Home Blog Page 1927

৪ বছৰতে গাঁৱৰ দুখীয়া যুৱতী চহৰলৈ আহি হ’ল ৩০ কোটি টকাৰ গৰাকী: ছেক্স ৰেকেট আৰু ব্লেকমেইলিং

ওড়িশাৰ কালাহাণ্ডীত বাস কৰা এগৰাকী ব্লেকমেইলাৰ যুৱতীৰ কাণ্ডই ৰাজ্যখনৰ সমাজ–ৰাজনীতিত একপ্ৰকাৰৰ আলোড়ন সৃষ্টি কৰিছে। এটা দৰিদ্ৰ পৰিয়ালৰ পৰা চহৰলৈ অহা এই যুৱতীয়ে ৪ বছৰৰ ভিতৰত অৰ্জন কৰিছিল ৩০ কোটি টকা।

কোনো লটাৰী খেলি নহয়, তেওঁ এই ধনৰ গৰাকী হৈছিল অসামাজিক কৰ্মৰ জৰিয়তে। যুৱতীগৰাকী অৰ্চনা নাগ। নাগৰ আজিৰ দিনত আছে বিলাসী গাড়ী, কেইবাটাও উচ্চ জাতৰ কুকুৰ, বগা ঘোঁৰা আৰু এটা প্ৰাসাদোপম ঘৰৰ লগতে কেইবাঠাইতো মাটি–বাৰী।

ধন দাবীৰ অভিযোগত যোৱা সপ্তাহত গ্ৰেপ্তাৰ হোৱাৰ পিছতে ওলাই পৰিছিল অৰ্চনাৰ কুখ্যাতি, এই কাহিনী ইমানেই চাঞ্চল্যকৰ যে এতিয়া এগৰাকী ওড়িয়া চলচ্চিত্ৰ নিৰ্মাতাই তেওঁৰ জীৱনক লৈ এখন থ্ৰিলাৰ ছবিও নিৰ্মাণ কৰিবলৈ চিন্তা কৰিছে।

কি কৰিছিল অৰ্চনাই?

আৰক্ষীৰ ৰেকৰ্ডত ২৬ বছৰীয়া যুৱতীগৰাকীক ব্লেকমেইলাৰ হিচাপে অভিহিত কৰা হৈছে। দেহ ব্যৱসায়ৰ জৰিয়তে বহু ৰাজনীতিবিদ, ব্যৱসায়ী, চলচ্চিত্ৰ নিৰ্মাতাৰ দৰে ধনী আৰু প্ৰভাৱশালী লোকৰ প্ৰলোভিত কৰি অৰ্চনাই গোপনে বনাইছিল ভিডিঅ’ আৰু তাক ৰাজহুৱা কৰাৰ ভাবুকি দি তেওঁলোকৰ পৰা আত্মসাৎ কৰিছিল বুজন পৰিমাণৰ ধন। অৰ্চনাৰ হানীট্ৰেপ আৰু দেহ ব্যৱসায়ৰ ক’লা সাম্ৰাজ্যখন সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰি আছে।

আৰক্ষীয়ে জনোৱা মতে অৰ্চনাই প্ৰথমে এটা ব্যক্তিগত নিৰাপত্তা সংস্থাত কাম কৰিছিল আৰু পিছত বিউটী পাৰ্লাৰত কাম কৰিছিল। ইয়াৰ পিছতেই তেওঁ বালাশূৰ জিলাৰ জগবন্ধু চান্দক লগ পাইছিল। ২০১৮ চনত জগবন্ধু আৰু অৰ্চনাৰ বিবাহ হয়। বিউটী পাৰ্লাৰত কাম কৰি থাকোঁতে তেওঁ ছেক্স ৰেকেট চলাইছিল বুলি অভিযোগ উঠিছে। তদন্তত প্ৰকাশ পাইছে যে অভিযুক্ত দম্পতীয়ে ২০১৮ৰ পৰা ২০২২ চনলৈ মাত্ৰ চাৰি বছৰত ৩০ কোটি টকাৰ সম্পত্তি লাভ কৰিছে। বহু ৰাজনীতিবিদ, বিধায়ক, বিল্ডাৰ, ব্যৱসায়ী আদি প্ৰভাৱশালী ব্যক্তিৰ সৈতে অৰ্চনাৰ আছিল সম্পৰ্ক।

কেনেদৰে পৰিল জালত?

এগৰাকী ব্যক্তিক ব্লেকমেইলিঙৰে ৩ কোটি টকা ধন দাবী কৰা আৰু ছেক্স ৰেকেটত ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰা এগৰাকী ছোৱালীৰ এজাহাৰৰ ভিত্তিত ৬ অক্টোবৰত গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ পিছতে তেওঁৰ কুখ্যাতি এটাৰ পিছত এটাকৈ ওলাবলৈ ধৰে। লক্ষণীয় বিষয় যে সম্প্ৰতি জে’লত থকা অৰ্চনাৰ জামিনৰ বাবে এতিয়া বহু প্ৰভাৱশালী শক্তিয়ে ন্যায়ালয়ত হেঁচা দিয়া বুলি জানিব পৰা গৈছে।

কমতাপুৰৰ স্বায়ত্ব শাসিত পৰিষদৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত চাপৰৰ শালকোচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজিৰে পৰা আৰম্ভ হ’ল কমতাপুৰৰ ফুটবল টুৰ্নামেন্ট ২০২২

কমতাপুৰৰ স্বায়ত্ব শাসিত পৰিষদৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত চাপৰৰ শালকোচা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজিৰে পৰা আৰম্ভ হ’ল কমতাপুৰৰ ফুটবল টুৰ্নামেন্ট ২০২২

KAC ৰ মুখ্য কাৰ্যবাহী পাৰিষদ গকুল বৰ্মনে শুভ উদ্বোধন কৰে ফুটবল টুৰ্নামেন্টখনী

উদ্বোধনী খেলখন বঙাইগাঁও জিলাৰ মাছগাঁও FC বনাম বিলাসীপাৰাৰ ফুটকীবাৰী FC দলৰ মাজত অনুষ্ঠিত হয়

তীব্ৰ উত্তেজনা মূলক খেলখনত বঙাইগাঁও জিলাৰ মাছগাঁও FC দলে বিলাসীপাৰাৰ ফুটকীবাৰী FC দলক ২-১ গ’লত পৰাস্ত কৰি কোৱাটাৰ ফাইনেলত প্ৰৱেশ কৰে

নামনি অসমৰ বিভিন্ন জিলাৰ ১৬ টা ফুটবল দল অংশগ্ৰহণ কৰে এই ফুটবল টুৰ্নামেন্টখনীত

ফুটবল টুৰ্নামেন্টখনীৰ বিজয়ী দলে লাভ কৰিব নগদ ৫১ হাজাৰ টকাৰ লগতে ট্ৰফী আৰু বিজিত দলে লাভ কৰিব নগদ ৩১ হাজাৰ টকা সহ ট্ৰফী

উদ্বোধনী খেলখনত উপস্থিত থাকে KAC ৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মণ,EM জীৱেশ ৰায়,EM কৰ্মেশ্বৰ ৰায়,EM সুধীৰ চন্দ্ৰ ৰায়ৰ লগতে বহু গণ্য মান্য ব্যক্তি

কিমান পৰিমাণৰ চেনি স্বাস্থ্যসন্মত আপুনি জানেনে…

কিছুদিন আগেয়ে ‘দ্য এনালচ্ অব্ ইণ্টাৰ্নেল মেডিচিন’ নামৰ এখন স্বাস্থ্যবিষয়ক জাৰ্ণেলত এটা নিবন্ধ প্ৰকাশিত হৈছে। নিবন্ধৰ প্ৰস্তুতকৰ্তা আছিল এদল প্ৰতিষ্ঠিত বিজ্ঞানী। তেওঁলোকে বিশ্বজুৰি চেনি কমকৈ খাবলৈ দিয়া পৰামৰ্শৰ তীব্ৰ সমালোচনা কৰিছে। বিজ্ঞানী দলৰ মতে এই সন্দৰ্ভত দিয়া পৰামৰ্শ নিৰ্দেশনাৰ ভিত্তি দুৰ্বল আৰু বিশ্বাসযোগ্য নহয়। বিশ্বৰ স্বাস্থ্য বিশেষজ্ঞসকলে তাৎক্ষণিকভাৱে এই নিবন্ধৰ বক্তব্যক তীব্ৰ সমালোচনা কৰিছে। কিয়নো নিবন্ধৰ প্ৰস্তুতকৰ্তাসকল খাদ্য আৰু চেনি উদ্যোগৰ স্বাৰ্থৰ সৈতে জড়িত। এই অধ্যয়নৰ বাবে ধনৰ যোগান ধৰিছে আন্তৰ্জাতিক জীৱ বিজ্ঞান নামৰ প্ৰতিষ্ঠান এটাই।

প্ৰতিষ্ঠানত সহযোগীসকল হৈছে খাদ্য আৰু কৃষি ৰসায়ন কোম্পানীসমূহ। তাৰ ভিতৰত আছে কোকাকোল, জেনেৰেল মিল্ছ, হাফেদিন, ফাষ্টফুড আৰু মনচাণ্টো। সমালোচকসকলৰ মতে ইয়াৰ আগতেও খাদ্য উদ্যোগে এনে প্ৰচেষ্টা কৰিছে য’ত হিবিজিবি খাদ্য, চেনিযুক্ত পানীয় আদিয়ে সৃষ্টি কৰিব পৰা মেদবহুলতা, ডায়েবেটিছ আৰু অন্যান্য স্বাস্থ্যবিষয়ক সমস্যাৰ সম্ভাৱনা নুই কৰিব পাৰি। এনে প্ৰয়াস ১৯৬০ চনৰ পৰা চলি আছে। সেই সময়ত চেনি উদ্যোগে বিশিষ্ট বিজ্ঞানীৰ জৰিয়তে অত্যধিক চেনিয়ে হৃদৰোগ সৃষ্টি কৰাৰ সম্ভাৱনা নুই কৰাৰ প্ৰচেষ্টা চলোৱা হৈছিল। বৰং সংপৃক্ত চৰ্বিয়েহে এনে ৰোগৰ সৃষ্টি কৰে বুলি এক ধাৰণা প্ৰকাশ কৰিছিল।

নিউয়ৰ্ক টাইমছৰ এক অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে কোকাকোলা কোম্পানীয়ে চেনিযুক্ত পানীয় আৰু মেদবহুলতাৰ সম্পৰ্ক নস্যাৎ কৰিবলৈ প্ৰচেষ্টা চলাইছিল। ইয়াৰ বাবে এদল বিজ্ঞানীক ধন দিছিল। খাদ্য আৰু পুষ্টি বিশেষজ্ঞসকলে কৈছে উপৰিউক্ত নিবন্ধটিয়ে বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশনা নস্যাৎ কৰাৰ প্ৰয়াস কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই শিশু আৰু বয়স্কলোকক চেনিযুক্ত পানীয়, কেণ্ডী আৰু চেনিযুক্ত বীজশস্য যথাসম্ভৱ কমকৈ খোৱাৰ নিৰ্দেশনা জাৰি কৰিছে।

কিন্তু উপৰিউক্ত নিবন্ধৰ প্ৰস্তুতকৰ্তা বিজ্ঞানীসকলে যুক্তি দৰ্শাইছে যে চেনি সন্দৰ্ভত প্ৰচলিত নিৰ্দেশনাৰ অধিক সমীক্ষা হ’ব লাগে আৰু চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয় নহয়। এনে নিবন্ধ এনে এটা সময়ত প্ৰকাশ কৰা হৈছে যিসময়ত বিশ্ব স্বাস্থ্য সংস্থা আৰু বিশ্ব স্বাস্থ্য কৰ্তৃপক্ষসমূহে চেনি আৰু চেনিযুক্ত খাদ্যৰ মাত্ৰা হ্ৰাস কৰিবলৈ পৰামৰ্শ দিছে।

বিশ্ব স্বাস্থ্য সংস্থাই কৈছে- ফল, পাচলি, চেনিযুক্ত খাদ্য আৰু পানীয়ৰ পৰিমাণ আৰু গাখীৰত স্বাভাৱিকভাৱে যুক্ত চেনিৰ বাহিৰে আন চেনিযুক্ত খাদ্য শিশু আৰু বয়স্ক উভয়েই নিয়ন্ত্ৰণ কৰা উচিত। সংস্থাৰ পৰামৰ্শ হৈছে চেনিৰ পৰা সৰ্বাধিক ১০ শতাংশ কেলৰী পাব পৰাকৈ খাদ্য আৰু পানীয় খাব লাগে। অধিক চেনিযুক্ত খাদ্য আৰু পানীয়ই শৰীৰৰ ওজন বৃদ্ধি কৰে, মেদবহুলতাৰ সৃষ্টি কৰে, ডায়েবেটিছৰ সম্ভাৱনাও বৃদ্ধি কৰে।

আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে (এফ ডি এ) নিৰ্দেশনা জাৰি কৰিছে যে সকলো পেকেজ কৰা খাদ্যৰ পেকেটৰ ওপৰত স্পষ্টকৈ উল্লেখ কৰিব লাগিব চেনিৰ মাত্ৰা। ব্ৰিটেইনতো চেনিৰ পৰিমাণ হ্ৰাস কৰাৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। ভাৰতত এইপৰ্যন্ত এই সন্দৰ্ভত নিৰ্দেশনা বা পৰামৰ্শ জাৰি কৰা পৰিলক্ষিত হোৱা নাই।

অসমত এতিয়া ভোগালী বিহুৰ বতৰ। এই সময়ত যথেষ্ট পৰিমাণৰ পিঠা, লাড়ু, চিৰা, দৈ, গুড়, মিঠাই আদি খোৱা হয়। এইবোৰৰ বেছিভাগতেই যথেষ্ট পৰিমাণৰ চেনি বা গুড় ব্যৱহাৰ কৰা হয়। প্ৰসংগক্ৰমে উল্লেখ্য যে গুড়তো যথেষ্ট পৰিমাণৰ চেনি থাকে। গতিকে সাৱধান হ’ব। এইবোৰ খাদ্যৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ।

আমাৰ বহুতে ধাৰণা কৰে যে আমাৰ সুস্বাস্থ্যৰ বাবে চেনি খোৱাটো প্ৰয়োজনীয়। পিছে প্ৰকৃততে তেনেকুৱা নহয়। শৰীৰৰ বাবে প্ৰয়োজনীয় চেনি আমাৰ খাদ্যদ্ৰব্যৰ পৰাই উৎপন্ন কৰি লয়। এনে পৰিপ্ৰেক্ষিতত অধিক চেনি খোৱাৰ প্ৰয়োজন নাই।

এদিন আছিল মাত্ৰ এখন ট্ৰাক, আজি তেওঁ ১৮০০ কোটিৰ মালিক আৰু ৪৩০০খন গাড়ী আছে তেওঁৰ

পিতৃৰ শংকা আৰু সন্দেহক ভুল বুলি প্ৰমান কৰি দিলে যুৱাৱস্থাতে এক অচিনাকি ব্যৱসায় আৰম্ভ কৰা বিজয় শংকেশ্বৰে। ১৯ বছৰ বয়সতে গাড়ীৰ ব্যৱসায় আৰম্ভ কৰা শংকেশ্বৰৰ পিতৃয়ে অৱশেষত অনুভৱ কৰিলে তেওঁৰ পুত্ৰই এদিন লজিষ্টিক ব্যৱসায়ৰ এজন ডাঙৰ ব্যৱসায়ী হৈ পৰিব।

১৯৭৬চনত এখন ট্ৰাকেৰে বিজয় ট্ৰান্সপোৰ্ট আৰম্ভ কৰা শংকেশ্বৰ আজি ১৮০০ কোটিৰ ব্যৱসায়ৰ VRL Logistics Limitedৰ CMD। ৬৫ বছৰ বয়সীয়া শংকেশ্বৰৰ বৰ্তমান আছে ৩,৯০০ ট্ৰাক আৰু ৪০০ খন বাছ। ১৯৭৫ চনত ২ লাখ টকা ব্যৱসায় কৰা বিজয় শংকেশ্বৰৰ আজি আছে ১৫,০০০০ কৰ্মচাৰী।

দেশৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ হ’ব ডি ৱাই চন্দ্ৰচূড…

 দেশৰ ৫০ সংখ্যক মুখ্য ন্যায়াধীশ হিচাবে ডি ৱাই চন্দ্ৰচূডনিযুক্ত হোৱাটো নিশ্চিত হৈ পৰিল। ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূডে ৯ নৱেম্বৰ, ২০২২ তাৰিখে দায়িত্ব গ্ৰহণ কৰিব।

ন্যায়াধীশগৰাকীয়ে ১১ নৱেম্বৰ, ২০২৪ লৈকে ভাৰতৰ মুখ্য ন্যায়াধীশ পদত বাহাল থাকিব।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অনুমোদন জনোৱাৰ পিছতে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে তেওঁৰ ইটত কয়, “ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভাৰতৰ সংবিধানে প্ৰদান কৰা ক্ষমতাৰ ভিত্তিত ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূডক ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছে।

” ‘অক্টোবৰৰ ১১ তাৰিখে, ন্যায়াধীশ চন্দ্ৰচূডক ভাৰতৰ মুখ্য ন্যায়াধীশ ইউ ইউ ললিতে ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিছিল। ন্যায়াধীশ চন্দ্ৰচূড দুবছৰৰ বাবে ভাৰতৰ মুখ্য ন্যায়াধীশ হ’ব। তেওঁ ১১ নৱেম্বৰ,২০২৪ তাৰিখে অৱসৰ ল’ব।

২০১৬ চনত তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাবে দায়িত্ব গ্ৰহণ কৰিছিল।উল্লেখযোগ্য যে ন্যায়াধীশ চন্দ্ৰচূডৰ দেউতাক যশৱন্ত চন্দ্ৰচূডো দেশৰ ষষ্ঠদশ মুখ্য ন্যায়াধীশ আছিল৷ তেওঁ ১৯৭৮ চনৰ ২২ ফেব্ৰুৱাৰীৰ পৰা ১৯৮৫ চনৰ ১১ জুলাইলৈকে দেশৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত অসমীয়া মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ তথা যুৱ বিজ্ঞানী ডঃ পূৰ্ণকান্ত বৰুৱা…

অসমীয়া মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰা নৱজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ তথা যুৱ বিজ্ঞানী ডঃ পূৰ্ণকান্ত বৰুৱা এতিয়া বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত। ডঃ পূৰ্ণকান্ত বৰুৱাৰ ঘৰ মাজুলীৰ দক্ষিণ পাৰে ধোদাং চাপৰিত অৰ্থাৎ দেৰগাঁওৰ প্ৰায় সমীপত ।এটি অতি সাধাৰণ পৰিয়ালৰ মেধাৱী ল’ৰা আছিল।দেউতাকে যোৰহাটলৈ শাক -পাচলী বেপাৰ কৰি পঢ়া শুনাৰ খৰচ উলিয়াই দিছিল ।

ধোদাং চাপৰিৰ অতিকৈ ভিতৰুৱা গাঁওৰ অসমীয়া মাধ্যমৰ বিদ্যালয় নৱজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ত পঢ়িছিল।দেৰগাওঁ DKD কলেজীয়া শিক্ষা লৈছিল।ডঃ পূৰ্ণকান্ত বৰুৱাই উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, যোৰহাটত অধ্যয়ন কৰি এনেদৰেই আগবাঢ়ি গৈছে ।বৰ্তমান তেওঁ জাপানত কৰ্মৰত ।তেখেতৰ সাফল্যত অসমীয়া গৌৰৱান্বিত যে এটা চাপৰি অঞ্চলৰ পৰা গৈ মাক দেউতাকৰ লগতে দেশৰ নাম উজ্জল কৰিব পাৰিছে ।তেওঁক লৈ আজি মাজুলী বাসী গৌৰাম্বিত যে বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত ডঃ পূৰ্ণকান্ত বৰুৱাৰ নাম আহিছে ।

নাজিৰাৰ ঐতিহ্যমণ্ডিত অসম কোম্পানী নাজিৰাল’ৰা প্রাথমিক বিদ্যালয়ৰ শতবর্ষ উদযাপনৰ প্রস্তুতি

নাজিৰাৰ ঐতিহ্যমণ্ডিত প্রাথমিক শিক্ষানুষ্ঠান অসম কোম্পানী নাজিৰা ল’ৰা প্রাথমিক বিদ্যালয়ে ২০১৪ চনতে শত বর্ষ অতিক্রম কৰিছে। সেয়েহে বিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ উদ্যোগত তথা প্রাক্তন ছাত্র আৰু ৰাইজৰ সহযোগত অহা ৯ আৰু ১০ ডিচেম্বৰত দুদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে বর্ষযোৰা শত বার্ষিকীৰ আৰম্ভনি অনুষ্ঠান উদযাপন কৰাৰ উদ্দেশ্যেৰে আজি বিদ্যালয় কক্ষত এখনি সাধাৰণ সভা অনস্থিত কৰে। উদযাপন কমিটিৰ সভাপতি দীপংকৰ চক্রবর্তীৰ সভাপতিত্বত অনুষ্ঠিত কৰা উক্ত সভাখনত বিভিন্ন উপসমিতি সমূহ গৃহীত কৰা হয়। লগতে বিদ্যালয়ৰ আন্তঃগাথনি উন্নয়ন শৈক্ষিক দিশৰ উন্নয়ন আদি বিষয়ত আলোচনা কৰা হয়। উক্ত অনুষ্ঠানত সকলো প্রাক্তন ছাত্র তথা ৰাইজৰ সহায় সহযোগিতা , দিহা পৰামৰ্শৰ বাবে আহবান জনায় উদ্যোক্তা কমিটিয়ে ৷

নাৰিকল তেলৰ বিভিন্ন ঔষধি গুণ জানো আহক…

  • নাৰিকল তেলে এলঝেইমাৰ প্ৰতিৰোধ কৰাত সহায় কৰে।
  • পৰিপুষ্টি বিজ্ঞানত প্ৰমাণ হৈছে যে নাৰিকল তেল যিসকলে খায়, তেওঁলোকৰ হৃদৰোগ আৰু উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে।
  • নিয়মীয়াকৈ নাৰিকল তেল খালে বৃক্কৰ সংক্ৰমণ প্ৰতিৰোধ হয়।

  • আৰ্থ্ৰাইটিছ ৰোগৰ বাবেও নাৰিকল তেল অতি উত্তম।
  • কেঞ্চাৰ ৰোগীসকলেও নাৰিকল তেল নিয়মীয়াকৈ খাব পাৰে।
  • নাৰিকল তেলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
  • নাৰিকল তেলে নামৱ দেহৰ মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ লগতে স্মৃতিশক্তিতো প্ৰভাৱ পেলায়।

  • নিয়মীয়াকৈ নাৰিকল তেল গ্ৰহণ কৰাসকলৰ শাৰীৰিক ক্ষমতা অন্য লোকৰ তুলনাত বেছি।
  • নাৰিকল তেলে গলব্লাডাৰ আৰু পেংক্ৰাইটিছ ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।
  • নিয়মীয়াকৈ নাৰিকল তেল শৰীৰত লগালে ছাল মসৃণ হয়।
  • নাৰিকল তেল খোৱাসকলৰ দাঁতৰ ৰোগ কম হোৱাৰ লগতে দাঁতৰ আলুও সুস্থ হয়।

  • চুলিৰ বাবেও নাৰিকল তেল উত্তম।
  • নিয়মীয়াকৈ নাৰিকল তেলেৰে মালিচ কৰিলে শৰীৰৰ পেশী সবল হোৱাৰ লগতে চৰ্বি হ্ৰাস হয়।
  • নাৰিকল তেলে হৰম’নৰ সমতা ৰক্ষা কৰে বাবে ছালৰ ৰোগ প্ৰতিৰোধত সহায়ক হয়।

ছলমান খানৰ ছবি ‘নো এণ্ট্ৰি’ৰ বিষয়ে ডাঙৰ খবৰ ! ছলমান খানে কিয় ল’লে এই সিদ্ধান্ত…

খবৰ অনুসৰি চলমান খানে ছবিখন বন্ধ কৰিবলৈ প্ৰস্তুতি চলাই আছে। ছলমান খান বৰ্তমান তেওঁৰ আহিবলগীয়া ছবি ‘কভি ঈদ কভি দেৱালী’ৰ প্ৰচাৰত ব্যস্ত হৈ আছে। ছলমান খানৰ বাস্কেট মে’ত এটাৰ পিছত এটাকৈ পাইপলাইনত বহুতো চলচ্চিত্ৰ ৰখা হৈছে। তাৰে এটা হৈছে ছলমানৰ কমেডি চিকুৱেল চিনেমা ‘নো এণ্ট্ৰি’। অনুৰাগীসকলে ‘নো এণ্ট্ৰি’ৰ চিকুৱেলৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। কিন্তু এতিয়া তেওঁৰ প্ৰিয়জনৰ বাবে বেয়া খবৰ আছে। বাতৰি ওলাইছে যে ছলমানে ‘নো এণ্ট্ৰি ২’ বোলছবিখনৰ প্ৰকল্পটো বন্ধ কৰাৰ কথা ভাবি আছে।

প্ৰকৃততে, ছলমান খানে বহুতো ছবি ৰ পৰা পিছলৈ লৈ আহিছে। তেওঁৰ অনুৰাগীসকলেও এই বাতৰিটোক লৈ অতি উৎসাহিত। কিন্তু এতিয়া খবৰ আহি আছে যে ছলমান খানে তেওঁৰ ডাঙৰ চলচ্চিত্ৰৰ তালিকাৰ পৰা ‘নো এণ্ট্ৰি চিকুৱেল’ৰ নাম আঁতৰাবলৈ গৈ আছে। এটা বাতৰি পৰ্টেলৰ প্ৰতিবেদন অনুসৰি, ছলমান খানৰ হৃদয় এই ছবিখনত আছিল আৰু তেওঁ ইয়াক নিৰ্মাণ কৰিব বিচাৰিছিল। প্ৰতিবেদনখনত এইটোও কোৱা হৈছে যে ছলমানে নিজেই নো এণ্ট্ৰিৰ বিষয়ে আনিস বাজমীৰ সৈতে কাহিনীটোত জড়িত আছিল।

ছলমানৰ মতে, নো এণ্ট্ৰি সেই সময়ৰ আটাইতকৈ আমোদজনক চলচ্চিত্ৰবোৰৰ ভিতৰত এটা। কিন্তু এখন চলচ্চিত্ৰ ষ্টুডিঅ’ বন্ধ হোৱাৰ বাবে, প্ৰথম অংশটো বহুতো আইনী জটত আৱদ্ধ হৈছিল। ইয়াৰ স্বত্ত্বেও, চলমানে ইয়াৰ বাবে যুঁজ দিবলৈ সাজু আছিল। অৱশ্যে, বিষয়টো বাঢ়ি অহা দেখি, চলমানে পিছফালে অহাৰ কথা ভাবিআছে। প্ৰতিবেদনঅনুসৰি, নো এণ্ট্ৰো চলচ্চিত্ৰখনে আইনী আৰু বিত্তীয় সমস্যাৰ বাবে চিকুৱেলটো বন্ধ কৰাৰ কথা বিবেচনা কৰি আছে।

আজিৰ দিনটোত ভুলতেও নকৰিব এইকেইটা কাম, নহ’লে মা লক্ষ্মী অসন্তুষ্ট হ’ব, জানক কি কি?

আজি কাতি বিহু (Kati bihu)। অসমীয়াৰ তিনিটা বিহুৰ অন্যতম হ’ল এই কঙালী বিহু। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰা এই কাতি বিহুক লৈ ব্যস্ত হৈ পৰিছে প্ৰতিজন চহা অসমীয়া। তুলসী তলৰ চাকিগছি, আকাশবন্তিৰে উদ্ভাসিত হ’ব অসমৰ ইমূৰৰ পৰা সিমূৰ। তুলসী তলত চাকিগচি জ্বলাই প্ৰতিজন অসমীয়াই পৰিয়ালৰ লগতে দহৰ মংগল কামনা কৰিব। আকাশ বন্তিৰ পোহৰে উজলাই তুলিব অসমীয়াৰ পদূলি৷

সেই উদ্দেশ্যে পুৱাৰে পৰা ব্যস্ত অসমবাসী লোক। তুলসীৰ তল ভালদৰে চাফ-চিকুন কৰি সৰা-মচা কৰাৰ লগতে চাকি দিবৰ বাবে বাঁহৰ বিশেষ সাজ তৈয়াৰ কৰাতো ব্যস্ত হৈ পৰিছে বহু লোক।

ঘৰৰ লগতে খেতি পথাৰতো আজিৰ দিনটোত চাকি দি মা-লক্ষ্মীক সেৱা জৱোনা হয়। যাতে ঘৰৰ মংগল হয় আৰু খেতি পথাৰত শস্য ভৰপূৰ হয়।

পিছে জানেনে এই কাতিৰ বিহুৰ (Kati bihu) দিনটোত ভুলতেও নকৰিব এইকেইটা কাম, জানো আহক কি কি?

১. কাতি বিহুৰ দিনটোত কেতিয়াও দেৰিলৈকে শুই নাথাকিব। ৰাতিপুৱা বহু সোনকালে উঠাৰ চেষ্টা কৰিব। বিশেষ কৰি মহিলাসকলে পুৱা সোনকালে উঠিয়েই স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি তুলসী তল মুচিব তাৰপাছত তুলসীক উদ্দেশ্যি জল নিবেদন কৰক। বিশেষ কৰি পুৱাই যদি এনে কৰিব পাৰে, তেতিয়া মা লক্ষ্মী খুবেই প্ৰসন্ন হ’ব।

২. এই বিশেষ দিনটোত সম্পূর্ণ পজিটিভ চিন্তাধাৰাৰ মাজত থাকিবলৈ চেষ্টা কৰক। আজিৰ দিনটোত জেষ্ঠ্যজনক কেতিয়াও অপমান নকৰিব। পাৰিলে এইদিনত জেষ্ঠ্যজনক সেৱা কৰি আৰ্শীবাদ গ্ৰহণ কৰক।

৩. আজিৰ দিনটোত তুলসীৰ তলত চাকি জ্বলাই মা লক্ষ্মীক আদৰা হয়। গতিকে এই দিনটোত দিনৰ ভাগত বা সন্ধ্যা সময়ত কেতিয়াও নুশুৱ। নহ’লে মা লক্ষ্মী অসন্তোষ হ’ব।

৪. আজিৰ দিনটোত কাৰো লগত কাজিয়া বা বিবাদ নকৰিব। আৰু আনকো কৰিবলৈ নিদিব।

৫. আজিৰ দিনটোত তুলসীৰ আশে-পাশে যাতে লেতেৰা আৱৰ্জনাৰে ভৰি থাকিব নিদিব। তাৰ প্ৰতি লক্ষ্য ৰাখিব। লগতে চাফ চিকুন কৰি ৰখাৰ চেষ্টা কৰিব। যিহেতু সন্ধ্যা তুলসীৰ তলত ধূপ চাকি, মাহ প্ৰসাদ দি মা লক্ষ্মীক আদৰা হ’ব।

৬. আজি ঔ টেঙাৰ বাকলিত চাকি দিব পাৰিলে অধিক ভাল, মা লক্ষ্মীৰ লগতে ভগৱান বিষ্ণুও প্ৰসন্ন হয় বুলি লোকবিশ্বাস আছে।