Home Blog Page 1875

‘জন গণ মন’ নে ‘বন্দে মাতৰম?’ কোনটো গীত শ্ৰেষ্ঠ? কোনটোৰ মৰ্যাদা বেছি?

জন গণ মন আৰু বন্দে মাতৰমকলৈ এনেবোৰ প্ৰশ্নৰ উদ্ৰেক দীৰ্ঘ দিনৰে পৰাই হৈ আহিছে। শেহতীয়াকৈ কেন্দ্ৰই গীত দুটিৰ মৰ্যাদাকলৈ নিজৰ স্থিতি স্পষ্ট কৰিছে।অধিবক্তা অশ্বিনী কুমাৰ উপাধ্যায়ে দাখিল কৰা ৰাজহুৱা স্বাৰ্থ জৰিত আবোদনৰ  প্ৰতি সঁহাৰি দি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আজি দুয়োটা গানৰ বিষয়ত  চৰকাৰৰ স্থিতি স্পষ্ট কৰে।
দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদন সন্দৰ্ভত  কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এইকথা প্ৰকাশ কৰে।
ৰাষ্ট্ৰীয় সংগীত ‘জন গণ মন’ আৰু  ‘বন্দে মাতৰম’-এ দেশত একে মৰ্যাদা লাভ কৰিছে আৰু নাগৰিকসকলে দুয়োটা গানৰ প্ৰতি সমান সন্মান জনোৱা উচিত বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আজি দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা এক শপতনামাত  কয়।
কেন্দ্ৰই কয়  যে যিকোনো লোককে ৰাষ্ট্ৰীয় সংগীত ‘জন গণ মন’ গোৱাত বাধা দিয়াটো শাস্তিযোগ্য অপৰাধ বুলি গণ্য কৰা হয়। কিন্তু ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ৰ ক্ষেত্ৰত এনে শাস্তিৰ কথা উল্লেখ কৰা হোৱা নাছিল। কি পৰিস্থিতিত ৰাষ্ট্ৰীয় সংগীত গোৱা হ’ব সেই বিষয়ত কোনো নিৰ্দেশনা দিয়া হোৱা নাই। অৱশ্যে, চৰকাৰে এই সন্দৰ্ভত বিভিন্ন সময়ত উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ে দিয়া আদেশ পালন কৰি আহিছে।
কেন্দ্ৰৰ মতে দুয়োটা গানেই ভাৰতৰ নাগৰিকসকলৰ প্ৰতি সমান সন্মানৰ। কেন্দ্ৰৰ হৈ অধিবক্তা মনীষ মোহনে আজি দিল্লী উচ্চ ন্যায়ালয়ত এখন শপতনামা দাখিল কৰি কয় যে ইয়াৰ পূৰ্বেও উচ্চতম ন্যায়ালয়ে ‘বন্দে মাতৰম’ সন্দৰ্ভত বিতৰ্ক  কৰিবলৈ অস্বীকাৰ কৰিছিল। উচ্চ ন্যায়ালয়তো ‘বন্দে মাতৰম’ গান গোৱাৰ নিৰ্দেশনা নিৰ্ধাৰণ কৰাৰ বাবেও আবেদন কৰা হৈছিল। উচ্চ ন্যায়ালয়েও ইয়াক খাৰিজ কৰিছিল।ফলস্বৰূপে যেতিয়া এই দুটা গানৰ ভাৰতত এক নিৰ্দিষ্ট স্থিতি থাকে। কেন্দ্ৰই অৱশ্যে কয় যে এই সন্দৰ্ভত আদালতে প্ৰদান কৰা যিকোনো আদেশ চৰকাৰে  গ্ৰহণ কৰিব।
গোচৰটোৰ আবেদনকাৰী অশ্বিনী কুমাৰ উপাধ্যায়ে চৰকাৰক প্ৰতিখন বিদ্যালয় আৰু শিক্ষানুষ্ঠানত কৰ্মদিনত ‘জন গণ মন’ আৰু ‘বন্দে মাতৰম’ গোৱাৰ ব্যৱস্থা কৰাৰ প্ৰস্তাৱ দিছিল। তেওঁৰ মতে, গানটো সঠিকভাৱে গোৱা নহয়, কিয়নো ‘বন্দে মাতৰম’ গোৱাৰ বাবে কোনো নিৰ্দিষ্ট নিৰ্দেশনা নাই আৰু বিভিন্ন চলচ্চিত্ৰ আৰু অনুষ্ঠানত গানটোৰ অপব্যৱহাৰ কৰা হৈ আহিছে।

নকল ঔষধ প্ৰস্তুত আৰু বিক্ৰীৰ বিৰুদ্ধে এতিয়া বিশেষভাৱে সৰৱ হৈছে  চৰকাৰ ; ঔষধৰ পেকেটৰ ওপৰত বাৰ কোড প্ৰিণ্ট কৰিব লাগিব প্ৰতিষ্ঠানসমূহে৷

নকল ঔষধ প্ৰস্তুত আৰু বিক্ৰীৰ বিৰুদ্ধে এতিয়া বিশেষভাৱে সৰৱ হৈ উঠিছে  চৰকাৰ৷চৰকাৰী ঘোষণা অনুসৰি ৩০০ পেকেট ঔষধৰ ওপৰত বাৰ কোড প্ৰিণ্ট কৰিব লাগিব নিৰ্মাতকাৰী প্ৰতিষ্ঠাসমূহে৷ 
 ভুৱা ঔষধৰ সমস্যা সমাধান কৰিবৰ বাবে চৰকাৰে এই পদক্ষেপ হাতত লৈছে৷ ঔষধ নিৰ্মাণকাৰী কোম্পানীবোৰৰ দ্বাৰা ৩০০ পেকেট ঔষধৰ ওপৰত ‘বাৰ কোড’ প্ৰিন্ট কৰাটো একপ্ৰকাৰৰ বাধ্যতামূলক কৰি তুলিব চৰকাৰে৷ 
 নকল আৰু নিম্নমানৰ ঔষধৰ উৎপাদন বন্ধ কৰাত চৰকাৰৰ এই পদক্ষেপে যথেষ্ট সহায় কৰাৰ থল আছে৷ সমান্তৰালভাৱে এতিয়াৰ পৰা ক্ৰয় কৰাৰ পিছতেই আপুনি  পৰীক্ষা কৰিব পাৰিব যে আপুনি ক্ৰয় কৰা ঔষধটো প্ৰকৃত হয় নে নহয়৷  
২০২৩ চনৰ  মে’ মাহৰ পৰা ঔষধ আৰু প্ৰসাধনৰ ক্ষেত্ৰত এই  নিয়ম কাৰ্যকৰী হ’ব৷ তদুপৰি গ্ৰাহকে ঔষধৰ পেকেটত প্ৰিণ্ট কৰা বাৰ কোড স্কেন কৰি  নিৰ্মাণ অনুজ্ঞাপত্ৰ আৰু বেচ নম্বৰৰ দৰে তথ্যও লাভ কৰিব পাৰিব৷  
অধিকাংশ গ্ৰাহকে সচেতনতা অবিহনেই পোনপটীয়াকৈ ঔষধ ক্ৰয় কৰে বাবে নকল ঔষধ ব্যৱহাৰৰ সম্ভাৱনা বৃদ্ধি পাইছে৷ ৰাজহুৱা সেৱাৰ উন্নতি সাধন কৰি ভুৱা ঔষধ যোগান বন্ধ কৰাই হৈছে এই সংশোধনীৰ মূল উদ্দেশ্য৷ নতুন সংশোধনী অনুসৰি প্ৰস্তুত কৰা ঔষধ প্ৰকৃত হয় নে নহয় সেইয়া বাৰ কোড বা কিউআৰ কোডে নিশ্চিত কৰিব৷ প্ৰথম পৰ্য়াযত প্ৰায় ৩০০টা ঔষধৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য হ’ব জানিব পৰা গৈছে৷ 

DOCTOR DEATH: ২৩৬ গৰাকী ৰোগীক হত্যা কৰি শেষ কৰিছিল নিজৰো জীৱন। 

তেওঁৰ জন্ম ১৯৪৬ চনত ইংলেণ্ডৰ নটিংহামত হৈছিল।  লিডছ স্কুল অফ মেডিচিনত ঔষধ অধ্যয়ন কৰি তেওঁ ১৯৭৬ চনত তেওঁ টডমৰ্ডেনৰ এখন চিকিৎসালয়ত কাম কৰা আৰম্ভ কৰিছিল।তেওঁ মানুহৰ  জীৱন ৰক্ষক হ’ব বুলি  সকলোৱে  ধাৰণা কৰিছিল যদিও  দৰাচলতে তেওঁ “মৃত্যুৰ দূত”হে  আছিল।তেওঁক সকলোৱে ডাক্টৰ ডেথ বুলিয়েই জানে।
এজন চিকিৎসক হোৱা স্বত্বেও তেওঁ ২৩৬  ৰো অধিক ৰোগীক হত্যা কৰিছে। কিছুমানে সংখ্যাটো ২৫০ বুলিও দাবী কৰে। সেইকাৰণে হেৰল্ড শ্বিপমেনক ইতিহাসত DOCTOR DEATH বুলি জনা যায়।

২০০০ চনত হেৰল্ডে  ১৫ জন ৰোগীৰ হত্যাৰ  দোষ স্বীকাৰ কৰে। আদালতে তেওঁক যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰে। অৱশ্যে, তেওঁ কমেও ২৫০  জন ৰোগীক হত্যা কৰিছিল বুলি ধাৰণা কৰা হৈছে। ভুক্তভোগীসকলৰ বেছিভাগেই বৃদ্ধ , মহিলা আছিল।
ৰোগীক নিষিদ্ধ পেইনকিলাৰ ঔষধ খুৱাই  তেওঁ হত্যা কৰি গৈছিল ইজনৰ পিছত সিজন ৰোগীক।দোষ প্ৰমাণ হোৱাৰ পিছত  চিকিৎসা পৰিষদে তেওঁক চিকিৎসা বৃত্তি অনুশীলন কৰা  নিষেধাজ্ঞা জাৰি  কৰিছিল।
কিন্তু শাস্তিৰ ম্যাদ উকলি যোৱাৰ পিছত  হেৰল্ডে গ্ৰেটাৰ মানচেষ্টাৰত পুনৰ অনুশীলন আৰম্ভ কৰে। এইবাৰ তেওঁ এজন বিশেষজ্ঞ হিচাপে নহয়, কিন্তু এজন সাধাৰণ চিকিৎসক হিচাপেহে। 

১৯৯৮ চনত হেৰল্ডক কেথলিন গ্ৰেণ্ডি নামৰ এগৰাকী মহিলাৰ হত্যাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল। 
হেৰল্ডৰ বিৰুদ্ধে তদন্ত ২০০২ চনত আৰম্ভ হৈছিল। অনুসন্ধানত পোৱা তথ্য অনুসৰি, তেওঁ কেৱল ১৯৯৬  চনত ১৫ জন ৰোগীক হত্যা কৰিছিল। 

প্ৰথম সন্দেহটো ডেবৰা মেচি নামৰ এগৰাকী মহিলাই উত্থাপন কৰিছিল। সময় আছিল ১৯৯৮ চনৰ মাৰ্চ মাহ । ডেবৰাই এটা কোম্পানীত কাম কৰিছিল। চিকিৎসকজনে ৰোগীক দৰব খুৱাই হত্যা কৰাৰ তথ্য তেওঁ আৰক্ষীক দিছিল। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল কিন্তু প্ৰমাণৰ অভাৱত তদন্ত  বন্ধ কৰি দিছিল। 

১৯৯৮ চনৰ আগষ্ট মাহত এজন টেক্সি চালকৰ একেই সন্দেহ হৈছিল। জন শ্ব নামৰ চালকজনে আৰক্ষীক কৈছিল যে তেওঁ বহুতো বৃদ্ধ মহিলাক হেৰল্ডৰ চেম্বাৰলৈ লৈ গৈছিল। তেওঁ পিছত গম পালে যে তেওঁলোকৰ মৃত্যু হৈছে। জনে দাবী কৰিছিল যে তেওঁলোকৰ কোনেও মৰিব পৰা ধৰণে  অসুস্থ নাছিল। 
একে বছৰতে কেথলিন গ্ৰেণ্ডিৰ তেওঁৰ ঘৰত মৃত্যু হৈছিল। ১৯৯৮ চনৰ জুন মাহত। গ্ৰাণ্ডিক হেৰল্ডে চিকিৎসা কৰিছিল। 
কেথলিনৰ জীয়ৰী এঞ্জেলা উড্ৰাফ পেছাত এগৰাকী উকীল। মাকৰ মৃত্যুৰ পিছত,ৃ তেওঁ গম পালে যে কেথলিনে সকলো সম্পত্তি চিকিৎসক জনৰ নামত লিখি  দিছিল। ইয়াৰ পিছত এঞ্জেলাৰ সন্দেহ বাঢ়ি গৈছিল। তেওঁ আৰক্ষীক কথাবোৰ কৈছিল। 
আৰক্ষীয়ে কেথলিনৰ শৰীৰৰ মৰণোত্তৰ পৰীক্ষা কৰিছিল। বৃদ্ধ মহিলাগৰাকীৰ মৃতদেহত হেৰোইন (ডাইমৰ্ফিন) পোৱা গৈছিল। এই ডাইমৰ্ফিন কৰ্কট ৰোগীৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়। 

আৰক্ষীৰ জেৰাৰ সময়ত হেৰল্ডে দাবী কৰিছিল যে কেথলিন নিচাগ্ৰস্ত আছিল। তেওঁ নিয়মীয়াকৈ মৰ্ফিন, হেৰোইন খাইছিল। অৱশ্যে, আৰক্ষীয়ে প্ৰমাণ বিচাৰি পোৱা নাছিল। যেতিয়া তেওঁলোকে কেথলিনৰ ঘৰলৈ গৈছিল, তেওঁলোকে অনুভৱ কৰিছিল যে হেৰল্ডে তেওঁৰ টাইপৰাইটাৰ ব্যৱহাৰ কৰি এখন  ভুৱা দলিল প্ৰস্তুত  কৰিছিল। 

১৯৯৮ চনৰ ৭ ছেপ্টেম্বৰত হেৰল্ডক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁক ২০ চনত আজীৱন কাৰাদণ্ড দিয়া হৈছিল।

২০০১ চনত ইংলেণ্ডৰ চৰকাৰে প্ৰকাশ কৰিছিল  যে হেৰল্ডে ২৩৬ জন ৰোগীক হত্যা কৰিছিল।

কাৰাদণ্ডৰে দণ্ডিত  হেৰল্ডে ২০০৪ চনৰ জানুৱাৰীত ৱেকফিল্ড কাৰাগাৰত আত্মহত্যা কৰে।
 ডাক্টৰ ডেথৰ কাহিনীয়ে আজিও বহুতকে আতংকিত কৰি তোলে।

আৰু এখন যুদ্ধৰ অশনি সংকেত কোৰিয়ান উপদ্বীপত…

আৰু এখন যুদ্ধৰ অশনি সংকেত পোৱা গৈছে কোৰিয়ান উপদ্বীপত। আগ্ৰাসী ৰূপ লৈ এতিয়া যেন উত্তৰ কোৰিয়াৰ শাসক কিম জং উনে দক্ষিণ কোৰিয়া আক্ৰমণৰ বাবে সাজু হৈছে। যিকোনো মুহূৰ্ততে কোৰিয়ান উপদ্বীপত বাজি উঠিব পাৰে ৰণশিঙা। শুকুৰবাৰে উত্তৰ কোৰিয়াৰ প্ৰায় ১৮০ খন যুদ্ধ বিমানে আক্ৰমণাত্মক ৰূপত আকাশত উৰা দেখা যায়।উত্তৰ কোৰিয়াৰ এনে যুদ্ধৰ প্ৰস্তুতি দেখি দক্ষিণ কোৰিয়ায়ো  ৮০ খন যুঁজাৰু বিমান সীমান্তলৈ  প্ৰেৰণ কৰিছে।



দক্ষিণ কোৰিয়াৰ সামৰিক বাহিনীয়ে এক বিবৃতিত কয় যে শুকুৰবাৰে পুৱা ১১ বজাৰ পৰা আবেলি ৩ বজাৰ ভিতৰত কিমৰ সেনাৰ প্ৰায় ১৮০ খন যুঁজাৰু বিমানৰ চলাচল ৰাডাৰত ধৰা পৰিছিল। বিমানবোৰ অত্যন্ত আক্ৰমণাত্মক ভংগীত আছিল। পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ দক্ষিণ কোৰিয়ায়ো ৮০ খন যুঁজাৰু বিমান প্ৰেৰণ কৰে। দক্ষিণ কোৰিয়াৰ যুদ্ধ বিমানৰ  ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ক্ৰয় কৰা অত্যাধুনিক এফ-৩৫ ষ্টিল্থ ফাইটাৰ জেটো আছে।

বিশ্লেষকসকলৰ মতে, দুয়োখন কোৰিয়াৰ মাজত যিধৰণে উত্তেজনা বাঢ়ি আহিছে, ইউক্ৰেইনৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত বিশ্বই আন এক যুদ্ধৰ সন্মুখীন হ’বলৈ গৈ আছে। যদি এনে হয় আমেৰিকা, চীন, ৰাছিয়াৰ দৰে দেশসমূহ এই যুঁজত জড়িত হৈ পৰাৰ সম্ভাৱনা অতি স্পষ্ট। ফলস্বৰূপে সৃষ্টি হ’ব পাৰে তৃতীয় বিশ্বযুদ্ধ ।


উল্লেখ্য আমেৰিকা  আৰু  দক্ষিণ কোৰিয়াৰ সৈন্যবাহিনীয়ে যোৱা সোমবাৰৰ পৰা ‘ভিজিলেণ্ট ষ্টৰ্ম’ শীৰ্ষক এক যুটীয়া সামৰিক অনুশীলন আৰম্ভ কৰিছে। দুয়োখন দেশৰ হাজাৰ হাজাৰ সৈন্যই যুদ্ধজাহাজ আৰু যুদ্ধবিমানৰ জৰিয়তে  যুদ্ধৰ কৌশল প্ৰদৰ্শন কৰি আছে। দক্ষিণ কোৰিয়াই দাবী কৰিছে যে এই অনুশীলন প্ৰকৃততে যুদ্ধৰ বাবেই প্ৰস্তুতি।  ৱাশ্বিংটন আৰু চিউলে দ্ৰুতগতিত উপদ্বীপটোক প্ৰৰোচিত কৰি সংঘাতৰ দিশে আগুৱাই নিছে বুলিও অভিযোগ উঠি আহিছে। বুধবাৰে কমিউনিষ্ট কোৰিয়াৰ একনায়ক কিম জং উনৰ সৈন্যবাহিনীয়ে সাগৰত ২৩ টা মিছাইল নিক্ষেপ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰত দক্ষিণ কোৰিয়াৰ সেনায়ো মিছাইল উৎক্ষেপণ কৰিছিল।

ধৰ্ষণৰ অভিযোগত হোটেলৰ পৰা গ্ৰেপ্তাৰ বিশ্বকাপ খেলিবলৈ অহা শ্ৰীলংকাৰ ক্ৰিকেটাৰ…

শ্ৰীলংকাৰ ক্ৰিকেটাৰ দানুষ্কা গুণতিলাকাক টি-২০ বিশ্বকাপ চলি থকাৰ সময়তে চিডনীত গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। পুৱতি নিশা চিডনীৰ এখন হোটেলৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

বাতৰি অনুসৰি, শ্ৰীলংকাৰ ক্ৰিকেট দলৰ এক সূত্ৰই জানিবলৈ দিয়া মতে এগৰাকী মহিলাই গুণতিলাকাৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে।

ইয়াৰ ভিত্তিতে অষ্ট্ৰেলিয়াৰ আৰক্ষীয়ে পুৱতি নিশা শ্ৰীলংকাৰ দলটো থকা এখন হোটেলত তালাচী চলায় আৰু তেওঁক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে দানুষ্কা গ্ৰেপ্তাৰ হোৱাৰ মাত্ৰ কেইঘণ্টামান আগতে শ্ৰীলংকাই ইংলেণ্ডৰ বিৰুদ্ধে এখন টি-২০ বিশ্বকাপ খেল খেলিছিল। খেলখনত শ্ৰীলংকা পৰাস্ত হৈছিল।

এতিয়া দানুষ্কা গুণতিলাকা বিশ্বকাপত এটা ডাঙৰ কেলেংকাৰীত জড়িত হৈ পৰিল। শ্ৰীলংকাৰ তাৰকা ক্ৰিকেটাৰগৰাকীক এগৰাকী ২৯ বছৰীয়া মহিলাক যৌন নিৰ্যাতন কৰাৰ অভিযোগত চিডনীৰ হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।

পুনৰ গৰ্ভৱতী অৱস্থাত ফটোশ্বুট কৰিলে বিপাশা বসুৱে…

পুনৰ গৰ্ভৱতী অৱস্থাত ফটোশ্বুট কৰিলে বিপাশা বসুৱে। সন্তান জন্ম হ’বলৈ মাত্ৰ কেইদিনমান বাকী, তেনে অৱস্থাতে তেওঁৰ এখনি শেহতীয়া ফটো অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে।

ফটোখনত দেখা গৈছে বিপাশাৰ নিম্নাংগ অনাবৃত আৰু তাক ঢাকি ৰাখিছে পিন্ধি থকা ব্ৰ’ঞ্জ ৰঙৰ এটা গাউনেৰে।

ফটোখন শ্বেয়াৰ কৰি বিপাশাই লিখিছে- “সকলোৱে নিজকে ভালপাওক। যি শৰীৰত বাস কৰিছে তাক ভালপাওক।”

ইনষ্টাগ্ৰামত ফটোখন শ্বেয়াৰ কৰাৰ পাছতে সম্প্ৰতি সামাজিক মাধ্যমত ধুমুহাৰ সৃষ্টি হৈছে। অনেকে অভিনেত্ৰীগৰাকীয়ে এইদৰে গৰ্ভাৱস্থাত ফটোশ্বুট কৰাটোক এটা বলিষ্ঠ পদক্ষেপ হিচাপে অভিহিত কৰিছে। অনুৰাগীসকলে তেওঁক শুভকামনা জনাইছে।

উল্লেখ্য যে জিচ্ম, ৰাজ ইত্যাদি ছুপাৰহিট ছৱিৰে দৰ্শকৰ নয়নৰ মণি হৈ পৰা বিপাশা বসুৱে ২০১৬ চনত অভিনেতা কৰণ সিং গ্ৰোভাৰৰ স’তে বিবাহপাশত আৱদ্ধ হৈছিল। বৰ্তমান বিপাশাৰ বয়স ৪৩ আৰু প্ৰথমবাৰৰ বাবে মাতৃ হ’বলৈ উলাইছে।

কন্যা সন্তানৰ মাতৃ হ’ল বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভাট…

কাপুৰ আৰু ভাট পৰিয়ালত সুখৰ পৰিবেশ, কাৰণ বলীউডৰ মৰমলগা দম্পতী আলিয়া ভাট আৰু ৰণবীৰ কাপুৰ পিতৃ-মাতৃ হৈ পৰিছে। দম্পতীহালৰ ঘৰত কণমানি দেৱদূতৰ চিঞৰ-বাখৰ প্ৰতিধ্বনিত হৈছে। এনে পৰিস্থিতিত তেওঁৰ পৰিয়ালৰ লোকৰ লগতে ছ’চিয়েল মিডিয়াতো সুখৰ জোৱাৰ উঠিছে। অনুৰাগীয়ে বিভিন্ন ধৰণে অভিনন্দন জনাইছে দম্পতীহালক। ইফালে আলিয়াৰ এটা ভিডিঅ’ও পোহৰলৈ আহিছে।

কন্যা সন্তানৰ জন্মৰ পিছত ভাইৰেল হৈ পৰে আলিয়াৰ ভিডিঅ’
এই মুহূৰ্তলৈ বহু সময় অপেক্ষা কৰি আছিল দম্পতীহালৰ অনুৰাগী। এনে পৰিস্থিতিত খবৰ ওলোৱাৰ পিছত তেওঁলোকৰ সুখৰ কোনো স্থান নাই। সকলোৱে যেন ইণ্টাৰনেটত ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটক অভিনন্দন জনাইছে। কিছুমানে মিমৰ জৰিয়তে অভিনন্দন জনোৱাৰ বিপৰীতে কিছুমানে আলিয়াৰ শৈশৱৰ ছবি শ্বেয়াৰ কৰি কয় যে ‘সৰু আলিয়া আহিছে’। ইয়াৰ লগতে এটা ভিডিঅ’ও ভাইৰেল হৈ আছে, যিটো আলিয়াৰ শৈশৱৰ। ভিডিঅ’টোত আলিয়াক ফ্ৰক পিন্ধি নিজৰ ঘৰত খেলি থকা দেখা গৈছে।

ক’ৰবাত তাইক নাচি থকা দেখা গ’ল, আৰু ক’ৰবাত তাইক দেউতাক মহেশ ভটৰ ওপৰত বহি খেলি থকা দেখা গ’ল। ভিডিঅ’টোত আলিয়াৰ বয়স এবছৰ বা দুবছৰ হ’ব পাৰে, কিন্তু তাইৰ কিউটনেছ এনেকুৱা যে হৃদয়ে বাৰে বাৰে চাবলৈ বিচাৰিব। এই সময়ত এই ভিডিঅ’টো ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে, য’ত অনুৰাগীসকলে আশা কৰিছে যে তেওঁলোকৰ সৰু দেৱদূতটোও এনেকুৱা হ’ব।

মুম্বাইৰ ৰিলায়েন্স হাস্পতালত প্ৰসৱ হয়
তথ্যৰ বাবে কওঁ যে আজি অৰ্থাৎ ২০২২ চনৰ ৬ নৱেম্বৰত আলিয়াক মুম্বাইৰ এইচ.এন. ৰিলায়েন্স ফাউণ্ডেশ্যন হাস্পতালত ভৰ্তি কৰোৱা হয়। ৰাতিপুৱা প্ৰায় ৭.৩০ বজাত আলিয়া আৰু ৰণবীৰ ইয়াত উপস্থিত হ’ল। ইয়াৰ কিছুমান ভিডিঅ’ও পাপাৰাজীয়ে শ্বেয়াৰ কৰিছিল। একে সময়তে কন্যা সন্তানৰ জন্মৰ পিছত আলিয়াই একেলগে লায়ন পৰিয়ালৰ এখন মৰমলগা ছবি শ্বেয়াৰ কৰি সুখ প্ৰকাশ কৰিছে।

শীতকালত অধিকসংখ্যক লোকৰ ভৰিৰ গোৰোহা ফটাৰ প্ৰকৃত কাৰণ জানক…

শীতকালত অধিকসংখ্যক লোকেই ভৰিৰ গোৰোহা ফটা বা ছাল শুকান হোৱাৰ সমস্যাত ভোগা দেখা যায়। যিমানেই আপুনি যত্ন নলওক কিয়, গোৰোহা ফাটি যোৱাটো নিশ্চিতভাৱে এটা সাধাৰণ সমস্যা হৈ পৰে। যদি আপোনাৰ ক্ষেত্ৰতো এনেকুৱা হয়, তেন্তে শৰীৰত কিছুমান ভিটামিনৰ অভাৱতো এনে হ’ব পাৰে। বিশেষকৈ যিসকল লোকৰ শৰীৰত ভিটামিনৰ অভাৱ আৰু হৰম’নৰ ভাৰসাম্যহীনতা সমস্যা হয়, তেওঁলোকৰ গোৰোহা ফাটি যোৱাৰ আশংকা বৃদ্ধি পায়।

শৰীৰত ভিটামিনৰ অভাৱ-

বিশেষজ্ঞসকলে কয় যে যেতিয়া শৰীৰৰ ছালখন শুকাই যায় আৰু আৰ্দ্ৰতা কমিবলৈ আৰম্ভ কৰে তেতিয়াই ৰুক্ষ হ’বলৈ আৰম্ভ কৰে। ইয়াৰ আঁৰৰ কাৰণ হৈছে শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ। যিসকল লোকৰ শৰীৰত ভিটামিন বি-৩, ভিটামিন-ই আৰু ভিটামিন-চিৰ অভাৱ হয় তেওঁলোকৰো গোৰোহা ফাটিবলৈ আৰম্ভ হয়। সেয়েহে ভিটামিনসমৃদ্ধ খাদ্য খালে কলাজেনৰ উৎপাদন বৃদ্ধি পায় আৰু ছালেও সুৰক্ষা লাভ কৰে। শৰীৰত জিংক আৰু ওমেগা-৩ ফেটি এচিড হ্ৰাস হ’লেও ছালৰ ৰুক্ষতা বৃদ্ধি পায়।

 হৰম’নৰ ভাৰসাম্যহীনতাৰ বাবেও গোৰোহা ফাটে-

শৰীৰত হৰম’নৰ ভাৰসাম্যহীনতা হ’লেও শুকানতাৰ সমস্যা বাঢ়ি যায়। এনে লোকৰ গোৰোহা ফাটি যোৱাৰ সমস্যা হ’ব পাৰে। থাইৰয়ড বা ইষ্ট্ৰজেন হৰম’নৰ ভাৰসাম্য অৱনতি ঘটিলেও গোৰোহা ফাটে। কেতিয়াবা গোৰোহাত ফটাৰ ফলত তেজো ওলাবলৈ আৰম্ভ কৰে।

 গোৰোহা ফটাৰ ঘৰুৱা উপায়-

১. গোৰোহা ফাটিলে ভৰি দুখন পৰিষ্কাৰ কৰি ৰখাটো অতি প্ৰয়োজন, গোৰোহা ঘঁহিলে মলিবোৰ আঁতৰি যায়।

২. ইয়াৰ পাছত গোৰোহা আৰু ভৰিত হিল বাম ভালদৰে ব্যৱহাৰ কৰিব লাগে। মইশ্ব’ৰাইজ আৰু এক্সফ’লিয়েট কৰিবলৈ তৈয়াৰী ক্ৰীম ব্যৱহাৰ কৰক।

৩. ভৰি পৰিষ্কাৰ কৰাৰ আন এটা উপায় হ’ল ভৰি দুখন কুহুমীয়া নিমখীয়া পানীত আধা ঘণ্টা তিয়াই থ’ব লাগে। এতিয়া পিউমিচ ষ্টোনেৰে ভৰি দুখনৰ গোৰোহা পৰিষ্কাৰ কৰক।

৪. খাদ্যত জিংকসমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে। ইয়াৰ বাহিৰেও প্ৰচুৰ পৰিমাণে পানী খাব লাগে। ইয়াৰ ফলত ছালৰ শুষ্কতা নোহোৱা হ’ব।

৫. ভিটামিন-ই আৰু ভিটামিন-চিসমৃদ্ধ খাদ্য নিশ্চয়কৈ খাব। ইয়াৰ ফলত কোষবোৰৰ কোনো ক্ষতি নহয় আৰু ছালখন সুস্থ হৈ উঠিব। ইয়াৰ বাবে বাদাম, গুটি আৰু ছাইট্ৰাছ ফল খাব লাগে।

৭২ ঘণ্টাৰ বাবে বন্ধ হ’ব ভাৰত-নেপাল সীমান্ত…

চুবুৰীয়া ৰাষ্ট্ৰ নেপালত অহা ২০ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নিৰ্বাচনৰ প্ৰতি লক্ষ্য নিৰ্বাচনৰ পূৰ্বে ৭২ ঘণ্টাৰ বাবে বন্ধ কৰি দিয়া হ’ব ভাৰত-নেপাল সীমান্ত। সীমান্তৰে হ’ব পৰা সম্ভাৱ্য অসামাজিক কাৰ্যকলাপ প্ৰতিহত কৰাৰ উদ্দেশ্যে এই সিদ্ধান্ত লোৱা হৈছে।

মহাৰাজগঞ্জৰ জিলা দণ্ডাধীশ সতেন্দ্ৰ কুমাৰে সদৰী কৰা তথ্য মতে চুবুৰীয়া ৰাষ্ট্ৰখনৰ প্ৰতিনিধি সভাৰ নিৰ্বাচন সন্দৰ্ভত শনিবাৰে নেপালৰ ৰূপান্দেহী জিলাত দুয়োখন দেশৰ বিষয়াসকলৰ মাজত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়।

সংবাদ মাধ্যমৰ আগত তেওঁ কয়, ” দুয়োখন দেশৰ চুবুৰীয়া জিলাৰ বিষয়াসকলৰ সমন্বয় সমিতিৰ বৈঠকত ১৭ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰৰ মাজনিশা ১২ বজালৈ ৭২ ঘণ্টাৰ বাবে সীমান্ত বন্ধ ৰখাৰ সিদ্ধান্ত লোৱা হৈছে।”

বৈঠকত লগতে কোনো প্ৰকাৰৰ সম্ভাৱ্য বিশৃংখলতাৰ ওপৰত দৃষ্টি ৰাখিবলৈ সীমান্তত অতিৰিক্ত নিৰাপত্তা মোতায়েন কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সতেন্দ্ৰ কুমাৰে জানিবলৈ দিয়ে

গুৱাহাটীৰ দীঘলীবিলত চকু পুঁজিপতিৰ : অস্তিত্বৰ সংকটত দুস্প্ৰাপ্য হাড়গিলা , ২৭ বিঘা ভূমি দখল কৰা কোন এই বসন্ত আগৰৱালা…

ফটোৱে মিছা নকয়। এই দৃশ্য গুৱাহাটীৰ গাতে লাগি থকা ঐতিহাসিক দীঘলীবিলৰ। আমিনগাঁৱৰ ইতিহাস প্ৰসিদ্ধ দীঘলীবিল এতিয়া অস্তিত্বৰ সংকটত। দুস্প্ৰাপ্য হাড়গিলাৰ নিৰ্ভৰযোগ্য বাসস্থান দীঘলীবিল। আনহাতে পৰিভ্ৰমী পক্ষীৰ বিচৰণ থলী।

শীত কালত দেশী- বিদেশী পৰিভ্ৰমী চৰাই জাকে কৰে জলকেলী। ঐতিহাসিক দীঘলীবিলত এতিয়া চলিছে অবৈধ দখলৰ হাতোৰা। অদৃশ্য শক্তিৰ বলত বলীয়ান বসন্ত আগৰৱালাৰ চকু দীঘলীবিলত। পুঁজিপতি বসন্ত আগৰৱালা ইতিমধ্যে দিনে নিশাই পাহাৰ কাটি বিলখনৰ ২৭ বিঘা মাটি হাঁহি হাঁহি নিজৰ দখললৈ নিবলৈ সক্ষম হৈছে ।

এইখন অসমত আকৌ চৰকাৰে প্ৰদূষণৰ বাবে গছ গছনি কটাত বাধা দিয়াৰ লগতে উৎসব-পাৰ্বনত ফটকা ফুটোৱাতো বাধা দিয়ে। কাৰণ প্ৰদূষন হোৱাৰ ভয়।

ভবিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰি চৰকাৰে এনে বোৰ কাৰ্যত বাধা প্ৰদান কৰি আহিছে আনহাতে চৰকাৰী নিয়ম অনুযায়ী জলাশয় কোনো ব্যক্তি বা প্ৰতিষ্ঠানক হস্তান্তৰ কৰিব নোৱাৰে যদিও অদৃশ্য শক্তিৰে বলীয়ান হোৱা বসন্ত আগৰৱালাৰ ওচৰত প্ৰচলিত আইন অথবা নিয়ম লেতুসেতু হৈ পৰে অদৃশ্য কাৰণত।

এই পৰ্যন্ত কোনো দল সংগঠন কিম্বা প্ৰকৃত প্ৰেমী সংগঠনে দীঘলীবিল ৰক্ষাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। সময় থাকোতে চৰকাৰে কঠোৰ স্হিতি গ্ৰহন নকৰিলে শীঘ্ৰে মানচিত্ৰৰ পৰা দীঘলীবিল হেৰাই যোৱা নিশ্চিত।