Home Blog Page 2313

৩১ মে’লৈকে চাব পাৰিব কাজিৰঙা…

বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ পৰ্যটন খণ্ডলৈ সুখবৰ। ৩১ মে’লৈ বৃদ্ধি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২১-২২ পৰ্যটন বৰ্ষ। দৰ্শনাৰ্থীৰ বাবে ১৫ দিনৰ বাবে বৃদ্ধি কৰা হ’ল ৰাষ্ট্ৰীয় উদ্যানৰ জীপ চাফাৰ

উল্লেখ্যে যে, ১৫ মে’ত ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ কৰাৰ জাননী জাৰি কৰিছিল উদ্যান কৰ্তৃপক্ষই। পৰ্যটকৰ অভাৱনীয় সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত উদ্যান কৰ্তৃপক্ষৰ।

আজি ১২ মে’ ৪৮ তম আন্তৰ্জাতিক ধাত্ৰী দিৱস–মহীয়সী নাৰী ফ্লোৰেন্স নাইটিংগেলৰ জন্মদিন

আজি নাৰ্ছ দে।নাৰ্ছ বৃত্তিৰ প্ৰতিভু ফ্লৰেঞ্চ নাইটিংগেলৰ জন্মদিন।মানৱ সেৱাৰ অন্যতম বৃত্তি নাৰ্ছ যুগ যুগ ধৰি সন্মান আৰু প্ৰশংসাৰ পাত্ৰ হৈ আহিছে।নাইটিংগেলৰ জন্মদিন অনুসৰি আজিৰ দিনটো বিশ্বৰ নাৰ্ছ সমাজে উদযাপন কৰে।আধুনিক চিকিৎসা বিজ্ঞানৰ এক অপৰিহাৰ্য্য অংগ হৈছে নার্ছিং সেৱা। পৃথিৱীৰ ভিতৰত একমাত্ৰ নাৰীসকলে ৰূপায়ণ কৰি অহা একমাত্ৰ সেৱাটোৱেই হৈছে নার্ছিং সেৱা। নাৰ্ছ অর্থাৎ পৰিচাৰিকা। এই নার্ছ সকলক সেৱা ,শান্তি আৰু যুদ্ধ সকলো কালতে প্রয়োজন হয়। চিকিৎসকৰ বাওঁহাত স্বৰূপ হৈছে এই নার্ছ সকল। যিকোনো অসুখত ভুগি থকা ৰোগী ,আকস্মিক দুৰ্ঘটনা , যুদ্ধ ক্ষেত্ৰত আঘাতপ্ৰাপ্ত, অস্ত্ৰোপচাৰ, বৃদ্ধ এই সকলোকে হাঁহিমুখে যতন লৈ যায় এগৰাকী নার্ছে।১৮৩৬ চনত জার্মানীত থিয়ডৰ ফ্লিনদাৰ নামৰ এজন লোকে এখন চিকিৎসালয় স্হাপন কৰি তাত নার্ছসকলক প্রক্ষিশণ দিয়াৰ ব্যৱস্থা কৰিছিল। ১৮৪০ চনত লণ্ডনত এলিজাবেথ ফ্ৰাই নামৰ এগৰাকী মহিলাই অনুৰূপ নার্ছিং বিদ্যাৰ প্রশিক্ষণৰ সুবিধা দিছিল। নার্ছিং বা ৰোগী পৰিচৰ্যাৰ দিশত স্মৰণীয় নাৰীগৰাকী হৈছে ফ্লোৰেন্স নাইটিংগেল। ১৮৫৪ চনৰ ক্রিমিয়াৰ ৰণত নাইটিংগেলে ৩৮ গৰাকী প্রশিক্ষিতা নার্ছক লৈ যুদ্ধক্ষেত্ৰত আহত সৈনিক সকলক শুশ্ৰুষাৰ বাবে দেহে কেহে লাগিছিল। নাইটিংগেলৰ এনে কর্পস্পৃহা দেখি নার্ছিং বিষয়টোৰ ওপৰত আৰু অধিক মনোনিৱেশ কৰিবলৈ প্রেৰণা দিয়ে ইয়াৰ ফলস্বৰূপে ১৮৬০ চনত লণ্ডনত চেইন্ট থমাচ হস্পিতালত এখন নার্ছিং বিদ্যালয়ৰ শুভাৰম্ভ কৰা হয়।

নার্ছৰ শিক্ষাৰ এইয়াই আছিল প্ৰথম প্ৰচেষ্টা ।ফ্লোৰেন্স নাইটিংগেলৰ জন্মদিনটো অর্থাৎ মে’ মাহৰ ১২ তাৰিখটো আন্ত:জার্তিক নার্ছ দিৱস হিচাপে পালন কৰি অহা হৈছে ১৯৭৪ চনৰ পৰা। মানৱ সেৱাৰ নামত নিজকে উৎসৰ্গা কৰা এই দৰদী নাৰী গৰাকীক “দা লেডী উইথ দা লেম্প” নামেৰে জনাজাত আছিল। ক’ভিড মহামাৰীৰ এই বিপদাপন্ন সময়ত নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি এইসকল ধাত্রীয়ে মানৱ সেৱাত ব্ৰতী হৈ মহানুভুদিতাৰ যি পৰিচয় দি আহিছে সেইয়া সঁচাই শলাগৰ যোগ্য ।বিশ্বৰ লগতে শিৱসাগৰৰ বিভিন্ন প্ৰান্তত আজি এই দিৱস উদযাপন কৰা হয়।শিৱসাগৰ নগৰৰ আদিত্য নাৰ্ছিং হোমত এই উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলীৰ এটা দলে গৈ নাৰ্ছ সকলক শুভকামনা জ্ঞাপন কৰে।

চাপৰৰ ভকতগাঁৱত উৎসৱমুখৰ পৰিৱেশ

চাপৰৰ ভকতগাৱত উৎসৱ মুখৰ পৰিৱেশ।

একেখন গাঁৱৰ তিনিজন কৈ যুৱক নিৰ্বাচিত হল অসম আৰক্ষীত।

একেখন গাঁৱৰ তিনিজন কৈ যুৱক অসম আৰক্ষীত নিৰ্বাচিত হোৱাত উৎফুল্লিত গাৱবাসী।

আক্ৰাছুৰ এটা সজাতি দলে ঘৰে ঘৰে গৈ যুৱক তিনিজনক জনগোষ্ঠীয় গামোচাৰে জনালে সম্বৰ্ধনা।

গাঁৱখনৰ ধ্ৰুৱজ্যোতি ৰায়, দিপু ৰায় আৰু জিতু ৰায় অসম আৰক্ষীত নিৰ্বাচিত হয়।

দৰঙৰ ১নং মাৰুৱাচকী আৰু বাঁহগড়া গনেশকুঁৱৰী বিদ্যালয়ত তৃতীয় পৰ্যায়ৰ গুণোৎসত পৰিবহন উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত

দৰঙৰ ১নং মাৰুৱাচকী প্ৰাথমিক বিদ্যালয় আৰু বাঁহগড়া গনেশকুঁৱৰী জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তৃতীয় পৰ্যায়ৰ গুণোৎসত পৰিবহন উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত হয়।দৰং জিলাৰ ছিপাঝাৰৰ গুণোৎসৱ কাৰ্যসূচী বুধবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিক ভাৱে শুভাৰম্ভণি পিছতে আজি ছিপাঝাৰ শিক্ষাখণ্ড অন্তৰ্গত ১নং মাৰুৱাচকী প্ৰাথমিক বিদ্যালত দৰঙৰ অভিভাবক মন্ত্ৰী, পৰিবহন , উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী উপস্থিত হয়।বিদ্যালয় খনৰ শ্ৰেণী কোঠা সমূহ পৰিদৰ্শন কৰে আৰু বিদ্যালয় খনত কন কন ছাত্ৰ ছাত্ৰী সৈতে বিভিন্ন বিষয়ত মতবিনিয়ম কৰে।আনহাতে বাঁহগড়া গনেশকুঁৱৰী জনজাতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে ছাত্ৰ ছাত্ৰী সকলৰ লগত কথা পাতে।


আজিৰ কাৰ্যসূচীত মন্ত্ৰীগৰাকীৰ সৈতে  সংগ দিয়ে দৰং জিলা ৰ উপায়ুক্ত প্ৰনৱ কুমাৰ শৰ্মাৰ লগতে বিভাগীয় বিষয়া সকলে

১৩ ফুট দীঘল কিং কোব্ৰাক ধৰি মূৰত চুম্বন কৰাৰ ভিডিঅ’ ভাইৰেল ইণ্টাৰনেটত

সাপ ধৰা এজন কৃষকে ১৩ ফুট দীঘল সাপটোৰ ওপৰত প্ৰথমে দেখা পোৱাৰ খবৰ পাইছিল।অন্ধ্ৰ প্ৰদেশত ৮ মে’ত এজন সাপ ধৰা ব্যক্তিয়ে পাম তেলৰ খেতিপথাৰত ১৩ ফুট ওখ কিং কোব্ৰাক ধৰা পেলাইছিল। বিপদজনক সাপটো ধৰি থকা বিশেষজ্ঞ সাপ ধৰাৰ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ আছে।বাতৰিটো প্ৰথমে ডিডি বাতৰি অন্ধ্ৰৰ দ্বাৰা সামাজিক মাধ্যমত শ্বেয়াৰ কৰা হৈছিল আৰু তেতিয়াৰ পৰা ই সমগ্ৰ দেশৰ নেটিজেনসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে। সাপটো প্ৰথমে এজন কৃষকে এটা ৰাস্তাৰ ওচৰত দেখিছিল যিয়ে তাৰ পিছত সাপ ধৰাজনক অৱগত কৰিছিল।বাতৰি চেনেলটোৱে তেলেগুভাষাত টুইট কৰিছিল, “দেওবাৰে অঞ্চলটোৰ ঘাট ৰোডৰ ওচৰত চৈদাৰাও নামৰ এজন কৃষকৰ প্ৰৱেশ কৰিছিল ১৩ ফুট ওখ কোদেত্ৰাচু (কিং কোব্ৰা)। তেওঁ ইষ্টাৰ্ণ ঘাটছ ৱাইল্ডলাইফ চ’চাইটিৰ সদস্য সাপ ধৰা ভেঙ্কটেশক ফোনযোগে তথ্য প্ৰদান কৰে। অলপ সময়ৰ পিছত, ভেঙ্কটেশ বৃক্ষৰোপণত উপস্থিত হ’ল আৰু… ধূৰ্ততাৰে কিং কোব্ৰাটো ধৰিলে। তাৰ পিছত ইয়াক এটা বন্টলামাদি বনাঞ্চলত ৰখা হৈছিল।”

ইয়াৰ আগতে, এজন ব্যক্তিয়ে পৃথিৱীৰ আটাইতকৈ বিষাক্ত সাপ, কিং কোব্ৰাৰ মূৰত চুম্বন কৰাৰ এটা ভিডিঅ’ ইণ্টাৰনেটত প্ৰচাৰ হৈছিল।ভয়ংকৰ ভিডিঅ’টোত থকা ব্যক্তিজন হৈছে ব্ৰায়ান বাৰ্জিক, যি ভয়ংকৰ সৰীসৃপৰ সৈতে তেওঁৰ কামৰ বাবে জনাজাত আৰু সাধাৰণতে এনে প্ৰাণীৰ চৰিত্ৰত অভিনয় কৰা দেখা যায়।

হাজোৰ বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্য কেন্দ্ৰত আন্তৰ্জাতিক ধাত্ৰী দিৱস পালন

ফ্ল’ৰেন্স নাইটিংগলৰ জন্ম দিনটো সমগ্ৰ বিশ্বৰ ধাত্ৰী (নাৰ্ছ) সকলে ধাত্ৰী দিৱস হিচাপে পালন কৰি আহিছে।ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ৰ লগতে হাজো বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্যকেন্দ্ৰতো আজি দিনযোৰা বৰ্নাধ্য কাৰ্যসূচীৰে বিশ্ব ধাত্ৰী দিৱস উদযাপন কৰা হয়।কাৰ্যসূচী অনুসৰি শোভাযাত্ৰা,বন্তি প্ৰজ্বালনৰ পিছতে সভা অনুষ্ঠিত হ’য়। সভাৰ সভাপতিত্ব কৰে হাজো মহকুমা স্বাস্থ্যবিষয়া ডা° গৌৰাংগ দাসে।সভাৰ উদ্দেশ্য বাখ্যা কৰে স্বাস্থ্যকৰ্মী নিৰুপমা আঠপৰীয়াই।সমান্তৰালভাৱে সভাত সম্বৰ্ধনা কাৰ্যসূচী,সমবেত সংগীত,বৰগীত পৰিবেশন,লোকগীত,নৃত্য গীত আদি বিভিণ্ণ কাৰ্যসূচীৰে পালন কৰা হ’য় ধাতৃ দিৱস।উল্লেখ্য যে Lady of the Lamp খ্যাত ফ্ল’ৰেন্স নাইটিংগেলৰ জন্মদিনটো সমগ্ৰ বিশ্বই আন্তজাৰ্তিক ধাত্ৰী দিৱস হিচাপে উদযাপন কৰাৰ লগতে ধাত্ৰীসকলে প্ৰতিমূহুৰ্ততে জনসাধৰণৰ সেৱাত মনোনীত হৈ দেশমাতৃৰ প্ৰতি নিস্বাৰ্থ সেৱা আগবঢ়াই আহিছে বুলি আজিৰ সভাতেই উল্লেখ কৰে ডা° গৌৰাংগ দাসে।সভাত জিলা ভিত্তিক পৰ্যায়ৰ বিষয়া,চিকিৎসক,নাৰ্চ,কৰ্মচাৰী,আশাকৰ্মীকে প্ৰমূখ্য কৰি প্ৰায়সংখ্যক লোক উপস্থিত থাকে।

ফ্ল’ৰেন্স নাইটিংগলৰ জন্ম দিনটো সমগ্ৰ বিশ্বৰ ধাত্ৰী (নাৰ্ছ) সকলে ধাত্ৰী দিৱস হিচাপে পালন কৰি আহিছে।ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ৰ লগতে হাজো বিষ্ণুৰাম মেধি সামূহিক স্বাস্থ্যকেন্দ্ৰতো আজি দিনযোৰা বৰ্নাধ্য কাৰ্যসূচীৰে বিশ্ব ধাত্ৰী দিৱস উদযাপন কৰা হয়।কাৰ্যসূচী অনুসৰি শোভাযাত্ৰা,বন্তি প্ৰজ্বালনৰ পিছতে সভা অনুষ্ঠিত হ’য়। সভাৰ সভাপতিত্ব কৰে হাজো মহকুমা স্বাস্থ্যবিষয়া ডা° গৌৰাংগ দাসে।সভাৰ উদ্দেশ্য বাখ্যা কৰে স্বাস্থ্যকৰ্মী নিৰুপমা আঠপৰীয়াই।সমান্তৰালভাৱে সভাত সম্বৰ্ধনা কাৰ্যসূচী,সমবেত সংগীত,বৰগীত পৰিবেশন,লোকগীত,নৃত্য গীত আদি বিভিণ্ণ কাৰ্যসূচীৰে পালন কৰা হ’য় ধাতৃ দিৱস।

উল্লেখ্য যে Lady of the Lamp খ্যাত ফ্ল’ৰেন্স নাইটিংগেলৰ জন্মদিনটো সমগ্ৰ বিশ্বই আন্তজাৰ্তিক ধাত্ৰী দিৱস হিচাপে উদযাপন কৰাৰ লগতে ধাত্ৰীসকলে প্ৰতিমূহুৰ্ততে জনসাধৰণৰ সেৱাত মনোনীত হৈ দেশমাতৃৰ প্ৰতি নিস্বাৰ্থ সেৱা আগবঢ়াই আহিছে বুলি আজিৰ সভাতেই উল্লেখ কৰে ডা° গৌৰাংগ দাসে।সভাত জিলা ভিত্তিক পৰ্যায়ৰ বিষয়া,চিকিৎসক,নাৰ্চ,কৰ্মচাৰী,আশাকৰ্মীকে প্ৰমূখ্য কৰি প্ৰায়সংখ্যক লোক উপস্থিত থাকে।

এফালে ৰাজ্যত গুণোৎসৱ আনফালে টীয়ক নগৰৰ নতুন চাপৰি প্ৰাথমিক বিদ্যালয়ৰ দুৰৱস্থা….

এফালে ৰাজ্যত গুণোৎসৱ আনফালে টীয়ক নগৰৰ নতুন চাপৰি প্ৰাথমিক বিদ্যালয়ৰ দুৰৱস্থা । নাই প্ৰয়্যাপ্ত শিক্ষক, নাই প্ৰয়্যাপ্ত আন্ত:গাঁঠনি , বনপানীৰ সময়ত বন্ধ থাকে বিদ্যালয় । অসম চৰকাৰৰ শিক্ষা বিভাগৰ উদ্যোগত ৰাজ্যত  প্ৰথম পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হোৱাৰ সময়তে পোহৰলৈ আহিছে । যোৰহাট জিলাৰ টীয়ক নগৰৰ মাজমজিয়াৰে নতুন চাপৰি প্ৰাথমিক বিদ্যালয়ৰ এক দুৰৱস্থাৰ ছবি।

উল্লেখযোগ্য যে১৯৮৩ চনতে প্ৰতিষ্ঠা হোৱা নতুন চাপৰি প্ৰাথমিক বিদ্যালয়খনৰ প্ৰধান শিক্ষকে আজি  ছাত্ৰ-ছাত্ৰীৰ বাবে এক সুস্থ শৈক্ষিক পৰিৱেশ আনি দিবৰ বাবে বিভাগৰ ওচৰত বাৰম্বাৰ অনুৰোধ জনাই ভাগৰি পৰিব লগা হৈছে। যিহেতু বিদ্যালয়খনত নাই উন্নত আন্তঃগাঠনি, নাই প্ৰয়্যাপ্ত শিক্ষক।

কেৱল এজন শিক্ষকেৰে চলিছে বিদ্যালয়খন ৷চৰকাৰী  বিভিন্ন কামৰ বাবে প্ৰধান শিক্ষক গৰাকী বিদ্যালয়ত উপস্থিত নাথাকিলে স্তব্ধ হৈ পৰে শিক্ষা ব্যৱস্থা ৷উল্লেখ্য যে টীয়ক নৈৰ বাঢ়নিপানীয়ে বুৰাই পেলাৱাৰ বাবে বিদ্যালয় খন বছৰটোৰ বাৰিষা কালত তিনি মাহ প্ৰায়ে বন্ধ থাকে।বিদ্যালয় খনৰ চৌহদত নাই কোনো বেৰা ৷

যাৰ বাবে কন কন ছাত্ৰ-ছাত্ৰীক লৈ ভয় আৰু সংষয়ত দিন কটাইছে প্ৰধান শিক্ষক গৰাকীয়ে ৷তদুপৰি তথৈবচ ৰান্ধনী ঘৰৰ অৱস্থা। সম্পূৰ্ণ অস্বাস্থ্যকৰ পৰিবেশত প্ৰস্তুত হোৱা মধ্যাহ্নভোজন গ্ৰহণ কৰি আছে কন কন শিক্ষাৰ্থী সকলে। এনে ধৰণৰ এশ এবুৰি সমস্যাই জৰ্জৰিত বিদ্যালয় খনৰ পয়ালগা ছবিয়ে চকু কঁপালত তুলিছে সচেতন ৰাইজৰ।

এনে অশৈক্ষিক পৰিৱেশত কিমান দূৰ সফল হ’ব গুণোৎসৱৰ মূল্যায়ন পদ্ধতি ৷ বৰ্তমান এনে ধৰণৰ প্ৰশ্নৰ অৱতাৰণা হৈছে ৰাইজৰ মাজত।

সুৰা সেৱনত শীৰ্ষস্থান দখল কৰিছে অসমৰ নাৰীয়ে

সুৰা সেৱনত প্ৰথম অৰুণাচলৰ নাৰী আৰু তৃতীয় স্থানত অসমৰ নাৰী

পিছে পুৰুষৰ শিতানত প্ৰথম ৫খনৰ ভিতৰত নাই অসম

National Health and Family Survey ত প্ৰকাশ পাইছে এই তথ্য

১৫ৰ পৰা ৪৯বছৰৰ কেৱল ১ শতাংশ নাৰীয়ে মদ্যপান কৰে

বিপৰীতে ২২ শতাংশ পুৰুষে সেই কাম কৰে

অৰুণাচলত প্ৰদেশত দেশৰ ভিতৰতে সৰ্বাধিক মহিলাই সুৰা সেৱন কৰে

সীমান্ত ৰাজ্যখনত ১৮ শতাংশ মহিলাই সুৰাপান কৰে

১৪.৮ শতাংশৰে নাৰী সুৰাপান কৰাৰ শাখাত দ্বিতীয় স্থানত আছে ছিকিম

৫.৫ শতাংশৰে তৃতীয় স্থান দখল কৰিছে অসমে

পুৰুষৰ শিতানত ৫৭ শতাংশ সুৰাপায়ীৰে দেশৰে ভিতৰত দ্বিতীয় অৰুণাচল প্ৰদেশ

৫৯ শতাংশৰে প্ৰথম স্থানত গোৱা

সৰ্বভাৰতীয় পৰ্যায়ত ১৭ শতাংশ নাৰীয়ে প্ৰতিদিনে সুৰাপান কৰে

৩৭ শতাংশই সপ্তাহত এবাৰ এই কাম কৰে

২০১৯-২১বৰ্ষত পুৰুষৰ মদ খোৱাৰ পৰিসংখ্যা ২৯ শতাংশৰ পৰা ২২শতাংশলৈ হ্ৰাস পাইছে

আজি ১২ মে’ ৪৮ তম আন্তৰ্জাতিক ধাত্ৰী দিৱস

মহীয়সী নাৰী ফ্লোৰেন্স নাইটিংগেলৰ জন্মদিন । আজি নাৰ্ছ দে।নাৰ্ছ বৃত্তিৰ প্ৰতিভু ফ্লৰেঞ্চ নাইটিংগেলৰ জন্মদিন।মানৱ সেৱাৰ অন্যতম বৃত্তি নাৰ্ছ যুগ যুগ ধৰি সন্মান আৰু প্ৰশংসাৰ পাত্ৰ হৈ আহিছে।নাইটিংগেলৰ জন্মদিন অনুসৰি আজিৰ দিনটো বিশ্বৰ নাৰ্ছ সমাজে উদযাপন কৰে।

আধুনিক চিকিৎসা বিজ্ঞানৰ এক অপৰিহাৰ্য্য অংগ হৈছে নার্ছিং সেৱা। পৃথিৱীৰ ভিতৰত একমাত্ৰ নাৰীসকলে ৰূপায়ণ কৰি অহা একমাত্ৰ সেৱাটোৱেই হৈছে নার্ছিং সেৱা। নাৰ্ছ অর্থাৎ পৰিচাৰিকা। এই নার্ছ সকলক সেৱা ,শান্তি আৰু যুদ্ধ সকলো কালতে প্রয়োজন হয়। চিকিৎসকৰ বাওঁহাত স্বৰূপ হৈছে এই নার্ছ সকল। যিকোনো অসুখত ভুগি থকা ৰোগী ,আকস্মিক দুৰ্ঘটনা , যুদ্ধ ক্ষেত্ৰত আঘাতপ্ৰাপ্ত, অস্ত্ৰোপচাৰ, বৃদ্ধ এই সকলোকে হাঁহিমুখে যতন লৈ যায় এগৰাকী নার্ছে।

১৮৩৬ চনত জার্মানীত থিয়ডৰ ফ্লিনদাৰ নামৰ এজন লোকে এখন চিকিৎসালয় স্হাপন কৰি তাত নার্ছসকলক প্রক্ষিশণ দিয়াৰ ব্যৱস্থা কৰিছিল। ১৮৪০ চনত লণ্ডনত এলিজাবেথ ফ্ৰাই নামৰ এগৰাকী মহিলাই অনুৰূপ নার্ছিং বিদ্যাৰ প্রশিক্ষণৰ সুবিধা দিছিল। নার্ছিং বা ৰোগী পৰিচৰ্যাৰ দিশত স্মৰণীয় নাৰীগৰাকী হৈছে ফ্লোৰেন্স নাইটিংগেল। ১৮৫৪ চনৰ ক্রিমিয়াৰ ৰণত নাইটিংগেলে ৩৮ গৰাকী প্রশিক্ষিতা নার্ছক লৈ যুদ্ধক্ষেত্ৰত আহত সৈনিক সকলক শুশ্ৰুষাৰ বাবে দেহে কেহে লাগিছিল। নাইটিংগেলৰ এনে কর্পস্পৃহা দেখি নার্ছিং বিষয়টোৰ ওপৰত আৰু অধিক মনোনিৱেশ কৰিবলৈ প্রেৰণা দিয়ে ইয়াৰ ফলস্বৰূপে ১৮৬০ চনত লণ্ডনত চেইন্ট থমাচ হস্পিতালত এখন নার্ছিং বিদ্যালয়ৰ শুভাৰম্ভ কৰা হয়। নার্ছৰ শিক্ষাৰ এইয়াই আছিল প্ৰথম প্ৰচেষ্টা ।
ফ্লোৰেন্স নাইটিংগেলৰ জন্মদিনটো অর্থাৎ মে’ মাহৰ ১২ তাৰিখটো আন্ত:জার্তিক নার্ছ দিৱস হিচাপে পালন কৰি অহা হৈছে ১৯৭৪ চনৰ পৰা। মানৱ সেৱাৰ নামত নিজকে উৎসৰ্গা কৰা এই দৰদী নাৰী গৰাকীক “দা লেডী উইথ দা লেম্প” নামেৰে জনাজাত আছিল। ক’ভিড মহামাৰীৰ এই বিপদাপন্ন সময়ত নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি এইসকল ধাত্রীয়ে মানৱ সেৱাত ব্ৰতী হৈ মহানুভুদিতাৰ যি পৰিচয় দি আহিছে সেইয়া সঁচাই শলাগৰ যোগ্য ।

বিশ্বৰ লগতে শিৱসাগৰৰ বিভিন্ন প্ৰান্তত আজি এই দিৱস উদযাপন কৰা হয়।শিৱসাগৰ নগৰৰ আদিত্য নাৰ্ছিং হোমত এই উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলীৰ এটা দলে গৈ নাৰ্ছ সকলক শুভকামনা জ্ঞাপন কৰে।

বাঘবৰৰ আলোপতি-মাজৰচৰত মূল্যবৃদ্ধিক লৈ আমছুৰ প্ৰতিবাদ, দুঘন্টীয়া অৱস্হান ধৰ্মঘট …..

বাঘবৰৰ আলোপতি-মাজৰচৰত মূল্যবৃদ্ধিক লৈ আমছুৰ প্ৰতিবাদ, দুঘন্টীয়া অৱস্হান ধৰ্মঘট ৷ বস্তুৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰিবলৈ দক্ষিণ বৰপেটা জিলা আমছুৰ দুঘন্টীয়া অৱস্হান ধৰ্মঘট কাৰ্যসূচীৰ লগতে সাৱস্ত্য কৰে তীব্ৰ প্ৰতিবাদ৷

আলোপতিচৰ আৰক্ষী থানাৰ সন্মুখত জিলা আমছুৰ কৰ্মকৰ্তা সকলে ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীৰ ৷সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ (আমছুৰ) কেন্দ্ৰী সমিতিৰ নিৰ্দেশ মৰ্মে নিত্য ব্যৱহৃত সা-সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি ৰোধ কৰাৰ দাবীৰে দক্ষিণ বৰপেটা জিলা আমছুয়ে বিভিন্ন ধৰণৰ শ্লোগান আওৰাই চৰকাৰ তথা যোগান বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদী কাৰ্যসূচীৰ লগতে দুঘন্টীয়া অৱস্হান ধৰ্মঘট কৰ্যসূচী ৰূপায়ণ কৰে ৷

অচিৰেই চৰকাৰ তথা যোগান বিভাগে অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ নকৰিলে চৰকাৰ তথা যোগান বিভাগৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত তীব্ৰভাবে গণতান্ত্ৰিক আন্দোলনৰ কৰ্যসূচী হাতত লব বুলিও আমছুয়ে চৰকাৰক সকিয়াই দিয়ে ৷