Home Blog Page 2274

বিশ্বনাথত একেদিনাই তিনিখনকৈ বিদ্যালয়ৰ মাংগলিক শুভ উদ্বোধন

বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশ্বনাথ জিলাৰ সাকোমঠা, হাটিঙা আৰু প্ৰতাপগড় চাহ বাগিছাত নৱ নিৰ্মিত তিনিখনকৈ চাহ বাগিছা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন কৰাৰ বাবে উপস্থিত হয় । উল্লেখ যে প্ৰথমে বিশ্বনাথৰ প্ৰতাপগড় চাহ বাগিছা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগনত মূখ্যমন্ত্রী গৰাকী উপস্থিত হৈ বিদ্যালয়খনৰ ফিটা কাটি শুভ উদ্বোধন কৰে লগতে বিদ্যালয় খনৰ খেলপথাৰত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানটিত অংশগ্রহণ কৰে মূখ্যমন্ত্রী গৰাকীয়ে । উল্লেখ যে আজি শুভ উদ্বোধন কৰা প্ৰতাপগড় চাহ বাগিছা উচ্চ মাধ্যমিক বিদ্যালয়খনক বিজয় চন্দ্র ভাগৱতী নামে নামাকৰণ কৰা হয়। ইয়াৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্মিয়মান বিশ্বনাথৰ আন এখন বিদ্যালয় হাটিঙা চাহ বাগিচালৈ ৰাওনা হয়।

পুনৰ মুখ্যমন্ত্ৰী গৰাকী সাকোমঠা চাহ বাগিচাত উপস্হিত হৈ শুভ উদ্ধোধন কৰে প্ৰতাপগড় চাহ বাগিচা উচ্চ মাধ্যমিক বিদ্যালয়।তাৰ পিছতে মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই বিশ্বনাথ চাৰিআলিৰ নিৰ্মিয়মান হৈ থকা চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয়।সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে ইতিমধ্যে এই চিকিৎসা মহাবিদ্যালয়ৰ কাম ২০% সম্পূৰ্ণ হৈছে আৰু ২০২৪ চন অৰ্থাত নিৰ্বাচনৰ পূৰ্বে এই চিকিৎসা মহাবিদ্যালয়ৰ কাম সম্পূৰ্ণ কৰা হব।

বটদ্ৰৱা কাণ্ডৰ অন্যতম মাষ্টাৰমাইণ্ড আল্লাউদ্দিনক গ্ৰেপ্তাৰ

বটদ্ৰবা আৰক্ষী থানা আক্ৰমন আৰু অগ্নিসংযোগৰ ঘটনাৰ অন্যতম পৰিকল্পনাকাৰী আল্লাউদ্দিনক গ্ৰেপ্তাৰ কৰা হৈছে৷ নিশা এঘাৰ বজাত দৰং জিলাৰ বেচিমাৰী আৰু দৈপামৰ মাজৰ সংখ্যালঘূ অধ্যূষিত এলেকাৰ পৰা আল্লাউদ্দিনক গ্ৰেপ্তাৰ কৰা হৈছে৷ নগাঁৱৰ পৰা পলাই গৈ দৰঙৰ মৌচিদাত আত্মগোপন কৰি আছিল আল্লাউদ্দিনে ৷ বটদ্ৰবা কাণ্ডৰ অন্যতম মূল অভিযুক্ত আল্লাউদ্দিনে আত্মগোপন কৰি থকা তথ্য আৰক্ষীয়ে লাভ কৰি বৃহস্পতিবাৰে বিয়লি ৪ বজাৰ পৰা অভিযান কৰিছিল৷ ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৰা আৰু নগাঁও আৰক্ষীৰ সহযোগত চলা এই অভিযানৰ উমান পায় মৌচিদাৰ পৰা পলায়ন কৰিছিল দুৰ্ধৰ্ষ অভিযুক্তজনে৷ আৰক্ষীয়ে পিছা লয় আল্লাউদ্দিনৰ ৷ প্ৰায় ছয় কিলোমিটাৰ আৰক্ষীক দৌৰাই নিশা আল্লাউদিনক অভিযানকাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ আল্লাউদ্দিনৰ বিৰুদ্ধে বটদ্ৰবা থানাত আছিল ড্ৰাগছ সৰবৰাহ আৰু ডকাইতিৰ একাধিক গোচৰ৷


গ্ৰেপ্তাৰ হোৱা এলেকাৰ পৰা আল্লাউদ্দিনক ধূলা থানালৈ আৰক্ষীয়ে আনি আছে৷ দৰঙ আৰক্ষীয়ে নীতি নিয়মৰ মাজেৰে বটদ্ৰবা কাণ্ডৰ অন্যতম মাষ্টাৰ মাইণ্ড আল্লাউদ্দিনক নগাঁও আৰক্ষীক গতাই দিব বুলি জানিব পৰা গৈছে৷

এতিয়াৰে পৰা যৌনকৰ্মীৰ বিৰুদ্ধে আৰক্ষীৰ হস্তক্ষেপ নচলিবঃ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়…

যৌনকৰ্ম সম্পৰ্কে উল্লেখযোগ্য নিৰ্দেশনা জাৰী কৰিছে দেশৰ উচ্চতম ন্যায়ালয়ে। আন ৫টা বৃত্তিৰ দৰে যৌনকৰ্মী সকলৰো আছে সম মৰ্যাদা আৰু সমান অধিকাৰ। এই বিষয়টো সোঁৱৰাই দিয়াৰ উপৰি দেশৰ উচ্চতম ন্যায়ালয়ে স্বেচ্ছাই যৌনকৰ্মত লিপ্ত হোৱা ব্যক্তিৰ ক্ষেত্ৰত আৰক্ষীৰ হস্তক্ষেপ আৰু অপৰাধমূলক গোচৰ ৰুজু কৰাৰ প্ৰৱণতাও ৰোধ কৰিছে ন্যায়ালয়ে। ন্যায়াধীশ এল নাগেশ্বৰ ৰাওৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে এই সন্দৰ্ভত ৬টা নিৰ্দেশনা জাৰী কৰিছে। ইয়াৰ জৰিয়তে যৌনকৰ্মীসকলৰ অধিকাৰ সুৰক্ষিত হ’ব বুলি উচ্চতম ন্যায়ালয়ে সদৰী কৰিছে।

বিচাৰপীঠে কয়, ‘আইনৰ দৃষ্টিত যৌনকৰ্মীসকলো সমান সুৰক্ষাৰ অধিকাৰী। যেতিয়া স্পষ্ট হৈ পৰে যে এজন যৌনকৰ্মী এজন প্ৰাপ্তবয়স্ক আৰু সন্মতি সাপেক্ষে নিজকে এই বৃত্তিত নিয়োগ কৰিছে তেতিয়া আৰক্ষীয়ে অযথা হস্তক্ষেপৰ পৰা বিৰত থাকিব লাগিব। কোনো অপৰাধমূলক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব। সংবিধানৰ ২১ নং অনুচ্ছেদে এই দেশৰ প্ৰতিজন নাগৰিকৰ মৰ্যাদাপূৰ্ণ জীৱনৰ অধিকাৰ সুনিশ্চিত কৰিছে।’ বেশ্যালয় সমূহত আৰক্ষীয়ে অভিযান চলোৱাৰ সময়ত যৌনকৰ্মীক গ্ৰেপ্তাৰ, শাস্তি বা হাৰাশাস্তি কৰা উচিত নহয় বুলি আদালতে স্পষ্ট কৰি দিয়ে। কাৰণ যৌনতা অবৈধ নহয়, কেৱল বেশ্যালয় চলোৱাটোহে অবৈধ।’


এগৰাকী মাতৃ যৌন কৰ্মত নিয়োজিত বুলি কাৰণ দৰ্শাই শিশুটিক মাতৃৰ পৰা আঁতৰাই নিব নোৱাৰিব বুলিও মত পোষণ কৰে ন্যায়ালয়ে। তদুপৰি যদি কোনো যৌনকৰ্মীয়ে তেওঁৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ অভিযোগ লৈ আৰক্ষীৰ ওচৰলৈ যায়, তেন্তে আৰক্ষীয়ে সমানে মনোযোগেৰে বিষয়টো চাব লাগিব বুলিও জনায়। কোনো ঘটনা সংঘটিত হ’লে যৌনকৰ্মীৰ পৰিচয় ৰাজহুৱা কৰিব নালাগে বুলিও স্পষ্ট নিৰ্দেশ ন্যায়ালয়ৰ। উল্লেখ্য যে, এই পৰামৰ্শ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰৰ মতামতো বিচাৰিছিল। ২৮ জুলাইত এই গোচৰৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ’ব। উক্তদিনা উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত কেন্দ্ৰৰ উত্তৰ শুনানি গ্ৰহণ কৰিব।

চাৰি ৰাষ্ট্ৰৰে গঠিত কোৱাড গোট চীনৰ বাবে প্ৰত্যাহ্বান হৈ পৰিব নেকি?

চীনৰ বাবে প্ৰত্যাহ্বান হৈ উঠিব নেকি চাৰি ৰাষ্ট্ৰৰে গঠিত কোৱাড গোট ? আমেৰিকা, ভাৰত, অষ্ট্ৰেলিয়া আৰু জাপানক লৈ গঠিত গোটটোৰ শেহতীয়াকৈ জাপানত অনুষ্ঠিত বৈঠকত চীনক ক্ৰমাত্ এঘৰীয়া কৰাৰ ইংগিত স্পষ্ট হৈ উঠিছে । কোৱাড শীৰ্ষক সন্মিলনৰ সমান্তৰালভাৱে অনুষ্ঠিত ইণ্ডো পেচিফিক ইক’নমিক ফ্লেমৱৰ্ক সন্মিলনতো উপেক্ষণ কৰা হৈছে চীন । ভাৰতে নিৰাপদ দূৰত্বত অৱস্থান কৰিলেও আমেৰিকাই স্পষ্টভাৱে সকীয়াই দিয়ে চীনক । টকিঅ’ত কোৱাড শীৰ্ষক সন্মিলনৰ প্ৰভাৱক লৈ বিশ্বজুৰি চৰ্চা আৰম্ভ হোৱাৰ সময়তে প্ৰশ্ন উত্থাপিত হৈছে চীনৰ সাম্ৰাজ্যবাদী নীতিক লৈ । চীনৰ বাবে প্ৰত্যাহ্বান হৈ উঠিছে QUAD শীৰ্ষক সন্মিলন । ক্ৰমাত্ শক্তিশালী হৈ উঠিছে চীন বিৰোধী স্থিতি ।

এঘৰীয়া হ’ব নেকি সাম্ৰাজ্যবাদী চীন ? জাপানৰ ৰাজধানী টকিঅ’ত কোৱাড শীৰ্ষক সন্মিলনৰ সমান্তৰালভাৱে অনু্ঠিত ইণ্ডো পেচিফিক ইক’নমিক ফ্লেমৱৰ্ক সন্মিলনত অংশগ্ৰহণ কৰি মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনে চীনক স্পষ্টভাৱে সকীয়াই দিয়ে যে, চীনে বিপদৰ সৈতে খেলিছে । টাইৱানসহ কেইবাটাও বিবদমান অঞ্চলত চীনৰ সামৰিক অনুশীলনৰ প্ৰসংগত চীনক এইদৰে সকীয়াই দিয়ে মাৰ্কিন ৰাষ্ট্ৰপতিয়ে । টাইৱানত চীনে আক্ৰমণ চলালে আমেৰিকায়ো সামৰিক শক্তি প্ৰয়োগ কৰিব বুলি ঘোষণা কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতি বাইডেনে । টইৱানক কেন্দ্ৰ কৰি চীনৰ ওপৰত হেঁচা প্ৰয়োগ কৰাৰ সময়তে আমেৰিকাক উভতি ধৰে চীনেও । ‘টাইৱানক লৈ আমেৰিকাৰ স্থিতিক মানি লোৱা নহ’ব । জুইৰ স’তে খেলিছে আমেৰিকাই ।’ এনেদৰে প্ৰদান কৰিলে সকীয়নি । সময়ত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলিও সকীয়াই দিয়ে চীনে । ইপিনে চীনৰ সাম্ৰাজ্যবাদী নীতিৰ স্পষ্ট বিৰোধিতা কৰি আমেৰিকাৰ স’তে সুৰ মিলাইছে জাপান আৰু অষ্ট্ৰেলিয়ায়ো ।

ভাৰতে নিৰাপদ দূৰত্বত অৱস্থান কৰিলেও চীনলৈ মুকলি সমৰ্থন আগবঢ়োৱা নাই । আনহাতে কোৱাড সন্মিলনৰ সমান্তৰালভৱে অনুষ্ঠিত IPEF সন্মিলনে এছিয়াৰ দেশসমূহৰ আৰ্থিক বিকাশৰ লগতে পৰিৱেশ, শ্ৰম আৰু অন্যান্য বিষয়ৰ ওপৰতো গুৰুত্ব আৰোপ কৰে কোৱাড ৰাষ্ট্ৰসমূহে । চীন এতিয়াও এই গোটৰ সদস্য নহয় যদিও বিষয়টো বিবেচনাধীন বুলি ৰাষ্ট্ৰসমূহে প্ৰকাশ কৰে । শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ লগতে প্ৰধানমন্ত্ৰী মোডীয়ে ৰাষ্ট্ৰপতি বাইডেন, জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিডা আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবানিজৰ সৈতেও পৃথক বৈঠকত মিলিত হয় । ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সম্পৰ্কতো বৈঠকত আলোচনা কৰে ।

মাটিৰ তলত থকা এখন আশ্বৰ্যকৰ গাঁও! ক’ত আছে এই বিশেষ গাঁওখন?

মাটিৰ তলত থকা এখন আশ্বৰ্যকৰ গাঁও। বাস কৰে প্ৰায় চাৰি হাজাৰ মানুহে। কিন্তু ক’ত আছে এই গাঁওখন জানেনে? মানুহে মাটিৰ তলত বাস কৰাৰ কথা বৰ্তমান সময়ত এক ভাবিব নোৱাৰা ধৰণৰ কথা। আদিম যুগৰ মানুহে পাহাৰৰ গুহাত বাস কৰিছিল। কিন্তু মাটিৰ তলত বাস কৰাৰ কথাটো কিবা আচহুৱা যেন লাগে। কিন্তু আচহুৱা যেন লাগিলেও এই কথাই সচাঁ প্ৰমাণিত হৈছে চীনত। এই আশ্বৰ্যকৰ গাঁওখন চীনৰ হেনান প্ৰদেশৰ চানমেক্সিয়া চহৰৰ ওচৰত অৱস্থিত।

গাঁওখনৰ সকলোবিলাক ঘৰ মাটিৰ তলত। মাটি কাটি গুহাৰ দৰে ঘৰ নিৰ্মাণ কৰি বাস কৰিছে গাঁওখনৰ লোকসকলে। গাঁওখনৰ কেইবাটাও প্ৰজন্মৰ লোকে এনেদৰেই মাটিৰ তলত ঘৰ নিৰ্মাণ কৰি জীৱন-নিৰ্বাহ কৰি আহিছে। জানিব পৰা অনুসৰি, প্ৰায় ৪ হাজাৰ বছৰ পুৰণি এই গাঁওখন চীনৰ চতুৰ্দশ শতিকাত মিং ৰাজবংশৰ শাসন চলি থকা সময়ৰ পৰাই এইদৰেই বাস কৰি আহিছে চীনা লোক সকলে। প্ৰাকৃতিক দুৰ্যোগ, শত্ৰুৰ আক্ৰমণ আদিৰ পৰা ৰক্ষাৰ পাবৰ বাবেই মাটিৰ তলত ঘৰ সাজি বাস কৰিবলৈ লৈছিল বুলিও বহু লোকে ক’ব বিচাৰে।

DCIM\102MEDIA\DJI_0133.JPG

বৰ্তমান সময়ত চীনৰ এই গাঁওখনত প্ৰায় ১০ হাজাৰ লোকে বাস কৰে। মাটিৰ তলত বাস কৰিলেও কিন্তু গাঁওখনত আধুনিকতাৰ প্ৰভাৱো নপৰা নহয়। গাঁওখনত পানী যোগানৰ পৰা আৰম্ভ কৰি বিদ্যুতৰ ব্যৱস্থা আদিৰ ব্যৱস্থাও আছে। বৰ্তমান চীনৰ এই বিশেষ গাঁওখনে পৰ্যটককো আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

চতিয়া সমষ্টিত গেলা হাটিঙা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় উদ্ধোধন মুখ্যমন্ত্ৰীৰ

চতিয়া সমষ্টিত গেলা হাটিঙা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ উদ্ধোধন মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীৰ লগত গেলা হাটিঙা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দুপৰীয়াৰ সাজ৷ ছাত্ৰ ছাত্ৰী সকলক অহা জুলাই মাহত গুৱাহাটী ফুৰাবলৈ নিয়াৰ কথাও ক’লে মুখ্যমন্ত্ৰীয়ে? কাষতে মুখ্যমন্ত্ৰী গৰাকীক পাই উৎফুল্লিত ছাত্ৰ ছাত্ৰী সকল৷ চতিয়া সমষ্টিৰ অন্তৰ্গত গেলা হাটিঙাত আজি দুপৰীয়া গেলাহাটিঙা আদৰ্শ মডেল হাইস্কুলৰ শুভ উদ্ধোধন কৰে মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

মূখ্যমন্ত্ৰী গৰাকীয়ে ছাত্ৰছাত্ৰী সকলৰ লগত এটিকৈ গছপুলি ৰোপনৰ অন্তত ছাত্ৰ-ছাত্ৰীৰ সৈতে একেলগে বিদ্যালয়ৰ মজিয়াত বহি মুখ্যমন্ত্ৰীয়ে সকলোৰে সৈতে মধ্যাহ্ন ভোজনৰ সোৱাদ ল’লে ৷ ভাতৰ পাটত আছিল ভাত,দালি, পনীৰ, ভাজি আৰু এটাকৈ ৰসগোল্লা ৷ মুখ্যমন্ত্ৰীৰ সৈতে ভাত খালে সাংসদ পল্লৱ লোচন দাস দুই বিধায়ক পদ্ম হাজৰিকা আৰু প্ৰমোদ বৰঠাকুৰে ৷

আপেল খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী

ফলৰ ভিতৰত আপেল হৈছে অন্যতম প্ৰিয় আৰু উপকাৰী ফল। হয় আপেলৰ গুনাগুণ অনেক আছে যদিও আজি আমি আপোনালোকৰ ওচৰত আপেলৰ ১০ টি গুনাগুণ ৰ কথা উল্লেখ কৰিব বিচাৰিছো। যাৰ দ্বাৰা আপোনাৰ কিছু হলেও লাভ হব বুলি আমি আশা কৰিছোঁ। আপেলৰ সেৱনে আমাৰ দেহৰ বহুতো উপকাৰ সাধন কৰে। ইয়াৰ সেৱনে আমাৰ শৰীৰক ৰোগৰ প্ৰভাৱৰ পৰা বচাই ৰাখিব পাৰে।গতিকে ইয়াৰ উপকাৰী গুণবোৰৰ বিষয়ে জানো আহক।

আপেলৰ গুনাগুণ: ( Benefits of Apple )

ইয়াত প্ৰচুৰ পৰিমাণে আয়ৰণ থাকে যিয়ে আমাৰ শৰীৰত তেজৰ বৃদ্ধি কৰি দেহটো নিৰোগী কৰি ৰখাত সহায় কৰে।

1. প্রতিদিনে ৰাতিপুৱা এফালকৈ আপেল খালে diabetics হ’ৱ নোৱাৰে |

2. অধিক শকত মানুহৰ কাৰনে Apple বিশেষ উপকাৰি |কিয়নো Apple লে কম দিনত weight loss কৰাত সহায় কৰে |

3. আপেলে Lung , breast,colon liver cancer প্রতিৰোধ কৰাত মোহ’ঔষধ হিচাপে কাম কাৰে |

4. Asthama ৰোগীসকলোৰ বাৱে আপেল জিৱনী শক্তী |

5. Low cholesterol ৰ বাৱে উত্তম পথ্য |

6. Brain function শত্তিশালী কৰে |

7.কুকুৰীকনা ৰোগ তথা চকুৰ যিকনো ৰোগৰ কাৰনে আপেল বিশষ উপকাৰি |

8.প্রতিদিন এটাকৈ আপেল খালে হাড়ৰ গঠন মজবুত হোৱাৰ লগতে শৰীৰ সুঠাম আৰু সুন্দৰ হয় |

5.বাকলিসহ ইয়াৰ সেৱন কৰিলে দাঁতত হোৱা বীজাণু নাশ হয়।

7.pregnancyৰ সময়ছোৱাত নিয়মীয়াকৈ এটা আপেল সেৱন কৰিলে তেজ কমি যোৱা সমস্যা নোহোৱা হয়।

8.বাকলিসহ ইয়াৰ সেৱন কৰিলে পাচনতন্ত্ৰত পাথৰ হোৱা সমস্যা দূৰ হয়‌।

9.আপেলৰ সেৱনে শৰীৰত হোৱা দুৰ্বলতা নোহোৱা কৰে।

10.আপেলৰ গুটি কেন্সাৰ ৰোগৰ প্ৰতিকাৰক।

আঙুৰৰ গুণাগুণৰ বিষয়ে আপুনি জানেনে

স্বাস্থ্যৰ বাবে অতিকে উপকাৰী ফলবিধ হৈছে আঙুৰ৷ ইয়াৰ সোৱাদ টেঙা-মিঠা৷ আঙুৰক ‘মাতৃ-দুগ্ধ’ৰ সমান বুলি গণ্য কৰা হয়৷ ইয়াৰ বৈজ্ঞানিক নাম ভিটিছ ভিনিফেৰা (Vitis vinifera)৷ আঙুৰত প্ৰচুৰ পৰিমাণে পানী, শৰ্কৰা, ছ’ডিয়াম, পটেচিয়াম, চাইট্ৰিক এচিড, ফ্ল’ৰাইড, মেগনেচিয়াম, লৌহ আদি থাকে৷ ইয়াত থকা ভিটামিন-এ- য়ে ভোক বঢ়োৱাত সহায় কৰে৷ আঙুৰে পাচনশক্তি ঠিকমতে ৰাখে৷ ইয়াত থকা উপাদানবোৰে কেঞ্চাৰ, চকুৰ বিভিন্ন সমস্যা, কৰ্ডিঅ’ভাছকুলাৰ আদি নিৰাময়ত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে৷ ডায়েবেটিছ ৰোগীৰ কাৰণে আঙুৰ খোৱাটো প্ৰয়োজনীয়৷ নিয়মিতভাৱে আঙুৰ খালে তেজ বৃদ্ধি আৰু পৰিষ্কাৰ হয়৷ আঙুৰৰ ৰসে চকুৰ গুৰিত পৰা ক’লা দাগ নিৰ্মূলত সহায় কৰে৷

আঙুৰ খালে ছালখন পৰিষষ্কাৰ হয় আৰু উজ্জ্বলতা বাঢ়ে৷ হৃদৰোগৰ বাবে আঙুৰ বৰ উপকাৰী৷ আঙুৰে মানুহৰ স্মৰণ শক্তি বৃদ্ধি কৰে৷ পকা আঙুৰক মাইগ্ৰেইনত ঘৰুৱা দৰব হিচাপেও ব্যৱহাৰ কৰা হয়৷ বুকুৰ ধপধপনি, হঠাতে চক খোৱা, মূৰ ঘূৰোৱা আদিৰ বাবেও আঙুৰ উপকাৰী৷ ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ আঙুৰ খালে হাঁওফাঁওত জমা হোৱা কফ বাহিৰলৈ উলিয়াই আনে, ফলত কাহৰ পৰা উপশম পোৱা যায়৷ নাকৰ পৰা তেজ ওলালে শুকান আঙুৰ তিয়াই থোৱা পানী নাকেৰে শুঙিলে আৰোগ্য লাভ কৰিব পাৰে৷ সেয়েহে আহক এনে এবিধ ঔষধিগুণসম্পন্ন ফল আমাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি শৰীৰ সুস্থ আৰু নিৰোগী কৰি ৰাখো।

দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ সামৰণি, মৰিগাঁও জিলাত ব্যাপক সঁহাৰি ছাত্ৰ-ছাত্ৰী, শিক্ষক, তথা অভিভাৱকৰ

মৰিগাঁও জিলাত আজি দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ সামৰণি পৰে। প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয় সমূহত বিদ্যালয় কৰ্তৃপক্ষই উৎসাহেৰে আয়োজন কৰে আজি সামৰণি পৰা গুণোৎসৱৰ ।মৰিগাঁও জিলাৰ লাহৰিঘাট শিক্ষা খণ্ডৰ অন্তৰ্ভুক্ত মৈৰাবাৰী বালক প্ৰাথমিক বিদ্যালয়,মৈৰাবাৰী হাইস্কুল,মৈৰাবাৰী আদৰ্শ বিদ্যালয়ত আজি দ্বিতীয় পৰ্যায়ৰ অন্তিম দিনত মৰিগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়া-বুলি গগৈ ভূঞা উপস্থিত হৈ বিদ্যালয় সমূহ পৰিদৰ্শন কৰে।


মৈৰাবাৰীৰ আগশাৰীৰ বিদ্যালয় মৈৰাবাৰী হাইস্কুলত শিক্ষা বিষয়া গৰাকী উপস্থিত হৈ বিদ্যালয় পৰিদৰ্শন কৰাৰ লগতে বিদ্যালয় খনৰ পৰিৱেশ নিৰীক্ষণ কৰি শলাগ লোৱা পৰিলক্ষিত হয়।

খেলুৱৈসকলৰ অভিযোগ যে তেওঁলোকে সন্ধিয়া ৭ বজাত প্ৰশিক্ষণ শেষ কৰিবলৈ বাধ্য! কিয়নো ৭ বজাত এজন IAS বিষয়াই কুকুৰ ফুৰাবলৈ আনে

আইএএছে তেওঁৰ কুকুৰটো ঘূৰাই দিব পাৰে, সেয়েহে খেলুৱৈসকলক ষ্টেডিয়ামৰ পৰা বাহিৰ লৈ যোৱা হৈছিল।থায়াগাৰাজা ষ্টেডিয়াম। দিল্লী চৰকাৰৰ দ্বাৰা পৰিচালিত ষ্টেডিয়ামলৈ শ শ খেলুৱৈ নিৰন্তৰ প্ৰশিক্ষণ ল’বলৈ আহে। অৱশ্যে, এই খেলুৱৈসকলে কিছু সময়ৰ পৰা ডাঙৰ সমস্যাৰ সন্মুখীন হৈছে। খেলুৱৈ আৰু প্ৰশিক্ষকসকলে অভিযোগ কৰিছে যে তেওঁলোকক সন্ধিয়া ৭ বজাত প্ৰশিক্ষণ শেষ কৰিবলৈ বাধ্য কৰা হৈছে। কিয়? কিয়নো সকলো যোৱাৰ পিছত, এজন আইএএছ বিষয়া তেওঁৰ কুকুৰৰ সৈতে খোজ কাঢ়িবলৈ তালৈ আহে।’ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ এক প্ৰতিবেদন অনুসৰি, যি কাৰণ ওলাইছে সেয়া যথেষ্ট আশ্চৰ্যজনক। খেলুৱৈসকলৰ মতে, দিল্লী চৰকাৰৰ প্ৰধান সচিব (ৰাজহ) সঞ্জীৱ খিৰৱাৰে তেওঁৰ কুকুৰটোক তাত খোজ কাঢ়িবলৈ লৈ আহে। ইয়াৰ বাবে, খেলুৱৈসকলক সন্ধিয়া 7 বজাৰ ভিতৰত প্ৰশিক্ষণ সমাপ্ত কৰিবলৈ আৰু বাহিৰ হ’বলৈ বাধ্য কৰা হৈছে। এইকাৰণে তেওঁলোকৰ প্ৰশিক্ষণত বাধা দিয়া হৈছে।

এই বিতৰ্ক বাঢ়ি অহা দেখি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এটা ডাঙৰ সিদ্ধান্ত লৈছে। কেজৰিৱালে নিৰ্দেশ দিছে যে খেলুৱৈসকলৰ প্ৰশিক্ষণৰ বাবে দিল্লীৰ সকলো ষ্টেডিয়াম নিশা ১০ বজাৰ ভিতৰত মুকলি কৰা হ’ব। উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই এই বিষয়ে টুইট কৰিছিল। চিছোদিয়াই লিখিছিল,

“বাতৰি প্ৰতিবেদনত দেখুওৱা হৈছে যে কিছুমান ষ্টেডিয়াম সোনকালে বন্ধ কৰি দিয়া হৈছে, যাৰ ফলত খেলুৱৈসকলে নিশা পলমলৈকে খেলিবলৈ অসুবিধাৰ সৃষ্টি কৰিছে। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লী চৰকাৰৰ সকলো ষ্টেডিয়াম নিশা ১০ বজালৈকে খেলুৱৈসকলৰ বাবে মুকলি ৰাখিবলৈ নিৰ্দেশ দিছে।”

খেলুৱৈসকলে কি কৈছিল?
ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি, খেলুৱৈসকলক সন্ধিয়া ৭ বজাত ষ্টেডিয়াম এৰি যাবলৈ কোৱা হৈছে। এজন প্ৰশিক্ষকে দাবী কৰিছিল যে

“আমি ইয়াত ৰাতিপুৱা ৮ বজাৰ পৰা সন্ধিয়া ৮.৩০ বজালৈ প্ৰশিক্ষণ লৈছিলো কিন্তু এতিয়া আমাক সন্ধিয়া ৭ বজাত ষ্টেডিয়াম এৰিযাবলৈ কোৱা হৈছে যাতে এজন আইএএছ বিষয়াই তেওঁৰ কুকুৰটোক তাত খোজ কাঢ়িবলৈ লৈ যাব পাৰে। ই আমাৰ প্ৰশিক্ষণ আৰু অনুশীলনৰ ৰুটিনপ্ৰভাৱিত কৰিছে।”প্ৰতিবেদনখনত আৰু কোৱা হৈছে যে যোৱা সাত দিনত তিনিটা সন্ধিয়া ষ্টেডিয়াম পৰিদৰ্শন কৰাৰ পিছত দেখা গৈছিল যে ষ্টেডিয়ামৰ ৰক্ষীসকলে সন্ধিয়া প্ৰায় ৬.৩০ বজাত ট্ৰেকৰ ফালে যায় আৰু হুইচেল বজায় আৰু খেলুৱৈসকলক বাহিৰলৈ যাবলৈ কয়। আৰু নিশ্চিত কৰিব যে সন্ধিয়া ৭ বজাৰ ভিতৰত গোটেই খেলপথাৰখন খালী হৈ যায়।

আইএএছ বিষয়াই অভিযোগ অস্বীকাৰ কৰিছে
খেলুৱৈ আৰু প্ৰশিক্ষকে কৰা এই অভিযোগবোৰসঞ্জীৱ খিৰৱাৰে ভিত্তিহীন বুলি অভিহিত কৰিছে। তেওঁ কৈছিল যে এই সকলো বোৰ অভিযোগ সম্পূৰ্ণমিছা। অৱশ্যে, তেওঁ স্বীকাৰ কৰিছিল যে তেওঁ কেতিয়াবা তেওঁৰ কুকুৰটোক ষ্টেডিয়ামত খোজ কাঢ়িবলৈ লৈ যায়। কিন্তু তেওঁ অস্বীকাৰ কৰিছিল যে ইয়াৰ ফলত খেলুৱৈসকলৰ অনুশীলনত কোনো বাধা হয়।

ষ্টেডিয়াম প্ৰশাসকৰ ওচৰত তথ্য নাই
যেতিয়া ‘আজি তক’য়ে ষ্টেডিয়ামৰ প্ৰশাসক অজিত চৌধুৰীৰ সৈতে এই বিষয়ে কথা পাতিছিল, তেওঁ কৈছিল যে আইএএছৰ আগমনৰ বিষয়ে তেওঁৰ ওচৰত কোনো তথ্য নাই। সে বলল,

“ষ্টেডিয়ামৰ সময় আগতে আবেলি ৪-৬ বজাৰ পৰা আছিল। তাৰ পিছত গৰমৰ কথা বিবেচনা কৰি, এইটো 7 বজালৈকে কৰা হৈছে। মই সাত বজাৰ পিছত ষ্টেডিয়ামলৈ অহা আইএএছৰ বিষয়ে অৱগত নহয় কাৰণ মই ৭ বজাত ওলাই যাওঁ।”

1994 বেচৰ এজন আইএএছ বিষয়া হৈছে সঞ্জীৱ খিৰৱাৰ
সঞ্জীৱ খিৰৱাৰ এজন ১৯৯৪ বেচৰ আইএএছ বিষয়া। তেওঁ বৰ্তমান দিল্লীৰ ৰাজহ আয়ুক্ত, য’ত দিল্লীৰ সকলো জিলা দণ্ডাধীশে কাম কৰে। তেওঁ দিল্লীৰ পৰিৱেশ বিভাগৰ সচিবও। সঞ্জীৱ খিৰৱাৰে তেওঁৰ বিটেক (কম্পিউটাৰ ইঞ্জিনিয়াৰিং) কৰিছে। তেওঁ ৰাজহৰ স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰিছে। খিৰৱাৰে চণ্ডিগড়ত এছডিএম হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁ আগতে দিল্লীত বাণিজ্য আৰু কৰ আয়ুক্তৰ পদতো অধিষ্ঠিত আছিল। আইএএছ সঞ্জীৱ খিৰৱাৰে ভাৰত চৰকাৰতো কেইবাটাও গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈছে।