Home Blog Page 2185

চৌদিৰ এগৰাকী মহিলাক ৩৪ বছৰ কাৰাদণ্ড বিহা হৈছে। আনহাতে শাস্তি শেষ হোৱাৰ পিছতো পুনৰ ৩৪ বছৰ ভ্ৰমণত নিষেধাজ্ঞা

চৌদি মহিলাগৰাকীক তেওঁৰ টুইটৰ বাবে ৩৪ বছৰৰ বাবে কাৰাবাস।চৌদিৰ এখন আদালতে ছালমা আল-শ্বেহাব নামৰ এগৰাকী মহিলাক তেওঁৰ টুইটাৰ কাৰ্যকলাপৰ বাবে ৩৪ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে।

এটা মানৱ অধিকাৰ সংগঠনে কৈছিল যে তেওঁৰ বিৰুদ্ধে দাখিল কৰা অভিযোগবোৰৰ ভিতৰত আছে “ৰাজহুৱা শৃংখলা ব্যাহত কৰিব বিচৰা লোকসকলক সহায় আগবঢ়োৱা আৰু ৰাজ্যখনৰ সাধাৰণ জনতাৰ সুৰক্ষা আৰু স্থিৰতা হ্ৰাস কৰা, আৰু টুইটাৰত মিছা আৰু দৃষ্টান্তমূলক উৰাবাতৰি প্ৰকাশ কৰা”।

বঙাইগাঁও জিলাৰ বইটামাৰী শিক্ষাখণ্ডৰ অন্তৰ্গত পঞ্চগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত জনগোষ্ঠীয় উৎসৱ

পাঠ্যপুথিগত শিক্ষাৰ সমান্তৰালভাৱে শিক্ষাৰ্থীসকলক সাংস্কৃতিক শিক্ষা দিয়াৰ বাবে জনগোষ্ঠীয় উৎসৱৰ আয়োজন।ৰাতিপুৱা ৯ বজাত পঞ্চগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল মতলেৱে পতাকা উত্তোলন, ২ন‌ং পঞ্চগাঁও প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক বিষ্ণু দিগম্বৰ ৰায়ে স্মৃতি তৰ্পনেৰে জনগোষ্ঠীয় উৎসৱ কাৰ্যসুচীৰ শুভাৰম্ভ কৰে।বিহুনৃত্য, আধুনিক নৃত্য, বাহ নৃত্য, কোঁচ ৰাজবংশী নৃত্য গীতেৰে মুখৰিত পৰিবেশৰ মাজেৰে অনুষ্ঠিত হয় সাংস্কৃতিক শোভাযাত্ৰা।

শোভাযাত্ৰাৰ উপৰিও বৃক্ষৰোপন, শিক্ষাৰ্থী সকলৰ মাজত খেল ধেমালী নৃত্য গীতো অনুষ্ঠিত হয়।সাংস্কৃতিক অনুষ্ঠানত ভালেকেইটা জনগোষ্ঠীয় নৃত্য ও প্ৰদৰ্শন কৰে অনুষ্ঠানটোত অংশ লোৱা ৮খন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে।পঞ্চগাঁও মণ্ডল সমল কেন্দ্ৰৰ সম্বন্বয়ক শৈলেন তালুকদাৰৰ অনুপস্থিতিত ২নং পঞ্চগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পদ্মলোচন বৰ্মনৰ নেতৃত্বত অনুষ্ঠিত হয় এই অনুষ্ঠান।

বিয়লী আব্দুল মতলেৱ সেখৰ সভাপতিত্বত অনুষ্ঠিত মুকলী ও বঁটা বিতৰণী সভাত উপস্থিত থাকে জিলা আঁচনি বিষয়া কৰেন বৰ্মন,গৌতম ঠাকুৰীয়াৰ লগতে আন ভালেসংখ্যক গুণী মানি ব্যক্তি।

‘মই ডিএনএ পৰীক্ষাৰ বাবে সাজু, অনুগ্ৰহ কৰি…’ নেতাজী সুভাষ চন্দ্ৰ বসুৰ জীয়ৰীয়ে স্বাধীনতা দিৱসত মোডী চৰকাৰলৈ কিয় এইদৰে আহ্বান জনালে

অনিতা বোছ ফাফে তেওঁৰ বিবৃতিত ভাৰত, পাকিস্তান আৰু বাংলাদেশৰ জনসাধাৰণক আবেদন জনাই কয় যে নেতাজীৰ জীৱনত তেওঁৰ দেশৰ স্বাধীনতাতকৈ অধিক গুৰুত্বপূৰ্ণ একো নহয়। গতিকে এতিয়া সময় আহি পৰিছে যে অন্ততঃ তেওঁৰ অৱশিষ্টবোৰ ভাৰতৰ মাটিলৈ ঘূৰাই দিব পাৰি। ‘নেতাজীক ঘৰলৈ আনিব’।স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ দেশে নেতাজী সুভাষ চন্দ্ৰ বসুক স্মৰণ কৰি আছে। ইফালে, জাৰ্মানীত বাস কৰা নেতাজীৰ জীয়ৰী অনিতা বোছ ফাফে নেতাজীৰ অৱশেষ ভাৰতলৈ অনাৰ বাবে ভাৰত চৰকাৰক দাবী জনায়। অনিতা বসুৱে এইটোও কৈছে যে নেতাজীৰ গোটেই জীৱনত দেশৰ স্বাধীনতাতকৈ একো গুৰুত্বপূৰ্ণ নাছিল। প্ৰকৃততে, নেতাজী সুভাষ চন্দ্ৰ বসুৰ মৃত্যু এক ৰহস্য। বহুতে দাবী কৰিছিল যে নেতাজীৰ বিমান দুৰ্ঘটনাত মৃত্যু হৈছে। তাৰ পিছত তেওঁৰ অৱশেষ এজন জাপানী কৰ্তৃপক্ষই সংগ্ৰহ কৰিছিল আৰু টকিঅ’ৰ ৰেঙ্কোজি মন্দিৰত সংৰক্ষণ কৰিছিল। তেতিয়াৰ পৰা তিনি প্ৰজন্মৰ পুৰোহিতসকলে ধ্বংসাবশেষৰ যত্ন লৈছে।

ডিএনএ পৰীক্ষাৰ চাহিদা
এই খণ্ডটোত, আকৌ এবাৰ জাৰ্মানীত বাস কৰা ৭৯ বছৰীয়া অনিতা বসুৱে কৈছিল যে তেওঁ জাপানৰ টকিঅ’ৰ এটা মন্দিৰত সংৰক্ষিত নেতাজীৰ অৱশেষৰ ডিএনএ পৰীক্ষাৰ বাবে সাজু। তাই এইটোও কৈছিল যে মন্দিৰৰ পুৰোহিত আৰু জাপান চৰকাৰৰো বিচাৰত কোনো আপত্তি নাছিল আৰু ধ্বংসাবশেষ হস্তান্তৰ কৰিবলৈ সাজু আছিল। ভাৰতৰ লোকসকলক আবেদন
অনিতা বসুৱে তেওঁৰ বিবৃতিত ভাৰত, পাকিস্তান আৰু বাংলাদেশৰ জনসাধাৰণক আবেদন জনাই কয় যে নেতাজীৰ জীৱনত তেওঁৰ দেশৰ স্বাধীনতাতকৈ অধিক গুৰুত্বপূৰ্ণ একো নহয়। গতিকে এতিয়া সময় আহি পৰিছে যে অন্ততঃ তেওঁৰ অৱশিষ্টবোৰ ভাৰতৰ মাটিলৈ ঘূৰাই দিব পাৰি। তেওঁ নেতাজীৰ চিতাভস্ম তেওঁৰ মাতৃভূমিলৈ ঘূৰাই অনাৰ বাবে জনসাধাৰণক প্ৰচেষ্টা চলাবলৈ আহ্বান জনায়। ‘নেতাজীক ঘৰলৈ আনিব’।

নেতাজীৰ মৃত্যু: আটাইতকৈ ডাঙৰ ৰহস্য
নেতাজীৰ একমাত্ৰ সন্তান অনিতা বসুৱে দীৰ্ঘদিন ধৰি কৈ আহিছে যে নেতাজীৰ ধ্বংসাবশেষ ৰেঙ্কোজী মন্দিৰত আছে। নেতাজীৰ কেইবাজনো ভাৰতীয় আত্মীয়ই ও চৰকাৰক টাইৱানৰ পৰা নেতাজী ক’লৈ গৈছিল জানিবলৈ কেইবাবাৰো অনুৰোধ কৰিছিল। অষ্ট্ৰিয়াত জন্মগ্ৰহণ কৰা অৰ্থনীতিবিদ অনিতা বোছ ফাফ নেতাজী সুভাষ চন্দ্ৰ বসু আৰু তেওঁৰ পত্নী এমিলি শ্চেনকলৰ কন্যা। তাইৰ বয়স মাত্ৰ চাৰি মাহ আছিল যেতিয়া নেতাজী ব্ৰিটিছৰ সৈতে যুঁজিবলৈ জাৰ্মানীৰ পৰা দক্ষিণ পূব এছিয়ালৈ গৈছিল।

টংলা আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ চুৰি হোৱা ৪ লাখ ৫০ হাজাৰ ৯৩০ টকা। টংলা এন আৰ এল তেল ডিপোৰ দুই কৰ্মচাৰীক জেললৈ প্ৰেৰণ…

ওদালগুৰি জিলাৰ টংলা চহৰৰ অন আৰ এল তেল ডিপোৰ পৰা যোৱা কালি পুৱা প্ৰায় ৭ বজাত ডিপোৰ কেছ বক্সৰ পৰা ৪ লাখ ৫০ হাজাৰ ৯৩০ টকা চুৰি হোৱা ঘটনাই হঠাতে তেল ডিপোৰ কৰ্মচাৰীৰ মাজত হোৱা দোঁৱাৰ সৃষ্টি হয়। উক্ত টকা চুৰি সম্পৰ্কত ডিপোৰ পৰিচালক নোৱাল কিশোৰ শ্বাহে লগে লগে টংলা আৰক্ষী থানাত লিখিত ভাবে অৱগত কৰাৰ লগে লগে টংলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰিদৰ্শক বিশ্বজিৎ মেধিৰ নেতৃত্বত আৰক্ষীৰ এটি সঁজাতি দলে তেল ডিপোত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

তেল ডিপোৰ কৰ্মচাৰীসকলক সোধা পোছা কৰাৰ লগতে চি চি টিভিৰ ফুটেজ পৰীক্ষা কৰি ডিপোৰ দুজন কৰ্মচাৰীক টংলা আৰক্ষী থানালৈ আনি উক্ত টকা চুৰি সম্পৰ্কত ক্ষিপ্ৰ তদন্ত কৰাৰ অন্তত দুই ধৃত কৰ্মচাৰীয়ে টকা চুৰি কৰাৰ কথা স্বীকাৰ কৰে আৰু দুই চোৰৰ তথ্যৰ ভিত্তিত নিশা প্ৰায় ১১,৩০ বজাত তেল ডিপোটোৰ গাতে লাগি থকা ডিপোৰ গৰাকী গিৰীণ ডেকাৰ বাস গৃহৰ চৌহদত মাটিত পুতি থোৱা উক্ত চুৰি টকাখিনি মাটি খান্দি গাতৰ পৰা পলিথিনেৰে মেৰিয়াই থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে লগতে ধৃত দুই কৰ্মচাৰী ক্ৰমে চুনীলাল কুমাৰ(২৫) আৰু চনু কুমাৰ(২৩) ক গ্ৰেপ্তাৰ কৰি ভাৰতীয় দণ্ডবিধিৰ ৪৪৮/৩৭৯ ধাৰাত টংলা থানাৰ ৪২/২২ নম্বৰ গোচৰ পঞ্জীয়ন কৰি আজি দুই চোৰক ওদালগুৰি জেল হাজোতলৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে, ডিপোৰ দুই কৰ্মচাৰী তথা দুইজন চোৰৰ ঘৰ বিহাৰৰ বৈশালী জিলাৰ জাফৰিবাদত ঘৰ। টংলা আৰক্ষীৰ নেৰা নেপেৰা প্ৰচেষ্টাৰ ফলত চুৰি হোৱা উক্ত ৪ লাখ ৫০ হাজাৰ ৯৩০ টকা উদ্ধাৰ হোৱা কাৰ্যক ৰাইজে শলাগ লৈছে।


তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু অংক বিষয় ইংৰাজী মাধ্যমত পাঠদানৰ সিদ্ধান্ত বাতিলৰ দাবী

অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰা বিজ্ঞান আৰু অংক বিষয়ত ইংৰাজী মাধ্যমত পাঠদানৰ সিদ্ধান্ত বাতিল কৰক,ৰাষ্ট্ৰীয় শিক্ষা আধাৰত প্ৰাথমিক বিদ্যালয়সমূহত মাতৃভাষা মাধ্যমত পাঠদানৰ ব্যৱস্থা কৰক,প্ৰাথমিক বিদ্যালয়সমূহত শ্ৰেণীয়ে প্ৰতি শিক্ষকৰ ব্যৱস্থা কৰক ,ৰাজ্যৰ প্ৰতি পাঁচ কিলোমিটাৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান স্থাপন কৰক আদি কেবাটাও দাবী সম্বলিত তিনি ঘন্টা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ,কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি ওদালগুৰি জিলা সমিতিয়ো টংলাৰ আকাশ- বতাহ কঁপাই তোলে।ওদালগুৰি জিলা সমিতিৰ সভাপতি কণ্ঠ কুমাৰ দাস আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দেৱজিৎ দাসৰ নেতৃত্বত অনুষ্ঠিত অৱস্থান ধৰ্মঘটত জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ কেবিনেট সিদ্ধান্তক কোনো ক্ষেত্ৰতে সফল হ’ব নিদিওঁ বুলি জানিব দিয়ে।জিলা সমিতিৰ বিষয় ববীয়াই পুনৰ কয় শেহতীয়াকৈ চৰকাৰখনে অসমৰ চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদান কৰাৰ হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চৰকাৰৰ এনে স্ববিৰোধী আৰু অসমীয়া বিদ্বেষী সিদ্ধান্তক কঠোৰ ভাৱে গৰিহণা জনাইছো।চৰকাৰৰ কুঅভিসন্ধি বা সিদ্ধান্ত বাতিল কৰি অসমৰ প্ৰতিখন চৰকাৰী বিদ্যালয়ত প্রতিটো শ্রেণীৰ বিপৰীতে এগৰাকী শিক্ষক নিযুক্তি দিয়া, বিজ্ঞান শিক্ষাৰ প্ৰতিষ্ঠান নতুনকৈ স্থাপন কৰা আৰু সকলো চৰকাৰী বিদ্যালয়ত শিক্ষা সম্পূৰ্ণ বিনামূলীয়া কৰাৰ দাবীত আজি সমগ্ৰ ৰাজ্যজুৰি গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বুলি জানিব দিয়ে নেতাদ্বয়ে।

টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ সন্মুখত ওদালগুৰি জিলা সমিতিৰ উদ্যোগত টংলা আঞ্চলিক সমিতিৰ সৌজন্যত অনুষ্ঠিত কৰা উক্ত কাৰ্যসূচীত জিলা ,আঞ্চলিকসমূহৰ বিষয়ববীয়াৰ উপস্থিতিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ,ওদালগুৰি জিলা সমিতিৰ সভাপতি কণ্ঠ কুমাৰ দাস আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দেৱজিৎ দাস স্বাক্ষৰিত স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।

কেন্দ্ৰীয় সংসদীয় ব’ৰ্ডত অন্তৰ্ভুক্ত হ’ল কেন্ত্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম…

বিজেপিৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা কেন্দ্ৰীয় সংসদীয় ব’ৰ্ড গঠন। অন্তৰ্ভুক্ত হ’ল কেন্ত্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম। নতুনকৈ গঠন কৰা হৈছে বিজেপিৰ কেন্দ্ৰীয় সংসদীয় সমিতি। ১১ জনীয়া ব’ৰ্ড গঠনত অনুমোদন বিজেপিৰ অধ্যক্ষ জে পি নাড্ডাৰ।

১১ জনীয়া সমিতিখনত অন্তৰ্ভুক্ত হ’ল কেন্ত্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম।বিজেপিৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী সংস্থা হিচাপে বিবেচিত সংসদীয় সমিতিত স্থান লাভ কৰিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই ব’ৰ্ডত অন্তৰ্ভুক্ত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম।ব’ৰ্ডৰ অধ্যক্ষ হিচাপে থাকিব জে পি নাড্ডা।বি এল সন্তোষ ব’ৰ্ডৰ সচিব হিচাপে নিৰ্বাচিত হৈছে।

এই বৰ্ডত কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰাপ্পা আৰু সৰ্বানন্দ সোণোৱালক স্থান দিয়াৰ বিপৰীতে বিজেপিৰ প্ৰাক্তন ৰাষ্ট্ৰীয় অধ্যক্ষ নীতিন গাডকাৰী আৰু বিজেপিৰ জ্যেষ্ঠ নেতা তথা মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক এই সমিতিৰ পৰা অপসাৰণ কৰা হৈছে ।

বৰপেটা সমীপৰ বালাভিঠা মুন ষ্টাৰ গ্ৰামীণ ছোছাইটিৰ উদ্দোগত স্বাধীনতা দিৱসৰ সংগতি ৰাখি প্ৰথম বাৰ্ষিক অধিৱেশন…

বৰপেটা সমীপৰ বালাভিঠা মুন ষ্টাৰ গ্ৰামীণ ছোছাইটিৰ উদ্দোগত স্বাধীনতা দিৱসৰ সংগতি ৰাখি প্ৰথম বাৰ্ষিক অধিৱেশন । বালাভিঠা মুন ষ্টাৰ গ্ৰামীণ ছোছাইটিৰ দুদিনীয়া কাৰ্য্যসূচীৰে দ্বিতীয় দিনটোত প্ৰাক্তন সভাপতি জাকিৰ হুছেইন চৌধুৰীৰ সভাপতিত্বত বটা-বিতৰণী ও মুকলি সভা অনুষ্ঠানৰ লগতে সম্ভৰ্ধনা জনায় ।

অনুষ্ঠানত উপস্থিত থাকে ৫নং কোকৰাঝাৰ লোকসভাৰ সাংসদ নৱ কুমাৰ শৰণীয়া কলহভাঙা পঞ্চায়তৰ সভাপতি আবু তাহেৰ বৰপেটা জিলা আমছুৰ সভাপতি জব্বৰ আলী প্ৰমুখ্যে সমাজকৰ্মী । কলহভাঙা পঞ্চায়তৰ বিভিন্ন সমস্যা বেকী নদীৰ গৰিখহনীয়া ৰাস্তা-ঘাট আদি বিষয় লৈ বালাভিঠা মুন ষ্টাৰ গ্ৰামীণ ছোছাইটিৰ তৰফৰ পৰা সাংসদ নৱ কুমাৰ শৰণীয়া হাতত এটি স্মাৰক পত্ৰ অৰ্পণ কৰে ।

সাংসদ গৰাকীয়ে ৰাইজক আশ্বাস দিয়ে বেকী নদীৰ গৰাখহনীয়া ৰাস্তা-ঘাট বিদ্যালয়ৰ আন্তগাথনি উন্নিতকৰণৰ সমস্যা অতি শীঘ্ৰে হাতত লব বুলি উল্লেখ কৰে । ইপিনে খাদ্য সামগ্ৰীৰ লগতে গাখীৰতো জি এছ টি লগোৱাত মূল্য বৃদ্ধিয়ে আকাশলংগী কৰিছে । বিহাৰৰ ৰাজনীতি পৰা বিজেপি চৰকাৰে শিক্ষা লওক বুলি উল্লেখ কৰে । বিজেপি চৰকাৰ পতন হোৱাটো নিশ্চিত ।

পুণৰ অসমত কা আন্দোলন …

নৰ্থ-ইষ্ট ষ্টুডেণ্টছ অৰ্গেনাইজেচন (এনইএছও), সদৌ অসম ছাত্ৰ সংন্থা (এএএছইউ) আৰু অন্যান্য সংগঠনে CAA ধৰি বিভিন্ন জ্বলন্ত বিষয়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

উত্তৰ–পূব ছাত্ৰ সন্থাকে ধৰি আছুৱে সমগ্ৰ উত্তৰ–পূৰ্বতে কা বাতিল কৰাৰ লগতে সীমা ছীল কৰাকে ধৰি বিভিন্ন দাবীত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছ।ছাত্ৰ নেতা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এই সন্দভৰ্ত কয় যে সম্পূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে এই আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। তেওঁ অসমৰ ৰাইজে কা মনা নাই বুলি উল্লেখ কৰি অসম আৰু উত্তৰ–পূৰ্বাঞ্চলে অবৈধ বিদেশী বোজা নলয় বুলি প্ৰকাশ কৰে।

আনহাতে আজি প্ৰসিদ্ধ বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়ে এক সংবাদমেলত উল্লেখ কৰে যে ২০২০ৰ কা আন্দোলনত শ্বহীদ হোৱা ৫ শ্বহীদৰ প্ৰসংগত আজিও তদন্ত হোৱা নাই। ন্যায়ালয়ে তদন্ত সম্পূৰ্ণ নোহোৱালৈকে অন্তৱৰ্তীকালীন সাহায্য হিচাপে ১৮ বছৰ বয়সৰ ওপৰৰখিনিক ৩ লাখ টকা আৰু ১৮ বছৰ বয়সৰ তলৰখিনিক ২ লাখ টকাকৈ সাহায্য দিয়াৰ বাবে নিৰ্দেশ দিছিলে যদিও ক’ভিডৰ দোহাই দি চৰকাকে তিনি বছৰে তদন্তৰ প্ৰতিবেদন আয়োগক দাখিল কৰিব নোৱাৰাৰ লগতে অন্তৱৰ্তীকালীন সাহায্য প্ৰদান নকৰিলে।

নাজিৰাত নাৰ্চৰ গাফিলতিত মৃত্যু এটি দেৱ শিশুৰ…

চিকিৎসক অবিহনে লিগিৰীপুখুৰীস্থিত নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়ত জন্ম এটি দেৱ শিশু।নাৰ্চৰ গাফিলতিত শিশুটিৰ মৃত্যুক কেন্দ্ৰ কৰি চিকিৎসালয় খনৰ চৌহদত উত্তপ্ত পৰিস্থিতি।

নাজিৰা লিগিৰীপুখুৰীস্থিত নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়ত আজি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি।যোৱা ১৫আগষ্টত নাজিৰা লিগিৰীপুখুৰী স্থিত নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈছিল নাজিৰা ৫নং ৱাৰ্ডৰ ৰফিকুল আলিৰ পত্নী নাজিমা বেগম।১৬আগষ্টত নাজিমা বেগমৰ জন্ম হৈছিল এটি দেৱ শিশু। উক্ত দিনা শিশুটি জন্ম হোৱাৰ সময়ত চিকিৎসক অবিহনে কেৱল কেইগৰাকীমান নাৰ্চৰ উপস্থিতেই জন্ম হৈছিল এটি সুস্থ শিশু। দেৱ শিশুটিৰ নাড়িয়েদি হঠাৎ তেজ উলাই আৰু শিশুটিৰ মৃত্যু হয় বুলি অভিযোগ ভুক্তভোগী পৰিয়ালৰ।

দুদিন পূৰ্বে জন্ম হোৱা এই দেৱশিশুটিৰ মৃত্যুক কেন্দ্ৰ কৰি আজি সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ।চিকিৎসালয়খনৰ চিকিৎসক,নাৰ্ছৰ গাফিলতিৰ ফলত কেঁচুৱাটো মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ ।চিকিৎসালয়ত চিকিৎসকৰ অবিহনে মহিলাগৰাকীয়ে জন্ম দিছিল দেৱশিশুটি।

হাজোৰ বাগটাত মাছ মাৰিবলৈ গৈ সলিল সমাধি এজন যুৱকৰ…

হাজোৰ বাগটাত এটি শোকাবহ ঘটনা সংঘটিত হৈছে।মাছ মাৰিবলৈ গৈ সলিল সমাধি ঘটিল এজন যুৱকৰ। ৩ নং বাগটা শান্তিপুৰ চুবুৰীৰ যোগেশ দাস আৰু আৰতিৰ দাসৰ পুত্ৰ মিটুল দাসে (৩৩) ।


গৰ্জন বিলৰ পুখুৰীত মাছ মাৰিবলৈ গৈ যোৱা নিশা কৰুণ মৃত্যুক সাবটি লয়।অৱশ্যে মঙ্গলবাৰে মাছ মাৰিবলৈ গৈ মিটুলে বহুসময় ধৰি ঘৰলৈ উভতি নহাত ঘৰৰ মানুহে বিছাৰি আহি বিলৰ মাজত মৃত অৱস্থাত প্ৰত্যক্ষ কৰে যুৱকজনক।

ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰোনত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰন কৰে।যুৱকজনৰ অকাল মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ বিৰাজ কৰে।