Home Blog Page 2027

তিনিদিন ধৰি নিৰুদ্দেশ বিজুলী স্বৰ্গীয়াৰী! স্বামীৰ কাতৰ আহ্বান — ‘দেহা য’তে আছা সোনকালে ঘুৰি আহা’

তামুলপুৰ জিলা সদৰৰ অন্তৰ্গত চাৰাংবাৰী গাঁৱৰ নৱৰত্ন বায়নৰ পত্নী বিজুলী স্বৰ্গীয়াৰী (২৭) যোৱা ১৭ অক্টোবৰৰ পৰা নিৰুদ্দেশ হৈ আছে । স্বামী নৱৰত্ন বায়নে জনোৱা মতে ওচৰৰ বিজুলী স্বৰ্গীয়াৰীয়ে ওচৰৰে এগৰাকী মহিলাক হাউলিলৈ যাব বুলি কৈ দুই বছৰীয়া পুত্ৰ সন্তানক এৰি থৈ যায়। পিছত বিজুলী স্বৰ্গীয়াৰীয়ে সন্ধিয়ালৈ ঘৰলৈ উভতি নোহোৱাত পৰিয়ালৰ মাজত হাহাকাৰ লাগে। নৱৰত্ন বায়নে বিভিন্ন ঠাইত বিচাৰ খোৱাৰ কৰে যদিও আজি পৰ্যন্ত বিজুলী স্বৰ্গীয়াৰীৰ কোনো সম্ভেদ লাভ কৰা নাই। ইতিমধ্যে নৱৰত্ন বায়নে তামুলপুৰ আৰক্ষী থানাৰ এখন এজাহাৰ দাখিল কৰিছে। উল্লেখ্য যে তামুলপুৰ থানাৰ অন্তৰ্গত শালমাৰা গাঁওৰ সোণাৰাম বড়োৰ জীয়ৰী ৰুমী বড়োও একেদিনাই একে সময়তে নিৰুদ্দেশ হয়।

বিজুলী স্বৰ্গীয়াৰীৰ সতে ৰুমীৰ আছিল এক মধুৰ সম্পৰ্ক । পৰিয়ালৰ লোকৰ সন্দেহ ৰুমী বড়োৰ লগতে বিজুলী স্বৰ্গীয়াৰীও কৰবাত আত্মগোপন কৰি আছে। যদি কোনো লোকে বিজুলী স্বৰ্গীয়াৰীৰ সন্দেহ পায় তেনেহলে তামুলপুৰ আৰক্ষী থানাত বা ৬০০২৭৮৭৭৮৯ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।

তামুলপুৰৰ পৰা প্ৰসাদ প্ৰতিবেদন

মানকাচৰৰ কাকৰীপাৰা ৰাজ্যিক চিকিৎসালয়ত বিধায়ক পুজিৰ এম্বুলেন্স সেৱা মুকলি

মানকাচৰৰ কাকৰীপাৰা ৰাজ্যিক চিকিৎসালয়ত বিধায়ক পুজিৰ এম্বুলেন্স সেৱা মুকলি।দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানা এলাকাৰ সীমান্তৱৰ্তী কাকৰীপাৰাত ৰাইজৰ স্বাস্থ্য সেৱাৰ বাবে বিধায়ক আমিনুল ইছলামে নিজৰ বিধায়ক পুজিৰ পৰা এখন এম্বুলেন্স বিতৰণ কৰি আজি ৰাইজৰ উপস্থিতিত মুকলি কৰে।

বহুদিনৰ মূৰত এনে পিছপৰা অঞ্চলত এম্বুলেন্স সেৱা পুনৰ পায় ৰাইজে বিধায়কক ধন্যবাদ জনায় ।

মানকাচৰৰ পৰা আশিক ইকবাল হোচেইনৰ প্ৰতিবেদন

গুৰৰ বিশেষ ঔষধি গুণসমূহ জানো আহক…

Organic Gur or Jggery Powder is unrefined sugar obtained from concentrated sugarcane juice. served in a bowl. selective focus

অসমীয়া সমাজত খাদ্যসামগ্ৰী হিচাপে গুড় প্ৰয়োগৰ এক পুৰণি পৰম্পৰা আছে । চেনিৰ বিকল্প হিচাপে চাহৰ উপৰিও বিভিন্ন ধৰণৰ জা-জলপান,পিঠা-পনা আদিত ইয়াৰ প্ৰয়োগ ঘটাই খাদ্যসামগ্ৰীৰ সোৱাদ বৃদ্ধি কৰা হয় । সাধাৰণতে গ্ৰামাঞ্চলত গুড়ৰ প্ৰয়োগ বেছি হয়,যদিও আজিকালি স্বাস্থ্যবৰ্ধক গুণাগুণেৰে সমৃদ্ধ হোৱাৰ বাবে চহৰাঞ্চলৰ লোকেও খাদ্য হিচাপে গুড়ৰ ওপৰত বিশেষ গুৰুত্ব দিয়া দেখা গৈছে।

গুড়ৰ বিশেষ গুণাগুণ :
¤ গুড় কুঁহিয়াৰৰ পৰা প্ৰাকৃতিকভাৱে তৈয়াৰ কৰা হয় আৰু ইয়াৰ প্ৰস্তুতকৰণ প্ৰণালীত কোনো ধৰণৰ ৰাসায়নিক পদাৰ্থৰ প্ৰয়োগ নঘটে, যাৰ দ্বাৰা ই নিজৰ মূল গুণ নেহেৰুৱায় আৰু খনিজ লৱণৰ দৰে পোষক পদাৰ্থৰে সংযুক্ত হৈ থাকে । অৱশ্যে গুড়ৰ ৰং চাফা কৰাৰ সময়ত ছালফাৰ আদি ৰাসায়নিক পদাৰ্থৰ প্ৰয়োগ ঘটিবও পাৰে । সেয়ে গুড় ক্ৰয় কৰাৰ সময়ত ইয়াৰ বিশুদ্ধতাৰ ওপৰত লক্ষ্য ৰখা উচিত । দেশীয়ভাৱে প্ৰস্তুত কৰা বিশুদ্ধ গুড় অলপ ডাঠ ৰঙৰ হয় ।
¤ গুড়ত চুক্ৰজ আৰু গ্লুকজ পোৱা যায়,যি শৰীৰ সঞ্চালিত কৰিবলৈ আৱশ্যকীয় খনিজ পদাৰ্থ তথা খাদ্যপ্ৰাণৰ এক ভাল উৎস । চেলেনিয়ামৰ লগতে এণ্টি অক্সিডেণ্ট হিচাপেও গুড়ৰ এক বিশেষ ভূমিকা আছে ।
¤ গুড়ত মেগনেছিয়াম যথেষ্ট পৰিমাণে পোৱা যায়,যি শৰীৰৰ মাংসপেশী,স্নায়ুআৰু ৰক্তবাহিকাবিলাকৰ অৱসাদ দূৰ কৰে ।


¤ নিয়মীয়া আহাৰ গ্ৰহণ কৰাৰ পাছত অকণমান গুড় খাব পাৰিলে শৰীৰৰ পাচন প্ৰক্ৰিয়া সুগম হৈ পৰে ।
¤ ৰক্তহীনতা ৰোগত ভুক্তভোগী ব্যক্তিসকলৰ বাবে গুড় বিশেষভাৱে উপকাৰী । ই শৰীৰত কমি যোৱা হিমগ্লবিমৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে ।
¤ গুড়ে কাহ, হাপানী, অজীৰ্ণ, মাইগ্ৰেন তথা ইয়াৰ দৰে অনেক স্বাস্থ্যজনিত সমস্যাৰ লগত যুঁজিবলৈ সহায় কৰে । শাৰীৰিক দূৰ্বলতাৰ সময়ত ই সোনকালে শক্তি প্ৰদান কৰে ।
¤ উপৰোক্ত গুণাগুণসমূহৰ উপৰিও গুড়ে উচ্চ বায়ু প্ৰদূষণযুক্ত এলেকাত থকা ব্যক্তিসকলক এনে প্ৰদূষণৰ দ্বাৰা হব পৰা স্বাস্থ্যজনিত সমস্যাৰ লগত যুঁজিবলৈ শক্তি প্ৰদান কৰে । এনেস্থলত গুড়ক খাদ্যসামগ্ৰীতকৈএক বহোপযোগী ঔষধৰ স্থানহে দিব পাৰি ।

ঠাণ্ডাৰ দিনত আমাৰ দেহত বিষসমূহ বাঢ়ি অহাৰ মূল কাৰণ সমূহ জানো আহক…

জাৰৰ দিন সঁচাকৈয়ে মধুৰ । জাৰৰ দিনৰ জুইকুৰা , পুৱাৰ মিঠা মিঠা ৰ’দকন , গা ধোঁওতে পানীৰ প্ৰথম স্পৰ্শত জিকাৰ খাই উঠা , এই আটাইবোৰেই মধুৰ । কিন্তু সকলোৰে কাৰণে যেন মধুৰ নহয় এই জাৰৰ দিনবোৰ ! শুকান হৈ পৰা ছাল , ফটা ওঁঠ , গোৰোহা আৰু বাঢ়ি অহা বিষ ইত্যাদি সমস্যাই জুৰুলা কৰে বহুতকে ।

প্ৰায়ে আমি দেখোঁ শীতৰ এই দিনবোৰত আমাৰ শৰীৰক অতদিনে জুৰুলা কৰি থকা বিষ সমূহ বাঢ়ি যায় । সাধাৰণতে বয়স্ক লোক আৰু বিশেষকৈ মহিলাসকলৰ ক্ষেত্ৰত এই সমস্যা বেছি গুৰুতৰ হোৱা দেখা যায় । শীতৰ লগতে বাঢ়ি অহা বিষে প্ৰায়ে জাৰৰ এইদিনকেইটা অসহ্যকৰ কৰি তোলে । কিন্তু আমি অলপ সাৱধানতা অৱলম্বন কৰি জাৰৰ দিনৰ এই সমস্যাৰ পৰা কিছু সকাহ পাব পাৰোঁ । তাৰেই কিছু কথা তলত থুলমুলকৈ দাঙি ধৰিবলৈ প্ৰয়াস কৰিলোঁ…


ঠাণ্ডাৰ দিনত আমাৰ বিষসমূহ বাঢ়ি অহাৰ মূল কাৰণ:-

হৈছে জাৰৰ দিনকেইটাত আমাৰ শৰীৰৰ চলন ( movement) ৰ পৰিমাণ কমি অহা । চলাচল আৰু কাম কমি অহাৰ লগে লগে আমাৰ মাংসপেশী সমূহ তুলনামূলক ভাৱে দূৰ্বল , টান আৰু জঠৰ হৈ পৰে ইয়ে বিষ বৃদ্ধি কৰে ।
আন এটা মুখ্য কাৰণ হৈছে জাৰৰ দিনত আমাৰ শৰীৰৰ ভংগীমা ( Posture) । ঠাণ্ডাৰ দিনত আমি সাধাৰনতে শৰীৰটো সংকুচিত কৰি ৰাখোঁ (sedentary poature )। ই আমাৰ দেহৰ উত্তাপ বজাই ৰখাত সহায় কৰে ঠিকেই কিন্তু দীঘলীয়া সময়ৰ কাৰনে বৰ্তি থকা মাংসপেশী আৰু গাঁঠিৰ এনে সংকোচনে বিষ বৃদ্ধি কৰে ।


জাৰৰ দিনত আমি পানী কমকৈ খাওঁ যাৰ ফলত আমাৰ শৰীৰত ডি- হাইড্ৰেচন ( Dehydration ) হ’ব পাৰে । আৰু ই আমাৰ শৰীৰৰ আৱৰ্জনা সমূহ বৰ্জন কৰাত বাধা দিয়াৰ লগতে আমাৰ শৰীৰটোও জঠৰ কৰি তোলে ।
বাঢ়ি অহা বিষৰ কাৰণৰ বিষয়ে আমি থুলমুলকৈ জানিলোঁ । গতিকে কিছু সাৱধানতা অৱলম্বন কৰি আমি বহু পৰিমানে এই বিষৰ পৰা সকাহ পাব পাৰোঁ ।

কেইটামান সাৱধানতা হ’ল —


১) গৰম কাপোৰেৰে নিজকে ভালকৈ আৱৰি ৰাখক । যিমানেই আপুনি ঠাণ্ডাৰ পৰা বাচি থাকিব সিমানেই আপোনাৰ চলাচল ( movement )বাঢ়িব আৰু ইয়ে আপোনাৰ দেহত ৰক্ত সঞ্চালন নিয়মীয়া কৰি ৰাখিব। দেহত তেজৰ সঞ্চালনে বিষ নিৰাময়ত সহায় কৰে ।
২) পৰ্যাপ্ত পৰিমানে পানী খাওক । ই আপোনাক ডি-হাইড্ৰেচনৰ পৰা সকাহ দিব । লগতে বিষৰ কাৰক শৰীৰৰ আৱৰ্জনা সমূহ দেহৰ পৰা বাহিৰ হোৱাত সহায় কৰিব।
৩) নিয়মীয়াকৈ ব্যায়াম কৰক । যদি ঠাণ্ডাৰ কাৰণে ব্যায়াম কৰাত অসুবিধা হয় তেনেহ’লে দিনটোৰ যিটো সময়ত উষ্ণতা অলপ বেছি থাকে সেই সময়ত আপুনি ব্যায়াম কৰিব পাৰে ।


৪) ভৰিত মোজা , ডিঙি আৰু হাত ভালদৰে আৱৰি ৰাখিব , ই আপোনাৰ দেহৰ উত্তাপ বাহিৰ হোৱাৰ পৰা ৰক্ষা কৰিব ।
৫) গৰম পানীৰ বেগ ( Hot Water Bag ) ঠাণ্ডাৰ দিনত হোৱা বিষৰ কাৰনে বহু উপযোগী । কিন্তু কিছুমান লোকৰ ক্ষেত্ৰত গৰম পানীৰ বেগে ছালখন ৰুক্ষ কৰি তোলা দেখা যায় । তেনে লোকে বেগৰ সলনি টাৱেল এখন সহ্য কৰিব পৰা গৰম পানীত তিয়াই ভালকৈ চেপি লৈ গৰম পানীৰ বেগৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰে ।
৬) সদায় যিমান পাৰে শৰীৰতো পোন কৰি ৰাখিবলৈ ( good posture )চেষ্টা কৰিব । ই আপোনাৰ মাংসপেশী সমূহ সংকুচিত হোৱাত বাধা দিব । সংকুচিত মাংসপেশী বিষৰ অন্যতম কাৰণ ।
এই সাধাৰণ আৰু অতি সহজ কামখিনি কৰি বিষৰ পৰা সকাহ পোৱাৰ লগতে যাতে জাৰৰ দিনকেইটা সুন্দৰকৈ উপভোগ কৰিব পাৰে তাৰেই কামনা কৰিলোঁ 

নোৰা ফাতেহীৰ পুৰণি ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত অনুৰাগীসকল কিয় আচৰিত হ’ল…

নোৰা ফাতেহী বৰ্তমান বহুতৰে ক্ৰাছ । সামাজিক মাধ্যমত বহুতে তেওঁক‌ ফ্ল কৰে ।

ইনষ্টাগ্ৰাম ফেচবুকত লাখ লাখ অনুৰাগী।

কিন্তু হঠাৎ নোৰা ফাতেহীৰ পুৰণি ফটো সমূহ ভাইৰেল হোৱাত সকলোৱে আচৰিত হৈ গ’ল ।


বহুতে কমেণ্ট কৰিলে এই গৰাকী মোৰ ক্ৰাছ হ’ব নোৱাৰে । ইমান ক্ষীণ ।

অলপো মিল নাই বৰ্তমানৰ নোৰাৰ চেহেৰাৰ লগত ।

বন বিভাগৰ অভিযানত গ্ৰেপ্তাৰ ৩ চোৰাং চিকাৰী, জব্দ মৃত হৰিণা পহুসহ জাল-জোং

বন বিভাগৰ অভিযানত গ্ৰেপ্তাৰ ৩ দুৰ্ধৰ্ষ চোৰাং চিকাৰী।ৰায়মনাত গ্ৰেপ্তাৰ ৩ চোৰাং চিকাৰী।কোকৰাঝাৰ জিলাৰ গোসাঁই গাঁও মহকুমাৰ ভূটান সীমান্ত এলেকাৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানত বন্যপ্রাণী চিকাৰ কৰি থকা অৱস্থাতে বন সুৰক্ষা বাহিনীয়ে তিনিজন চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয়।অভিযানকাৰী দলটোৱে চোৰাং চিকাৰীৰ পৰা এটি মৃত হৰিণা পহুসহ চিকাৰীয়ে ব্যৱহাৰ কৰা ৭খন জাল আৰু জোং জব্দ কৰিছে।কচুগাঁও বনাঞ্চলৰ ছয় নম্বৰ ৰাইটত চোৰাং চিকাৰীৰ এটা বৃহৎ দলে বন্যপ্রাণী চিকাৰ কৰি থকা অৱস্থাত বন বিভাগে অভিযান চলাই তিনিজনক আটক কৰিবলৈ সক্ষম হয়।ধৃত তিনিজন হৈছে- কুসুমবিল গাঁৱৰ বাসিন্দা জীৱন টুডু, গুনুবি সৰেণ আৰু বল্লমঝোৰা গাঁৱৰ ইথোয়া বেক।ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ এটি বৃহৎ দলে প্ৰৱেশ কৰা বুলি পোৱা গোপন তথ্যৰ ভিত্তিত বন অভিযান চলাই তিনিজন চোৰাং চিকাৰীক আটক কৰে যদিও বাকীসকলে পলাই যাবলৈ সক্ষম হয়।সম্প্রতি পলাতক চোৰাং চিকাৰীসকলৰ বিৰুদ্ধে বন বিভাগৰ অভিযান অব্যাহত আছে।

‘মই জেনুইন(Genuine) মানুহ’-ভিক্টৰ দাস! চতুৰ্থ বৰ্গৰ পৰীক্ষাত ভিক্টৰ দাসৰ ইনষ্টিটিউটৰ পৰা এহেজাৰতকৈও অধিক পৰীক্ষাৰ্থী উত্তীৰ্ণ

বহু প্ৰতিক্ষাৰ অন্ত পেলাই অৱশেষত ঘোষণা কৰা হ’ল ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা। পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতে পুনৰ চৰ্চালৈ আহিছে ভিক্টৰ দাস।

চতুৰ্থ বৰ্গৰ পৰীক্ষাত ভিক্টৰ দাসৰ ইনষ্টিটিউটৰ পৰা এহেজাৰতকৈও অধিক পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। যাক এতিয়া আনন্দ অনুভৱ কৰিছে ভিক্টৰ দাসে। মঙলবাৰে নিশা কামৰূপৰ দদৰাৰ বাসগৃহত উপস্থিত হৈ এই সন্দৰ্ভত সাংবাদিকৰ সন্মুখত ভিক্টৰে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। ভিক্টৰ দাসে ক’লে, ‘মই জেনুইন মানুহ, মই ভাগৰা নাই।

উল্লেখ্য যে, ২৬ হাজাৰ পদৰ বাবে অনুষ্ঠিত হোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ নামত ধনৰ লেনদেন হোৱাৰ অভিযোগ তুলি গ্ৰেপ্তাৰ হৈছিল ভিক্টৰ দাস। অৱশ্যে পিছত জামিনত মুক্তি পাইছিল ভিক্টৰ দাসে। জামিন মুক্তিলাভ কৰাৰ পিছতে ভিক্টৰে পুনৰ আৰম্ভ কৰিছে ছাত্ৰ–ছাত্ৰীক পাঠদানৰ কাম।

ঘােচ লৈ গ্ৰেপ্তাৰ ডিব্ৰুগড় জিলাৰ ডিটিঅ’ কাৰ্যালয়ৰ মহিলা কৰ্মচাৰী আৰু মধ্যভােগী

কােকৰাঝাৰৰ ডিটিঅ’ সােমেশ্বৰ ব্ৰহ্ম মুছাহাৰীৰ গ্ৰেপ্তাৰৰ ঘটনাই পৰিবহন বিভাগৰ ভিতৰচ’ৰাত তীব্ৰ খলকনিৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ ডিব্ৰুগড় জিলাৰ পৰিবহন বিষয়াৰ কাৰ্যালয়ত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

নিম্ন বৰ্গৰ সহায়িকা দীতিমনি গগৈ।

এগৰাকী গাড়ীৰ মালিকৰ পৰা পথ কৰ অফলাইনত পৰিশোধ কৰাত সহায় কৰাৰ বিনিময়ত উৎকােচ লৈ ভিজিলেন্সৰ হাতত ধৰা পৰিল এজন দালালসহ ডিটিঅ’ কাৰ্যালয়ৰ নিম্ন বৰ্গৰ সহায়ক। ধৃত দালাজনৰ নাম পংকজ গগৈ আৰু নিম্ন বৰ্গৰ সহায়িকা গৰাকীৰ হৈছে দীতিমনি গগৈ।

ধৃত দালাজনৰ নাম পংকজ গগৈ

এই কথা টুইট কৰি প্ৰকাশ কৰিছে ভিজিলেন্সৰ মুৰব্বী, অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জিপি সিঙে। সম্প্ৰতি ডিব্ৰুগড় জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ চৌহদতে ধৃত দুয়ােজনকে জেৰা চলাইছে ভিজিলেন্সৰ অভিযানকাৰী দলে।

মহানগৰীৰ বিদ্যালয়ত অঘটন! প্ৰাৰ্থনা সভাৰ মাজতে ঢলি পৰিল তৃতীয় শ্ৰেণীৰ ছাত্ৰী; তাৰ পাছত মৃত্যু 

মহানগৰীৰ বিদ্যালয়ত পুনৰ অঘটন। প্ৰাৰ্থনা সভাৰ মাজতে ঢলি পৰি এগৰাকী ছাত্ৰীৰ মৃত্যু। নাৰেঙ্গীৰ বিদ্যমন্দিৰ স্কুলৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু। মৃত ছাত্ৰীগৰাকী গীতা মন্দিৰৰ তৃষা আৰ. কলিতা বুলি জানিব পৰ গৈছে। বিদ্যালয়ৰ প্ৰাৰ্থনা সভাৰ মাজতে ঢলি পৰি অচেতন হৈ পৰিছিল ছাত্ৰী গৰাকী। লগে লগে ছাত্ৰী গৰাকীক সমীপৱৰ্তী ইজী হাস্পতাললৈ হােমলৈ নিয়া হয় যদিও শিশু আইচিইউ নথকা বাবে প্ৰতীক্ষা হাস্পতাললৈ লৈ যোৱা হয়। কিন্তু দুৰ্ভাগ্যজনকভাৱে চিকিৎসকে ছাত্ৰীগৰাকীৰ মৃত বুলি ঘােষণা কৰে।

উল্লেখ্য যে কিছুদিন পূৰ্বেও মহানগৰীৰ ছাত্ৰীবাৰী স্থিত এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অনুৰূপ ধৰণে এগৰাকী ছাত্ৰীয়ে মৃত্যুবৰণ কৰিছিল।

কি হৈছে মাজুলীত! তেজস্বিতাৰ পাছত এইবাৰ আদিত্য, হাস্পতাল একেখনেই

পুনৰ বিতৰ্কত মাজুলীৰ পীতাম্বৰ দেৱগোস্বামী জিলা অসামৰিক চিকিৎসালয় (Majuli civil hospital controversy)। তেজস্বিতাৰ মৃত্যুৰ (Tejaswita death controversy) পাছত এইবাৰ আন এগৰাকী ৩৫ বছৰীয়া লোকৰ মৃত্যুক লৈ উত্তাল মাজুলী । হাস্পতালখনত চিকিৎসাধীন অৱস্থাত মৃত্যু আদিত্য পায়েং নামৰ লোকজনৰ (Aditya Payeng dead case)। তেওঁৰ মৃত্যুৰ লগে লগে বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । শোকত ভাগি পৰিছে লোকজনৰ পৰিয়াল তথা আত্মীয় । জানিব পৰা মতে হঠাৎ সামান্য বুকুখন বিষাইছে বুলি কোৱাত গড়মূৰৰ পীতাম্বৰ দেৱগোস্বামী জিলা চিকিৎসালয় অনা হৈছিল কাৰ্কিচুকৰ আদিত্যক । কিন্তু চিকিৎসালয়তে মৃত্যু হয় আদিত্যৰ । আদিত্যৰ পৰিয়ালৰ অভিযোগ অনুসৰি উপযুক্ত চিকিৎসা নোপোৱাৰ বাবেই মৃত্যু হৈছে আদিত্যৰ (One dead due to negligence of hospital authorities)। ইফালে তেজস্বিতাৰ পাছত পুনৰ হাস্পতালখনত এনেদৰে লোকজনে অকাল মৃত্যুক সাৱটিব লগীয়া হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । বহুতে হাস্পতাল কৰ্তৃপক্ষ আৰু চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ।