Breaking

আজি ১২ মে’ ৪৮ তম আন্তৰ্জাতিক ধাত্ৰী দিৱস

0 105

মহীয়সী নাৰী ফ্লোৰেন্স নাইটিংগেলৰ জন্মদিন । আজি নাৰ্ছ দে।নাৰ্ছ বৃত্তিৰ প্ৰতিভু ফ্লৰেঞ্চ নাইটিংগেলৰ জন্মদিন।মানৱ সেৱাৰ অন্যতম বৃত্তি নাৰ্ছ যুগ যুগ ধৰি সন্মান আৰু প্ৰশংসাৰ পাত্ৰ হৈ আহিছে।নাইটিংগেলৰ জন্মদিন অনুসৰি আজিৰ দিনটো বিশ্বৰ নাৰ্ছ সমাজে উদযাপন কৰে।

আধুনিক চিকিৎসা বিজ্ঞানৰ এক অপৰিহাৰ্য্য অংগ হৈছে নার্ছিং সেৱা। পৃথিৱীৰ ভিতৰত একমাত্ৰ নাৰীসকলে ৰূপায়ণ কৰি অহা একমাত্ৰ সেৱাটোৱেই হৈছে নার্ছিং সেৱা। নাৰ্ছ অর্থাৎ পৰিচাৰিকা। এই নার্ছ সকলক সেৱা ,শান্তি আৰু যুদ্ধ সকলো কালতে প্রয়োজন হয়। চিকিৎসকৰ বাওঁহাত স্বৰূপ হৈছে এই নার্ছ সকল। যিকোনো অসুখত ভুগি থকা ৰোগী ,আকস্মিক দুৰ্ঘটনা , যুদ্ধ ক্ষেত্ৰত আঘাতপ্ৰাপ্ত, অস্ত্ৰোপচাৰ, বৃদ্ধ এই সকলোকে হাঁহিমুখে যতন লৈ যায় এগৰাকী নার্ছে।

১৮৩৬ চনত জার্মানীত থিয়ডৰ ফ্লিনদাৰ নামৰ এজন লোকে এখন চিকিৎসালয় স্হাপন কৰি তাত নার্ছসকলক প্রক্ষিশণ দিয়াৰ ব্যৱস্থা কৰিছিল। ১৮৪০ চনত লণ্ডনত এলিজাবেথ ফ্ৰাই নামৰ এগৰাকী মহিলাই অনুৰূপ নার্ছিং বিদ্যাৰ প্রশিক্ষণৰ সুবিধা দিছিল। নার্ছিং বা ৰোগী পৰিচৰ্যাৰ দিশত স্মৰণীয় নাৰীগৰাকী হৈছে ফ্লোৰেন্স নাইটিংগেল। ১৮৫৪ চনৰ ক্রিমিয়াৰ ৰণত নাইটিংগেলে ৩৮ গৰাকী প্রশিক্ষিতা নার্ছক লৈ যুদ্ধক্ষেত্ৰত আহত সৈনিক সকলক শুশ্ৰুষাৰ বাবে দেহে কেহে লাগিছিল। নাইটিংগেলৰ এনে কর্পস্পৃহা দেখি নার্ছিং বিষয়টোৰ ওপৰত আৰু অধিক মনোনিৱেশ কৰিবলৈ প্রেৰণা দিয়ে ইয়াৰ ফলস্বৰূপে ১৮৬০ চনত লণ্ডনত চেইন্ট থমাচ হস্পিতালত এখন নার্ছিং বিদ্যালয়ৰ শুভাৰম্ভ কৰা হয়। নার্ছৰ শিক্ষাৰ এইয়াই আছিল প্ৰথম প্ৰচেষ্টা ।
ফ্লোৰেন্স নাইটিংগেলৰ জন্মদিনটো অর্থাৎ মে’ মাহৰ ১২ তাৰিখটো আন্ত:জার্তিক নার্ছ দিৱস হিচাপে পালন কৰি অহা হৈছে ১৯৭৪ চনৰ পৰা। মানৱ সেৱাৰ নামত নিজকে উৎসৰ্গা কৰা এই দৰদী নাৰী গৰাকীক “দা লেডী উইথ দা লেম্প” নামেৰে জনাজাত আছিল। ক’ভিড মহামাৰীৰ এই বিপদাপন্ন সময়ত নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি এইসকল ধাত্রীয়ে মানৱ সেৱাত ব্ৰতী হৈ মহানুভুদিতাৰ যি পৰিচয় দি আহিছে সেইয়া সঁচাই শলাগৰ যোগ্য ।

বিশ্বৰ লগতে শিৱসাগৰৰ বিভিন্ন প্ৰান্তত আজি এই দিৱস উদযাপন কৰা হয়।শিৱসাগৰ নগৰৰ আদিত্য নাৰ্ছিং হোমত এই উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত কেন্দ্ৰীয় বাপ্তিষ্ট মণ্ডলীৰ এটা দলে গৈ নাৰ্ছ সকলক শুভকামনা জ্ঞাপন কৰে।

Leave A Reply