Home Blog Page 2259

যোগীঘোপাত কৰেয়া পাহাৰ খনন কাৰ্যৰ বিৰুদ্ধে উত্তৰ শালমাৰা জিলা আমছুৰ উত্তাল প্ৰতিবাদ

যোৱ কিছূদিনৰ পৰা বঙাইগাঁও জিলাৰ যোগীঘোপা কৰেয়া পাহাৰখন বহিৰাগত RSBI নামৰ কোম্পানীটোৱে বেআইনী ভাৱে পৰিবেশ বিনষ্ট কৰি পাহাৰখন খনন কৰি ধ্বংস কৰা পৰিলক্ষিত হৈছে। সেয়ে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ উত্তৰ শালমাৰা জিলা সমিতিৰ উদ্যোগত আৰু বিভিন্ন আঞ্চলিক সমিতিৰ সহযোগত আজি ১৫/০৭/২০২২ ইং তাৰিখ শুক্ৰবাৰ দিনৰ ১০ বজাত উক্ত খননকাৰ্যৰ বিৰুদ্ধে খননস্থলীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি অহা ১৪ ঘন্টাৰ ভিতৰতে খননকাৰ্য বন্ধ কৰিবলৈ অসম চৰকাৰ, বঙাইগাঁও জিলা প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষ দাবী জনায়।

খননকাৰ্য বন্ধ নকৰিলে অনাগত দিনত তিব্ৰতৰ ভাবে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হব বুলি জিলা সমিতিৰ সভাপতি বাহাৰুল ইছলামে জনাইছে।

বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাসৰ প্ৰতিবেদন

মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠনিক বৃক্ষৰোপণ প্ৰকল্পৰ অধীনত কামৰূপ জিলাৰ সংহত উপায়ুক্ত কাৰ্যালয় চৌহদত বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ

মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্পৰ অধীনত আজি কামৰূপ জিলাৰ সংহত উপায়ুক্ত কাৰ্যালয় চৌহদত বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপণ কৰা হয়। এই কাৰ্যসূচীত জিলা উন্নয়ন আয়ুক্ত নৰসিং বে, অতিৰিক্ত উপায়ুক্ত সিদ্ধাৰ্থ গোস্বামী, মুনমী কলিতাৰ লগতে সংহত উপায়ুক্ত কাৰ্যালয় চৌহদৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী সকলে অংশ গ্ৰহণ কৰে।উল্লেখ্য যে ৰাজ্য চৰকাৰৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ উদ্যোগত ৰূপায়িত এই কাৰ্যসূচী অহা ১৫ আগষ্টলৈ চলি থাকিব।

ইয়াৰ অধীনত ৰাজ্য চৰকাৰৰ সকলো কাৰ্যালয়, পৰিষদ, স্থানীয় নিগম-নিকায়, স্বায়ত্ত শাসিত পৰিষদ পঞ্জীয়নভূক্ত ছ’চাইটি, শিক্ষানুষ্ঠান সমূহকে ধৰি ৮০ হাজাৰৰো অধিক প্ৰাতিষ্ঠানিক চৌহদ সমৰি লোৱা হ’ব।

এই পদক্ষেপৰ জৰিয়তে ব্যপক গছপুলি ৰোপণ কৰি কাৰ্বন ভাণ্ডাৰ বৃদ্ধি কৰা, অধিক সেউজ আৱৰণ বৃদ্ধিৰে প্ৰাতিষ্ঠানিক চৌহদৰ সৌন্দৰ্য বৃদ্ধিৰে শ্যামলী চৌহদ গঢ়িতোলা, জলাবায়ু পৰিৱৰ্তন ৰোধত সামূহিক অংশগ্ৰহণৰ বাবে সজাগতাৰ সৃষ্টি কৰা ইত্যাদি লক্ষ্য সমূহ পূৰণৰ পদক্ষেপ লোৱা হৈছে।

ইফ্তাজুল হকৰ প্ৰতিবেদন

শিৱসাগৰত তেল আৰু প্ৰাকৃতিক গেছ নিগম ঠিকাদাৰ সন্থা সংবাদমেল

শিৱসাগৰত তেল আৰু প্ৰাকৃতিক গেছ নিগম ঠিকাদাৰ সন্থা সংবাদ মেল।শিৱসাগৰ নগৰৰ প্ৰেছ ক্লাব ত সংবাদ মেল আয়োজন।তেল আৰু প্ৰাকৃতিক গেছ নিগমত অসমীয়া নিবনুৱা কৃষি ভূমি দি বহু ক্ষেত্ৰত সহযোগিতা স্থাপন কৰি আহিছে।উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ব বৃহৎ উদ্যোগ প্ৰতিস্থাপন তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ বছৰ বছৰ ধৰি ঠিকা কাম কৰি পৰিয়াল পোহপাল দিয়া প্রায় ৫০০ ঠিকাদাৰ পৰিয়ালক ভাতে মৰাৰ এক ষড়যন্ত্ৰৰ লিপ্ত হৈছে।

যোৱা ইং ৩০/০৯/২০১৯ তাৰিখে নিবিদা নং RC2NC1909ৰ যোগেদি তিনি বছৰৰ বাবে আহ্বান কৰা তৈল্যক্ষেত্ৰ কেইখনত ARC (Annual Rate Contact) নিবিদাত দুবাৰকৈ নিৰিখ ধাৰ্য্য কৰিব দি ক’ভিদ – ১৯ ৰ সুযোগ লৈ নিম্ন হাৰত নিৰিখ ধাৰ্য্য কৰিবলৈ বাধ্য কৰিলে। অন্যথা ঠিকাদাৰসকলক ব্লেক লিষ্ট কৰাৰ ভাবুকি প্রদান কৰিলে। যাৰ বাবে ঠিকাদাৰসকলে বহু লোকচানৰ
সন্মুখীন হ’ব লগা হয়। উক্ত বিষয় টো ওপৰত ঠিকাদাৰ সন্থাই পেট্ৰলিয়াম মন্ত্ৰী ৰামেশ্বৰ টেলী ডাঙৰীয়াৰ যোগেদি
অ’এন.জি.চি. কর্তৃপক্ষক উক্ত নিবিদাটো বাতিল কৰিবৰ বাবে স্মাৰক পত্ৰ প্ৰেৰণ কৰা পাছতোকোনোধৰণৰ সহাৰি নজনালে।পুনৰ আচৰ্যজনক ভাৱে যোৱা ইং 25/06/2022 তাৰিখে নিবিদা নং RC1B22005 ৰ যোগেদি তেল আৰুপ্রাকৃতিক গেছ নিগমে নিবিদা আহ্বান কৰিছে। উক্ত নিবিদাত Sub head A আৰু Sub head B বুলি উল্লেখ কৰি লাকুৱা, গেলেকী, ৰূদ্ৰসাগৰ তিনিখন তৈলক্ষেত্ৰৰ প্ৰত্যেকতে দুটাকে গ্রুপ উল্লেখ কৰি কৈছে যে Sub head A ত পাঁচ জনকৈ আৰু Sub head Bত পোন্ধৰ জনকৈ প্ৰত্যেক তৈল ক্ষেত্ৰত ঠিকাদাৰ বাচনি কৰা হৈছে। উক্ত নিবিদা সম্পৰ্কত যোৱা ইংৰাজী ৫-07-2022 তাৰিখে তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ চিভিল কৰ্তৃপক্ষক লিখিত স্মাৰক পত্ৰৰ যোগেদি সকলো ঠিকাদাৰ অন্তৰ্ভুক্ত কৰাৰ বিষয়ে কোৱা হৈছিল আৰু লগতে নিৰিখ ধাৰ্য্য ১০ শতাংশ তলত বা ওপৰত নিৰিখ ধাৰ্য্য কৰিব কোৱা হৈছিল যদিও আজি পর্যন্ত বিভাগীয় কর্তৃপক্ষই একো সু-ব্যৱস্থা গ্ৰহণ নকৰিলে।


নিবিদাৰ অন্তৰালত নিহিত হৈ থকা কূট কৌশলৰ যোগেদি এচাম অনা অসমীয়া উৰ্ধতম কৰ্তৃপক্ষৰ মইমতালিত স্থানীয় শিক্ষিত নিবনুৱা ঠিকাদাৰ সকল ঠিকা কামৰ পৰা বঞ্চিত কৰি অসমীয়াক ভাতে মৰাৰ ব্যৱস্থা কৰিব উলাইছে তাক লৈ তীব্র ভাষাৰে গৰিহনা জনাইছে যদি উক্ত বিভাগীয় কৰ্তৃপক্ষই এক সু সিদ্ধান্ত নকৰিলে এক গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ হুংকাৰ প্ৰদান কৰিছে।

হাটশিঙিমাৰীত জাগ’ ইণ্ডিয়া নিধি লিমিটেডৰ শুভ উদ্বোধন

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত আজি নুৰুল ইছলামৰ উদ্যোগত জাগ’ ইণ্ডিয়া নিধি লিমিটেড কম্পানীৰ আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰে ৷ বেংকিংৰ সকলো সুবিধা সামৰি উদ্বোধন কৰা জাগ’ ইণ্ডিয়া নিধি লিঃমিঃটেঃৰ শুভ উদ্বোধন উপলক্ষে এখন সাধাৰণ সভা অনুষ্ঠিত কৰে সভাত উপস্থিত থাকে জাগ’ ইণ্ডিয়াৰ প্ৰায় অৰ্ধশতাধিক সদস্য আৰু কৰ্মচাৰীৰ লগতে প্ৰায় শতাধিক স্থানীয় ৰাইজ৷


উল্লেখ্য যে, মানকাচৰৰ পূৰ্বাঞ্চল কালাপানীৰ বাসিন্দা নুৰুল ইছলামে সৰুৰে পৰা দেখা সপোন আজি বাস্তবায়িত কৰাৰ লগতে আন দহজনকো কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে৷আত্মসহায়ক গোট পৰা ব্যৱসায় আৰম্ভ কৰি নুৰুল ইছলামে আজি সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰে৷

মানকাচৰৰ পৰা আশিক ইকবাল হোচেইনৰ প্ৰতিবেদন

আচৰিত! কি পিন্ধিলে উৰ্ফিয়ে, এনে আচৰিত কাপোৰ পিন্ধি খেলিলে এইবিধ খেল! নেটিজেনসকল অবাক হৈ ৰ’ল…ভিডিঅ’ চাওক

যেতিয়া উৰ্ফি জাভেদৰ কথা আহে, প্ৰতিবাৰেই তাইৰ পোছাকবোৰ কল্পনাৰ বাহিৰত যায়। প্ৰতিবাৰেই অভিনেত্ৰীগৰাকীয়ে তেওঁৰ পুৰণি পোছাকতকৈও অধিক সাহসী পিন্ধি ওলাই আহে আৰু অনুৰাগীসকলক আচৰিত কৰে। কিন্তু এইবাৰ, উৰ্ফি জাভেদে তেওঁৰ কাপোৰৰ সৈতে ইমান বিপদাশংকা লৈছে যে ই তেওঁৰ বাবেও সমস্যা হৈ পৰিব পাৰে। অভিনেত্ৰীগৰাকীয়ে ব্ৰালেছ হৈ সন্মুখৰ পৰা এটা ডাগৰ সৈতে শীৰ্ষটো বান্ধি দিছে। তাৰ পিছত, তেওঁ এনে এখন খেল খেলিছিল যিটো তেওঁৰ বাবে যথেষ্ট বিপদজনক আছিল। অভিনেত্ৰীগৰাকীয়ে এই টপটো পিন্ধি খেলখন খেলি থকাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ আছে আৰু সকলোঠাইতে তেওঁৰ পোছাকৰ আলোচনা হৈছে।

কমলা কাপোৰৰ পৰা তৈয়াৰ কৰা এনে এটা শীৰ্ষ

এই ভিডিঅ’টোত, উৰ্ফি জাভেদে কমলা ৰঙৰ সন্মুখৰ খোলা টপ পিন্ধিআছে। এই ভিডিঅ’টোত, স্পষ্টভাৱে দেখা গৈছে যে অভিনেত্ৰীগৰাকীয়ে এই শীৰ্ষ ব্ৰালেছ পিন্ধিছে। বিশেষ কথাটো হ’ল যে উৰ্ফিয়ে এই শীৰ্ষটো সন্মুখৰ পৰা সম্পূৰ্ণৰূপে খুলিছে আৰু সন্মুখৰ পৰা পাতল সূতাৰে শীৰ্ষটো বান্ধি দিছে। উৰ্ফিয়ে এই অত্যাধিক সাহসী আৰু উপশমকাৰী টপৰ সৈতে নিম্ন-পশ্চিম জিনচ পিন্ধিআছে।

এটা ভুল আৰু…

এই ভিডিঅ’টোত, অভিনেত্ৰীগৰাকীয়ে তেওঁৰ শীৰ্ষটো এনে এটা সূতাৰে বান্ধি দিছে যে তেওঁৰ এটা ভুলৰ বাবে, তেওঁ উফ মুহূৰ্তৰ ভুক্তভোগী হ’ব পাৰে। এই চেহেৰাটো সম্পূৰ্ণ কৰিবলৈ, উৰ্ফিয়ে তাইৰ চুলি আধা বান্ধিছে আৰু আধাখুলিছে। ইয়াৰ লগতে, চেটালবোৰ মেকআপত যথেষ্ট ভাল দেখা গৈছে।

নীতিন গাডকাৰীৰ বক্তব্যৰ পিছত গাড়ী আৰু বাইক আৰোহীসকল বহুত সুখী

নীতিন গাডকাৰীই ই ভিসন্দৰ্ভতঃ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে এনে ঘোষণা কৰিলে, গাড়ী-বাইক আৰোহীসকলে আনন্দেৰে জঁপিয়াই পৰিল।বৈদ্যুতিক বাহনৰ ওপৰত নীতিন গাডকাৰীঃ নীতিন গাডকাৰীয়ে এক অনুষ্ঠানৰ সময়ত কৈছিল যে আহিবলগীয়া সময় টো ইলেক্ট্ৰিক মব লিমিটেডৰ। তেওঁ কয় যে আগন্তুক সময়ত বৈদ্যুতিক গাড়ী আৰু বাইকৰ মূল্য পেট্ৰ’ল চালিত গাড়ী আৰু বাইকৰ সমান হ’ব।বৈদ্যুতিক বাহনৰ ওপৰত নীতিন গাডকাৰী: যদি আপুনি গাড়ী বা বাইক লোৱাৰ পৰিকল্পনা কৰি আছে, তেন্তে এই খবৰটো আপোনাৰ কামৰ। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছে যে অহা এবছৰত বৈদ্যুতিক বাহনৰ মূল্য পেট্ৰ’ল বাহনৰ সমান হ’ব। এই বিবৃতিৰ পিছত, গাড়ী আৰু বাইক আৰোহীসকল যথেষ্ট সুখী।

বৈদ্যুতিক ইন্ধন সোনকালেই বাস্তৱত পৰিণত হ’ব।
গাডকাৰীয়ে কৈছিল যে প্ৰযুক্তি আৰু সেউজইন্ধনৰ দ্ৰুত পৰিৱৰ্তনে বৈদ্যুতিক অটোমোবাইলৰ ব্যয় হ্ৰাস কৰিব। ইয়াৰ ফলত অহা এবছৰত বৈদ্যুতিক বাহনৰ মূল্য পেট্ৰ’ল চালিত বাহনৰ সমান হ’ব। গাডকাৰীয়ে কাৰ্যকৰী থলুৱা ইন্ধন স্থানান্তৰৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিছিল আৰু আশা কৰিছিল যে বৈদ্যুতিক ইন্ধন সোনকালেই বাস্তৱত পৰিণত হ’ব। ই প্ৰদূষণৰ স্তৰ হ্ৰাস কৰিব।

হাইড্ৰজেন সোনকালেই আটাইতকৈ সস্তা ইন্ধন বিকল্প হ’ব

গাডকাৰীয়ে দেশৰ সাংসদসকলক হাইড্ৰজেন প্ৰযুক্তি গ্ৰহণ কৰিবলৈও আহ্বান জনাইছিল। তেওঁ কৈছিল যে তেওঁ নিজৰ লোকসভা সমষ্টিত নৰ্দমাপানীৰ পৰা সেউজীয়া হাইড্ৰজেন তৈয়াৰ কৰিবলৈ উদ্যোগ ল’ব বিচাৰিছিল। তেওঁ কৈছিল যে হাইড্ৰজেন সোনকালেই আটাইতকৈ সস্তা ইন্ধনবিকল্প হ’ব।

পেট্ৰ’ল বাহনৰ মূল্য সমান হ’ব
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, “লিথিয়াম-আয়ন বেটাৰিৰ মূল্য দ্ৰুতগতিত হ্ৰাস পাইছে। জিংক-আয়ন, এলুমিনিয়াম-আয়ন, ছডিয়াম-আয়ন বেটাৰি আৰু কি ব্যৱহাৰ কৰা হৈছে? সেইটো বেছি দূৰ নহয় যেতিয়া বৈদ্যুতিক স্কুটাৰ, গাড়ী, অটো ৰিক্সাৰ মূল্য পেট্ৰ’ল চালিত স্কুটাৰ, গাড়ী, অটো-ৰিক্সাৰ সমান হ’ব।

ইন্ধনৰ ব্যৱহাৰ 90% হ্ৰাস কৰিব লাগিব
বৈদ্যুতিক বাহনৰ লাভালাভৰ বিষয়ে ব্যাখ্যা কৰি তেওঁ কয় যে যদি আপুনি পেট্ৰ’লৰ ওপৰত ১০০ টকা খৰচ কৰি আছে, তেন্তে বৈদ্যুতিক বাহন চলোৱাৰ ব্যয় ১০ টকালৈ হ্ৰাস পাব। ইয়াৰ আগতে, গাডকাৰীয়ে এখন সেউজীয়া হাইড্ৰজেন ফুৱেল চেল কাৰ মুকলি কৰিছিল। সেউজীয়া হাইড্ৰজেন চালিত গাড়ীএখনত চলাবলৈ প্ৰতি মাইলত 1 টকাতকৈ কম ব্যয় হয়।

পবিত্ৰ শাওণ মাহৰ পহিলা দিনটোত নগাঁৱৰ বিভিন্ন শিৱ মন্দিৰত ভক্তপ্ৰাণ ৰাইজ-দৰ্শনাথীৰ ভিৰ

আজিৰে পৰা আৰম্ভ হৈছে হিন্দু ধৰ্ম্মাৱলম্বী লোক সকলৰ বাবে এটি পবিত্ৰ মাহ “শাওণ মাহ”৷ সেই উপলক্ষে আজি নগাঁও জিলাৰ বিভিন্ন শিৱ মন্দিৰ সমূহত হাজাৰ হাজাৰ শিৱভক্ত তথা দৰ্শনাৰ্থীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ হিন্দু ধৰ্ম্মাৱলম্বী লোক সকলে এই
শাওণ মাহৰ পহিলা দিনটোত আজি পুৱাৰে পৰা সন্ধিয়া পৰ্যন্ত নগাঁৱৰ বিভিন্ন শিৱ মন্দিৰ সমূহত চাকিবন্তি,শৰাই-শলিতা,ফলমূল আদিৰে দেবাদি দেৱ মহাদেৱ শিৱক পূজা-অৰ্চনা তথা আৰাধনা কৰি আৰ্শীষ গ্ৰহণ কৰে৷


জিলাখনৰ বেবেজীয়াৰ মাহৰিআটিৰ হৰিহৰ দেৱালয়,দক্ষিণপাটৰ কালিকা থান,হাতীগড়ৰ বুঢ়া গোহাঁই থান,জামুগুৰিৰ হৰগৌৰী মন্দিৰ,চকলাঘাট সোনাইপাৰৰ গৌৰীনাথ শিৱ মন্দিৰ,আমোলাপট্টি শ্মশানঘাট শিৱ মন্দিৰ,নগাঁও সাৰ্ব্বজনীন কৃষ্ণাশ্ৰম শিৱ মন্দিৰ,ভেৰভেৰীৰ মহামৃত্যুঞ্জয় মন্দিৰকে ধৰি অঞ্চলৰ বিভিন্ন সৰু-বৰ শিৱ মন্দিৰত আজি পুৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজ তথা দৰ্শনাৰ্থীৰ লানি নিছিগা সোঁত বোৱা পৰিলক্ষিত হয় ৷ শাওণ মাহৰৰ পহিলা দিনটোত আজি ভক্তপ্ৰাণ তথা দৰ্শনাৰ্থী ৰাইজে অনাগত বছৰৰ দিনসমূহ যেন ভালে কুশলে পাৰ হৈ যোৱাৰ মানসেৰে মহাদেৱ শিৱবাবাৰ শ্ৰীচৰণত আৰ্শীবাদ লৈ নতুন উৎসাহ,নতুন উদ্যমেৰে নতুন জীৱন যাত্ৰা আৰম্ভ কৰিবলৈ প্ৰাৰ্থনা কৰাৰ লগতে বছৰটো কুশল-মংগলে যোৱাৰ কামনা কৰে৷

অন্যহাতে,নগাঁও জিলাৰ সাৰ্ব্বজনীন ৰেংবেং শিৱ মন্দিৰস্থিত বলবম স্থলীৰ পৰা নিশাৰে পৰা শিৱ ভক্ত সকলে হাতত পানীৰ কলহ লৈ পদব্ৰজে নগাঁৱৰ সাৰ্ব্বজনীন কৃষ্ণশ্ৰম শিৱ মন্দিৰৰ ওপৰি মহামৃত্যুঞ্জয় মন্দিৰৰ লগতে বিভিন্ন শিৱমন্দিৰ লিংগত পানী ঢালি আশীৰ্বাদ লোৱাৰ বাবেও হাজাৰ হাজাৰ ভক্তই অংশগ্ৰহণ কৰা দেখা যায়৷

তামুলপুৰৰ নাগ্ৰীজুলিত জ্যোতি সংগীত আৰু বিষ্ণু ৰাভা সংগীতৰ কৰ্মশালাৰ সফল সামৰণী

তামুলপুৰ জিলাৰ অন্তৰ্গত শংকৰদেৱ একাডেমী জাতীয় বিদ্যালয়, নাগ্ৰীজুলিত বিটিআৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনস্থ তামুলপুৰ সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত আৰু শংকৰদেৱ সাংস্কৃতিক মহাবিদ্যালয়, নাগ্ৰীজুলিৰ সহযোগত ৭ জুলাইৰ পৰা অনুষ্ঠিত জ্যোতি সংগীত আৰু বিষ্ণু ৰাভা সংগীতৰ ১০ দিনীয়া কৰ্মশালা অনুষ্ঠানৰ আজি সফল সামৰণি পৰে। লতিবাৰী শংকৰদেৱ জাতীয় বিদ্যালয়ৰ প্ৰধান আচাৰ্য্য উপেন কলিতাই সভাপতিত্ব কৰা আজিৰ এই সামৰণি সভাখনত বিদ্যালয় খনৰ আচাৰ্য্য আচাৰ্য্যা আৰু ছাত্ৰ ছাত্ৰী সকলে সমৱেত সংগীতেৰে শুভাৰম্ভ কৰাৰ লগতে উক্ত সভাখনত মুখ্য অতিথিৰ আসন অলংকৃত কৰে বিটিআৰৰ চৰকাৰী মনোনীত এমচিএলএ হেমন্ত কুমাৰ ৰাভাই।

আজিৰ এই সামৰণি অনুষ্ঠানটোত উক্ত কৰ্মশালাত প্ৰশিক্ষণ প্ৰাপ্ত বহুকেইগৰাকী প্ৰশিক্ষাৰ্থীয়ে জ্যোতি সংগীত আৰু বিষ্ণু ৰাভা সংগীত পৰিৱেশন কৰাৰ লগতে বিদ্যালয়খনৰ আচাৰ্য আচাৰ্য্যা সকলেও গীত পৰিবেশন কৰে। তিনিকুৰিৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা উক্ত কৰ্মশালাৰ আজি সামৰণি অনুষ্ঠানটোত প্ৰশিক্ষাৰ্থী সকলক চাৰ্টিফিকেট প্ৰদান কৰা হয়।

উক্ত সামৰণী অনুষ্ঠানটোত উপস্থিত থাকে তামুলপুৰ সাংস্কৃতিক কেন্দ্ৰৰ সাংস্কৃতিক উন্নয়ন বিষয়া যুগান্ত বায়ন, প্ৰশিক্ষক শ্যামল দাস, প্ৰতাপ ব্ৰহ্মকে আদি কৰি অঞ্চলটোৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তি ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক অভিভাৱিকা উপস্থিত থাকে।

বনগাঁও প্ৰাথমিক বিদ্যালয় আৰু পুৰন্দিয়া সাহিত্য সভাৰ উদ্যোগ

বনগাঁও প্ৰাথমিক বিদ্যালয় আৰু পুৰন্দিয়া সাহিত্য সভাৰ উদ্যোগত বনগাঁও প্ৰাথমিক বিদ্যালয়ত ১৫,১৬ আৰু ১৭ জুলাই ,২০২২ত আয়োজন কৰা বিষ্ণু সংগীত আৰু জ্যোতি সংগীতৰ তিনিদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালা ১৭ জুলাইত সফল সামৰণি পৰে।সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি পানেৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ নাৰায়ণ বৰাই কয় এনেকুৱা সুন্দৰ পদক্ষেপ গ্ৰহণ কৰা বাবে দুয়োটাt অনুষ্ঠানৰ শলাগ লৈ ভূয়োসী প্ৰশংসা কৰে।প্ৰশিক্ষক গিৰিশ গৌতম ,ধ্ৰুৱজ্যোতি ৰাভা ,ডাকুৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গজেন শৰ্মা ,কণ্ঠশিল্পী পল্লৱী তাৰা আৰু আজীৱন সভ্য হেমেন শইকীয়াই চমু ভাষণ ৰাখে।কণ্ঠশিল্পী পল্লৱী তাৰা ,শিশু শিল্পী পাৰ্থ বৰুৱা ,জীয়ন ডেকা আৰু শিক্ষাৰ্থীসকলে বিষ্ণু সংগীত আৰু জ্যোতি সংগীত পৰিৱেশন কৰি সামৰণি অনুষ্ঠান মুখৰ কৰি তোলে।

তিনিদিনীয়া গ্ৰীষ্মকালীন সংগীতৰ কৰ্মশালাত যোগদান কৰা ৬০ গৰাকী শিক্ষাৰ্থীক অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ বিতৰণ কাৰ্যসূচী বন গাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা তবলা বাদক বিশ্বজিৎ চহৰীয়া অনুষ্ঠানত ৰাভা ছাত্ৰ নেতা পৱন ৰাভা ,বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মুকুট ৰাভা ,স্বভাৱ শিল্পী বাতিৰাম মদাহি ,অসম সাহিত্য সভাৰ আজীৱন সভ্য বিনন্দ হাজৰিকা,অংগনৱাড়ী কৰ্মী মনীষা ৰাভা প্ৰমুখ্যে গণ্যমান্য ব্যক্তি উপস্থিত থাকে। প্ৰথম দিনা বিষ্ণু জ্যোতিৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বনগাঁও ভিচিডিচিৰ চেয়াৰমেন শিৱ প্ৰসাদ বৰা আৰু পুৰন্দিয়া সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গোপাল চন্দ্ৰ ৰাভাই।আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে গেৰুৱা ফুটুকীবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতেন্দ্ৰ ৰাভাই ।ফটিক নন্দন ৰাভাই আঁত ধৰা যুৱ শিল্পী গিৰিশ গৌতম ,ধ্ৰুৱজ্যোতি ৰাভা,বিশ্বজিৎ চহৰীয়া ,ধ্ৰুৱজ্যোতি ৰাভা,পুলিন ৰাভাই প্ৰশিক্ষক হিচাপে যোগদান কৰা কৰ্মশালাত ডাকুৱা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক গজেন শৰ্মা ,পুৰন্দিয়া সাহিত্য সভাৰ সভাপতি খগেন্দ্ৰ নাথ বৰা ,সমাজসেৱী দধিৰাম ৰাভা , স্বভাৱ শিল্পী বাতিৰাম মদাহি, সাংস্কৃতিক কৰ্মী ,শিক্ষক নৱকুমাৰ তামুলী, ৰঙিয়াৰ কৌতুক শিল্পী নৰেন শৰ্মা ,সাংস্কৃতিক কৰ্মী পৰেশ দাস উপস্থিত থাকে।

এজাক শিশুৰ কল কাকলিত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা গ্ৰীষ্মকালীন বিষ্ণু জ্যোতিসংগীতৰ কৰ্মশালা সফল সমাপ্তি হোৱা বাবে আৰু অসমৰ জাতীয় জীৱনৰ প্ৰবাদ পুৰুষ দুগৰাকীৰ কালজয়ী গান এজাক শিশুৰ মুখত গুঞ্জৰিত হোৱা বাবে সচেতন ৰাইজে উদ্যোক্তাবৃন্দক ধন্যবাদ জ্ঞাপন কৰে।জাতীয় সংগীতেৰে তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা কৰ্মশালা সামৰণি পৰে।

চাপৰত অসম গণিত শিক্ষায়তনৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

চাপৰত অসম গণিত শিক্ষায়তনৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন।চাপৰ শাখায় উদযাপন কৰে এই দিৱস।প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কৃৰ্তি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন।

ধুবুৰী জিলাৰ চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি চাপৰ শাখায় পালন কৰে অসম গণিত শিক্ষায়তনৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস। ১৯৮৬ চনৰ ১৮ জুলাই তাৰিখে উক্ত সংগঠন টো প্ৰতিষ্ঠা হৈছিল কটনত। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি বৃহত্তৰ চাপৰ, বইটামাৰী অঞ্চলৰ পৰা ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত গণিত আৰু উচ্চ গণিত ১০০ নম্বৰ লাভ কৰি উতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা,শৰাই আৰু মানপত্ৰ প্ৰদান কৰি সম্বৰ্ধনা জ্ঞাপন কৰে।কোনো এটা সত্য আৱিষ্কাৰ কৰা পদ্ধতিটো হ’ল গণিত। গণিত হ’ল প্ৰত্যেক মানুহৰ দৈনন্দিন জীৱনত প্ৰয়োজন। অইন বিষয়ত অধ্যয়ণৰ বাবে গণিত প্ৰয়োজন।

এই মন্তব্য আগবঢ়ায় ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত তথা চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অৰুণ কংশবনিকে। সভাত বিজ্ঞ অভিজ্ঞ ব্যক্তি সকলৰ লগতে কেবাজন অধ্যক্ষ, অধ্যাপক আৰু অসম গণিত শিক্ষায়তনৰ আজীৱন সদস্য সকল উপস্থিত থাকে।