কয়, “যোৱা ২৩ অক্টোবৰত আয়ুষ মন্ত্ৰালয়ৰ উদ্যোগত আৰু আন আন মন্ত্ৰালয়বোৰৰ সহযোগত দেশজুৰি অনুষ্ঠিত হৈছে ‘আয়ুৰ্বেদ দিৱস’। ‘হৰ দিন, হৰ ঘৰ আয়ুৰ্বেদ’ৰ মূলমন্ত্ৰেৰে উদযাপিত এইবাৰৰ ‘আয়ুৰ্বেদ দিৱস’ৰ বিভিন্ন কাৰ্যসূচীত জনসাধাৰণে স্বতঃস্ফূৰ্ত আৰু সক্ৰিয় অংশগ্ৰহণ কৰাটো খুবেই আনন্দৰ বতৰা। আয়ুৰ্বেদৰ প্ৰসাৰৰ বাবে জন সম্বাদ, জন ভাগীদাৰী, জন আন্দোলন, জন আৰোগ্য- এই লক্ষ্যৰে আমি নিৰৱচ্ছিন্ন প্ৰচেষ্টা গ্ৰহণ কৰি আহিছোঁ। এতিয়া আয়ুষ খণ্ডত চিকিৎসক, গৱেষক, শিক্ষাৰ্থীৰ সংখ্যা আৰু সংস্থাপন বৃদ্ধি হৈছে। এখন সুস্থ-সবল ভাৰত গঢ়াৰ বাবে আমি আধুনিক চিকিৎসা পদ্ধতিৰ সমান্তৰালভাৱে পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ গুণগত প্ৰসাৰৰ দিশতো একত্ৰিত প্ৰচেষ্টাৰে কাম কৰি যাব লাগিব।” আয়ুৰ্বেদৰ সুফল আৰু সম্ভাৱনা সম্পৰ্কে সজাগতা বৃদ্ধি কৰিবলৈ উপস্থিত সকলোকে তেখেতে আহ্বান জনায়।

বিশিষ্ট অভিনেতা জয়ন্ত ভাগৱতী অসুস্থ । গীতানগৰস্থিত কে জি এম টি হাস্পতালত চিকিৎসাধীন শিল্পীগৰাকী ।

বিশিষ্ট অভিনেতা জয়ন্ত ভাগৱতী অসুস্থ । গীতানগৰস্থিত কে জি এম টি হাস্পতালত চিকিৎসাধীন শিল্পীগৰাকী ।

‘কৰ্ণাটকী সংগীতেৰে মুখৰিত মহানগৰীৰ শাৰদীয় আবেলি’

দক্ষিণ ভাৰতৰ প্ৰসিদ্ধ বাঁহীবাদক ‘মাইচোৰ এ চন্দনকুমাৰ’ৰ বাঁহীবাদনে মহানগৰীৰ শাৰদীয় পৰিবেশক অধিক মোহনীয় কৰি তোলে৷ অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ চৌহদত শাস্ত্ৰীয় সংগীত প্ৰচাৰৰ প্ৰতিষ্ঠান স্পিকমেকে সহযোগত আজি আবেলি অনুষ্ঠিত এখন সংগীত সভাত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-শিক্ষক আৰু আমন্ত্ৰিত অতিথিৰ সন্মুখত শিল্পগৰাকীয়ে সংগীত পৰিবেশন কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে৷ ‘চিঙিং ফ্লুইট’ হিচাপে বিখ্যাত এই শিল্পীগৰাকী সংগীত নাটক অকাডেমিৰ বিচমিল্লাহ খান যুৱ পুৰষ্কাৰেৰে সন্মানিত৷ দেশ বিদেশৰ বহু সংগীতসভাত অংশগ্ৰহন কৰা এই শিল্পীগৰাকী আকাশবাণী আৰু দূৰদৰ্শনৰ এ গ্ৰেডৰ শিল্পী৷ চন্দনকুমাৰৰ পুৰুষসুলভ বাদনশৈলীৰ মূল বৈশিষ্ট হ’ল শক্তিশালী ৰেপ, গতিশীল সুৰ আৰু সতেজ সৃষ্টিশীলতা৷ তেওঁৰ উদ্ভাৱনী মনটোৱে সদায় নতুন দিগন্ত আৰু সতেজ বৰ্ণনাৰ সন্ধানত থাকে আৰু তেওঁৰ বাদনত তাৰ প্ৰতিফলন থাকে৷ শিল্পীৰ লগত সহযোগ কৰা এগৰাকী শিল্পী হ’ল বেহেলাবাদক ইদাপল্লি অজিত কুমাৰ৷ তেওঁ পণ্ডিত বালমূৰলী কৃষ্ণ, পণ্ডিত য়েচুদাস আদিৰ লগত দেশেবিদেশে সংগত কৰিছে৷ অনুষ্ঠানত মৃদংগমবাদনেৰে সহযোগ কৰিছিল বিদ্বান অৰ্জুন কুমাৰে৷ সংগীতা বড়োই পৰিচালনা কৰা এই অনুষ্ঠানটিৰ আঁত ধৰে হিমাস্মিতা ডেকা আৰু অভয়জিৎ পালে।
বিশ্ববিদ্যালয়ৰ ডীন অব ষ্টাডিজ প্ৰফেচৰ বন্দনা দত্তই শিল্পীকেইগৰাকীক সম্বদ্ধৰ্না জনায় আৰু ভবিষ্যতেও এনে সংগীতপৰিবেশনৰ বাবে আহ৩ান জনায়৷ শিল্পীকেইগৰাকীয়ে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জনায় শ্ৰোতাসকলৰ অংশগ্ৰহনৰ প্ৰশংসা কৰে৷ অনুষ্ঠানত প্ৰখ্যাত চৰোদ বাদক তৰুণ কলিতা, লেখক নম্ৰতা দত্ত, সাংবাদিক পংকজকুমাৰ দত্ত আদিও উপস্থিত থাকে৷

চাপৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযানত আৰক্ষীয়ে পুনৰ আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী…

চাপৰত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান যোৱা নিশা চাপৰ আৰক্ষীয়ে পুনৰ চলালে ড্ৰাগছৰ বিৰুদ্ধে অভিযান । অভিযানত আৰক্ষীয়ে পুনৰ আটক কৰে ড্ৰাগছ সৰবৰাহকাৰী ।

যোৱা নিশা চাপৰৰ মৌৱাটাৰীৰ পৰা আটক কৰে আন তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক । আটকাধীন ড্ৰাগছ সৰবৰাহকাৰী কেইটা ক্ৰমে বিকি,জিয়াৰুল আৰু ইৰফান আলী তিনিওজনৰে ঘৰ চাপৰৰ মৌৱাটাৰীত বুলি জানিব পৰা গৈছে , বিষয়াগৰাকীৰ এই পদক্ষেপক সলাগ লৈছে চাপৰ সচেতন মহল তথা ৰাইজে ।


আনফালে ড্ৰাগছ বিৰোধী সজাগতা সভাত গঠন কৰি দিয়া সমিতিখনক প্ৰশংসা কৰে চাপৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে । লগতে অনাগত দিনত ড্ৰাগছৰ বিৰুদ্ধে এই অভিযান চলি থাকিব বুলি জানিব দিয়ে বিষয়াগৰাকীয়ে ।

BIG B অমিতাভ বচ্ছনে আজিও খায় পত্নীৰ গালি। কাৰণটো মোবাইল ফোন। বিশ্বাস হয়নে?

অমিতাভ আৰু জয়া, বলিউডৰ তাৰকা দম্পত্তিসকলৰ ভিতৰত অন্যতম।

কিন্তু বলিউডৰ বিগবি অমিতাভ বচ্ছনেও মাজে মাজে গালি শুনিব লগা হয় পত্নী জয়াৰ। কিন্তু কি পৰিস্থিতিত জয়াই অমিতাভক গালি দিয়ে? শেহতীয়াকৈ কেবিচিৰ এগৰাকী প্ৰতিযোগীয়ে এই প্ৰশ্ন সুধে বিগ বিক। তাৰ উত্তৰত বিগ বিয়ে কয় যে যেতিয়া জয়াৰ ফোন কল অমিতাভে নধৰে, তেতিয়াই তেওঁৰ পত্নীৰ পৰা গালি শুনিব লগা হয়।

”মই ভাবো, সকলো পুৰুষেই মোৰ স’তে সহমত হ’ব। সেইফালৰ পৰা ফোন আহিল। আৰু আপুনি সেই ফোন কলটো ধৰিব নোৱাৰিলে। বচ্, তেনেহ’লে হৈ গ’ল আৰু!’’- বিগ বিয়ে কয়।

বিগবিয়ে কয় যে পত্নী জয়াই যেতিয়াই ফোন কৰিব, তেতিয়াই সেই ফোন কলটো তেওঁ ধৰিব লাগিব। অন্যথা তীব্ৰ গালি শুনিব লগা হয়।

ছৱিৰ শ্বুটিংঙৰ মাজতো বিগবিয়ে পত্নী জয়াৰ ফোনকল চম্ভালিব লগা হয়। ব্যস্ততাৰ মাজতো যাতে জয়াৰ ফোন মিছ নহয়, সেইবাবে এটা উপায় অবলম্বন কৰিছে তেওঁ।

”মোৰ চেক্ৰেটাৰীক কোৱা আছে যে জয়াৰ ফোন আহিলে যাতে ৰিচিভ কৰে। মই কি কৰিছো, ক’ত আছো, সকলো যাতে তেওঁক জনাই দিয়ে।’’- বিগ বিয়ে কয়।

কিন্তু ইয়াৰ পাছতো জয়াৰ গালি শুনে বিগবিয়ে। জয়াই বিগবিৰ আগত আপত্তি কৰে যে নিজৰ স্বামীৰ স’তে কথা পাতিবলৈও পত্নীয়ে চেক্ৰেটাৰীৰ জৰিয়তে সংযোগ কৰিব লগা হৈছে।

বিগ বিৰ এই উত্তৰ শুনি অনুৰাগীসকলে হাঁহিত বাগৰি পৰে। উল্লেখ্য যে শুক্ৰবাৰে বিগবিৰ এখন নতুন ছৱি ‘উঁচাই’ মুক্তি লাভ কৰিছে। বৃহসপ্তিবাৰে ছৱিখনৰ বিশেষ প্ৰদৰ্শনিত উপস্থিত আছিল জয়া বচ্ছন।

প্ৰাক্তন প্ৰেমিক ৰোহমানৰ সৈতে সুস্মিতা সেনৰ ৪৭ সংখ্যক জন্মদিনৰ পৰিকল্পনা…

সুস্মিতা সেনৰ ৪৭ সংখ্যক জন্মদিনৰ পৰিকল্পনা পোষ্ট: বলীউডৰ অভিনেত্ৰী সুষমিতা সেনৰ কামৰ ওপৰত আলোচনা অব্যাহত আছে। ইয়াৰ লগতে তেওঁৰ ব্যক্তিগত জীৱনটোও চহৰখনৰ চৰ্চা হৈয়েই আছে। ছচিয়েল মিডিয়াত প্ৰায়ে তেওঁলোকৰ সম্পৰ্কৰ খবৰ ওলায়। বিগত সময়ত ললিত মোডীৰ সৈতে নিজৰ নাম সংযোগ কৰাৰ বাবে তেওঁক ট্ৰ’ল কৰিবলগীয়া হৈছিল। একে সময়তে বৰ্তমানৰ দিনত অভিনেত্ৰীগৰাকীক অতি সুখী যেন লাগিছে।

শীঘ্ৰে ৪৭ বছৰত ভৰি দিবলৈ ওলাইছে সুস্মিতা সেন। অহা ১৯ নৱেম্বৰত অভিনেত্ৰীগৰাকীৰ জন্মদিন। অৱশ্যে প্ৰায় এসপ্তাহ আগতে তেওঁৰ জন্মদিনক লৈ তেওঁৰ উত্তেজনা দেখাবলৈ আৰম্ভ কৰিছে। কেৱল এয়াই নহয়, জন্মদিন উদযাপন কৰিবলৈ তাই বহিঃৰাজ্যলৈ গৈছে। আচলতে সুস্মিতাই ইনষ্টাগ্ৰামত এটা পোষ্ট দিছে, য’ত তেওঁ জন্মদিন উদযাপনৰ বাবে বিদেশলৈ যোৱাৰ কথা কৈছে।

তেওঁ লিখিছে, ‘যাবলৈ সাজু। জন্মদিন উদযাপনৰ বাবে এসপ্তাহৰ কাউণ্টডাউন আৰম্ভ হয়। জন্মদিনটো মোৰ বৰ ভাল লাগে। মই তোমালোকক ভাল পাওঁ বন্ধুসকল’। ইয়াৰ সৈতে এখন ছবি শ্বেয়াৰ কৰিছে, য’ত তেওঁক ছুট-বুট পিন্ধি, চকুত গগলছ পিন্ধি, সম্পূৰ্ণ লেডী বছ লুকত দেখা গৈছে।

কেদাৰনাথ মন্দিৰৰ চৌপাশে পাহাৰত ভয়ংকৰ হিমস্খলন…

কেদাৰনাথ পাহাৰত ভয়ংকৰ হিমস্খলন।  বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত কেদাৰনাথ মন্দিৰৰ চৌপাশে হিমস্খলন হোৱা দেখিবলৈ পোৱা যায়। সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে হিমস্খলনৰ ভিডিঅ’।

 কোনোধৰণৰ ক্ষয়- ক্ষতিৰ কথা জানিব পৰা হোৱা নাই যদিও মন্দিৰ কৰ্তৃপক্ষই এতিয়াও নিৰীক্ষণ কৰি আছে।

উল্লেখ্য যে, বৰ্ধিত জনসংখ্যা আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত হিমালয়ৰ সৰহ সংখ্যক হিমবাহ দ্ৰুতগতিত গলিবলৈ ধৰিছে।

যৌন ৰোগ অৱহেলা কৰিলে মাৰাত্মক ৰূপ ধাৰণ কৰিব পাৰে…

যৌন ৰোগ কেৱল অসুৰক্ষিত যৌন সম্বন্ধৰ ফলতেই নহয়, অন্য কাৰণতো হয়। সেয়ে সময় থাকোঁতেই ইয়াৰ পৰীক্ষা আৰু চিকিৎসা কৰাব লাগে, অন্যথা ইয়াৰ পৰিণাম ভয়ানক হ’বগৈ পাৰে।

যৌন ৰোগত সংক্ৰমিত মহিলা বা যুৱতীৰ সৈতে যদি কোনো লোকে অসুৰক্ষিত যৌন সম্পৰ্ক স্থাপন কৰে তেন্তে তেওঁৰ শৰীৰলৈ যৌন ৰোগৰ সংক্ৰমণ হ’ব পাৰে। যৌন ৰোগ চিনাক্ত কৰি তৎকালীনভাৱে চিকিৎসা নল’লে শৰীৰৰ বিভিন্ন অংগলৈ এই ৰোগ বিয়পি পৰে আৰু ৰোগী মৃত্যু মুখতো পৰিব পাৰে।

সমগ্ৰ বিশ্বতেই যৌন ৰোগ একে সমস্যাতো পৰিণত হৈছে। এই ৰোগ ২৫ টা বেলেগ বেলেগ প্ৰকাৰৰ সংক্ৰমণৰ দ্বাৰা হয়। ছিফিলিচ আৰু গণোৰিয়া ৰোগৰ আগতে মহিলাসকল অধিক আক্ৰান্ত হৈছিল। এন্টিবায়’টিক ঔষধৰ দ্বাৰা এতিয়া এই ৰোগক নিয়ন্ত্ৰিত কৰিব পৰা হৈছে।

উন্নত দেশসমূহত হোৱা যৌন ৰোগৰ ভিতৰত ক্লেমাইডিয়া, ননস্পেচিফিক, ইউৰেটাইটিচ, জেনাইটেল হাৰ্পিজ আৰু জেনাইটেল ৱাৰ্টচ আদিয়ে প্ৰধান। ১৯৬০ চনৰ পৰা ১৯৭০ দশকত যেতিয়া মহিলাসকলে গৰ্ভনিৰোধৰ বাবে কনডোমৰ ব্যৱহাৰ এৰি গৰ্ভনিৰোধক টেবলেট খোৱা আৰম্ভ কৰিছিল তেতিয়া এই ৰোগবিলাক সমগ্ৰ বিশ্বতে অত্যাধিক মাত্ৰাত বৃদ্ধি পাইছিল। ক্লেমাইডিয়া আৰু জেনাইটেল হাৰ্পিজ ৰোগ ১৯৮০ ৰ পৰা ৯০ ৰ দশকত অতি মাত্ৰাত বিয়পি পৰিছিল। অনেক সময়ত ক্লেমাইডিয়া ৰোগ বন্ধ্যা আৰু নপুংসকতাৰ কাৰণো হয়গৈ। সেয়ে পশ্চিমীয়া উন্নত ৰাষ্ট্ৰসমূহৰ চৰকাৰী চিকিৎসালয়সমূহত প্ৰতি ছমাহৰ অন্তৰে অন্তৰে যৌন ৰোগৰ বিনামূলীয়া পৰীক্ষা আৰু চিকিৎসা কৰা হয়। পুৰণা যৌন ৰোগৰ দৰে এই ৰোগকেইটাৰ লক্ষণো সহজতে দেখা নিদিয়ে আৰু বহুত কম পৰিমাণেহে লক্ষণ পৰিলক্ষিত হয়।

অধিকাংশ যৌন ৰোগ সংক্ৰমিত ব্যক্তিৰ সৈতে যৌন সম্ভোগ কৰিলেহে হয়। ইয়াৰ বাদেও হেপাটাইটিচ ‘বি’ আৰু এইচ আই ভি আদি ৰোগ যৌন সম্পৰ্কৰ যোগেদি বিয়পে। ৰোগৰ সংক্ৰমণ কেৱল শাৰিৰীক সম্বন্ধ স্থাপন কৰিলেই নহয় সংক্ৰমিত ব্যক্তিৰ পৰা তেজ ল’লে, সংক্ৰমিত ছিৰিঞ্জ ব্যৱহাৰ কৰিলেও এনেবোৰ ৰোগ হয়। এনে ধৰণৰ ৰোগ গৰ্ভত থকা শিশুৰো হয়।

যদি আপুনি যৌন ৰোগত আক্ৰান্ত হৈছে বুলি অনুমান কৰিছে, তেন্তে পলম নকৰি চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰাই সু-চিকিৎসা লওক। তেজ, মূত্ৰ পৰীক্ষা কৰিও ৰোগ ধৰা পেলোৱা হয়। প্ৰাৰম্ভিক অৱস্থাত এন্টিবায়টিক ঔষধৰ দ্বাৰাই এই ৰোগ ঠিক হৈ যায়, কিন্তু জেনাইটেল হাৰ্পিজৰ কোনো চিকিৎসা নাই। ঔষধৰ দ্বাৰা মাথো ইয়াক নিয়ন্ত্ৰতহে ৰাখিব পৰা যায়। আপুনি আপোনাৰ যৌন সংগীগৰাকীৰো পৰীক্ষা কৰাই ল’ব।

যৌন ৰোগৰ দ্বাৰা সংক্ৰমিত হ’লে লগে লগেই চিকিৎসা আৰম্ভ কৰি দিব লাগে। যৌন ৰোগত আক্ৰান্ত মহিলাৰ চিকিৎসা নকৰালে পেলভিক ক্ষেত্ৰতো ৰোগে ভয়ানক ৰূপ ধাৰণ কৰিব পাৰে। ৰোগ বিয়পোৱা বেক্টেৰিয়াই পেলভিক কেভিটি লৈকে প্ৰৱেশ কৰি ডিম্ববাহী নলী (ফেলোপিয়ন টিউব) পৰ্যন্ত ক্ষতি কৰে। এই নলী সংক্ৰমিত হ’লে নলী বন্ধ হৈ মহিলাগৰাকী বন্ধ্যা হ’ব পাৰে।

যৌন ৰোগৰ পৰা হাত সাৰি থাকিবলৈ হ’লে অচিনাকি সংগীৰ সৈতে যৌন সম্ভোগত ৰত নোহোৱাই উত্তম। কিন্তু এয়া সম্ভৱপৰ নহয়। কোন যুৱতী বা মহিলাৰ যৌন ৰোগ আছে, আপুনি ওপৰেদি চাই অনুমানেইস কৰিব নোৱাৰিব। অধিকাংশ মডেল, চলচিত্ৰাভিনেত্ৰী, মিল-ফেক্টৰীৰ বনুৱা, বনুৱা, কলগাৰ্ল, পতিতা, সুৰাসক্ত নাৰী-যুৱতী, ড্ৰাগছ লোৱা মহিলা-যুৱতীসকল এই ৰোগত অধিককৈ ভোগে আৰু অন্যৰ শৰীৰলৈকো এই ৰোগ বিয়পায়। চহৰত ধুন পেচ মাৰি ঘূৰি ফুৰা যুৱতীসকলক চাই প্ৰলোভিত নহ’ব। এনে যুৱতীসকলৰ অধিকাংশই ধনৰ লোভত শৰীৰ বিক্ৰী কৰি ফুৰে। যৌন সম্বন্ধ স্থাপন কৰাৰ পূৰ্বে কিছু সাৱধানতা অৱলম্বন কৰিলে এই ৰোগৰ পৰা বাচি থাকিব পাৰিব।

  • অধিক মহিলা-যুৱতীৰ সৈতে সম্ভোগ নকৰিব। যৌন সংগীৰ নিৰ্বাচন চিন্তা কৰিহে কৰিব।
  • সম্ভোগ কৰোতে কণ্ডোম ব্যৱহাৰ কৰিব।
  • সম্ভোগৰ পিছত নিজ গুপাংগ ভালকৈ ধুই পৰিষ্কাৰ কৰি ল’ব।
  • মুখ মৈথুন, বা গুহ্য দ্বাৰেৰে মৈথুন কৰিলে লগে লগেই পুৰুষাংগ ধুই এন্টিচেপটিক ক্ৰীম বা লোচন লগাব।

কেইটামান যৌন ৰোগৰ সাধাৰণ লক্ষণ ক্লেমাইডিয়া

ইয়াৰ লক্ষণ হৈছে যোনিৰ পৰা স্ৰাৱ অধিক মাত্ৰাত নিৰ্গত হ’ব। প্ৰস্ৰাৱ ঘনাই হ’ব। তল পেটত বিষ অনুভৱ হ’ব। যৌন সম্ভোগৰ সময়ত বিষ হ’ব। গৰ্ভধাৰণত অসফলত আহিব। পুৰুষসকলৰ লিঙ্গেৰে স্ৰাৱ নিৰ্গত হ’ব। প্ৰস্ৰাৱ কৰোতে জ্বলন হ’ব। এন্টিবায়টিক টেবলেট সেৱন কৰিলেই এই ৰোগৰ পৰা নিস্তাৰ পোৱা যায়।

জেনাইটেল ৱাটৰ্চ

এই সংক্ৰমণৰ ফলত যৌনাংগত গুটি গুটিৰ নিচিনা হয়, এই বিলাকত কোনো বিষ নহয়, কিন্তু হঠাতে খজুৱতি হ’ব পাৰে। ই বিলাক পোডোফিলিন বা তৰল নাইট্ৰ’জন দি শুকুৱাব পাৰি। বহুতৰ এই শুকাই যোৱা গুটিবিলাক পুনৰ উদ্ভৱ হয়।

ছিফিলিচ

লিংগ, যোনি, ডিঙি, গুহ্য দ্বাৰত ঘা হয়। ছাল ফাটি ফাটি যায়। জ্বৰ, কাহ, মূৰৰ বিষ হয়। হাড় পৰ্যন্ত বিষায়, ভোক নালাগে, এলাহ লাগি থাকি। পেনিচিলিন বা অন্য এন্টিবায়টিক ঔষধেৰে এই ৰোগ নিৰাময় কৰিব পাৰি। ৰোগ অধিক বৃদ্ধি পাই গ’লে অংগৰ হানি হ’ব পাৰে, চিকিৎসাও অসম্ভৱ হৈ উঠিব পাৰে।

পিউবিক লাইচ

পৰজীৱি কীটাণুৰ দ্বাৰা এই ৰোগ হয়। যৌন সম্ভোগ কালত এই কীটাণু প্ৰৱেশ কৰে। খজুৱতি হয়, জাঙ্গিয়াত কলা পাউদাৰৰ দৰে এক পদাৰ্থ জমা হয়। গুপাংগত যৌন কেশ থাকিলে দুৰ্গন্ধ ওলায়। গুপাংগ ঔষধ যুক্ত চেম্পুৰে ধুব লাগে। জাংগিয়া, বেডছিট, টাবেল আদি গৰম পানীৰে ধুই পৰিষ্কাৰ কৰি ৰাখিব লাগে।

জেনাইটেল হাৰ্পিজ

গুপাংগত খজুৱতি হয়, গুহ্য দ্বাৰ, যৌনাংগত পানী যুক্ত ফোঁহাৰ উদ্ভৱ হয়। জ্বৰ, কাহ, পিঠি আৰু মূৰৰ বিষ হয়। এন্টিভাইৰেল ঔষধ ব্যৱহাৰ কৰিলে সংক্ৰমণ কমে।

নন্‌স্পেছিফিক ইউৰেটাইটিচ

মূত্ৰ ত্যাগৰ সময়ত জ্বলন হয়। লিংগৰে বগা স্ৰাৱ নিৰ্গত হয়। বাৰম্বাৰ মূত্ৰ ত্যাগ কৰিব লগীয়া হয়। এন্টিবায়টিক টেবলেটৰ দ্বাৰা এই ৰোগ ঠিক হৈ যায়।

গণোৰিয়া

লিংগৰে বগা তৰল পদাৰ্থ নিৰ্গত হয়। মূত্ৰ ত্যাগ কৰোতে কষ্ট অনুভৱ হয়। গুহ্য দ্বাৰত যন্ত্ৰণা হয়। মহিলাৰ ক্ষেত্ৰতো একেই দশা। এন্টিবায়টিক ঔষধেৰেই এই ৰোগক নিয়ন্ত্ৰণলৈ আনিব পাৰি।

লিখক: এম এ ছাত্তাৰ

পেটৰ চৰ্বি স্বাস্থ্যৰ বাবে কিমান বিপজ্জনক জানো আহক…

আমাৰ দেশৰ অধিকাংশ মানুহৰে পেটত অতিৰিক্ত চৰ্বি আছে। অতিৰিক্ত পেটৰ চৰ্বিয়ে দেহৰ সৌন্দৰ্য নষ্ট কৰে। সেইবাবে বেছিভাগ মানুহেই নানা ধৰণৰ ঢিলা আৱৰণেৰে নিজৰ বাঢ়ি অহা পেটটো(বেলী ফেট) ঢাকিবলৈ চেষ্টা কৰে। কিন্তু সৰহসংখ্যকে মানুহেই এইটো উপলব্ধি নকৰে যে অতিৰিক্ত চৰ্বিয়ে অকল দেহৰ সৌন্দৰ্য নষ্ট কৰাই নহয়, অতিৰিক্ত পেটৰ চৰ্বিয়ে ভয়ংকৰভাৱে স্বাস্থ্যৰ হানি কৰিব পাৰেগ। বিভিন্ন বৈজ্ঞানিক গৱেষনাত প্ৰমাণ হৈছে যে অতিৰিক্ত দেহৰ চৰ্বি অস্বাস্থ্যকৰ, বিশেষকৈ অতিৰিক্ত পেটৰ চৰ্বিয়ে নানা ভয়ংকৰ ৰোগৰ সৃষ্টি কৰিব পাৰে।

1173968158 Koldunov/Getty Images

পেটৰ চৰ্বি দুই প্ৰকাৰৰ –

প্ৰথম বিধক ছাবকিউটেনিয়াছ ফেট বুলি কোৱা হয়, যি পেটৰ ছালৰ তলত আৰু পেটৰ মাংসপেশীৰ ওপৰত থাকে। এইবিধ ফেট বা চৰ্বিয়ে আমাৰ পেটৰ মাংসপেশীৰ ঢাকি ৰাখে। এইবিধ পেটৰ চৰ্বিৰ পৰিমাণ কমি অহাৰ লগে লগে তলৰ মাংসপেশী সুন্দৰকৈ দেখা পোৱা যায়, যাক ইংৰাজীত ‘ছিক্সপেক এব’ বুলি কোৱা হয়।

দ্বিতীয়বিধ চৰ্বিক ‘ভিছাৰেল ফেট’ বুলি কোৱা হয়, যি পেটৰ ভিতৰত অন্ত্ৰ, যকৃত, বৃক্ক আদিক আৱৰি থাকে। এই ভিছাৰেল ফেটৰ বাবে পেটটো বাহিৰলৈ বেছিকৈ ওলাই আহে। পেটটো হাতেৰে হেঁচিলে কিন্তু টান যেন লাগে। এনেধৰণৰ বাঢ়ি অহা পেটক ইংৰাজীত ‘বীয়েৰ বেলী’ বুলিও কোৱা হয়। ছাবকিউটেনিয়াছ আৰু ভিছাৰেল, দুয়োবিধ চৰ্বিয়েই জটিল ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। ছাবকিউটেনিয়াছ ফেটতকৈ অতিৰিক্ত ভিছাৰেল ফেট স্বাস্থ্যৰ বাবে বেছি ভয়ানক।

অতিৰিক্ত পেটৰ চৰ্বি কিয় ইমান ভয়ানক –

অতিৰিক্ত পেটৰ চৰ্বিয়ে হৃদৰোগ, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, ষ্ট্ৰ’ক, বিভিন্ন ধৰণৰ কৰ্কট ৰোগ আৰু শ্লীপ এপনীয়া(ৰাতি শুই থাকোঁতে কেইছেকেণ্ড মানৰ কাৰণে উশাহ বন্ধ হৈ যোৱা) আৰু অকাল মৃত্যুৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি কৰে।

খীন ব্যক্তিৰো ভিছাৰেল ফেট থাকিব পাৰে। বাহিৰৰ পৰা পেটৰ চৰ্বি নেদেখিলেও পেটৰ ভিতৰত চৰ্বি থাকিব পাৰে। সেইবাবে খীণ ব্যক্তিয়েও ডায়েবেটিছ আৰু হৃদৰোগত ভুগিব পাৰে। ভিছাৰেল ফেটে আমাৰ শৰীৰত প্ৰদাহ(ইনফ্লেমেচ’ন) সৃষ্টি কৰে। অতিৰিক্ত পেটৰ চৰ্বিয়ে ৰক্তত ট্ৰাইগ্লিছাৰাইড, কলেষ্টেৰল, চেনিৰ মাত্ৰা আৰু ৰক্তচাপ বৃদ্ধি কৰে। আনহাতে শৰীৰৰ বাবে উপকাৰী হাই ডেনচিটী লাইপ’প্ৰটিন(এইচ ডি এল) হ্ৰাস কৰে, এইচ ডি এলে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। তদুপৰি অতিৰিক্ত পেটৰ চৰ্বিয়ে স্মৃতিশক্তি হ্ৰাস কৰে।

পেটৰ চৰ্বিৰ কেনেকৈ জোখ ল’ব –

সৰ্বসাধাৰণ মানুহৰ মাজত এটা ভুল ধাৰণা আছে যে যিসকলে ব্যক্তিৰ দেহৰ ওজন বেছি বা মেদবহুল ব্যক্তিৰ পেটৰ চৰ্বিও, বিশেষকৈ ভিছাৰেল ফেটো বেছি। কিন্তু প্ৰকৃততে সেইটো নহয়। খীণ বা শকত দুয়োবিধ ব্যক্তিৰে অতিৰিক্ত পেটৰ চৰ্বি হ’ব পাৰে।

১)কঁকাল আৰু নিতম্বৰ অনুপাত(ৱেইষ্ট টু হিপ ৰেচিও)- খুব সহজতে আৰু ঘৰতে এই জোখ ল’ব পাৰি। প্ৰথমতে চিধাকৈ থিয় হৈ নাভিৰ সমানত কঁকালৰ বা পেটৰ জোখ লওক। জোখ ল’বৰ সময়ত পেটটো স্বাভাৱিক অৱস্থাত ৰাখিব। তাৰ পিছত নিতম্বৰ(হিপছ) আটাইতকৈ বহল অংশত জোখ ল’ব। এতিয়া পেট বা কঁকালৰ জোখেৰে হৰণ কৰক। উদাহৰণ স্বৰূপে- কঁকালৰ জোখ(ইঞ্চি) নিতম্বৰ জোখ(ইঞ্চিত)=অনুপাত(ৰেচিও)। পুৰুষৰ ক্ষেত্ৰত যদি অনুপাত ০.৯৫ আৰু মহিলাৰ ক্ষেত্ৰত যদি ০.৮৫ তকৈ বেছি হয়, তেন্তে হৃদৰোগ আৰু ষ্ট্ৰ’কৰ সম্ভাৱনা বৃদ্ধি পাব। জোখ ল’বলৈ কাপোৰ জোখা টেপ বা ফিতা ব্যৱহাৰ কৰা হয়।

২)কঁকালৰ জোখ:

আন এটা একেবাৰে সহজ পদ্ধতি হৈছে অকল কঁকালৰ জোখ লোৱা। প্ৰথমে খালি ভৰিৰে দুয়োটা ভৰি একেলগ কৰি থিয় হৈ ল’ব। পেটটো উদঙাই ল’ব। উশাহ এৰি লৈ কাপোৰ জোখা ফিতা বা টেপ দি নাভিৰ সমানত কঁকালৰ জোখ লওক। মন কৰিব যাতে টেপডাল মাটিৰ সমান্তৰালকৈ থাকে।

এতিয়া এক ইঞ্চিৰ দহ ভাগৰ এভাগলৈকে জোখ লওক। পুৰুষৰ ক্ষেত্ৰত ৪০ ইঞ্চি বা তাতকৈ বেছি হ’লে আৰু মহিলাৰ ক্ষেত্ৰত ৩৫ ইঞ্চি বা তাতকৈ বেছি হ’লে হৃদৰোগৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পাব। তাৰ উপৰি চিটিস্কেন, এম আৰ আই, ডেক্সাস্কেন আদি যন্ত্ৰৰ সহায়ত পেটৰ চৰ্বিৰ মাত্ৰাৰ জোখ ল’ব পাৰি। কিন্তু এইবিলাক পদ্ধতি যথেষ্ট ব্যয়বহুল।

অতিৰিক্ত পেটৰ চৰ্বি হোৱাৰ কাৰণসমূহ –

১)ভাৰতীয়সকলে পেটত অধিক চৰ্বি হোৱা জীন বংশানুক্ৰমে কঢ়িয়ায়। সেইবাবে আমাৰ পেটত চৰ্বি হোৱাৰ সম্ভাৱনা খুব বেছি।

২)অধিক শ্বেতসাৰ জাতীয়(কাৰ্বহাইড্ৰেট) খাদ্য গ্ৰহণ কৰা। ভাৰতীয়সকলৰ আহাৰৰ প্ৰধান উপাদান যেনে- ভাত, ৰুটী, ড’চা, ইউলি আদি শ্বেতসাৰ জাতীয় খাদ্য। এই শ্বেতসাৰ জাতীয় খাদ্য খুব বেছি পৰিমাণে দিনটো খোৱা হয়। অধিক শ্বেতসাৰ জাতীয় খাদ্য আৰু লগতে চেনি বা আন চেনি মিহলোৱা খাদ্য বা পানীয়েই পেটৰ চৰ্বি বৃদ্ধি কৰে। শীতল পানীয় বিশেষ অপকাৰী।

৩)খাদ্যৰ পৰিমাণ- আমি যদি আমাৰ শৰীৰক লগাতকৈ বেছি পৰিমাণৰ খাদ্য গ্ৰহণ কৰো, তেন্তে শৰীৰক নলগা খাদ্য বা শক্তিখিনি চৰ্বি হিচাপে জমা হৈ থাকিব। অৰ্থাৎ আমি যিমানখিনি কেলৰি গ্ৰহণ কৰো সিমানখিনি যদি খৰচ কৰিব নোৰাৰোঁ তেনেহ’লে সেই বাকী থকা কেলৰিখিনি চৰ্বি থকা কেলৰিখিনি চৰ্বি হিচাপে জমা হৈ থাকিব। কেলৰি হ’ল শক্তিৰ এটা একক(ইউনিট) প্ৰত্যেক খাদ্য বস্তুতে বিভিন্ন পৰিমাণৰ কেলৰি উৎপন্ন হয়।

এজন ব্যক্তিয়ে দিনটোত কিমান কেলৰি আৱশ্যক সেইটো ব্যক্তিজনৰ ওজন, উচ্চতা, লিংগ, বয়স আৰু কি ধৰণৰ পৰিশ্ৰম কৰে তাৰ ওপৰত নিৰ্ভৰ কৰে। এজন অফিচত বহি কাম কৰা ব্যক্তিতকৈ এজন পথাৰত কাম কৰা খেতিয়কৰ কেলৰিৰ পৰিমাণ বেছি হ’ব।

৪)বয়সেও পেটৰ চৰ্বি হোৱাত যথেষ্ট প্ৰভাৱ পেলায়। বয়স বাঢ়ি অহাৰ লগে লগে শৰীৰৰ ক্ৰিয়া প্ৰক্ৰিয়া(মেটাব’লিজিম)বোৰ মন্থৰ হৈ আহে। এজন ব্যক্তিৰ ৩০ বছৰ বয়সত যিমানখিনি কেলৰিৰ প্ৰয়োজন আছিল ৫০ বছৰ বয়সত তাতকৈ কম কেলৰিৰ প্ৰয়োজন। যদি একে সমান কেলৰি গ্ৰহণ কৰি থাকে, তেন্তে পেটৰ চৰ্বি বাঢ়ি যাব।

৫)অত্যধিক সুৰাপানে পেটৰ চৰ্বি বৃদ্ধি কৰে। যাক ‘বীয়েৰ বেলী’ বুলি কোৱা হয়। অকল বীয়েৰেই নহয়। সকলো প্ৰকাৰৰ সুৰাই পেটৰ চৰ্বি বৃদ্ধি কৰে।

‘পেটৰ চৰ্বি কেনেকৈ কমাব’ এই বিষয়ে পৰৱৰ্তী সংখ্যাত পাব।

লেখক: ডাঃ চন্দন বৰুৱা