Home Blog Page 2147

আজি শিক্ষক দিৱস…

আজি শিক্ষক দিৱস। সমগ্ৰ দেশতে পালন কৰা হয় শিক্ষক দিৱস। ৫ ছেপ্টেম্বৰ দিনটো হ’ল মহান দাৰ্শনিক, শিক্ষাবিদ, ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন। সমগ্র বিশ্বত দাৰ্শনিক হিচাপ প্ৰসিদ্ধি লাভ কৰা ভাৰতীয় দাৰ্শনিক ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰ তাৰিখে মাদ্ৰাজৰ তিৰুটানি নামৰ চহৰত জন্ম হৈছিল।

বাল্য কালৰে পৰা অসাধাৰণ প্ৰতিভাৰ পৰিচয় দিয়া ৰাধাকৃষ্ণনে তেওঁৰ স্কুলীয়া শিক্ষাৰ পৰিসমাপ্তিৰ পিছত মাদ্ৰাজ খ্ৰীষ্টীয়ান কলেজৰ পৰা সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰে। এম.এ. পাছ কৰি দৰ্শন বিষয়ত শিক্ষক হিচাপে কৰ্ম জীৱনৰ পাতনি মেলে।এই মহান দাৰ্শনিক ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটোতে পালন কৰা হয় শিক্ষক দিৱস।

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পিতৃ দেৱকান্ত মহন্তৰ দেহাৱসান

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পিতৃ দেৱকান্ত মহন্তৰ দেহাৱসান।

মৃত্যুৰ সময়ত দেৱকান্ত মহন্তৰ বয়স আছিল ৯৯ বছৰ।

দেওবাৰে নিশা ৯-৩০ বজাত দেহাৱসান দেৱকান্ত মহন্তৰ।

দেৱকান্ত মহন্তৰ বিয়োগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰি পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তয়ো গভীৰ শোক প্ৰকাশ কৰি পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।

নেইষ্টত ২৮ সংখ্যক ড° জে.এন. বৰুৱা স্মাৰক বক্তৃতানুষ্ঠানত সম্পন্ন…


চি এছ আই আৰ-নেইষ্টত ২৮ সংখ্যক ড° জে.এন. বৰুৱা স্মাৰক বক্তৃতানুষ্ঠান ২ ছেপ্টেম্বৰত অনুষ্ঠিত হয়। ড°জে এন বৰুৱা সোঁৱৰণী ন্যাস আৰু অসম বিজ্ঞান সমিতি, যোৰহাট শাখাৰ উদ্যোগত অনুষ্ঠিত বক্তৃতানুষ্ঠানত মূল বক্তৃতা প্ৰদান কৰি লক্ষ্ণৌৰ চি এছ আই আৰ-কেন্দ্ৰীয় ঔষধ গৱেষণা প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ড° মধু দীক্ষিতে “ক’ভিড-১৯ ব্যৱস্থাপনাত আয়ুৰ্বেদিক ঔষধৰ ভূমিকা: আয়ুষ ঔষধৰ প্ৰাক-নৈদানিক অধ্যয়ন”সম্পৰ্কে কয়। আয়ুৰ্বেদৰ ৫০০০ বছৰতকৈও অধিক পুৰণি ইতিহাস আছে বুলি উল্লেখ কৰি তেওঁ ৮০% ভাৰতীয়ৰ আয়ুৰ্বেদিক ঔষধ আৰু ব্যৱহাৰৰ ওপৰত বিশ্বাস আছে বুলি কয়। আশা কৰা ধৰণে আয়ুৰ্বেদিক ঔষধ ব্যৱস্থাসমূহ আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ নিব পাৰিলে চি এছ আই আৰৰ অৱদানৰ ক্ষেত্ৰত ই এক মাইলৰ খুটি হৈ ৰ’ব। উল্লেখ্য, পৰম্পৰাগত আয়ুৰ্ৱেদিক জ্ঞানক আধুনিক বিজ্ঞানৰ সৈতে সংযোগৰ ক্ষেত্ৰত ড° মধু দীক্ষিতৰ যথেষ্ট অৱদান আছে। বিজ্ঞানীজনৰ বক্তৃতাই যুৱ-বিজ্ঞানী আৰু গৱেষকসকলৰ মাজত উদ্দীপনাৰ সৃষ্টি কৰে । দীক্ষিতে বিজ্ঞানী,গৱেষকসকলৰ আয়ুৰ্বেদিক ঔষধ গৱেষণাৰে জড়িত বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে।


আৰম্ভনীতে নেইষ্টৰ সঞ্চালক ড° জি নৰহৰি শাস্ত্ৰীয়ে অভ্যাগতসকলক আদৰণি জনাই আৰু বক্তৃতানুষ্ঠান নেইষ্টত অনুষ্ঠিত কৰাৰ বাবে ড° জে.এন বৰুৱা মেম’ৰিয়েল ট্ৰাষ্ট আৰু অসম বিজ্ঞান সমিতি, যোৰহাট শাখাক ধন্যবাদ জ্ঞাপন কৰে। এক সবল নেতৃত্বৰ দ্বাৰাহে বিজ্ঞান মনস্কতা প্ৰচাৰ আৰু প্ৰসাৰ সম্ভৱ বুলি উল্লেখ কৰি তেওঁ প্ৰয়াত ড° জে.এন বৰুৱাক সমাজৰ এজন মহান পথ প্ৰদৰ্শক বুলি কয়। নেইষ্টৰ প্ৰধান বিজ্ঞানী তথা ড° জে এন বৰুৱা সোঁৱৰণী ষ্ট্ৰাষ্টৰ সচিব ড° লক্ষী শইকীয়াই আঁত ধৰা সভাত সভাপতিত্ব কৰে অসম বিজ্ঞান সমিতিৰ যোৰহাট শাখাৰ সভাপতি ড° ৰমেশ চন্দ্ৰ বৰুৱাই । নেইষ্টৰ প্ৰধান বিজ্ঞানী ড° যতীন কলিতাই ড° জে এন বৰুৱা সোঁৱৰণী ন্যাসৰ বিষয়ে আলোকপাত কৰাৰ লগতে ড° জে.এন. বৰুৱাৰ চমু পৰিচয় আগবঢ়ায়। সভাত ৰাসায়ন বিজ্ঞানৰ দুজন প্ৰতিভাৱান গৱেষক গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° অংকুৰ কে গুহ আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড° কুসুম কুমাৰ বণিয়ালৈ ৰাসায়নিক বিজ্ঞানত আগবঢ়োৱা অৱদানৰ বাবে ড°জে এন বৰুৱা সোঁৱৰণী বিজ্ঞান বঁটা আগ বঢ়ায়।
সভাত অসম মাধ্যনিক শিক্ষা পৰিষদৰ দ্বাৰা পৰিচালিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা আর্থিকভাৱে দুৰ্বল দুগৰাকী ছাত্ৰ-ছাত্ৰীক ড° জে এন বৰুৱা সোঁৱৰণী বৃত্তি প্ৰদান কৰা হয়। বৃত্তি লাভ কৰে যোৰহাটৰ মেলেং বৰখেলীয়া গাঁৱৰ সত্যৰঞ্জন শইকীয়া,বন্তি হাজৰিকাৰ কন্যা কুঁৱলী কাশ্যপ আৰু যোৰহাট খঙীয়াৰ জুৰি হাজৰিকা, দীপক হাজৰিকাৰ পুত্ৰ দিবাকৰ হাজৰিকাই । অসম বিজ্ঞান সমিতিৰ যোৰহাট শাখাৰ সম্পাদক ৰমেন গগৈয়ে শেষত শলাগ জনায়।

সম্প্ৰতি ধেমাজি জিলা আৰু অসম-অৰুণাচল প্ৰদেশৰ জনসাধাৰণৰ মাজত হিংসাত্মক পৰিস্থিতি…

সম্প্ৰতি ধেমাজি জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্ত অশান্ত ৷ দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত জ্বলিছে হিংসাৰ জুই ৷ পৰস্পৰে পৰস্পৰক আক্ৰমণ ৷ যেন চলিছে ভাৰত আৰু পাকিস্তানৰ মাজত সীমান্তক লৈ চলা দীৰ্ঘদিনীয়া যুদ্ধহে এইয়া ৷ কি হ’ব ধেমাজি জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমা বিবাদ ? কেতিয়া হ’ব সীমা সমস্যাৰ সমাধান ৷ আমি DB নিউজে ৰাইজক দিব বিচাৰিছো নিৰপেক্ষ সঠিক খবৰ ৷ অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ দুখন গাঁও ৷ এখন ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ অন্তৰ্গত জয়ৰামপুৰ পানবাৰীৰ কেঁচাই কাঠনি আৰু আনখন নামনি চিয়াং জিলাৰ কংকুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চিলনী গাঁও ৷

তাৰ মাজতে পাহাৰৰ পৰা সমতললৈ এক বিশাল ভূমি ৷ এই ভূমিক লৈ এতিয়া চলিছে দুয়োখন ৰাজ্যৰ মাজত তীব্ৰ টনা-আজোঁৰা ৷ চলিছে মাৰপিট ৷ চলিছে দুয়োপক্ষৰ মাজত অভিযোগ প্ৰতি-অভিযোগ ৷ বিবদমান সীমান্ত অঞ্চলটোলৈ বাৰে বাৰে গৈছে দুয়োখন ৰাজ্যৰ মন্ত্ৰী-বিধায়ক, প্ৰশাসনিক বিষয়া ৷ কিন্তু সমস্যা সমাধানৰ কোনো আশা নাই ৷ ৩ ছেপ্টেম্বৰ শনিবাৰে অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা জয়ৰামপুৰ পানবাৰীলৈ গৈছিল ৷ সীমা পৰিদৰ্শন কৰি অহা বাটে উভটিল ৷ তাৰ পিছতে দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ মাজত চলিল প্ৰচণ্ড মাৰপিট ৷ কিন্তু দোষ কাৰ ? আহক আমি চিলনী বস্তি আৰু কেঁচাই কাঠনি গাঁৱৰ ৰাইজৰ মুখেৰে শুনো ঘটনাৰ সবিশেষ ৷

দুয়োখন গাঁৱৰ ৰাইজৰ অনুৰোধ অনুগ্ৰহ কৰি সকলো সাংবাদিকে নিৰপেক্ষভাৱে বাতৰি পৰিৱেশন কৰি সীমান্ত অঞ্চলৰ শান্তি-সম্প্ৰীতি বজাই ৰখাত সহযোগ কৰক ৷ কেন্দ্ৰীয় চৰকাৰ আৰু অসম-অৰুণাচল প্ৰদেশ চৰকাৰে সমিলমিলেৰে দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধান কৰক ৷

দৈনন্দিন বাৰ্তা‌ৰ প্ৰভাৱ লাচন চাপৰিত বন ধ্বংস যজ্ঞ শীৰ্ষক”বাতৰি প্ৰকাশৰ পিছতে তৎপৰ হৈ পৰিছে বন বিভাগ…

“লাচন চাপৰিত বন ধ্বংস যজ্ঞ শীৰ্ষক”বাতৰি প্ৰকাশৰ পিছতে তৎপৰ হৈ পৰিছে বন বিভাগ
“লাচন চাপৰিত বন ধ্বংস যজ্ঞ শীৰ্ষক”বাতৰিৰ পিছতে তৎপৰ হৈ পৰিছে বন বিভাগ৷ শনিবাৰে পুৱাই পৰিৱেশৰ বুজ ল’লে দুগৰাকী মাজুলীৰ বনকৰ্মীয়ে৷


উল্লেখ্য যে, উজনি মাজুলী লুইতপৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত লাচন চাপৰিত প্ৰায় এমাহ দিন ধৰি চলি আছিল বন ধ্বংসৰ কাম। নিমাতী কন্যাৰ ৰূপত মৌনতা অৱলম্বন কৰি আছিল মাজুলীৰ বনবিভাগ । শনিবাৰে দৈনন্দিন বাৰ্তাত উক্ত বাতৰি প্ৰকাশ পোৱাৰ লগে লগে বিধায়ক আৰু উপায়ুক্তৰ নিৰ্দেশত দুগৰাকী বনকৰ্মী আহি ঘটনাস্থলী পৰিদৰ্শন কৰে৷

ইতিমধ্যে শতাধিক গছ কাটি তহিলং কৰিছে দুৰবৃত্তই। স্থানীয় সচেতন ৰাইজৰ মনত প্ৰশ্নৰ উদয় হৈছে যে, ইমানদিনে বিভাগীয় বনকৰ্মীসকলে কিয় দায়িত্বজ্ঞানহীনতাৰ দৰে মৌন হৈ আছিল? কোৱা বাহুল্য যে, ইতিমধ্যে দুগৰাকী চোৰাং কাঠৰ ব্যৱসায়ীয়ে আৰক্ষীৰ জালত পৰাৰ পিছত ৰেঞ্জাৰ অতুল দাসৰ নামো সাঙোৰ খাইছিল৷ কিন্তু জেংৰাইমুখ আৰক্ষী থানাত
মাজুলীৰ বনবিভাগৰ ৰেঞ্জাৰ অতুল দাসে তেওঁৰ বিৰুদ্ধে হোৱা অভিযোগক নৎসাত কৰি শ্ৰী দাসে কয় এই ঘটনা তেখেতৰ অজ্ঞাতে সংঘটিত হোৱা বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷

তেনেস্থলত দুগৰাকী বনকৰ্মীয়ে ঘটনাস্থলীত পৰিদৰ্শন কৰিছে যদিও সমগ্ৰ ঘটনাক কিদৰে তদন্ত কৰিব বা কি পদক্ষেপ ল’ব সেয়াহে পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব৷

যোৰহাটৰ লহপহীয়া চাহবাগিছাত বিনামূলীয়া চিকিৎসা শিবিৰ সম্পন্ন…

যোৰহাটৰ লহপহীয়া চাহবাগিছাত বিনামূলীয়া চিকিৎসা শিবীৰ সম্পন্ন
অনামিকা ফাউণ্ডেচনৰ উদ্যোগত লহপহীয়া বাগান প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ সহযোগত ৪ চেপ্তেম্বৰ তাৰিখত এটা বিনামূলীয়া চিকিৎসা শিবীৰ সম্পন্ন হয় ।

লহপহীয়া বাগান প্ৰাথমিক চিকিৎসালয়ৰ কোঠাত অনুষ্ঠিত বিনামূলীয়া চিকিৎসা শিবীৰটি , সমাজকৰ্মী জগন্নাথ অগ্নবৰাই উদ্ধোধন কৰে ।

চিকিৎসা শিবীৰত প্ৰায় শতাধিক ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰে ডাক্টৰ নিতুমণি হাজৰিকাই । বিশেষকৈ দাঁতৰ ৰোগৰ পৰীক্ষা প্ৰেছাৰ , ব্লাড চুগাৰ আদি পৰীক্ষা কৰা চিকিৎসা শিবীৰটোত বিনামূলীয়াকৈ ঔষধ যোগানৰ ব্যৱস্থাও উদ্যোক্তা সকলে কৰে । চিকিৎসা শিবিৰত অনামিকা ফাউণ্ডেচনৰ সদস্য হিমাংশু দত্ত ই উদ্দেশ্যবাখ্যা আৰু আতধৰা কায্যসুচীত , গৌতম বৰা , মালৱীকা বৰাই পূৰ্ণ সহযোগ কৰে ।

এযোৰ চশমাই কিদৰে আপোনাৰ মূল্যৱান চকুজুৰিক সুৰক্ষা প্ৰদান কৰে জানেনে …

বহুতে ভাবে- ভালকৈ চাই চিন্তি দিয়া চশমাযোৰে নেদেখা চকু এটাৰে দেখিবই । যদি নেদেখে তেন্তে চশমাখন ভালকৈ দিয়া নহ’ল বুলি ভাবে । বহুতৰ আকৌ ধাৰণা- চশমাখনৰ পাৱাৰটো অলপ বঢ়ালেই যেন তেওঁ ভালকৈ দেখিব । কোনোজনৰ আপত্তি চশমাখনত পাৱাৰ বেছি হৈছে, অলপ কমাই দিলে ভাল আছিল ইত্যাদি ।

আচলতে, নিৰ্দিষ্ট সময়ত এটা চকুৰে মাত্ৰ এটা চকুৰে মাত্ৰ এটা পাৱাৰ চশমাৰেহে ভাল দেখাটো সম্ভৱ । কাৰণ এযোৰ চশমাই পোহৰৰ ৰশ্মি ৰেটিনাৰ নিৰ্দিষ্ট বিন্দুত পেলোৱাৰ বাহিৰে আন কোনো কাৰ্য কৰিব নোৱাৰে আৰু এই কাম উক্ত চকুটোত মাত্ৰ এটা পাৱাৰৰ লেন্সেহে কৰিব । এই পোহৰৰ ৰশ্মি কৰ্ণ ইয়া, একোৱাচ, পিউপিল, লেন্স, ভিট্ৰিয়াচ আদিৰ মাজেদি গৈ ৰেটিনাত পৰেগৈ ।

ৰেটিনাই সেই পোহৰ সংগ্ৰহ কৰি অপ্টিক নাৰ্ভেৰে মগজুলৈ পোহৰৰ সেই সংকেত পঠাই দিয়ে আৰু তেতিয়াই আমি দেখা পাওঁ । এতিয়া যদি উপৰিউক্ত অংগসমূহত কোনো অসুখ হয়, তেন্তে পোহৰৰ ৰশ্মি গৈ মগজু নাপাবলৈ বা ৰশ্মি গৈ মগজু পালেও মগজুৰ নিজৰেই যদি অসুখ থাকে, তেন্তে দেখা পোৱা সম্ভৱ নহয় । এনে ক্ষেত্ৰত চশমাৰ কোনো ভূমিকা নাথাকে ।

লেখক : ডা: নাৰায়ণ বৰদলৈ

দিশাই হওক মোৰ বোৱাৰী!” টাইগাৰ শ্ৰফৰ মাতৃয়ে ব্যক্ত কৰিলে মনৰ হেঁপাহ…

টাইগাৰ শ্ৰফ আজিকালি যথেষ্ট আলোচনাত আছে। ইয়াৰ আগতে, দিশা পাটানিৰ সৈতে বিচ্ছেদৰ বাতৰিটোৱে বজাৰখন গৰম কৰি তুলিছিল। তেতিয়া কৰণ জোহৰৰ চেট শ্ব’ কফি উইথ কৰণত কৰা টাইগাৰৰ উন্মোচন শিৰোনামত আছে। দৰাচলতে, শেহতীয়াকৈ টাইগাৰ শ্ৰফ আৰু কৃতি চানন কফি উইথ কৰণত উপস্থিত হৈছিল য’ত তেওঁলোক দুয়োজনে বহুতো উন্মোচন কৰিছিল। অনুষ্ঠানটোৰ সময়ত, টাইগাৰে কৈছিল যে তেওঁ অবিবাহিত। আনহাতে, টাইগাৰ শ্ৰফৰ মাতৃ দিশা পাটানিৰ ছবিবোৰ লাইক কৰা হৈছে।

শেহতীয়াকৈ, দিশা পাটানীয়ে তেওঁৰ ইনষ্টাগ্ৰামত ক’লা বডীকন পোছাকত নিজৰ গ্লেমাৰাছ ফটো পোষ্ট কৰিছিল। ছবিবোৰত দিশাৰ বক্ৰ চিত্ৰও দেখা গৈছে। অনুৰাগীসকলে দিশাৰ এই ছবিবোৰ দ্ৰুতগতিত ভাল পাইছে। ছবিবোৰত মন্তব্যৰ বৰষুণ দিয়া হৈছে। টাইগাৰৰ মাতৃয়েও দিশাৰ এই ছবিবোৰত যথেষ্ট মৰম দিছে।

টাইগাৰ শ্ৰফৰ মাক আয়েশা শ্ৰফে এই ছবিবোৰৰ ওপৰত মন্তব্য কৰিছিল আৰু আকৰ্ষণীয় লিখিছিল। এতিয়া এই মন্তব্যটোৱে নেটিজেনসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে। মানুহে কৈআছে টাইগাৰ আৰু দিশাৰ মাজত কি চলি আছে। এফালে, টাইগাৰে নিজকে অবিবাহিত বুলি কৈছে, আনহাতে, তেওঁৰ মাতৃয়ে দিশাৰ ছবিবোৰ ভাল পাইছে। এইটোৱে নেটিজেনসকলক বহুত বিভ্ৰান্ত কৰি আছে

টাইগাৰ আৰু দিশাৰ বিচ্ছেদ-

বাতৰি অনুসৰি, টাইগাৰ আৰু দিশাই কেইদিনমান আগতে 6 বছৰ পুৰণি সম্পৰ্ক ভাঙিছিল। যদিও তেওঁলোক দুয়োকে কেতিয়াও তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে ছচিয়েল মিডিয়াত পোষ্ট কৰা নাছিল, দুয়োকে প্ৰায়ে বন্ধৰ দিন, ৰাতিৰ আহাৰৰ তাৰিখ আৰু একেলগে ফুৰিবলৈ যোৱা দেখা গৈছিল। খবৰ অনুসৰি, দম্পতীহালে প্ৰায় ছয় বছৰ ডেটিং কৰাৰ পিছত পৃথক হোৱাৰ সিদ্ধান্ত লৈছিল। এই বাতৰিটোৰ ওপৰত টাইগাৰ আৰু দিশাৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি দিয়া হোৱা নাছিল, বা ব্ৰেকআপৰ কাৰণ স্পষ্ট হোৱা নাই।

কম পৰিমাণে শুলে কিডনিৰ হ’ব পাৰে ভয়ানক ৰোগ…

এটা বিস্তৃত অধ্যয়নৰ মতে যিসকল লোকে ৰাতি ছয়ঘন্টাতকৈ কম সময় শোৱে, তেওঁলোকৰ জটিল কিডনিৰ ৰোগ হোৱাৰ আশংকা বৃদ্ধি পায়। নিশা টোপনিত বাৰে বাৰে ব্যাঘাত হৈ থাকিলে কিডনি ফেইল হোৱাৰ আশংকাও বৃদ্ধি পায়। কিডনিৰ ৰোগত ভুগি থকা লোকসকলৰ প্ৰায়ে উচ্চ ৰক্তচাপ, মেদবহুলতা আৰু ডায়েবেটিচ আদি ৰোগত হৈ থকা অন্য বিকাৰো থাকে। ইণ্ডিয়ান মেডিকেল এছোচিয়েচনৰ(আই এম এ) মতে এনে ধৰণৰ ৰোগীৰ কিডনিৰ কাম-কাজ আৰু সক্ষমতা মাজে সময়ে পৰীক্ষা কৰি থকাটো অতি প্ৰয়োজন। এনে ৰোগীৰ শৰীৰত তীব্ৰ যন্ত্ৰনাদায়ক একাধিক ৰোগৰ লক্ষণ থাকিব পাৰে।

কিডনিৰ ৰোগৰ ফলত সময়ৰ লগে লগে কিডনিৰ কৰ্ম ক্ষমতা বা কামবোৰ দ্ৰুত গতিত অৱনতি ঘটিব পাৰে। এই অৱস্থা দীৰ্ঘদিন ধৰি চলি থাকিবলৈ দিলে এদিন কিডনি ফেইল হ’বগৈ পাৰে। এনেধৰণৰ ৰোগীক চিকিৎসকৰ ওচৰলৈ নি যিমান সোনকালে পাৰে ডায়েবেটিছ কৰোৱাব লাগে। ৰোগীৰ অৱস্থা ক্ৰমে জটিল হৈ আহিলে ‘কিডনি ট্ৰেন্সপ্লেন্ট’ কৰাবলগীয়াও হ’ব পাৰে। কিন্তু কিডনিৰ এনে ধৰণৰ চূৰান্ত অৱনতিৰ লক্ষণ প্ৰথম অৱস্থাত দেখা পোৱা নেযায়। যেতিয়া ইয়াৰ লক্ষণ প্ৰকাশ পাবলৈ ধৰিব, তেতিয়ালৈ কিডনি বহুলাংশে ক্ষতিগ্ৰস্ত হয়গৈ। আই এম এৰ অধ্যশ ডাঃ কে কে আগৰৱালাই কৈছে কিডনিয়ে ৰক্ত পৰিশোধনত সহায় কৰে। তেজত থকা অপ্ৰয়োজনীয় আৱৰ্জনা আৰু তৰল দ্ৰৱ্য কিডনিয়ে আঁতৰাই পেলায়। আমাৰ শৰীৰত উৎপন্ন হোৱা অধিকাংশ অদৰকাৰী দ্ৰব্যকে কিডনি দুটাই উলিয়াই বাহিৰ কৰি পঠিয়ায়। কিন্তু যেতিয়া কিডনিৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া ক্ষতিগ্ৰস্ত হয়, তেতিয়া দুয়োটা কিডনিয়ে ভালদৰে কাম কৰিব নোৱাৰা হয়। এনে লোৱাৰ কাৰণ হ’ল-

কিডনিৰ ক্ষতি বা ৰোগৰ সংক্ৰমণ। কিডনিৰ ৰোগৰ তীব্ৰতা যেতিয়া বাঢ়ি যায়, তেতিয়া অদৰকাৰী তৰল পদাৰ্থ, ইলেকট্ৰ’লাইটিছ আৰু আৱৰ্জনা শৰীৰৰ বাহিৰলৈ ওলাই যাব নোৱাৰা হয় আৰু শাৰীৰৰ ভিতৰতে জমা হ’বলৈ আৰম্ভ কৰে। ডাইবেটিচ, হাইব্লাডপ্ৰেছাৰ, হৃদৰোগ আৰু কিডনিৰ অস্বাভাৱিক গঠন আৰু ৰোগ পৰিয়ালত কিডনি ৰোগৰ ইতিহাস থক ৰোগীৰ বেছিকৈ হোৱাৰ আশংকা থাকে। ইয়াৰ উপৰিও যিসকল লোকে ধূমপান কৰে আৰু শৰীৰৰ ওজন থাকিবলগাতকৈ বেছি থাকে(মেদবহুল), তেওঁলোকৰো কিডনিৰ ৰোগ হোৱাৰ আশংকা থাকে।

কিডনিৰ ৰোগৰ প্ৰধান লক্ষণবিলাকৰ ভিতৰত আছে- বমিৰ ভাব, বমি, ভোক কমি যোৱা, অলপতে ভাগৰ লগা, দুৰ্বলতা, টোপনি কম হোৱা, মানসিক চিন্তা, মাংসপেশী টানি ধৰা, খজুৱতি, ডিঙিৰ বিষ, হাত ভৰি আদি সিৰামূৰিয়ে ধৰা আৰু উচ্চ ৰক্তচাপ আদি।

অৱশ্যে এই লক্ষণবিলাকৰ লগত অন্য কিছুমান ৰোগৰ লক্ষণৰো মিল আছে বাবে অন্য ৰোগ হোৱা বুলি ভুল হ’ব পাৰে। কিডনিৰ ৰোগৰ কোনো বিশেষ চিকিৎসা নাই। চিকিৎসা চলালেও এটা কথাৰ প্ৰতিহে লক্ষ্য ৰখা হয়, যাতে লক্ষণবিলাক নিয়ন্ত্ৰণত থাকে, উদ্বিগ্নতা বা দুশ্চিন্তা কমি থাকে আৰু ৰোগৰ গতি মন্থৰ হয়। যদি কোনো ৰোগীৰ কিডনি বেছি মাত্ৰাত ক্ষতিগ্ৰস্ত হৈ পৰে, তেনেহ’লে কিডনিৰ চিকিৎসা কৰোৱাৰ প্ৰয়োজন হ’ব পাৰে। এনেদৰে ক্ষতিগ্ৰস্ত হৈ পৰা কিডনিৰ ৰোগীক চিকিৎসকে ডায়েলিচিছ কৰোৱা বা কিডনি ট্ৰান্সপ্লেন্ট কৰোৱাৰ পৰামৰ্শ দিব পাৰে।

কিডনিৰ ৰোগৰ পৰা হাত সৰি থাকিবলৈ আপুনি সদায় ফিট আৰু সক্ৰিয় হৈ থাকিবলৈ চেষ্টা কৰক। এনেদৰে শাৰীৰিক আৰু মানসিকভাৱে সক্ৰিয় হৈ থাকিলে আপোনাৰ ৰক্তচাপ কম কৰি ৰখাত সহায় কৰিব। আপোনাৰ ব্লাডচুগাৰ লেভেল নিয়ন্ত্ৰণত ৰাখক। কিয়নো ডায়েবেটিচত ভুগি থকা আধা সংখ্যক ৰোগীৰে কিডনিৰ ৰোগ হোৱাৰ আশংকা থাকে। লগতে সময়ে সময়ে ব্লাড প্ৰেছাৰো পৰীক্ষা কৰাই থাকক। বৰ্ধিত ব্লাড প্ৰেছাৰ কিডনিৰ ক্ষতি কৰাৰ আটাইতকৈ মূল কাৰণ। এই ক্ষেত্ৰত আপোনাৰ লাইফষ্টাইল আৰু ডায়েট নিয়ন্ত্ৰণ কৰক আৰু খাদ্য বিশেষজ্ঞৰ পৰামৰ্শ মানি চলক। স্বাস্থ্যসন্মত খাদ্য খাওক আৰু শৰীৰৰ ওজন কোনো কাৰণতে বৃদ্ধি হ’বলৈ নিদিব।

গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে আকাশ চোৱাৰ সপোন এজাক কন‌ কন‌‍ শিশুৰ

এজাক শিশু ব্যস্ত ছবি অঁকাত। মনত আছে দুৰ্বাৰ হেঁপাহ বুকুত আছে অদম্য সাহস যেন কিবা এটা শিকাৰ। সিহঁতৰ সপোন পূৰাবলৈ আগবাঢ়ি আহিছে জৰাগুৰি নৱদ্বীপ যুৱ সংঘ।বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ জৰাগুৰিত এজাক কণ কণ শিশুৰ মানসিক, শৈক্ষিক বিকাশৰ লক্ষ্যৰে আজি জৰাগুৰি যুৱ সমাজে কণ কণ শিশু সকলক একগোট কৰি প্ৰতিষ্ঠা কৰিছে এখন চিত্ৰকলা বিদ্যালয়।শিশু সকলক এখন ৰঙিল পৃথিৱী দেখুৱাৰ উদ্দেশ্যৰে প্ৰতিষ্ঠা কৰা চিত্ৰকলা বিদ্যালয়খনৰ শুভ উদ্বোধন কৰে বিশিষ্ট কবি সাহিত্যক মণিকণকণা বৰবৰাই।

এই শুভ উদ্বোধনি অনুষ্ঠান উপস্থিত থাকে প্ৰাক্তন শিক্ষক বলীন চন্দ্ৰ বৰা , প্ৰশান্ত লৈং , জয়ন্ত দত্ত , শ্ৰীমন্ত হাজৰিকা , প্ৰশান্ত নেওগ।গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে আকাশ চোৱাৰ সপোন সাৰ্থক কৰিবলৈ জৰাগুৰি নৱদ্বীপ যুৱ সংঘই প্ৰতিটো সময়ত শিশু সকলকলৈ বিভিন্ন কাৰ্যসূচী হাতত লৈ আহিছে।

ৰঙামাটিৰ পৰা দিব্য জ্যোতি কাকতিৰ প্ৰতিবেদন