হিমাচল প্ৰদেশৰ চোলান জিলাত বুধবাৰে সংঘটিত হয় এক ভয়াৱহ ভূমিস্খলন। জিলাখনৰ ভেৰে কা খেচ নামৰ এখন গাঁৱত সংঘটিত হোৱা এই ভূমিস্খলনৰ ফলত তিনিগৰাকী শ্ৰমিকৰ মৃত্যু হয়।
এই ভয়াৱহ ভূমিস্খলন গাঁওখনত চলি থকা এক নিৰ্মাণ খণ্ডত সংঘটিত হয়। ভূমিস্খলনত খহি পৰা মাটিৰ তলত পোঁত যোৱাৰ ফলত শ্ৰমিক তিনিগৰাকীৰ মৃত্যু হয়।
Himachal Pradesh | Three labourers died after being buried under debris after a landslide in Bhere ka Khech village in Dharampur area of Solan district. pic.twitter.com/z9pZ7ruCK2
ভূমিস্খলনৰ বিষয়ে খবৰ লাভ কৰাৰ পিছতে স্থানীয় আৰক্ষীসহ উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। স্থানীয় বাসিন্দাসকলেও আৰক্ষীক উদ্ধাৰ অভিযানত সহায় আগবঢ়ায়।
ৰহাত আজি পুৱাই সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। ৰহাৰ বাৰপূজীয়া নিজ মিকিৰ গাঁৱৰ ৰাজপথত অচিনাক্ত বাহনৰ খুন্দাত মৃত্যু হয় বাৰপূজীয়াৰ চলহবড়ীৰ এগৰাকী মহিলাৰ। ৩১ বছৰীয়া মহিলাগৰাকীৰ নাম পিংকী বৰা ডেকা বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে আনদিনাৰ দৰে বৃহস্পতিবাৰেও নিজ স্বামীৰ সৈতে প্ৰাতঃভ্ৰমণ আহিছিল পিংকী। পিংকীয়ে ৰাজপথত প্ৰাতঃভ্ৰমণ কৰিব আহিয়েই এখন তীব্ৰ বেগী বলেৰ পিকআপ বাহনৰ খুন্দাত কৰুণ মৃত্যুক সাবটিব লগা হয় ।দুৰ্ঘটনা সংঘটিত কৰিয়েই বাহনখন সেই ঠাইৰ পৰা পলায়ন কৰে। পৰৱৰ্তী সময়ত ৰাজপথতে পৰি থকা পিংকীৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
ৰাসৰ আনন্দৰ মাজতে নলবাৰীত ভয়ংকৰ দুৰ্ঘটনা। দুটাকৈ দুৰ্ঘটনাত ৫জন লোকৰ মৃত্যু হৈছে। বানেকুছি আৰু ঘগ্ৰাপাৰত সংঘটিত হয় এই দুৰ্ঘটনা। বানেকুছিত সংঘটিত দুৰ্ঘটনাত নিহত হয় ৪জন লোক।
আনহাতে, এজন লোক নিহত হয় ঘগ্ৰাপাৰত সংঘটিত দুৰ্ঘটনাত । দুয়োটা দুৰ্ঘটনাৰ কেইবাজনকো হাস্পতালত ভৰ্তি কৰোৱা হৈছে। হাউলীৰ পৰা ৰাস চাই উভতি অহাৰ পথতে বানেকুছিত সংঘটিত হয় এক দুৰ্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত খুন্দা মৰাৰ ফলত সংঘটিত হোৱা দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হয়।
চিকিৎসালয়ত মৃত্যু হয় আন দুজনৰ। দুৰ্ঘটনাত পতিত গাড়ীখনৰ নম্বৰ AS 01 BG 5995। নিহতসকল জাহেদুল ৰহমান,অজিত চহৰীয়া,ৰাহুল আলী আৰু প্ৰণৱ হালৈ বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাত আহতসকল হ’ল অভিজিৎ,সীমান্ত,শংকৰ আৰু জাহিদুৰ ৰহমান।
অৱশেষত ১২ বছৰ ধৰি চলি থকা ন্যায়িক যুঁজৰ অন্তত বুধবাৰে নৈতিক বিজয় সাব্যস্ত কৰিছে বায়ু সেনাৰ ৩২ গৰাকী মহিলা বিষয়াই। বুধবাৰে দিল্লী উচ্চ ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায়ে প্ৰাক্তন মহিলা বিষয়া কেইগৰাকীৰ দাবীক স্বীকৃতি প্ৰদান কৰিছে। গোচৰৰ ৰায় প্ৰদান কৰি উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে যদিও এই মহিলা বিষয়াসকলে ৫ বছৰৰ বাবে বায়ু সেনাত সেৱা আগবঢ়াইছে, তেওঁলোক সম্পূৰ্ণ পেঞ্চনৰ অধিকাৰী। আদালতে লগতে উল্লেখ কৰে যে এই মহিলা বিষয়াসকলৰ সেৱা ২০ বছৰৰ সেৱাৰ সমপৰ্যায়ৰ আৰু সেয়ে তেওঁলোকক সম্পূৰ্ণ পেঞ্চন দিয়া উচিত।
আদালতে মহিলা বিষয়াসকলে দীৰ্ঘদিন ধৰি চলাই অহা ন্যায়িক যুঁজক যুক্তিসংগত আৰু ন্যায়সঙ্গতআখ্যা দিয়ে আৰু কয় যে বয়স সীমা অতিক্ৰম কৰাৰ বাবে অৱসৰপ্ৰাপ্ত মহিলা বিষয়াসকলক পুনৰ সেৱাত নিযুক্তি দিব নোৱাৰি, কিন্তু তেওঁলোকক সম্পূৰ্ণ পেঞ্চন দিয়া উচিত।উল্লেখ্য যে এই মহিলা বিষয়াসকলক বায়ু সেনাত পাঁচ বছৰীয়া চমু সেৱা আয়োগৰ অধীনত বাছনি কৰা হৈছিল। কিন্তু বিষয়াসকলে তেওঁলোকৰ সেৱাৰ ম্যাদ বৃদ্ধি কৰিবলৈ দাবী জনাইছিল।
কিন্তু তেওঁলোকৰ এই দাবীৰ পিছতো সেৱাৰ ম্যাদ সম্প্ৰসাৰিত কৰা হোৱা নাছিল আৰু অৱসৰ গ্ৰহণ কৰিবলগীয়া হৈছিল। ইয়াৰ বিৰুদ্ধাচৰণ কৰি মহিলা বিষয়া কেইগৰাকী দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।অৱশেষত ১২ বছৰ ধৰি চলি থকা আইনী যুঁজৰ অন্তত কালি আদালতে মহিলা বিষয়া কেইগৰাকীৰ পক্ষত গোচৰৰ ৰায় প্ৰদান কৰে। ৰায় প্ৰদানৰ সময়ত উচ্চ ন্যায়ালয়ে উচ্চতম ন্যায়ালয়ৰ ২০২০ বৰ্ষৰ ববিতা পুনিয়াৰ আদেশৰ কথা উল্লেখ কৰে।
বিগত সময়ত তেওঁৰ ছবি ‘লাল সিং চদ্দা’ৰ বাবে প্ৰচণ্ডভাৱে শিৰোনাম দখল কৰিছিল আমিৰ খানে। মুক্তিৰ পূৰ্বে এই ছবিখনক লৈ বহু আলোচনা হৈছিল একে সময়তে ছবিখনৰ অৱস্থাক বিশ্বাস কৰিব পৰা নাই ছবি নিৰ্মাতাসকলে। ইফালে আমিৰ খানে নিজৰ কেৰিয়াৰ সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত লৈছে। আমিৰৰ এই সিদ্ধান্তক ‘লাল সিং চদ্দা’ৰ শোচনীয় অৱস্থাৰ সৈতে জড়িত কৰা হৈছে। আমিৰে সিদ্ধান্ত লৈছে যে তেওঁক আৰু ছবিত দেখা নাযায়। যদিও, এয়া কিছুদিনৰ বাবেহে কিন্তু তেওঁৰ এই ঘোষণাই অনুৰাগীৰ হৃদয় ভাঙি পেলাইছে।
শেহতীয়াকৈ অভিনেতা আমিৰ খানে তেওঁৰ সাক্ষাৎকাৰত ঘোষণা কৰিছে যে তেওঁ কিছুদিন ছবিত অভিনয় নকৰে। ইয়াৰ আঁৰৰ কাৰণ তেওঁ নিজৰ ব্যক্তিগত জীৱনলৈ কৈছে। আমিৰে কয় যে তেওঁ এতিয়া পৰিয়ালৰ সৈতে সময় কটাব বিচাৰে। কিন্তু বহু সংবাদ মাধ্যমত দাবী কৰা হৈছে যে ‘লাল সিং চদ্দা’ৰ দুৰ্বল প্ৰদৰ্শনৰ বাবেই তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। আমিৰ খানে কয়- ‘মই ছবি এখন কৰোতে অভিনেতা হিচাপে তাত হেৰাই যাওঁ… ইয়াৰ বাহিৰেও মই জীৱনত একো দেখা নাপাওঁ। গতিকে কিছুদিন ইয়াৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছো। ‘লাল সিং চদ্ধৰ পাছত চেম্পিয়ন’ শীৰ্ষক এখন ছবিৰ কাম আৰম্ভ কৰাৰ কথা আছিল। এই ছবিখনৰ কাহিনী অতি উত্তম। হৃদয়স্পৰ্শী ছবি যদিও কিছু জিৰণি লোৱা উচিত বুলি ভাবো। আমিৰে কৈছিল যে ‘মই মোৰ পৰিয়ালৰ সৈতে, মোৰ মা আৰু মোৰ সন্তানৰ সৈতে সময় কটাব বিচাৰো। মই অনুভৱ কৰোঁ যে মই যোৱা ৩৫ বছৰে কাম কৰি আছো আৰু কেৱল কামত মনোনিৱেশ কৰিছো… মই ভাবো এয়া মোৰ ওচৰৰ মানুহবোৰৰ বাবে ই ভাল নহয়। অহা ডেৰ বছৰলৈকে মই প্ৰথমবাৰৰ বাবে অভিনেতা হিচাপে কোনো কাম নকৰো’। তেওঁৰ ‘লাল সিং চদ্ধা’ ছবিৰ পূৰ্বে ‘থাগছ অৱ হিন্দোস্তান’ ছবিখনো দৰ্শকে নাকচ কৰিছিল। ‘চেম্পিয়ন’ ছবিখনত তেওঁ চলচ্চিত্ৰ নিৰ্মাতা হিচাপে যোগদান কৰিব আৰু কাজলৰ ছবি ‘ছালাম ভেংকি’ত অতিথি শিল্পী হিচাপে অভিনয় কৰা দেখা যাব।