Home Blog Page 1993

বিমানবন্দৰত তিনিজন পৰিল জালত;বডী শ্বেপাৰৰ মাজত লুকুৱাই আনিছিল ৩ কোটি টকাৰ সোণ!

দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দত ৩ কোটি টকা মূল্যৰ সোণ জব্দ। শুল্ক বিভাগে গ্ৰেপ্তাৰ কৰিছে তিনি সোণ সৰবৰাহকাৰীক। বিমানবন্দৰ সূত্ৰৰ পৰা জানিব পৰা মতে, শ্বাৰজাৰ এখন বিমান দিল্লীত উপস্থিত হৈছিল। সেই বিমানৰ তিনি যাত্ৰীৰ ওপৰত সন্দেহ ওপজে শুল্ক বিভাগৰ। তিনিওজন লোকক তালাচী কৰাত বডী শ্বেপাৰৰ ভিতৰত লুকুৱাই অনা অৱস্থাত উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ সোণ।

লগে লগে সোণখিনি জব্দ কৰে শুল্ক বিভাগে। জব্দ হোৱা সোণখিনিৰ মূল্য ২.৯৬ কোটি টকা হ’ব বুলি জানিব পৰা গৈছে। অভিযুক্তকেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। বৰ্তমান আটাইকেইজনক সোধা–পোছা কৰা হৈছে।

উল্লেখযোগ্য যে দিল্লী বিমানবন্দৰত সোণ সৰবৰাহৰ ঘটনা দিনক দিনে বৃদ্ধি পাইছে। বিগত এটা মাহত এনে বহু ঘটনা পোহৰলৈ আহিছে। ২৭ অক্টোবৰত দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰত জব্দ হৈছিল ৭.৫ কলোগ্ৰাম সোণ। এই সোণখিনিৰ মূল্য আছিল ৩.৫ কোটি টকা।

নলবাৰীৰ টিহুত (Raas in Tihu) ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। ৭ নৱেম্বৰৰ পৰা ১১ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব টিহু বাৰোৱাৰী ৰাস মহোৎসৱ।

ৰাজ্যৰ চৌদিশে এতিয়া ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। নলবাৰীৰ টিহুতো (Raas in Tihu) ৰাস মহোৎসৱৰ ব্যাপক প্ৰস্তুতি। ৭ নৱেম্বৰৰ পৰা ১১ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব টিহু বাৰোৱাৰী ৰাস মহোৎসৱ।

ইতিমধ্যে টিহুৰ বাৰোৱাৰী ৰাস মহোৎসৱস্থলীত দেখা গৈছে মৃণ্ময় শিল্পীসকলে মূৰ্তি তৈয়াৰ কৰাত ব্যস্ত হৈ পৰা। তদুপৰি ৰাস মহোৎসৱ উদযাপন সমিতিয়ে জনোৱা অনুসৰি, ভিন্ন ধৰণৰ কাৰ্যসূচী ৰখা হৈছে এই ১১ দিনীয়াকৈ অনুষ্ঠিত হ’ব লগা ৰাস মহোৎসৱত। কেইবাটাও আকৰ্ষণীয় কাৰ্যসূচী ৰাখিছে উদ্যোক্তাই ৰাসস্থলীত।

বিগত দুটা বৰ্ষ যিহেতু ক’ভিড পৰিস্থিতিৰ বাবে সকলো অনুষ্ঠানেই অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰিব লগা হৈছিল,  এইবেলি ক’ভিডৰ ভৱাবহ পৰিস্থিতি কিছু শাম কটাত মুকলিমূৰীয়াকৈ অনুষ্ঠিত কৰা হয় ৰাস মহোৎসৱো।

ৰাস মহোৎসৱক লৈ ব্যাপক উৎসাহ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। তদুপৰি প্ৰতিবাৰেই যথেষ্ট সংখ্যক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিয়ে এই ৰাস মহোৎসৱক যেন এক নতুন মাত্ৰা প্ৰদান কৰি আহিছে। ১১ দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া ৰাস মহোৎসৱত সাংস্কৃতিক অনুষ্ঠান, বৃহত্তৰ চতিয়া কেন্দ্ৰীয় ভাওনা উদযাপন সমিতিৰ দ্বাৰা দ্ৰৌপদীৰ বস্ত্ৰ হৰণ ভাওনা প্ৰদৰ্শন কৰা হ’ব মহিলাৰ দ্বাৰা।

ইফালে এইবেলিও উদ্যোক্তা মণ্ডলীয়ে জানিবলৈ দিয়া অনুসৰি, প্ৰায় ১০ হাজাৰৰ পৰা ১৫ হাজাৰ ভক্তপ্ৰাণ লোকে প্ৰতিদিনে এই ৰাস মহোৎসৱস্থলীত উপস্থিত হোৱাৰ আশা প্ৰকাশ কৰিছে। উল্লেখ্য, ৰাস মহোৎসৱস্থলীত শ্ৰীকৃষ্ণৰ বাৎসল্য ৰূপৰ পৰা বিভিন্ন ৰূপ ৬০ টাকৈ স্থলত ৩০০ মৃণ্ময় মূৰ্তিৰ জৰিয়তে উপস্থাপন কৰিব।

গোসাঁইগাঁৱত নাও দুৰ্ঘটনাত সন্ধানহীন দুগৰাকী মহিলা, চাৰিগৰাকী গুৰুতৰভাৱে আহত

গোসাঁইগাঁও মহকুমাৰ গ্ৰাহামপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ১ নম্বৰ গৰুমাৰাচৰৰ সোণকোষ নদীত নাও দুৰ্ঘটনা। এই নাও দুৰ্ঘটনাত সন্ধানহীন হয় দুগৰাকী মহিলা আৰু গুৰুতৰভাৱে আহত হয় আন চাৰিগৰাকী।

আহত চাৰিওগৰাকীক স্থানীয় ৰাইজে উদ্ধাৰ কৰি পশ্চিমবংগৰ আলিপুৰ দুৱাৰ চিকিৎসালয়ত ভৰ্তি কৰায়। নাও দুৰ্ঘটনাত সন্ধানহীন হোৱা মহিলা দুগৰাকী ১ নম্বৰ গৰুমাৰাচৰৰ ৰহিম শ্বেখৰ কন্যা ৰমিছা খাতুন আৰু গোলাম হোছেইনৰ পত্নী ছাফিয়া বিবি বুলি জানিব পৰা গৈছে।

আনহাতে পশ্চিমবংগৰ আলিপুৰ দুৱাৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে গৰুমাৰাচৰ প্ৰথম খণ্ড গাঁৱৰ সুপোৰনা সাহা (১৩), তৃপ্তি সাহা(২২) আৰু পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাৰ মাজেৰডাবৰী গাঁৱৰ প্ৰসেনজিত সাহা (৩৫), সঞ্জিত সাহা(৩২)।

সোণকোষ নদীৰ বালিচৰৰ পৰা ৰন্ধাৰ কাৰণে খৰি লৈ যোৱাৰ সময়ত টুলুঙা নাওখন দুৰ্ঘটনাত পতিত হয়। ঘটনাস্থলীত গোসাঁইগাঁও মহকুমা আৰক্ষী, SDRF বাহিনী, দণ্ডাধীশ উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

ঈশান উদয় স্ক’লাৰশ্বিপ কেলেংকাৰিৰে জড়িত দুজন আৰক্ষীৰ জালত

ঈশান উদয় স্ক’লাৰশ্বিপ আৰু কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ মন্ত্ৰালয়ে সংখ্যালঘু সম্প্ৰদায়ৰ মেধাবী ছাত্ৰৰ বাবে আগবঢ়োৱা মেধা জলপানিৰ নামত ৰাজ্যত গঢ় লৈ উঠিছে বৃহৎ জালিয়াতি চক্ৰ ৷

বৰপেটা আৰক্ষীৰ বিশেষ অভিযানত আৰক্ষীৰ জালত পৰিল ঈশান উদয় বৃত্তি আৰু  কেলেংকাৰিৰ সৈতে জড়িত ২ অভিযুক্ত ৷ বৰপেটাত পুনৰ ছাত্ৰৰ স্ক’লাৰশ্বিপৰ নামত ভয়াৱহ কেলেংকাৰি ৷

এটা দুষ্ট চক্ৰই ৰাজ্যৰ একাংশ মহাবিদ্যালয়ৰ ভুৱা ছাত্ৰৰ নামত জালিয়াতিৰে উলিয়াই নিছে কোটি কোটি টকা ৷ ধৃত দুই অভিযুক্তৰ নাম জেহেৰুল ইছলাম আৰু হাবিবুৰ ৰহমান ৷
ধৃত দুই অভিযুক্তৰ ঘৰ বৰপেটাৰ জাহোৰপাম গাঁৱত ৷

বৰপেটা আৰক্ষীয়ে অনুসন্ধান চলাই গ্ৰেপ্তাৰ কৰে ছাত্ৰৰ স্কলাৰশ্বিপৰ ধন জালিয়াতিৰে উলিয়াই নিয়া দুই অভিযুক্তক ৷ বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ড০ প্ৰদীপ শইকীয়াই এখন সংবাদমেলযোগে এই কথা সদৰী কৰে সাংবাদিকক ৷

উল্লেখ্য যে উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৫ শতাংশ নম্বৰ লাভ কৰি উত্তীৰ্ণ হোৱা ছাত্ৰ–ছাত্ৰীসকলক বছৰেকত প্ৰদান কৰা হয় প্ৰায় ৬০ হাজাৰ টকাৰ স্ক’লাৰশ্বিপ ৷ একেদৰে কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ মন্ত্ৰালয়ে ৰাজ্যখনৰ সংখ্যালঘু সম্প্ৰদায়ৰ মেধাৱী ছাত্ৰ–ছাত্ৰীসকলক ৰাজ্যৰ বাহিৰৰ একাংশ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানত অধ্যয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়ায় মেধাভিত্তিক স্কলাৰশ্বিপ ৷

এই দুষ্ট চক্ৰটোৱে ৰাজ্যৰ একাংশ মহাবিদ্যালয়ৰ পাছৱৰ্ড আৰু অ’টিপি ব্যৱহাৰ কৰাৰ লগতে মহাবিদ্যালয়ৰ অধ্যক্ষৰ চহী জাল কৰি ভুৱা ছাত্ৰ–ছাত্ৰীৰ নামত সংঘটিত কৰি আহিছে ভয়াবহ কেলেংকাৰি ৷ উল্লেখ্য যে, ধৃত দুই অভিযুক্তই ২০১৮ চনৰ পৰাই বৰপেটা-বঙাইগাঁও কলেজ, জনপ্ৰিয় কলেজ, বাণিয়াৰাপাৰা, কয়াকুছি কলেজ, হৰেন্দ্ৰ-চিত্ৰা কলেজ আৰু অভয়াপুৰীৰ চি কে কলেজৰ একাংশ ভুৱা ছাত্ৰৰ নামত জালিয়াতিৰে উলিয়াই নিছে ঈশান উদয় স্কলাৰশ্বিপৰ কোটি কোটি টকা ৷

আনহাতে বাংগালুৰুৰৰ নাথগিৰি কলেজ, কৰ্ণাটকৰ মাদানি কলেজ, ইনষ্টিটিউট অৱ নাৰ্ছিং ছায়েঞ্চ অৱ কৰ্ণাটকত অধ্যয়ন কৰা দেখুৱাই মেধা জলপানিৰ ধনো উলিয়াই নিছে চক্ৰটোৱে ৷ বিগত  কেইবাবছৰ ধৰি ৰাজ্যখনত শিপাই পৰা চক্ৰটোক উৎখাত কৰি কঠোৰ শাস্তিৰ দাবী উত্থাপন হৈ আহিছে ৷

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বিধায়ক আৱাসত কৰ্তন বিজুলী সেৱা

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বিধায়ক আৱাসত কৰ্তন বিজুলী সেৱা। বাৰম্বাৰ বিধানসভাৰ সচিবালয়ে ন’টিছ দিয়াৰ পিছতো ঘৰ খালী নকৰাৰ বাবে কৰ্তন কৰা হয় বিজুলী সেৱা৷

বিজুলী সেৱাৰ লগতে আজিয়ে কৰ্তন কৰিব পানী যোগান সেৱাও। মহন্তৰ নামত নতুনকৈ আবণ্টন দিয়া হৈছে ৫ আৰু ৬ নং দুটা আৱাস৷ নতুনকৈ আবণ্টিত আৱাসলৈ স্থানান্তৰিত হোৱা নাই প্ৰাক্তন মুখ্যমন্ত্ৰী৷ উল্লেখ্য, ৫৪, ৫৮ আৰু ৬৩নং বিধায়ক আৱাসক একত্ৰিত কৰি

দিল্লীৰ জোতাৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত…

 দিল্লীত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে । মঙলবাৰে দিল্লীৰ নাৰেলা অঞ্চলৰ এটা কাৰখানাত অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হয়। বাতৰি অনুসৰি, দুৰ্ঘটনাটোত দুজন লোকৰ মৃত্যু হয়।

খবৰ পোৱাৰ লগে লগে ১০ খন অগ্নি নিৰ্বাপক গাড়ী ঘটনাস্থলীত আহি উপস্থিত হয়। ইতিমধ্যে বহুলোকক আঘাতপ্ৰাপ্ত অৱস্থাত উদ্ধাৰ কৰা হৈছে। তেওঁলোক সকলোকে ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

বাতৰি মতে, এটা জোতাৰ কাৰখানাত অগ্নিকাণ্ডৰ ঘটনাটো ঘটে। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। অগ্নি নিৰ্বাপক বিভাগৰ মতে এতিয়াও কাৰখানাটোত বহু লোক আৱদ্ধ হৈ আছে। উদ্ধাৰ অভিযান চলি আছে।

এতিয়ালৈকে তিনিজন লোকক উদ্ধাৰ কৰা হৈছে। দিল্লী আৰক্ষীয়ে কয় যে বহুলোক এতিয়াও আৱদ্ধ হৈ আছে। উদ্ধাৰ কৰা সকলৰ কোনো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা নাই। তেওঁলোক সকলোকে এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

শীতত ছালৰ যত্ন কেনেদৰে ল’ব লাগে জানো আহক…

ছালৰ পৰিচর্যা কৰাৰ আগতে আমি আমাৰ ছালৰ-ধৰণ জানি লোৱাটো অত্যন্ত জৰুৰী। আমাৰ শৰীৰৰ ছাল সাধাৰণতে চাৰি প্ৰকাৰৰ হয়। স্বাভাৱিক ছাল, তেলেতীয়া ছাল, শুকান ছাল আৰু মিশ্র ছিল। ছালৰ ধৰণ যিয়েই নহওক কিয়, ছাল ক্লিনজিং, টোনিং আৰু ময়শ্বাৰাইজিং কৰাটো একান্ত প্রয়োজন।

বজাৰত বিভিন্ন ধৰণৰ ক্লিনজাৰ, টোনাৰ আৰু ময়শ্বাৰাইজাৰ পোৱা যায়, কিন্তু আমি প্রকৃতিৰ পৰা পাব পৰা কিছুমান দ্রব্য ব্যৱহাৰ কৰি ছালখন সুস্থ, সবল আৰু উজ্জ্বল কৰি ৰাখিব পাৰো।

স্বাভাৱিক ছালৰ গৰাকীয়ে ক্লিনজাৰ হিচাপে কেঁচা গাখীৰ ব্যৱহাৰ কৰিব পাৰে। কপাহত কেঁচা গাখীৰ লগাই মুখখন পৰিষ্কাৰ কৰিব। টোনাৰ হিচাপে গোলাপজল আৰু ময়শ্বাৰাইজাৰ হিচাপে বিশুদ্ধ মৌজোল ব্যৱহাৰ কৰিব পাৰে। স্বাভাৱিক ছালৰ গৰাকীয়ে লেপন হিচাপে দুচামুচ কণীৰ হালধীয়া অংশ, এচামুচ চন্দন পাউডাৰ আপেলৰ ৰসেৰে মিহলাই এটা লেপন তৈয়াৰ কৰি ২০ মিনিটমানৰ বাবে লগালে ছাল উজ্জ্বল হ’ব।

স্বাভাৱিক ছালৰ গৰাকীয়ে এইখিনি পৰিচৰ্যা কৰিলেই শীতকালত হ’ব পৰা সমস্যাৰ পৰিত্ৰাণ পাব পাৰিব। আমি সকলোৱে জানো যে তেলেতীয়া ছালৰ গৰাকীৰ ছালৰ পৰা ছিবাম বেছিকৈ নিৰ্গত হয়। ছিবাম হ’ল ছালৰ তৈলগ্রন্থিৰ পৰা নিৰ্গত হোৱা এবিধ তেল। গ্রীষ্মকালত তেলেতীয়া ছালৰ গৰাকীৰ তৈলগ্রন্থিৰ পৰা ছিবাম বেছিকৈ নিৰ্গত হয়, কিন্তু শীতকালত ইয়াৰ পৰিমাণ কমি যায়। শীতত ছিবাম কমকৈ নিৰ্গত হোৱাৰ কাৰণে তেলেতীয়া ছালৰ গৰাকীৰ ছালো শুকান হৈ পৰা দেখা যায়।

তেলেতীয়া ছালৰ গৰাকীয়ে ছালখন পৰিষ্কাৰ কৰি ৰাখিবলৈ তিয়ঁহৰ ৰস ব্যৱহাৰ কৰিব পাৰে। টোনাৰ হিচাপে পদিনা পাতৰ ৰস আৰু ময়শ্বাৰাইজাৰ হিচাপে মৌজোলৰ লগত সামান্য নিমপাতৰ ৰস মিহলাই লগালে শীতকালত ছাল উজ্জ্বল আৰু সমস্যাবিহীন হৈ থাকিব। তেলেতীয়া ছালৰ গৰাকীয়ে এচামুচ মুলতানী মাটিৰ লগত এচামুচ কণীৰ বগা অংশ তিয়হৰ ৰসৰ লগত মিহলাই লেপন তৈয়াৰ কৰি লগালে উপকৃত হ’ব।

ধনিয়া পাতৰ স্বাস্থ্যৰ উপকাৰিতা সমূহ জানো আহক…

ধনিয়াৰ স্বাস্থ্য উপকাৰিতা –

  • ধনিয়াৰ ভোক বৃদ্ধি কৰাৰ গুণ আছে। ই পাচক ৰসৰ উৎপাদন বৃদ্ধি কৰে।
  • ধনিয়াৰ বেক্টেৰিয়া ধ্বংস কৰাৰ গুণ আছে। ইয়াৰ পাত ভেঁকুৰ নাশকৰূপে ব্যৱহাৰ কৰিব পাৰি। ধনিয়াৰ গুটি সেৱন কৰিলে শৰীৰৰ কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস পায়।

  • ধনিয়াৰ বিষ-যন্ত্ৰণা নিৰাময় কৰাৰ গুণো আছে। সেয়ে ধনিয়া খালে মূৰৰ বিষ, মাংসপেশীৰ বিষ কমে। লগতে শৰীৰৰ যিকোনো অংগৰ জঠৰতা আৰু সন্ধিৰ বিষ কমায়।
  • ধনিয়াৰ পাত এবিধ শক্তিশালী প্ৰাকৃতিক ‘ক্লিনজিং’ দ্ৰব্য। সেয়ে ইয়াৰ পাত শৰীৰৰ পৰা গধুৰ ধাতু আৰু বিষাক্ত উপাদান নিষ্কাশন কৰাৰ বাবে ব্যৱহাৰ কৰা হয়।

  • আলঝেইমাৰ ৰোগ নিৰাময়তো ধনিয়া পাত ব্যৱহাৰ কৰা হয়। ধনিয়াৰ পাতে এই ৰোগত মস্তিষ্কৰ নিউৰণ ধ্বংস হোৱা প্ৰক্ৰিয়া বাধা দিব পাৰে।
  • ধনিয়াৰ পাতে বমিৰ ভাব আৰু বমি বন্ধ কৰাত সহায় কৰে।

ধনিয়াৰ ব্যৱহাৰ –

  • ধনিয়া দিয়া খাদ্যই সতেজতা আৰু খাবলৈ মন যোৱা এক সুগন্ধি আনি দিয়ে।
  • ধনিয়াৰ পাত বটি তাৰ ৰস উলিয়াই সেৱন কৰিব পাৰি। তাৰোপৰি তাৰ পাত শুকুৱাই ঔষধীয় চাহ প্ৰস্তুত কৰিও খাব পাৰি। ইয়াৰ পাত যেনেকৈয়ে নেখাওক কিয়, ইয়াৰ দৰকাৰী পুষ্টি আৰু ঔষধীয় উপাদানৰ কোনো হীন-ডেঢ়ি নহয়।

  • ধনিয়াৰ গুটি এক উৎকৃষ্ট মছলাৰূপে ব্যৱহাৰ কৰা হয়। শুকান ধনিয়াৰ গুটি সামান্যভাৱে শুকানকৈ ভাজি লৈ মিহিকৈ গুড়ি কৰি লোৱা হয়। এই গুড়ি যিকোনো ব্যঞ্জনত মছলাৰূপে ব্যৱহাৰ কৰা হয়।

ধনিয়াৰ গুড়ি শুকানকৈ ভজাৰ ফলত এক প্ৰকাৰৰ বিশেষ সুগন্ধি যৌগ মুকলি হয় আৰু লগতে সুগন্ধি তেল ওলায়।

একালৰ এগৰাকী বিদ্ৰোহী নেতা, এ পি এলৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা বিশিষ্ট নাট্যকাৰ অৰ্পন বেজবৰুৱা বৰ্তমান জটিল ৰোগত আক্ৰন্ত হৈ তেজপুৰ ই এম এম হস্পিতালত চিকিৎসাধীন…

একালৰ এগৰাকী বিদ্ৰোহী নেতা । যি গৰাকী নেতাই আলফাৰ আদিপাঠ দিছিল । এবাৰ নহয় দুবাৰ নহৈ পোন্ধৰ বাৰকৈ আলোচনাত মিলিত হৈছিল । এ পি এলৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা বিশিষ্ট নাট্যকাৰ অৰ্পন বেজবৰুৱা বৰ্তমান জটিল ৰোগত আক্ৰন্ত তেজপুৰ ই এম এম হস্পিতালত চিকিৎসাধীন হৈ আছে ।

অসমৰ স্বাধীনৰ দাবীত আলফাৰ প্ৰতিষ্ঠা হোৱাৰ পুৰ্বে তেজপুৰৰ ডিপোটাত প্ৰতিষ্ঠা হোৱা এ পি এলৰ অধ্যক্ষ অৰ্পন বেজবৰুৱাৰ সকলোৱে আশু আৰোগ্য কামনা কৰিছে ।

উল্লেখ্যযে এসময়ৰ অসমৰ বিপ্লৱী নেতা ,বিপ্লৱী জীৱন ত্যাগ কৰি , নাট্যকাৰ, নাট্য বিভূষণ, সাংস্কৃতিক কৰ্মী, অসমীয়া সাংস্কৃতিক সমাজৰ সভাপতি, নিজৰ ঘৰৰ চোতালত মঞ্চ সাজি নতুন প্ৰজন্মক অভিনয়ৰ শিক্ষা দি অভিনয় কৰিবলৈ শিকোৱা অৰ্পণ বেজবৰুৱা জতিল ৰোগত আক্ৰান্ত হৈ ই এম এম হস্পিতালত চিকিৎসাধীন, শিল্পী গৰাকীৰ আশু আৰোগ্য কামনা কৰিছে বহুজনে ।

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ অভিযানত পুনৰ নিহত চাৰি সন্ত্ৰাসবাদী…

সন্ত্ৰাসমুক্ত জম্মু-কাশ্মীৰৰ লক্ষ্যৰে নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে চলাই থকা অভিযানৰ মাজতে মঙলবাৰে পৃথক পৃথক অভিযানত জম্মু-কাশ্মীৰদক্ষিণ কাশ্মীৰত চাৰি সন্ত্ৰাসবাদী নিহত হয়।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে দক্ষিণ কাশ্মীৰৰ অৱন্তীপোৰা অঞ্চলত নিৰাপত্তাৰক্ষীৰ অভিযানৰ সময়ত তিনি সন্ত্ৰাসবাদী নিহত হোৱাৰ বিপৰীতে বিজবেহাৰা অঞ্চলত আন এগৰাকী সন্ত্ৰাসবাদী নিহত হয়।

আৰক্ষীয়ে লগতে উল্লেখ কৰা অনুসৰি অৱন্তীপোৰাত নিহত তিনি সন্ত্ৰাসবাদীৰে এগৰাকী অঞ্চলটোত নিৰাপত্তাৰক্ষীৰ ওপৰত আক্ৰমণকে ধৰি একাধিক কুটাঘাটমূলক কাৰ্যকলাপত জড়িত আছিল।কাশ্মীৰৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (এডিজিপি) বিজয় কুমাৰে এক বিবৃতিত জানিবলৈ দিয়া মতে নিহত তিনি সন্ত্ৰাসবাদীৰ ভিতৰত লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ মুখতাৰ ভাটো আছে।

সূত্ৰঅনুসৰি, ভাটে বিদেশী সন্ত্ৰাসবাদীৰ সৈতে লগ হৈ নিৰাপত্তা বাহিনীৰ শিবিৰত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল। অভিযানৰ সময়ত এটা একে-৭৪ ৰাইফল, এটা একে-৫৬ ৰাইফল আৰু ১ টা পিষ্টল উদ্ধাৰ কৰা হৈছে বুলি বিজয় কুমাৰে লগতে সদৰী কৰে।

নিৰাপত্তা বাহিনীৰ বাবে এই অভিযানক “এক বৃহৎ সফলতা” বুলি অভিহিত কৰি কুমাৰে লগতে কয়, “আমাৰ সূত্ৰ অনুসৰি, নিহত এগৰাকী বিদেশী সন্ত্ৰাসবাদী আৰু এলইটিৰ স্থানীয় সন্ত্ৰাসবাদী মুখতাৰ ভাট চিআৰপিএফৰ এগৰাকী এএছআই আৰু দুগৰাকী আৰপিএফ জোৱানক হত্যাকে ধৰি কেইবাটাও সন্ত্ৰাসবাদী অপৰাধত জড়িত আছিল।”

উল্লেখ্য যে শেহতীয়াকৈ কাশ্মীৰত ইউৰোপৰ পৰা নিয়ন্ত্ৰিত এক সন্ত্ৰাসবাদী চক্ৰ উৎখাত কৰিছিল নিৰাপত্তাৰক্ষীয়ে। এই চক্ৰটোৰ দুগৰাকী সদস্যও নিৰাপত্তাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।