কি হৈছে শ্ৰীমন্ত শংকৰ সংঘত। বিতৰ্কই লগ এৰা নিদিয়া শংকৰ সংঘত এতিয়া তালিবানৰ শাসন চলিছে নেকি। কিছুদিন পূৰ্বে আহোম প্ৰথাৰ চকলং বিয়াত উপস্থিত থকাৰ দোষত শংকৰ সংঘই চাৰিটাকৈ পৰিয়ালক বহিস্কাৰ কৰিছিল। লগে লগে আহোম জনগোষ্ঠীটোক অপমান কৰাৰ অভিযোগ তুলি ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আহোম ছাত্ৰ সংগঠনে শংকৰ সংঘক উভতি ধৰি কঠোৰ স্হিতি গ্ৰহন কৰাৰ লগতে শংকৰ সংঘৰ সদস্যই সুৰা বিপনী তথা হোটেল ব্যৱসায়ত জড়িত হৈ মাছ মাংসৰ বেপাৰ কৰাৰ অভিযোগ তুলাছিল। শংকৰ সংঘই অবশেষত আহোম জনগোষ্ঠীৰ ওচৰত ক্ষমা ভিক্ষা খোজাত বিষয়টো সামৰণি মাৰিছিল। আজি গুৱাহাটীৰ ৰূপনগৰত শংকৰ সংঘৰ এক আলোচনাত পুনৰ ক্ষমা বিচৰা বিষয়টোক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আজি সংঘই পদাধিকাৰ কমলা কান্ত গগৈক নিস্ক্ৰিয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। একেদৰে শংকৰ সংঘৰ আন দুই বিষয়া মৃনাল বৰুৱা আৰু দুৰ্লভ পাঠকো ৰোষত পৰিছে সংঘৰ। উচ্চ- নীচ ভেদাভেদ পাহৰি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে জাতিটোক এক কৰাৰ পিছত এতিয়া গুৰুজনাক লৈ ৰাজ্যত যেন চলিছে ব্যৱসায়। শংকৰ সংঘৰ এনে কিছুমান নীতি নিয়মক বহুতেই তালিবানৰ সৈতে ৰিজনী দিবলৈকো পিছ পৰি থকা নাই। ৰাজ্যখনৰ এক বৃহৎ অনুষ্ঠান শংকৰ সংঘৰ এনে কাৰ্যই ৰাজ্যখনৰ ক্ষতি কৰাটো নিশ্চিত।
গোসাইগাঁৱত অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস পালন…
বি টি আৰত বসবাস কৰা অৱড়ো লোকৰ জাতি ,মাটি ,ভাষা ,সংস্কৃতিৰ লগতে জীৱনৰ নিৰাপত্তা স্বাৰ্থত ২০ ১১ চনত ১১ নৱেম্বৰত অৱড়ো সমিতিৰ জন্ম হৈছিল ৷আজি সংগঠনটোৰ অৱড়ো সুৰক্ষা সমিতিৰ গোসাইগাঁও জিলা সমিতিৰ উদ্যোগত গোসাইগাঁওৰ হাব্ৰবিলস্থিত ৰাজহুৱা ভৱনত দিনযোৰা কাৰ্যসূচীৰে সংগঠনটোৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ৷প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৰাতিপূৱা অৱড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সভাপতি ললিত হেম্ব্ৰমে পতাকা উওোলন কৰে ৷

তাৰ পিছত বন্তি প্ৰজ্বলন ,শ্বহীদ তৰ্পন ,প্ৰতিনিধি সভা অনুষ্ঠিত কৰা হয় ৷বিয়লি দুই বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হয় ৷মুকলি সভাত সংগঠনটোৰ মুখ্য উপদেষ্টা ব্ৰজেন মহন্তই কয় যে অসমত বিজেপি নেতৃত্বতাধীন মিত্ৰজোঁটৰ চৰকাৰ অহাৰ পিছৰ পৰাই বিটি আৰত শান্তিৰ বাতাবৰণ আহিছে আৰু এই চৰকৰে অবড়ো সুৰক্ষা সমিতিৰ আন্দোলনত শ্বহীদ হোৱা ১৯ টা পৰিয়ালক পাঁচ লাখকৈ টকা প্ৰদান কৰিছে দ্বিতীয় তালিকাত ১২ টা পৰিয়ালক পাঁচ লাখকৈ দিয়াৰ প্ৰক্ৰিয়া চলাই আছে চৰকাৰে ৷

বি টি আৰ ইউ পি এল আৰু ৰাজ্য চৰকাৰে অবড়ো সুৰক্ষা সমিতিৰ দাবী সমূহৰ প্ৰতি গুৰুত্ব দিছে বুলিও সদৰী কৰে ৷অবড়ো সুৰক্ষা সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মাধৱ ৰাজবংশী উপস্থিত থাকি কয় যে যি দলে অবড়ো সুৰক্ষা সমিতিৰ দাবী দাবা সমূহৰ প্ৰতি গুৰুত্ব দিব তাৰ ওপৰত ভিওি কৰি ২০ ২৪ ৰ লোকসভা নিৰ্বাচনত ভূমিকা গ্ৰহণ কৰিব বুলি জানিব দিয়ে ৷
গোসাইগাঁওৰ পৰা আজিজুল হকৰ ৰিপৰ্ট
ৰাজীৱ গান্ধীৰ হত্যাকাৰীক ৰেহাই উচ্চতম ন্যায়ালয়ৰ
প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাকাণ্ডত জড়িত ছয় হত্যাকাৰীক ৰেহাই ঘোষনা উচ্চতম ন্যায়ালয়ৰ। দীৰ্ঘদিন ধৰি কাৰাবন্দী হৈছিল থকা এই ছয় অপৰাধী হৈছে নলিনী শ্ৰীহাৰ, ৰবাৰ্ট পাইচ,ৰবিচন্দ্ৰন, সুঠেনথিৰা ৰাজা, চান্হান শ্ৰীহৰণ, মোৰোগান আৰু জয় কুমাৰ। উল্লেখযোগ্য যে দেহৰক্ষীৰ গুলীত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে অকালতে মৃত্যুক সাবটি লোৱাৰ পিছত পাইলট হিচাপে কৰ্মৰত পুত্ৰ ৰাজীৱ গান্ধীক কংগ্ৰেছ দলে প্ৰধানমন্ত্ৰীৰ আসনত বহুৱাইছিল। কিন্তু এক জনসভাত উগ্ৰপন্থীৰ আক্ৰমণত ৰাজীৱ গান্ধীৰো মৃত্যু হৈছিল। এই হত্যাকাণ্ডৰ লগত জড়িত আছিল তামিল উগ্ৰপন্থী। উচ্চতম ন্যায়ালয়ে ছয় অপৰাধীক ৰেহাই দিয়াৰ আহিব মুকলি আকাশৰ তললৈ।
পিতৃ লালুৰ জীৱন ৰক্ষাৰ বাবে বৃক্ক দান কৰিব কন্যা ৰোহিনীয়ে…
ভাৰতীয় ৰাজনীতিৰ এগৰাকী জনপ্ৰিয় ৰাজনৈতিক নেতা তথা আৰজেডিৰ মুৰব্বী লালু প্ৰসাদ যাদৱ বিগত কেইবা বছৰ ধৰি বৃক্কৰ ৰোগকে ধৰি অন্যান্য ৰোগত আক্ৰান্ত হৈ আছে।

কিছুদিন পূৰ্বে সংকটজনক অৱস্থাত চিকিৎসাধীন হোৱাৰ পিছত মৃত্যুমুখৰ পৰা বাচি অহা লালুৰ জীৱন ৰক্ষাৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ আগবাঢ়ি আহিছে তেওঁৰ ছিংগাপুৰস্থিত কন্যা ৰোহিনী আচাৰ্য।

লালু প্ৰসাদ যাদৱৰ দ্বিতীয় কন্যা ৰোহিনীয়ে তেওঁৰ এটা বৃক্ক পিতৃক দান কৰি বয়োজেষ্ঠ নেতাগৰাকীক এক নতুন জীৱন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰকাশিত বাতৰি অনুসৰি, অক্টোবৰত ছিংগাপুৰ ভ্ৰমণৰ সময়ত ছিংগাপুৰৰ চিকিৎসকসকলে লালু প্ৰসাদ যাদৱক বৃক্ক সংৰোপণ কৰিবলৈ পৰামৰ্শ দিছিল।
শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত তেজপুৰত “অসম ৰেপাৰেটৰী” ৰ বৰ্ণাঢ্য আয়োজন…
লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী
শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত তেজপুৰত “অসম ৰেপাৰেটৰী” ৰ বৰ্ণাঢ্য আয়োজন কৰিছে । আজিৰে শিক্ষানুষ্ঠানত “লাচিতৰ বাবে মাথো জাতিৰ বাবে ৩০ মিনিট” শীৰ্ষক সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰে ।তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সজাগতা সভা খন উদ্ধোধন কৰে শোনিতপুৰৰ উপায়ূক্ত দেৱ কুমাৰ মিশ্ৰই ।

ইয়াৰ লগতে অসমীয়া জাতিৰ শৌৰ্য্য – বীৰ্য্যৰ প্ৰতীক, অসম আৰু অসমীয়াৰ স্বাভিমান বীৰ লাচিত বৰফুকনৰ বীৰ গাঁথা শব্দ আৰু পোহৰৰ মায়াজালেৰে ৰাজ্যখনৰ প্ৰথিতযশা অভিনয় শিল্পীসহ আঢ়ৈশ শিল্পীয়ে মঞ্চৰ বিপৰীতে তেজপুৰৰ হজৰাপাৰৰ হৰ্জ্জৰ পুখুৰীৰ পাৰত বিশেষ শৈলীৰে মুক্তাংগণত প্ৰদৰ্শন কৰি এক ইতিহাস সৃষ্টি কৰাৰ দিশে আগবাঢ়িছে তেজপুৰৰ নাট্যানুষ্ঠান “অসম ৰেপাৰেটৰী ।উল্লেখ্য যে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি তেজপুৰৰ নাট্যানুষ্ঠান” অসম ৰেপাৰেটৰী” এ শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত বৰ্ণাঢ্য ৰূপত”

হাতত লোৱা কাৰ্য্যসূচীৰ অংশ হিচাপে নয়নজ্যোতি ভট্টাচাৰ্য্যৰ বহু চৰ্চিত উপন্যাস” বুৰঞ্জী লিখা তৰোৱাল “ৰ আলমত পুলক কুমাৰ ডেকাৰ নাট্যৰূপ, পৰিকল্পনা আৰু পৰিচালনাৰে “অসম ৰেপাৰেটৰী” ৰ ১৯ আৰু ২০ নবেম্বৰত নিবেদন হ’ব লগা “লাচিত – বুৰঞ্জী লিখা তৰোৱাল” শীৰ্ষক নাটকখনৰ মঞ্চত কৰাৰ ওপৰত সজাগতা মুলক সভাত ব্যক্তব্য ৰাখে অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰাঞ্জিত হাজৰিকাই । পংকজ বৰুৱাই আট অনুষ্ঠান অসম ৰেপাৰটৰীৰ সভাপতি প্ৰদীপ লহকৰ আৰু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰিঞ্জুমনি নেওগ বৰা উপস্থিত থাকে ।
হেৰা ফেৰীৰ তৃতীয় খণ্ডত অক্ষয় কুমাৰৰ সলনি কাৰ্তিক আৰিয়ানে কৰিব অভিনয়…
হেৰা ফেৰী ৩ত অক্ষয় কুমাৰৰ ঠাইত কাৰ্তিক আৰ্য্য: মনত পৰিব অক্ষয় কুমাৰ, পৰেশ ৰাও আৰু সুনীল শেট্টীৰ ছবি ‘হেৰা ফেৰী’। এই ছবিখনে হাঁহিৰে দৰ্শকৰ পেট বিষাইছিল। এতিয়া এই ফ্ৰেঞ্চাইজি ছবিখনৰ তৃতীয়খন ছিকুৱেল নিৰ্মাণ হ’ব। আজিকালি ‘হেৰা ফেৰী ৩’ক লৈ যথেষ্ট চৰ্চা চলিছে যদিও অক্ষয়ৰ অনুৰাগীৰ বাবে এটা বেয়া খবৰ আহিছে যে এই ছবিখনত তেওঁক দেখা নাযায় কাৰণ বাতৰি ওলাইছে। ‘হেৰা ফেৰী ৩’ত হ’বলৈ গৈ আছে কাৰ্তিক আৰ্য্যৰ প্ৰৱেশ আৰু পৰেশ ৰাৱালেও ইয়াৰ নিশ্চিতকৰণ দিছে।

হেৰা ফেৰী ৩ ত অক্ষয় কুমাৰৰ ঠাইত কাৰ্তিক আৰয়নে ল’বনে?
এজন অনুৰাগীয়ে পৰেশ ৰাৱালক টুইটাৰত সুধিলে যে ছাৰ, কাৰ্তিক আৰিয়ানে ‘হেৰী ফেৰী ৩’ কৰিছে সঁচা নেকি? প্ৰবীণ অভিনেতাগৰাকীয়ে ইয়াৰ উত্তৰত লিখিছে, ‘হয় সঁচা’। অৱশ্যে অক্ষয় কুমাৰৰ ঠাইত কাৰ্তিকক লৈছে নে তেওঁৰ সৈতে পৰ্দা শ্বেয়াৰ কৰা দেখা যাব সেয়া এতিয়াও নিশ্চিত হোৱা নাই। ছবিখনত সুনীল শ্বেট্টীকো দেখা গৈছিল, গতিকে তেওঁৰ ঠাইত হয়তো কাৰ্তিক আহিব বুলিও জল্পনা-কল্পনা চলি আছে। বাৰু, কাৰ্তিকৰ অনুৰাগীসকল নিশ্চয় এই ছবিখনক লৈ উৎসাহিত হ’ব।

কুমাৰৰ ঠাইত খিলাদীয়ে ২ নং ভূল ভুলাইয়াতো স্থান লাভ কৰিছে
<p>কওঁ, কাৰ্তিক আৰিয়ানে ইয়াৰ পূৰ্বে অক্ষয় কুমাৰৰ ঠাইত ‘ভূল ভুলীয়ায়া ২’তো অভিনয় কৰিছে। এই ছবিখনে বক্স অফিচত বাম্পাৰ অৰ্জন কৰিছিল, এতিয়া সকলোৱে ভাবিছে যে কাৰ্তিকে যিদৰে অক্ষয়ৰ হাতৰ পৰা ‘ভূল ভুলাইয়া ২’ ধৰিলে, তেওঁ একে ধৰণেৰে ‘হেৰা ফেৰী ৩’ বুলি কোৱা নাছিল। শেহতীয়াকৈ এই কথাও খবৰ ওলাইছিল যে অক্ষয় কুমাৰে তেওঁৰ ফ্ৰেঞ্চাইজি ‘আৱৰা পাগল দীৱানা’, ‘ৱেলকাম’ আৰু ‘হেৰা ফেৰী’ তিনিওখন ছবিৰ পৰৱৰ্তী কিস্তিৰ কাম আৰম্ভ কৰিবলৈ ওলাইছে। এই সন্দৰ্ভত যোৱা মাহত তেওঁ মেকাৰসকলৰ সৈতেও কেইবাখনো বৈঠকত মিলিত হৈছিল যদিও এতিয়া ‘হেৰা ফেৰী ৩’ৰ সৈতে জড়িত ডাঙৰ খবৰ ওলাইছে যে ইয়াত কাৰ্তিক আৰিয়ানক প্ৰৱেশ কৰা হৈছে। এই খবৰ চৰ্চালৈ অহাৰ পিছত নিশ্চয় অক্ষয় কুমাৰৰ চিন্তা বাঢ়িল।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল, ২০০০ চনত প্ৰিয়দৰ্শনে পৰিচালনা কৰা ‘হেৰা ফেৰী’ ছবিখন মুক্তি লাভ কৰাৰ বিপৰীতে দ্বিতীয় খণ্ড ‘ফিৰ হেৰা ফেৰী’ পৰিচালনা কৰিছিল নীৰজ ভোৰাৰ। কোৱা হৈছে যে প্ৰিয়দৰ্শনে পুনৰ ইয়াৰ তৃতীয় খণ্ড পৰিচালনা কৰিব আৰু ফিৰোজ নাদিয়াদৱালা ছবিখনৰ প্ৰযোজক হ’ব।
চীনত শীতৰ আগমনৰ লগে লগে পুনৰ কোভিডে কালান্তক ৰূপ ধাৰণ কৰিছে…
কোভিডৰ উৎপত্তিস্থল হিচাবে বহুতে ধাৰণা কৰা চীনত শীতৰ আগমনৰ লগে লগে পুনৰ কোভিডে কালান্তক ৰূপ ধাৰণ কৰিছে। ১৩ নিযুত জনসংখ্যাৰ গুয়াংঝৌত বিগত ২৪ ঘণ্টাত ২,৫০০ ৰো অধিক লোক কোভিডত সংক্ৰমিত হোৱাৰ পিছতে চিন্তিত হৈ পৰিছে দেশ খনৰ চৰকাৰ।

ফলত লকডাউনৰ আকস্মিক সিদ্ধান্ত গ্ৰহণ কৰিছে বেইজিঙে। কৰোনা ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে চীনৰ চৰকাৰে দক্ষিণ চীনৰ গুয়াংঝৌ প্ৰদেশত পুনৰ লকডাউন ঘোষণা কৰিছে। গুয়াংঝৌ প্ৰদেশক চীনৰ উৎপাদন কেন্দ্ৰ বুলি কোৱা হয়। সেয়ে চীনৰ অৰ্থনীতি সেই ঠাইত পুনৰ লকডাউন জাৰি কৰাৰ ফলত অধিক ক্ষতিগ্ৰস্ত হ’ব বুলি ধাৰণা কৰা হৈছে।

গুয়াংঝৌত প্ৰদেশৰ প্ৰশাসনিক বিষয়াসকলে প্ৰায় ৫,০০,০০০ বাসিন্দাক তেওঁলোকৰ ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ নিৰ্দেশ দিছে। কোভিডৰ সংক্ৰমণ ৰুধিবলৈ সেই ঠাইত ৰাজহুৱা পৰিবহন ব্যৱস্থাও বন্ধ কৰি দিয়া হৈছে। বিদ্যালয়সমূহ অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিয়া হৈছে বুলি চীনৰ চৰকাৰৰ এগৰাকী মুখপাত্ৰই সংবাদমাধ্যমক জানিবলৈ দিছে।

গুয়াংঝৌৰ পৰা বেইজিং আৰু অন্যান্য মুখ্য চহৰলৈ চলাচল কৰা সকলো বিমান বাতিল কৰা হৈছে। পৃথিৱীৰ প্ৰায় সকলো দেশেই তেওঁলোকৰ কোভিড নিয়ম শিথিল কৰিছে। অৱশ্যে চীন এতিয়াও এই বিষয়ত দৃঢ় হৈয়েই আছে।
আমেৰিকাত অনুষ্ঠিত মধ্যকালীন নিৰ্বাচনত ভাৰতীয়-আমেৰিকান মহিলা নাবীলা চৈয়দে ইলিনয় বিধানসভাৰ নিৰ্বাচনত জয়ী হৈ ইতিহাসৰ সৃষ্টি…
আমেৰিকাত অনুষ্ঠিত মধ্যকালীন নিৰ্বাচনত ভাৰতীয়-আমেৰিকান মহিলা নাবীলা চৈয়দে ইলিনয় বিধানসভাৰ নিৰ্বাচনত জয়ী হৈ ইতিহাসৰ সৃষ্টি কৰিছে।

এই নিৰ্বাচনত জয়ী হোৱা বিধানসভাৰ আটাইতকৈ কম বয়সীয়া মহিলা সদস্য হিচাপে পৰিগণিত হৈছে নাবীলা। নাবীলা চৈয়দৰ বয়স মাত্ৰ ২৩ বছৰ আৰু তেওঁ এইবাৰৰ আমেৰিকাৰ মধ্যকালীন নিৰ্বাচনত ৰিপাব্লিকান দলৰ প্ৰতিদ্বন্দ্বী ক্ৰীছ ব’ছক পৰাস্ত কৰিছে। ইলিনয়ৰ ৫১ নং জিলাৰ ৰাজ্যিক প্ৰতিনিধি সদনৰ নিৰ্বাচনত নাবিলাই ৫২.৩% ভোট লাভ কৰে।

এই বিজয়ৰ সুখৰ কথা তেওঁ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। নিজৰ টুইটাৰ হেণ্ডেলৰ পৰা এই টুইটটো শ্বেয়াৰ কৰি নাবীলা চৈয়দে লিখিছে, মোৰ নাম নাবীলা চৈয়দ। মই এগৰাকী ২৩ বছৰীয়া মুছলমান ভাৰতীয়-আমেৰিকান মহিলা। আমি ৰিপাব্লিকান দলৰ দ্বাৰা অনুষ্ঠিত হোৱা নগৰীয়া সংস্থাৰ নিৰ্বাচনত জয়ী হৈছো। তেও লিখিছে, ” জানুৱাৰী মাহত মই ইলিনয় বিধানসভাৰ আটাইতকৈ কম বয়সীয়া সদস্য হ’ম।” আনহাতে ভবিষ্যত পৰিকল্পনাৰ বাবে দিয়া সকলো মন্তব্যৰ বাবে তেওঁ সকলোকে ধন্যবাদ দিছে।
নিশা মুকালমুৱাৰ লোহাৰকাঠা মাদলাবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে এজন নিহত, পাঁচজন আহত…
নিশা মুকালমুৱাৰ লোহাৰকাঠা মাদলাবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে এজন নিহত, পাঁচজন আহত।
ৰাসৰ আনন্দৰ মাজতে মুকালমুৱাৰ লোহাৰকাঠা মাদলাবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। বৰপেটাৰ চেঙাৰ দিশৰ পৰা আহি থকা এখন চাৰিচকীয়া বাহন আৰু বিপৰীত দিশৰ পৰা যোৱা এখন পালচাৰ বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। ফলত বাইক আৰোহী এজন থিতাতে নিহত হয়। নিহত লোকজনৰ নাম আছান আলী ।

লগতে গুৰুতৰভাৱে আহত হয় বাইকখনৰ আনজন আৰোহী তাহেৰ আলী। আনহাতে চাৰিচকীয়া বাহনখনৰ চাৰিগৰাকী লোক আহত হয়। আহত সকলৰ নাম খাইৰুন নেছা, মিৰ হুছেইন, ৰিংকু আলী আৰু মুনিয়া বেগত। আহত আটাইকেইজনে আদাবাৰীৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও উন্নত চিকিৎসাৰ বাবে আটাইকেইজনকে GMCHলৈ প্ৰেৰণ কৰে।

চাৰিচকীয়া বাহন খনেৰে চেঙাৰ পৰা এগৰাকী ৰোগীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ গৈ থকাৰ সময়তে পথ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাগ্ৰস্থ চাৰিচকীয়া বাহনখনৰ নম্বৰ AS-01-AB-9077 আৰু দুচকীয়া বাহনখনৰ নম্বৰ AS-01-EL-5653. নিহত আছান আলীৰ ঘৰ আদাবাৰীৰ হাবলাখোৱাত বুলি জানিব পৰা গৈছে।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত ডেংগুৱে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে আজি ৰাজ্যজুৰি নতুনকৈ ৯১ গৰাকী ডেংগু সংক্ৰমিত ৰোগী চিনাক্ত হৈছে…
ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ডেংগু সংক্ৰমণ। যোৱা কিছুদিনৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত ডেংগুৱে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে আজি ৰাজ্যজুৰি নতুনকৈ ৯১ গৰাকী ডেংগু সংক্ৰমিত ৰোগী চিনাক্ত হৈছে।

এই নতুন ৯১ গৰাকী ৰোগীৰ সৈতে যোৱা ১০ দিনত অসমত ডেংগু ৰোগীৰ সংখ্যা ৬৫০ গৰাকীলৈ বৃদ্ধি পাইছে। আজি আক্ৰান্ত হোৱা ৯১ গৰাকী ডেংগু ৰোগীৰ ভিতৰত ৬৫ গৰাকী ৰোগী কাৰ্বি আংলং জিলাৰ বুলি জানিব পৰা গৈছে।

আনহাতে গুৱাহাটীৰ আশে-পাশে ১২ গৰাকী ডেংগু ৰোগী ধৰা পৰিছে। একেদৰে ডিব্ৰুগড়ত তিনিগৰাকী, দৰং, ডিমা হাচাও আৰু গোৱালপাৰা জিলাত দুগৰাকীকৈ ৰোগী আজি ডেংগুত আক্ৰান্ত হৈছে।
আনহাতে ধেমাজি, কামৰূপ, গুৱাহাটী, শোণীতপুৰ আৰু তিনিচুকীয়া জিলাত এগৰাকীকৈ ৰোগী ডেংগুত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে। ডেংগুৱে বিশেষকৈ কাৰ্বি আংলং জিলাত আটাইতকৈ ভয়াৱহ ৰূপ ধাৰণ কৰিছে।

ডেংগুৰ ভয়াৱহতাৰ বাবে এই সপ্তাহত ডিফুৰ সকলো শিক্ষা প্ৰতিষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে।










