Home Blog Page 1870

শিমলীতোলাত জেন এন হাইস্কুলৰ চৌহদত প্ৰধান শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদ…

শিমলীতোলাত জেন এন হাইস্কুল চৌহদত প্ৰধান শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদ। জে এন হাইস্কুলৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতি-অনিয়মৰ অভিযোগ ।

নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী গোৱালপাৰা জিলা শিক্ষা খণ্ডৰ অধীনস্থ নবাগত শিমলীতোলা হাইস্কুলৰ প্ৰধান‌ শিক্ষক ৰফিকুল ইছলামৰ বিৰুদ্ধে নবাগত শিমলীতোলা আমছুৰ উদ্যোগত ছাত্ৰ ছাত্ৰীয়ে সাৱস্ত্য কৰিলে প্ৰতিবাদ।

অভিযোগ মতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰফিকুল ইছলামে দীৰ্ঘদিনৰে পৰা হেনো মধ্যাহ্ন ভোজনৰ নামত চলাইছে লুণ্ঠনৰাজ

এই বিষয়ে অভিৱাবক আৰু স্হানীয় ছাত্ৰ সংগঠনে বাৰম্বাৰ অভিযোগ উত্থাপন কৰি আহিছে যদিও প্ৰধান শিক্ষকক ৰফিকুল ইছলামে দিয়া নাই গুৰুত্ব৷

এই সন্দৰ্ভত বিভাগীয় কতৃপক্ষক ৰাইজে অভিযোগ দিছে যদিও বিভাগীয় কতৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।সেয়ে ৰাইজ আৰু আমছুৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে সাৱস্ত্য কৰিলে উত্তাল প্ৰতিবাদ

পিছে প্ৰশ্ন এই প্ৰতিবাদে গা-লৰিবনে শিক্ষা বিভাগৰ, ব্যৱস্থা গ্ৰহণ কৰিব দুৰ্নীতিপৰায়ণ শিক্ষকৰ বিৰুদ্ধে সেয়া হ’ব লক্ষণীয়।

নগৰবেৰাৰ পৰা আবুল হুছেইনৰ ৰিপৰ্ট

বৰক্ষেত্ৰীৰ চতেমাৰীস্থিত শ্ৰী শ্ৰী জগন্নাথ মন্দিৰৰ চতুৰ্থ বাৰ্ষিক অনুষ্ঠান সম্পন্ন…

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ চতেমাৰীত শ্ৰী শ্ৰীজগন্নাথ মন্দিৰৰ চতুৰ্থ বাৰ্ষিক ভাগৱত শোভাযাত্ৰা অনুষ্ঠানটো দিনজোৰা কাৰ্যসূচী আয়োজন কৰা হয়। এই উপলক্ষে ভক্তপ্ৰাণ ৰাইজে ৰাতিপুৱাৰে পৰা ভাগৱত শোভাযাত্ৰা, ভাগৱত পাঠ আদি বিস্তৃত কাৰ্যসূচীৰ আয়োজন কৰে।

এই শোভাযাত্ৰাত গাঁওখনৰ ডেকা-বুঢ়া-যুৱক-যুৱতী সকলে অংশগ্ৰহণ কৰে।পৰৰ্ৱতী সময়ত আয়তীৰ নাম, নাগাৰা নাম আদি কাৰ্যসূচীৰে ভক্তি ৰসত জীপাল হৈ পৰে অঞ্চলটো। অনুষ্ঠানটিত সন্ধিয়া উপস্থিত হয় বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মণ।

বিধায়কগৰাকীৰ সাৰুৱা জ্ঞানগৰ্ভ ধৰ্মীয় ভাষণে অঞ্চলবাসীক আপ্লুত কৰে। তাৰ পিছতেই ৰাইজৰ মাজত সোমাই পৰা বিধায়কগৰাকীয়ে অঞ্চলটোৰ লোকৰ মাজত উন্নয়ন সম্পৰ্কীয় মত বিনিময় কৰে।

কিৱি ফলৰ উপকাৰিতা কি কি জানো আহক…

কিৱি’- এবিধ অতি উপকাৰী ফল। আমদানিকৃত এই ফলবিধ মূলতঃ চীন দেশৰ চাং কিয়া ভেলীৰ (Shang Kiang Valley)। ১৯ শতিকাত ‘কিৱি’ ফলক চীন দেশৰ পৰা নিউজিলেণ্ডলৈ ৰপ্তানি কৰা হৈছিল, য’ত এই ফলবিধ অত্যধিক জনপ্রিয় হৈ পৰে। কিৱিৰ প্ৰথম বাণিজ্যিক ৰোপণ কৰা হৈছিল নিউজিলেণ্ডতে। এই ফলবিধক ‘কিৱি’ নামেৰে এই কাৰণে নামকৰণ কৰা হৈছে যে নিউজিলেণ্ড বাসীসকলক সমগ্র বিশ্বই কিৱি (Kiwi) উপনামেৰেই চিনি পায়। সেই কাৰণে মূলতঃ Chirose কৰ্জা টেঙা (Gooseberry) এই ফলবিধ নিউজিলেণ্ডৰ পৰা সমগ্র বিশ্বত জনপ্রিয় হোৱাৰ বাবে ইয়াৰ নামকৰণ হয় ‘কিৱি’ নামেৰে। বৰ্তমান আমাৰ উত্তৰ-পূবৰ অৰুণাচল প্ৰদেশত কিৱিৰ উৎপাদন কৰিবলৈ আৰম্ভ কৰা হৈছে।

বিদেশৰ এই জনপ্রিয় ফলবিধৰ গুণাগুণৰ বিষয়ে কিছু জানি লওঁ আহক-

  • কাঁহৰ পৰা সুৰক্ষা

বহু অধ্যয়ন তথা গৱেষণাৰ পৰা এই কথা প্ৰমাণিত হৈছে যে নিয়মিতভাৱে কিৱি ফল খালে কাহ, পানীলগা আদিৰ পৰা ৰক্ষা পাব পাৰি। কিৱি ফলত এন্টি অক্সিডেন্ট আৰু পলিফেনলছ মজুত থাকে। এই দুবিধ উপাদানে আমাক কাহ, চৰ্দি আদিৰ পৰা সুৰক্ষা দিয়ে।

  • নিদ্ৰাহীনতাৰ পৰা মুক্তি

টাইপেই মেডিকেল ইউনিভাৰচিটিয়ে কৰা গৱেষণা অনুসৰি কিৱি ফলত বহুকেইবিধ প্রয়োজনীয় উপাদান আছে। যিবিলাকৰ ভিতৰত এন্টি অক্সিডেণ্ট আৰু চেৰোট’নিন হৈছে নিদ্রাহীনতা ৰোগৰ চিকিৎসাত অতি প্রয়োজনীয়। কোৱা হয় যে ৰাতি শুবলৈ যোৱাৰ এঘন্টা আগতে যদি দুটা কিৱি ফল খোৱা হয়, তেন্তে ই সোনকালে টোপনি অহাত সহায় কৰে।

  • ভিটামিন ‘বি’ৰ উত্তম উৎস

কিৱি ফলত যথেষ্ট পৰিমাণে ভিটামিন “বি” পোৱা যায়। ভিটামিন ‘বি’ক ফলেট বুলিও কোৱা হয়। ই গৰ্ভৱতী মহিলাৰ বাবে অতি উপকাৰী। কাৰণ ফ’লেটে ভ্ৰূণৰ বিকাশত সহায় কৰে তথা ইয়াক সুস্থ কৰি ৰাখে। বাঢ়ি অহা শিশুৰ বিকাশতো ফ’লেটৰ ভূমিকা অতি গুৰুত্বপূর্ণ।

অসমত বলৱত্‍ হ’ল পৰিবহণ বিভাগৰ ‘স্ক্ৰেপ পলিচী…

 ‘স্ক্ৰেপ’ত পৰিণত হ’ব ১৫ বছৰ পুৰণি বাহন। অসমত বলৱত্‍ হ’ল পৰিবহণ বিভাগৰ ‘স্ক্ৰেপ পলিচী’। প্ৰথম পৰ্যায়ত চৰকাৰী বাহনসমূহ স্ক্ৰেপ কৰাৰ সিদ্ধন্ত। পৰ্যায়ক্ৰমে বাণিজ্যিক আৰু ব্যক্তিগত বাহনসমূহ ‘স্ক্ৰেপ’ কৰা হ’ব।

KD ইক’ ছিষ্টেম নামৰ প্ৰতিষ্ঠান এটাই ভাঙিব গাড়ীসমূহ। কেন্দ্ৰীয় চৰকাৰৰ RVSFৰ অধীনত ‘স্ক্ৰেপ’ কৰা হ’ব বাহনসমূহ। ‘স্ক্ৰেপ’ কৰা বাহনৰ গৰাকীয়ে লাভ কৰিব গাড়ীখনৰ চৰকাৰী মূল্য।

কাইলৈ ৫খন পৰিবহণ বিভাগৰ বাহন ‘স্ক্ৰেপ’ কৰিব এই নীতিৰ আধাৰত।

প্ৰাথমিক বিদ্যালয়ৰ ৮ হাজাৰ পদ বিলুপ্তিৰ সিদ্ধান্ত বাতিল কৰাৰ দাবী ডি ৱাই এফ আই আৰু এছ এফ আইৰ…

অসম চৰকাৰে ৮ হাজাৰ স্থায়ী শিক্ষকৰ পদ বিলুপ্ত কৰিবলৈ লোৱা হঠকাৰী সিদ্ধান্তক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই) আৰু ভাৰতৰ ছাত্ৰ ফেডাৰেছন (এছ এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ প্ৰতিবাদ জনাইছে আৰু এই সিদ্ধান্ত তৎকালে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে।

চৰকাৰৰ এই সিদ্ধান্তক শিক্ষা বিৰোধী আৰু নিবনুৱা বিৰোধী সিদ্ধান্ত বুলি আখ্যা দিছে ডি ৱাই এফ আই আৰু এছ এফ আইয়ে। শিক্ষকৰ অভাৱত ৰাজ্যখনৰ শিক্ষা ব্যৱস্থা নিম্নগামী হৈ পৰা সময়তে শিক্ষক পদৰ বিলুপ্তিয়ে শিক্ষা ব্যৱস্থালৈ অধিক বিপৰ্যয় নমাই আনিব বুলি আশংকা প্ৰকাশ কৰিছে সংগঠন দুটাই।

এক যুটীয়া বিবৃতিত সংগঠন দুটাই কয়, “চৰকাৰৰ সিদ্ধান্ত মতে নিম্ন প্ৰাথমিকৰ ৪,২৮৫ টা আৰু উচ্চ প্ৰাথমিকৰ ৩,৭১৫ টা শিক্ষকৰ পদ বিলুপ্ত কৰিব। ৰাজ্যখনত হাজাৰ হাজাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে শিক্ষক পদৰ চাকৰিৰ বাবে আশা পালি থকাৰ সময়তে চৰকাৰে এই সিদ্ধান্তৰে শিক্ষিত যুৱক-যুৱতীসকলৰ মূৰত ৰামটাঙোন সোধাইছে।”

বিবৃতিটোত লগতে কয়, “একেদৰে ত্ৰিশ সহস্ৰাধিক ঠিকাভিত্তিক শিক্ষকৰ জীৱনলৈ চৰকাৰে ভাবুকি কঢ়িয়াই আনিছে। ঠিকাভিত্তিক শিক্ষকসকলে চাকৰি নিশ্চিত কৰি নিৰাপত্তাৰ লগতে সকলো সা-সুবিধাৰে চাকৰি স্থায়ী কৰাৰ দাবী জনাই আহিছে।”

চৰকাৰী ধনে জধে-মধে খৰচ কৰা, পৰিকল্পনাহীন আৰু উনুৎপাদনশীল খণ্ডত ব্যয় কৰাৰ ফলত চৰকাৰৰ আৰ্থিক অৱস্থা গভীৰ সংকটত সোমাই পৰিছে আৰু এই সংকটৰ ফলতেই বিজেপি চৰকাৰখনে ব্যয় সংকোচন নীতি গ্ৰহণ কৰি শিক্ষকৰ স্থায়ী পদ বিলুপ্তিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সংগঠন দুটাই অভিযোগ কৰিছে।

যুটীয়া বিবৃতিটোত লগতে সংগঠন দুটাই কয়, “ৰাজ্যখনত প্ৰায় ৪ সহস্ৰাধিক শিক্ষানুষ্ঠান এজনীয়া শিক্ষকৰে চলি আছে। এনে অৱস্থা চৰকাৰৰ সিদ্ধান্ত কেৱল শিক্ষা বিৰোধীয়ে নহয় ই চূড়ান্ত নিবনুৱা বিৰোধীও। এই সিদ্ধান্ত ৰাজহুৱা শিক্ষা ব্যৱস্থাক ধ্বংস কৰাৰ দিশত আৰু এখোজ আগুৱাই নিব।”

ঝাৰখণ্ডত দুই কংগ্ৰেছ বিধায়কৰ বিৰুদ্ধে আয়কৰ বিভাগৰ অভিযান…

দেশৰ বিৰোধী ৰাজনৈতিক দলসমূহৰ কেইবাগৰাকীও নেতাৰ বিৰুদ্ধে কেন্দ্ৰীয় তদন্ত সংস্থাসমূহৰ অভিযানত বৃহৎ পৰিমাণৰ ধনৰাশি উদ্ধাৰ হোৱাৰ সময়তে এইবাৰ ঝাৰখণ্ডত কংগ্ৰেছৰ দুগৰাকী বিধায়কৰ বিৰুদ্ধে আয়কৰ বিভাগ চলোৱা অভিযানত ১০০ কোটি টকাতকৈও অধিক পৰিমাণৰ হিচাপ বিহীন লেনদেন পোহৰলৈ আহিছে।

ৰাজ্যজুৰি কয়লা আৰু লৌহ ধাতুৰ ব্যৱসায়ৰ সৈতে সম্পৰ্কৰ সন্দৰ্ভত কংগ্ৰেছ বিধায়ক দুগৰাকীৰ বিৰুদ্ধে আয়কৰ বিভাগে তালাচী চলাইছিল। কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদৰ (চিবিডিটি) এক বিবৃতিত উল্লেখ কৰা অনুসৰি ৪ নৱেম্বৰৰ পৰা ঝাৰখণ্ড, পাটনা (বিহাৰ), গুৰুগ্ৰাম (হাৰিয়ানা) আৰু কলকাতা (পশ্চিম বংগ)ৰ ৰাঁচী, গোড্ডা, বেৰ্মো, দুমকা, জামছেদপুৰ আৰু চাইবাছাৰ ৫০ টা চৌহদত তালাচী চলোৱা হৈছিল।

আয়কৰ বিভাগৰ তালাচীৰ আওতাত পৰা বিধায়ক দুগৰাকী হৈছে ক্ৰমে বেৰ্মোৰ বিধায়ক কুমাৰ জয়মঙ্গল ওৰফে অনুপ সিং আৰু পোৰিয়াহাটৰ বিধায়ক প্ৰদীপ যাদৱ। চিবিডিটিৰ বিবৃতিত কোৱা হৈছে, “কয়লা ব্যৱসায়/পৰিবহন, অসামৰিক চুক্তি সম্পাদন, লো খনন আৰু স্পঞ্জ লো উৎপাদনত নিয়োজিত কেইবাটাও ব্যৱসায়িক গোটৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।”

চিবিডিটিয়ে লগতে উল্লেখ কৰা অনুসৰি অভিযানৰ সময়ত ২ কোটি টকাতকৈও অধিক নগদ ধন জব্দ কৰাৰ লগতে এতিয়ালৈকে ১০০ কোটি টকাতকৈও অধিক পৰিমাণৰ হিচাপ বিহীন লেনদেন ধৰা পৰিছে। লগতে অভিযান কালত বহুতো নথিপত্ৰ আৰু ডিজিটেল প্ৰমাণো জব্দ কৰা হৈছে বুলি বিভাগে লগতে জানিবলৈ দিছে।

চিবিডিটিয়ে লগতে সদৰী কৰা অনুসৰি এই গোটসমূহে কৰ ফাঁকিৰ বিভিন্ন পদ্ধতিৰ আশ্ৰয় লৈছে। স্থাৱৰ সম্পত্তিত বিনিয়োগ কৰাৰ প্ৰমাণ পোৱা গৈছে বুলি সদৰী কৰি বিভাগে এনে বিনিয়োগৰ উৎস সম্পৰ্কে বিতং তথ্য লাভ কৰা নাই বুলি জানিবলৈ দিয়ে।

কাশ্মীৰৰ প্ৰেমনগৰ অঞ্চলত চেনাব নদীত সংঘটিত হৈছে শোকাৱহ দুৰ্ঘটনা…

মঙলবাৰে নিশা জম্মু-কাশ্মীৰত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। চাৰিগৰাকী যাত্ৰী থকা এখন বাহন কাশ্মীৰৰ প্ৰেমনগৰ অঞ্চলত চেনাব নদীত ডুব যোৱাৰ ফলত আটাইকেইগৰাকী যাত্ৰীৰ মৃত্যুৰ আশংকা কৰা হৈছে।

এক বিবৃতিত থাথ্ৰীৰ ছাব-ডিভিজনেল মেজিষ্ট্ৰেট আথাৰ আমিন জৰগাৰে জানিবলৈ দিয়া মতে “ডোডাৰ প্ৰেমনগৰ অঞ্চলত যাত্ৰাৰত এখন গাড়ী চেনাব নদীত ডুব যোৱাৰ ফলত চাৰিজন লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে।

ইফালে কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে দুৰ্ঘটনাটোত সন্ধানহীন হোৱা সকলৰ সন্ধান উলিওৱাৰ বাবে সম্ভৱপৰ সকলো প্ৰচেষ্টা কৰা হৈছে আৰু কৰ্তৃপক্ষৰ সৈতে নিৰন্তৰ যোগাযোগ ৰক্ষা কৰি আছে বুলি মন্তব্য কৰে।

ঘটনাৰ পাছতে উদ্ধাৰকাৰী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। ঘটনাৰ সঠিক বিৱৰণ পিছত সদৰী কৰা হ’ব বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়া।

ছুগাৰৰ ক্ষেত্ৰত যথেষ্ট উপকাৰী চজিনা;  ইয়াত প্ৰচুৰ পৰিমাণে প্ৰটিন, এমিনো এচিড, ফাইবাৰ, ভিটামিন-বি, চি আৰু ই থাকে। 

সাধাৰণতে চজিনা আমাৰ সকলোৰে প্ৰিয় এবিধ পাচলি। এই ঘৰুৱা পাচলি গছৰ প্ৰতিটো অংশ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াত প্ৰচুৰ পৰিমাণে প্ৰটিন, এমিনো এচিড, ফাইবাৰ, ভিটামিন-বি, চি আৰু ই থাকে। চজিনাত থকা বহুতো গুণৰ বাবে ইয়াক ছুপাৰফুডৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰি। এই পাচলিন নিয়মীত সেৱনে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।

 চজিনাৰ উপকাৰিতা-

চজিনাত এন্টিফাংগেল, এন্টিভাইৰেল আৰু এন্টিডিপ্ৰেছন গুণ আছে। যদি কোনো ব্যক্তিৰ হৃদৰোগ আৰু ডায়েবেটিছ হয়, তেন্তে ইয়াৰ পাতৰ গুড়ি তেওঁলোকৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হয়। ইয়াৰ পাত গুড়ি বনাবলৈ প্ৰথমে পাতবোৰ ভালদৰে ৰ’দত শুকুৱাই লৈ পিহি লওক, তাৰ পাছত ইয়াৰ গুড়িটো দৈনিক কুহুমীয়া পানীৰ সৈতে খাব পাৰে, ইয়াৰ দ্বাৰা স্বাস্থ্যৰ ক্ষেত্ৰত বহুতো লাভৱান হ’ব। চজিনাত আইৰন প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াৰ ফলত ৰক্তহীনতাৰ সমস্যা দূৰ হয়।

 চজিনাৰ অন্যান্য উপকাৰিতা-

১) ইয়াৰ পাতত প্ৰচুৰ পৰিমাণে ফাইটোনিউট্ৰিয়েণ্ট থাকে যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ লগতে আন বহুতো সংক্ৰামক ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।

২) চজিনা পাত খালে শৰীৰত বেয়া কলেষ্টেৰলৰ মাত্ৰা কমিবলৈ আৰম্ভ কৰে। ইয়াৰ লগতে হাৰ্ট এটেকৰ সম্ভাৱনা হ্ৰাস কৰে আৰু হৃদযন্ত্ৰক সুস্থ কৰি তোলাত সহায় কৰে।৩) কেলছিয়াম আৰু ফছফৰাছো ইয়াত যথেষ্ট পৰিমাণে পোৱা যায়, যিয়ে শৰীৰৰ হাড় শক্তিশালী কৰে আৰু ইয়াত থকা প্ৰদাহ নিবাৰণকাৰী গুণে বাতবিষ আৰু অষ্টিঅ’পৰ’ছিছৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।

আজি ৰাষ্ট্ৰীয় কৰ্কট সজাগতা দিৱস।

এই দিনটো বছৰি পালন কৰি ৰোগৰ তাৎপৰ্য্য ,ৰোগ নিৰ্ণয়, চিকিৎসা, আৰু আগতীয়াকৈ ধৰা পেলোৱাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা হয়।বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি বিশ্বজুৰি মৃত্যুৰ অন্যতম প্ৰধান কাৰণ হৈছে কৰ্কট ৰোগ।

ভাৰতত বছৰি প্ৰায় ১১ লাখ নতুনকৈ কেন্সাৰ ৰোগী ধৰা পৰে।

নোবেল বঁটা বিজয়ী বিজ্ঞানী মেডাম কুৰীৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি যোৱা ৮ বছৰ ধৰি ৭ নৱেম্বৰত ৰাষ্ট্ৰীয় কৰ্কট সজাগতা দিৱস পালন কৰা হৈছে।

সৰভোগত নৃশংস, অমানৱীয়, জঘন্য ঘটনা৷ বজাৰত ঘূৰি ফুৰা ১৬টা কুকুৰক বিহ দি হত্যা ৷

বৰপেটাৰ সৰভোগত নৃশংস, অমানৱীয়, জঘন্য ঘটনা৷ বজাৰত ঘূৰি ফুৰা ১৬টাকৈ কুকুৰক বিহ প্ৰয়োগ কৰি হত্যা একাংশ লোকৰ ৷

সৰভোগৰ হাইৱে’ চ’কৰ মাংসৰ বজাৰত ছাগলীৰ পেলনীয়া মাংসত বিহ প্ৰয়োগ কৰি চহৰখনত ঘূৰি ফুৰা ১৬টাকৈ কুকুৰক হত্যা  কৰে কোনো দুষ্কৃতিকাৰীয়ে।

সৰভোগৰ উক্ত মাংসৰ বজাৰখনলৈ পেলনীয়া মাংস খাবলৈ প্ৰায়ে আহিছিল বহুকেইটা কুকুৰ৷ কিন্তু কোনোৱে মাংসৰ সৈতে বিহ মিহলাই কুকুৰকেইটাক খাবলৈ দিয়াৰ ফলতে কুকুৰকেইটাৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷

এনে নাৰকীয়, অমানৱীয় ঘটনাক লৈ সৰ্বত্ৰ তীব্ৰ প্ৰতিক্ৰিয়া হৈছে৷ উক্ত ঘটনাৰ বিৰুদ্ধে সৰভোগ থানাত এজাহাৰ দাখিল কৰিছে এগৰাকী প্ৰকৃতিপ্ৰেমীয়ে ৷ প্ৰীতিষা গোস্বামী নামৰ এগৰাকী প্ৰকৃতিপ্ৰেমী যুৱতীয়ে সৰভোগ থানাত দাখিল কৰিছে এজাহাৰ ৷ আৰক্ষীয়ে এই দিশত তদন্ত কৰি প্ৰকৃতিৰ অনন্য অংগ কুকুৰ নিধনকাৰ্য জড়িতক শাস্তি বিহিবলৈ দাবী জনাইছে সচেতন মহলে।