Breaking

শিৱসাগৰৰ দৰিকাপাৰত নিশা পথ দুৰ্ঘটনা!নিহত এজন

0 1,288

শিৱসাগৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত চহৰৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কালি নিশা প্ৰায় চাৰে আঠ বজাত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাত এগৰাকী স্কুৰ্টী আৰোহী ঠিতাতে নিহত হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷অতি বিপদসংকূল দৰিকাপাৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৰিকা দলঙৰ সমীপতেই এখন অচিনাক্ত মালবাহী ট্ৰাকৰ খুণ্ডাতেই নিহত ব্যক্তিজনক ঘটনাস্থলীত উদ্ধাৰ হোৱা নথিৰ পৰা দিছিয়াল গাওঁ ঢুলীয়াপাৰৰ নিৱাসী কিশোৰ ৰঞ্জন শইকীয়া বুলি জানিব পৰা গৈছে ৷প্ৰাপ্ত খবৰ অনুসৰি এএচ ০৪ এল, ৬০৩০ নম্বৰৰ স্কুৰ্টী খনেৰে বেতবাৰীৰ দিশৰ পৰা শিৱসাগৰ চহৰ অভিমুখে আহি থকা অৱস্থাতেই একে দিশৰ পৰা আহি থকা এখন মালবাহী ট্ৰাকে পিছফালৰ পৰা মহতিয়াই নিয়াৰ ফলতেই যুৱকজনৰ ঠিতাতে নিহত হয় বুলি জানিব পৰা গৈছে ৷ হেলমেট পৰিধান কৰা যুৱকজনৰ শৰীৰৰ ওপৰেৰে ট্ৰাক খনৰ চকা পাৰ হৈ গৈছে ৷

ঘটনাৰ খবৰ পোৱাৰ লগে লগেই সদৰ যান বাহন শাখাৰ লগতে জৰুৰী সেৱাৰ বাহন ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ নিহত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ কালি নিশাই প্ৰেৰণ কৰিছে ৷আৰক্ষীয়ে ঘাতক বাহন খনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।ইতিমধ্যে নিহত যুৱক জনৰ পকেটত উদ্ধাৰ হোৱা বাহনখনৰ নথি আৰু লাইচেন্সৰ পৰা পোৱা তথ্যৰ ভিত্তিত আৰক্ষী সুত্ৰই জনাইছে যে ৰংঘৰ ছাৰিআলি দিছিয়াল ঢুলীয়া পাৰৰ নিৱাসী হয় নিহিত কিশোৰ ৰঞ্জন শইকীয়া ৷উল্লেখ্য যে , বিগত চৈধ্য টা বছৰে শিৱসাগৰ জিলাৰ মাজেদি পাৰ হৈ যোৱা৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোক ফ’ৰলেনলৈ সম্প্ৰসাৰণ কৰা ৰ নামত ফৰলেন নিৰ্মাণকাৰী প্ৰতিস্থানৰ চুড়ান্ত মইমতালী, যতে ততে সংকেতবিহীন ভাৱে ডাইভাৰ্চন স্থাপন কৰা, নিৰ্মাণৰ নামত পথৰ ওপৰত সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ বাবেই এনেদৰে নিৰীহৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে সচেতন ৰাইজে। যিহেতু শিৱসাগৰ জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথটোক ফ’ৰলেন হিচাপে নিৰ্মাণ কৰাৰ কাম হাতত লোৱা চৈধ্য বছৰ হ’ল যদিও সংশ্লিষ্ট ঠিকাদাৰী প্ৰতিষ্ঠানে ফ’ৰলেনৰ নামত শিৱসাগৰত এক কিলোমিটাৰ পথো সম্পূৰ্ণ কৰি ৰাইজৰ বাবে মুকলি কৰি দিব পৰা নাই।

Leave A Reply