Home Blog Page 1950

‘অভিনন্দন থিয়েটাৰ’ৰ বিশেষ নাটক পল্লৱ পৱন ৰচিত ‘হীৰা চন্দাল’ৰ প্ৰ’মো মুকলি। বৰ্ণাঢ্য আয়োজনেৰে ২০২৩-২৪ বৰ্ষৰ বাবে সাজু হৈছে নাট্যদলটো।

আগন্তুক নাট্যবৰ্ষৰ বাবে আড়ম্বৰপূৰ্ণভাৱে সাজু হৈছে অভিনন্দন থিয়েটাৰ।
তিনিজন চৰ্চিত আৰু জনপ্ৰিয় যুৱ নাট্যকাৰৰ তিনিখন ভিন্নস্বাসদৰ নাটক লৈ ৰাইজৰ মাজলৈ ওলাব থিয়েটাৰখন।
ৰাজদ্বীপৰ ‘বেনামী প্ৰিয়া’,পল্লৱ পৱনৰ ‘হীৰা চন্দাল’ আৰু প্ৰনব বৰুৱাৰ ‘নৰ্তকী নন্দিতা’।


মূল নায়ক নায়িকা হিচাপে চুক্তিবদ্ধ হৈছে জনপ্ৰিয় সুদৰ্শন অভিনেতা ৰাজকুমাৰ আৰু মোহময়ী অভিনেত্ৰী প্ৰিয়ম পল্লবী।
তদুপৰি ভ্ৰাম্যমাণ থিয়েটাৰৰ অতিকৈ দক্ষ আৰু অভিজ্ঞ অভিনেতা অভিনেত্ৰী ভাস্কৰ বৰ্মন, নিৰঞ্জন দাস ,শংকৰজ্যোতি ৰাজখোৱা, দেবজিৎ বৰা,বৰ্ণালী বৰুৱাৰ লগতে ত্ৰিদিপ ৰয়,সাগৰিকা বৰ্মন আৰু নৱাগতা আটলাণ্টা শৰ্মাও চুক্তিবদ্ধ হৈছে।


এক বৰ্ণাঢ্য আয়োজন হ’ব অভিনন্দন থিয়েটাৰ।

দুবাৰ চেষ্টা কৰিও শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক নিব নোৱাৰিলে কৰণ জোহৰে। আৰিয়ানৰ হেনো মন নাই!

শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক বলীউডত চাবৰ বাবে অনুৰাগীসকল উৎসাহিত হৈ আছে। আৰিয়ান খানৰ বলীউড অভিষেকৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে অনেক লোক। অনুৰাগীসকলে আশা কৰিছে যে আৰিয়ানেও পিতৃৰ পদাংক অনুসৰণ কৰিব। 

অৱশ্যে এতিয়া এনে লাগিছে যে হয়তো আৰিয়ান খান চলচ্চিত্ৰৰ নায়ক হ’ব নিবিচাৰে। আমি সকলোৱে জানো যে কৰণ জোহৰ শ্বাহৰুখ খানৰ অতি ভাল বন্ধু আৰু তেওঁ শ্বাহৰুখৰ সৈতে বহু হিট ছবি নিৰ্মাণ কৰিছে। কৰণ জোহৰে আৰিয়ান খানক ধৰ্ম প্ৰডাকচনৰ এখন ছবিৰে বলীউডত প্ৰৱেশ কৰাব বিচাৰিছিল। কিন্তু ষ্টাৰ কিড আৰিয়ান খানে কৰণ জোহৰৰ প্ৰস্তাৱ নাকচ কৰিলে।
কৰণে আৰিয়ানক এবাৰ নহয় দুবাৰকৈ অফাৰ দিছিল। কিন্তু আৰিয়ান খানে বাৰে বাৰে নাকচ কৰিছিল কৰণৰ এই প্ৰস্তাৱ। ইয়াৰ পৰাই বুজিব পাৰি কৰিলে যে আৰিয়ান খান অভিনয় কেৰিয়াৰৰ প্ৰতি আগ্ৰহী নহয়। পৰিচালক আৰু স্ক্ৰীপ্ট ৰাইটাৰ হিচাপে বলীউডত অৰিহণা যোগাব বিচাৰে আৰিয়ানে।
ফাৰহান আখতাৰৰ ভগ্নী তথা বিখ্যাত পৰিচালক জোয়া আখতাৰেও আৰিয়ান খানক তেওঁৰ ছবিৰে বলীউডত মুকলি কৰিব বিচাৰিছিল। হয়তো তেওঁ ‘দ্য আৰ্চিজ’ত আৰিয়ানক অভিনয় কৰিব বিচাৰিছিল। কিন্তু আৰিয়ানে প্ৰস্তাৱ নাকচ কৰাত কিং খানৰ কন্যা ছুহানা খানক লন্স কৰে জোয়া আখতাৰে। অহা বছৰ নেটফ্লিক্সৰ চিনেমা ‘দ্য আৰ্চিজ’ৰ জৰিয়তে আত্মপ্ৰকাশ কৰিব ছুহানা খানে। জাহ্নৱী কাপুৰৰ ভগ্নী খুশী কাপুৰ আৰু অমিতাভ বচ্চনৰ নাতি অগস্ত্য নন্দায়েও এই ফেণ্টাচি ছবিখনৰ জৰিয়তে আত্মপ্ৰকাশ কৰিবলৈ সাজু হৈছে।

গুৱাহাটী বিশ্ববিদ্যালয়ত বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপন…

গুৱাহাটী বিশ্ববিদ্যালয়ত আজি দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয় বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস। আবছুয়ে আয়োজন কৰা এই অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত বড়ো জনগোষ্ঠীৰ স্নাতক ,স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীৰ লগতে গৱেষক ছাত্ৰ-ছাত্ৰী সকলো উপস্থিত থাকে।

উল্লেখ্য যে, ১৯৫২ চনৰ ১৬ নৱেম্বৰ অৰ্থাৎ আজিৰ দিনটোতেই বড়ো জনগোষ্ঠীৰ ভাষা-সংস্কৃতিৰ ৰক্ষাৰ স্বাৰ্থত জয় ভদ্ৰ হাগজেৰ সভাপতিত্বত কোকৰাঝাৰ জিলাৰ বসুগাঁৱত বড়ো সাহিত্য সভাই জন্ম লাভ কৰিছিল। তাৰ পিছত এক দীঘলীয়া সংগ্ৰামী যাত্ৰা। বড়ো সাহিত্য সভাৰ বহুদিনীয়া সংগ্ৰামৰ পিছত পোন প্ৰথমে ১৯৬৩ চনত প্ৰাথমিক শাখাত আৰু ১৯৬৮ চনত মাধ্যমিক শাখাত বড়ো ভাষাত পাঠদান আৰম্ভ হয়।

তদুপৰি , ১৯৮৫ চনত বড়ো ভাষাক অসমৰ দ্বিতীয়টো ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া হয়।

গতিকে বড়ো সাহিত্য সভাৰ বড়ো সকলৰ সাহিত্য-সংস্কৃতিৰ প্ৰসাৰ তথা বিশেষকৈ বড়ো মাধ্যমত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকা অতি গুৰুত্বপূৰ্ণ।

সেয়েহে গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ প্ৰাংগণত ছাত্ৰ-ছাত্ৰী সকলৰ উপস্থিতিত আজিৰ এই ঐতিহাসিক দিনটোক বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয়।

গুৱাহাটীৰ‌ পৰা ৰবি শংকৰ বড়ো প্ৰতিবেদন

মালাইকাৰ‌ সৈতে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ভূমিয়ে বিদেশত ৰাতি ফুৰিব যোৱা ফটো শ্বেয়াৰ কৰিলে সামাজিক মাধ্যমত…

বলীউডৰ চেলিব্ৰিটিসকলে অনুৰাগীৰ বাবে ছ’চিয়েল মিডিয়াত তেওঁলোকৰ প্ৰতিটো কাৰ্যকলাপৰ ছবি আপলোড কৰি থাকে। অৰহান অৱত্ৰামণীয়েও নিজৰ অফিচিয়েল ইনষ্টাগ্ৰামত বন্ধু-বান্ধৱীৰ সৈতে লেট নাইট ৱাকৰ কিছু ম্লান ছবি শ্বেয়াৰ কৰিছে।

অভিনেত্ৰী মালাইকা অৰোৰা আৰু ভূমি পেডনেকাৰকো এই ছবিসমূহত দেখা গৈছে। দুয়োগৰাকী সুন্দৰীয়ে নাইট ৱাকৰ বাবে ক’লা সাজ-পোছাক পিন্ধি যমজ হৈ পৰিল। একে সময়তে অনুৰাগীৰ লগতে অজয় ​​দেৱগানৰ কন্যা ন্যাছা দেৱগনেও তেওঁৰ ছবিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ছবিবোৰত দেখা গৈছে মলাইকা আৰু ভূমিক ষ্টাইলিছ ক’লা সাজ-পোছাকত। ভূমিয়ে পিন্ধিছে ক’লা ৰঙৰ ফুল স্লীভছ ক্ৰপ টপ আৰু স্লিট স্কাৰ্ট আৰু মালাইকাই পিন্ধিছে ক’লা বুট। গ্ৰুপ ছবিখনত মালাইকা, ভূমি, ওৰহান আৰু নীলম কৌৰ গিলক ইজনে সিজনৰ হাতত ধৰি ৰাস্তাত খোজ কাঢ়ি থকা দেখা গৈছে। বন্ধ আছিল যদিও ষ্ট্ৰীট লাইট থকা অট্টালিকা আৰু দোকানবোৰো ছবিখনত দেখা গৈছে। একে সময়তে বগা টি-চাৰ্ট আৰু মেচিং জোতাৰ সৈতে বগা পেণ্ট পিন্ধি নিজৰ একক ছবিখনো শ্বেয়াৰ কৰিছে অৰহানে।

ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাবে দায়িত্ব গ্ৰহণ কৰিয়েই ভাৰতীয় বংশোদ্ভূত ঋষি চুনাকে ভাৰতীয় লোকৰ বাবে গ্ৰহণ কৰিছে এক কাৰ্যকৰী পদক্ষেপ…

ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাবে দায়িত্ব গ্ৰহণ কৰিয়েই ভাৰতীয় বংশোদ্ভূত ঋষি চুনাকে ভাৰতীয় লোকৰ বাবে গ্ৰহণ কৰিছে এক কাৰ্যকৰী পদক্ষেপ। সেইমৰ্মে এতিয়াৰে পৰা ব্ৰিটেইনে ভাৰতীয় যুৱক-যুৱতীসকলক দেশ খনত কাম কৰাৰ বাবে ৩ হাজাৰ ভিছা প্ৰদান কৰিব। এনে সুবিধা লাভ কৰা ভাৰতেই হ’ব প্ৰথম দেশ। উল্লেখ্য ইণ্ডোনেছিয়াৰ বালি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ পিছতে চুনাকে এই সিদ্ধান্ত লয়।

ফলত ১৮-৩০ বছৰীয়া ভাৰতীয় শিক্ষিত যুৱ প্ৰজন্মক দুবছৰলৈকে ব্ৰিটেইনত কাম কৰাৰ সুবিধা লাভ কৰিব। ব্ৰিটেইনে কৈছে যে এয়া দুয়ো খন দেশৰ অৰ্থনীতি শক্তিশালী কৰাৰ বাবে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সৈতে শক্তিশালী সম্পৰ্ক গঢ়ি তোলাৰ ই এক প্ৰয়াস ।

বৰ্তমান ব্ৰিটেইনত ৯৫,০০০ ৰৰো অধিক ভাৰতীয় লোকে বিভিন্ন কোম্পানী আদিত কাম কৰি আছে। অতিৰিক্ত তিনিহাদাৰ ভিছাই সেই সুবিধা বৃদ্ধি কৰিব।

কংগ্ৰেছৰ গুজৰাট নিৰ্বাচনৰ বাবে প্ৰচাৰকসকলৰ তালিকা প্ৰকাশ…

গুজৰাট নিৰ্বাচন ২০২২: কংগ্ৰেছে গুজৰাট নিৰ্বাচনৰ বাবে তাৰকা প্ৰচাৰকসকলৰ তালিকা প্ৰকাশ , ৰাজস্থানৰ এই নেতাসকলৰ নাম অন্তৰ্ভুক্ত

গুজৰাটত আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰচাৰ চলোৱাৰ বাবে কংগ্ৰেছ দলে প্ৰকাশ কৰিলে তাৰকা প্ৰচাৰকসকলৰ তালিকা। এই তালিকাত ৰাজস্থান কংগ্ৰেছৰ কোন কোন নেতা আছে জানি লওক।

গুজৰাট বিধানসভা নিৰ্বাচন ২০২২ঃ গুজৰাটত আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰচাৰ চলোৱাৰ বাবে কংগ্ৰেছ দলে প্ৰকাশ কৰিলে তাৰকা প্ৰচাৰকসকলৰ তালিকা। এই তালিকাত দলীয় নেতাৰ ৪০ জন নাম সন্নিবিষ্ট কৰা হৈছে। এই নেতাসকলে ৰাজ্যৰ ক্ষমতা পৰিৱৰ্তন আৰু ভোটাৰক আকৰ্ষণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। দেশৰ বিভিন্ন ৰাজ্যৰ সৈতে জড়িত নেতাসকলৰ লগতে ৰাজস্থানৰ নেতাসকলকো তাৰকা অভিযানকাৰী হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল।

গুজৰাট নিৰ্বাচনৰ বাবে প্ৰকাশ পোৱা ৪০ জন তাৰকা প্ৰচাৰকৰ তালিকাত ৰাজস্থান কংগ্ৰেছৰ তিনিজন নেতাৰ নাম আছে। শীৰ্ষ ৫ ৰ ভিতৰত মুখ্যমন্ত্ৰী অশোক গেহলটৰ নাম লিখা হৈছে। ইয়াৰ পিছত ৰাজ্যৰ পৰা অহা ৰঘু শৰ্মা আৰু শচীন পাইলটৰ নামো অন্তৰ্ভুক্ত কৰা হৈছে। বৰ্তমান গুজৰাট কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত দায়িত্বও চম্ভালি আছে ৰঘু শৰ্মাই।

মাৰ্কিন ৰাষ্ট্ৰপতি পদত পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব ডোনাল্ড ট্ৰাম্পে…

মধ্যৱৰ্তী নিৰ্বাচনত মুখ থেকেচা খোৱাৰ পিছতো আশা এৰি দিয়া নাই প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। শেহতীয়াকৈ তেওঁ ঘোষণা কৰিছে যে ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ পুনৰ প্ৰতিদ্বন্দ্বিতা কৰিব।

ট্ৰাম্পে এই কথা আনুষ্ঠানিকভাবে ঘোষণা কৰিছে। মাৰ্কিন গোপনীয় নথি কুক্ষিগত কৰি ৰখাৰ অভিযোগত ট্ৰাম্পৰ বিৰুদ্ধে তদন্ত চলি আছে। এনে সময়তে ট্ৰাম্পে পুনৰ মাৰ্কিন ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি কৰা ঘোষণা বিশেষ তাৎপৰ্য বহন কৰিছে। কেৱল ঘোষণা কৰাই নহয়, ট্ৰাম্পে নিৰ্বাচনৰ বাবে প্ৰয়োজন হোৱা কাগজ-পত্ৰ আদিও হোৱাইট হাউছত জমা দিছে।

৭৬ বছৰীয়া ট্ৰাম্পৰ এনে সিদ্ধান্তই মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনত জোকাৰণি তুলিব পাৰে বুলিও বহুতে ধাৰণা কৰিছে।উল্লেখ্য আমেৰিকাত শেহতীয়াকৈ অনুষ্ঠিত মধ্যৱৰ্তী নিৰ্বাচনত ট্ৰাম্পৰ দলে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা নাই। ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰি ট্ৰাম্পে কয় আজিৰ দিনটো দেশৰ ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিন হ’বলৈ গৈ আছে। এয়া উভতনি যাত্ৰাৰ অহাৰ আৰম্ভণি। মই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰিছো। “।

৫০ টকাৰ বাবেই কিশোৰক হত্যাৰ অপচেষ্টা;গুৱাহাটীৰ বামুণীমৈদামত এই ঘটনা।

মাত্ৰ ৫০ টকাৰ বাবে হত্যাৰ চেষ্টা এজন কিশোৰক। ৫০ টকা এটা নিদিয়াৰ বাবেই কিশোৰক হত্যাৰ এই অপচেষ্টা সংঘটিত হৈছে মহানগৰীৰ বামুণীমৈদামত। মহানগৰীৰ বামুণীমৈদামৰ কলনী বজাৰত সংঘটিত এই চাঞ্চল্যকৰ ঘটনাই হতভম্ব কৰি তোলে সকলোকে। ব্লেডেৰে ডিঙিত ৰেপ দি হত্যাৰ অপচেষ্টা কৰা হয় কিশোৰগৰাকীক। ঘটনাত গুৰুতৰভাৱে আহত কিশোৰজন উত্তৰ জ্যোতিনগৰৰ। সংকটজনক অৱস্থাত তেওঁক ভৰ্তি কৰোৱা হয় হাস্পতালত। ঘটনাৰ খবৰ পোৱাৰ লগে লগে চানমাৰি আৰক্ষীয়ে আহি আক্ৰমণকাৰী যুৱক কুশল নগৰৰ জিতুমণি কলিতাক আটক কৰে। জানিব পৰা মতে, আক্ৰমণকাৰী যুৱকজনে বিচাৰিছিল ৫০টকা। দিবলৈ অমান্তি হোৱা বাবেই আক্ৰমণ কৰে যুৱকজনে।

চাপৰৰ খেৰডুবীত ভয়ংকৰ পথ দুৰ্ঘটনা…

চাপৰৰ খেৰডুবীত ভয়ংকৰ পথ দুৰ্ঘটনা। খেৰডুবীস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংঘটিত হয় উক্ত ভয়াবহ পথ দুৰ্ঘটনা। থিতাতে নিহত এজন বাইক আৰোহী আন এগৰাকীৰ অৱস্থা সংকটজনক।

বাইক আৰু ট্ৰাকৰ মাজত সংঘটিত হয় উক্ত পথ দুৰ্ঘটনা। পালছাৰ বাইকখনৰ নম্বৰ ক্ৰমে AS 01EM 8086 বাইকখন বিলাসাপাৰা অভিমুখে গৈ থকা অৱস্থাতে বিপৰীত দিশৰ পৰা অহা ট্ৰাক এখনে খুন্দিয়াই ঘটনা স্থলীৰ পলায়ন কৰে ট্ৰাকখন।

থিতাতে নিহত হোৱা বাইক আৰোহীজন চামচুমা বড়ো(বৰপেটা জিলাৰ মইনবাড়ীৰ) বুলি জানিব পৰা গৈছে। আনহাতে গুৰুতৰভাৱে আহত মফিদুল ইছলাম বঙাইগাঁও জিলাৰ বালাপাৰা পাললিতলৰ।

সংকটজনক অৱস্থাত প্ৰথম অৱস্থাত চাপৰ প্ৰাথমিক চিকিৎসালয়ত মফিদুল ইছলামক ভৰ্তি কৰে যদিও পিছলৈ উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও লৈ প্ৰেৰণ কৰে।

আজি মুখ্যমন্ত্ৰীৰ সমষ্টি জালুকবাৰীত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্রা…

আজিৰে পৰা কামৰূপ মেট্ৰ’ত আৰম্ভ হ’ব কংগ্ৰেছৰ ভাৰত জোড়ো যাত্রা-অসম। আজি পুৱা ১০ বাজি ৩০ মিনিটৰ পৰা কামৰূপ (মেট্ৰ) জিলাত ‘‘ভাৰত জোড়ো যাত্ৰা’’ অসমৰ পদযাত্ৰাৰ কাৰ্যসূচী পুনৰ আৰম্ভ হয়। এই যাত্ৰাৰ অধীনত জালুকবাৰী সমষ্টিৰ শুৱালকুছিত কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।

এই কাৰ্যসূচীৰ পূৰ্বে আজি পুৱা কংগ্ৰেছে জালুকবাৰীস্থিত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত প্ৰয়াত শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি আগবঢ়াই। সভাপতি ভূপেন বৰাৰ নেতৃত্বত প্ৰদেশ কংগ্ৰেছৰ নেতা কৰ্মীসকলে শ্ৰদ্ধাঞ্জলি আগবঢ়াই আৰু ইয়াৰ পিছত শুৱালকুছিলৈ ৰাওনা হয়। 

এই যাত্ৰাত কংগ্ৰেছ দলৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, বিৰোধী দলপতি তথা বিধায়ক দেৱব্ৰত শইকীয়া, বিধায়িকা নন্দিতা দাস, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে সংগ দিয়ে। উল্লেখযোগ্য যে, সমাধিক্ষেত্ৰত সংবাদ মাধ্যমৰ আগত শাসকীয় বিজেপিক তুলাধূনা দিয়ে কংগ্ৰেছ নেতৃত্বই।