Home Blog Page 1891

পিয়াঁজৰ বহুমুখী উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি…

পিয়াঁজ কেনেকৈ ব্যৱহৃত হয় ?

আমাৰ মানুহে সাধাৰণতে যি কোনো আঞ্জা বা ভাজি ৰান্ধিবলৈ লওঁতে পোনতে পিয়াঁজ বা পাঁচফুৰণ ভাজি লয় ৷ মাংস ৰান্ধোতে আলুৰ সৈতে পিয়াঁজ বেচিকৈ দিলেহে খাবলৈ জুতি লগা হয়। চালাড আৰু চাটনিত পিয়াঁজ অপৰিসাৰ্য্য ৷ ইয়াৰ ওপৰিও পিয়াঁজৰ পৰঠা, পকৰী, চুপ, পিজ্জা, আচাৰ আদি বনোৱা হয় ৷ কেঁচাই খোৱা পিয়াজত সিজোৱা পিয়াঁজতকৈ গুণ বেচি থাকে ৷

পিয়াঁজৰ বহুমুখী উপকাৰিতাৰ তালিকা :

কৰ্কট ৰোগ প্ৰতিৰোধত অগ্ৰণী ভূমিকা –

পিয়াঁজত থকা ক্বেৰচেটিন আৰু এন্থোচায়ানিন হ’ল কৰ্কট ৰোধ প্ৰতিৰোধত সহায়ক ৷ কেনেডাৰ গুৱেল্ফ বিশ্ববিদ্যালয়ত কৰা এক অধ্যয়ণত বক্ষ আৰু কল’নৰ কৰ্কট ৰোধ কৰাত পিয়াঁজৰ ভূমিকা প্ৰমাণিত হোৱা বুলি দাবী কৰা হৈছে ৷ তদুপৰি আন আন চিকিৎসা কেন্দ্ৰত লেৰিন্স, অভেৰী, খাদ্যনলীৰ কৰ্কট ৰোগৰ প্ৰতিৰোধৰ বাবে পিয়াঁজ ব্যৱহৃত হৈ আহিছে ৷ কেন্সাৰ প্ৰতিৰোধ কৰিবলৈ হলে দৈনিক এটা কেঁচা পিয়াঁজ খাবলৈ পৰামৰ্শ দিয়া হয় ৷

2.হৃদৰোগৰ পৰা সুৰক্ষা- অপকাৰী ক’লেষ্টৰেলৰ (LDL) পৰিমাণ হ্ৰাস কৰে ৷ আনহাতে উপকাৰী ক’লেষ্টৰেলৰ (HDL) পৰিমাণ বঢ়ায় ৷ তেজৰ নলীত চৰ্বি জমা (Atheloscerosis) হবলৈ নিদিয়ে ৷ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে ৷
3.তেজত চুগাৰৰ পৰিমাণ কমোৱাত পিয়াঁজ সহায়ক –

polyphenol, ক্ৰমিয়াম, চালফাৰযুক্ত পদাৰ্থ ( S-Methylcysteine) আৰু ক্বেৰচেটিনৰ বাবে তেজৰ চুগাৰৰ পৰিমাণ হ্ৰাস পায় ৷ ডায়েবেটিজৰ দৰব মেটফৰ্মিনৰ লগত এই সক্ৰিয়তা আৰু বেচি হয়।
হাঁড়ৰ সুৰক্ষাত ভূমিকা-

পিয়াঁজত থকা GPCS নামৰ তত্বৰ বাবে হাঁড়ৰ ক্ষয় (Osteoporosis) ৰোধ হয় ৷ প্ৰষ্টাগ্লেণ্ডিনক বাধা প্ৰদান কৰাৰ ফলত পিয়াঁজ নানা ধৰণৰ বাত ৰোগ আৰু বিষৰ উপশম ঘটোৱাত উপযোগী ৷
শৰীৰৰ ইমিউনিটি বঢ়ায়-

পিয়াঁজত থকা চেলেনিয়াম আৰু নানাবিধ এন্টিঅক্সিডেন্টে শৰীৰক ৰোগ প্ৰতিৰোধক শক্তি যোগায় ৷
পাক প্ৰণালীৰ উপকাৰিতা –

পিয়াঁজত থকা ইনুলিন নামৰ ফাইবাৰে শৌচ কচা,এচিডিটি আৰু পেটৰ বিষ আতৰায় ৷
শ্বাসপ্ৰণালীৰ অসুখ কমোৱাত সহায়ক-

আমেৰিকান অধ্যয়ণত পিয়াঁজ এলাৰ্জিক ৰাইনাইটিচ আৰু এজমাত উপকাৰী সিদ্ধ হৈছে ৷
চকুৰ উপকাৰিতা-

পিয়াঁজত থকা ভিটামিন-ই আৰু চালফাৰৰ বাবে গ্ল’কমা, কেটেৰেক্ট,মেকুলাৰ ডিজেনেৰেচন আদি ৰোগ প্ৰতিৰোধ হয় ৷
যৌন সক্ষমতা বৃদ্ধি –

ইউগেণ্ডা দেশত অতি প্ৰাচীন কালৰ পৰা পিয়াঁজ যৌন অক্ষমতাৰ (Erectile Dysfunction) চিকিৎসাত ব্যৱহৃত হৈ আহিছে ৷ এই ক্ষেত্ৰত পিয়াঁজ আৰু মৌজোলৰ সংমিশ্ৰণ বেচি উপযোগী ৷
কৰ্ণৰোগৰ চিকিৎসা –

দুই এটোপাল পিয়াঁজৰ ৰস ঢালিলে কাণৰ বিষ আৰু সংক্ৰমণ নিৰাময় হয় ৷
মস্তিষ্কৰ স্বাস্থ্য ৰক্ষাত ভূমিকা-

এন্টিঅক্সিডেন্ট, চালফাৰ আৰু খনিজৰ উপস্থিতিয়ে মৃগীৰোগ, মূৰঘূৰণি, স্মৃতিশক্তি হ্ৰাস আদি ৰোগ প্ৰতিৰোধ কৰে ৷
ছালৰ বাবে উপযোগিতা-

ভিটামিন- এ, ভিটামিন-চি, ভিটামিন-ইৰ উপস্থিতিয়ে চৰ্মৰোগ ৰোধ কৰে ৷ ছালৰ উজ্বলতা বঢ়ায় ৷
আচিনাইৰ চিকিৎসা –

পিয়াঁজ পিচি অলিভ অইলৰ লগত মিহলাই ঘঁহিলে আচিনাই ভাল হয় ৷
চুলিৰ ক্ষেত্ৰত উপকাৰিতা –

চুলি পকা,অকালতে সৰা, ওকনি আৰু উফিৰ চিকিৎসাত পিয়াঁজ আৰু নেমৰ ৰস চুলিত মালিশ কৰাৰ পৰামৰ্শ দিয়া হয় ৷
মুখ আৰু দাঁতৰ সুৰক্ষা-

Streptococcus sobirinus আৰু Streptococcus mutans বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত দাঁতত গাত বা কেভেটি হয় ৷ পিয়াঁজ হ’ল বেক্টেৰিয়া বিনাশক ৷
বাৰ্ধক্যৰোধক গুণ –

এয়া ভিটামিন-এ, ভিটামিন-চি, ভিটামিন-ইৰ বাবেই সম্ভৱ ৷
ষ্ট্ৰেচ কমোৱাত ভূমিকা প্ৰমাণিত হৈছে আৰু পিয়াঁজ ভাল নিদ্ৰা অহাত সহায়ক হয় ৷
ৰজোনিবৃত্তিৰ (মেনোপ’জ) সময়ত উপকাৰী ৷ কেলচিয়াম আৰু ভিটামিনসমূহ ইয়াৰ বাবে উপযোগী ৷
শক্তি আৰু ষ্টেমিনা বৃদ্ধি কৰোতা বুলি প্ৰমাণিত বনৌষধি ৷
কলেৰা প্ৰতিৰোধক –

পিয়াঁজে ক’লেৰাৰ জীৱাণু বিনষ্ট কৰে ৷
জীৱাণুৰ সংক্ৰমণৰ পৰা সুৰক্ষা –

ই-কলাই, চালমোনেলা আদি অনেক বেক্টেৰিয়া ই বিনষ্ট কৰিবলৈ সক্ষম ৷
এলাৰ্জিত ভূমিকা –

ক্বেৰচেটিনে এন্টিহিষ্টামিনিকৰ ভূমিকা পালন কৰে ৷
ক’লা দাগ আদি আতৰায় – ক’লাদাগ আৰু টেটুৰ দাগ আতৰাবলৈ পিচা পিয়াজ দৈৰ সৈতে মিহলাই মালিশ কৰিব লাগে ৷
পোক পতংগই বিন্ধাৰ চিকিৎসা –

মৌ মাখি,বৰল আদিয়ে বিন্ধিলে পিচা পিয়াঁজৰ লেপ লগাব লাগে ৷
তিল (Mole) আতৰোৱাৰ প্ৰয়াস –

কিছুমান তিল এমাহমান কেঁচা পিয়াঁজৰ ৰস সানিলে নাইকীয়া হোৱা দেখা যায় ৷
জ্বৰৰ উপশম ঘটাবলৈ সমৰ্থ ৷
নাকৰ ৰক্তক্ষৰণ বন্ধ কৰিবলৈ উতলা পানীত পিয়াঁজ মিহলাই ভাপ লব দিব লাগে ৷

পিয়াঁজৰ সম্ভাব্য পাৰ্শ্বক্ৰিয়া আৰু লবলগীয়া সতৰ্কতা :

পিয়াঁজ সাধাৰণতে এবিধ অহিত নকৰা নিৰীহ খাদ্য ৷ খুব কম মানুহৰহে ইয়াক সেৱন কৰিলে বা ছালত প্ৰয়োগ কৰিলে এলাৰ্জি দেখা দিয়ে ৷ তদুপৰি দেখা গৈছে দৈনিক ৩৫ মিলিগ্ৰাম পিয়াঁজ মাহৰ পিছত মাহ ধৰি খালেও একো অপকাৰ বা পাৰ্শ্বক্ৰিয়া নহয় ৷ তথাপিও পিয়াঁজৰ ব্যৱহাৰত সতৰ্কতা লবলগীয়া অৱস্থাসমূহ হ’ল:

  • ৰক্তক্ষৰণৰত ভোগা ৰোগীয়ে সাৱধানতা লব কিয়নো পিয়াঁজে তেজ গোট মৰা (Clotting) কমায় ৷
  • যি কোনো অপাৰেচনৰ সন্মুখীন হবলগীয়া ৰোগীয়ে ১০দিনমানৰ আগৰ পৰা পিঁয়াজ সেৱন বন্ধ ৰাখিব যাতে তেজ গোট মৰাত বিলম্ব হোৱাত ভূগিবলগীয়া নহয় ৷
  • ডায়েবেটিজ ৰোগীয়ে পিয়াঁজ সেৱন কৰাৰ ফলত চুগাৰৰ পৰিমাণ হ্ৰাস হোৱা দিশতোলৈ চকু ৰাখিব ৷
  • গৰ্ভৱতী মাতৃ আৰু স্তনপান কৰোৱা মাতৃয়ে খাদ্যত ব্যৱহৃত নিয়মীয়া মাত্ৰাৰ পিয়াঁজহে গ্ৰহণ কৰিব ৷

আৰু মোখনিত কবলগীয়া এষাৰ :
আগতে কাটি ৰখা পিয়াঁজ অহিতকাৰী বুলি এক প্ৰচলিত ভ্ৰান্ত ধাৰণা আছে ৷ আমেৰিকাৰ “নেশ্বনেল অনিয়ন এচচিয়েচনে” এক স্পষ্টীকৰণত এইদৰে কৈছে –
পিয়াঁজৰ জীৱানুনাশক গুণ আছে বুলি জৰ্জিয়া বিশ্ববিদ্যালয়ত কৰা অধ্যয়ণত প্ৰমাণিত হৈছে ৷
কাটি ৰখা পিয়াঁজ বিষাক্ত হৈ পৰে, ফুড পইজনিং কৰিব পাৰে, তাত বেক্টেৰিয়াই বাঁহ লয় – আদি কথা সত্য নহয় ৷ কটা পিয়াঁজ বন্ধ বাচনত ফ্ৰিজত এসপ্তাহলৈ সংৰক্ষণ কৰিব পাৰি ৷

লেখক -ডা০ ভূপেন শইকীয়া

উৰ্ফিক দেখি ৱাশ্বৰুমৰ বাহিৰত বিপুল জনসমাগম! ভাইৰেল ভিডিঅ’টোত চাওক অভিনেত্ৰীগৰাকীৰ প্ৰতিক্ৰিয়া…

উৰ্ফি জাভেদঃ উৰ্ফিক দেখি ৱাশ্বৰুমৰ বাহিৰত বিপুল জনসমাগম, ভাইৰেল ভিডিঅ’টোত চাওক অভিনেত্ৰীগৰাকীৰ প্ৰতিক্ৰিয়া।এই ভিডিঅ’টোতো উৰ্ফি জাভেদে সদায়ৰ দৰে এনেকুৱা কাপোৰ পিন্ধিছে যে সকলোৱে অভিনেত্ৰী (উৰ্ফি জাভেদ)ক চাবলৈ বাধ্য হৈছিল। এই সৌন্দৰ্য্যৰ আভাস পাবলৈ মানুহবোৰ অতিশয় উৎসাহিত হৈ পৰে। উৰ্ফি জাভেদ ভিডিঅ’: উৰ্ফি জাভেদে ছবিখন চাবলৈ পিভিআৰত উপস্থিত হয়। এনে পৰিস্থিতিত উৰ্ফিৰ ছবি ক্লিক কৰাৰ উদ্দেশ্যে পাপাৰাজীয়ে তাইৰ পিছে পিছে লেডিজ ৱাছৰুমলৈকে গৈছিল। যদিও উৰ্ফিও অদ্ভুত কাম কৰাত কম নহয়। ফেশ্বনৰ লগতে উৰ্ফি ৰাজহুৱা স্থানত অদ্ভুত কাম কৰাৰ বাবেও পৰিচিত।

উৰ্ফী জাভেদে এনে এটা সাজ-পোছাক পিন্ধিছিল

যেতিয়াই উৰ্ফি জাভেদক দেখা যায়, তাই হত্যা কৰে। এই ভিডিঅ’টোত উৰ্ফিৰ লুক দেখি আপোনাৰ মূৰটোও ঘূৰিব। উৰ্ফীয়ে ট্ৰাউজাৰ আৰু টি-চাৰ্টৰ সৈতে আণ্ডাৰগাৰ্মেণ্ট দেখুৱাই থকা দেখা গৈছে। ইয়াত উৰ্ফিৰ ঠাট্টা-মস্কৰাৰ বাবে ছ’চিয়েল মিডিয়াতো বহু লোকে তেওঁক সমালোচনা কৰা দেখা গৈছিল। পাপাৰাজীয়ে ৱাশ্বৰুমৰ বাহিৰলৈ হাতখন আগবঢ়াই দিলে

কেজুৱেল লুকৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰাৰ উপৰিও উৰ্ফীয়ে কৰিছে উজ্জ্বল গ্ল’য়িং মেকআপ। ইয়াত উৰ্ফীয়ে কেতিয়াবা আন কাৰোবাৰ পপকৰ্ণ আগবঢ়াই থকা দেখা গৈছিল আৰু কেতিয়াবা ল’ৰাৰ সৈতে ছবিৰ বাবে পোজ দিবলৈ আৰম্ভ কৰিছিল। একেটা ভিডিঅ’তে উৰ্ফীয়ে মহিলাৰ ৱাছৰুমৰ বাহিৰতো স্পট কৰা দেখা গৈছে। অৱশ্যে ৱাশ্বৰুমৰ ওচৰলৈ পাপাৰাজী আহি থকা দেখি উৰ্ফীয়ে আন ছোৱালীক এই বিষয়ে চিঞৰিবলৈ ধৰিলে। উৰ্ফি জাভেদে যেতিয়া সচৰাচৰৰ দৰে অদ্ভুত কাপোৰ পিন্ধি ছবিখন চাবলৈ পিভিআৰত উপস্থিত হৈছিল, তেতিয়া সকলোৱে যেন তেওঁক চাবলৈ হাহাকাৰ কৰিছিল। পাপাৰাজীক তাইৰ পিছে পিছে অহা দেখি উৰ্ফীয়ে আনকি ক’লে যে এতিয়া তুমি ৱাশ্বৰুমৰ ভিতৰলৈ আহিবা। ইয়াৰ পিছত উৰ্ফীয়ে হাঁহিবলৈ ধৰিলে আৰু থিয় হৈ পোজ দিয়া দেখা গ’ল।


পাকিস্তানৰ তাৰকা বেটছমেন আজহাৰ আলীৰ অৱসৰ ঘোষণা

পাকিস্তানৰ তাৰকা বেটছমেন আজহাৰ আলীয়ে আন্তঃৰাষ্ট্ৰীয় অৱসৰৰ ঘোষণা: ‘মই উপলব্ধি কৰিলোঁ যে মোৰ বাবে এইটোৱেই উপযুক্ত সময়’।আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰি আজহাৰ আলীয়ে নিশ্চিত কৰিছে যে ইংলেণ্ডৰ বিৰুদ্ধে পাকিস্তানৰ তৃতীয় আৰু অন্তিমখন টেষ্ট ছিৰিজ তেওঁৰ শেষ হ’ব।পাকিস্তানৰ তাৰকা বেটছমেন আজহাৰ আলীয়ে শুকুৰবাৰে সংবাদমেলযোগে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। আজহাৰে নিশ্চিত কৰে যে ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ তৃতীয় আৰু অন্তিমখন টেষ্ট পাকিস্তানে দলটোৰ বাবে তেওঁৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় খেল হ’ব। পাকিস্তানৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে এতিয়ালৈকে ৯৬খন টেষ্টত দলটোক প্ৰতিনিধিত্ব কৰিছে, আৰু দলটোৰ হৈ ৫৩খন এদিনীয়া খেলত অংশগ্ৰহণ কৰিছে।

আজহাৰে এক বিবৃতিত কয়, ‘মোৰ দেশক উচ্চতম পৰ্যায়ত প্ৰতিনিধিত্ব কৰাটো মোৰ বাবে এক বৃহৎ সন্মান আৰু সৌভাগ্যৰ কথা। “কেতিয়া দিন বুলি ক’ব সেইটো নিৰ্ণয় কৰাটো সদায় কঠিন, কিন্তু, গভীৰভাৱে চিন্তা কৰাৰ পিছত মই উপলব্ধি কৰিলোঁ যে মোৰ বাবে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ এইটোৱেই উপযুক্ত সময়।“এই ক্লান্তিকৰ, অথচ সুন্দৰ যাত্ৰাত বহু লোকৰ প্ৰতি মই কৃতজ্ঞ। কাৰ ত্যাগ অবিহনে মোৰ পৰিয়ালৰ বিশেষ উল্লেখ কৰিব বিচাৰিছো; আজি মই য’ত আছো তাত নাথাকিলোহেঁতেন। মোৰ মা-দেউতা, পত্নী, ভাই-ভনী আৰু সন্তানসকলে গোটেই সময়ছোৱাত মোৰ শক্তি হৈ আহিছে।

তেওঁ কয়, ‘মই ধন্য হৈছো যে মই কিছুমান অসাধাৰণ ক্ৰিকেটাৰৰ সৈতে ড্ৰেছিং ৰুম শ্বেয়াৰ কৰিছো, যাৰ সৈতে মোৰ এক শক্তিশালী বন্ধন আছে। এই মানুহবোৰক মোৰ বন্ধু বুলি ক’লে মই নিজকে বহুত বেছি ধনী অনুভৱ কৰো। কিছুমান আচৰিত প্ৰশিক্ষকৰ অধীনত খেলিবলৈ পাইও মই ধন্য, যাৰ প্ৰতি মই সদায় কৃতজ্ঞ হৈ থাকিম।’-আজহাৰে কয়।

তেওঁ কয়, ‘মই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছো এজন পূৰ্ণতাপূৰ্ণ ক্ৰিকেটাৰ হিচাপে যিয়ে নিজৰ বাবে নিৰ্ধাৰণ কৰা বেছিভাগ গ’লত টিক মাৰিছিল। বহু ক্ৰিকেটাৰে নিজৰ দেশৰ নেতৃত্ব দিবলৈ আগবাঢ়ি নাযায়, আৰু মই পাকিস্তানৰ অধিনায়কত্ব কৰিবলৈ সক্ষম হোৱাটো মোৰ বাবে অতি গৌৰৱৰ বিষয়। লেগ স্পিনাৰ হিচাপে আৰম্ভ কৰা ল’ৰা হোৱাৰ পৰা টেষ্ট বেটিং লাইন আপৰ মূল ভেটি হোৱালৈকে মোৰ জীৱনৰ আটাইতকৈ মৰমলগা মুহূৰ্তবোৰ আছিল যিবোৰ মই চিৰদিনৰ বাবে লালন-পালন কৰিম।’-আজহাৰে কয়

বিলাসীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত ! নিহত দুজন আৰু আহত চাৰিজন

বিলাসীপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। ১৭ নং ৰাষ্ট্ৰীয় ঘাই পথত ধাৰাবাহিক ভাৱে সংঘটিত হৈছে পথ দুৰ্ঘটনা। চিৰাকুটা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। ঘন কুৱলীৰ ফলত সংঘটিত হোৱা পথ দুৰ্ঘটনাত থিতাতে দুজন নিহত হয় এজন ট্ৰাক চালকলৈ আৰু চাৰিজন আহত । আঘাত প্ৰাপ্ত সকলক মুমূৰ্ষু অবস্থাত স্থানীয় ৰাইজে ততাতৈয়া বিলাসীপাৰা আদৰ্শ চিকিৎসালয় লৈ প্ৰেৰণ কৰে।

গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখী আৰু ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখী তিনিখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনা। ট্ৰাক কেইখনৰ নম্বৰ হৈছে- AS 17B 9954, WB 57C 8685, AS 01 NC 2230. দুৰ্ঘটনাৰ পিছত বহু সময় লৈ ঘটনাস্থলীত আৰক্ষী উপস্থিত নোহোৱাৰ ফলত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ হৈ পৰে শ শ যানবাহন। বিলাসীপাৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত দুৰ্ঘটনাত গুৰুতৰ ভাবে আহত সকলৰ পৰিচয় উদ্ধাৰ হৈছে |

কিডনী ৰোগৰ পৰা ৰক্ষা পোৱাৰ কিটিপ জানো আহক…

ককালৰ ওপৰ অংশত দুয়োকাষে দুটা কিডনী অৱস্থিত। কিডনী দেখাত উৰহি গুটিটোৰ দৰে। সোফালৰ কিডনী বাওফালৰ কিডনীতকৈ সামান্য তলত , ডাঠ আৰু সৰু । তন্তুকোষৰে গঠিত খোলাৰ ভিতৰত কিডনী আৱদ্ধ হৈ থাকে। এজন প্ৰাপ্ত বয়সৰ ব্যক্তিৰ কিডনীৰ ওজন প্ৰায় ১৩০-১৫০ গ্ৰাম, ১০-১৩ ছে:মি: দীঘল আৰু প্ৰস্থ ৩-৪ছে:মি:। তেজ শোধন কৰাৰ বাবে কিডনীৰ ভিতৰত প্ৰায় ১০ লাখ নেফ্ৰণ থাকে। অতি সুক্ষ্ম কেশিকাৰে গঠন হোৱা জালিকা সদৃশ নলীকাবোৰক গ্লমেৰুলাৰ নেফ্ৰণ বোলা হয়। গ্লমেৰুলাৰ নেফ্ৰণ প্ৰকৃতাৰ্থত এখন ছেকনী ।

কিডনীৰ মূখ্য কাম

আমাৰ শৰীৰৰ ত থকা কিডনী দুটাৰ মূখ্য কাম তেজ শোধন কৰি শৰীৰৰ বিষাক্ত আৰু অলাগতিয়াল পদাৰ্থ সমূহ পেচাবৰ সৈতে বাহিৰ কৰি শৰীৰ সুস্থ সবল আৰু নিৰোগীকৰি ৰখা। আমাৰ শৰীৰত দুই তৃতীয়াংশ পানী থাকে আৰু এই পানীৰ ভাৰসাম্যতা কিডনীয়ে নিয়ন্ত্ৰণ কৰে। তাৰোপৰি তেজ শোধন কৰি তেজত থকা লৱনৰ গাঢ়তা নিয়ন্ত্ৰণ কৰি ৰাখে। শৰীৰৰ বৰ্জিত পদাৰ্থ আৰু অতিৰিক্ত লৱণ পেচাবৰ লগত বাহিৰ কৰে‌ । তেজত থকা ক্ষাৰ আৰু অম্লৰ মাজত বিক্ৰিয়া ঘটায় ক্ষাৰ আৰু অম্লৰ সমতুল্যতা নিয়ন্ত্ৰণ কৰে। প্ৰতি মিনিটত গ্লমেৰুলাৰ মাজেৰে একলিটাৰ তেজ প্ৰবাহিত হয় । এই প্ৰবাহিত একলিটাৰ তেজৰ আধা অংশ (৫০০মি:লি:) প্লাজমা। নানা প্ৰকাৰৰ লৱণ,গ্লুক’জ আৰু সূক্ষ্ম কণিকাৰে প্লাজমা গঠিত হয় । প্ৰতি মিনিটত নেফ্ৰণৰ মাজেৰে প্ৰবাহিত এক লিটাৰ তেজৰ প্ৰায় ১০০ মি:লি:তেজহে শোধন হয় । এইদৰে কিডনীয়ে প্ৰতিমূহুৰ্তত তেজ শোধন কৰি থকা বাবে আমি জীয়াই থাকিবলৈ সক্ষম হৈছো। সেয়েহে আমি সদায় কিডনী সুস্থ সবল কৰি ৰাখিব লাগিব। অন্যথা তেজ তথা শৰীৰত দূষিত পদাৰ্থ বৃদ্ধি হলে মৃত্যু ।নিবাৰ্য্য। সেয়েহে কিডনী সুস্থ সবল কৰি ৰখাৰ কেটামান উপায় তলত উল্লেখ কৰা হল ।

(১) জধেমধে বিষনাশক ঔষধ নাখাব। বিষনাশক ঔষধে কিডনী ক্ষতিসাধন কৰে। Gatritic ৰ PPI ঔষধ যেনে পেন্টোপ্ৰাজল আৰু ৰবি প্ৰাজল বেছিদিন খালেও কিডনী ফেইলাৰকে আদি কৰি বিভিন্ন কিডনী ৰোগ হয়। ফাৰ্মাছীৰ ঔষধ বিক্ৰেতাৰ পৰামৰ্শ অনুসৰি ঔষধ নাখাব

(২) মাদক দ্ৰব্য বৰ্জন কৰিব। আজিকালি ভেজাল মাদকদ্ৰব্যৰ কাৰণেও কিডনী বিকল হয়।

(৩) চালানী মাছ ফৰ্মেলডিহাইদ দি সং‌ৰক্ষন কৰা হয়। সেয়েহে চালানী মাছ খালে কিডনীৰ অপকাৰ হোৱাৰ উপৰিও কেঞ্চাৰ পৰ্যন্ত হয়।

(৪) বিলাহী , ফুলকবি, উৰহি, বেঙেনা আদি পাচলিত বহুত বেছি ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰে‌ ।এই ধৰণৰ পাচলি খালে কিডনীৰ ক্ষতি হয় । অৱশ্যে নিমখ পানীত কেবাঘন্টা ডুবাই ৰাখি খালে অপকাৰ কমকৈ হয় ।ৰঙালাও বহুতৰ প্ৰিয় পাচলি , সেইবুলি সদায় ৰঙালাও নাখাব। ৰঙালাওত পিউৰিণ নামৰ এবিধ পদাৰ্থ থাকে আৰু তেজত পিউৰিণ মাত্ৰা বাঢ়িলে কিডনিৰ ক্ষতি কৰে।

(৫) চীনা বাদাম, ক’লা আঙুৰ , বীট, তিয়হ , পালেঙ শাকত কেলচিয়াম থাকে বাবে বেছিকৈ নাখাব‌ । ৰঙালাওত পিউৰিণৰ পৰিমাণ বেছি থাকে বাবে কমকৈ খাব , অন্যথা পিউৰিণৰ কাৰণে বাতৰক্ত বা গাউট নামৰ বিষ বেমাৰৰ উপৰিও কিডনী ৰোগ হব

মুকালমুৱাৰ কালদিত বিনামুলীয়া চকু পৰীক্ষা শিৱিৰত স্কুলীয়া ছাত্ৰ-ছাত্ৰীকে ধৰি তিনি শতাধিকৰ চকু পৰীক্ষা সম্পন্ন

বিশ্ব মহাবীৰ চিলাৰায় মেমৰিয়েল মিছন নলবাৰীৰ উদ্যোগত, কালদি গোপালথান হাইস্কুল আৰু বৰক্ষেত্ৰী আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীৰ সহযোগত কালদি গোপাল থান হাইস্কুলত এটি বিনামুলীয়া চকু পৰীক্ষা শিৱিৰ অনুষ্ঠিত হয় ৷ গুৱাহাটী শংকৰদেৱ নেত্ৰালয়ৰ চিকিৎসকৰ দ্বাৰা অনুষ্ঠিত চকু পৰীক্ষা শিৱিৰটো পুৱা উদ্বোধন কৰে বৰক্ষেত্ৰী আঞ্চলিক পঞ্চায়তৰ সভাপতি প্ৰীতম গোস্বামীয়ে৷ অঞ্চলটোৰ বৰতলা, কচুৱা, বেকাট্টাৰী, বনপুৰা, কাপলাবড়ি, ৰংচোৱা, হিদিলাট্টাৰী, ৰামপুৰ, দৌলাশাল ইত্যাদি অঞ্চলৰ লোকৰ সমান্তৰালভাৱে কালদি গোপালথান হাইস্কুল আৰু কস্তুৰাবা গান্ধী বালিকা বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে শিৱিৰটোত চকু পৰীক্ষা কৰায় ৷ গুৱাহাটীস্থিত শংকৰদেৱ নেত্ৰালয়ৰ জ্যেষ্ঠ চিকিৎসক ডা: জিমলি শৰ্মাৰ নেতৃত্বত দহজনীয়া চিকিৎসকৰ দল এটি অত্যাধুনিক যন্ত্ৰ-পাতিৰ সহায়ত তিনি শতাধিক লোকৰ চকু পৰীক্ষা কৰি চকু সম্পৰ্কীয় বিভিন্ন পৰামৰ্শ আগবঢ়ায়৷

বিনামুলীয়া চকু পৰীক্ষা শিৱিৰটোত বিশ্ব মহাবীৰ চিলাৰায় মেমৰিয়েল মিছন নলবাৰীৰ প্ৰধান সম্পাদক ডা: সমৰ তালুকদাৰ, সম্পাদক কমল দাস, বৰক্ষেত্ৰী আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীৰ উপদেষ্টা জগদা চৰণ তালুকদাৰ, সম্পাদক ডালিম পাঠক, কালদি গোপালথান হাইস্কুল পৰিচালনা সমিতিৰ সভাপতি নগেন ডেকা, উপ সভাপতি মানসজ্যোতি তালুকদাৰ, বিদ্যালয়ৰ প্ৰধান শিক্ষক বসন্ত কুমাৰ তালুকদাৰকে ধৰি বিদ্যালয়ৰ কেইবাজনো শিক্ষক কৰ্মচাৰী উপস্থিত থাকে ৷

জীয়েকৰ সৈতে চিৰিয়াখানালৈ গ’ল প্ৰিয়ংকা চোপ্ৰা, দেউতাকৰ কোলাত মালতী…

প্ৰিয়ংকা চোপ্ৰা জীয়েকৰ সৈতে চিৰিয়াখানালৈ গ’ল, মালতীক দেউতাকৰ কোলাত মাকলৈ চাই থকা দেখা গ’ল, মৰমলগা ফটো চাওক…বলীউড-হলিউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা কন্যাৰ সৈতে চিৰিয়াখানালৈ গৈছিল, য’ৰ পৰা তেওঁ শ্বেয়াৰ কৰিছিল এখন মৰমলগা ছবি। গ্ল’বেল আইকন প্ৰিয়ংকা চোপ্ৰা ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় হৈ আছে। পেছাদাৰী আৰু ব্যক্তিগত জীৱনত ব্যস্ত থকাৰ পাছতো প্ৰিয়ংকাই নিজৰ কোটি কোটি অনুৰাগীৰ বাবে সময় উলিয়াই তেওঁলোকৰ সৈতে নিজৰ জীৱনৰ সৈতে জড়িত সুখৰ মুহূৰ্তবোৰ শ্বেয়াৰ কৰে।

শেহতীয়াকৈ তেওঁ আৰু তেওঁৰ গায়ক স্বামী নিক জোনাছে তেওঁলোকৰ কণমানি প্ৰিয় মালতী মেৰী চোপ্ৰা জোনাছৰ সৈতে চিৰিয়াখানালৈ গৈছিল, যাৰ ছবি ওলাইছে।প্ৰিয়ংকা চোপ্ৰা আৰু তেওঁৰ স্বামী নিক জোনাছৰ সৈতে তেওঁলোকৰ কন্যা মালতী শেহতীয়াকৈ জোনাছ পৰিয়ালে নিজৰ কেঁচুৱা ছোৱালীজনীক লৈ লছ এঞ্জেলছ চিৰিয়াখানালৈ লৈ যায়। প্ৰিয়ংকা চোপ্ৰাই ইনষ্টাগ্ৰাম একাউণ্টত এটা সুন্দৰ পাৰিবাৰিক ফটো শ্বেয়াৰ কৰিছে। ছবিখনত প্ৰিয়ংকা, নিক আৰু তেওঁলোকৰ কন্যাক একুৰিয়ামৰ ওচৰত পোজ দিয়া দেখা গৈছে। কণমানি মালতী দেউতাক নিকৰ কোলাত লৈ প্ৰিয়ংকাৰ ফালে চাই আছে।

আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণ-ৰূপৰ উভয়ৰে মূল্য হ্ৰাস…

১৬ ডিচেম্বৰ ২০২২ তাৰিখে সোণৰ ৰূপৰ মূল্য: যদি আপুনি আজি সোণ আৰু ৰূপ ক্ৰয় কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে আমি আপোনাক ভাৰতীয় ভৱিষ্যত বজাৰ আৰু বুলিয়ন বজাৰত সোণ আৰু ৰূপৰ শেহতীয়া মূল্যৰ বিষয়ে তথ্য দিছো। সপ্তাহটোৰ শেষৰটো ব্যৱসায়িক দিনটোত, য’ত আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণ আৰু ৰূপ উভয়ৰে মূল্য হ্ৰাস পোৱা গৈছে, ইয়াৰ প্ৰভাৱ ভাৰতীয় বহু সামগ্ৰী বিনিময় (এমচিএক্স)তো দেখা যায়। আজি এম চি এক্সত সোণ আৰু ৰূপ উভয়ৰে মূল্য হ্ৰাস পঞ্জীয়ন হৈছে প্ৰাৰম্ভিক ব্যৱসায়ত। ব্যৱসায় আৰম্ভ হোৱাৰ লগে লগে সোণৰ মূল্য ০.০১ শতাংশ হ্ৰাস পোৱা গৈছে। আজি সোণৰ মূল্য ৫৪,১৫৭ টকাত মুকলি হয় আৰু তেতিয়াৰ পৰাই ইয়াৰ মূল্য উত্থান-পতনৰ সাক্ষী হৈ আছে। পুৱা ১১:৩০ বজাত ২৪ কেৰেট সোণৰ মূল্য হ্ৰাস পাই প্ৰতি ১০ গ্ৰামত ৫৪,০৮০ টকা।

আনহাতে ৰূপৰ কথা ক’বলৈ গ’লে প্ৰাৰম্ভিক ব্যৱসায়ত এমচিএক্সত ৰূপৰ ০.৩৯ শতাংশ হ্ৰাস পোৱা গৈছে। বজাৰ মুকলি হোৱাৰ লগে লগে প্ৰতি কেজি ৰূপৰ দাম আছিল ৬৭,৬৭৩ টকা। ইয়াৰ পিছত ৰূপৰ মূল্য ধাৰাবাহিকভাৱে হ্ৰাস পাইছে আৰু পুৱা ১১:৩০ বজাত প্ৰতি কেজিৰ মূল্য ৬৭,৪৩৭ টকাত ব্যৱসায় কৰা হৈছে। কালিৰ কথা ক’বলৈ গ’লে সোণৰ মূল্য ৫৭৫ টকা হ্ৰাস পাই ৫৪,০৯৯ টকা আৰু ৰূপৰ মূল্য ২৫৬ টকা হ্ৰাস পাই ৬৭,৫৬২ টকাত বন্ধ হয়।

আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণ-ৰূপৰ অৱস্থা কি?
আজি আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণ আৰু ৰূপ উভয়ৰে মূল্য হ্ৰাস পোৱা গৈছে। আজি আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ স্পট মূল্য মুঠ ১.৫৩ শতাংশ হ্ৰাস পোৱাৰ পিছত প্ৰতি আউন্সত সোণৰ মূল্য ১,৭৮০.০১ ডলাৰ (আন্তঃৰাষ্ট্ৰীয় সোণৰ মূল্য) ট্ৰেণ্ডত আছে। একে সময়তে ৰূপৰ মূল্যতো হ্ৰাস পোৱা গৈছে। আজি ৰূপৰ মূল্য ৩.৪৮ শতাংশ হ্ৰাস পোৱাৰ পিছত প্ৰতি আউন্সত ২৩.০২ ডলাৰ (আন্তঃৰাষ্ট্ৰীয় ৰূপৰ মূল্য) ট্ৰেণ্ডত আছে।

বুলিয়ন বজাৰৰ অৱস্থা কেনেকুৱা?
বৃহস্পতিবাৰেও ৰাজধানী দিল্লীৰ বুলিয়ন বজাৰত অব্যাহত আছে এই অৱনতিৰ সময়ছোৱা। সোণৰ মূল্য ৪২০ টকা হ্ৰাস পোৱাৰ বিপৰীতে ৰূপৰ মূল্য ৮৬৯ টকা হ্ৰাস পাইছে। এনে পৰিস্থিতিত কালি প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৫৪,৫৫৪ টকা আৰু ৰূপৰ মূল্য ৬৮,২৫৪ টকা। ইয়াৰ পূৰ্বে সোণৰ মূল্য ৫৪,৯৭৪ টকাত বন্ধ হৈছিল।

আৰ্জেণ্টিনাৰ প্ৰশিক্ষকে লিয়নেল মেছিক প্ৰশংসা কৰি নিজকে ভাগ্যৱান বুলি গণ্য কৰিলে

ফিফা বিশ্বকাপৰ অন্তিমখন খেলৰ পূৰ্বে লিয়নেল মেছিক প্ৰশংসা কৰিছে আৰ্জেণ্টিনাৰ প্ৰশিক্ষক লিয়নেল স্কাল’নীয়ে। এফালে লিয়নেল মেছিৰ আৰ্জেণ্টিনাই ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে আনফালে কাইলিন এমবাপেৰ ফ্ৰান্সে ফাইনেলত প্ৰৱেশ কৰিছে। একে সময়তে এই ঐতিহাসিক খিতাপৰ সংঘৰ্ষৰ পূৰ্বে আৰ্জেণ্টিনাৰ প্ৰশিক্ষক লিয়নেল স্কাল’নীয়ে মেছিক তীব্ৰ প্ৰশংসা কৰিছে। তেওঁ কয় যে আমি অতি ভাগ্যৱান আৰু ভাগ্যৱান যে মেছিয়ে আৰ্জেণ্টিনাৰ জাৰ্চি পিন্ধিছে।

লিয়নেল স্কাল’নীয়ে মেছিৰ তীব্ৰ প্ৰশংসা কৰে
ফ্ৰান্সৰ বিৰুদ্ধে চূড়ান্ত খেলখনৰ পূৰ্বে আৰ্জেণ্টিনাৰ প্ৰশিক্ষক লিয়নেল স্কাল’নীয়ে লিয়নেল মেছিক প্ৰশংসা কৰি কয় যে ‘প্ৰতিবাৰেই তেওঁক খেলা দেখিলেই তেওঁ আমাক আৰু খেলুৱৈসকলক বিশেষ অনুভৱ কৰায়। তেওঁৰ মাজত এনেকুৱা কিবা এটা আছে যিটো কেৱল আৰ্জেণ্টিনাই নহয় মানুহেও ভাল পায়। আমি অতি ভাগ্যৱান আৰু সৌভাগ্যৱান যে আমাৰ জাৰ্চি পিন্ধাৰ সুবিধা পাইছো। আমি যেতিয়াই তেওঁক খেলা দেখিবলৈ পাওঁ তেতিয়াই তেওঁ আমাক আৰু খেলুৱৈসকলক বিশেষ অনুভৱ কৰায়। আমি নিজকে ভাগ্যৱান আৰু সৌভাগ্যৱান বুলি গণ্য কৰোঁ যে তেওঁ আৰ্জেণ্টিনাৰ জাৰ্চি পিন্ধিছে’।প্ৰশিক্ষক লিয়নেল স্কাল’নীয়েও কয় যে ‘মই বেছি উত্তেজিত নহ’বলৈ চেষ্টা কৰোঁ। নিজৰ দেশক প্ৰতিনিধিত্ব কৰিলে অসম্ভৱ নহয়, ই ৰোমাঞ্চকৰ। উপভোগ কৰাৰ সময় কিন্তু আৰু এটা খোজ বাকী আছে। ইয়াৰ পিছত কি হ’ব আমি ভাবিব লাগিব।

তাৎপৰ্যপূৰ্ণভাৱে ফিফা বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে লিয়নেল মেছিৰ আৰ্জেণ্টিনা আৰু কাইলিন এমবাপেৰ ফ্ৰান্স দল। এতিয়া ১৮ ডিচেম্বৰত দুয়োটা দলৰ মাজত খিতাপৰ সংঘৰ্ষ অনুষ্ঠিত হ’ব। কওঁ যে আৰ্জেণ্টিনাই কোৱাৰ্টাৰ ফাইনেলত ক্ৰ’ৱেচিয়াক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। একে সময়তে ফ্ৰান্সে মৰক্কোক পৰাস্ত কৰি চূড়ান্ত টিকট নিশ্চিত কৰিছিল।

টাইমুৰ আলী খানৰ জন্মদিন উদযাপনৰ ছবি চাওক। জন্মদিনৰ পাৰ্টিৰ থিম আছিল ‘ষ্টাৰ ৱাৰ্ছ’…

টাইমুৰ আলী খানৰ জন্মদিন উদযাপনৰ বহু ছবি ওলাইছে। জন্মদিনৰ পাৰ্টিৰ থিম আছিল ‘ষ্টাৰ ৱাৰ্ছ’ যিটো সুন্দৰকৈ সজাই তোলা হৈছিল।শেহতীয়াকৈ তাৰকা দম্পতী কৰীনা কাপুৰ খান আৰু ছৈফ আলী খানে তেওঁলোকৰ পুত্ৰ টাইমুৰ আলী খানৰ ৬ষ্ঠ জন্মদিনৰ বাবে এক আড়ম্বৰপূৰ্ণ পাৰ্টি আয়োজন কৰিছিল।তাৰকা দম্পতী কৰীনা কাপুৰ খান আৰু ছৈফ আলী খানে ডাঙৰ পুত্ৰ টাইমুৰ আলী খানৰ প্ৰি-বাৰ্থডে উদযাপন কৰে।

২০২২ চনৰ ২০ ডিচেম্বৰত ছ’চিয়েল মিডিয়াৰ চেন্সেশন টাইমুৰ আলী খানৰ বয়স হ’ব ৬ বছৰ। শেহতীয়াকৈ কৰীনা আৰু ছাইফে পুত্ৰৰ প্ৰি-বাৰ্থডে উদযাপন কৰে।

টাইমুৰ আলী খানৰ জন্মদিনৰ অনুষ্ঠানৰ বহু ছবি ছচিয়েল মিডিয়াত পোহৰলৈ আহিছে। তেওঁৰ জন্মদিনৰ উদযাপন সঁচাকৈয়ে বিলাসী আছিল।

টাইমুৰ আলী খানৰ জন্মদিনৰ পাৰ্টিৰ থিমটোও আছিল অনন্য। তেওঁৰ পাৰ্টিৰ থিম আছিল ‘ষ্টাৰ ৱাৰ’, যিটো অতি সুন্দৰকৈ সজাই তোলা হৈছিল।

খেলপথাৰত অনুষ্ঠিত হয় টাইমুৰ আলী খানৰ পাৰ্টি। যাতে জন্মদিন উদযাপনৰ লগতে ল’ৰা-ছোৱালীয়েও খেলিব পাৰে। তাত বহুতো ক্ৰীড়া সামগ্ৰী উপস্থিত আছিল।