Home Blog Page 2049

জৰাজীৰ্ণ ঐতিহাসিক নগা আলি পুনৰ নিৰ্মাণৰ দাবী : লোক নিৰ্মাণ বিভাগৰ ভূমিকাক ধিক্কাৰ

বৰ্তমানৰ চৰকাৰে সৰ্ব সমষ্টিতে সম ব্যৱস্থাৰে ৰাজ্যখনৰ বাট – পথ পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত অভিলেষ সৃষ্টি কৰা বুলি জয়ঢোল কোবাই আহিছে যদিও বিৰোধী দলৰ বিধায়ক থকা সমষ্টি সমূহত প্ৰকৃততে ইয়াৰ এখন বিপৰীত ছবিহে পৰিস্ফুট হৈছে । অসম বিধান সভাৰ বিৰোধী দলপতি গৰাকীৰ গৃহ সমষ্টি নাজিৰাৰ বিভিন্ন বাট – পথৰ জৰাজীৰ্ণ অৱস্থাই ইয়াৰ জ্বলন্ত উদাহৰণ । উল্লেখ্য যে , নাজিৰা নগৰ সংযোগী ঐতিহাসিক নগা আলিটোয়েদি বৰ্তমান যাতায়াত কৰোতে যাত্ৰী তথা পথচাৰীয়ে অকাল মৰণৰ আশংকা বুকুত বান্ধি যাব লগা হয় । পথটোৰ প্ৰান্তে প্ৰান্তে সৃষ্টি হোৱা দ’ দ’ গাত সমূহ চৰকাৰী মীনপাম সদৃশ পুখুৰীলৈ উপক্ৰম হৈছে । নাজিৰা নগৰ , দ’ল পুখুৰী , ওপৰ নাজিৰা , সন্দিকৈ গাও , বুদবাৰী সত্ৰ , চানবছা , মাউৎ গাও , শেনৰ আলি , সুন্দৰ পুখুৰী , মেঠনচোৱা , বামুণ পুখুৰী আদিকে ধৰি কুৰিখনৰোধিক ৰাজহ গাৱৰ ছাত্ৰ – ছাত্ৰী , বয়োজ্যেষ্ঠ নাগৰিক তথা ৰাইজে ঐতিহাসিক নগা আলিয়েদি যাতায়াত কৰাত যমৰ যাটনা ভোগ কৰিব লগা হৈছে ।

দীৰ্ঘদিন ধৰি অতি বিধস্ত হৈ থকা এই পথটো সুপৰিকল্পিত ভাৱে পুনৰ নিৰ্মাণৰ দাবীত বিভিন্ন বহু দল – সংগঠনে অৱস্থান ধৰ্মঘট , লোক নিৰ্মাণ বিভাগৰ নাজিৰা সংমণ্ডল কাৰ্যালয় ঘেৰাও , স্মাৰক পত্ৰ আদি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ পিছতো চৰকাৰী বিভাগীয় কৰ্তপক্ষই গান্ধাৰীৰ ভূমিকা পালন কৰি আহিছে । লোক নিৰ্মাণ বিভাগৰ কৰ্তপক্ষৰ এনে ভূমিকাক ধিক্কাৰ দি ” অসম জাতীয়তাবাদী যুৱ – ছাত্ৰ পৰিষদ ” , ” বীৰ লাচিত সেনা ,অসম “কে ধৰি ভালেকেইটা দল – সংগঠনে ঐতিহাসিক নগা আলি শীৰ্ঘ্ৰে পুনৰ নিৰ্মাণৰ ব্যৱস্থা নকৰিলে ৰাইজৰ স্বাৰ্থত তীব্ৰ গণ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে ।
নাজিৰাৰ পৰা দিলীপ হাজৰিকা

অসমীয়াৰ অন্যতম শ্রেষ্ঠ ধর্মীয় উৎসৱ দুর্গাপূজাৰ পিছতেই অনুষ্ঠিত হোৱা ধর্মীয় উৎসৱ ভাগ হ’ল শ্রীশ্রীলক্ষ্মীপূজা ৷ অসমীয়াৰ কোজাগৰী লক্ষ্মীপূজা তথা মাহাত্ম্য …

অসমীয়াৰ কোজাগৰী লক্ষ্মীপূজা তথা মাহাত্ম্য ..

অসমীয়াৰ অন্যতম শ্রেষ্ঠ ধর্মীয় উৎসৱ দুর্গাপূজাৰ পিছতেই অনুষ্ঠিত হোৱা ধর্মীয় উৎসৱ ভাগ হ’ল শ্রীশ্রীলক্ষ্মীপূজা ৷ স্বচ্ছ শৰৎৰ প্রস্ফুটিত শুভ্ৰ শেৱালী আৰু নিয়ৰসনা দুৱৰি গচকি পিতৃলায়ে গমন কৰা “মা দুর্গাক”ষোড়শপচাৰে পূজা কৰাৰ পিছতেই অসমীয়া সাজু হৈ ঘৰৰ “শ্রী” ক আদৰিবলৈ ৷

চান্দ্ৰমাস অনুযায়ী আহিন মাহৰ পূর্ণিমা তিথিত স্নিগ্ধ শৰৎ কালৰ চন্দ্ৰাৱলী ৰাতিত চন্দ্ৰ সম্পূর্ণ ষোল্লকলাৰে পৰিপূর্ণ হৈ থাকে উক্তদিনা অসম তথা বংগৰ মানুহে বিশেষভাৱে ধন-সম্পদ ,সুখ-শান্তি,যশ-প্রশস্তিৰ অধিষ্ঠাত্ৰী বিষ্ণুপত্নী দেৱী লক্ষ্মীৰ আৰাধনা কৰে ৷ শাৰদীয় মহোৎসৱ শ্রীশ্রীদুর্গাপূজাৰ পাচদিন পিছতেই অসমীৰ বুকুত উদযাপিত হয় মা লক্ষ্মীৰ পূজা ৷ শক্তি-সামর্থ্য অনুযায়ী ভক্তই দেৱীৰ পূজাৰ আয়োজন কৰে ৷

শুদ্ধ সনাতনী অথবা হিন্দু ধর্মৰ অন্তর্গত লোকসকলে বছৰত কেইবাবাৰো লক্ষ্মীপূজাৰ আয়োজন কৰে ৷ অসমীয়া বহাগ মাহৰ প্রথম দিনটোতে গণেশপূজাৰ লগতে লক্ষ্মীপূজাৰো আয়োজন হয় ৷ অক্ষয় তৃতীয়াত লক্ষ্মীপূজা কৰা হয় ৷ তাৰোপৰি বহুতে প্রত্যেক পূর্ণিমা অথবা বৃহস্পতিবাৰেও লক্ষ্মীপূজাৰ আয়োজন কৰে তদুপৰি সমগ্র ভাৰততে লক্ষ্মীপূজাৰ বিশেষ আয়োজন হয় দিপন্বিতা অমাৱস্যা বা দেৱালীৰ দিনা ৷
অৱশ্যে সেইদিনা অসমীয়া পৰম্পৰা অনুসৰি শ্যামাপূজা বা কালীপূজাৰহে আয়োজন কৰা হয় ৷
অসম তথা বংগৰ পটভূমিত আটাইতকৈ উৎকৃষ্ট লক্ষ্মীপূজাৰ আয়োজন হয় কোজাগৰী লক্ষ্মী পূর্ণিমা বা শৰৎ পূর্ণিমাৰ দিনা ৷

আহিন মাহৰ পূর্ণিমা তিথিৰ লক্ষ্মীপূজাক সাধাৰণতে কোজাগৰী লক্ষ্মীপূজা বুলি কোৱা হয় ৷ কোজাগৰী শব্দৰ সাধাৰন অর্থ হ’ল “কো” “জাগর্তি”অর্থাৎ কোনোবা জাগি আছা নেকি ? উক্তদিনা সন্ধ্যাকালত মহালক্ষ্মী দেৱীক পূজা অর্চনা কৰি ৰাত্ৰি জাগৰণৰ নিয়ম আছে , বিশ্বাস কৰা হয় যে উক্ত দিনা বৈকুণ্ঠৰ পৰা মা লক্ষ্মী পৃচ্ছক বা ফেচাৰ ওপৰত বহি মর্ত্য ভ্ৰমণৰ উদ্দেশ্যে আহে যিহেতু ৰাত্ৰিৰ সময়ত আহে সেই হেতু দেৱীৰ বাহন ফেচা বুলি ক’ব পাৰি , কাৰণ ফেচা নিশাচৰ প্রাণী ৷লোকআস্হা অনুসৰি উক্তদিনা দেৱী সকলোৰে গৃহে গৃহে পদার্পন কৰে সেয়ে দেৱীৰ উদ্দেশ্যে ঘৰৰ বাহিৰে ভিতৰে ,চোতাল অথবা পদূলিমুখত চাকি – বন্তিৰে আলোকিত কৰি ৰাখে ৷যাতে দেৱীয়ে অতি সহজে তেওৰ উপাসনা হৈ থকা গৃহলৈ যাব পাৰে ৷ অসমীয়া সমাজত লক্ষ্মীপূজাৰ মহাত্ম্য যথেষ্ট সাত্বিক দেখা পোৱা যায় ৷ মাহ-প্রসাদ ,লাড়ু , খিচিৰি ,লক্ষ্মীনাম আদিৰে পৰিপূর্ণ হৈ পৰে দেৱীৰ পূজাৰ বিশেষ দিনটো সেয়ে লক্ষ্মীপূজা অসমৰ পটভূমিত অন্যতম বিশেষ ধর্মীয় উৎসৱ ৷ চঞ্চলা কমলা বা লক্ষ্মীক অচল কৰিবলৈ তেওৰ আৰাধনা খুবেই গুৰুত্বপূর্ণ ৷

লক্ষ্মীপূজাৰ দিনা চন্দ্ৰই অমৃতবর্ষন কৰে বুলি বিশ্বাস কৰা হয় ,সেয়ে বহুতো ঠাইত সেইদিনা পায়স বনাই সম্পূর্ণ নিশাটো চন্দ্ৰৰ পোহৰ পৰা ঠাইত ৰখা হয় যাতে চন্দ্ৰৰ সকাৰাত্মক উর্জাই পায়সৰ লগত মিশ্রিত হয় পৰে তথা পায়সখিনি অমৃততুল্য হৈ যায় ৷ অন্য কিছুমান ঠাইত আকৌ নাৰিকলৰ পানীও চকুত লয় যাতে চকুৰ ৰশ্মি আৰু সৌন্দর্য্য দুয়োটাই বৃদ্ধি হয় ৷

অসমীয়া কৃষিপ্রধান জাতি ৷ সেয়ে আই লক্ষ্মীৰ লগত অসমীয়াৰ বিশেষ সম্পর্ক আছে সেয়া কাতিবিহুৱে হওক অথবা লক্ষ্মীপূজাই হওক দুয়োটাৰ জৰিয়তে জনা যায় ৷ ঘট , পট, প্রতিমা ,ধান ,চাউল ,পইচা আদি যিকোনো সাংকেতিক লক্ষ্মীবস্তুৰ আগত পূজা জাগৰণ কৰে তথা আজিও অসমীয়া মানুহে পূর্বৰ পৰা চলি অহা পৰম্পৰা অনুসৰি একেই উদ্যম আৰু সৎভাৱনাৰে লক্ষ্মীপূজা অনুষ্ঠিত কৰে ৷ সেয়ে মা লক্ষ্মীৰ শ্রীচৰণত প্রার্থনা জনাও যাতে অসম আৰু অসমীয়াৰ ভেটি মজবুত হয় তথা শ্রীপূর্ণ হয় ৷


লেখক ধ্ৰুৱ জ্যোতি

আপুনি কেনেকৈ সোনকালে আৰু সুৰক্ষিতভাৱে ওজন বৃদ্ধি কৰিব জানক… 

ওজন বৃদ্ধি কৰাটো কোনো কঠিন কাম নহয়। আপোনাৰ জীৱনশৈলীৰ কিছু পৰিৱৰ্তন আনিলে আপোনাৰ স্বাস্থ্যকৰ ওজন বৃদ্ধি কৰাৰ প্ৰক্ৰিয়াত আপোনাক সহায় কৰিব পাৰে। অৱশ্যে, ওপৰত উল্লেখ কৰা দৰে বর্তমান বজাৰত ওজন বৃদ্ধি কৰিবলৈ কেইবাটাও ঔষধ বা পাউদাৰ উপলব্ধ হৈছে কিন্তু সেইবোৰৰ পাৰ্শ্বক্ৰিয়াৰ সম্ভাৱনাও অধিক। গতিকে আজি আমি কেনেকৈ বিভিন্ন প্ৰাকৃতিক(Naturally) উপায়ৰে স্বাস্থ্যসন্মত ভাৱে ওজন বৃদ্ধি কৰিব পাৰোঁ, তাৰ বিষয়ে কিছু আলোচনা কৰিম।

আপুনি ব্যয় কৰাতকৈ অধিক কেলৰি গ্ৰহণ কৰক। তাৰ বাবে আপুনি খাদ্যৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব। আপুনি দিনত 3-4 বাৰলৈকে আহাৰ গ্রহণ কৰিব পাৰে। ইয়াৰ লগতে কেঁচা ফল-মূল বেছি খাব। অধিক উচ্চ মানদণ্ডৰ প্ৰ’টিন আৰু কেলৰিযুক্ত খাদ্য গ্রহণ কৰক লগতে তৃষ্ণা নিবাৰণ কৰিবলৈ আপুনি গাখীৰ খাব লাগিব। আহাৰৰ আগতে পানী নাখাব। ই আপোনাৰ পেট ভৰ্তি কৰিব পাৰে আৰু পৰ্যাপ্ত কেলৰি লাভ কৰা কঠিন কৰি তুলিব পাৰে।

আপোনাৰ খাদ্য যেনে- পনিৰ, কণী, আৰু গাখীৰত অধিক কেলৰি থাকে। পুষ্টি সমৃদ্ধ খাদ্য, যেনে- খেজুৰ পিজ্জা, কল, বুট, নাৰিকল, মৌ, ক্রীমজাতীয় খাদ্য, গাখীৰৰ চকলেট আৰু বাদাম খাব।

আপুনি ওজন বৃদ্ধি কৰিবলৈ ব্যায়াম কৰাও প্রয়োজন, ন’হলে আপোনাৰ পেট আগফালে বাঢ়ি আহিব। ইয়াৰ লগে লগে আপোনাৰ মনোবল বৃদ্ধি কৰাত সহায় কৰিব।

সোনকালে ওজন বঢ়াবলৈ খাদ্য

তলত কিছুমান খাদ্য তালিকা দিয়া আছে যিয়ে আপোনাক দ্ৰুতগতিত ওজন বৃদ্ধি কৰাত সহায় কৰিব। অৱশ্যে, এনে খাদ্য আহাৰত অন্তৰ্ভুক্ত কৰাৰ আগতে চিকিৎসক বা ডায়েটিচিয়ানৰ পৰামৰ্শ ল’ব পাৰে। নিম্নলিখিত খাদ্যবোৰে কেৱল পেশীই বৃদ্ধি নকৰে, লগতে সামগ্ৰিক স্বাস্থ্যৰ স্থিতিও উন্নত কৰে।

মাংস: ৰঙা মাংসত প্ৰ’টিন আৰু চৰ্বি দুয়োটা থাকে, যি ওজন বৃদ্ধি আৰু পেশীৰ ভৰ বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰঙা মাংস হৃদযন্ত্ৰৰ বাবে অধিক স্বাস্থ্যকৰ।

চাউলৰ পিঠা: চাউলৰ পিঠাত প্রচুৰ কাৰ্বোহাইড্ৰেট আৰু ভিটামিন-D থাকে যি ওজন বৃদ্ধি কৰিব পাৰে, আৰু ইয়াৰ কিছুমান অতিৰিক্ত লাভালাভো আছে।

মাছ: মাছ হৈছে ওজন বৃদ্ধি কৰিব বিচৰা সকলৰ বাবে এক ভাল বিকল্প কিয়নো ই স্বাস্থ্যকৰ চৰ্বিৰে সমৃদ্ধ আৰু ইয়াত পুষ্টি থাকে, যাৰ ভিতৰত আছে অমেগা-3 আৰু প্ৰ’টিন প্রধান।

আভাকাডো: আভাকাডোত যথেষ্ট সংখ্যক কেলৰি আৰু চৰ্বি থাকে, লগতে কিছুমান ভিটামিন আৰু খনিজ থাকে।

কণী: কণীত প্ৰ’টিন, স্বাস্থ্যকৰ চৰ্বি আৰু অন্যান্য পুষ্টি থাকে।

শুকান খাদ্য: শুকান খাদ্য যেনে- খেজুৰ, বাদাম, খিচমিচ, আখৰোট আদি ভিটামিন আৰু খনিজ উপাদানৰ এক ভাল উৎস।

দৈ আৰু পনিৰ: প্ৰ’টিন আৰু পুষ্টিৰ বাবে সম্পূৰ্ণ চৰ্বিযুক্ত দৈ আৰু পনিৰ এক ভাল বিকল্প। আপুনি ফল বা বাদামৰ সৈতে ইয়াক যোগ দি খাব পাৰে।

টংলাৰ বনগাওঁত চাৰিদিনীয়া অখণ্ড ভাগৱত পাঠ আয়োজন

বৃহত্তৰ পূব টংলা বাসী ৰাইজে সকলো শ্ৰেণীৰ মানুহৰ মাজত ভাতৃত্ববোধ গঢ়ি তোলাৰ অৰ্থে আৰু অপায় অমঙ্গল দূৰ কৰাৰ উদ্দেশ্যে ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত বনগাওঁ ছাতিয়াপাৰাৰ ভাগৱত নাম ঘৰত অহা ১৩ অক্টোবৰৰ পৰা ১৬ অক্টোবৰলৈ চাৰিদিনীয়া অখণ্ড ভাগৱত পাঠ আয়োজন কৰে। কাৰ্যসূচী অনুসৰি প্ৰথম দিনা অৰ্থাৎ ১৩ অক্টোবৰৰ দিনা ৰাতিপুৱা ৮ বজাত সমূহীয়া চাফাই,৮:৩০ বজাত বন্তি প্ৰজ্জ্বলন কৰিব বনগাওঁ ছাতিয়াপাৰাৰ নামঘৰীয়া খৰ্গেশ্বৰ ডেকাই, ৯ বজাত ধৰ্মধ্বজা উত্তোলন কৰিব ভাগৱত পাঠ পৰিচালনা সমিতিৰ সভাপতি গৌৰিশংকৰ দাসে।আবেলি ৪ বজাত অনুষ্ঠিত হব আয়তীৰ নাম প্ৰসংগ, ৫ বজাত ভাগৱত পাঠ ক্ষেত্ৰৰ দ্বাৰ মুকলি কৰিব সমাজ সেৱক শৰৎ ৰাভাই, ৫:৩০ বজাত বন্তি প্ৰজ্জ্বলন কৰিব সমাজ সেৱক ৰবীন্দ্ৰ বড়োয়ে,সন্ধিয়া ৬ বজাত ভাগৱত পাঠ আৰম্ভনীৰ উদ্বোধন কৰিব বিটিচিৰ কাৰ্যবাহী সদস্য দাউবৈছা বড়োয়ে। ১৪ অক্টোবৰৰ দিনা ৰাতিপুৱা ৮:৩০ বজাত বন্তি প্ৰজ্জ্বলন কৰিব সমাজসেৱিকা জোনমণি শইকীয়াই, সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্জ্বলন কৰিব সমাজ সেৱিকা ৰঞ্জনা শৰ্মা বৰুৱাই।

আনহাতে ১৫ অক্টোবৰ ৰাতিপুৱা ৮ বজাত পৰিবেশ নিকাকৰণ পৰিচালনা কৰিব স্থানীয় মহিলা সমিতিয়ে, ৯ বজাত বন্তী প্ৰজ্জ্বলন কৰিব বনগাওঁ ভি চি ডি চিৰ সভাপতি শিৱ প্ৰসাদ বড়াই।সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্জ্বলন কৰিব সমাজ সেৱক অৰ্জুন দৈমাৰীয়ে। অন্তিম দিনা অৰ্থাৎ ১৬ অক্টোবৰ ৰাতিপুৱা ৭:৩০ বজাত পৰিবেশ নিকাকৰণ কৰিব পূব টংলা আঞ্চলিক সাংস্কৃতিক যুৱ মঞ্চই। ৮ বজাত বন্তি প্ৰজ্জ্বলন কৰিব সমাজ সেৱক তথা শ্ৰীমন্ত শংকৰদেৱ সংঘ টংলাৰ সভাপতি বলিৰাম ডেকাই। ৮:৩০ বজাত ভাগৱতসহ শোভাযাত্ৰা উদ্বোধন কৰিব সমাজ সেৱক জৌশ্ৰাং বড়োয়ে।দিনৰ ১২ বজাত গৌৰিশংকৰ দাসে সভাপতিত্বত কৰিব লগা ধৰ্মালোচনী সভা খন উদ্বোধন কৰিব শংকৰী কলা কৃষ্টি বিকাশ কেন্দ্ৰৰ নামঘৰীয়া জগন্নাথ বড়াই। আনহাতে অনুষ্ঠান খনত নিদিষ্ট বক্তা হিচাপে থাকিব বিশিষ্ট অধিবক্তা ৰাম কৃষ্ণ চৌহানে, মুখ্য অতিথি হিচাবে থাকিব স্থানীয় বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে,বিশিষ্ট অতিথি হিচাবে অংসগ্ৰহন কৰিব দেৱৰাজ সাপকোটাই। উল্লেখযোগ্য যে ভাগৱত পাঠ অনুষ্ঠানত ভাগৱত পাঠ কৰিব ক্ৰমে কদম কুমাৰ, মহেশ্বৰ ডেকা, জগন্নাথ বড়া, ডিম্বেশ্বৰ চহৰীয়া, অভিৰাম ডেকা, তৰুণ কলিতা, খগেন্দ্ৰ শৰণীয়া, টংকেশ্বৰ মহন্ত, হৰেন্দ্ৰ ডেকা আৰু বৃন্দাবন কুমাৰে।আনহাতে উক্ত আটাইকেইটা দিনতে সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মহেশ্বৰ বড়া আৰু যুটীয়া সাধাৰণ সম্পাদক অপূৰ্ব বড়া আৰু জিতুমণি বড়াই।

টংলা পৰা অৰূপ বড়োৰ প্ৰতিবেদন।

আলিয়া ভাটৰ সন্তান জন্মৰ পূৰ্বে নিজৰ পৰিয়ালত কৰা ৰীতি-নীতিৰ মূহুৰ্তৰ ফটো হ’ল ভাইৰেল । এই প্ৰতিবেদন কেৱল মনোৰঞ্জনৰ বাবে…

আলিয়া ভাটে সামাজিক মাধ্যমত শ্বে‌য়াৰ‌ কৰিলে সন্তান জন্ম হোৱাৰ আগত ঘৰুৱা ভাৱে‌ কৰা কিছুমান ৰীতি-নীতিৰ মূহুৰ্তৰ ফটো সমূহ।

ইতিমধ্যে আলিয়া ভাট আৰু ৰণবীৰ কাপুৰক অনুৰাগী সকলোকে অভিনন্দনৰে উপচাই পেলাইছে ।

সামাজিক মাধ্যমত তেওঁৰ পৰিয়াল বৰ্গৰ লগত তোলা প্ৰত্যেক খন ফটোৱে শ্বেয়াৰ কৰি লিখিলে যে কেপচন আকাৰে লিখিলে “Just love” বুলি ।

এতিয়া মৰমলগা ফটো সমূহ যথেষ্ট ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত

পৃথিৱীৰ কেন্দ্ৰত মহাদেৱৰ কৈলাশ পৰ্বতৰ বহুতো ধৰ্মীয় কথা জানো আহক…

পৃথিৱীৰ কেন্দ্ৰত মহাদেৱৰ কৈলাশ পৰ্বত

হিমালয়ৰ সু উচ্চ পৰ্বত লানিৰ ভিতৰত কৈলাশ পৰ্বত হিন্দু, বৌদ্ধ আৰু জৈন সকলৰ পবিত্ৰ পৰ্বত। প্ৰাচীন শাস্ত্ৰৰ মতে মহাদেৱ শিৱ মা পাৰ্বতী আৰু দুই পুত্ৰ ভগৱান গনেশ আৰু কাৰ্ত্তিক দেৱতাৰ সৈতে কৈলাশ পৰ্বতত নিবাস কৰে ।
এই কৈলাশ পৰ্বত ধৰিত্ৰীৰ কেন্দ্ৰত অৱস্থিত সেয়ে তাৰ পৰাই সৰগলৈ উঠি যাবলৈ জখলা আছে বুলি বহু পৌৰাণিক কাব্যত আছে। মহাদেৱ শিৱৰ বাসস্থান এই পৰ্বতৰ মাহাত্ম অধিক । প্ৰাচীন বৈদিক সাহিত্যত কৈলাশ পৰ্বতৰ বিষয়ে উল্লেখ থকাৰ উপৰিও পুৰাণ আৰু মহাভাৰত ৰমায়ণতো কৈলাশ পৰ্বতৰ কথা আছে।

বাল্মিকীৰ ৰামায়ণৰ কিষ্কিন্ধা কাণ্ডত সুগ্ৰীবে শতবল বান্দৰ সেনাক উত্তৰ দিশলৈ পঠাই উত্তৰত যে কৈলাশ পৰ্বত আছে সেই কথা কৈছিল—

“तत्तु शीघ्रमतिक्रम्य कान्तारं रोमहूर्गणम-कैलासं पांडुरं प्राप्य द्रष्टासूर्य भविष्यथ”।[
অৰ্থাৎ–
সেই ভয়ানক অৰণ্য খন পাৰ কৰাৰ পাছত তুমি শ্বেত কৈলাশ পৰ্বত দেখি প্ৰফুল্লিত হৈ যাবা ।

গোটেই বছৰ বৰফেৰে ঢাক খাই থকা কৈলাশ পৰ্বত চীন দেশৰ তিব্বত অঞ্চলত পৰে । এই পবিত্ৰ কৈলাশ পৰ্বত কাহিনীও ভেদ কৰিব নোৱাৰা ৰহস্যৰে ভৰা বিশ্বৰ একমাত্ৰ ৰহস্যময় পৰ্বত ।

সাগৰ পৃষ্ঠৰ পৰা ৬,৬৫৬ মিটাৰ উচ্চতাত, মাউণ্ট কৈলাশ উচ্চ পৰ্বত যদিও তিব্বতৰ ভিতৰতে উচ্চতম নহয় তথাপিও এই পৰ্বত কোনেও আৰোহণ কৰিব পৰা নাই। আজিৰ দিনত বিজ্ঞানেও কৈলাশ পাৰ্বতক বিশ্বব্ৰহ্মাণ্ডৰ অক্ষ আৰু বিশ্বৰ কেন্দ্ৰ বুলি প্ৰমাণ কৰিব পাৰিছে।

বৰ্তমান বিজ্ঞানীয়ে গুগল মেপৰ জৰিয়তে দেখুৱাবলৈ বিচাৰিছে –গ্ৰেটবৃটেনৰ ষ্টোনহেঞ্জৰ পৰা কৈলাশলৈ দূৰত্ব ৬,৬৬৬ কিমি, যি কৈলাশ পৰ্বতমালাৰ পৰা উত্তৰ মেৰুলৈ দূৰত্ব।

মাউণ্ট কৈলাশৰ পৰা দক্ষিণ মেৰুলৈ দূৰত্ব হৈছে ১৩,৩৩২ কিমি, যি উত্তৰ মেৰুৰ দূৰত্বৰ ঠিক দুগুণ।

মানসৰোবৰ আৰু ৰাক্ষস তাল নামৰ দুটা সুন্দৰ হ্ৰদ কৈলাশ পৰ্বতৰ আধাৰত অৱস্থিত। দুয়োটাৰ ভিতৰত, মানসৰোবৰ, যি ১৪,৯৫০ ফুট উচ্চতাত অৱস্থিত, বিশ্বৰ সৰ্বোচ্চ মিঠা পানীৰ জলাধাৰ । মানসৰোবৰ হিন্দুৰ পবিত্ৰ তীৰ্থ । শাস্ত্ৰত আছে এই সৰোবৰ ভগৱান ব্ৰহ্মাই নিৰ্মাণ কৰাইছিল।

কৈলাশ পৰ্বতমালা দক্ষিণৰ পৰা চালে, কৈলাশ পাৰ্বতত হিন্দু ওঁম(ॐ) চিহ্ন দেখা পোৱা যায়।
পৰ্বতৰ ওপৰৰ পৰা বিশাল বৰফৰ গৰাখহনীয়া আৰু পথালি শিলৰ গঠনে এই প্ৰতীকটো গঠন কৰে।

লেখক জুলা শৰ্মা
নতুন দিল্লী

হৃদৰোগত আক্ৰান্ত হোৱা ৰোগীৰ বাবে কণী ক্ষতিকাৰক হয় নে নহয় জানক…

অষ্ট্ৰেলিয়াৰ এক গৱেষকৰ দলে “আমেৰিকান জাৰ্নেল অব ক্লিনিকেল নিউটড়িচিয়ান’ত প্ৰকাশ কৰা তথ্য অনুসৰি প্ৰতি সপ্তাহত ১২ টা পৰ্যন্ত কণী খালে হৃদৰোগ সম্বন্ধীয় ৰোগ বৃদ্ধি নহয় । তদুপৰি ই ডায়েবেটিছ, কলেষ্টেৰল আদিৰ বাবেও ক্ষতিকাৰক নহয় । অষ্ট্ৰেলিয়াৰ গৱেষকৰ দলটোৱে ১৪০ জন ব্যক্তিক দুটাকৈ শ্ৰেণীত ভাগ কৰি উক্ত গৱেষণা কৰিছিল । তাৰে প্ৰি ডায়েবেটিছ আৰু টু ডায়েবেটিছৰ ব্যক্তিসকলক এটা ভাগেই এবছৰৰ বাবে সপ্তাহত ১২ টাকৈ কণীৰ ডায়েট আৰু আনটো ভাগত এসপ্তাহত ২ টা কণীৰ ডায়েটৰ লগতে স্বাস্থ্যসন্মত খাদ্য তালিকা প্ৰস্তুত কৰি সেইমতে এবছৰ চলিবলৈ দিছিল ।

এবছৰৰ পিছত পোৱা গৱেষণাৰ তথ্য অনুসৰি দুয়োটা শ্ৰেণীৰে হৃদৰোগজনিত কাৰকসমূহ যেনে কলেষ্টেৰল, হাইব্লাড প্ৰেছাৰ, ডায়েবেটিছ আদিৰ ক্ষেত্ৰত কোনোধৰণৰ তাৰতম্য ঘটা নাই । তদুপৰি দুয়োটা শ্ৰেণীৰ ব্যক্তিসকলৰ একে পৰিমাণে এজন হ্ৰাস হৈছে । এই গৱেষণাই এনেকুৱা বিষয়সমূনহত হোৱা পূৰ্বে গৱেষণাসমূহক সহযোগিতা কৰি দেখুৱাইছে যে যিবোৰ লোকে কণী খায় তেওঁলোকৰ তেজত থকা কলেষ্টেৰলৰ মাত্ৰাত কিছু পৰিমাণে কণীয়ে প্ৰভাৱ পেলায় । কণী হৈছে প্ৰ’টিন আৰু মাইক্ৰ নিউট্ৰিনছৰ উৎস । কণী খোৱাৰ পৰা বিৰত থাকিব নালাগে । কণী স্বাস্থ্যসন্মত খাদ্য প্ৰণালীৰ এক অংশ 

টেক্সট নেক এক আধুনিক ছিনড্ৰম –

ক্সট নেক (Text Neck) হৈছে একেৰাহে বহু সময় ধৰি বা বাৰে বাৰে তলফালে হাউলি স্মাৰ্ট ফ’ন, আইপেড, কম্পিউটাৰ আদিৰ ব্যৱহাৰৰ ফলত হোৱা ডিঙিৰ বিষ আৰু তাৰ লগত হ’ব পৰা ৰাজহাড় আৰু ডিঙিৰ মাংসপেশীৰ ক্ষতি । আমেৰিকান কাইৰ’প্ৰেক্টৰ ডা: দীন ফিছমেনে স্মাৰ্টফ’ন ব্যৱহাৰৰ ফলত হ’ব পৰা ডিঙিৰ বিষৰ বৰ্ণনা কৰিবলৈ টেক্সট নেকৰ উদ্ভাৱন কৰিছিল । যেতিয়া আমাৰ ডিঙি আগফালে হাউলি একেৰাহে বহু সময় ধৰি এটা স্থিতিত ৰখা যায়, তেতিয়া ডিঙিৰ মাংসপেশীত আৰু কান্ধত যথেষ্ট পৰিমাণৰ চাপৰ উৎপত্তি হয়, যাৰ ফলত তীব্ৰ আৰু দীৰ্ঘকালীন ডিঙিৰ বিষৰ সৃষ্টি হয় । ইয়াৰ পৰা দীৰ্ঘকালীন মূৰৰ বিষো হ’ব পাৰে ।

এইধৰণৰ বৰ্ধিত সমস্যাৰ মুখ্য কাৰণ হৈছে- মানুহৰ আধুনিক জীৱন শৈলী, স্মাৰ্টফ’ন, কম্পিউটাৰ, আইপেড আদিৰ দৈনন্দিন জীৱনত বহুল ব্যৱহাৰ ।

নতুনকৈ চলোৱা গৱেষণাত প্ৰকাশ পাইছে যে স্মাৰ্টফ’ন ব্যৱহাৰ কৰা সকলোৱে গড় হিচাপত দৈনিক চাৰি ঘণ্টা সময় একেথিৰে নিজৰ স্মাৰ্টফ’ন চাই কটায় (বছৰত প্ৰায় ১৪০০ ঘণ্টা) । সেয়েহে এইটো কোনোধৰণৰ আশ্চৰ্য নহয় যে টেক্সটনেকৰ দৰে ৰোগৰ ঘটনা দিনে দিনে বৃদ্ধি পাইছে আৰু ইয়াৰ পৰা ধাৰণা হয় যে ম’বাইল প্ৰযুক্তিবিদ্যাৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰৰ লগে লগে বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত অপেক্ষিকভাৱে টেক্সট নেকৰ দৰে অনুৰুপ ঘটনা যথেষ্ট বৃদ্ধি পাবলৈ লৈছে ।

আমাৰ শৰীৰৰ মুদ্ৰা (Posture) আমি যিধৰণে স্মাৰ্টফ’ন ব্যৱহাৰ কৰাৰ সময়ত পালন কৰোঁ ইয়াৰ পৰা ডিঙিৰ হাঁড় আৰু মাংসপেশীত যথেষ্ট পৰিমাণৰ চাপ পৰে আৰু ইয়াৰ ফলত মাত্ৰাধিক ক্ষয় বা স্থায়ী ক্ষতি হ’ব পাৰে ।

প্ৰধান সমস্যাটো হ’ল সাধাৰণভাৱে ম’বাইলৰ স্ক্ৰীনলৈ চাওঁতে মূৰটো সন্মুখৰ ফালে হাউলি চোৱা যায় । এই অস্বাভাৱিক স্থিতিয়ে প্ৰকৃততে ছাৰভাইকেল স্পাইনৰ (ডিঙি) পিছফালৰ স্বাভাৱিক বক্ৰৰ (Curve) ওলোটা প্ৰভাৱ পেলায় । এই পৰিৱৰ্তন প্ৰকৃততে পৰিলক্ষিত হয় X/Ray বা MRI ৰ জৰিয়তে- য’ত আমি ছাৰভাইকেল স্পাইনৰ চিধা বা ওলোটা বক্ৰ দেখিবলৈ পাওঁ ।

মানুহৰ মূৰটোৰ গড় হিচাপত ওজন ৪.৫ ৰ পৰা ৫ কিল’গ্ৰাম । ছাৰভাইকেল স্পাইনৰ (ডিঙি) ৰুপাংকন (designed) এনেদৰে হৈছে যাতে এইখিনি মূৰৰ ওজন সুষমভাৱে তুলি ধৰি থাকিব পাৰে । তথাপি সামান্যৰুপে পিছফালৰ বক্ৰই (backward curve) ইয়াৰ প্ৰভাৱ ধৰি ৰাখিব পাৰে । সি যি নহওক, আমি আমাৰ মূৰটো সন্মুখৰ ফালে যিমান বেছি সময় হাওলাই ৰাখিম সিমান বেছি পৰিমাণৰ চাপ (Stress) আৰু টান ডিঙিত (Neck) বাঢ়িব । এইটো ১৫ ডিগ্ৰী কোণত ইয়াৰ ওজন ১২ কেজি, ৩০ ডিগ্ৰী কোণত ১৮ কেজি আৰু ৬০ ডিগ্ৰীত ইয়াৰ ওজন ২৭ কিল’গ্ৰামলৈ হয় । ফলত ইয়াৰ পৰা ছাৰভাইকেল স্পাইনৰ ওলোটা বক্ৰ আৰু কম বয়সতে হ’ব পৰা ডিঙিৰ স্পণ্ডিলাইটিচৰ সম্ভাৱবা বৃদ্ধি হয় ।

টেক্সট নেকৰ সাধাৰণ লক্ষণ –

*স্মাৰ্টফ’নৰ ব্যৱহাৰৰ সময়ত তাৎক্ষণিক ডিঙি আৰু পিঠিৰ বিষ ।

*কান্ধৰ জঠৰতা আৰু বিষ ।

*স্মাৰ্টফ’ন, কম্পিউটাৰ আদিৰ ব্যৱহাৰৰ সময়ত হোৱা মূৰৰ বিষ আৰু মূৰ ঘুৰণি ।

*হাতৰ সৰু গাঁঠি, কিলাকুটি, বাহু আদিৰ বিষ ।

টেক্সট নেকৰ পৰা নিজক বচাই ৰাখিবলৈ ল’বলগীয়া সাৱধানতা :-

*স্মাৰ্টফ’ন ব্যৱহাৰ কৰোঁতে মূৰটো তলফালে হাউলি যোৱাৰ পৰিৱৰ্তে ফ’ন চকুৰ সন্মুখত লৈ ব্যৱহাৰ কৰিব লাগিব ।

*কম্পিউটাৰ লেপটপ আদিৰ ব্যৱহাৰ কৰোঁতে শৰীৰৰ মুদ্ৰা (Posture) শুদ্ধ হ’ব লাগিব ।

*নিয়মিতভাৱে ডিঙিৰ ব্যায়াম কৰিব লাগিব ।

*একেৰাহে বহু সময় ধৰি স্মাৰ্টফ’ন ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগিব ।

ফিজিঅ’থেৰাপি চিকিৎসাৰ সুফল –

*কম বয়সতে হ’ব পৰা ছাৰভাইকেল স্পণ্ডিলাইটিছৰ সম্ভাৱনা হ্ৰাস কৰে ।

*ছাৰভাইকেল (ডিঙিৰ) অস্থিৰতা সম্ভাৱনা হ্ৰাস কৰে ।

*যান্ত্ৰিক ডিঙিৰ বিষৰ (মেকানিকেল নেক পেইন) সম্ভাৱনা হ্ৰাস কৰে ।

*ডিঙিৰ মুদ্ৰাৰ দীৰ্ঘম্যাদী সংশোধন কৰে ।

*ছাৰভাইকেল স্পাইনৰ পৰা হ’ব পৰা মূৰৰ বিষৰ (ছাৰভাইক’জেনিক হেডেক) বিপদাশংকা  হ্ৰাস কৰে ।

লেখক :- ডা: অপূৰ্ব ৰাজবংশী

ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীক পুৰস্কৃত কৰে বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে…

ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰী লৈ বন বিভাগৰ প্ৰশংসা পত্ৰ । উল্লেখ্য যে, কিছুদিন পূৰ্বে বন্যপ্ৰানীৰ আন্তঃৰাষ্ট্ৰীয় চোৰাং চক্ৰক উৎখাত কৰিবলৈ সক্ষম হৈছিল ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে।

আৰক্ষী বিষয়াগৰাকীক পুৰস্কৃত কৰে বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।

টেঙাখাত অগ্ৰগামী সংঘত তেজস্বিতা বৰুৱালৈ টেঙাখাত সচেতন নাগৰিকৰ শ্ৰদ্ধাঞ্জলি অৰ্পন

তেজস্বিতা বৰুৱা এক সম্ভাৱনা পূৰ্ণ উদীয়মান কণ্ঠ ৷যাৰ কণ্ঠৰ অমিয়া সুৰে মন্ত্ৰমুগ্ধ কৰিছিল অগনন জনতাক ৷ গৌৰৱময় কৰিছিল সাংস্কৃতিক নগৰী মাজুলীক ৷

পিছে নিয়তি কিমান যে নিষ্ঠুৰ ৷ এই নিষ্ঠুৰতাই হঠাতে তেওঁক লৈ গ’ল এক অজান দেশলৈ ৷য’ৰ পৰা তেওঁ ঘুৰি নাহে কোনোদিন ৷ শুনা নাপাম তেওঁৰ কণ্ঠৰ অমিয়া সুৰ ৷ নেদেখিম আকৌ এবাৰ লাস্যময়ী নৃত্যৰতা সেই মৰম লগা ভন্টী জনীক ৷ সেয়েহে আজি শোকত মৃয়মান ৰাজ্যবাসী ৷ বিদেহ আত্মাৰ চিৰ শান্তি কামনাৰে ভিন্ন জনে যাচিছে শ্ৰদ্ধাঞ্জলি ৷ সেই অনুসৰি আজি সন্ধিয়া টেঙাখাত অগ্ৰগামী সংঘত টেঙাখাতৰ কিছু সচেতন নাগৰিক একত্ৰিত হৈ তেজস্বিতাৰ আত্মাৰ চিৰ শান্তি কামনাৰে আয়োজন কৰে এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ৷

য’ত তেজস্বিতাৰ প্ৰতিচ্ছবিৰ সন্মুখত বল্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অৰ্পন কৰে প্ৰাক্তন ছাত্ৰ নেতা তথা টেঙাখাত শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নৱ কুমাৰ গগৈ, সমাজ কৰ্মী জিতুমনি হাজৰিকা, ৰাজ্যিক পৰ্যায়ৰ মহিলা ফুটবল খেলুৱৈ জ্যোতিমা সোনোৱাল, অসম মহিলা ফুটবল দলৰ প্ৰাক্তন দলনেত্ৰী হেমা ফুকন , দূৰ্গা বৰগোহাঁই , পদ্ম বিকাশ গগৈকে ধৰি বহু কেইজন সচেতন ব্যক্তি উপস্হিত থাকি আন্তৰিকতাৰে পুস্পাঞ্জলি অৰ্পণ কৰে ৷ অনুষ্ঠানৰ শেষত তেজস্বিতাৰ চিৰ শান্তি কামনাৰে ভগৱানৰ ওচৰত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় ৷

এই গৰাকী প্ৰতিভা সম্পন্ন শিল্পীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলো ৷

টেঙাখাতৰ পৰা ব্ৰজেন গগৈ

স্বামীয়ে পত্নীক সন্তান জন্ম দিবলৈ বাধ্য কৰিব নোৱাৰে : বোম্বাই উচ্চ ন্যায়ালয়…

শেহতীয়াকৈ, বোম্বাই উচ্চ ন্যায়ালয়ৰ এটা গোচৰত প্ৰশ্ন কৰা হৈছিল যে এগৰাকী মহিলাই তেওঁৰ স্বামীৰ অনুমতি অবিহনে গৰ্ভপাত কৰাটো হিন্দু বিবাহ আইনৰ অধীনত হিংসাত্মক ঘটনা হ’ব নেকি।

শেহতীয়াকৈ, বোম্বাই উচ্চ ন্যায়ালয়ৰ এটা গোচৰত প্ৰশ্ন কৰা হৈছিল যে এগৰাকী মহিলাই তেওঁৰ স্বামীৰ অনুমতি অবিহনে গৰ্ভপাত কৰাটো হিন্দু বিবাহ আইনৰ অধীনত হিংসাত্মক ঘটনা হ’ব নেকি। ন্যায়াধীশ অতুল চাণ্ডুৰকাৰ আৰু উৰ্মিলা যোশী-ফালকেৰ এটা খণ্ড বিচাৰপীঠে কৈছিল যে এগৰাকী মহিলাক সন্তান জন্ম দিবলৈ বাধ্য কৰিব নোৱাৰি।

এই ক্ষেত্ৰত, আদালতে লক্ষ্য কৰিছিল যে মহিলাগৰাকীৰ স্বামীৰ আবেদন আদালতত গ্ৰহণ কৰা হ’লেও সন্তান জন্ম দিয়াৰ বিষয়ত সিদ্ধান্ত লোৱাৰ অধিকাৰ এগৰাকী মহিলাৰ আছে। সংবিধানৰ অনুচ্ছেদ 21 অনুসৰি, এই বিষয়টো মহিলাৰ ব্যক্তিগত স্বাধীনতাত অন্তৰ্ভুক্ত কৰা হৈছে। আদালতে লগতে কয় যে যদি এগৰাকী মহিলাই বিবাহৰ পিছত কৰ্মক্ষেত্ৰত জড়িত হ’ব বিচাৰে, ইয়াক কেতিয়াও হিংসা বুলি গণ্য কৰিব নোৱাৰি।

পৰিয়ালটোৱে তাইৰ দাম্পত্য অধিকাৰ পুনৰুদ্ধাৰ আৰু তাইৰ স্বামীৰ বিবাহ বিচ্ছেদৰ আৱেদন প্ৰত্যাখ্যান কৰিবলৈ আদালতৰ কাষ চাপিছিল। যেতিয়া পাৰিবাৰিক আদালতে মহিলাগৰাকীৰ সপক্ষে ৰায় দিছিল, তেওঁৰ স্বামীয়ে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। বোম্বাই উচ্চ ন্যায়ালয়েও স্বামীৰ আবেদন খাৰিজ কৰিছে।

মহিলাগৰাকী পেছাত এগৰাকী শিক্ষক। তাইৰ 47 বছৰীয়া স্বামীও এগৰাকী শিক্ষক। তেওঁ তেওঁৰ পত্নীৰ ওপৰত হিংসাৰ অভিযোগ উত্থাপন কৰিছিল আৰু বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিল। তেওঁ অভিযোগ কৰিছিল যে তেওঁৰ পত্নী ২০০১ চনত বিবাহৰ পিছতো কৰ্মক্ষেত্ৰত জড়িত আছিল। আনকি তেওঁ দ্বিতীয়বাৰৰ বাবে গৰ্ভৱতী হ’লেও, তেওঁৰ স্বামীক অৱগত নকৰাকৈ গৰ্ভপাত কৰাইছিল। মানুহজনে এইটোও দাবী কৰিছিল যে তেওঁৰ পত্নীয়ে ২০০৪ চনত তেওঁৰ পুত্ৰক অৱগত নকৰাকৈ ঘৰৰ পৰা ওলাই গৈছিল। তেওঁ ঘূৰি অহা নাছিল।

অৱশ্যে পত্নীৰ উকীলে কৈছিল যে তেওঁৰ মক্কেলে মাতৃত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথম সন্তানৰ জন্ম দিছিল। যেতিয়া তাই দ্বিতীয়বাৰৰ বাবে গৰ্ভৱতী হৈছিল, অসুস্থতাৰ বাবে তাই গৰ্ভপাত কৰাবলৈ বাধ্য হৈছিল। অভিযোগ কৰা হৈছে যে মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ ‘ঘৰ’ এৰিছিল কিন্তু 2004 চনৰ পৰা 2012 চনলৈ, স্বামীয়ে তেওঁক ঘূৰাই অনাৰ বাবে কোনো প্ৰচেষ্টা কৰা নাছিল। স্বামীয়ে আনকি শিশুটোৰ বিকাশৰ বাবে প্ৰয়োজনীয় খৰচও বহন কৰা নাছিল। মহিলাগৰাকীৰ উকীলে এইটোও কৈছিল যে তেওঁৰ স্বামী আৰু তেওঁৰ ভগ্নীয়ে তেওঁৰ মক্কেলক সন্দেহ কৰিছিল। গতিকে তাই তাইৰ স্বামীক এৰি আন ঠাইত থাকিবলৈ বাধ্য হৈছিল।

আদালতে কৈছিল যে এগৰাকী মহিলাক সন্তান জন্ম দিব নে নিৰ্ণয় লোৱাৰ বাবে হিংসাৰ অভিযোগ আৰোপ কৰিব নোৱাৰি। স্বামীও তেওঁৰ পত্নীৰ বিৰুদ্ধে গৰ্ভপাতৰ অভিযোগ প্ৰমাণ কৰাৰ বাবে দায়বদ্ধ। পত্নীৰ ঘৰএৰি যোৱাৰ সন্দৰ্ভত আদালতে লক্ষ্য কৰে যে এগৰাকী মহিলাক সন্দেহৰ সৈতে দেখা পালে তেওঁৰ শহুৰেকৰ ঘৰত থকাটো অতি কঠিন। ইয়াৰ পিছত, আদালতে স্বামীৰ অভিযোগৰ লগতে বিবাহ বিচ্ছেদৰ আৱেদন খাৰিজ কৰে।