ভিন্ন গ্ৰহৰ প্ৰাণী গ্ৰহৰ প্ৰাণী এলিয়েনক লৈ বিজ্ঞানীসকলৰ লগতে সাধাৰণ মানুহৰ মাজতো কৌতূহলৰ অন্ত নাই। এলিয়েনকলৈ আনকি বিজ্ঞানীসকলৰ মাজতে ভিন্ন ভিন্ন মত থকা পৰিলক্ষিত হয়।শেহতীয়াকৈ ৰহস্যময় এলিয়েনৰ এখন বিশেষ ছবি প্ৰকাশ কৰিছে একাংশ বিজ্ঞানীয়ে। গৱেষকসকলে প্ৰকাশ কৰা ছবি খনক ‘এতিয়ালৈকে তোলা ইউএফঅ’ৰ সৰ্বশ্ৰেষ্ঠ আলোকচিত্ৰ’ বুলি কোৱা হৈছে।ছবি খনে ইণ্টাৰনেটততুমুল আলোড়ণৰ সৃষ্টি কৰিছে। ছবিখন ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে আৰু ব্যাপকভাৱে শ্বেয়াৰ কৰাও হৈছে। ছবি খনৰ বাওঁফালে এক বিশেষ উৰণীয়া বস্তু দেখা গৈছে। ছবিখনথ ইউএফঅ’ৰ উপস্থিতিও ধৰা পৰিছে।সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ছবি খন ৫০ বছৰ আগতে মানচিত্ৰ নিৰ্মাতা চাৰ্জিও লোইজাই তুলিছিল। তেওঁ ১০০ পাউণ্ড কেমেৰাৰে কোষ্টা ৰিকাৰ অৰণ্যৰ ১০,০০০ ফুট উচ্চতাৰ পৰা ছবি খন তুলিছিল।
মানচিত্ৰ জৰীপৰ কামত ব্যস্ত থকাৰ সময়তে তেওঁ ৩০০০ মিটাৰ উচ্চতাত লেক কোট আৰু ইয়াৰ কাষৰীয়া বৰ্ষাৰণ্যৰ শ শ ক’লা আৰু বগা ফটো তুলিছিল। সেই ছবিতেই ধৰা পৰিছিল ৰহস্যময় = ইউএফঅ’ ।নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদক লেছলি কেনে তেওঁৰ প্ৰতিবেদনত ছবিখন এতিয়ালৈকে তোলা ইউএফঅ’ৰ “সৰ্বশ্ৰেষ্ঠ” ছবি বুলি উল্লেখ কৰিছে। শেহতীয়াকৈ বায়ো ছায়েন্স নামৰ এখন আলোচনীত প্ৰকাশিত প্ৰতিবেদনত কোৱা হৈছে যে পৃথিৱীলৈ অচিৰেই আহি আছে এলিয়েন।২০২২ৰ মে মাহত পৃথিৱীত এলিয়েনে প্ৰৱেশ কৰিব বুলিও একাংশ বিজ্ঞানীয়ে কৈছিল। ২৪মে’ ২০২২ত প্ৰথমবাৰৰ বাবে পৃথিৱীত এলিয়েনে খোজ পেলাব আৰু এই ঘটনা পৃথিৱীৰ বাবে অধিক ভয়ংকৰ ঘটনা হ’ব বুলি পূৰ্বে এক প্ৰতিবেদনত প্ৰকাশ পাইছিল।














