Home Blog Page 1961

কেদাৰনাথ মন্দিৰৰ চৌপাশে পাহাৰত ভয়ংকৰ হিমস্খলন…

কেদাৰনাথ পাহাৰত ভয়ংকৰ হিমস্খলন।  বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত কেদাৰনাথ মন্দিৰৰ চৌপাশে হিমস্খলন হোৱা দেখিবলৈ পোৱা যায়। সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে হিমস্খলনৰ ভিডিঅ’।

 কোনোধৰণৰ ক্ষয়- ক্ষতিৰ কথা জানিব পৰা হোৱা নাই যদিও মন্দিৰ কৰ্তৃপক্ষই এতিয়াও নিৰীক্ষণ কৰি আছে।

উল্লেখ্য যে, বৰ্ধিত জনসংখ্যা আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত হিমালয়ৰ সৰহ সংখ্যক হিমবাহ দ্ৰুতগতিত গলিবলৈ ধৰিছে।

যৌন ৰোগ অৱহেলা কৰিলে মাৰাত্মক ৰূপ ধাৰণ কৰিব পাৰে…

যৌন ৰোগ কেৱল অসুৰক্ষিত যৌন সম্বন্ধৰ ফলতেই নহয়, অন্য কাৰণতো হয়। সেয়ে সময় থাকোঁতেই ইয়াৰ পৰীক্ষা আৰু চিকিৎসা কৰাব লাগে, অন্যথা ইয়াৰ পৰিণাম ভয়ানক হ’বগৈ পাৰে।

যৌন ৰোগত সংক্ৰমিত মহিলা বা যুৱতীৰ সৈতে যদি কোনো লোকে অসুৰক্ষিত যৌন সম্পৰ্ক স্থাপন কৰে তেন্তে তেওঁৰ শৰীৰলৈ যৌন ৰোগৰ সংক্ৰমণ হ’ব পাৰে। যৌন ৰোগ চিনাক্ত কৰি তৎকালীনভাৱে চিকিৎসা নল’লে শৰীৰৰ বিভিন্ন অংগলৈ এই ৰোগ বিয়পি পৰে আৰু ৰোগী মৃত্যু মুখতো পৰিব পাৰে।

সমগ্ৰ বিশ্বতেই যৌন ৰোগ একে সমস্যাতো পৰিণত হৈছে। এই ৰোগ ২৫ টা বেলেগ বেলেগ প্ৰকাৰৰ সংক্ৰমণৰ দ্বাৰা হয়। ছিফিলিচ আৰু গণোৰিয়া ৰোগৰ আগতে মহিলাসকল অধিক আক্ৰান্ত হৈছিল। এন্টিবায়’টিক ঔষধৰ দ্বাৰা এতিয়া এই ৰোগক নিয়ন্ত্ৰিত কৰিব পৰা হৈছে।

উন্নত দেশসমূহত হোৱা যৌন ৰোগৰ ভিতৰত ক্লেমাইডিয়া, ননস্পেচিফিক, ইউৰেটাইটিচ, জেনাইটেল হাৰ্পিজ আৰু জেনাইটেল ৱাৰ্টচ আদিয়ে প্ৰধান। ১৯৬০ চনৰ পৰা ১৯৭০ দশকত যেতিয়া মহিলাসকলে গৰ্ভনিৰোধৰ বাবে কনডোমৰ ব্যৱহাৰ এৰি গৰ্ভনিৰোধক টেবলেট খোৱা আৰম্ভ কৰিছিল তেতিয়া এই ৰোগবিলাক সমগ্ৰ বিশ্বতে অত্যাধিক মাত্ৰাত বৃদ্ধি পাইছিল। ক্লেমাইডিয়া আৰু জেনাইটেল হাৰ্পিজ ৰোগ ১৯৮০ ৰ পৰা ৯০ ৰ দশকত অতি মাত্ৰাত বিয়পি পৰিছিল। অনেক সময়ত ক্লেমাইডিয়া ৰোগ বন্ধ্যা আৰু নপুংসকতাৰ কাৰণো হয়গৈ। সেয়ে পশ্চিমীয়া উন্নত ৰাষ্ট্ৰসমূহৰ চৰকাৰী চিকিৎসালয়সমূহত প্ৰতি ছমাহৰ অন্তৰে অন্তৰে যৌন ৰোগৰ বিনামূলীয়া পৰীক্ষা আৰু চিকিৎসা কৰা হয়। পুৰণা যৌন ৰোগৰ দৰে এই ৰোগকেইটাৰ লক্ষণো সহজতে দেখা নিদিয়ে আৰু বহুত কম পৰিমাণেহে লক্ষণ পৰিলক্ষিত হয়।

অধিকাংশ যৌন ৰোগ সংক্ৰমিত ব্যক্তিৰ সৈতে যৌন সম্ভোগ কৰিলেহে হয়। ইয়াৰ বাদেও হেপাটাইটিচ ‘বি’ আৰু এইচ আই ভি আদি ৰোগ যৌন সম্পৰ্কৰ যোগেদি বিয়পে। ৰোগৰ সংক্ৰমণ কেৱল শাৰিৰীক সম্বন্ধ স্থাপন কৰিলেই নহয় সংক্ৰমিত ব্যক্তিৰ পৰা তেজ ল’লে, সংক্ৰমিত ছিৰিঞ্জ ব্যৱহাৰ কৰিলেও এনেবোৰ ৰোগ হয়। এনে ধৰণৰ ৰোগ গৰ্ভত থকা শিশুৰো হয়।

যদি আপুনি যৌন ৰোগত আক্ৰান্ত হৈছে বুলি অনুমান কৰিছে, তেন্তে পলম নকৰি চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰাই সু-চিকিৎসা লওক। তেজ, মূত্ৰ পৰীক্ষা কৰিও ৰোগ ধৰা পেলোৱা হয়। প্ৰাৰম্ভিক অৱস্থাত এন্টিবায়টিক ঔষধৰ দ্বাৰাই এই ৰোগ ঠিক হৈ যায়, কিন্তু জেনাইটেল হাৰ্পিজৰ কোনো চিকিৎসা নাই। ঔষধৰ দ্বাৰা মাথো ইয়াক নিয়ন্ত্ৰতহে ৰাখিব পৰা যায়। আপুনি আপোনাৰ যৌন সংগীগৰাকীৰো পৰীক্ষা কৰাই ল’ব।

যৌন ৰোগৰ দ্বাৰা সংক্ৰমিত হ’লে লগে লগেই চিকিৎসা আৰম্ভ কৰি দিব লাগে। যৌন ৰোগত আক্ৰান্ত মহিলাৰ চিকিৎসা নকৰালে পেলভিক ক্ষেত্ৰতো ৰোগে ভয়ানক ৰূপ ধাৰণ কৰিব পাৰে। ৰোগ বিয়পোৱা বেক্টেৰিয়াই পেলভিক কেভিটি লৈকে প্ৰৱেশ কৰি ডিম্ববাহী নলী (ফেলোপিয়ন টিউব) পৰ্যন্ত ক্ষতি কৰে। এই নলী সংক্ৰমিত হ’লে নলী বন্ধ হৈ মহিলাগৰাকী বন্ধ্যা হ’ব পাৰে।

যৌন ৰোগৰ পৰা হাত সাৰি থাকিবলৈ হ’লে অচিনাকি সংগীৰ সৈতে যৌন সম্ভোগত ৰত নোহোৱাই উত্তম। কিন্তু এয়া সম্ভৱপৰ নহয়। কোন যুৱতী বা মহিলাৰ যৌন ৰোগ আছে, আপুনি ওপৰেদি চাই অনুমানেইস কৰিব নোৱাৰিব। অধিকাংশ মডেল, চলচিত্ৰাভিনেত্ৰী, মিল-ফেক্টৰীৰ বনুৱা, বনুৱা, কলগাৰ্ল, পতিতা, সুৰাসক্ত নাৰী-যুৱতী, ড্ৰাগছ লোৱা মহিলা-যুৱতীসকল এই ৰোগত অধিককৈ ভোগে আৰু অন্যৰ শৰীৰলৈকো এই ৰোগ বিয়পায়। চহৰত ধুন পেচ মাৰি ঘূৰি ফুৰা যুৱতীসকলক চাই প্ৰলোভিত নহ’ব। এনে যুৱতীসকলৰ অধিকাংশই ধনৰ লোভত শৰীৰ বিক্ৰী কৰি ফুৰে। যৌন সম্বন্ধ স্থাপন কৰাৰ পূৰ্বে কিছু সাৱধানতা অৱলম্বন কৰিলে এই ৰোগৰ পৰা বাচি থাকিব পাৰিব।

  • অধিক মহিলা-যুৱতীৰ সৈতে সম্ভোগ নকৰিব। যৌন সংগীৰ নিৰ্বাচন চিন্তা কৰিহে কৰিব।
  • সম্ভোগ কৰোতে কণ্ডোম ব্যৱহাৰ কৰিব।
  • সম্ভোগৰ পিছত নিজ গুপাংগ ভালকৈ ধুই পৰিষ্কাৰ কৰি ল’ব।
  • মুখ মৈথুন, বা গুহ্য দ্বাৰেৰে মৈথুন কৰিলে লগে লগেই পুৰুষাংগ ধুই এন্টিচেপটিক ক্ৰীম বা লোচন লগাব।

কেইটামান যৌন ৰোগৰ সাধাৰণ লক্ষণ ক্লেমাইডিয়া

ইয়াৰ লক্ষণ হৈছে যোনিৰ পৰা স্ৰাৱ অধিক মাত্ৰাত নিৰ্গত হ’ব। প্ৰস্ৰাৱ ঘনাই হ’ব। তল পেটত বিষ অনুভৱ হ’ব। যৌন সম্ভোগৰ সময়ত বিষ হ’ব। গৰ্ভধাৰণত অসফলত আহিব। পুৰুষসকলৰ লিঙ্গেৰে স্ৰাৱ নিৰ্গত হ’ব। প্ৰস্ৰাৱ কৰোতে জ্বলন হ’ব। এন্টিবায়টিক টেবলেট সেৱন কৰিলেই এই ৰোগৰ পৰা নিস্তাৰ পোৱা যায়।

জেনাইটেল ৱাটৰ্চ

এই সংক্ৰমণৰ ফলত যৌনাংগত গুটি গুটিৰ নিচিনা হয়, এই বিলাকত কোনো বিষ নহয়, কিন্তু হঠাতে খজুৱতি হ’ব পাৰে। ই বিলাক পোডোফিলিন বা তৰল নাইট্ৰ’জন দি শুকুৱাব পাৰি। বহুতৰ এই শুকাই যোৱা গুটিবিলাক পুনৰ উদ্ভৱ হয়।

ছিফিলিচ

লিংগ, যোনি, ডিঙি, গুহ্য দ্বাৰত ঘা হয়। ছাল ফাটি ফাটি যায়। জ্বৰ, কাহ, মূৰৰ বিষ হয়। হাড় পৰ্যন্ত বিষায়, ভোক নালাগে, এলাহ লাগি থাকি। পেনিচিলিন বা অন্য এন্টিবায়টিক ঔষধেৰে এই ৰোগ নিৰাময় কৰিব পাৰি। ৰোগ অধিক বৃদ্ধি পাই গ’লে অংগৰ হানি হ’ব পাৰে, চিকিৎসাও অসম্ভৱ হৈ উঠিব পাৰে।

পিউবিক লাইচ

পৰজীৱি কীটাণুৰ দ্বাৰা এই ৰোগ হয়। যৌন সম্ভোগ কালত এই কীটাণু প্ৰৱেশ কৰে। খজুৱতি হয়, জাঙ্গিয়াত কলা পাউদাৰৰ দৰে এক পদাৰ্থ জমা হয়। গুপাংগত যৌন কেশ থাকিলে দুৰ্গন্ধ ওলায়। গুপাংগ ঔষধ যুক্ত চেম্পুৰে ধুব লাগে। জাংগিয়া, বেডছিট, টাবেল আদি গৰম পানীৰে ধুই পৰিষ্কাৰ কৰি ৰাখিব লাগে।

জেনাইটেল হাৰ্পিজ

গুপাংগত খজুৱতি হয়, গুহ্য দ্বাৰ, যৌনাংগত পানী যুক্ত ফোঁহাৰ উদ্ভৱ হয়। জ্বৰ, কাহ, পিঠি আৰু মূৰৰ বিষ হয়। এন্টিভাইৰেল ঔষধ ব্যৱহাৰ কৰিলে সংক্ৰমণ কমে।

নন্‌স্পেছিফিক ইউৰেটাইটিচ

মূত্ৰ ত্যাগৰ সময়ত জ্বলন হয়। লিংগৰে বগা স্ৰাৱ নিৰ্গত হয়। বাৰম্বাৰ মূত্ৰ ত্যাগ কৰিব লগীয়া হয়। এন্টিবায়টিক টেবলেটৰ দ্বাৰা এই ৰোগ ঠিক হৈ যায়।

গণোৰিয়া

লিংগৰে বগা তৰল পদাৰ্থ নিৰ্গত হয়। মূত্ৰ ত্যাগ কৰোতে কষ্ট অনুভৱ হয়। গুহ্য দ্বাৰত যন্ত্ৰণা হয়। মহিলাৰ ক্ষেত্ৰতো একেই দশা। এন্টিবায়টিক ঔষধেৰেই এই ৰোগক নিয়ন্ত্ৰণলৈ আনিব পাৰি।

লিখক: এম এ ছাত্তাৰ

পেটৰ চৰ্বি স্বাস্থ্যৰ বাবে কিমান বিপজ্জনক জানো আহক…

আমাৰ দেশৰ অধিকাংশ মানুহৰে পেটত অতিৰিক্ত চৰ্বি আছে। অতিৰিক্ত পেটৰ চৰ্বিয়ে দেহৰ সৌন্দৰ্য নষ্ট কৰে। সেইবাবে বেছিভাগ মানুহেই নানা ধৰণৰ ঢিলা আৱৰণেৰে নিজৰ বাঢ়ি অহা পেটটো(বেলী ফেট) ঢাকিবলৈ চেষ্টা কৰে। কিন্তু সৰহসংখ্যকে মানুহেই এইটো উপলব্ধি নকৰে যে অতিৰিক্ত চৰ্বিয়ে অকল দেহৰ সৌন্দৰ্য নষ্ট কৰাই নহয়, অতিৰিক্ত পেটৰ চৰ্বিয়ে ভয়ংকৰভাৱে স্বাস্থ্যৰ হানি কৰিব পাৰেগ। বিভিন্ন বৈজ্ঞানিক গৱেষনাত প্ৰমাণ হৈছে যে অতিৰিক্ত দেহৰ চৰ্বি অস্বাস্থ্যকৰ, বিশেষকৈ অতিৰিক্ত পেটৰ চৰ্বিয়ে নানা ভয়ংকৰ ৰোগৰ সৃষ্টি কৰিব পাৰে।

1173968158 Koldunov/Getty Images

পেটৰ চৰ্বি দুই প্ৰকাৰৰ –

প্ৰথম বিধক ছাবকিউটেনিয়াছ ফেট বুলি কোৱা হয়, যি পেটৰ ছালৰ তলত আৰু পেটৰ মাংসপেশীৰ ওপৰত থাকে। এইবিধ ফেট বা চৰ্বিয়ে আমাৰ পেটৰ মাংসপেশীৰ ঢাকি ৰাখে। এইবিধ পেটৰ চৰ্বিৰ পৰিমাণ কমি অহাৰ লগে লগে তলৰ মাংসপেশী সুন্দৰকৈ দেখা পোৱা যায়, যাক ইংৰাজীত ‘ছিক্সপেক এব’ বুলি কোৱা হয়।

দ্বিতীয়বিধ চৰ্বিক ‘ভিছাৰেল ফেট’ বুলি কোৱা হয়, যি পেটৰ ভিতৰত অন্ত্ৰ, যকৃত, বৃক্ক আদিক আৱৰি থাকে। এই ভিছাৰেল ফেটৰ বাবে পেটটো বাহিৰলৈ বেছিকৈ ওলাই আহে। পেটটো হাতেৰে হেঁচিলে কিন্তু টান যেন লাগে। এনেধৰণৰ বাঢ়ি অহা পেটক ইংৰাজীত ‘বীয়েৰ বেলী’ বুলিও কোৱা হয়। ছাবকিউটেনিয়াছ আৰু ভিছাৰেল, দুয়োবিধ চৰ্বিয়েই জটিল ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। ছাবকিউটেনিয়াছ ফেটতকৈ অতিৰিক্ত ভিছাৰেল ফেট স্বাস্থ্যৰ বাবে বেছি ভয়ানক।

অতিৰিক্ত পেটৰ চৰ্বি কিয় ইমান ভয়ানক –

অতিৰিক্ত পেটৰ চৰ্বিয়ে হৃদৰোগ, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, ষ্ট্ৰ’ক, বিভিন্ন ধৰণৰ কৰ্কট ৰোগ আৰু শ্লীপ এপনীয়া(ৰাতি শুই থাকোঁতে কেইছেকেণ্ড মানৰ কাৰণে উশাহ বন্ধ হৈ যোৱা) আৰু অকাল মৃত্যুৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি কৰে।

খীন ব্যক্তিৰো ভিছাৰেল ফেট থাকিব পাৰে। বাহিৰৰ পৰা পেটৰ চৰ্বি নেদেখিলেও পেটৰ ভিতৰত চৰ্বি থাকিব পাৰে। সেইবাবে খীণ ব্যক্তিয়েও ডায়েবেটিছ আৰু হৃদৰোগত ভুগিব পাৰে। ভিছাৰেল ফেটে আমাৰ শৰীৰত প্ৰদাহ(ইনফ্লেমেচ’ন) সৃষ্টি কৰে। অতিৰিক্ত পেটৰ চৰ্বিয়ে ৰক্তত ট্ৰাইগ্লিছাৰাইড, কলেষ্টেৰল, চেনিৰ মাত্ৰা আৰু ৰক্তচাপ বৃদ্ধি কৰে। আনহাতে শৰীৰৰ বাবে উপকাৰী হাই ডেনচিটী লাইপ’প্ৰটিন(এইচ ডি এল) হ্ৰাস কৰে, এইচ ডি এলে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। তদুপৰি অতিৰিক্ত পেটৰ চৰ্বিয়ে স্মৃতিশক্তি হ্ৰাস কৰে।

পেটৰ চৰ্বিৰ কেনেকৈ জোখ ল’ব –

সৰ্বসাধাৰণ মানুহৰ মাজত এটা ভুল ধাৰণা আছে যে যিসকলে ব্যক্তিৰ দেহৰ ওজন বেছি বা মেদবহুল ব্যক্তিৰ পেটৰ চৰ্বিও, বিশেষকৈ ভিছাৰেল ফেটো বেছি। কিন্তু প্ৰকৃততে সেইটো নহয়। খীণ বা শকত দুয়োবিধ ব্যক্তিৰে অতিৰিক্ত পেটৰ চৰ্বি হ’ব পাৰে।

১)কঁকাল আৰু নিতম্বৰ অনুপাত(ৱেইষ্ট টু হিপ ৰেচিও)- খুব সহজতে আৰু ঘৰতে এই জোখ ল’ব পাৰি। প্ৰথমতে চিধাকৈ থিয় হৈ নাভিৰ সমানত কঁকালৰ বা পেটৰ জোখ লওক। জোখ ল’বৰ সময়ত পেটটো স্বাভাৱিক অৱস্থাত ৰাখিব। তাৰ পিছত নিতম্বৰ(হিপছ) আটাইতকৈ বহল অংশত জোখ ল’ব। এতিয়া পেট বা কঁকালৰ জোখেৰে হৰণ কৰক। উদাহৰণ স্বৰূপে- কঁকালৰ জোখ(ইঞ্চি) নিতম্বৰ জোখ(ইঞ্চিত)=অনুপাত(ৰেচিও)। পুৰুষৰ ক্ষেত্ৰত যদি অনুপাত ০.৯৫ আৰু মহিলাৰ ক্ষেত্ৰত যদি ০.৮৫ তকৈ বেছি হয়, তেন্তে হৃদৰোগ আৰু ষ্ট্ৰ’কৰ সম্ভাৱনা বৃদ্ধি পাব। জোখ ল’বলৈ কাপোৰ জোখা টেপ বা ফিতা ব্যৱহাৰ কৰা হয়।

২)কঁকালৰ জোখ:

আন এটা একেবাৰে সহজ পদ্ধতি হৈছে অকল কঁকালৰ জোখ লোৱা। প্ৰথমে খালি ভৰিৰে দুয়োটা ভৰি একেলগ কৰি থিয় হৈ ল’ব। পেটটো উদঙাই ল’ব। উশাহ এৰি লৈ কাপোৰ জোখা ফিতা বা টেপ দি নাভিৰ সমানত কঁকালৰ জোখ লওক। মন কৰিব যাতে টেপডাল মাটিৰ সমান্তৰালকৈ থাকে।

এতিয়া এক ইঞ্চিৰ দহ ভাগৰ এভাগলৈকে জোখ লওক। পুৰুষৰ ক্ষেত্ৰত ৪০ ইঞ্চি বা তাতকৈ বেছি হ’লে আৰু মহিলাৰ ক্ষেত্ৰত ৩৫ ইঞ্চি বা তাতকৈ বেছি হ’লে হৃদৰোগৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পাব। তাৰ উপৰি চিটিস্কেন, এম আৰ আই, ডেক্সাস্কেন আদি যন্ত্ৰৰ সহায়ত পেটৰ চৰ্বিৰ মাত্ৰাৰ জোখ ল’ব পাৰি। কিন্তু এইবিলাক পদ্ধতি যথেষ্ট ব্যয়বহুল।

অতিৰিক্ত পেটৰ চৰ্বি হোৱাৰ কাৰণসমূহ –

১)ভাৰতীয়সকলে পেটত অধিক চৰ্বি হোৱা জীন বংশানুক্ৰমে কঢ়িয়ায়। সেইবাবে আমাৰ পেটত চৰ্বি হোৱাৰ সম্ভাৱনা খুব বেছি।

২)অধিক শ্বেতসাৰ জাতীয়(কাৰ্বহাইড্ৰেট) খাদ্য গ্ৰহণ কৰা। ভাৰতীয়সকলৰ আহাৰৰ প্ৰধান উপাদান যেনে- ভাত, ৰুটী, ড’চা, ইউলি আদি শ্বেতসাৰ জাতীয় খাদ্য। এই শ্বেতসাৰ জাতীয় খাদ্য খুব বেছি পৰিমাণে দিনটো খোৱা হয়। অধিক শ্বেতসাৰ জাতীয় খাদ্য আৰু লগতে চেনি বা আন চেনি মিহলোৱা খাদ্য বা পানীয়েই পেটৰ চৰ্বি বৃদ্ধি কৰে। শীতল পানীয় বিশেষ অপকাৰী।

৩)খাদ্যৰ পৰিমাণ- আমি যদি আমাৰ শৰীৰক লগাতকৈ বেছি পৰিমাণৰ খাদ্য গ্ৰহণ কৰো, তেন্তে শৰীৰক নলগা খাদ্য বা শক্তিখিনি চৰ্বি হিচাপে জমা হৈ থাকিব। অৰ্থাৎ আমি যিমানখিনি কেলৰি গ্ৰহণ কৰো সিমানখিনি যদি খৰচ কৰিব নোৰাৰোঁ তেনেহ’লে সেই বাকী থকা কেলৰিখিনি চৰ্বি থকা কেলৰিখিনি চৰ্বি হিচাপে জমা হৈ থাকিব। কেলৰি হ’ল শক্তিৰ এটা একক(ইউনিট) প্ৰত্যেক খাদ্য বস্তুতে বিভিন্ন পৰিমাণৰ কেলৰি উৎপন্ন হয়।

এজন ব্যক্তিয়ে দিনটোত কিমান কেলৰি আৱশ্যক সেইটো ব্যক্তিজনৰ ওজন, উচ্চতা, লিংগ, বয়স আৰু কি ধৰণৰ পৰিশ্ৰম কৰে তাৰ ওপৰত নিৰ্ভৰ কৰে। এজন অফিচত বহি কাম কৰা ব্যক্তিতকৈ এজন পথাৰত কাম কৰা খেতিয়কৰ কেলৰিৰ পৰিমাণ বেছি হ’ব।

৪)বয়সেও পেটৰ চৰ্বি হোৱাত যথেষ্ট প্ৰভাৱ পেলায়। বয়স বাঢ়ি অহাৰ লগে লগে শৰীৰৰ ক্ৰিয়া প্ৰক্ৰিয়া(মেটাব’লিজিম)বোৰ মন্থৰ হৈ আহে। এজন ব্যক্তিৰ ৩০ বছৰ বয়সত যিমানখিনি কেলৰিৰ প্ৰয়োজন আছিল ৫০ বছৰ বয়সত তাতকৈ কম কেলৰিৰ প্ৰয়োজন। যদি একে সমান কেলৰি গ্ৰহণ কৰি থাকে, তেন্তে পেটৰ চৰ্বি বাঢ়ি যাব।

৫)অত্যধিক সুৰাপানে পেটৰ চৰ্বি বৃদ্ধি কৰে। যাক ‘বীয়েৰ বেলী’ বুলি কোৱা হয়। অকল বীয়েৰেই নহয়। সকলো প্ৰকাৰৰ সুৰাই পেটৰ চৰ্বি বৃদ্ধি কৰে।

‘পেটৰ চৰ্বি কেনেকৈ কমাব’ এই বিষয়ে পৰৱৰ্তী সংখ্যাত পাব।

লেখক: ডাঃ চন্দন বৰুৱা

মাৰ্কিন কোষাগাৰ সচিব জেনেট য়েলেনে দিল্লীত ভাৰতৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰে আলোচনাত মিলিত হ’ল…

ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক বিত্তীয় অংশীদাৰিত্বৰ ৯ম সংখ্যক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰ সচিব জেনেট য়েলেনে আজি নতুন দিল্লীত এক আলোচনাত মিলিত হয়। ইয়েলেন দিনজোৰা ভাৰত ভ্ৰমণৰ কাৰ্যসূচীলৈ নতুন দিল্লীত উপস্থিত হৈছে।

বিত্ত মন্ত্ৰালয়ে এক টুইটযোগে কয়, “কেন্দ্ৰীয় বিত্ত মন্ত্ৰী এন সীতাৰমণ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোষাগাৰ সচিব ড০ জেনেট য়েলেনে আজি নতুন দিল্লীত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৰ্থনৈতিক বিত্তীয় অংশীদাৰিত্ব ইএফপিৰ ৯ ম সংখ্যক বৈঠকৰ পূৰ্বে বৈঠকত মিলিত হয়।” মন্ত্ৰালয়ে কয় যে ৯ ম ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইএফপি বৈঠকত দুয়োপক্ষই জলবায়ু, বিত্ত, বহুপাক্ষিক বিষয়, জি-২০ত ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ সহযোগিতাকে ধৰি পাৰস্পৰিক স্বাৰ্থৰ বিষয়সমূহ আলোচনা কৰিব।

ভাৰতৰ অংশীদাৰিত্ব, কৰ, যোগান শৃংখলাৰ স্থিতিস্থাপকতা, গোলকীয় অৰ্থনীতি আৰু সামগ্ৰীক অৰ্থনৈতিক দৃষ্টিভংগীৰ বিষয়েও এই বৈঠকত আলোচনা হ’ব। মন্ত্ৰালয়ে কয়, “৯ম ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইএফপি বৈঠকৰ সময়ত নিৰ্মলা সীতাৰমণ আৰু ড০ জেনেট য়েলেনেও শীৰ্ষ ব্যৱসায়িক নেতা আৰু বিশিষ্ট অৰ্থনীতিবিদসকলৰ সৈতে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যৱসায় আৰু অৰ্থনৈতিক সুযোগ সম্পৰ্কীয় এক বাৰ্তালাপত অংশগ্ৰহণ কৰিব।”

জৰ্ডানৰ আম্মানত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপত স্বৰ্ণ জিনিলে লাভলীনাই…

অৱশেষত অন্ত পৰিল অপেক্ষাৰ। ঘৰ্মলৈ উভতিল অসম তৰুণী লাভলীনা। বিগত কেইখনমান প্ৰতিযোগিতাত আশানুৰূপ প্ৰদৰ্শন আগবঢ়োৱাত ব্যৰ্থ হৈ পদকহীন হৈ ৰোৱা অলিম্পিক ব্ৰঞ্জ বিজয়ী তাৰকা বক্সাৰগৰাকীয়ে অৱশেশত জৰ্ডান ভূমিত অন্ত পেলালে এই ব্যৰ্থতাৰ।

জৰ্ডানৰ আম্মানত অনুষ্ঠিত হৈ থকা এছিয়ান বক্সিং চেম্পিয়নশ্বিপত শুকুৰবাৰে ভাৰতীয় বক্সাৰগৰাকীয়ে ৭৫ কিলোগ্ৰাম শাখাত স্বৰ্ণ জয়েৰে ৰাজ্যৰ লগতে দেশকো পুনৰ গৌৰৱান্বিত কৰি তুলিছে।

৭৫ কিলোগ্ৰাম শাখাত নিজৰ প্ৰথমটো পদক লাভৰ পথত লাভলীনাই উজবেকিস্তানৰ ৰুজমেটোভা শ্ব’খিবাক ৫-০ ব্যৱধানত ধৰাশয়ী কৰি স্বৰ্ণ আজুৰি আনে।

টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰাৰ পিছত ফৰ্মৰ সৈতে যুঁজি থকা ২৫ বৰ্ষীয় বক্সাৰগৰাকীৰ বাবে এই জয় যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে ।

উল্লেখ্য যে, আগন্তুক পেৰিছ অলিম্পিকত লাভলীনাৰ পূৰ্বৰ ৬৯ কিলোগ্ৰাম ওজনৰ শাখা অন্তৰ্ভুক্ত নাথাকিব। সেয়েহে তাৰকাগৰাকীয়ে এতিয়া ৭৫ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দিতা আগবঢ়াইছে।

ইফালে প্ৰতিযোগিতাখনত কালি লাভলীনাৰ লগতে পাৰবীন হুডাই ৬৩ কিলোগ্ৰাম শাখাত, ছুইটীয়ে ৮১ কিলোগ্ৰাম শাখাত আৰু আলফিয়া পাঠানে ৮১ কিলোগ্ৰাম উৰ্ধ শাখাত স্বৰ্ণ পদক লাভ কৰাৰ বিপৰীতে মীনাক্ষীয়ে ৫২ কিলোগ্ৰাম শাখাত ৰূপৰ পদক অৰ্জন কৰে।

পৰ্বতঝোৰাৰ দেৱীতলাত ABMSU ৰ প্ৰতিবাদী কাৰ্যসূচী…

এটেনশ্বন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। এটেনশ্বন বি টি আৰ প্ৰধান প্ৰমোদ বড়ো।এটেনশ্বন সাংসদ মৌলানা বদৰুদ্দিন আজমল। এটেনশ্বন এম চি এল এ মুনমুন ব্ৰক্ষ্ম। দেবীতোলা মদাতী সংযোগী পথৰ ওপৰত এখন দলংৰ বাবে কিয় প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে ABMSU ৰ লগতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে। বি টি আৰৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ মদাতী – দেবীতোলা সংযোগী পথৰ শিলাই নদীৰ ওপৰত দলং নিৰ্মাণ কৰাৰ দাবীত আজি ABMSU আৰু স্কুলীযা ছাত্ৰ ছাত্ৰীযে এক প্ৰতিবাদ সাব্যস্ত কৰিব লৈ বাধ্য হয়।

উল্লেখ্য যে ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ অতিক্ৰম কৰিলে যদিও এই অঞ্চলৰ বাট পথ দলং নিৰ্মাণ নকৰিলে কোনো এখন চৰকাৰে। জৰাজীৰ্ণ পথৰ বাবে জ্বলা কলা খাই আহিছে বৃহত্ত্বৰ দেবীতোলা- মদাতী অঞ্চলবাসী ৰাইজে। এনেদৰে টুলুঙা নাওঁৰে বিপদ সংকুল যাত্ৰা কৰিব লগা হৈছে দেবীতোলা মদাতী অঞ্চলৰ ৰাইজে। চিকিৎসালয় লৈ ৰোগীক নিয়াৰ বাবে যমৰ যাতনা ভুগিব লগীয়া হৈছে ইয়াৰ স্থানীয় ৰাইজে। ১৭বছৰ বি টি আৰত হাগ্ৰামা মহিলাৰীয়ে শাসন কৰাৰ পাছতো পৰিৱৰ্তন নহল।

কিন্তু পৰিবৰ্তনৰ শ্লোগান দি বি টি আৰ দখল কৰা প্ৰমোদ বড়োয়েও অঞ্চলটোৰ প্ৰতি তিলমাত্ৰও গুৰুত্ব নিদিয়া পৰিলক্ষিত হৈছে। মুছলমান অধ্যুষিত অঞ্চল হোৱাৰ বাবে ৰাস্তা – ঘাট, দলং – কালবাৰ্ড নিৰ্মাণৰ ক্ষেত্ৰত মাহী আইৰ দৃষ্টিৰে চাইছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বি টি আৰ প্ৰধান প্ৰমোদ বড়ো, এম চি এল এ মুনমুন ব্ৰক্ষ্মই। এনেকি স্থানীয় বিধায়ক নিজানুৰ ৰহমান আৰু ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলেও এই অঞ্চলত কোনো উন্নয়ন নকৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদ কাৰীয়ে। উপায় বিহীন হৈ আজি ABMSU আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰীযে হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, প্ৰমোদ বড়ো গো-বেগ, বি জে পি গো-বেগ,UPPL গো-বেগ,BPF গো-বেগ, হাগ্ৰামা মহিলাৰী মূৰ্দাবাদ, মুন মুন ব্ৰহ্ম গো-বেক আদি শ্লোগানেৰে আকাশ বতাহ উত্তাল কৰি তোলে।

গৌৰীপুৰৰ পৰা ছামচুল হক

আশ্বনীৰ গ্ৰভাৰৰ ‘Duplicity’ নামৰ গ্ৰন্থখনে বহু গভীৰ গোপনীয়তা প্ৰকাশ কৰিব আৰু ডিচেম্বৰ মাহত মুক্তি পাব…

আশ্বনীৰ গ্ৰ’ভাৰ কিতাপঃ ‘ডগলাপান’ নামৰ কিতাপখনত অশ্বনীৰ গ্ৰ’ভাৰে নিজৰ শৈশৱৰ কথা আৰু তেওঁৰ লগত জড়িত সকলো বিতৰ্ক ক’বলৈ ওলাইছে। এই কিতাপখন কেতিয়া মুক্তি পাব তাৰ তাৰিখ ইয়াত জানি লওক।

ভাৰত পে’ৰ সহ-প্ৰতিষ্ঠাপক তথা প্ৰাক্তন এম ডি অশ্বনীৰ গ্ৰ’ভাৰে আজিকালি এখন কিতাপৰ বিষয়ে আলোচনাত মিলিত হৈছে। তেখেতে লিখিছে ‘ডগলাপান’ নামৰ এখন গ্ৰন্থ। এই গ্ৰন্থখনত তেওঁ ৰিয়েলিটি শ্ব’ শ্বাৰ্ক টেংক ইণ্ডিয়াৰ সৈতে জড়িত বহুতো টেঙা আৰু মিঠা স্মৃতি সংৰক্ষণ কৰি ৰাখিছে। আপোনালোকক কওঁ যে শ্বাৰ্ক টেংক ইণ্ডিয়া টিভি শ্ব’ত ‘ডুপ্লিচিটি’ শব্দটো আগতে আশ্বনীৰ গ্ৰ’ভাৰৰ কেচফ্ৰেজ আছিল।

‘দ্বিগুণতা’ নামৰ কিতাপখনৰ নাম।
অশ্বনীৰ গ্ৰ’ভাৰৰ ৰচিত এই গ্ৰন্থ ‘ডগলাপান’ অহা মাহত ডিচেম্বৰ মাহত মুক্তি পাব। শ্বাৰ্ক টেংক ইণ্ডিয়া শ্ব’ত গ্ৰ’ভাৰে বাৰে বাৰে ‘ভণ্ডামি’ শব্দটো ব্যৱহাৰ কৰিছিল। সেইবাবেই এই গ্ৰন্থখনৰ নাম ‘ডগলাপন’ ৰখা হৈছে। এই কিতাপখনত ষ্টাৰ্টআপ আৰু জীৱনৰ সকলো অসুবিধাৰ কথা কোৱা হৈছে।

টুইট কৰি তথ্য দিলে গ্ৰ’ভাৰে
গ্ৰ’ভাৰে টুইটৰ জৰিয়তে তেওঁৰ কিতাপখনৰ বিষয়ে তথ্য দিছে। তেওঁ কয় যে এই গ্ৰন্থখন পঢ়াৰ পিছত হয় আপুনি চাকৰি সম্পূৰ্ণৰূপে এৰিব নহয় গোটেই জীৱন কাম কৰিব। মুঠতে ইয়াৰ অৰ্থ হ’ল আপুনি মাজত আবদ্ধ হৈ নাথাকিব।

এই কিতাপখন পঢ়াৰ পিছত চাকৰি পাব আৰু চাকৰিও পাব। অন্ততঃ বীচ মেইন নাহি ফেজ ৰহোগে।

হিমাচলৰ লাহৌল-স্পিতিৰ তাছিগাং হৈ পৰিল সৰ্বোচ্চ ভোটকেন্দ্ৰ, জানো আহক কি উচ্চতাত আছে ভোটগ্ৰহণ কেন্দ্ৰটো…

লাহৌল-স্পিটিৰ তাছিগাঙতো নিৰ্বাচন আয়োগে এটা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰিছে।এইটো বিশ্বৰ সৰ্বোচ্চ ভোটগ্ৰহণ কেন্দ্ৰ।হিমাচল প্ৰদেশৰ ৬৮খন বিধানসভা আসনত ভোটদান চলি আছে। শিমলাৰ বৰফৰ উচ্চতাৰ পৰা স্পিটিলৈকে ৫৫ লাখৰো অধিক লোকে ভোটদান কৰি ৰাজ্যত নতুন চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে। ভাৰতৰ নিৰ্বাচন আয়োগে দুৰ্গম অঞ্চলত তিনিটাকৈ ভোটগ্ৰহণ সহায়ক কেন্দ্ৰ নিৰ্মাণ কৰাৰ বিপৰীতে সমগ্ৰ হিমাচলতে ৭ হাজাৰ ৮৮১টা ভোটগ্ৰহণ কেন্দ্ৰ নিৰ্মাণ কৰিছে।

লাহাউল-স্পিতিৰ তাছিগাঙতো নিৰ্বাচন আয়োগে এটা ভোটকেন্দ্ৰ স্থাপন কৰিছে। সমুদ্ৰপৃষ্ঠৰ পৰা ১৫ হাজাৰ ২৫৬ ফুট উচ্চতাত অৱস্থিত এইখন বিশ্বৰ সৰ্বোচ্চ ভোটগ্ৰহণ কেন্দ্ৰ বুলি ধাৰণা কৰা হৈছে। টাছিগাং ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিব ৫২ জন ভোটাৰে। ইয়াৰ উপৰিও জ্যেষ্ঠ নাগৰিক আৰু ভিন্ন ক্ষমতাসম্পন্ন লোকৰ ভোটদান সহজ কৰি তুলিবলৈ নিৰ্বাচন আয়োগক আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপেও গঢ়ি তোলা হৈছে।

হিমাচল বিধানসভাৰ নিৰ্বাচনী ক্ষেত্ৰখনত মুখ্যমন্ত্ৰী জয়ৰাম ঠাকুৰ, প্ৰাক্তন মুখ্যমন্ত্ৰী বীৰভদ্ৰ সিঙৰ পুত্ৰ বিক্ৰমাদিত্যকে ধৰি ৪১২জন প্ৰাৰ্থীয়ে সমগ্ৰ হিমাচলতে ৬৮খন বিধানসভাৰ আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে।

বৰ্তমান ৰাজ্যত বিজেপিৰ ক্ষমতা। এই নিৰ্বাচনত বিজেপিয়ে নিজৰ উন্নয়নৰ এজেণ্ডা লৈ নিৰ্বাচনী খেলপথাৰত প্ৰৱেশ কৰিছে। বিজেপিয়ে ৰাজ্যত ক্ষমতাত থাকিবলৈ অশেষ চেষ্টা কৰিছে। সেইবাবেই হিমাচলৰ নির্বাচনী প্রচাৰৰ কমাণ্ড প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নিজেই দখল কৰিছিল৷ ৰাজ্যত তেওঁৰ সমাৱেশৰ সামৰণিৰ লগে লগে তেওঁ জনসাধাৰণক আহ্বান জনাই কয় যে পদুম প্ৰতীকত আপোনালোক সকলো ভোটাৰৰ ভোটে বিজেপিৰ শক্তি আৰু অধিক বৃদ্ধি কৰিব।

কিন্তু বিগত দুটা নিৰ্বাচনত কংগ্ৰেছৰ ক্ষমতাত নথকাৰ বাবে কংগ্ৰেছৰ বাবে হিমাচলক নির্বাচিত হোৱাটো তাৰ অস্তিত্বৰ নির্বাচন৷ সেয়ে আজি ভোটদানৰ পূৰ্বে ৰাহুল গান্ধীয়ে জনসাধাৰণক আহ্বান জনাই কয় যে আপোনাৰ বিকাশৰ কথা মনত ৰাখি উজ্জ্বল ভৱিষ্যতৰ বাবে ভোট দিয়ক। উল্লেখযোগ্য যে অহা ৮ ডিচেম্বৰত হিমাচল বিধানসভা নিৰ্বাচনৰ ভোটগণনা কৰা হ’ব।

পাঞ্জাৱত খালিস্তানৰ সমৰ্থক পান্নুৱে মানুহক উচটনি দি ক’লে যে, বলিদানৰ অভিযুক্তক শাস্তি দিয়া ব্যক্তিক ডেৰ-দুই লাখ টকা দিব…

পাঞ্জাৱঃ খালিস্তানৰ সমৰ্থক পান্নুৱে মানুহক উচটনি দি ক’লে- বলিদানৰ অভিযুক্তক শাস্তি দিয়া ব্যক্তিক ডেৰ-দুই লাখ টকা দিব । গুৰপতৱন্ত সিং পান্নুৱে কয় যে অপাৰেচন ব্লু ষ্টাৰৰ অংশ হিচাপে থকা কুলদীপ ব্ৰাৰ, ইছৰাৰ খান আৰু জছবীৰ ৰাইনা এতিয়াও জীয়াই আছে। খালিস্তান গঠনৰ পিছত তেওঁলোকক শাস্তি দিয়া হ’ব।

পঞ্জাৱৰ ফৰিদকোটত ডেৰা সচা সৌদা প্ৰেমিক প্ৰদীপ সিঙৰ হত্যাকাণ্ডৰ গোচৰ গৰম। ইফালে, শিখ ফৰ জাষ্টিছৰ খালিস্তানৰ সমৰ্থক গুৰপতৱন্ত সিং পান্নুৰ ঘোষণাই ৰাজ্যত আলোড়নৰ সৃষ্টি কৰিছে। সন্ত্ৰাসবাদী গুৰপতৱন্ত সিং পান্নুৱে ঘোষণা কৰিছে যে শিখ ফৰ জাষ্টিছে গুৰু গ্ৰন্থ চাহাবৰ বলিদানৰ অভিযোগত অভিযুক্তসকলক ২.৫০ লাখ টকা দিবকেৱল এয়াই নহয়, গুৰপতৱন্ত সিং পান্নুৱে পঞ্জাৱত বসবাস কৰা হিন্দু আৰু হিন্দু নেতাসকলক ভাৰত চৰকাৰ বা খালস্তানৰ মাজৰ পৰা এটা বাছনি কৰিবলৈ পৰামৰ্শ দিছে।

পান্নুৱে কৈছিল যে যি ৰাষ্ট্ৰই তেওঁক পানী, খাদ্য দিছিল, সেই ৰাষ্ট্ৰই তেওঁক বিশ্বাসঘাতকতা নকৰিব। অহা বছৰ ২০২৩ চনৰ গণভোট ভোটত অংশগ্ৰহণ কৰক। এই সময়ত গুৰপতৱন্ত সিং পান্নুৱে কয় যে অপাৰেচন ব্লু ষ্টাৰৰ অংশ হৈ থকা কুলদীপ ব্ৰাৰ, ইছৰাৰ খান আৰু জছবীৰ ৰাইনা এতিয়াও জীয়াই আছে। খালিস্তান গঠনৰ পিছত তেওঁলোকক আন্তঃৰাষ্ট্ৰীয় মঞ্চত আনি শাস্তি প্ৰদান কৰা হ’ব। আপোনালোকক কওঁ যে গুৰপতৱন্ত সিং পান্ণুৱে ইয়াৰ পূৰ্বেও শিৱসেনাৰ তক্ষসালীৰ নেতা সুধিৰ ছুৰীৰ হত্যাৰ অভিযোগত অভিযুক্ত সন্দীপ সিঙক ১০ লাখ টকা ঘোষণা কৰিছিল।

বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানক ডুবাইত বিশেষ বঁটাৰে সন্মানিত কৰা হয়…

ডুবাইত বলীউডৰ ৰজা শ্বাহৰুখ খানক এই বঁটাৰে সন্মানিত কৰা হৈছে। একে সময়তে তেওঁৰ অনুৰাগীসকলে শ্বাহৰুখ খানৰ এই কৃতিত্বক লৈ তীব্ৰ মন্তব্য কৰিছে।

বলীউডৰ ৰজা খান শ্বাহৰুখ খানৰ তালিকাত অন্তৰ্ভুক্ত হৈছে আন এক কৃতিত্ব। শুকুৰবাৰে ইউ এ ইৰ শ্বাৰজাহৰ এক্সপ’ চেণ্টাৰত অনুষ্ঠিত হোৱা শ্বাৰজাহ আন্তঃৰাষ্ট্ৰীয় গ্ৰন্থমেলা (এছ আই বি এফ) ২০২২ৰ ৪১ সংখ্যক সংস্কৰণৰ সময়ত তেওঁক ‘গ্ল’বেল আইকন অৱ চিনেমা এণ্ড কালচাৰেল নেৰেটিভ এৱাৰ্ড’ প্ৰদান কৰা হয়। এই অনুষ্ঠানত তেওঁৰ বহু সংখ্যক অনুৰাগীয়েও অংশ লৈছিল। ইয়াৰ ভিডিঅ’ আৰু ছবিসমূহ বৰ্তমান ছ’চিয়েল মিডিয়াত আধিপত্য বিস্তাৰ কৰিছে।

অনুষ্ঠানটোত কিং খানক অল ব্লেক লুকত দেখা গৈছিল
এটা ফেনক্লাবে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত শ্বাহৰুখ খানে অনুষ্ঠানটোত অল ব্লেক লুকত দেখা দিয়ে। তাই কঢ়িয়াই লৈ ফুৰিছিল বেককম্বড হেয়াৰষ্টাইল। বাদশ্বাহৰ ভাষণ অনুসৰি তেওঁ এই অনুষ্ঠানত ‘লেখা আৰু সৃষ্টিশীলতাৰ ক্ষেত্ৰত সাংস্কৃতিক দৃশ্যপট আৰু প্ৰজনন ক্ষমতা’ৰ অৱদানৰ বাবে এই বঁটা লাভ কৰিছে।

শ্বাহৰুখে তেওঁৰ ছবিসমূহৰ সংলাপসমূহো বৰ্ণনা কৰিছিল।
মঞ্চত শ্বাহৰুখেও দিলৱালে দুলহনিয়া লে জায়েংগেৰ পৰা নিজৰ বাহু টানি লোৱা ভংগীমাটো পুনৰ সৃষ্টি কৰে। আন এটা ক্লিপত তেওঁ কেইবাখনো ছবিৰ সংলাপ আবৃত্তি কৰিও দৰ্শকক মনোৰঞ্জন দিছিল। ‘বাজিগাৰ’ চিনেমাখনৰ পৰা তেওঁ আপোনাক ইমান তীব্ৰতাৰে পাবলৈ চেষ্টা কৰিছে যে মোৰ প্ৰতিটো বিটে তোমাক লগ পোৱাৰ ষড়যন্ত্ৰ কৰিছে। আৰু তেওঁৰ ছবি ‘ওম শান্তি ওম’ত তেওঁ কৈছে যে… যদি আপুনি কিবা এটা হৃদয়ৰ পৰা ভাল পায়, তেন্তে সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডই সংলাপ আবৃত্তি কৰি আপোনাক লগ কৰিবলৈ চেষ্টা কৰে। সেইবোৰ শুনি তাত উপস্থিত থকা দৰ্শকসকল সেইবোৰৰ ওপৰত পতিয়ন গ’ল।

https://twitter.com/SRKUniverse/status/1591085603013427200?s=20&t=CaNk6RJUL75ZkeAnTp_r1w

ভাইৰেল ভিডিঅ’ত অনুৰাগীয়ে মন্তব্য কৰিছে
একে সময়তে অনুষ্ঠানটোৰ ভিডিঅ’ আৰু ছবি ভাইৰেল হোৱাক লৈও অনুৰাগীসকলে তীব্ৰ মন্তব্য আগবঢ়াইছে। এজন অনুৰাগীয়ে টুইটাৰত লিখিছে, ‘আৰু ভদ্ৰমহিলাসকল, এই কাৰণেই শ্বাহৰুখ খান বিশ্বৰ আটাইতকৈ সন্মানীয় অভিনেতা।’ আন এজনে লিখিছে, ‘সাক্ষাৎকাৰটো দেখিলোঁ আৰু ইমানেই মধুৰ আছিল। কিন্তু তেওঁ ঠিকেই কৈছে! আমি তেওঁক ভাল পাওঁ কাৰণ তেওঁ যি কৰে তাক ডেলিভাৰী কৰে।’ আন এজনে লিখিছে, “জাষ্ট কিং বিয়িং কিং।”